টাই আহোমসকলৰ পানীয় নামলাও আৰু ইয়াৰ প্ৰস্তুত প্ৰণালী ණ....ত্ৰিদীৱ গগৈ, গোলাঘাট



     

       আহোম সকলৰ শক্তিবৰ্ধক পানীয় হিচাপে নাম-লাও বা সাজ-পানী অতীজৰ পৰাই আমাৰ সমাজত প্ৰচলন হৈ আহিছে ৷ এই শক্তিবৰ্ধক পানীয় আহোমসকলে বনৌষধিৰ পৰা তৈয়াৰ কৰি সেৱন কৰিছিল ৷ এই পানীয় বিধ অতি উচ্চ মান বিশিষ্ট আছিল, আৰু সাজ-পানীৰ অবিহনে আহোমসকলৰ সকাম-নিকাম, উৎসৱ-পাৰ্ৱন, আলহী-অতিথিৰ আপ্যায়ন আধৰুৱা আছিল ৷ সাজ-পানী যিহেতু ঔষধি বন পাতৰ পৰা তৈয়াৰ কৰা হৈছিল গতিকে ইয়াৰ দ্বাৰা স্বাস্থ্যৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাছিল ৷
আজিকালি এই সাজ-পানীত ব্যৱহৃত বনৌষধি সমূহ আমাৰ উদ্ভিদজগতৰ পৰা কিছু হ্ৰাস পোৱাৰ কাৰণেই হওঁক বা কিছু অজ্ঞতাৰ কাৰণেই হওঁক,আহোম ৰজা সকলৰ দিনৰ সেই সাজ-পানী আৰু এতিয়াৰ আমাৰ সমাজত প্ৰচলিত সাজ-পানীৰ মানদণ্ড বহুগুণে কম ৷ বৰ্তমানো আহোম গাওঁ সমূহত সাজ-পানীৰ প্ৰচলন দেখা যায় যদিও বহুত কম, ইয়াৰ কাৰণ এতিয়া বহুতো গাওঁ শ্ৰী শ্ৰী শংকৰ-মাধৱ গুৰু দুজনাৰ নীতি আদৰ্শৰে সকাম-নিকাম বা শুভকামত সাজ-পানীৰ পচলন বৰ্জন কৰিৱলৈ লৈছে ৷ আৰু দ্বিতীয়তে সময়ৰ সোঁতত বনৌষধি গছ বিলাক কিছুসংখ্যক আমাৰ মাজৰপৰা হেৰাই গৈছে আৰু বনৌষধি গছ বন বিলাকৰ গুনাগুণ জনা মানুহৰ অভাৱ হৈছে ৷ আহোম ৰজা সকলৰ দিনৰ সাজ-পানীত ১০১ বিধ বন দৰব ব্যৱহাৰ কৰিছিল কিন্তু এতিয়া আমাৰ সমাজত যি সাজ-পানী তৈয়াৰ কৰা পিঠা বনোৱা হয় তাত খুউব বেছি ২৫ ৰ পৰা ৩০ বিধ বনৌষধি ব্যৱহাৰ কৰা হয় ৷

         বাৰু যি কি নহওক,সাজ-পানীৰ বাবে প্ৰয়োজনীয় প্ৰথম বস্তু হ'ল সাজৰ পিঠা বা বাখৰ ৷ সাজৰ পিঠা চাউলৰ কেঁচা পিঠাগুৰিৰ লগত তলত দিয়া বিভিন্ন বন ঔষধৰ পাত সমুহ শুকোৱাই গুড়ি কৰি মিহলাই তৈয়াৰ কৰা হয় ৷সেই বন পাত সমুহ হৈছে :

১)জালুক আৰু জালুকৰ পাত/piper nigrum.
২) তেজমুই/zanthoxylum nitidum.
৩)শোহনি বন/ acmella oleracea/Spilanthes. acmella /acmella ciliata.
৪)বিহলঙনি/Amphineuron opulantum.
৫)পিপলি/Piper longum.
৬)দীঘলতি পাত/Litsea salicifolia. 
৭)বিয়নি সাবটা /Desmodium sp.   
৮)ওভটা শঠ/Apamarg/achyrenthes aspera.
৯)টংলতি/callicarpa arborea.
১০)কপৌ ঢেকীয়া /Lygodium flexuosum.
১১)খুন খুনি ঢেকীয়া /selaginella sp.
১২)ঢেকীয়া লটি/Stenochlaena palustris.
১৩)কপৌ লতা/Lygodium microphyllum.
১৪)টিকনি বৰুৱা/smilax ovalifolia.
১৫)বাঘ আচোৰ/Persicaria perfoliata.
১৬)ধপাত তিতা/clerodenendrum viscosum.
১৭)কঠাল পাত/Artocarpus heterophyllus.
১৮)ছাম কঠাল পাত/Artocarpus odoratissimus.
১৯)চৈ পান/নগৰবচৈ/Naravelia zeylanica.
২০)বৰ টুবুকি লতা/Cissampelos pareire.
২১)সৰু টুবুকি লতা/Cissampelos sympodialis.
২২)ভৃঙ্গৰাজ/Sphagneticola trilobata.৯
২৩)বন জালুক/oldenlandia corymbosa.
২৪)বৰ মানিমুনি/Centella asiatica.
২৫)সৰু মানিমুনি/hydrocotyle sibthorpioides.
২৬)ডালচেনি পাত/cinnamomum zeylanicum.
২৭)বাঁহ পাত/ Bambusa tulda.
২৮)মধুৰি পাত/psidium guajava.
২৯)হেতালতী/কাউৰী ঠোটীয়া লতাৰ পাত/Thunbergia grandiflora.
৩০)জেতেলী পকা পাত/rubus rugosus.
৩১)লতা মাহুদি/croton caudatus.
৩২)দ্ৰোণ বন/leucas aspera.
৩৩)ফুটুকলা পাত/melastoma malabathricum.
৩৪)লাজুকি বন/Mimosa Pudica.
৩৫)পথৰুৱা বিহলঙনি/Polygonum hydropiperoides.
৩৬)কুকুৰ সূতা/grewia serrulata.
৩৭)সৌৰা পাত/streblus asper.
৩৮)তোলোঠা পকা/ardisia arborea.
৩৯)লাইজাবৰি/drymaria cordata.
৪০)বাঘনলা পাত/ Actinodaphne bourdilloni.
৪১)মাখিয়তী পাত/Flemingia strobilifera.
৪২)জলকীয়া আৰু জলকীয়া পাত/Chilli Pepper.
৪৩)গছ মাহুদি/
৪৪)চেনিবন/বন তুলসী/মধুমেহাৰী/Scoparia dulcis.
৪৫)পানৰ মাহি পাত/
৪৬)আউনি পান/Piper chaba/piper sarmentosum.(Wild betel leaf)
৪৭)চিকামৰলিয়া পাত/Macaranga indica.
৪৮)বনবগৰী লতাৰ পাত/
৪৯)মুৰমুৰী পাত/Eurya nitida.
৫০)গৰখীয়া কৰায়/Callicarpa macrophylla.
৫১)ভোমলতি পাত/Symplocos Racemosa.
৫২)পানী মধুৰি পাত/Glochidion eriocarpum.
৫৩)লতা মধুৰী /
৫৪)কঠলোৱা পাত/Litsea nitida.
৫৫)বাঘ কনিয়া/
৫৬)ঔলতা পাত/Delima tomentosa.
৫৭)কপহুৱা/Olax imbricata.
৫৮)ভীমকলৰ কুমলীয়া পাতৰ থোৰি/Musa balbisiana.
৫৯)ল বৰুৱা/rumex obtusifolius.
৬০)মাধৈমালতী/Roydsia suaveolens.
৬১)মাটিকঠালৰ কুমলীয়া কোঁহ/Ananas comosus.
৬২)সহদেৱী বন/Cyanthillium cinereum.
৬৩)আছু গছ বা দাৰুহৰিদ্ৰা পাত/ Morinda angustifolia.
৬৪)গান শোৱালু/Litsea glutinosa.
৬৫)বৰশী আঁকোৰা গছৰ পাত/
৬৬)আদা পাত/Zingiber officinale.
৬৭)হালধি পাত/Curcuma longa.
৬৮)নেমুটেঙা পাত/Citrus limon.

           এতিয়া সাজৰ পিঠা বনোৱাৰ বিধিটো হৈছে এনেধৰণৰ৷ মই বিভিন্ন সময়ত বহু কেইগৰাকী আই মাতৃৰ লগত(যি সকলে বিভিন্ন বন পাত সমুহ মিশ্ৰিত কৰি সাজৰ পিঠা তৈয়াৰ কৰে)কথা পাতি জানিব পৰা মতে প্ৰতি বিধ বন ঔষধৰ সম পৰিমানৰ লয়, অৰ্থাৎ এবিধ বন পাত যদি ১ গ্ৰাম লয় বাকি বিলাকো ১ গ্ৰামকৈ লব লাগিব ৷ এতিয়া যদি ধৰি লোৱা হয় ৩ কে.জি পিঠাগুৰিৰ বাবে সাজৰ পিঠা বনাব,তেন্তে ইয়াৰ বাবে প্ৰয়োজন হ'ব, প্ৰতি বিধ বন ঔষধৰ সমপৰিমানৰ মিশ্ৰিত কেঁচা পাত ৫ কে.জি ৷  এতিয়া এই ৫ কে.জি কেঁচা সামগ্ৰী ৰ'দত শুকোৱাই গুড়ি কৰি পোৱা যাব ৮০০ গ্ৰামৰ পৰা ১ কে.জি শুকান গুড়ি ৷ এই পৰিমাণৰ বন পাতৰ শুকান গুড়ি ৩ কে.জি পানী দি গলাই লোৱা কেঁচা পিঠাগুৰিৰ লগত মিলাই গোল গোলকৈ ঘিলা আকাৰত পিঠা বনাই সেইবোৰ চালনি এখনত তলত বিহলঙনীৰ পাত দি তাৰ ওপৰত ঘিলা আকৃতিৰ পিঠাবোৰ মেলি দি শুকাবৰ বাবে ৰ’দত দিয়া হয় ৷ তলত বিহলঙনীৰ পাত দিয়াৰ কাৰণটো হ’ল বিহলঙনী থাকিলে পোক-পৰুৱাই পিঠাবোৰ খাবলৈ নাহে  এই ঘিলা আকৃতিৰ পিঠা বোৰকে সাজৰ পিঠা বা সাজৰ বাখৰ বুলি কুৱা হয় ৷

          আগতে আহোমসকলে অকল চাউলৰ পৰাই সাজ-পানী প্ৰস্তুত কৰিছিল, কিন্তু পিছলৈ কিছুমান আহোমৰ ৰাজকীয় পৰিয়ালে মুখৰ তৃপ্তিৰ বাবে ভীমকল আৰু পকা কঠালৰ পৰাও সাজ-পানী প্ৰস্তুত কৰিবলৈ ল'লে ৷

         প্ৰস্তুত প্ৰণালী প্ৰায় প্ৰত্যেকৰে একে কিন্তু পানীয় বিধৰ ৰঙৰ পৰিবৰ্তন দেখা যায় ৷ যেনে:- ভীমকলৰ পৰা প্ৰস্তুত কৰা সাজ-পানী ফটফটীয়া খাৰ বৰণৰ হয় , ঠিক তেনেকৈ পকা কঠালৰ পৰা প্ৰস্তুত কৰা সাজ-পানী ফটফটীয়া হালধীয়া ৰঙৰ হয় আৰু চাউলৰ পৰা প্ৰস্তুত কৰা সাজ-পানী প্ৰথমে সোণালী ৰঙৰ হয় আৰু পাচলৈ বগা হৈ পৰেগৈ ৷ অবশ্যে এই ৰং সাজৰ পিঠাত ব্যবহাৰ কৰা বনৌষধি আৰু ইয়াৰ পৰিমানৰ ওপৰতো নিৰ্ভৰ কৰে ৷

           বাৰু যি কি নহওক, চাউলৰ পৰা প্ৰস্তুত কৰা সাজ-পানীৰ প্ৰস্তুত প্ৰণালী এনেধৰণৰ :-

         বৰাচাউল বা ভাতৰ চাউল দুয়োবিধ চাউলৰপৰাই সাজ-পানী প্ৰস্তুত কৰিব পাৰি যদিও আহোম সকলে অকল বৰা চাউলৰ পৰাই সাজ-পানী প্ৰস্তুত কৰিছিল কাৰন বৰাচাউলৰ পৰা তৈয়াৰ কৰা সাঁজ-পানী অত্যন্ত সুস্বাদু আছিল ৷

         বৰাচাউলৰপৰা প্ৰস্তুত কৰিবলৈ হ'লে প্ৰথমে ছেৱা দিয়া ভাত অৰ্থাৎ ভাপত দিয়া ভাত সিজাই লব লাগে ৷ ছেৱা দিয়া ভাতৰ সাজ তৈয়াৰ কৰিবলৈ যাৱতীয় পৰিমাণৰ বৰা চাউল পানীত ২/৩ ঘন্টা তিয়াই থৈ সেইখিনিক এটা মিহি ফুটা থকা ধাতুৰ খৰাহীত ভৰাই ভাপত দিয়া হয় ৷ ভাপত সিজাবৰ বাবে ডাঙৰ বটোৱা এটাত প্ৰথমে পানী গৰম কৰি সেই বটোৱাটোৰ ওপৰতে তিয়াই থোৱা বৰা চাউলৰ খৰাহীটো পাতি দিয়া হয় যাতে পানীৰ ভাপবোৰ চাউলৰ মাজেদি পাৰহৈ গৈ থাকে আৰু এই ভাপৰ উত্তাপতে চাউলবোৰ সিজি উঠে ৷ এনে ভাতকে ছেৱা ভাত বোলে ৷

         এতিয়া এখন ডলাত কলপাত দি তাৰ ওপৰত ভাতখিনি মেলি দিব লাগে ৷এতিয়া যদি ৩ কে.জি চাউলৰ ভাত হয় তেন্তে জোখ অনুযায়ী ২০০ গ্ৰামৰ সাজৰ পিঠা খুন্দি গুড়ি কৰি লৈ, ভাতখিনি কিছু গৰম হৈ থাকোতেই সাজৰ পিঠাৰ সেই গুড়িখিনি ভাতখিনিৰ ওপৰত সমানে ছটিয়াই দি ধুনীয়াকৈ মিলাই দিব লাগে  তাৰ পিছত ওপৰত কলপাতেৰে ঢাকি দি কাষবোৰত বিহলঙনী পাত দিব লাগে যাতে পৰুৱা-পিপৰা তাত উঠিব নোৱাৰে ৷ ভাতখিনি এনেদৰেই ২/৩ দিন ডলাত থকাৰ পাচত ভাতখিনিত এক ৰসাল পদাৰ্থৰ তৈয়াৰ হয় আৰু এটা গোন্ধ ওলাই ৷ এতিয়া এই ভাতখিনিক নতুন আৰু শুকান মাটিৰ কলহত ভৰাই কলপাতেৰে সোপা মাৰি থ'ব লাগে ৷৷ প্ৰায় এক সপ্তাহমান সময়ৰ পিছত কলহৰ ভিতৰত সাজ-পানী তৈয়াৰ হৈ উঠে ৷ এই পানী নিমিহলোৱা সাজ-পানীকে "ৰহী"বা "লুক-লাও" বোলে আৰু ইয়াৰ ৰং সোণালী আৰু ই অতি সুস্বাদু হয় ৷ ৰহী উলিওৱাৰ পাছত কলহবোৰত অলপ অলপ পানী ভৰাই ভাতবোৰ চেপি উলিওৱা সাজক চেপা-সাজ বোলে  চেপা-সাজৰ সোণালী ৰংটো কমি কিছু পৰিমাণে বগা হৈ পৰে আৰু ইয়াৰ সোৱাদো কম ৷ সাজ চেপি উলিওৱাৰ পিছত ৰৈ যোৱা ভাতখিনিক সাজৰ গুটি বুলি কোৱা হয়, আৰু এনেদৰেই সাজ-পানী প্ৰস্তুত কৰা হয় ৷

        ঠিক একেদৰেই ভীমকল আৰু পকা কঠালৰ পৰাও প্ৰস্তুত কৰা হয়
৷ ভীমকল হ'লে,পকা ভীমকল খিনি বাকলি গুচাই অলপ পিটিকি লৈ সাজৰ পিঠা জোখ মতে লৈ গুড়ি কৰি ভালদৰে সানি নতুন আৰু শুকান মাটিৰ কলহত ভৰাই কলপাতেৰে সোপা মাৰি থ'ব লাগে ৷ ঠিক তেনেদৰেই কঠালৰ সাজ-পানীতো একে , পকা কঠাল চাফাকৈ গুটি উলিয়াই লৈ সাজৰ পিঠা জোখ মতে লৈ গুড়ি কৰি ভালদৰে হানি নতুন আৰু শুকান মাটিৰ কলহত ভৰাই কলপাতেৰে সোপা মাৰি থ'ব লাগে ৷

       এই তিনিবিধৰে প্ৰস্তুত প্ৰণালীৰ মাত্ৰ পাৰ্থক্য এটাই ,সেইটো হ'ল চাউলৰ পৰা সাজ-পানী বনাবলৈ হলে ভাত খিনিত পিঠা হানি ২/৩ দিন ডলাত থব লাগে কিন্তু কল বা কঠালৰ ক্ষেত্ৰত নালাগে , লগালগ সাজৰ পিঠা সানি কলহত ভৰাই থব পাৰি আৰু ইয়াত পানী ব্যৱহাৰ কৰা নহয় , কল বা কঠালৰ যিখিনি ৰস নিগৰিত হয় সেই খিনিয়ে ৷ আৰু ইয়াক ৪ ৰ পৰা ৬ দিনলৈকেহে খাব পাৰি পিচলৈ সোৱাদ বেয়া হয় বুলি জানিব পাৰিছোঁ (যিহেতু মই নিজে আজিলৈকে ইয়াৰ সোৱাদ লোৱা নাই)৷