কাৰেঙত পাঁজিকটা আহোম ৰমণীসকলৰ বয়ন শিল্প ණ...নাং অমিয়া গগৈ কোঁৱৰ


 
         দৈনন্দিন ব্যৱহাৰিক জীৱনত মানৱ সংপৃক্ত তিনিটা মূল উপাদান হল অন্ন,বস্ত্ৰ আৰু বাসস্থান বা আশ্ৰয়।এই তিনিটা উপাদানেৰে মাশৱ সভ‍্যতা-সংস্কৃতিৰ ইতিহাসৰো দুৱাৰ মুকলি হৈছিল।কাৰণ মানুহে অঘৰী বৰ্বৰ জীৱন অতিক্ৰমি সুসভ‍্য ৰূপত ঘৰ বাৰী পাতি বসবাস কৰিবলৈ লোৱাৰ সময়তে লজ্জা নিবাৰণৰ বাবে বল্কল এৰি বস্ত্ৰৰ প্ৰয়োজনীয়তাৰ কথাও অনুভৱ কৰিলে।সেয়ে সভ‍্যতাৰ জখলাৰে এঢাপ এঢাপ কৰি আগবাঢ়ি যোৱা মানুহৰ তিনিটা প্ৰধান মৌলিক প্ৰয়োজনৰ ভিতৰত 'বস্ত্ৰ'ও এটা। এতেকে মানুহৰ উদ্ভাৱন শক্তিয়ে ঢুকি পোৱা মতে গছৰ বাকলিৰে লাজ নিবাৰণৰ পৰা আৰম্ভ কৰি,কপাহ কাটি, গছৰ আঁহ উলিয়াই, এৰি মূগা পুহি,পাজি কাটি কাপোৰ বে পিন্ধখলৈকে মানৱ জাতিৰ বয়ন শিল্পই এক ঐতিহ্য মণ্ডিত ইতিহাস বহন কৰিছে ।
                    এই বয়নশিল্পৰ জয়যাত্ৰাৰ ইতিহাসত অসমৰ নাম উজলাই তোলা আহোম যুগৰ নাৰী (ৰমণী)সকলৰ অৱদান বিশেষ উল্লেখযোগ্য। বিশেষকৈ ৰাজকাৰেঙত পাঁজি কটা শিক্ষাদৰ্শণৰে স্বাৱলম্বী হোৱাৰ উপৰি, দেশৰ অৰ্থনীতিলৈ বিস্তৰ বৰঙণি আগবঢ়াইছিল তেঁও লোকৰ প্ৰায় একচেটীয়া সম্পত্তি বয়নশিল্পৰ দ্বাৰা। এই বয়নশিল্পৰ কিছু আভাসৰ ৰেঙণি দাঙি ধৰাৰ সামান্য প্ৰয়াস মাথোঁ এই নীতিদীৰ্ঘ লেখনীৰ। সুৰ্দীঘ ছশবছৰীয়া আহোম ৰাজত্বকালছোৱাত কাৰেঙৰ আই কুঁৱৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ প্ৰজা-পাইকেও দেশৰ অখণ্ডতাৰ ৰক্ষা হেতু নিজকে উচগিছিল; সেই কথা বুৰঞ্জী মেলিলেই পাওঁ।
              সংস্কৃতি গতিশীল, চিৰ প্ৰবাহিত নদীৰ দৰে। দৰাচলতে সংস্কৃতিৰ  পৰিশোধিত ৰূপেই হল সভ‍্যতা। সাধাৰণতে নাৰীক সভ‍্যতাৰ জম্মদায়িনী বুলি কোৱা হয়। কাৰণ নাৰী মনৰ শৈল্পিক চিন্তা চেতনাৰে সৃষ্টিশীল কৰ্মৰ দ্ধাৰা সাংস্কৃতিক সমন্বয় সাধনত নাৰী সকল সিদ্ধহস্ত। মানৱ সভ্যতাৰ প্ৰতে‍্যকটো ভাঁজতে নাৰীৰ প্ৰভূত বৰঙণি উল্লেখযোগ্য।নাৰীক বাদ দি এখন সুস্থ সমাজ গঠনৰ প্ৰক্ৰিয়া অসম্ভৱ, অৰ্থহীন।আহোম শাসন কালত গঢ় লোৱা বৃহত্তৰ অসমীয়া সমাজ গঠনত নাৰী (আহোম ৰমণী) সকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে বুৰঞ্জীৰ পাতে পাতে আজিও তেওঁলোক একোটিহঁত উজ্বল নক্ষত্ৰৰ দৰে উজলি আছে।স্বভাৱতে কৰ্মপটু,সাহসী, স্বকীয় সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল,বিচক্ষণ আৰু স্বদেশক প্ৰাণভৰি ভালপোৱা আহোমযুগৰ নাৰীসকলৰ এক সুকীয়া বৈশিষ্ট্য আছিল।ছাঁতে শুকোৱা,মুঠিতে লুকোৱা বস্ত্ৰ প্ৰস্তুত কৰা আৰু ৰাতিৰ ভিতৰতে কপাহ নেওঠি,সূতা কাটি, কাপোৰ বৈ যুদ্ধলৈ ওলোৱা স্বামী পুত্ৰক 'কৱচ কাপোৰ' পিন্ধাই পঠোৱা আহোম যুগৰ ৰমণী সকলৰ কথা কোনে নাজানে?
              বয়ন শিল্পই বিভিন্ন জাতি জনগোষ্ঠীসমূহক সুন্দৰকৈ গঢ় দি সজাই পৰাই বাস্তৱ জগতত জাতিটোক প্ৰতিষ্ঠা কৰাত এক উল্লেখযোগ্য ভূমিকা পালন কৰে।ভিন্ ভিন্ জাতি জনগোষ্ঠী সমূহৰ আত্মপৰিচয় দিবলৈ যাওতে প্ৰথমে পৰম্পৰাগত সাজপাৰে শোভাষিত হোৱা।সেই জাতি জনগোষ্ঠী সমূহৰ চাল,চলন,খাদ্যাভ্যাস,লগতে শিল্প নৈপুণ‍্যতাই জাতিটোক মহিমামণ্ডিত কৰি আহিছে।সাজপাৰ পিন্ধন-উৰণ একো একোটা জাতি জনজাতিৰ স্বকীয় বৈশিষ্ট্য বহু খিনি নিৰ্ভৰ কৰে।এই ক্ষেত্ৰত মহিলা সকলৰ ওপৰত নিৰ্ভৰশীল হব লগা হয়।টাই আহোমসকলৰো সাজপাৰত এহাতেদি উচ্চ সাংস্কৃতিক মনৰ পৰিচয় আৰু আনহাতেদি সৌন্দৰ্য্যপ্ৰিয়তা দুয়োটা দিশেই জড়িত হৈ আছে।
                 আহোম যুগৰ অন্যান্য উল্লেখনীয় দিশসমূহৰ ভিতৰত আহোম ৰমণী সকলৰ বয়ন শিল্পও বিশেষ এক উল্লেখযোগ্য দিশ।সেই কালত অসমৰ অৰ্থনীতি বয়ন শিল্পই এক কেন্দ্ৰীয় শক্তি ৰূপে পৰিগণিত হৈছিল।আহোম যুগৰ ৰমণী সকলৰ অপূৰ্ব শিল্পকৌশলৰ অধিকাৰী আছিল, সেয়ে ঘৰুৱা অন্যান্য কাৰ্য্যৰ লগতে বোৱা কটা তেওঁলোকৰ প্ৰধান কৰ্তব্য আছিল। ৰাজ্যৰ ৰাণীৰ পৰা আৰম্ভ কৰি সাধাৰণ তিৰোতাও বয়ন কাৰ্য্যত ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ বৰ্ণনা বুৰঞ্জী মেলিলেই সততে পোৱা যায়।খ্ৰীষ্টীয় ওঠৰ শতিকাৰ কথা ― 'সবাতোকৈ মন উৎফুল্ল হয় শিৱসিংহ স্বৰ্গদেউৰ বৰকুঁৱৰী সৰ্বেশ্বৰী দেৱী মহাৰাণীৰ এটি ব‍্যৱস্থালৈ মনত পৰিলে।পূৰ্বৰ দুগৰাকী বৰকুঁৱৰী ফুলেশ্বৰী দেৱী আৰু অম্বিকা দেৱীৰ দৰে এওঁৰ নামেৰেও মোহৰ কৰা হৈছিল, ১৭৩৯ খীষ্টাব্দৰ পৰা ১৭৪৪ চনলৈকে। ৰজাৰ ৰাজকাৰেঙৰ অনেক খোটালি,চোতাল বাৰি এনেয়ে পৰি থাকে, নাইবা তাত থাকে লাহ-বিলাহৰ সামগ্ৰী, নাইবা মহা পয়োভৰ জীৱনযাত্ৰাৰ আহিলা সৰঞ্জাম,নাইবা মনোমোহা ফুলনি।
       কিন্তু সৰ্বেশ্বৰী আইকুঁৱৰীৰ দৰে ছোৱালীবিলাকক কাৰেঙৰ ভিতৰলৈ নি তেওঁলোকক পাঁজি কাটিবলৈ শিকাইছিল আৰু যি ছোৱালীৰ সংগীতৰ ফালে ৰাপ আছিল, তেওঁলোকক গীত শিকাইছিল ।... নকৈ অনেক জাতিৰ ছোৱালীয়ে জুমে জুমে পাঁজি সূতা কটাকৈ লৈছে। গায়ন ছোৱালী সকলক গায়ন শিকাই লৈছে ভিতৰুৱালৈকে।'
                এই প্ৰসংগতে স্বাভাৱিকতে প্ৰশ্নৰ অৱতাৰণা হব হয় 'খ্ৰীষ্টীয় ওঠৰ শতিকাৰ মাজভাগত পৃথিৱীৰ কেইজন ৰজাই নিজৰ কাৰেং আৰু উদ‍্যান প্ৰজাৰ উপকাৰৰ অৰ্থে মুকলি কৰি দিছিল আৰু কেইগৰাকীমান মহাৰাণীয়ে ৰাজ্যৰ নানা জাতিৰ ছোৱালীক ভিতৰলৈ আনি সূতা কটা আৰু সংগীত শিকোৱাৰ ব‍্যৱস্থা কৰিছিল। (বুৰঞ্জী ৰাণী)
                  ইয়াৰ উত্তৰ স্বৰূপে আহোম ৰাজত্বৰ প্ৰজাহিতকৰ প্ৰশাসক চাওলুং চ‍্যু-কা-ফাৰ সাম‍্য-মৈত্ৰীৰ সমন্বয়ৰ কথাকে উনুকিয়াব পাৰি।'সাতৰাজ মাৰি একৰাজ কৰা' চাওলুং চ‍্যু-কা-ফাই লুইতৰ পাৰৰ উৰ্বৰ ভূমি খণ্ডত পাতনি মেলিছিল টাই সংস্কৃতিৰ বৰপেৰা 'ম‍্যুং-দুন-চুন-খাম',গাঁথিছিল ভিন্ ভিন্ জাতি জনজাতিৰ বাৰেৰহনীয়া সংস্কৃতিৰ কুসুমমালা।ইতিহাসৰ পাত লুটিয়ালে দেখা যায় 'আহোম যুগ' নাম প্ৰসিদ্ধি লভা আহোম ৰাজতন্ত্ৰৰ সুৰ্দীঘ ছশ বছৰীয়া গৌৰৱোজ্জ্বল কালছোৱাৰ সুদৃঢ় ভেটি তথা বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াৰো শুভাৰম্ভ হৈছিল এগৰাকী সদা সচেতন, দূৰদৰ্শী নাৰীৰ চিন্তা-চেতনাৰ ফলশ্ৰুতিতে।প্ৰকৃতাৰ্থত বৃহত্তৰ অসমীয়া জাতি তথা সমাজ।গঠনত অৰ্থনীতি, সমাজনীতি আৰু ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰা আহোম যুগৰ ৰমণী সকলৰ অৱদান বিশেষ তাৎপৰ্যপূৰ্ণ।দেশৰ প্ৰগতিত হাত উজান দি অহা এই ৰমণী সকলৰ প্ৰেৰণাৰ উৎসৰ আঁতিগুৰি বিচাৰিলে আমি পাঁও পুৰুষ প্ৰধান সমাজ ব্যৱস্থাৰ বাবে বুৰঞ্জীৰ পাতত নাৰীসকলৰ নাম বিশেষভাৱে নেথাকিলে পুৰুষৰ সমানে সমানে দেশৰ সংকটৰ কালত দেশৰ হকে সাহসেৰে থিয় দি সংকটৰ অৱসান বিচাৰিছিল একো একো গৰাকী নাৰীয়ে। মহাসতী জয়মতী কুৱঁৰী, বৰৰজা ফুলেশ্বৰী কুৱঁৰী,বীৰাংগনা মূলা গাভৰু, ৰমণী গাভৰু, না ব্লক গাভৰুৰ দৰে বুৰঞ্জীৰ পাতত ভুমুকি মৰা চৰিত্ৰ সমূহে এই কথা মানি লবলৈ বাধ্য কৰে।আহোম যুগৰ সংকটপূৰ্ণ কালত ৰাজ্যৰ মান মৰ্য্যদা লুণ্ঠিত হোৱাৰ পৰা ৰক্ষা হেতু তেওঁ লোকে যি বীৰত্ব সূচক কাৰ্য্য আৰু কৰ্তব্য সাহসেৰে দাঙি ধৰিলে, সেয়া আজি অসমীয়া জনগণৰ বাবে অনুপ্ৰেৰণাৰ অমল উৎস।সময়ৰ আহ্বান গ্রহণ কৰি তেওঁলোকে যুদ্ধ ক্ষেত্ৰত আৰু সময় সাপেক্ষে শাসনৰ বাঘজৰী হাতত লৈ প্ৰশাসকৰূপ বিচৰক্ষণতাৰো নিদৰ্শন দাঙি ধৰিছিল।
                      বুৰঞ্জীয়ে সদৰী কৰা মতে আহোম শাসন ব্যৱস্থাটো আছিল একপ্ৰকাৰ সামন্তীয়,আৰু ইয়াৰ অৰ্থনীতি মূলতঃ কৃষিভিত্তিক।আনহাতেদি আহোমৰ অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্য আছিল স্ব-নিৰ্ভৰশীলতা। স্বাভাৱিকতে প্ৰত‍্যেক মানুহৰ পেটৰ ভাত মুঠি, গাৰ কাপোৰ খন আৰু আশ্ৰয়ৰ বাবে যাতে ঘৰ এখন প্ৰত‍্যেক প্ৰজাৰে থাকে, তাৰ বাবে প্ৰত‍্যেকজন কৰ্মঠ লোককে খেতি বাতি কৰিবলৈ বাধ্য কৰোৱা হৈছিল।ইয়াৰ বাবে পাইক প্ৰথাৰ প্ৰচলন অতি সুন্দৰ ব‍্যৱস্থা আছিল। এনে কৃষিৰ্কমত পুৰুষৰ সমানে সমানে নাৰীসকলেও শ্ৰমদান কৰিছিল।আহোম শাসন ব্যৱস্থাত আনকি সম্ৰান্ত পৰিয়ালৰ নাৰীয়েও পৰিশ্ৰম কৰিছিল।আহোম প্ৰশাসনৰ কৃষি অৰ্থনীতিত শ্ৰমিকসকলৰ বৈশিষ্ট্যও মন কৰিব লগীয়া।ৰজাৰ পৰা সাধাৰণ প্ৰজালৈ,পুৰুষৰ পৰা তিৰোতালৈ,দাস-দাসী, লগুৱা-লিকচৌ সকলোৱে কৃষি তথা উৎপাদনত হাত উজান দি দেশ আৰু সমাজৰ প্ৰগতিত অৰিহণা আগবঢ়াইছিল। শ্ৰমৰ মৰ্য্যদা বুজি পোৱা,স্বদেশক প্ৰাণভৰি ভালপোৱা আহোম সেনাৰ সমিলমিল প্ৰচেষ্টাৰে সাম্ৰাজ্যবাদী মোগলক বাৰম্বাৰ প্ৰতিহত কৰিব পাৰিছিল।ৰজা ঘৰৰ পৰা নিস্কৰ ভূমি দিছিল কৃষক সকলক খেতি-বাতিৰ কাৰণে।
               আহোম স্বগদেউ সকলে পুথিগত শিক্ষাতকৈ বৃত্তিগত তথা ব‍্যৱহাৰিক শিক্ষাত প্ৰাধান্য দিছিল।এখন দেশ সূচাৰুৰূপে পৰিচালিত হবলৈ যিবিলাক সম্পদৰ প্ৰয়োজন আৰু সেই সম্পদ আহৰণৰ বাবে যি দক্ষতা আৰু কৰ্মপটুতাৰ আৱশ্যক তাৰ ব‍্যৱস্থা নিয়াৰিকৈ তেওঁলোকে কৰিব জানিছিল বা পাৰিছিল।প্ৰয়োজনীয় বিভিন্ন বৃত্তিৰ কাৰিকৰী শিক্ষা ঘৰুৱাভাৱে পিতৃ-মাতৃ বা অগ্ৰজসকলৰ পৰা উঠি অহা চামে লৈছিল। আনুষ্ঠানিক শিক্ষানুষ্ঠান নেথাকিলেও পাইক আৰু খেল প্ৰথাৰ প্ৰচলনৰ বাবে বিশেষকৈ স্বেচ্ছাই বংশগত বৃত্ত ত‍্যাগ কৰি আন পৃথক বৃত্তি লব নোৱাৰা বাবে সকলো লোকেই নিজ নিজ বৃত্তিত পাৰ্গত হৈ উঠিছিল।দেশৰ সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবে গ্ৰহণ কৰা স্বগদেউ সকলৰ কঢ়ামুঠীয়া বাস্তৱসন্মত শিক্ষা ব‍্যৱস্থাই গৌৰৱোজ্জ্বল ইতিহাস ৰচি থৈ গল।
                   আজম্ম কৃষিকৰ্মৰে উৎপাদন লাভ কৰিবলৈ সক্ষম হোৱা টাই আহোম সকলে পানী খেতিৰ বাবে নদী উপত্যকাৰ সাৰুৱা অঞ্চল নিৰ্বাচন কৰিছিল।আহোম যুগত কেৱল যে ধান,মাহ,সৰিয়হ আদিৰ খেতিৰ বিকাশ হৈছিল এনে নহয়,দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সকলো কৃষি জাত দ্ৰব্যৰো প্ৰণালীবদ্ধ ভাৱে খেতি কৰা হৈছিল।মাটি আৰু পানীৰ গুণাগুণ বিচাৰ কৰিব পৰা আহোমসকলে মাটিৰ বৈশিষ্ট্যৰ ওপৰত দৃষ্টি ৰাখি ৰোপিত মাটি, আহুতলি,বাওতলি,মাহতলি আৰু সৰিয়হ তলি ইত্যাদি কৰি সুবিধাজনক ভাৱে মাটি নিৰ্বাচন কৰি কৃষিৰ্কমত অগ্ৰসৰ হৈ লাভান্বিত হৈছিল।চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কালতে সৌমাৰৰ মাটিত মুগা পাট পলুৰ প্ৰধান খাদ্য চোম,সোৱালো,গমাৰী,বগৰী, চপা,মেজাংকৰি,নুনি,এৰা,কেচেৰু আদি গছৰ সম্ভেদ পাইছিল।ঢাপমাৰি বাৰীপতা আহোম পৰম্পৰাৰে বাৰীবোৰত প্ৰায় ঘৰতে শাৰী শাৰীকৈ গছবোৰ ৰুই লৈছিল আৰু সাধাৰণতে নাৰী সকলে এইবিলাক প্ৰতিপালন কৰিছিল। তেনেদৰে পাটমূগা,এৰি আৰু পাহাৰৰ নামনিত কপাহৰ খেতি কৰিছিল।কঠোৰ পৰিশ্ৰমী নাৰী সকলে সকলো জঞ্জাল সামৰি -সুতৰি দুখ ভাগৰ পাহৰি বাৰীঘৰৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি তেওঁ লোকক বয়ন শিল্পৰ দ্ধাৰা অৰ্থনীতিত বিস্তৰ প্ৰভাৱ পেলাইছিল।আহোম ৰমণীসকলৰ প্ৰায় একচেটীয়া সম্প্ৰতি বয়ন শিল্পৰ চাহিদাই বহি ৰাজ্যতো প্ৰভাৱ বিস্তাৰ কৰাৰ কথা ডঃ সূৰ্য কুমাৰ ভূঞাদেৱৰ 'Anglo Assamese Relation' গ্ৰন্থ খনত উল্লেখ পোৱা যায়। তেখেতে মধ্যযুগত অসমৰ বহি ৰাজ্যৰ কথা সবিস্তাৰে লেখিছে 'বংগ দেশৰ পৰা অসমলৈ বিভিন্ন কাপোৰ আমদানি কৰাৰ দৰে অসমৰ পৰা ৰপ্তানি হৈছিল মুগা ৰেছম ৬৫ মোণ,মুগা কাপোৰ ৭৫ মোণ,মজাটি (মুগা কাপোৰৰ ৰং কৰা এবিধ বনৰীয়া লতা), গুটি নকঢ়া কপাহ ৭০০০ মোণ । বংগদেশৰ লগতে অসমৰ ওচৰ চুবুৰীয়া পৰ্বতীয়া জাতি আৰু চীনদেশৰ লগতো বহি বাণিজ্য চলাইছিল।
  স্বৰ্গদেউ চুচেংফা ওৰফে প্ৰতাপ সিংহৰ দিনতে চ‍্যু-কা-ফাই পাতি থৈ যোৱা আহোম ৰাজ্যৰ ভেটি সুদৃঢ় কৰি দেশৰ শাসন ব্যৱস্থা নিয়াৰি কৰি তুলিছিল।দেশৰ অন্যান্য ক্ষেত্ৰৰ দৰে বয়ন শিল্পৰ উন্নয়নৰ বাবে প্ৰতাপসিংহ স্বৰ্গদেৱে মোমাই তামুলী বৰবৰুৱাৰ দ্ধাৰা ৰাজ্যত নিয়ম কৰিছিল ৰাতি শোৱাৰ আগতে ৰাজ্যৰ প্ৰত‍্যকজনী তিৰোতাই দুটা সুতলাহী পকাব লাগিব, পাছদিনা গাঁও বুঢ়াই চাই যাব এই আদেশ পালিত হৈছেনে নাই।তদুপৰি প্ৰত‍্যেক জন মুনিহে ৰাতি শোৱালৈ যোৱাৰ আগতে পাচি বা খৰাহী এটা সাজিব লাগিছিল।প্ৰত্যেক ঘৰ গৃহস্থই ৰজাৰ ভৰাললৈ বছৰি এপোৱা পাটসূতা দিয়াৰ নিয়ম আছিল।
              মিষ্টাৰ বুকানন চাহাবে উল্লেখ কৰা মতে 'ৰাণীৰ পৰা আৰম্ভ কৰি তললৈকে সকলো জাতিৰ তিৰোতা বিলাকে এই দেশত প্ৰস্তুত চাৰিও ৰকমৰ পাট আৰু মুগা সুতাৰ কাপোৰ বয় আৰু এই কাপোৰকে চাৰিভাগৰ তিনি ভাগ মানুহে ব‍্যৱহাৰ কৰে।যথেষ্ট পৰিমাণে মুগা সুতা আৰু পাট সুতা ৰপ্তানিও হয়। প্ৰত্যেক দুজনী তিৰোতাৰ ভিতৰত একোখনকৈ তাঁতশাল থাকিব পাৰে আৰু কোনো ডাঙৰ পৰিয়ালৰ ভিতৰত আঠ দহখনকৈও দেখা যায়। প্ৰত‍্যেক পৰিয়ালে নিজ পোহা মুগা আৰু পাটসূতা কাটে আৰু বয়। পাট আৰু মেখেলা কৰি ব্যৱহাৰ কৰা হয়।আৰু বেলেগ বেলেগ কামৰ উপযোগী কৰি বেলেগ জোখেৰে তৈয়াৰ কৰা হয়।'
          বুৰঞ্জীৰ সূত্ৰৰ পৰা জানিব পাৰি 'স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত মুগাৰ চুৰিয়াৰ সুতা সেৰ হিচাপে বিক্ৰী হৈছিল।মুগাৰ চুৰিয়াৰ মোণে ৯৫ টকা,মুগা সুতাৰ দৰ মোণে ৭০ টকা আছিল।স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কালতো বংগ দেশৰ লগত মুগা কাপোৰৰ বেহা চলিছিল।এনেদৰেই ৰাজকীয় পৃষ্ঠপোষকতাত মুগা,পাট আৰু এৰী সূতাৰ কাপোৰে বিশেষ মৰ্য্যদা লাভ কৰিছিল।আহোম ৰাজত্বৰ কালছোৱাত বিশেষ কিছুমান অনুষ্ঠানত ৰজাই মুগাৰ পাট কাপোৰ ব‍্যৱহাৰ কৰিছিল আৰু উচ্চ শ্ৰেণীৰ লোকৰ পৰা সাধাৰণ শ্ৰেণীৰ মুনিহ তিৰোতাই পাগুৰি,চুৰিয়া, মেখেলা, চাদৰ,ৰিহা আদিৰ পাটমুগাৰ সুতাৰে তৈয়াৰী কাপোৰ ব‍্যৱহাৰ কৰিছিল।জাৰৰ দিনত এৰি পলুৰ পৰা প্ৰস্তুত কৰা এৰি কাপোৰ ব্যৱহাৰ কৰিছিল।যুদ্ধৰ সময়ত ৰণুৱাবোৰে এৰীয়া জোঠৰী গা‍ঠিমাৰী কাপোৰ পিন্ধাইছিল।
         বুৰঞ্জীৰ পাতে পাতে উল্লেখ পোৱা সকলোবোৰ সাজ-পোছাক ঘৰুৱা ভাৱে শিপিনী সকলে বৈ কাটি উলিয়াইছিল।সেই কালৰ সকলো ডা-ডাঙৰীয়া, বিষয়াৰ বাবে শ্ৰেণী অনুসৰি সাজপাৰ নিদ্ধাৰিত আছিল।ঘাইকৈ মূৰত মৰা পাগুৰি আৰু গাৰ চেলেং কাপোৰে কাৰ কি মৰ্য্যদা কৈছিল।মুনিহ-তিৰোতা উভয়ে মূৰত চেলেং কাপোৰ জাপি মেৰিয়াই লৈছিল।শিপিনী সকলে ৰিহা,মেখেলা, চাদৰ চেলেং, নানা ধৰণৰ বৰকাপোৰ,গামোচা,টঙালি আৰু নানা ধৰণৰ চেলেং খনীয়া কাপোৰ প্ৰস্তুত কৰিছিল।এৰীৰ চেলেং ছকঠীয়া,সাতকঠীয়া আৰু মূগাৰ জুথৰী সূতাৰে ডাঠ মজবুত এৰীয়া কাপোৰ বৈছিল,এনেবোৰ কাপোৰ কেইবা পুৰুষো ধৰি ভালদৰে আছিল।এৰী,মুগা আৰু পাট তিনি বিধ সূতাই দীৰ্ঘ স্থায়ী আৰু চিকচিকিয়া আছিল।তদুপৰি নিজৰ বাবে বৈছিল মুগা মেজাংকৰি আৰু পাটৰ কাপোৰত গুণাবছা,বুটাবছা,কাৰছিপি লতা ফুল বছা মেখেলা, গাজৰ ৰিহা।পাটৰ কাপোৰৰ কাৰ্চিপৰ বনকৰা দীঘল হাতৰ চোলা পিন্ধিছিল ৰমণীসকলে।দেশ শাসনৰ বাবে সিংহাসনত বহা কুঁৱৰীয়ে পিন্ধা পাট,বনকৰা ঘূৰি, গোমচেং বা ছটিনত সোণৰ গুণাৰে লতাফুল বছা সাজযোৰ ৰমণীসকলৰ পৰম্পৰাগত, চালে চকুৰোৱা সাজপাৰ।ৰজাৰ দৰে অলংকাৰ আদি পৰিধান কৰাৰ কথা ড° লীলা গগৈদেৱেৰ বৰ্ণনাত পোৱা যায়।
              আহোম যুগৰ ৰমণী সকলে নিজৰ আৰু পৰিয়ালটোৰ প্ৰয়োজনীয় কাপোৰৰ বাহিৰেও অতিৰিক্ত কাপোৰ প্ৰস্তুত কৰিছিল। এই তাঁতশাল খনৰ লগত একালৰ জীয়ৰী বোৱাৰী প্ৰাণৰ সম্পক গঢ়ি উঠিছিল।সেয়ে জীয়ৰী ছোৱালী বিয়া দি উলিয়াই দিওঁতে 'নেওঠনী যঁতৰেও কান্দে' বুলি বিয়ানামত উল্লেখ আছে।নিজৰ তাত শাল ববৰ বাবে প্ৰয়োজন হোৱা ফুল-জালিৰ চানেকিও নিজ ভাৱে প্ৰস্তুত কৰি লৈছিল। তাঁতৰ পৰা এই ৰমণী সকলে সপোন ৰচি ৰচি বয়ন শিল্পক এক মাত্ৰা প্ৰদান কৰিছিল।বয়ন শিল্পৰ মূল তাঁতশালত ব‍্যৱহাৰ হোৱা সজুলি বোৰৰ নাম হৈছে যেনে ―তাঁতৰ খুঁটা,জখলা,চালিমাৰি,টোলোঠা,গৰকা,ককৰা,মাৰি, টোলোঠাৰ জৰি,নাচনী জৰি,নাচনী চকৰি,বৰসূতা,বোৱনী সূতা,দীঘবাণী,আঁচঙসূতা,দোৰপতি,ৰাঁচ-শলি,চিপকাঠি,বাছনি কাঠি,মাৰি, বৰ-শলি,সৰু-শলি, বৰ চেৰেকি,সৰু চেৰেকি, লেটাই,উঘা,যঁতৰ,নেওঠনি,কাঢ়নী,কুচী,ব'তোলা চূঙা আদিয়ে প্ৰধান।
              কষ্টসহিঞ্চু,অতি পৰিশ্ৰমী আহোম ৰমণীসকলে পুৰুষৰ কৃষি কৰ্ম লগতে ঘৰুৱা ভাৱে শাক-পাচলিৰ খেতি কৰা,সময়ে সময়ে মাছ - পুঠিও মাৰিছিল।ৰন্ধা বঢ়াৰ উপৰি হাঁহ-কুকুৰা, পাৰ,ছাগলী, গৰু আদিও ঘৰচীয়া জীৱ-জন্তু পালনৰ দৰে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সকলো কাম কাজ নিজহাতে কৰি স্বাৱলম্বীতাৰো নিৰ্দশন সমাজলৈ আগবঢ়াইছিল।এনেবোৰ কাৰ্য্যৰ দ্ধাৰা পৰিয়ালৰ বিশেষ লাভালাভ হোৱাটোতেই সীমাবদ্ধ নহয়,বৰঞ্চ এনে কাৰ্য্যই সমাজৰ আৰ্থিক দিশতো পৰোক্ষভাৱে প্ৰভাৱ পেলাইছিল।ইমান বোৰ কাম কাজ কৰি খেতি পথাৰৰ কাম সামৰি আজৰি সময়ছোৱাতো এইসকল ৰমণীয়ে নিজে মুগা পুহিছিল,সূতা কাটিছিল আৰু বৈ-কাটি উলিয়াইছিল সুন্দৰ সুন্দৰ কপাহী, পাট আৰু মুগাৰ সাজ পাৰ।কেৱল নিজে পিন্ধাতে সীমাবদ্ধ নহয়,ঘৰৰ পৰিয়ালৰ সকলোৱে প্ৰয়োজনীয় আটাইবোৰ সাজ পোছাক নিজ হাতে বৈ কাটি ব‍্যৱহাৰ কৰিছিল।ৰজা মন্ত্ৰীৰ জীয়ৰীৰ লগত সোণ খটোৱা টোলোঠা, হাতী দাঁতৰ মাকঝ যৌতুকত দিয়াৰ কথা বুৰঞ্জীয়ে সদৰী কৰাৰ পৰা এটা কথা প্ৰতীয়মান হয় যে ৰজা ঘৰৰ সম্ৰান্ত মহিলা কুঁৱৰী সকলো বয়ন শিল্পৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল।
                     চ‍্যুকাফাৰ অনুগামী আহোম যুগৰ পৰ্দাথবিহীন ৰমণী সকল অত‍্যাধিক পৰিশ্ৰমী হোৱাৰ উপৰি অতি বিলাসীও আছিল।টাই আহোম নামৰ কৃষিজীৱি জাতিটোৱে খ্ৰীষ্টপূৰ্ব আঢ়ৈ হাজাৰ বছৰ আগতেই প্ৰণালীবদ্ধ কৃষিৰ লগতে জ‍্যোতিষ চৰ্চা কৰিছিল।তেওঁলোকে পাটমূগা আৱিষ্কাৰ কৰি মানৱ সভ্যতাৰ এক নতুন দিশ উম্মোচন কৰিলে।তেওঁলোকে।পূৰ্বতে কলা কাপোৰ পিন্ধিছিল।সময়ৰ সোঁতত পৰিৱৰ্তিত সংস্কৃতিৰ সৈতে খাপ খাই পৰা আহোম সকলে নিজৰ জাতীয় ৰীতি এৰি পেলোৱাৰ বাবে এতিয়াও টাই ম‍্যুন নু ― অৰ্থাৎ বগা কাপোৰ পিন্ধা টাই বুলি কপবাদো নথকা নহয়। পৰৱৰ্তী কালত অসমীয়া বস্ত্ৰ শিল্পত সকলো জাতি উপজাতি ৰীতি নীতিৰ সমন্বয় ঘটিছিল।চ‍্যুকাফাই সৃষ্টি কৰি থৈ যোৱা কৃষি কেন্দ্ৰীক সমাজ খনলৈ নাৰী সকলৰ বৰঙণি অপৰিসীম।কৃষিৰ দৰেই বয়ন শিল্প,কুটীৰ শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি জনসাধাৰণক কৰ্ম মূখী আৰু স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত চ‍্যু-কা-ফাৰ আৰ্দশ অনুকৰণীয়।
               লোক সংস্কৃতিৰ সাধক ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ 'অসমৰ লোক সংস্কৃতি' নামৰ গ্ৰন্থত উল্লেখ কৰা মতে, 'ৰামায়ণ'ত অসমক পলু পোহাৰ দেশ বুলি কোৱা হৈছে। মুছলমান ঐতিহাসিকে অসমৰ পাট অতি উৎকৃষ্ট আৰু চীনৰ পাট কাপোৰৰ সমকক্ষ বুলি লিখি থৈ গৈছে।'
                   ড° লীলা গগৈদেৱৰ বৰ্ণনা মতে, 'অসমত অতি প্ৰাচীন কালৰে পৰা শিল্প তথা বয়ন শিল্পীৰ বিকাশ সাধিত হৈছিল।সপ্তম শতিকাৰ ৰজা ভাস্কৰ বৰ্মন উপঢৌকনৰ মাজত মিহি উৎকৃষ্ট খাপৰ ৰেচমী কাপোৰৰ নাম পোৱা যায়।এনে ৰেমমী কাপোৰৰ ভিতৰত তিনি বিধ হল ― পাট,মূগা আৰু এৰী।পুৰণি অসম বুৰঞ্জী বিলাকত বিভিন্ন ৰাজ্যৰ কন্যা আনিবলৈ যৌতুক বা জোৰণ দিওঁতে দিয়া কাপোৰ কানিৰ তালিকা ৰেচমী কাপোৰৰ প্ৰাচুৰ্য দেখা পাওঁ।সেইবোৰ কাপোৰ আমাৰ দেশতে তৈয়াৰ হৈছিল।পূৰ্বৰ কামৰূপ অথবা প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন বাসিন্দা জাতি জনজাতি সকলে পাট পলু,পুহি সুৰ্বণবস্ত্ৰ (মুগা বস্ত্ৰ) উৎপাদন কৰাৰ কথা অনেক অনেক ভাৱে কলেও,প্ৰকৃততে মধ্য যুগতে টাই আহোম সকলৰ আগমণৰ পৰৱৰ্তী কালছোৱাৰ পৰাহে পাটমুগা শিল্প উদ‍্যোগলৈ ৰূপান্তৰিত হৈ ক্ৰমান্বয়ে বয়ন শিল্পৰূপে বিস্তৃতি লাভ কৰে।কিয়নো প্ৰাগ আহোম যুগত ইয়াৰ সকলো মানুহেই পলু পুহিছিল যদিও ই কিন্তু জাতিগত বিদ্যা হৈ উঠা নাছিল।
                   চ‍্যু-কা-ফাৰ অনুগামী আহোম যুগৰ পৰ্দাথ বিহীন ৰমণী সকল নৃত্য গীততো পাকৈত আছিল, তেওঁলোকে বিহু নাম,বিয়ানাম,নিজেই সৃষ্টি কৰিছিল আৰু মনৰ আনন্দৰ বাবে মুকলি পথাৰত মুকলি বিহু ৰাতি বিহু আদি মাৰিছিল।কৰ্মপটু এই ৰমণী সকলৰ হাতেৰে প্ৰস্তুত হোৱা নানান মূল‍্যৱান কাপোৰ, সূতা গিৰিপথেদি বিদেশলৈ ৰপ্তানি হৈছিল।আহোম ৰাজত্বই গঢ়ি তোলা সংস্কৃতিৱান অসমীয়া জাতিৰ সুদীৰ্ঘ ইতিহাসৰ পাতে পাতে আমি দেখা পাও বহু জাতি জনজাতিৰ সমন্বয় ক্ষেত্ৰত অসমত অসমীয়া নাৰীয়ে (আহোম যুগৰ ৰমণী) প্ৰস্তুত কৰা ৰিহা,মেখেলা চাদৰ পৰিধান কৰি টাই সংস্কৃতিৰ প্ৰভাৱৰ কথা নৱ প্ৰজন্মকো সোঁৱৰাই দিবলৈ পাহৰা নাই।পৰম্পৰাগত ভাৱে চলি অহা অসমৰ বাপতি সাহোন বিহু উৎসৱে আহোম শাসনকালতে জাতীয় উৎসৱ মৰ্য্যদা লাভ কৰে।এই বিহুৰ লগত সংগতি থকা আহোম যুগৰ ৰমণী সকলে বোৱা আঁচুফুলেৰে ভমকাফূলীয়া গামোচাখনেও সময়ত গতিত 'বিহুৱান'লৈ ৰূপান্তৰিত হৈ অসমৰ জাতীয় জীৱনৰ সমন্বয়ৰ এনাজৰী ৰূপে যাউতিযুগীয়া খ‍্যাতি বহন কৰি আহিছে।
                     সাম্প্ৰতিক বিশ্বায়নৰ যুগত কূটীৰ শিল্পৰ চাহিদা কমি অহাৰ সময়তো অসমৰ জাতীয় জীৱন মহীয়ান কৰি অহা অসমৰ বয়ন শিল্পলৈ নিত্য নতুন ৰেহ ৰূপৰ আমদানি হবলৈ লাগিছে।অসমৰ জীয়ৰী বোৱাৰীয়ে তাঁতশালত সপোন ৰচিবলৈ এৰা নাই।এই পাট মুগা আৰু এৰী সাজ-পোছাক অসম বা ভাৰতে নহয়,বিশ্বৰ বজাৰতো চাহিদা বৃদ্ধি পাবলৈ ধৰিছে। তথাপিও বিজ্ঞানৰ অৱদানৰ ফলত উন্নত মানৰ বস্ত্ৰ কম সময় আৰু কম খৰছত পাব পৰা হোৱা বাবে অসমৰ বয়ন শিল্প বহু পৰিমাণে স্তিমিত হোৱা যেন লাগে।সেয়ে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে, সমাজৰ দায়িত্বশীল লোকসকলে শিল্পবোৰ ৰক্ষাৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিলেহে নিবনুৱা স্বাৱলম্বিতাৰ লগতে দেশৰ অৰ্থনৈতিক দিশতো অৰিহণা যোগাব।অন‍্যথা এসময়ত তাঁতশালৰ টোলোঠা, দোৰপতি, গৰকা আৰু নাচনী জৰীকে আদি কৰি আপুৰুগীয়া সম্পদ সমূহ যাদু ঘৰত ঠাই পাব।সংস্কৃতিৰ বৰপেটাও এদিন উদং হৈ পৰিব।সময় থাকোতেই আহোম যুগৰ ৰমণী সকলৰ চিন্তা-চেতনাৰে গঢ়ি উঠা পূৰ্বৰ ঐতিহ্য সমূহ নছহা নপমাকৈ স্বকীয় বৈশিষ্ট্যৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ আঁহক।

   সহায়ক গ্ৰন্থঃ
   (১)সূৰ্য কুমাৰ ভূঞাঃ বুৰঞ্জীৰ ৰাণী
   (2)সৰ্বানন্দ ৰাজকুমাৰঃ ইতিহাসে 
    সোঁৱৰা ছশটা বছৰ
    (৩)ৰামেশ্বৰ বড়াঃ বৃহৎ টাই জাতি
    (৪)ড° লীলা গগৈঃ বেলি মাৰ গল

                (লেখকঃ পাৰিজাত নগৰ,যোৰহাট)