আমাৰ বিষয়ে

সময় গতিশীল ৷ এই সময়ৰ গতিশীলতাত পৃথিৱীৰ বহুতো বৃহৎ বৃহৎ জাতিৰ অস্তিত্ব হেৰাই গৈছে ৷ আমি নতুন প্ৰজন্ম সংকটত কিজানি আমিও সেই দিশে ধাৱিত হোৱা নাইতো ৷ অতি দুখেৰে আমি বিচাৰিব লগা হৈছে আমাৰ আহোম সকলৰ কীৰ্তিৰাজি ৷ ক’লৈ গ’ল আহোমৰ সেই খ্যাতি যি খ্যাতিয়ে বিশ্বত এক অবিনশ্বৰনীয় চানেকি আঁকি থৈ গৈছিল ? যি জাতিয়ে বিশ্বত একেৰাহে ৬০০ বছৰ ৰাজত্ব কৰি গ’ল সেই জাতিৰ অস্তিত্ব আজি মৃতপ্ৰায় ৷ কিন্তু আমি পাৰিছোঁ জানো সেই গৌৰৱোজ্জ্বল অতীতক জীয়াই ৰাখিব ? আমি এৰি দিছো মৰিশালী হ’বলৈ আমাৰ অতীতৰ সেই কীৰ্তিৰ স্বাক্ষৰ বহন কৰি থকা কীৰ্তিচিহ্ন সমুহ ৷ আমি এৰি দিছো আমাৰ ধৰ্ম, ভাষা, সংস্কৃতি সকলো ৷ ইয়াৰ প্ৰতিকাৰ ক’ত? এটা জাতি জীয়াই থাকিবলৈ হলে তিনিটা বস্তুৰ প্ৰয়োজন ৷ সেইকেইটা হ’ল ভাষা, ধৰ্ম আৰু সংস্কৃতি ৷ আহোমে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ হ’লে নিজৰ ভাষা, সংস্কৃতি আৰু ধৰ্মক ঘুৰাই আনিবই লাগিব৷ প্ৰত্যাগমনে দিব আমাক সমৃদ্ধিৰ জীৱন ৷ ৰাউ পক্‌ পাই, ৰাউ ছি দাই ৷ কিন্তু প্ৰশ্ন হয় এই পুনৰুদ্ধাৰ কিয়? কেনেকৈ আৰু কিহৰ বাবে? মানুহে আজিৰ এই নৱ্য আধুনিকতাৰ যুগত ভৱিষ্যতৰ ফালে ধাৱমান হৈ এক মানৱত্বৰ সপোন দেখিছে কিন্তু আমি তাৰ বিপৰীতে অতীতলৈ ঘুৰি গৈ উন্নতিৰ পৰিবৰ্তে অধোন্নতিক আকোঁৱালি পাব বিচাৰিছো নেকি? ইয়াৰ উত্তৰৰ ব্যাখ্যা বহুধৰণে দিব পাৰি ৷ আমাৰ আহোমত্ব জীয়াই ৰখাৰ বহু যুক্তি আছে ৷ তাঈ-আহোম সকলেই পৃথিৱীত বিজ্ঞানৰ সভ্যতা সৃষ্টি কৰি চেঙ দাও ( জ্যোতিষ) , বিৎ ( জলসিঞ্চন) , ফ ফা খান ( বন্দুক) , বউ ৰূ বান্ (সৌৰজগত)ৰ ধাৰণা , ৰূ খাম ( শালি খেতি)আদি মানৱ সমাজক উপহাৰ দিয়াৰ উপৰিও কলা—সংস্কৃতি প্ৰদৰ্শন কৰিছিল ৷ গতিকে আমাৰ অতীত সংস্কৃতিক আমি পুনৰ ঘূৰাই পাব খুজিছোঁ যাৰ হাতত ধৰি এদিন বিশ্বসংস্কৃতিৰ বুনিয়াদ গঢ়ি উঠিছিল ৷ আমি জীয়াই থাকিব বিচাৰোঁ আহোম হিচাপে নিজক জীয়াই ৰাখি- নিজস্বতাক বিসৰ্জন দি নহয় ৷ আমাৰ উদেশ্য পুনৰুদ্ধাৰেৰে উত্তৰসুৰী আমাৰ নৱপ্ৰজন্মলৈ এটি আলিবাট বিচাৰি থৈ যোৱা ৷ এই যাত্ৰা পথত সকলো অগ্ৰজ অনুজৰ উপদেশ, সহযোগিতা আমাৰ চিৰকাম্য ৷ সকলোৰে সহযোগত নিশ্চয় আমি লিখিব পাৰিম এদিন “ম্যুঙ ড্যুন চ্যুন খাম”ৰ বৰ্তমানৰ সোণালী ইতিহাস
সময় গতিশীল ৷ এই সময়ৰ গতিশীলতাত পৃথিৱীৰ বহুতো বৃহৎ বৃহৎ জাতিৰ অস্তিত্ব হেৰাই গৈছে ৷ আমি নতুন প্ৰজন্ম সংকটত কিজানি আমিও সেই দিশে ধাৱিত হোৱা নাইতো ৷ অতি দুখেৰে আমি বিচাৰিব লগা হৈছে আমাৰ আহোম সকলৰ কীৰ্তিৰাজি ৷ ক’লৈ গ’ল আহোমৰ সেই খ্যাতি যি খ্যাতিয়ে বিশ্বত এক অবিনশ্বৰনীয় চানেকি আঁকি থৈ গৈছিল ? যি জাতিয়ে বিশ্বত একেৰাহে ৬০০ বছৰ ৰাজত্ব কৰি গ’ল সেই জাতিৰ অস্তিত্ব আজি মৃতপ্ৰায় ৷ কিন্তু আমি পাৰিছোঁ জানো সেই গৌৰৱোজ্জ্বল অতীতক জীয়াই ৰাখিব ? আমি এৰি দিছো মৰিশালী হ’বলৈ আমাৰ অতীতৰ সেই কীৰ্তিৰ স্বাক্ষৰ বহন কৰি থকা কীৰ্তিচিহ্ন সমুহ ৷ আমি এৰি দিছো আমাৰ ধৰ্ম, ভাষা, সংস্কৃতি সকলো ৷ ইয়াৰ প্ৰতিকাৰ ক’ত? এটা জাতি জীয়াই থাকিবলৈ হলে তিনিটা বস্তুৰ প্ৰয়োজন ৷ সেইকেইটা হ’ল ভাষা, ধৰ্ম আৰু সংস্কৃতি ৷ আহোমে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ হ’লে নিজৰ ভাষা, সংস্কৃতি আৰু ধৰ্মক ঘুৰাই আনিবই লাগিব৷ প্ৰত্যাগমনে দিব আমাক সমৃদ্ধিৰ জীৱন ৷ ৰাউ পক্‌ পাই, ৰাউ ছি দাই ৷ কিন্তু প্ৰশ্ন হয় এই পুনৰুদ্ধাৰ কিয়? কেনেকৈ আৰু কিহৰ বাবে? মানুহে আজিৰ এই নৱ্য আধুনিকতাৰ যুগত ভৱিষ্যতৰ ফালে ধাৱমান হৈ এক মানৱত্বৰ সপোন দেখিছে কিন্তু আমি তাৰ বিপৰীতে অতীতলৈ ঘুৰি গৈ উন্নতিৰ পৰিবৰ্তে অধোন্নতিক আকোঁৱালি পাব বিচাৰিছো নেকি? ইয়াৰ উত্তৰৰ ব্যাখ্যা বহুধৰণে দিব পাৰি ৷ আমাৰ আহোমত্ব জীয়াই ৰখাৰ বহু যুক্তি আছে ৷ তাঈ-আহোম সকলেই পৃথিৱীত বিজ্ঞানৰ সভ্যতা সৃষ্টি কৰি চেঙ দাও ( জ্যোতিষ) , বিৎ ( জলসিঞ্চন) , ফ ফা খান ( বন্দুক) , বউ ৰূ বান্ (সৌৰজগত)ৰ ধাৰণা , ৰূ খাম ( শালি খেতি)আদি মানৱ সমাজক উপহাৰ দিয়াৰ উপৰিও কলা—সংস্কৃতি প্ৰদৰ্শন কৰিছিল ৷ গতিকে আমাৰ অতীত সংস্কৃতিক আমি পুনৰ ঘূৰাই পাব খুজিছোঁ যাৰ হাতত ধৰি এদিন বিশ্বসংস্কৃতিৰ বুনিয়াদ গঢ়ি উঠিছিল ৷ আমি জীয়াই থাকিব বিচাৰোঁ আহোম হিচাপে নিজক জীয়াই ৰাখি- নিজস্বতাক বিসৰ্জন দি নহয় ৷ আমাৰ উদেশ্য পুনৰুদ্ধাৰেৰে উত্তৰসুৰী আমাৰ নৱপ্ৰজন্মলৈ এটি আলিবাট বিচাৰি থৈ যোৱা ৷ এই যাত্ৰা পথত সকলো অগ্ৰজ অনুজৰ উপদেশ, সহযোগিতা আমাৰ চিৰকাম্য ৷ সকলোৰে সহযোগত নিশ্চয় আমি লিখিব পাৰিম এদিন “ম্যুঙ ড্যুন চ্যুন খাম”ৰ বৰ্তমানৰ সোণালী ইতিহাস ৷ - See more at: http://thetaiahom.asia/about-us#sthash.HyfRzObq.8y0SJ7f1.dpuf