আহোম যুগৰ নাৰীৰ ৰাজনৈতিক চেতনাবোধ ණ...দিলীপ কুমাৰ বুঢ়াগোহাঞি



অসম বুৰঞ্জীত বহু কেইগৰাকী বিদূষী অসমীয়া নাৰীৰ কথা পোৱা যায়। ছশ বছৰীয়া আহোম ৰাজত্বৰ কালত এইসকল নাৰীয়ে নিজস্ব প্ৰতিভা , ৰাজনৈতিক সচেতনতা আৰু বীৰত্বৰে বিৰল চানেকি দাঙি ধৰি গৈছে। কুমলাঙ্গী নাৰীৰ সময়ত বীৰ যোদ্ধা হৈছে, দেশ শাসন কৰিছে, বিদেশীৰ হাতৰ পৰা দেশৰ অখণ্ডতা ৰখা কৰাত অগ্ৰণী ভূমিকা লৈছে আৰু স্বৰ্গদেউ সকলক উপযুক্ত পৰামৰ্শৰে নিজৰ ৰাজনৈতিক দক্ষতা দেখুৱাই গৈছে। এই সকল নাৰীৰ ভিতৰত চাওচিংকুঁৱৰী , মূলাগাভৰু,ৰমনী গাভৰু, জয়মতী কোৱৰী,কুৰঙ্গনয়নী,ফুলেশ্বৰী কুঁৱৰী সোনামতী,সোনাদৈ আৰু ৰমণী, লাহৰী, মনোমতী আদি অন্যতম।
ছু-ক্লেন-মুঙ স্বৰ্গদেওৰ কুঁৱৰীৰ নাম নাং-টেন-খাম।কিছু বুৰঞ্জীয়ে তেওঁক চাও - চিং কুঁৱৰী বুলিও পৰিচয় দিয়ে।তেওঁ নৰা ৰজাৰ জীয়াৰী বুদ্ধিমতী আৰু বিদুষী মহিলা।তেওঁ আনকি ভৰিয়েৰেও আহোম আখৰ লিখিব পাৰিছিল। গড়গঞা ৰজাৰ ৰাজত্ব কালত ব্ৰহ্মদেশৰ উত্তৰ অংশৰ নৰা ৰাজ্য আৰু দক্ষিণৰ মান ৰাজ্যৰ সীমা বিবাদৰ কাৰণে এখন ৰণ কৰিছিল। ৰণত ছুক্লেন মুং স্বৰ্গদেৱে সহায় কৰাত নৰা ৰজাই জয়লাভ কৰে।সেয়েহে নৰা ৰজাই মিএতাত পাশত আবদ্ধ হৈ তেওঁৰ শিক্ষিতা ৰাজকুমাৰী নাং-টেন-খামক সালংকৃতা কৰি ছু-ক্লেন-মুউ স্বগদেওলৈ বিয়া দিছিল। স্বগদেৱে ৰাজ্য ভাৰ হাতত লৈ ৰাজ্যৰ ৰাজধানী চৰগুৱাৰ পৰা গড়গাঁৱলৈ তুলি আনিলে।নতুন ৰাজধানীখন পৰিপাটীকৈ সজোৱাত ৰাণী চাও-চিং-কুঁৱৰীৰ দিহা পৰামৰ্শ মানিলৈ স্বৰ্গদেৱে গড়গাঁও নগৰ খন গড়েৰে মেৰাই ললে।বোলে "নগৰৰ চাৰিওফালে গড় হব লাগে। তেহে ভাল"। ৰাণীৰ অনুৰোধ স্বৰ্গদেৱে  মানি ললে আৰু ৰজাৰ কাৰেংঘৰৰ মাজলৈ চাৰিওফালে গড় বান্ধি নগৰ খন পৰিপাটীকৈ সজালে । এই তিনি খাপৰ গড় হ'ল ইটা গড়,ভিতৰ গড় আৰু বাজ গড়। বাজগড়ৰ বাহিৰ ফালে গাতে লগাই আহল বহল আৰু দকৈ গড়খাৱৈ খন্দালে ।বহি শত্ৰুৱে সহজে নগৰ সোমাব নোৱাৰাকৈ প্ৰহৰীৰ ব্যৱস্থা কৰিলে আৰু গঁড়খাৱৈ পাৰ হব নোৱাৰাকৈ পানীপূৰ্ণ কৰি ৰাখিলে। ফলশ্ৰুতিত আহোম ৰাজত্ব কালত গড়গাঁও প্ৰায় আঢ়ৈশ বছৰ ৰাজ্যৰ স্নায়ু কেন্দ্ৰ হৈ পৰিল।
গড়গাঁওত নিমাৰ্ণ কৰা ৰজাৰ বাসস্থানৰ কাঠ বাহৰ কাৰেং ঘৰটোও চিএ ভাস্কৰ্যৰে চকুত লগাকৈ নিমাৰ্ণ কৰি লোৱা হৈছিল।য'ত ৰাণীৰ পৰামৰ্শই  গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। মোগল ইতিহাসবিদ চিহাবুদ্দিন তালিছে কাৰেংঘৰৰ  যি বৰ্ণনা লিপিবদ্ধ কৰিছিল, তাৰ পৰাই প্ৰমাণ হয় যে ৰাজধানীৰ সুৰক্ষা ব্যৱস্থা আৰু সৌন্দৰ্য্যত আছিল চাওচিং কোঁৱৰীৰ পৈণত হাতত পৰশ আৰু ভৱিষ্যত ৰাজনৈতিক চিন্তা।ফলশ্ৰুতিত পৰৱৰ্তী কালত গড়গাঁৱে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।
     জয়ধ্বজ সিংহ  স্বৰ্গদেওৰ ৰাজত্ব কালত মুছলমান সেনাপতি মীৰজুমলাই অসম আক্ৰমন কৰিছিল। তেওঁ গড়গাঁও অধিকাৰ কৰাৰ পূৰ্বে স্বৰ্গদেও পলাই চৰাই খোৰোঙত আশ্ৰয় লৈ ভগনীয়া ৰজাৰ পৰিচয় দিব লগা হৈছিল। কিন্তু ১৬২২ চনত বাৰিষাই প্ৰৱল ৰূপ ধাৰণ কৰাত বানপানীৰ লগত অনভিজ্ঞ মুছলমান সৈন্যৰ বিপৰ্য্যয় হবলৈ ধৰে। বহু মোগল সৈন্য জহনী ৰোগত মৃত্যু হল,বহু সৈন্য আহোম সৈন্যৰ হাততো মৃত্যু হল।উপায়হীন হৈ মীৰজুমলাই সন্ধিৰ প্ৰস্তাৱ দিলে।সন্ধিৰ চৰ্ত মতে জয়ধ্বজ সিংহ স্বগদেৱে ‍১০০ বন্দী,১০০বেটী,৪০টা হাতী,২০০০ তোলা সোণ ,ছয় জন বিষয়াৰ ল'ৰা ৰ যৌতুক সহ ৰজাৰ জীয়ৰী ৰমণী গাভৰুক দিল্লীৰ বাদশ্বাহলৈ বিয়া দিব লগা হ'ল। তেতিয়া ৰমণী গাভৰুৰ বয়স আছিল মাথোঁ ছয় বছৰ । ৰমণী গাভৰুৱে অচিন দেশৰ অপৰিচিত পৰিৱেশত মোগলৰ হেৰেমত থাকি ডাঙৰ দীঘল হ'ল আৰু উপযুক্ত বয়সত আজমতাৰৰ লগত বিয়া হ'ল।কিন্তু দেশ বৈৰী বিদেশীৰ মাজত থাকিও এইগৰাকী আহোম ৰমণীয়ে স্বদেশ আৰু স্বজাতিৰ মঙ্গল কামনা কৰি গৈছিল।
 ৰমণী গাভৰুৰ মোমায়েক হ'ল লালুকসোলা বৰফুকন। এইজন আত্মাভিমানী ডাঙৰীয়াৰ কুচক্ৰান্তৰ বলি হব লগা হৈছিল আতন বুঢ়াগোহাঞিকে প্ৰমূখ্য কৰি আহোম ৰাজ্যৰ কেইবাজনো ডাঙৰীয়া আৰু ৰাজকোঁৱৰে । ৰাজ্যৰ সৰ্বেসৰ্বা হোৱাৰ লালসাতে তেওঁ মোগলৰ পৰা চাৰি লাখ টকা লৈ বিনাযুদ্ধ গুৱাহাটী এৰি দিবলৈ লোৱা সিদ্ধান্তৰ কথা জানিব পাৰি মোগলৰ অন্দৰ মহলৰ পৰাই ৰমণী গাভৰুৰ অন্তৰ আত্মাই হাহাকাৰ কৰি উঠিছিল । লালুকসোলাৰ দেশদ্ৰোহী প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিবৰ কাৰণে ৰমণী গাভৰুৱে মইনা লিগিৰাৰ যোগে মোমাইদেউলৈ বাৰ্তা পঠিয়াই কৈছিল বোলে- "মোমাইদেউ তুমি মোগলৰ সাগৰত মজিছা সাৱধান, মোগলৰ তলা নলাৰ সম্ভেদ মইয়ে পাওঁ।অসমী আইৰ বুকুৰ আগ মঙহ ডুখৰি বঙালক দলিয়াই দিয়াৰ কথা সপোনতো নাভাবিবা । তাৰ পৰিমাণ কাললৈকে ভাল নহব। গোটেই দেশখন বঙালৰ ধোঁৱাৰ পাত হব আৰু আমাৰ পৰিয়ালৰ কুযশ এটা চিৰ কাললৈক ৰৈ যাব। কোমল বয়সতে মোগলক সোধাই দিয়া আৰু পিছত মোগল বোৱাৰী হোৱাৰ ৰহমত বাণুৱে অসমৰ স্বাধীনতা অটুট ৰাখিবলৈ
 সীমাবদ্ধ সুবিধাৰ মাজতো অপ্ৰাণ চেষ্টা চলাইছিল। কিন্তু ক্ষমতালোভী লালুকসোলাই জানো ৰমণী গাভৰুৰ কথা শুনিলে ।মোগলৰ হেৰেমত থাকিও অসম আৰু অসমীয়াৰ প্ৰতি থকা এনে দেশপ্ৰেম প্ৰেৰণাৰ উৎস।
         ছু-হুং-মুঙ দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত (১৪৯৭-১৫৩৯চন) মুছলমানে দুবাৰ অসম আক্ৰমন কৰিছিল। তেতিয়া মুছলমান সেনাপতি আছিল তুৰ্বক খান আৰু আহোম সেনাপতি আছিল ফ্ৰাচেংমঙ বৰগোহাঞি । যুদ্ধৰ থলি আছিল কলিয়াবৰ। ফ্ৰাচেংমুঙে সেনাপতি ৰ দায়িত্ব লোৱাৰ পূৰ্বে তুৰ্বকৰ লগত যুদ্ধত আহোমৰ কেইবাজনো বীৰ যোদ্ধা ৰণত পৰিছিল। তেতিয়া ফ্ৰাচেংমুঙে সেনাপতিৰ  দায়িত্ব লৈ যুদ্ধ যাত্ৰাৰ বাবে সাজু হ'ল । তেওঁ তেওঁৰ পত্নী মূলাগাভৰুৰ পৰা কবচ কাপোৰ বিচাৰিলে। একে নিশাৰ ভিতৰতে কপাহ নেওঠি,পাঁজি কৰি, সুতা কাটি, তাঁত লগাই বৈ দিয়া কবচ কাপোৰ ৰাতি নৌপুৱাতেই স্বামীৰ গাত পিন্ধাই যুদ্ধলৈ পঠালে। শত্ৰুয়ে বীৰ জনৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে বুলি এক দৃঢ় বিশ্বাসৰ পৰম্পৰা আছে। কিন্তু দূৰ্ভাগ‍্য মূলা গাভৰু অশুচিৰ বাবে বীৰ স্বামী ফ্ৰাচেংমুঙক এনে কবচ পিন্ধাব নোৱাৰিলে। বিনা কবচেই যুদ্ধলৈ যাত্ৰা কৰা ফ্ৰাচেংমুঙ বৰগোহাঞি তুৰ্বকৰ হাতত পৰাজিত হ'ল আৰু মৃত্যু বৰণ কৰিলে ।কবচ পিন্ধাই পঠাব নোৱাৰাৰ বাবেই  বীৰ স্বামীৰ আঘাতমৃত্যু হ'ল বুলি মুলাগাভৰুৱে ভীষণ আঘাত পালে আৰু তেওঁ নিজকে জগৰীয়া কৰিলে।
      তেতিয়া মূলা গাভৰুৱে স্বামীহন্তা তুৰ্বকৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দৃঢ় সংকল্প ললে । তেওঁ নিজ এটা নাৰী সৈন্য বাহিনী গঠন কৰিলে । এই বাহিনীত কেইবাগৰাকী ডাঙৰীয়াৰ পত্নীয়েও সহযোগ কৰিলে। নাৰী বাহিনীৰ নেতৃত্ব লৈ পুৰুষৰ সাজ পিন্ধি লাংজি নামৰ হাতীৰ পিঠিত উঠি হাতত খোলা তৰোৱাল লৈ ৰণচণ্ডী মূৰ্তি ধৰি মূলাগাভৰু মোগল সৈন্য ৰ  মাজত সোমাই গ'ল। ইয়াকে দেখি মোগল সৈন্যৰ মাজত চাঞ্চল‍্যৰ সৃষ্টি হ'ল আৰু আহোম সৈন্য সকল দূগুণ উৎসাহিতহৈ মোগল সৈন্যৰ ওপৰত জপিয়াই পৰিল। চাৰি দিন ধৰি মুছলমান সৈন্যৰ লগত দেশৰ অখণ্ডতাৰ হকে যুদ্ধ কৰি শেষত মূলাগাভৰুৱে তুৰ্বকৰ হাতত প্ৰাণ দিলে। সাতসৰী অসম বুৰঞ্জীত আছে -"তুৰ্বকৰ যুদ্ধত মুলাগাভৰুৰ মৃত্যু, সেই যুদ্ধত আমাৰ ফ্ৰাচেংমুঙ বৰগোহাঞি পৰিল। ঘাৰণীয়েক ৰজাৰ জীয়ো পৰিল। গৰ্গয়া ৰজাৰো পিছত এঘা. হাতত এঘা মাৰিলে, মহাৰণ হ'ল‍‌‍ ।"
       মূলাগাভৰুৱে দেশৰ বাবে মৃত্যু বৰণ কৰিলে যদিও তেওঁৰ সাহস আৰু উদ্যমে অসমীয়া সৈন্যক দুগুন উৎসাহ আৰু অনুপ্ৰেৰণা যোগালে। অৱশেষত এই যুদ্ধত আহোম সৈন্যই জয়লাভ কৰিলে।মূলাগাভৰুৰ দেশপ্ৰেম, পতিপ্ৰেম আৰু সাহসে আজিও অসমীয়া ৰমণীৰ সাহস , বীৰত্ব আৰু দেশপ্ৰেমিৰ প্ৰতিক বহন কৰি আছে। যুদ্ধলৈ যাত্ৰা কৰাৰ সময়ত মূলাগাভৰুৱে কৈছিল - "মই সময়মতে কবচ কাপোৰ দিব নোৱাৰাতহে মোৰ বঙহৰদেওৰ এনে দশা হ'‍‌‌ল। যি ৰণত বৰগোহাঞিদেৱ প্ৰাণ ত্যাগ কৰিলে মইও সেই ৰণলৈ গৈ প্ৰাণৰ মায়া এৰি যুদ্ধ কৰিম ।" মূলাগাভৰুৱে দেখুৱাই গ'ল যে স্বভাৱতে কোমলাঙ্গী অৱলা তিৰোতা দুৰ্বলা নহয়। মহিয়সী বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব, দেশপ্ৰেম,ৰাজনৈতিক সচেতনতা আৰু জাতি প্ৰেমৰ কথা ইতিহাস আজিও ৰিঙিয়াই আছে । যথাৰ্থতে মূলাগাভৰু হ'ল অসমৰ অৱ আৰ্ক ।
       ১৬৭১ চনৰ পৰা ১৬৮১ চনলৈকে আহোম ৰাজত্বৰ এক কলা অধ্যায়।শৰাইঘাটৰ বিখ‍্যাত যুদ্ধ খনৰ পিছত মোগলৰ সাম্ভাব্য আক্ৰমনৰ বাবে ৰাজধানী গড়গাঁওৰ প্ৰধান ডাঙৰীয়া সকল গুৱাহাটীত সষ্টম হৈ থাকিব লগা হৈছিল। তেনে সময়ত গড়গাঁওত থকা পালি নেতা সকলে ক্ষমতাৰ ৰোষত পৰি ভালেখিনি অঘটন ঘটাইছিল ।মেটেকাতলীয়া লালুকসোলা বৰফুকনে চামগুৰীয়া ফৈদৰ ১৪ বছৰীয়া চুলিকফাক ৰজা পাতি নিজে সৰ্বেসৰ্বা হ'ল। তেওঁ ৰাজ সিংহাসন নিষ্কণ্টক কৰিবৰ কাৰণে ৰজাৰ অনুমতিৰে ৰাজ্যত ৰজা হব পৰা কোঁৱৰ সকলক অংগখূত কৰি অথবা গুপ্তভাৱে হত্যা কাৰ্য্য কৰিবলৈ ধৰিলে। দেশখন অৰাজকৰ দৰে হ'ল । শেষত লৰা ৰজাৰ চকুত পৰিল তুংখুঙীয়া ৰাজকোঁৱৰ ফৈদৰ গোবৰ ৰজাৰ পুতেক বাহুবলী কোঁৱৰ গদাপাণিৰ ওপৰত। কিন্তু গদাপাণিৰ পত্নী জয়মতী কুঁৱৰীৰ অনুৰোধত লৰা ৰজা চাওদাঙৰ চকুত ধূলি দি গদাপাণি পলাল।
            তেতিয়া ল'ৰা ৰজাই গদাপাণিৰ প্ৰিয়তমা পত্নী জয়মতীক ধৰাই আনি গদাপাণিৰ বাতৰি দিবলৈ কলে । স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত জয়মতীয়ে গদাপাণিৰ কোনো সম্ভেদ নিদিলে। ফলত গদাপাণিৰ বাতৰি আনি লালুকসোলা বৰফুকনে চাওদাঙৰ হতুৱাই চৈধ্য দিন একেৰাহে অমানুষিক শাস্তি দিয়ালে। লালুকসোলাৰ কাৰ্য্য সিদ্ধি নহ'ল । জয়মতীয়ে গদাপাণিৰ কোনো সম্ভেদ নিদি অকথ্য  শাস্তি ভূগি মৃত্যু বৰণ কৰিলে। জয়মতী কুঁৱৰীয়ে জানিছিল যে অসম দেশৰ ঘোৰ সংকটৰ সময়ত তেওঁৰ স্বামীয়েহে দেশ ৰক্ষ্যা কৰিব পাৰিব। সেয়ে তেওঁ স্বামী যাতে ল'ৰা ৰজা চাওদাঙৰ হাতত মৃত্যু নহয় তাৰ বাবেই চৈধ্য দিন যমৰ যাতনা ভোগ কৰি নশ্বৰ দেহ ত‍্যাগ কৰিলে। ফলশ্ৰুতিত গদাপাণিয়ে ল'ৰা ৰজাক আতৰাই আহোম ৰাজসিংহাসনত আৰোহণ কৰিলে আৰু দেশখনলৈ সুস্থিৰতা ঘূৰাই আনিলে।স্বাভাৱিক ভাৱে জয়মতী কুঁৱৰীৰ এনে আত্মত্যাগ এক বিৰল উদাহৰণ।দেশৰ হকে স্বামীৰ হকে আত্মদান দিয়া জয়মতী হ'ল দেশৰ প্ৰথম গৰাকী স্বহীদ। জয়মতীয়ে এগৰাকী বীৰাঙ্গনাৰূপে চিৰকাললৈ খ‍্যাতি ৰাখি অসমীয়া নাৰীৰ সাহসৰ প্ৰতীক হৈ ৰ'ল।
            স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা এগৰাকী মহিয়সী আহোম ৰমণী হ'ল কুৰঙ্গনয়নী। মণিপুৰৰ ৰজা জয় সিংহৰ কন্যা হ'ল কুৰঙ্গনয়নীএবাৰ জয়সিংহৰ ৰাজ্য মানে আক্ৰমণ কৰিছিল। সেইসময়ত আহোম স্বগদেও ৰাজশ্বৰ সিংহই মণিপুৰৰ ৰজাক সৈন্য দি সহায় কৰাৰ সূত্ৰে ৰজা হয়। জয়সিংহই নিজৰ প্ৰতিদান হিচাপে নিজৰ জীয়েক কুৰঙ্গনয়নীক আহোম স্বগদেওলৈ বিয়া দি মিত্ৰতা পাশত আবদ্ধ হয়। ১৭৬৯ চনত ৰাজশ্বৰ সিংহৰ মৃত্যু হোৱাৰ পিছত লক্ষ্মী সিংহ ৰাজপাটত উঠিল। তেতিয়া তেওঁ কুৰঙ্গনয়নীক বিধৱা ৰাণীৰ মৰ্য্যদাৰে ৰাখিলে। পিছে এইজন স্বগদেওৰ ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহে দেশত গা কৰি উঠে। এদিন মোৱামৰীয়া বিদ্ৰোহীয়ে অতৰ্কিতে ৰাজনগৰত সোমাই লক্ষ্মী সিংহ স্বৰ্গদেউক ধৰি নি জয়সাগৰৰ দলত বন্ধী কৰি থলে ।তেতিয়া মোৱামৰীয়াৰ নাহৰ খুৰাৰ পুতেক ৰমাকান্তই নিজে ৰজা বুলি সিংহাসনত বহিল আৰু বাঘমৰাণক বৰবৰুৱা পাতিলে। মোৱামৰীয়া বিদ্ৰোহৰ অন‍্যতম হোতা বাঘমৰাণে কুৰঙ্গনয়নীৰ লগতে অন্য ডাঙৰীয়াৰ জীয়ৰীৰ বোৱাৰীকো বলেৰে নিজৰ ভাৰ্য্য কৰিবলৈ ললে।কিন্তু কুৰঙ্গনয়নীয়ে প্ৰত‍্যুপন্নমতিৰে নিজৰ সতীত্ব বিসৰ্জন নিদিয়াকৈ বাঘমৰাণৰ পত্নীৰূপে থাকিও লক্ষ্মীসিংহক মুক্ত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিলে । ইফালে মোৱামৰীয়াৰ অতপালিত ৰাজ্যৰ ডা-ডাঙৰীয়া আৰু প্ৰজা বিবুদ্ধিত পৰিল। তেওঁলোক পৰিত্ৰাণৰ উপায় বিচাৰি তলে তলে প্ৰস্তুতি চলালে। দেশৰ এনে দুৰ্দিনত সংকট মোচনৰ অৰ্থে কুৰঙ্গনয়নীক মূখ্য ভূমিকা পালন কৰিবলৈ অনুৰোধ কৰিলে।
               তেতিয়া ১৭৭০ চনৰ বহাগ মাহ । কুৰঙ্গনয়নীৰ পৰামৰ্শ ক্ৰমেই ব'হাগৰ বিহুৰ দিনা মোৱামৰীয়াৰ সাজ পাৰ পৰিধান কৰি হুঁচৰি গোৱাৰ চলেৰে আহোম সৈন্যই মাজ ৰাতি বাঘমৰাণৰ ঘৰত উপস্থিত হ'ল আৰু জয়ধ্বনি দি হুঁচৰি গাবলৈ আৰম্ভ কৰিলে । ইতিমধ্যে ৰাঘমৰাণক বিহুৰ দিনা বেছিকৈ সাজ পানি খোৱাই কুৰঙ্গনয়নীয়ে তেওঁক নিচাগস্ত কৰি ৰাখিছিল। হুঁচৰি গোৱাৰ লগে লগে কুৰঙ্গনয়নীয়ে ৰাঘমৰাণক শোৱাৰ পৰাই জগাই হুঁচৰি দলৰ সন্মুখলৈ আনে । কুৱঁৰীৰ কথা মতে ৰাঘমৰাণে নিজৰ তৰোৱাল এৰি হুঁচৰি গোৱা ৰাইজৰ সন্মুখত আঠু লওঁতেই কুৰঙ্গনয়নীয়ে নিজৰ তৰোৱাল খনেৰেই ৰাঘমৰাণৰ ডিঙিত ঘাপ দিলে । ৰাঘমৰাণ লগে লগে মাটিত ঢলি পৰিল । তেতিয়া আহোম সৈন্যই তাত থকা মোৱামৰীয়াক কাটি মাৰি শেষ কৰিলে । ৰজা ৰামনন্দকো বন্দী কৰি বধ কৰিলে আৰু জয়দলত বন্দী কৰি থোৱা লক্ষ্মী সিংহক মোকলাই আনি ৰাজ সিংহাসনত বহুৱালে । এইগৰাকী সাহসী, প্ৰত‍্যুৎন্নমতী সম্পন্ন নাৰীৰ উপস্থিত বুদ্ধি আৰু সুদক্ষ ৰণ কৌশলৰ কাৰণেই আহোম ৰাজত্বৰ হেৰুৱা স্থিতি পুনৰ ঘূৰি আহিল। কুৰঙ্গনয়নী মণিপুৰী ৰজাৰ জীয়ৰী হোৱাৰ লগতে আছিল ৰাজেশ্বৰ সিংহ স্বগদেও প্ৰধান মহিষী আহোম ৰাজত্বৰ এক জটিল সন্ধিক্ষণত কুৰঙ্গনয়নীৰ এনে দেশপ্ৰেম এক বিৰল দৃষ্টান্ত। তেওঁৰ ৰাজনৈতিক পৰিপক্কতাৰ কাৰণেই আহোম স্বগদেউ সকলৰ নিৰবিছিন্ন শাসন চলি থকাৰ ইন্ধন যোগালে।
              তীক্ষ্ণ বুদ্ধিৰ এগৰাকী বুৰঞ্জীৰ উপেক্ষিতা নাৰী হ'ল খামপাট গাভৰু। ফ্ৰাচেংমুঙ বৰগোহাঞি আৰু মুলাগাভৰুৰ সন্তান হ'ল খামপাট গাভৰু বা কাঞ্চনমলা ।তেতিয়া হয়তো ১৫২৫ চন বংগ দেশৰ নবাব খতল খাই আহোম ৰাজত্বৰ শৌৰ্য্য-বীৰ্য্য আৰু বুদ্ধিৰ পৰীক্ষা কৰিব বিচাৰিলে । তেওঁ ইয়াৰ বাবে একে গঢ় আৰু একে সাজপাৰ পিন্ধা দুগৰাকী তিৰোতা,একে ধৰণৰ দুজনী ঘোঁৰা, দুটা মাছ আৰু আগ গুৰি চিন নথকা এখন বাহৰ ধনু স্বগদেউলৈ পথালে । খচল খাই কটকীৰ হাতেৰে এই সম্পদ সমূহ দি লগতে জনালে যে তিৰোতা দুগৰাকীৰ বেটী-ঘৈণী,ঘোঁৰা দুজনীৰ মাক জীয়েক, মাছ দুটাৰ কোনটো খাৱৈৰ আৰু কোনটো বিলৰ আৰু ধনুখনৰ আগ গুৰি চিন দিব লাগে। এনে কাম কৰিব নোৱাৰিলে অসম ৰজাই এক নিদ্ধাৰিত হিচাপত কৰ দিব লাগিব। পৰীক্ষাৰ সামগ্ৰীখিনি দেখি স্বগদেউ আৰু ডাঙৰীয়া সকল বিবুদ্ধিত পৰিল। মোগলৰ এনে পৰীক্ষাৰ শুদ্ধ উত্তৰ দিব নোৱাৰিলে হয় কৰ দিব লাগিব নহয় যুদ্ধ দিব লাগিব।
                 ৰজাঘৰীয়া এই সমস্যাৰ কথা কাঞ্চনমলা আইনেউৰ কাণত পৰিল ।তেওঁ ইয়াৰ সিদ্ধান্ত দিব বুলি গাত ললে । যথা সময়ত আইদেৱে উত্তৰ দিবলৈ সাজু হ'ল। প্ৰথমতে আইদেউৱে দুগৰাকী তিৰোতাক বোকাৰ উপৰেদি খোজ কাঢ়িবলৈ দিলে।এগৰাকীয়ে কাপোৰ কোচাই বোকা পাৰ হৈ গ'ল । তেতিয়া কাঞ্চনমালাই কাপোৰ কোচাই যোৱা গৰাকী বেটী আৰু আনগৰাকী ঘৈণী বুলি চিনাক্ত কৰিলে।ঘোঁৰা দুজনীক দুটা চোঁৱৰৰ হতুৱাই বহুদূৰ দৌৰাই আনিবলৈ দিলে ।দেখা গ'ল দৌৰৰ অন্ততঃ জীয়েকয়ে মাকৰ ওহাৰ ফালে মূখ মেলিলে ।দুটা গৰম পাত্ৰত গৰম পাত্ৰ লৈ মাছ দুটা থবলৈ দিলে। কিছু সময়ৰ পাছত দেখা গ'‍ল যে তাৰে এটা পাত্ৰ লেতেৰা হৈছে।এইটো খাৱৈৰ মাছ বুলি চিনাক্ত কৰিলে। শেষত ধনুখনৰ আগগুৰি বাচিব লাগে।ধেনুখন পানীত পেলাই দিবলৈ কোৱা হ'ল। স্বাভাৱিকতে গুৰি অংশটো পানীত বেছিকৈ ডুব গ'ল । এইদৰে চাৰিওটা পৰীক্ষাতে কাঞ্চনমলা আইদেউ সফল হ'ল আৰু স্বৰ্গদেউক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিলে।
              নবাবে এনে বুদ্ধিমতিৰ কথা শুনি আচৰিত হ'ল । তেওঁ এতিয়া কাঞ্চনমলাক
লাগে আৰু নবাবলৈ কাঞ্চনমলাক বিয়া দি বন্ধুত্ব কৰাৰ প্ৰস্তাৱ দিলে। কিন্তু কাঞ্চনমলা আইদেউ নাৰাজ তেওঁ নিজৰ মাতৃভূমিক এৰি বিদেশীৰ হাতৰ পুতলা হব নিবিচাৰে। নবাবে ইয়াতে লাজ পায় ১৫২৭ চনত তুৰ্বকক আহোম ৰাজ্য আত্ৰুমণ কৰি কাঞ্চনমলাক ধৰি লৈ যাবলৈ নিৰ্দেশ দিলে। আহোম মোগলৰ যুদ্ধ লাগিল । যুদ্ধত ফ্ৰাচেংমুঙ বৰগোহাঞি আৰু পিছত মুলাগাভৰুৱে মৃত্যু বৰণ কৰিলে। ইয়াৰ পিছত কনচেং বৰপ্ৰাত্ৰগোহাঞিয়ে তুৰ্বকক হত্যা কৰি যুদ্ধ জয় কৰিলেও কোনোপাকত মুছলমান সেনাই কাঞ্চনমলাক আইদেউক বন্দী কৰি নিজ দেশৰ ফালে ভটিয়াই গ'ল । তেতিয়া উপায় নাপাই চতুৰ আৰু বুদ্ধিমতী খামপাট গাভৰুৱে কোনোবা পাকত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়াই আত্মহত্যা কৰিলে । খামপাট গাভৰুৱে নিজৰ জীৱন দি দেখুৱাই গ'ল আহোম গাভৰুৰ সাহস , দেশপ্ৰেম আৰু স্বাধীনতাৰ প্ৰতি থকা অদম্য স্পৃহাৰ কথা। বুৰঞ্জীৰ আৰঁত থাকি যোৱা এইগৰাকী বিদূষী নাৰী অসম গৌৰৱ।
দেশখনক নিজৰ প্ৰাণতকৈ অধিক ভালপোৱা এগৰাকী অখ‍্যাত গাভৰু হল ভদৰামৰ জীয়েক সোনামতী। তেতিয়া আহোম ৰাজত্বৰ ৰজা আছিল ছুলিকফা লৰা ৰজা । লালুকসোলা বৰফুকনৰ কুমন্ত্ৰণাত ৰজা হব পৰা ৰাজকোঁৱৰ সকলক অংগক্ষত অথবা মৃত্যু দণ্ডদি ৰাজপাট কণ্টক শূণ্য কৰিবলৈ চেষ্টা কৰিছিল চৈধ্য বছৰীয়া ল'ৰা ৰজাই । কিন্তু বাহু কোঁৱৰ গদাপাণিয়ে ভাৰ্য্য জয়মতীৰ কাতৰ অনুৰোধত আত্মগোপন কৰিলে । ল'ৰা ৰজাৰ চাওদাঙে গদাপাণিক বিচাৰি দেশ চলাথ কৰিলে।
                     ল'ৰা ৰজাৰ চাওদাঙে এবাৰ গদাপাণিৰ পিছলৈ ঘূৰি ফুৰোঁতে আত্মৰক্ষাৰ্থে গদাপাণিয়ে লাল বকতাৰ ভদৰামৰ ঘৰত সোমাল । সেইদিনা ভদৰামৰ জীয়েক সোনামতী ঘৰত অকলে আছিল । সোনামতীক নিজৰ পৰিচয় দি এবাটি পানী খাই সোনামতীৰ কথা মতে পিছ দুৱাৰেদি হাবিলৈ পলাল । লৰা ৰজাৰ চাওদাংহতে গদাপাণিক অনুসৰণ কৰি আহি গদাপাণিৰ বাতৰি সুধিলে। তেওঁলোকক ঘৰৰ চূক কোণ চলাথ কৰি গদাপাণিক নাপাই গদাপাণি ক'ত আছে ওলিয়াই দিবলৈ সোণামতীক নেৰানপেৰাকৈ টানি ধৰিলে। কিন্তু দেশৰ অৱস্থাৰ কথা দেখি নিৰ্ভয় সোণামতীয়ে গদাপাণি কোঁৱৰৰ কোনো সম্ভেদ নিদিলে। সোণামতী নিৰ্বিকাৰ হৈ থকা দেখি চাওদাঙঁহতে মৃত্যুৰ ভয় দেখুৱালে । তাতো কাৰ্য্য সিদ্ধি নহ'ল । তেতিয়া চাওদাঙহতে সোণামতীক মৰিয়াই মৰিয়াই চোঁচৰাই দিৰৈৰ নৈৰ পাৰলৈ নি মৃত্যু প্ৰায় অৱস্থাত তাতে এৰি থৈ গ'ল।পিছত যন্ত্ৰণাত চটফটাই এইগৰাকী দেশপ্ৰেমিক অখ‍্যাত মহিয়সী নাৰীয়ে মৃত্যুক সাৱটি লয় । সোণামতীৰ গীতত আছে -"দিৰৈৰ কাষতে ,মাটিৰ দেহ এৰিলি ,বঙহে নাপালে শেষ। মাৰে কান্দিলে , বাপেৰে কান্দিলে, কান্দিলে ককাই ভাই । জয়ৰামৰ পুতেকে ভলুকাই কান্দিলে ,দিৰৈৰ কাষতে বিনাই। গদাপাণিক কৰাত বলিষ্ঠ ভূমিকা লোৱা সোনামতী বহু গৰাকী আহোম ৰমণীৰ মাজত অখ‍্যাত হৈ থকা এগৰাকী অন্যান্য মহিয়সী।
           বুৰঞ্জীৰ উপেক্ষিত দুগৰাকী নাৰী হ'ল লাহৰী আৰু মনোমতী । ইংৰাজৰ শাসন ওফৰাবলৈ পিয়লি নুমলী আদি দেশপ্ৰেমিক বিদ্ৰোহীসকলে শত্ৰুৰ মাজত জপিয়াই পৰিছিল । ইয়াৰে নুমলী গোহাঁইৰ একমাত্ৰ কন্যা লাহৰী আৰু চিৰিং ফুকনৰ জীয়েক মনোমতীক ইংৰাজৰ বিৰুদ্ধে কৰা বিদ্ৰোহত নাৰী বাহিনী গঠনৰ দায়িত্ব দিয়া হৈছিল। এওঁলোকে গাঁৱে গাঁৱে নাৰী বাহিনী গঠন কৰি অস্ত্ৰচালন কৰা , ঘোঁৰাত উঠি ৰণ কৰা , ছদ্মবেশ কৰি চোৰাংচোৱা কৰা আদিৰ শিক্ষা দিছিল । নুমলী গোহাঁয়ে দিখৌ মূখত থকা ইংৰাজ শিবিৰত নৌ ঘাটি ধ্বংস কৰাৰ দায়িত্ব লৈছিল । এই কাৰ্য্যত তেওঁ লাহৰীৰ নাৰী বাহিনীকো লগত লৈ গৈছিল। তেওঁলোক দিখৌ মূখৰ ঘাটি ধ্বংস কৰি কলিয়াবৰলৈ ভটিয়াই যাওঁতে ব্ৰহ্মপুত্ৰৰ মাজত ইংৰাজ বাহিনীয়ে তেওঁলোকক আক্ৰমণ কৰে । উভয় পক্ষৰ মাজত এখন তয়াময়া যুদ্ধ লাগে। লাহৰীয়ে বন্দুকেৰে ভালে সংখ্যক শক্ৰ সৈন্যক নিপাট কৰি নিজেও শক্ৰৰ গুলীত মৃত্যু বৰণ কৰিলে ।
         আকৌ ৰংপুৰত ইংৰাজৰ হাতত আহোমৰ বিপৰ্য্যয় হয়। এই সময়ত মনোমতীৰ নাৰী বাহিনীও সংকটত পৰে। বিপদত ধৈৰ্য্য নেহেৰুৱাই নাৰী বাহিনীয়ে শক্ৰৰ ওপৰত জপিয়াই পৰিছিল । এই যাত্ৰাত মনোমতীৰ কোনো বিপদ নহ'লেও শক্ৰ সৈন্যৰ চোৱাংচোৱা তেওঁৰ পিছত ঘূৰি ফূৰিছিল । এবাৰ ইংৰাজ সেনাই ৰাতি মনোমতীক চাৰিওফালৰ পৰা আগুৱাই ধৰিলে । তেতিয়া পৰিত্ৰাণৰ কোনো উপায় বিচাৰি নাপাই শক্ৰৰ হাতত লাঞ্চিতা হোৱাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ বুলি দিচাং নৈত জাপ দি মনোমতীয়ে মৃত্যুক সাৱটি ললে । লাহৰী আৰু মনোমতীৰ দেশপ্ৰেম প্ৰতি গৰাকী মহিলাৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক।
 
(লেখক : বুৰঞ্জীবিদ প্ৰাক্তন অধ‍্যক্ষ,গড়গাঁও মহাবিদ্যালয়।)