চৰাইদেউ: অতীত আৰু বৰ্তমান, এক অৱলোকন ණ...প্ৰাঞ্জল মহন বৰুৱা, বকতা পাৰিজাত, শিৱসাগৰ


               
         প্ৰকৃতিয়ে অকৃপণভাৱে অপৰ্ণ কৰা অপাৰ ৰূপৰাশিক লৈ অসম এখনি অতিশয় চহকী ৰাজ্য । এই অসম ৰাজ্যৰে অভিভক্ত শিৱসাগৰ জিলাৰ এখনি ৰূপ সৌন্দৰ্য্যৰে সালংকৃতা ঠাই হল চৰাইদেউ।এখনি বুৰঞ্জীয়ে পৰশা নগৰ। ঠাইখনৰ ইতিহাসৰ প্ৰাচুৰ্য্যতাৰ চিকমিকনি আৰু নৈসৰ্গিক সৌন্দৰ্য্যই সকলোকে প্ৰথম দৃষ্টিতে আকৰ্ষিত কৰে।ঠাইখন কেইলানি মান সৰু সৰু পাহাৰৰ সমষ্টি।এই সৰু সৰু টিলাবোৰত উঠিলে দেখা যায়, চিৰ যৌৱনা হৈ থকা শাৰী শাৰী নীলা পাহাৰ আৰু শস্য শ‍্যামলা বিস্তৃত ধাননি।প্ৰকৃতিৰ এই অনুপম দৃশ্য উপভোগ কৰি স্বাভাৱিকতেই সকলোৰে অন্তৰ পৰশি যায়।
              প্ৰাকৃতিক সৌন্দৰ্য্যৰ ফালৰ পৰা এক অন্যন্য মাত্ৰা লাভ কৰা চৰাইদেউ ঐতিহাসিক ভাৱে অতিশয় চহকী ঠাই।ইতিহাসৰ জলঙাৰে যদি আমি চৰাইদেওক চাও তেন্তে দেখিম যে অসমীয়া জাতিৰ পিতৃ পুৰুষ, বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চা‍ওল‍্যুং ছুকাফাই ১২৫৩ খ্ৰীষ্টপূৰ্বত চৰাইদেওত ৰাজধানী পাতিছিল।
 স্বৰ্গদেও চাওল‍্যুং ছু‍‍কাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰত প্ৰৱেশ কৰাৰ পাছৰে পৰা সৌমাৰৰ বিভিন্ন ঠাইত ৰাজধানী পাতিছিল।কিন্তু কেইদিনমান সেই ঠাইত অতিবাহিত কৰাৰ পাছত ভিন্ন প্ৰাকৃতিক কাৰণত বসবাসৰ অনুপযুক্ত হোৱাৰ বাবে তেওঁ ঠাইবোৰ এৰিব লগা হৈছিল। শেষত বহু ঘূৰি পকি আহি তেখেতে এখন অতিশয় নৈসৰ্গিক সৌন্দৰ্যযুক্ত ওখ ঠাইত উপস্থিত হল।ঠাইডোখৰৰ ভৌগোলিক অৱস্থান তথা প্ৰকৃতিৰ অপৰোপ সৌন্দৰ্য্যই তেওঁক বাৰুকৈয়ে মোহিত কৰিলে । আৰু তাতে ৰাজধানী পাতি 'এক গাঁও এক মাও' নীতিৰে এখন নতুন ৰাজ্য জন্ম দিয়াৰ সপোন দেখিলে। পিছলৈ এয়াই হৈ পৰিল বৰ অসমৰ আৰম্ভণি।এই ঠাইডোখৰে আছিল চৰাইদেও।অসমৰ বিশষ্ট বুৰঞ্জী বিদ ড° লীলা গগৈয়ে তেখেতৰ 'টাই সংস্কৃতিৰ ৰূপৰেখা' নামৰ গ্ৰন্থ খনিত 'চে-ৰাই-ডয়' শব্দৰ পৰা চৰাইদেউ হৈছে বুলি কব খোজে। শব্দগত অৰ্থ অনুসৰি 'চ' মানে নগৰ, 'ৰাই' মানে জিলিকা আৰু 'ডয়' মানে পাহাৰ। অৰ্থাৎ পাহাৰত জিলিকা নগৰ।
                      স্বৰ্গদেউ চাওল‍্যুং ছ‍্যুকাফাই প্ৰতিষ্ঠা কৰা ৰাজধানী খন স্বৰ্গদেউ ত‍্যাওখামতিৰ দিনলৈকে চৰাইদেউতে আছিল।ছ‍্যুকাফাৰ দিনৰ পৰা ত‍্যাওখামতি দিনলৈকে ৰাজধানী হৈ থকা চৰাইদেউ অসম ৰাজ্যৰ প্ৰথমাৱস্থাৰ ৰাজনীতি,অৰ্থনীতি, সাহিত্য-সংস্কৃতি সকলোৰে সাক্ষী আছিল। পিছত ছুদাংফা বা বামুণীকোঁৱৰৰ দিনত চৰাইদেউৰ পৰা ৰাজধানী খন স্থানান্তৰিত কৰা হৈছিল। ৰাজত্বকালৰ প্ৰথম ডেৰশ বছৰৰ ৰাজধানী চৰাইদেউৰ পৰা ৰাজধানী স্থানান্তৰিত কৰাৰ পাছতো ঠাইডোখৰৰ গুৰুত্ব অটুট আছিল।প্ৰথম ৰাজধানী হিচাপে ঠাইখনক অতি প্ৰৱিত্ৰ ঠাই ঞ্জান কৰিছিল। তেওঁলোকে বিভিন্ন ধৰণৰ ধৰ্মীয় আৰু ৰাজকীয় নীতি নিয়ম বিলাক চৰাইদেওতে সমাপন কৰিছিল । ৰজা হোৱাৰ প্ৰা্ক ক্ষণতে আহোম স্বৰ্গদেউ সকলে অনুষ্ঠিত কৰা শিঙৰী ঘৰত উঠি কৰা ৰাজ অভিষেক কাৰ্য্য চৰাইদেউতে সম্পন্ন কৰা হৈছিল।তদুপৰি আহোম সকলৰ প্ৰধান বিগ্ৰহ চোমদেও চৰাইদেউতে প্ৰতিষ্ঠা কৰা হৈছিল।
               চৰাইদেউ প্ৰাক্ আহোম যুগতো ঐতিহাসিকভাৱে যথেষ্ট গুৰুত্ব পূৰ্ণ ঠাই আছিল। প্ৰাক্ আহোম যুগত ঠাইখন বৰাহীসকলৰ প্ৰৱিত্ৰ তীৰ্থ স্থান আছিল।ছুকাফা অসমলৈ অহাৰ সময়ত বৰাহী ৰজাই তেওঁলোকৰ দেওথকা ঠাইতে নগৰ কৰিবলৈ ভাল বুলি আহ্বান জনাইছিল।
চৰাইদেউৱে অসমৰ লোকসংস্কৃতিৰ ক্ষেত্ৰখনতো এক বিশেষ স্থান দখল কৰি আহিছে। বিহু গীতত চৰাইদেউ সম্পৰ্কে এনেদৰে প্ৰতিফলিত হয়―
           চৰাইদেউ পৰ্বতত কুকুৰা কাটিলো
           পাটকাইত পৰিলে তেজ
           নাচনীৰ খোপালৈ চাবকে নোৱাৰি
            যেন ময়ূৰৰ নেজ।

           বিহুটি আছিলে কলিয়াবৰতে
           চৰাইদেউত ললেহি ঠাই
           গাঁৱৰ ডেকা বুঢ়াই আদৰি আনিলে
            ৰঙালী বিহুটি পাই।
              ছশ বছৰীয়া গৰিমাময় ৰাজত্বকালত খেল ধমালী,নৃত্য-গীত,পূজা-পাৰ্বণ,শিক্ষা, স্থাপত্য, চিত্ৰকলা,ব‍্যৱসায়-বাণিজ্য সকলোবোৰ দিশে চৰাইদেউক চহকী কৰিছিল। বৰ্তমান চৰাইদেউ স্বৰ্গদেউ, ডা-ডাঙৰীয়া আৰু ৰাজ পৰিয়ালৰ লোকসকলৰ মৈদাম দিয়া স্থান হিচাপে জনাজাত।
                  আহোমসকলৰ বাবে অতি প্ৰৱিত্ৰ ঠাই চৰাইদেৱে বহু সময়ত প্ৰত‍্যাহ্বানৰ মুখামুখি হোৱাৰো পৰিলক্ষিত হৈছে। আহোম স্বৰ্গদেউ আৰু ডা ডাঙৰীয়া সকলৰ মৈদাম বোৰ ধন-সম্পত্তিৰ আশাত যুগে যুগে বহু দুষ্ট লোকে লোকে লুট-পাট চলোৱা দেখা গৈছিল।চিহাবুদ্দিন তালিছৰ বিৱৰণী মতে,মোগল সেনাপতি মিৰজুমলাই চৰাইদেউৰ দহটা মৈদাম খান্দি প্ৰায় ৯০ হাজাৰ টকাৰ মূল‍্যৱান ধন সম্পত্তি হস্তগত কৰিছিল।মানৰ আক্ৰমণৰ সময়তো বহুতো মৈদামত লুট-পাট চলোৱা হৈছিল । বৃটিছ শাসন কালতো বহু কেইটা মৈদাম খান্দি ধন-সোণ বৃটিছ সকলে হস্তগত কৰাৰ তথ্য পোৱা যায়। এইবোৰে চৰাইদেওৰ ঐতিহ্যক যথেষ্ট পৰিমাণে ম্লান কৰি পেলাইছিল।বৰ্তমান সময়তো চৰাইদেউ অতিশয় অৱহেলিত অৱস্থাত আছে।বিশ্বৰ অন্যতম এটি আশ্বাৰ্য্যকৰ বস্তু মিছৰৰ পিৰামিডতকৈ কোনো গুণে কম নোহোৱা চৰাইদেউত শ শ মৈদাম আছিল যদিও ইয়াৰ মাত্ৰ আঠটা মৈদামহে অসম চৰকাৰৰ পুৰাতত্ব বিভাগে সংৰক্ষণ কৰি ৰাখিছে।কেন্দ্ৰীয় পুৰাতত্ব বিভাগে চাৰিটা মৈদাম সংৰক্ষণ কৰি ৰাখিছে।দুৰ্ভাগ‍্যবশত আজিলৈকে চৰাইদেউৰ চাৰিসীমাটোকে স্পষ্টকৈ চিহ্নিত কৰি স্থায়ী ভাৱে বেৰ দিব পৰা নাই।বৰ্তমানেও বহু মৈদাম জৰাৰ্জীণ অৱস্থাতেই আছে। চৰাইদেউত মৈদামসমূহৰ উপৰি আৰু বহু কেইটা ঐতিহাসিক ৰ্কীতিচিহ্ন,পুখুৰী, দৌল,মঠ-মন্দিৰ আছে। কিন্তু আজিলৈকে এইসমূহ সম্পদক যথোপযুক্ত সংৰক্ষণ কৰিব পৰা নাই। এই ক্ষেত্রত সচেতন ব‍্যত্তি, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰজাঘৰৰ বহু কৰণীয় আছে। বহু সময়ত কৰ্তৃপক্ষই কেৱল ধন সংগ্ৰহৰ বাবেহে চৰাইদেউক ব‍্যৱহাৰ কৰিছে যেন অনুভৱ হয়।
 
"আমি আশাবাদী যে উত্তৰ পূৰ্বাঞ্চলৰ এক অন্যতম পাহাৰীয়া পৰিৱেশে আগুৰি থকা আমাৰ চৰাইদেউখনি অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংস্থা আৰু চৰকাৰৰ সহযোগত এখন জাকত জিলিকা পৰ্য্যটন নগৰী হিচাপে গঢ়ি উঠিব।"

      পৰ্যটন হৈছে বৰ্তমান বিশ্বৰ বৃহত্তম আৰু সকলোতকৈ দ্ৰুত গতিত বিকাশ প্ৰাপ্ত উদোগ‍্য । চৰাইদেউ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ প্ৰাকৃতিক, ঐতিহাসিক সকলো দিশত যথেষ্ট সম্ভাৱনাময় ঠাই যদিও বৰ্তমানলৈকে সেইটো হৈ উঠা নাই। অৱশ্যে শেহতীয়াকৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ বিবেচনা তালিকাত চৰাইদেউৱে স্থান লাভ পোৱাটো অতিশয় গৌৰৱৰ কথা।অতি সম্প্ৰতি অনুষ্ঠিত হোৱা 'চৰাইদেউ মহোৎসৱ'ও চৰাইদেউক কৰি তুলি ধৰাৰ এটি যোগাত্মক পদক্ষেপ।আমি আশাবাদী যে উত্তৰ-পূৰ্বাঞ্চলৰ এক অন্যতম পাহাৰীয়া পৰিৱেশ আগুৰি থকা আমাৰ চৰাইদেউ খনি অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংস্থা আৰু চৰকাৰৰ সহযোগত এখন জাকত জিলিকা পৰ্যটন নগৰী হিচাপে গঢ়ি উঠিব।ঐতিহাসিক দিশৰ পৰা অতিশয় চহকী চৰাইদেউ বৰ্তমানৰ বুকুত বসন্তৰ প্ৰকৃতিৰ দৰে ন-যৌৱনা হৈ পৰিব।