এক বিনম্ৰ আহ্বান সমুহ অসমবাসীলৈ: চৰাইদেউৰ ময়দামৰ প্ৰৱিত্ৰতা ৰক্ষা কৰক




মানুহৰ মৃত্যুৰ পাছত শ সৎকাৰ কৰা পৃথিৱীৰ এক প্ৰাচীনতম প্ৰথা ৷ ঠাইভেদে, মানুহভেদে, সময়ভেদে নিজ নিজ সংস্কৃতিৰ লগত ৰজিতা খুৱাই শ সৎকাৰ কৰা হয় ৷ এইদৰে টাই জাতিৰ লোকসকলৰ মাজতো শ সৎকাৰৰ ক্ষেত্ৰত ময়দাম দিয়া প্ৰথা প্ৰচলিত হৈ আহিছে ৷ ঠিক কেতিয়াৰ পৰা ময়দাম দিয়া প্ৰথা আৰম্ভ হ'ল বিতং কৈ কব পৰা নাযায় যদিও এই প্ৰথা টাইসকলৰ মাজত অতি প্ৰাচীন ৷ টাই আহোমসকলে ১২শ শতিকাতে চাও লুঙ ছৗ কা ফাৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহোতে ধৰ্মীয় সংস্কৃতিৰ লগতে এই ময়দাম প্ৰথাও লগত লৈ আহিছিল ৷ মানুহ মৰিলে এক নিদিষ্ট পদ্ধতিত মাটিত পুতি তাৰ ওপৰত ঘূৰণীয়াকৈ মাটিৰ ঢিপ তুলি দিয়ে, ইয়াকে ময়দাম দিয়া হয় বুলি কোৱা হয় ৷ চাও লুঙ ছৗ কা ফাৰ মৃত্যুত ১২৬৮ খ্ৰীঃত ৰাজধানী চৰাইদেওত, দেওশালৰ পূবফালে ময়দাম দিছিল ৷ ব্ৰহ্মপুত্ৰ উপত্যকাত ময়দাম দিয়া প্ৰথা এনেদৰেই ১৩শ শতিকাৰ পৰা আৰম্ভ হৈছিল ৷ এই প্ৰথা একক আৰু অনন্য আছিল ৷ সেইসময়ত অন্য স্থানীয় মানুহৰ মাজত মৰাশ সৎকাৰ কৰা এনে নিদিষ্ট পদ্ধতি নাছিল ৷
টাই আহোমসকলৰ ময়দাম দিয়া প্ৰথাৰ লগত জীৱন দৰ্শনৰো সম্পৰ্ক আছে ৷ মৃত্যুৰ পাছতে মৃতকে দাম আৰু ফী ৰুপ পায় বুলি বিশ্বাস কৰা হয় ৷ এজন মানুহৰ শৰীৰত বহুতো খ্বন বা জীৱনী শক্তি থাকে ৷ মৃত্যুৰ পাছতো খ্বনৰ এটা অংশ মৃতকৰ লগত থাকি যায় ৷ আহোম দৰ্শনমতে আত্মাই পুনৰ জন্ম লাভ নকৰে, সেয়ে মৃতকক ময়দামত সযতনে ৰাখে ৷ চৰাইদেউৰ ময়দাম সমূহ বৰ যত্ন সহকাৰে দৈনিক পূজা সেৱা কৰাৰ নিয়মো স্বৰ্গদেউসকলে বান্ধি দিছিল ৷ ৰাজ অভিষেকৰ পূৰ্বে চৰাইদেউ ময়দামত পূজা সেৱা কৰিহে সিংহাসনত আৰোহণৰ পৰম্পৰা আছিল ৷
চৰাইদেউৰ ময়দামে বৰ্তমান আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত UNESCO ৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত সংৰক্ষিত পুৰাতাত্বিক স্থান হিচাপে চিহ্নিত হৈছে ৷ চৰাইদেউৰ ময়দাম কেৱল আহোমসকলৰে সম্পদ নহয় , ই সমগ্ৰ অসমবাসীৰে সম্পদ ৷ চৰাইদেউ ময়দামে পৰ্যটনৰ শিতানতো দেশৰ অৰ্থনীতিলৈ এক বৰঙণি আগবঢ়াই আহিছে ৷
চৰাইদেউ ময়দাম সমূহৰ লগত জড়িত আছে প্ৰতিজন অসমীয়াৰ আৱেগ, প্ৰতিজন আহোমৰ পূৰ্বপুৰুষৰ স্মৃতি, শ্ৰদ্ধা ৷ চৰাইদেউৰ ময়দাম স্থলী আহোমসকলৰ বাবে তীৰ্থস্বৰুপ, পূৰ্বপুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা জনোওৱাৰ স্থান ৷
বৰ্তমান অতি দুখেৰে আমি লক্ষ্য কৰিছোঁ, যিবোৰ ময়দামৰ তলত আমাৰ পূৰ্বপুৰুষসকল শান্তভাৱে শুই আছে, সেই প্ৰৱিত্ৰ ময়দামসমূহৰ ওপৰত বগাই, খোজকাঢ়ি দৰ্শনৰ নামত ময়দামৰ প্ৰৱিত্ৰতাক একাংশলোকে ধ্বংস কৰি আহিছে ৷ মৃতকৰ প্ৰতি সামান্যতমো শ্ৰদ্ধা প্ৰদৰ্শন কৰাৰ মানসিকতা কি আমাৰ হেৰাই গ'ল নেকি? কোন জাতিৰ লোকে মৃতকৰ মৰিশালীৰ ওপৰত খোজকাঢ়িবলৈ চেষ্টা কৰে? মৃতকৰ প্ৰতি শ্ৰদ্ধা জনোওৱাৰ শেষ আৰ্দশকণো আমাৰ শেষ হৈ গ'লনে?
শ্ৰদ্ধাৰ সমূহ অসমবাসীলৈ আমাৰ ডয় পাটকাই সমাজৰ তৰফৰ পৰা কাতৰে অনুৰোধ, দৰ্শনৰ নামত ময়দামসমূহৰ ওপৰত বগাই, খোজকাঢ়ি ইয়াৰ প্ৰৱিত্ৰতা নষ্ট নকৰেযেন ৷ ময়দামসমূহক মৃতকৰ দৃষ্টিৰে চাওক, নিজৰ পিতৃ-মাতৃৰ মৰিশালীৰ দৃষ্টিৰে চাওক ৷ ঐতিহাসিক প্ৰৱিত্ৰতাৰে পৰিপূৰ্ণ এই সম্পদসমূহ চিৰদিন অসমীয়াৰ বাবে অসমৰ সম্পদ হৈ থকাটো জানো আপোনালোকে নিবিচাৰিব ? সকলোলৈকে আমাৰ কাতৰ অনুৰোধ, ময়দামসমূহৰ ওপৰত উঠি এই ঐতিহাসিক সম্পদৰাজিৰ প্ৰৱিত্ৰতা নষ্ট হোৱাটো বন্ধ কৰক ৷