আহোম স্বৰ্গদেউসকলৰ ৰাজঅভিষেক ණৰাজীৱ গোস্বামী


আহোম স্বৰ্গদেউ ( টাই ভাষাত ''চাও ফা'' ) সকলৰ ৰাজ অভিষেক উৎসৱক কোৱা হয় 'শিঙৰি ঘৰত উঠা উৎসৱ' বুলি । এই 'শিঙৰি ঘৰত উঠা উৎসৱ' আহোম ৰাজ পৰিয়াল সমূহত পুৰণি কালৰে পৰাই চলি আহিছে ।
এই উৎসৱৰ বিষয়ে কোৱাৰ আগতে ৰাজ সিংহাসনত বহিবৰ বাবে ৰক্ষিত হৈ থকা কিছু নীতি-নীয়মৰ কথা কৈ লব লাগিব।
পাঠক বন্ধু সকল, আপোনালোকে নিশ্চয় জানে যে আহোম শাসন ব্যৱস্থা আছিল মূলতঃ ৰাজতান্ত্ৰিক । ৰাজ সিংহাসনত বহিবৰ বাবে এজন কোঁৱৰ ৰাজ পৰিয়ালৰ হ'বই লাগিব । সাধাৰণতে এজন স্বৰ্গদেউ বা চাও ফাৰ মৃত্যুৰ পাছত তেওঁৰ বৰপুতেকে সিংহাসন আৰোহণ কৰাৰ নিয়ম । কেতিয়াবা অৱশ্যে ৰজাৰ দূৰসম্পৰ্কীয় কোনো কোঁৱৰো সিংহাসনত বহিব পাৰে ।
সিংহাসন আৰোহণ কৰাৰ ক্ষেত্ৰ্ত আন এক বিশেষ কথা এই যে সিংহাসনত বহিব লগা কোঁৱৰ জনৰ অংগত কোনো ক্ষত থাকিব নালাগিব ।
এইক্ষেত্ৰত ৰজাৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ ওপৰত ৰজাৰ ক্ষমতা আদি নিৰ্ভৰ কৰে ।
ৰাজ পাটত বহাৰ নীতি-নিয়ম আছিল দীঘলীয়া । ৰজা হ'ব লগা কোঁৱৰজনে প্ৰথমে হাতীত উঠি চৰাইদেউলৈ গৈ আহোম সকলৰ উপাস্য দেৱতা চোমদেউক পূজাদিয়াৰ নিয়ম ।
তাৰপাছত পুৰোহিত দেওধাই আৰু বাইলুং সকলে কোঁৱৰৰ গাত মন্ত্ৰ উচ্চাৰণ কৰি পানী ছটিয়াই ।
ইয়াৰ পাছত কোঁৱৰজনক এটা বিশেষ ভাবে সজাই ৰখা এটা চাং ঘৰলৈ (সোলোংঘৰ) নিয়া হয় । চাঙৰ তলত মানুহ আৰু বিভিন্ন জীৱ-জন্তু ৰাখি থোৱা হয় ।
পুৰোহিতে কোঁৱৰৰ গাত পুনৰ মন্ত্ৰ মাতি পানী ছটিয়াই আৰু সেই পানী চাঙৰ তলত থকা মানুহ আৰু বিভিন্ন জীৱ-জন্তুৰ গাত পৰে ।
ইয়াৰ পাছত স্বৰ্গদেউ হ'ব লগা কোঁৱৰজনে নতুন বস্ত্ৰ আৰু অলংকাৰ পিন্ধি কাঠেৰে নিৰ্মিত "শিঙৰি ঘৰ"ত উঠি ৰাজ সিংহাসনত বহে । দেওধাই আৰু বাইলুং সকলে ৰজাক মন্ত্ৰ মাতি আশীৰ্বাদ দিয়ে ।
ৰজাৰ নামত সোণ আৰু ৰূপৰ মোহৰ মৰা হয় আৰু ডা-ডাঙৰীয়া, পণ্ডিত সকলক উপহাৰ দিয়া হয় ।
'শিঙৰি ঘৰত উঠা উৎসৱ' ৰ জৰিয়তে ৰজাৰ গাত দেৱত্ব আৰোপ কৰা হয় ।