আহোম স্বৰ্গদেউসকলৰ ৰাজঅভিষেক ණৰাজীৱ গোস্বামী


আহোম স্বৰ্গদেউ ( টাই ভাষাত ''চাও ফা'' ) সকলৰ ৰাজ অভিষেক উৎসৱক কোৱা হয় 'শিঙৰি ঘৰত উঠা উৎসৱ' বুলি । এই 'শিঙৰি ঘৰত উঠা উৎসৱ' আহোম ৰাজ পৰিয়াল সমূহত পুৰণি কালৰে পৰাই চলি আহিছে ।
এই উৎসৱৰ বিষয়ে কোৱাৰ আগতে ৰাজ সিংহাসনত বহিবৰ বাবে ৰক্ষিত হৈ থকা কিছু নীতি-নীয়মৰ কথা কৈ লব লাগিব।
পাঠক বন্ধু সকল, আপোনালোকে নিশ্চয় জানে যে আহোম শাসন ব্যৱস্থা আছিল মূলতঃ ৰাজতান্ত্ৰিক । ৰাজ সিংহাসনত বহিবৰ বাবে এজন কোঁৱৰ ৰাজ পৰিয়ালৰ হ'বই লাগিব । সাধাৰণতে এজন স্বৰ্গদেউ বা চাও ফাৰ মৃত্যুৰ পাছত তেওঁৰ বৰপুতেকে সিংহাসন আৰোহণ কৰাৰ নিয়ম । কেতিয়াবা অৱশ্যে ৰজাৰ দূৰসম্পৰ্কীয় কোনো কোঁৱৰো সিংহাসনত বহিব পাৰে ।
সিংহাসন আৰোহণ কৰাৰ ক্ষেত্ৰ্ত আন এক বিশেষ কথা এই যে সিংহাসনত বহিব লগা কোঁৱৰ জনৰ অংগত কোনো ক্ষত থাকিব নালাগিব ।
এইক্ষেত্ৰত ৰজাৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ ওপৰত ৰজাৰ ক্ষমতা আদি নিৰ্ভৰ কৰে ।
ৰাজ পাটত বহাৰ নীতি-নিয়ম আছিল দীঘলীয়া । ৰজা হ'ব লগা কোঁৱৰজনে প্ৰথমে হাতীত উঠি চৰাইদেউলৈ গৈ আহোম সকলৰ উপাস্য দেৱতা চোমদেউক পূজাদিয়াৰ নিয়ম ।
তাৰপাছত পুৰোহিত দেওধাই আৰু বাইলুং সকলে কোঁৱৰৰ গাত মন্ত্ৰ উচ্চাৰণ কৰি পানী ছটিয়াই ।
ইয়াৰ পাছত কোঁৱৰজনক এটা বিশেষ ভাবে সজাই ৰখা এটা চাং ঘৰলৈ (সোলোংঘৰ) নিয়া হয় । চাঙৰ তলত মানুহ আৰু বিভিন্ন জীৱ-জন্তু ৰাখি থোৱা হয় ।
পুৰোহিতে কোঁৱৰৰ গাত পুনৰ মন্ত্ৰ মাতি পানী ছটিয়াই আৰু সেই পানী চাঙৰ তলত থকা মানুহ আৰু বিভিন্ন জীৱ-জন্তুৰ গাত পৰে ।
ইয়াৰ পাছত স্বৰ্গদেউ হ'ব লগা কোঁৱৰজনে নতুন বস্ত্ৰ আৰু অলংকাৰ পিন্ধি কাঠেৰে নিৰ্মিত "শিঙৰি ঘৰ"ত উঠি ৰাজ সিংহাসনত বহে । দেওধাই আৰু বাইলুং সকলে ৰজাক মন্ত্ৰ মাতি আশীৰ্বাদ দিয়ে ।
ৰজাৰ নামত সোণ আৰু ৰূপৰ মোহৰ মৰা হয় আৰু ডা-ডাঙৰীয়া, পণ্ডিত সকলক উপহাৰ দিয়া হয় ।
'শিঙৰি ঘৰত উঠা উৎসৱ' ৰ জৰিয়তে ৰজাৰ গাত দেৱত্ব আৰোপ কৰা হয় ।

সম্পূৰ্ণকৈ পঢ়ক »

স্বৰ্গদেউ ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহৰ ණনিৰুপমা বৰা


ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰ “অসম বুৰঞ্জীৰ” এক সোণালী অধ্যায়। আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত নিৰ্মাণ কৰা গৌৰৱোৰ্জ্জ্বল ভীৰ্তিচিহ্ন বৰ্তমানেও অসমৰ নজহা নপমা সম্পদ হৈ ধ্বজা বহন কৰি আহিছে। ইয়াৰে এক ঐতিহাসিক ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ আটাইতকৈ দীঘল নৈ পিছলাৰ পাৰত নাৰায়ণপুৰৰ সমিপৱৰ্তী ৰঙতি গাঁও পঞ্চায়তৰ অৰ্ন্তগত মাঘনোৱা গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত ( ১৬৯৮-১৭১৪) ৰ ১৭০৫ খ্ৰীষ্টাব্দত নিমাৰ্ণ কৰা মাঘনোৱা দৌলক ফুলবাৰী দেওঘৰ আৰু বৰকালিকা থান বুলিও কোৱা হৈছিল। এই দৌলৰ পশ্চিম দিশে প্ৰবাহিত হৈছে পিছলা নদী। কালিকা পুৰাণ শাস্ত্ৰত পিছলা নৈক পবিত্ৰ গংগা বুলি অভিহিত কৰিছে। পিছলাক “ণৌতমস্য মহাফল” বুলিও উল্লেখ কৰিছে , কিয়নো ; পিছলা নদীত গৌতম ঋষিয়ে স্নান কৰি দিব্যজ্ঞান লাভ কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই পিছলা নদীত স্নান কৰি দৌলৰ শক্তি পীঠত পূজা সেৱা কৰিছিল। দৌলটোৰ উচ্চতা ৫০ ফুট। সেই সময়ত দৌলৰ চাৰিসীমাৰ ভূমি আছিল ৩৩ বিঘা ১৫ লোচা। ৰুদ্ৰসিংহই শক্তিপীঠ দৌলৰ ওচৰতে মাঘনোৱা নামৰ বিলখনো খন্দাইছিল। মাঘনোৱা বিলৰ মাটিকালি আছিল ৮৯ লোচা। সুউচ্চ দৌলৰ স্তম্ভত সোণৰ কলচিয়ে সোণত সুৱগা চৰাইছিল।
১৭৫১- ১৭৬৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মাঘনোৱাত বাহৰ পাতি আছিল আৰু এই পিছলা নৈত স্নান কৰি দৌল দেৱালয়ত গোসাঁনী সেৱা কৰা বুলি বুৰঞ্জীয়ে কয়। ৰুদ্ৰ সিংহই মাঘনোৱা দৌলটি ইটা ,বৰা চাউল, মাটিমাহ, কণী, শীল, চুন আদিৰে নিৰ্মাণ কৰা এক নিপুন ভাস্কৰ্য। ইয়াৰ পকা দেৱাল সমূহত বিভিন্ন দেৱ দেৱীৰ মূৰ্তি খোদিত কৰা আছে। দৌলৰ বাহিৰত আইৰ (থান) বিগ্ৰহত এতিয়াও তেল সেন্দুৰ পিন্ধাই বিভিন্ন ভক্তই পূজা অৰ্চনা কৰি আহিছে। পৃথকে আছে গুৰু আসন। শেহতীয়াকৈ হৰিমিশ্ৰ নামৰ এজন বৈষ্ণৱে এই গুৰু আসন প্ৰতিস্থা কৰিছিল। এতিয়া এই গুৰু আসনত বৈষ্ণৱ ধৰ্ম্মৰ লোক আহি সেৱা পাঠ কৰে। তাৎপৰ্য্যপূণ যে দৌলৰ আন্তঃস্থলত আছে “নাগ” বিগ্ৰহ। আন্তঃ ভাগ গুঢ়া সদৃশ ঘোপমৰা আন্ধাৰ। পকী মজিয়াখনত চেচাঁ চেচাঁ এক জয়াল শিহৰণ অনুভৱ হয়। ভিতৰৰ ওখ দেৱালসমূহ বোৱতী নদীৰ শিলাখণ্ডৰ শেলুৱৈৰ দৰে মসৃণ। এয়া হয়তো “মনসা” পূজাৰ ৰজাদিনীয়া গুপুত পূজাথলী। এই নাগ বিগ্ৰহৰ পৰাই নিসন্দোহে থাৱৰ কৰিব পাৰি আহোম স্বৰ্গদেউসকলে মনসা পূজা কৰিছিল।
বাৰ মাহৰ মাঘ মাহটো পবিত্ৰ বৰমাহ হিচাবে জ্ঞান কৰা হয়। আৰু এই বৰমাহতে বিগ্ৰহ নোওৱা ধুউৱা কৰা হৈছিল সেয়ে মাঘনোওৱা দৌল আৰু কালক্ৰমত মূখ বাগৰি মাঘনোৱা দৌল হয়গৈ। ৰজা দিনত দৌলত বলি দিয়াৰ প্ৰথা আছিল। আজিকালি দৌলৰ বাহিৰত শান্তিৰ বাবে পাৰ চৰাই উৰুওৱা দেখা যায়।
ৰুদ্ৰ সিংহই ইয়াত বাহৰ পাতি থকা কালচোৱাতে যম, যজা, গৰকা আৰু ফুলবৰীয়া নামৰ চাৰিঘৰ ঠাকুৰ ৰাখিছিল। এওঁলোকেই দৌলৰ পূজা সেৱা সমিপৱৰ্তী “যমৰনগৰ” গাঁওখন আছে। মানৰ আক্ৰমনত এই পৱিত্ৰ হিন্দু পীঠত গো হত্যা কৰা হ’ল। সেয়ে প্ৰবিত্ৰ দৌল দেৱালয় অপবিত্ৰ হোৱাৰ বাবে তাত থকা পূজাৰীসকল দৌল ত্যাগ কৰি গুচি যায়। মানসকলে ইয়াত থকা ধন সোণ মূল্যবান সম্পদ লুট কৰি নিয়ে। দৌলৰ সুউচ্চ স্তম্ভত থকা সোণৰ কলচিটো লৈ যায়। মানৰ অত্যাচাৰত দৌলৰো ক্ষতি সাধন হয়। দৌলৰ চাৰিও দিশে ইটাৰ দেৱাল আছিল। এই দেৱালক পকী ঢাপ বুলিছিল। পকী ঢাপৰ বাহিৰে মাটিৰ ওখ ঢাপ আছিল। ইয়াক কেঁচা ঢাপ বুলিছিল। সম্প্ৰতি ইয়াত ৰজাদিনিয়া পকী ঢাপ –কেচা ঢাপ একোৱেই চিন মোকাম নাই। স্বৰ্গদেউ ৰুদ্ৰ সিংহই খন্দোৱা মাঘনোৱা বিল পোত গ’ল। বিলৰ চিন মকাম নাই। ৮৯ লোচাৰ মাটিকালিৰ জলাশয়, তৰা, নল- খাগৰীৰ দোপনি বিলখন ১৯৮০ চনৰ পিছলা আৰু দ্ৰোপাং নদীৰ বানপানীয়ে পাৰ খহাই পেলায়। প্ৰায় দুটামান বছৰৰ বানপানীয়ে বালি পেলাই বিলখন পুতি পেলায়।। যদিও দৌলৰ চাৰিওফালৰ থকা ইটাৰ দেৱাল বুলনিঘৰ, বাটচৰা মাটিৰ ওখ ওখ গড় আদিৰ ভগ্নাৱশেষ ৰক্ষনাবেক্ষন দিব পৰা নগ’ল। সম্প্ৰতি দৌলৰ সন্মুখৰ দেৱাৰ খনত ফাট মেলাতো অতি পৰিতাপৰ বিষয়।

সম্পূৰ্ণকৈ পঢ়ক »

অসম বুৰঞ্জীত চাও লুঙ যুগ ණ চাও নগেন হাজৰিকা


তাঈ আহোম ভাষাত লিখা ‘আহোম বুৰঞ্জী’ (অনুবাদ আৰু সম্পাদনা-গোলাপ চন্দ্ৰ বৰুৱা) খনত চাও-লুং ছ্যু-কা-ফাৰ পৰা আৰম্ভ কৰি চাও-লুং তাউ ছ্যু-ত্যু-ফালৈ (চাও-লুং ছ্যু তেউ-ফা চাও-লুং ছ্যু-বিন-ফা চাও-লুং ছ্যু-খ্ৰাং-ফা চাও-লুং ছ্যু-খ্ৰাম-ফা আৰু চাও-লুং ছ্যু-তু-ফা) মুঠ ৭ জন মৌং দুন ছুন-খামৰ ৰজাক ‘চাও-লুং’ উপাধি দিয়া হৈছে আৰু চাও-ফা তাউ-খাম-তিৰ পৰা শেষজন তাঈ আহোম ৰজালৈকে সকলোকে ‘‘চাও-ফা উপাধিধাৰী হিচাপে দেখুৱা হৈছে। আজিলৈকে আহোমৰ বুৰঞ্জী লিখা বুৰঞ্জীবিদসকলৰ এজনেও এই পাৰ্থক্যটো (অৰ্থাৎ ‘চাও-লুং’ আৰু ‘চাও-ফা’ মাজত থকা) বিশ্লেষণ কৰি চাবলৈ চেষ্টা চলোৱাটো পৰিলক্ষিত হোৱা নাই। তাঈ আহোমৰ সকলো ৰজাকে ‘চাও-ফা’ আৰু ‘স্বৰ্গদেউ’ বুলিহে তেখেতসকলে লিখি গৈ আছে। অৱশ্যে ‘চাও-লুং’ বুৰঞ্জী’ নামৰ প্ৰৱন্ধটোত এই বিষয়ে অন্বেষণ কৰি চাবলৈ চেষ্টা কৰিছিলো।
তাঈ আহোমৰ কি যে ফুটা কপাল আই অ’ দেহী। পদ্মেশ্বৰ গগৈয়ে The Tai and the Tai Kingdoms নামৰ বুৰঞ্জী পুথিখনত অসমৰ তাঈ আহোমৰ ৰাজত্বটোক দুটা ভাগত ভাগ কৰিছে। প্ৰথমটো হ’ল The Ahom Dynasty-I (আহোম ৰাজবংশ ৰম) আৰু দ্বিতীয়টো হ’ল The Ahom Dynasty-II (Hindu Period) অৰ্থাৎ আহোম ৰাজবংশ ২য় ( হিন্দু যুগ )। তেখেতে ছ্যু-কা-ফাৰ উপাধি ‘চাও-লুং’ লিখিছে তেখেতৰ পাছত ৰজাসকলৰ কিছুমানৰ উপাধি ‘চাও’ বুলিহে দেখুৱাইছে কিছুমানৰ কোনো উপাধিয়েই লিখা নাই। তেখেতে চাও-ফা ছ্যু-তাম ফা ওৰফে জয়ধ্বজ সিংহ দেৱৰ পৰাই ‘হিন্দু যুগ’ বুলি উল্লেখ কৰিছে। কিহৰ ভিত্তিত এই বিভাজনটো গগৈদেৱে কৰিছে তাৰ কাৰণ দৰ্শোৱা নাই। পদ্মেশ্বৰ গগৈ দুৰ্ঘোৰ হিন্দু আছিল কাৰণেইহে আহোমক হিন্দু বনাইছে। ‘হিন্দু যুগ’ বুলি আহোমৰ মাজত বিভাজন ননা হ’লে বোধ হয় The Tai and the Tai Kingdoms শিতানৰ থেছিছ [Thesis] খন (পাছত একে নামেৰেই বুৰঞ্জী পুথি হিচাপে প্ৰকাশিত) বোধ হয় Ph. D. Degree ৰ বাবে মনোনীত নহ’লহেঁতেন। সেই ভয়তে তেখেতে ভিত্তিহীন বিভাজনটো আনি নিজে উত্তীৰ্ণ হ’ল আৰু তাঈ আহোম জাতিটোক ডুবাই থৈ গ’ল। কি যে এক প্ৰহসন, কি যে এক বিড়ম্বনা, কি যে এক আত্মহত্যাৰ প্ৰচেষ্টা। এই দুষ্কাৰ্যৰ বাবে পদ্মেশ্বৰ গগৈক sadist বুলিম নে masochist আখ্যা দিম সেই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। যদি আহোমৰ ‘যুগ বিভাগ’ কৰিবই লাগে তেন্তে বিভাজনটো এইদৰে হ’ব পাৰে।
১) ‘চাও-লুং যুগ’- এই যুগটো চাও-লুং ছ্যু-কা-ফাৰ পৰা আৰম্ভ কৰি চাও-লুং ছ্যু-তু-ফাত শেষ হৈছে।
২) ‘চাও-ফা যুগ’-এই যুগ আৰম্ভ হৈছে চাও-ফা তাউ খাম-তিৰ পৰা আৰু অন্ত পৰিছে আহোমৰ শেষ জন চাও ফা অৰ্থাৎ চাও-ফা পুৰন্দৰ সিংহৰ দিনত।
৩) ‘চু-ছেক্‌ আও-পক্‌ ৰাও-মৗং’ ‘স্বাধীন ৰাজ্য ঘূৰাই লোৱাৰ সংগ্ৰাম যুগ’ -পিয়লি ফুকন, গমধৰ কোঁৱৰ প্ৰভৃতি স্বাধীন মনা তাঈ আহোমে হৃত মৗং-দুন্‌-ছুন্‌-খাম্‌ ঘূৰাই পাবলৈ কৰা সংগ্ৰামবোৰ এই যুগটোৰ অন্তৰ্গত।
৪) ‘চু-পয়্‌-কান্‌-কুম্‌’ ‘সংগঠন যুগ’-১৮৯৩ খৃস্তাব্দৰ ১৩ মে’ তাৰিখে শিৱসাগৰত প্ৰথমখন আহোম সভা বহিছিল। ১৯১০ চনত অন্য এখন আহোম সভা নগাঁৱত অনুষ্ঠিত হৈছিল। তেনেকৈ অন্যান্য ঠাইতো আহোম সংগঠন গঢ়ি উঠিছিল। ১৯১০ চনতেই সেই সকলোবোৰ আহোম সংগঠন লগ লগাই ‘সদৌ অসম আহোম এছ’চিয়েশ্যন’ গঠিত হৈছিল। তাৰ বহু দিনৰ পাছত ‘উজনী অসম ৰাজ্য পৰিষদ’ ‘সদৌ অসম মহন দেওধাই-বাইলুং সন্মিলন’ ‘পণ্ডিত পৰিষদ’ ‘পয়্‌-ফু-ৰা-লুং’ বান্‌-অক্‌-পাপ্‌-লিক্‌ মৗং তাঈ’ ‘সদৌ তাঈ আহোম ছাত্ৰ সন্থা’ ইত্যাদি সংগঠনে গা কৰি উঠিছে আৰু বতৰ্মানেও বহু নামী-বেনামী আহোম সংগঠনে মূৰ দাঙি উঠিছে। এই সংগঠনবোৰৰ উদ্দেশ্যে হৈছে নিজ নিজ পৰিসৰৰ ভিতৰত তাঈ আহোমৰ কল্যাণ সাধন। এই যুগটো ১৮৯৩ চনৰ পৰা বতৰ্মানলৈকে চলি আছে আৰু অবিৰাম গতিত চলি থাকিব।
৫) ‘হিন্দুকৃত যুগ’-চু-হন ক্লা’-‘হিন্দু আইন’ আৰু ‘মুছলমান কানুন’ ভাৰতবষৰ্ত বতৰ্মানে প্ৰচলিত হৈ আছে। Hindu Law as administered by the Courts of India is applied to Hindus in some matters only, namely, Marriages, Adoption, Inheritance, Succession, etc. In other matters, it has been replaced by various legislative enactments. It is in this narrow sense that the term ‘Hundu Law’ is understood now. Hindu Law is of much wider application that its name suggests. This may be inferred from the Notes to Clause 2 of the Hindu Code Bill which is as follows :- ‘At present Hindu Law applies : (I) to the Hindus by birth, and also to Hindus by religion; that is to say to converts and reconverts to Hinduism, (II) to illegitimate Children where both parents are Hisndus, (III) to illegitinmate children where the mother is a Hindu and the children are brought up as Hindus, (IV) to Brahos, Arya Samagist, Lingayats and to persons who may have deviated from orthodox standards of Hinduism in matters of diet and ceremonial observances and to every other person who may be regarded as Hindu unless he can show some valid local, tribal, or family custom to the contrary and (V) to Jains, Sikhs and Buddhists’ তাই আহোমে হিন্দুৰ অখাদ্য যেনে গৰু, গাহৰি, গৰুৱা মাছ, কেকোৰা আৰু হিন্দুৰ বাবে গেনা খাদ্যসমূহ খাইছিল আৰু খাই আছে। তাঈ আহোমৰ ceremonial observances প্ৰায়বোৰেই হিন্দু বোৰতকৈ পৃথক। সবৰ্ভাৰতীয় প্ৰথাবোৰতকৈ তাঈ আহোমৰ অসমত (Local) প্ৰচলিত প্ৰথাবোৰ বেলেগ। ভাৰতীয় সংবিধানত অনুসূচিত নহ’লেও আহোমৰ পৰিয়াল প্ৰথাবোৰ হিন্দুবোৰতকৈ বহুত বেলেগ। সেই বাবে হিন্দু আইনখন আহোমত প্ৰযোজ্য নহয়।
দ্বিতীয়তে হিন্দু আইনখনৰ উৎস হ’ল
(১) চাৰিবেদ (বা শ্ৰুতি)
(২) স্মৃতি। স্মৃতিৰ ভিতৰত পৰে
(ক) মনুৰ লিখনি
(খ) যজ্ঞৱাল্‌ক্যৰ লিখনি
(গ) নাৰদৰ লিখনি ইত্যাদি।
তাঈ আহোমৰ পেঞ্‌-কা-কা, পুৰাতাত্বিক লিখনিসমূহ বুৰঞ্জী আদি হিন্দু আইনৰ উৎস নহয়। সেয়েহে ‘হিন্দু আইন’ ‘আহোমৰ আইন’ কোনোপধ্যেই হ’ব নোৱাৰে। তথাপি ১৮৬০ খৃস্তাব্দত ivil Procedure Code অসমত প্ৰয়োগ কৰা হ’ল আৰু সমগ্ৰ তাঈ আহোমৰ ওপৰত কম্বল জাপন দিয়াৰ দৰে ‘হিন্দু আইন’খন জাপি দিয়া হ’ল। ফলস্বৰূপে সাংবিধানিকভাৱে তাঈ আহোমসকল ‘হিন্দু’ হ’বলৈ বাধ্য হ’ল যদিও যথাৰ্থতে তেখেতসকল হিন্দু নহয়। তাঈ আহোমসকলে জাতীয় ধৰ্ম পূৰ্বপুৰুষৰ পূজাহে মানে। কিন্তু তাঈ আহোমক বলপূবৰ্ক হিন্দু কৰা হ’ল। এইটো হ’ল তাঈ আহোমৰ ‘হিন্দুকৃত যুগ।’
৬) ‘পক্‌-ফান্‌-তাঈ যুগ’-আজিৰ পৰা প্ৰায় ২৫ বছৰৰ আগৰ পৰা তাঈ আহোমৰ মাজত এটা নতুন যুগৰ অৱতাৰণা হৈছে। সেইটো হৈছে ‘পক্‌-ফান্‌-তাঈ’ অৰ্থাৎ ‘তাঈ জাতিলৈ ঘূৰি আহা।’ যিবিলাক মানুহে তাঈ আহোমৰ জাতীয় ধৰ্ম অৰ্থাৎ ‘পূৰ্ব পুৰুষৰ পূজা’ এৰি থৈ অন্য ধৰ্মত সোমাইছিলগৈ আৰু যিসকল তাঈ আহোমৰ লোক ‘ফান্‌-ছুম্‌’ হৈ হেৰাই গৈছিল সেইসকলক ‘তে-তে-তে’ কৰি নিজ ধৰ্মলৈ ঘূৰাই অনা হৈছে। Motto টো হৈছে we Revive we survive; ‘পক্‌ ফান্‌ তাঈ ছং-লুং-ফাই’ ‘ৰাও পক্‌ পাই ৰাও চি দাই।’ হু-পাৎ-ছি পৰা আৰম্ভ কৰি তাঈ মানুহৰ পাৰম্পৰিক খাদ্য খাৱন, পোচাক পৰিধাৰণ, তাঈ ভাষাৰ শিক্ষা গ্ৰহণ, তাঈ আহোমৰ প্ৰাচীন পুথি-বুৰঞ্জী পঠন যোগে ‘অসমীয়া আহোমক’ প্ৰকৃত তাঈ আহোমকৰণ এই যুগৰ লক্ষ্য। ‘আহোম আহোম হওক।’ উঠি অহা চামে এইবোৰ গ্ৰহণ কৰিছে, social media যোগে প্ৰচাৰ কৰিছে তথা খ্বন্‌ মৗঙৰ দৰে ই-আলোচনীৰ যোগেৰে এইবোৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ চেষ্টা কৰিছে। এতিয়া আমাক লাগে এখন Tai Ahom Civil Law বাThe Ahom Law; আইনজীৱি কোনোবাই হয়তো এই প্ৰচেষ্টা হাতত লব ৷
সম্পূৰ্ণকৈ পঢ়ক »