আহোম স্বৰ্গদেউসকলৰ দিনৰ ৰাজহ ব্যৱস্থা ණ...সোণাৰাম বৰুৱা


         ত্ৰয়োদশ শতিকাৰ আগভাগতে সৌমাৰপীঠলৈ আহি চাওলুং ছৗকাফাই যি ৰাজ্য স্হাপন কৰিছিল সেই ৰাজ্য ঊনবিংশ শতিকাৰ তৃতীয় দশকলৈ প্ৰায় ছশ শতিকা কাল বৰ্ত্তি থাকিল ৷ একেটা জাতিয়ে ইমান দীঘলীয়া সময় ধৰি  ৰাজ্যৰ শাসন অব্যাহত ৰখাটো ঐতিহাসিক ভাৱে নিশ্চয় এক গুৰুত্বপূৰ্ণ কথা ৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ উঠে যে তাই-আহোমসকল কেৱল বিজেতা হিচাপেই যে পৰাক্ৰমী আছিল তেনে নহয় , প্ৰশাসক হিচাপেও তেওঁলোক আছিল বিচক্ষণ, চতুৰ আৰু সফল ৷ দমন আৰু বন্ধুত্ব - দুয়োপ্ৰকাৰে সৌমৰপীঠৰ থলুৱা জাতি-জনজাতিসকল নিজৰ ফলীয়া কৰি প্ৰজাৰ কল্যাণ সাধনৰ লগতে ৰাজনৈতিক বিচক্ষণতাৰে সদ্ভাৱ-সম্প্ৰীতি ৰক্ষাৰ জড়িয়তে এক সবল জাতি গঠন প্ৰক্ৰিয়াৰ দিশত তেওঁলোক আগবাঢ়িছিল ৷
       প্ৰাক আহোম যুগত অসমত ধাৰাবাহিক ৰূপত লিখিত বুৰঞ্জী নথকাৰ বাবে সেই সময়ৰ পদ্য-সাহিত্য, শ্ৰুতি- স্মৃতি,  শিলাস্তম্ভ , তাম্ৰফলি,  মুদ্ৰা আদিৰ মাজৰ ইতিহাসৰ সমল বিচাৰিব লগাত পৰে ৷ আহোম সকলৰ বুৰঞ্জী লিখাৰ পৰম্পৰা পূৰ্বাাপৰ হোৱাৰ কাৰণে ছৗকাফাৰ আগমনৰ দিন ধৰি অসমত দেখা দিয়া ৰাজনৈতিক,  সামাজিক,  অৰ্থনৈতিক,  সাংস্কৃতিক সকলো ঘটনা অৰ্থাৎ উত্থান-পতনৰ সবিশেষ অধ্যয়নৰ বৰ বিশেষ জটিলতা নাই বুলি ভাবো ৷ অৱশ্যে ৰাজনৈতিক বুৰঞ্জী যিমানে সহজে পোৱা যায়,  আৰ্থ সামাজিক,  সাংস্কৃতিক বুৰঞ্জী সিমান সহজে উপলব্ধ নহয় ৷ যিকি নহওক,  আহোমসকলৰ এই দীৰ্ঘকলীয়া শাসনৰ গুৰিতে যে অৰ্থনৈতিক দিশটো সবল কৰি ৰখাত আহোম স্বৰ্গদেসকলৰ ৰাজহ প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেইটো অনস্বীকাৰ্য ৷
         আহোম যুগৰ ৰাজহ বুৰঞ্জী প্ৰণয়নৰ কাৰণে স্বাভাৱিকতে ৰজাদিনীয়া ফলি, পেৰাকাকত,  মুদ্ৰা,  বিদেশী পৰ্যটকৰ টোকা,  ভূমিনীতি , লোকপিয়ল আদিৰ কাষ চাপিব লগা হয় ৷ ফলি বোলোতে তামৰ ফলি আৰু শিলৰ ফলি দুয়োবিধৰ কথা বুজোৱা হয় ৷ সিবিলাকক মঠ-মন্দিৰ ,সত্ৰ-দেৱালয়,  বিষয়াবৰ্গক দান দিয়া আৰু ৰাজপৰিয়ালৰ লোকক খাট-পামৰ বাবে আবণ্টন দিয়া মাটিৰ শ্ৰেণী, পৰিমাণ, নিৰ্দ্ধাৰিত ৰাজহ আদিৰ সবিশেষ চৰকাৰৰ চীল মোহৰৰ লগতে ৰজাৰ চীল মোহৰ মাৰি উল্লেখ কৰা থাকে ৷ তেনেদৰে আৱন্টিত মাটিৰ বিৱৰণ,  পাইকৰ সংখ্যা অথবা যি ব্যক্তি বা ধৰ্মীয় অনুষ্ঠানক দান দিয়া হয় সকলোৰে বিস্তৃত বিৱৰণেৰে ছাপ মৰা কাকতত ৰজাৰ চীল মোহৰ মাৰি যিবিলাক  ভূমি  বন্দোৱস্তিৰ দলিল কৰা হৈছিল সেইবিলাকক পেৰাকাকত বোলা হৈছিল,  কাৰণ অধিকাংশ লোকেই এনেবোৰ কাকতৰ গুৰুত্ব বুজি সযত্নে পেৰাত ভৰাই সংৰক্ষণ কৰিছিল ৷ সাধাৰণতে লোকপিয়ল আৰু মাটি জৰিপ কৰি ৰেকৰ্ডত প্ৰয়োজনীয় সংশোধনীৰ পিছতহে এনে মাটিৰ বন্দোৱস্তীৰ কাকত যুগুতোৱা হৈছিল ৷ নকলেও হব যে চিঠাবহীতো মাটিৰ বিৱৰণ আৰু বিতৰণৰ সবিশেষ টোকা লিপিবদ্ধ কৰি ৰখা হৈছিল ৷ সেয়েহে চেঠাবহী,  পেৰাকাকত,  ফলি আদিক তেতিয়াৰ দিনৰ ভূমি ৰাজহ সম্পৰ্কীয় প্ৰামাণ্য দলিল ৰূপে ইংৰাজ চৰকাৰে মানি লৈছিল ৷ স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়তো দেশীয় চৰকাৰে সিবিলাকক মান্যতা প্ৰদান কৰি আহিছে ৷

আহোম দিনৰ ৰাজহ ব্যৱস্থা অধ্যয়নৰ বাবে কাশীনাথ তামূলী ফুকনৰ 'অসম বুৰঞ্জী'ৰ লগতে 'তুংখঙ্গীয়া বুৰঞ্জী' আৰু 'সাতসৰী অসম বুৰঞ্জী' , গুণাভিৰাম বৰুৱা আৰু হলিৰাম ঢেকিয়াল ফুকনৰ 'আসাম বুৰঞ্জী' , হিতেশ্বৰ বৰবৰুৱাৰ 'আহোমৰ দিন',  পদ্মনাথ নাওবৈচা ফুকনৰ 'অসম বুৰঞ্জী'ৰ নাম লব লাগিব ৷ তদুপৰি মণিৰাম দেৱানে মিলচ্ চাহাবৰ হাতত দাখিল কৰা প্ৰতিবেদনো ১৮১৪ খ্ৰী:ৰ পৰা ১৮৫৪ খ্ৰীঃলৈ এই সময়ছোৱাৰ ৰাজহ প্ৰশাসনৰ সন্দৰ্ভত এক মূল্যবান দলিল ৷  'দেওধাই অসম বুৰঞ্জী' আৰু সুকুমাৰ মহন্তৰ ঘৰত উপলব্ধ হোৱা অসম বুৰঞ্জীত আহোম যুগৰ জৰীপ কাৰ্য আৰু লোকপ্ৰিয়ল সম্পৰ্কত প্ৰণিধানযোগ্য ৷ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই 'জলমবঁটা'ৰ অপযশ আঁতৰাবলৈ পদমৰ্যদাৰ অশুভ প্ৰভাৱ ঘটাই অনেক বুৰঞ্জী দাহ কৰি সেই সময়ৰ অনেক তথ্য নাইকিয়া কৰিলে ৷ মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ সময়তো এনে বহু বুৰঞ্জী নষ্ট হ'ল ৷ ইফালে বিদেশী পৰ্যটকৰ টোকা বুলি কওঁতে সাধাৰণতে মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত তেওঁৰ লগত অহা মুছলমান ঐতিহাসিক চিহাবুদ্দিন তালিচে মোগল আক্ৰমণৰ উপৰি অসম সম্পৰ্কে লিখি থৈ যোৱা বিস্তৃত বিৱৰণ সম্বলিত 'ফতিয়া-ই-ইব্ৰিয়া',  মিনহাজ-ই চিৰাজৰ 'তবাকত-ই-নাচিৰী',  মিৰ্জা নাথানৰ 'বাহাৰিস্তান-ই-ঘায়বী',  আব্দুল ফজল আসামীৰ 'আকবৰ নামা ' , মিৰ্জা নাথানৰ 'বাহাৰিস্তান-ই-ঘায়বী, আব্দুল ফজল আলামীৰ 'আকবৰ নামা',  মিৰ্জা মহম্মদ কাজমিৰ 'আলমগীৰ নামা',  জীয়াউদ্দিন বাৰাউণিৰ 'তাৰিখ-ই-ফিৰোজচাহী' আদু পাৰ্চী গ্ৰন্থৰ নীম অৱশ্যে ল'ব লাগিব ৷ তদুপৰি অসম ইংৰাজৰ হাতলৈ যোৱাৰ পিছত ভালেকেইজন প্ৰশাসনিক ইংৰাজ বিষয়াই অসম বুৰঞ্জী অধ্যয়নৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল আৰু তেওঁলোকে লাভ কৰা সমলৰ ভিক্তিত আহোম সকলৰ পৰা পোৱা অসম ৰাজ্যৰ প্ৰশাসনিক,  ৰাজনৈতিক,  আৰ্থসামাজিক আদি বিভিন্ন দিশৰ ওপৰত বুৰঞ্জী প্ৰণয়ন কৰিছিল ৷ সেইবিলাক ইংৰাজ লেখকৰ ভিতৰত বুচানন হেমিল্টন,  মাৰ্টিন মন্টেগোমাৰি,  উইলিয়াম হান্টাৰ,  উইলিয়াম ৰবিন্সন,  মেকক'চ,  জন পিটাৰ ৱেড, ই.এ. গ্যেইট আদিৰ নাম গুৰুত সহকাৰে ল'ব লাগিব ৷

ছৗকাফাৰ পৰা দিহিঙীয়া ৰজাৰ দিনলৈ (খ্ৰীঃ ১২২৮ ৰ পৰা খ্ৰীঃ ১৫০৯ লৈ)  এই দীঘলীয়া সময়ছোৱাত আহোমসকলে সঘনে বৰাহী,  কছাৰী,  নগা,  মৰাণ আদি জনজাতীয় লোকসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ পৰিবলগা হোৱাত অসামৰিক আৰু ৰাজহ ব্যৱস্থাই ভালদৰে গঢ় লৈ উঠিব পৰা নাছিল ৷ প্ৰথম অৱস্হাত বঢ়গোহাই আৰু বুঢ়াগোহাঁই এই দুজনা মন্ত্ৰীৰ পদ সৃষ্টি কৰি প্ৰশাসনিয় কামকাজ চলোৱাৰ ব্যৱস্হা কৰা হৈছিল ৷ পিছলৈ সেই জনজাতিসকলক বশলৈ অনাত তেওঁলোকৰ ওপৰত চকু ৰাখিবলৈ দিহিঙীয়া ৰজাৰ দিনত বৰপাত্ৰগোহাঁই বিষয়বাব সৃষ্টি কৰা হ'ল ৷ আমি সকলোৱে জনা মতে আহোম প্ৰশাসনৰ সাধাৰণ ৰায়তৰ মাজত খেল আৰু পাইক প্ৰথা প্ৰৱৰ্তন কৰা হৈছিল ৷ আহোম ৰাজ্য সম্প্ৰসাৰিত হোৱাৰ লগে লগে খেল আৰু পাইকৰ সংখ্যাও ক্ৰমাত বাঢ়ি যোৱাত নতুন নতুন প্ৰশাসনীয় বিভাগ সৃষ্টি কৰিব লগা হৈছিল ৷ বৰাহী,  কছাৰী,  নগা,  মৰাণ আদিলোকসকলক পাইক প্ৰথাৰ অন্তৰ্ভুক্ত কৰাৰ লগতে নগাসকলেও বশ্যতা স্বীকাৰ কৰাত পাইকৰ সংখ্যা স্বাভাবিকতে বৃদ্ধি পাই গৈছিল ৷ তাৰ ফলত বৰফুকন,  বৰবৰুৱা আদিৰ অধীনত ফুকন, বৰুৱা, হাজৰিকা, শইকীয়া,  বৰা আদি বিষয়াৰ পদ সৃষ্টি কৰি বিভিন্ন খেলৰ পাইকসকলক নিয়ন্ত্ৰিত কৰিব লগা হৈছিল ৷ বুৰঞ্জীৰ তথ্য অনুসাৰে স্বৰ্গদেউ চুখ্ৰাংফাৰ দিনতে সোণ-ৰূপ কমোৱা সোণোৱাল আৰু ৰূপোৱাল কছাৰীৰ সংখ্যা পঁচিশ হাজাৰৰো অধিক হৈছিলগৈ ৷
         এই আহোমসকলৰ ৰাজনৈতিক নীতি অনুসাৰে স্বৰ্গদেউ অৰ্থাৎ ৰজাই হ'ল নিজ ৰাজ্যৰ ভূ- খণ্ডৰ প্ৰকৃত মালিক আৰু সেই ভূমিত কৃষি কৰ্ষণেৰে শ্ৰমিক সকলে খাদ্য আহৰণ কৰিব লাগিছিল ৷তাৰ বিনিমযৃত প্ৰজাই ৰজাক ৰাজহ আদায় দিব লাগিছিল ৷ তাৰ বিনিময়ত প্ৰজাই ৰজাক ৰাজহ আদায় দিব লাগিছিল ৷ সেই ৰাজহ প্ৰজাই গা-খাটনিৰে দিয়াৰ ব্যৱস্হা আছিল ৷ এই দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে ৰজাৰ কাৰণে মাটিতকৈ প্ৰজাসকলেহে দেশৰ মূল সম্পদ আছিল ৷ ১৫-১৬ বছৰৰ পৰা ৫০ বছৰ বয়সৰ সকলো মুক্ত কৰ্মঠ প্ৰাপ্তবয়স্ক পুৰুষেই এক অৰ্থত ৰাজসম্পদ বুলি বিবেচিত হৈছিল ৷ যাৰ যি কামত প্ৰসিদ্ধি আছিল সেই অনুসাৰে প্ৰজাবৰ্গক বিভিন্ন খেলত বিভক্ত কৰা হৈছিল আৰু সেই খেলবোৰ কিছুমান ৰাজবিষয়াৰ নিয়ন্ত্ৰণত ৰখা হৈছিল ৷ প্ৰটিটো খেলৰ পাইকসকলক চাৰিজনীয়াকৈ ভাগ কৰি একো একোটা ভাগ কৰা হৈছিল ৷ পিছলৈ অৱশ্যে গোটৰ পাইকৰ সংখ্যা চাৰিজনৰ পৰা তিনিজনলৈ হ্ৰাস কৰা হৈছিল ৷ এই পাইকৰ গোটবোৰে ৰাজ্যৰ সামৰিক আৰু অসামৰিক দুয়োটা ক্ষেত্ৰতে ৰাজসেৱক ৰূপে প্ৰয়োজন সাপেক্ষে সেৱা আগবঢ়াব লাগিছিল ৷ প্ৰতিজন পাইকে কৃষি কাৰ্যৰ লগত জডিয়তে পেট প্ৰৱৰ্তাবৰ বাবে ৰজাঘৰৰ পৰা দুই পূৰাকৈ মাটিৰ ভোগ দখল পাইছিল ৷ অৱশ্যে ৰজাঘৰৰ পৰা ভূমি আৱণ্টন খেল অনুযায়ীহে দিয়া হৈছিল,  পাইকক গাইগুটিয়াকৈ দিয়া হোৱা নাছিল ৷ কোনো এজন পাইকৰ মৃত্যু হ'লে তেওঁৰ ভোগ দখলত থকা ভূমি মৃতকৰ পুত্ৰই উত্তৰাধিকাৰ হিচাপে পোৱাৰ নিয়ম নাছিল,  সেই মাটি মৃতক যি খেলত আছিল সেই খেলটোৰ মানুহৰ হাতলৈ গৈছিল ৷ অৰ্থাৎ মাটিৰ মালিকীস্বত্ব আছিল সমূহীয়া,  ব্যক্তিগত নহয় ৷ সেইকাৰণে মাটিৰ খাজানা গোটৰ সদস্য সকলে পাল পাতি আদায় দিব লগা হৈছিল ৷ এই ব্যৱস্থাৰ ফলত একো একোটা খেলৰ পাইক গোটবিলাকৰ মাজত এক সামূহিক চেতনা বৰ্তি আছিল , সকলোৱে পাৰস্পৰিক বুজা-পৰাৰে সমস্যাবোৰ সামাধান কৰা সহজ হৈছিল আৰু খেলৰ সমূহ পাইকক এক নিৰাপত্তাৰ ভাব আনি দিছিল ৷

প্ৰাক্ আহোম যুগত ভূমিৰ শ্ৰেণী বিভাজন হৈছিল প্ৰকাৰে  : খেল,  খিলা আৰু বাস্তু ৷ খেল বুলিলে বুজাইছিল কৃষি ভূমি,  কৃষি অনুপযোগী মাটিক বোলা হৈছিল খিলা আৰু ঘৰ - বাৰী পাতি বাসবাস কৰিব পৰা মাটিভাগ হ'ল বাস্তু ৷ আহোমসকলৰ দিনত মাটি জৰীপ কৰি শ্ৰেণী বিভাজন কৰিছিল এনেদৰে : শালিধানৰ খেতি কৰিব পৰা ৰোৱতী বা ৰূপিত মাটি,  বাম শস্যৰ বাবে উপযোগী আবাদী মাটি ৷ ইয়াৰ উপৰি আন এক শ্ৰেণীৰ মাটি আছিল,  যাক বোলা হৈছিল ভাগ,  অৰ্থাৎ যি মাটিৰ উৎপাদিত শস্যৰ ৰজাই নিজ অংশ আদায় কৰিছিল ৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত যুগুতোৱা পেৰাকাকতত ওবৰ বস্তি (ঘৰ-বাৰী নথকা ৰাহি মাটি), জংঘল মাটি,  জলাতক,  দলনি,  কঠিয়াতলি,  সৰিয়হতলি,  বাকৰি,  বেঙেনাতলি , ওবৰবিল আদি মাটিৰ শ্ৰেণীবিভাজনৰ উল্লেখ পোৱা যায় ৷ পৰৱৰ্তী পৰ্যায়ৰ পুৰাতাত্বিক আৰু লিখিত সাক্ষ্য প্ৰমাণৰ ভিক্তিক আহোম যুগত মাটি বিভাজন চাৰি শ্ৰেণীত হোৱা দেখা যায় - ৰূপিত,  বাওতলি,  বস্তি আৰু ফৰিঙতি ৷ ৰূপিত মাটিত ঘাইকৈ শালিখেতি,  বাওতলিত বাওতলিত বাওধানৰ উপৰি মাহ,  সৰিয়হ খেতি,  বস্তু বা বৰি মাটিত শাক-পাছলিৰ খেতিৰে সৈতে ঘৰবাৰী পতা হয় আৰু ফৰিঙতি মাটি হ'ল ওখ চাপৰি জাতীয় মাটি য'ত জাতীয় মাটি য'ত অগাপিছাকৈ কেইবাবিধো শস্যৰ খেতি কৰা হয় ৷
    আহোম ৰজা সকলে মাটিৰ জৰীপ আৰু লোকপিয়ল এই দুইটা বিষয়ৰ ওপৰত আৰম্ভণিৰে পৰাই বিশষ গুৰুত্ব আৰোপ কৰিছিল ৷ ৰাজ্যৰ মুঠ জনসংখ্যা,  ইয়াৰ খেলভিক্তিত বিভাজন আৰু জনসাধাৰণৰ অৰ্থনৈতিক অৱস্হাৰ বুজ লবলৈ সময়ে সময়ে জৰীপ আৰু লোকপ্ৰিয়লৰ কাম হাতত লোৱা হৈছিল ৷ স্বৰ্গদেউ চুহুংমুং দিহিঙ্গীয়া ৰজা,  প্ৰতাপ সিংহ,  চক্ৰধ্বজ সিংহ,  গদাধৰ সিংহ,  শিৱ সিংহ,  প্ৰমত্ত সিংহ - এই সকলৰ দিনত ভূমি জৰীপ আৰু লোকপ্ৰিয়লৰ কাম হোৱাৰ তথ্য পোৱা যায় ৷ অৱশ্যে সকলো সময়তে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্হাত উন্নতিৰ হকে এনেবোৰ ব্যৱস্থা হাতত লৈছিল বুলি ভবাতকৈ প্ৰকৃতপক্ষে কিমান কৰ্মদক্ষ লোকক পাইক হিচাপে অৰ্ন্তভূক্ত কৰি ৰাজসেৱা আদায় কৰিব পাৰিব তাৰ উৱাদিহ ল'বলৈ চেষ্টা চলোৱা যেনহে লাগে ৷
     ৰাজ্যৰ অৰ্থনৈতিক সম্পদ বৃদ্ধি কৰাৰ স্বাৰ্থত আহোম ৰজাসকলে অনেক ব্যৱস্থা হাতত লৈছিল যিবিলাকে এহাতে প্ৰজাৰ সা-সুবিধা বৃদ্ধিৰ লগতে ৰাজকোষ টনকিয়াল কৰাটো সহায় কৰিছিল ৷ অনা অবাদী পৰিত্যক্ত মাটিবোৰ উদ্ধাৰ কৰি কৃষি উপযোগী কৰি তোলাত পাইকবোৰক উদগনি দিছিল ৷  হাবি-জংঘল আৰু ওখ কাটনি মাটিবোৰ পাইকক ৰজাই জমা মাটিৰ বাবদ প্ৰথম অৱস্থাত ৰাজহ আদায় দিব লগা হোৱা নাছিল ৷ তেনে মাটি সম্পূৰ্ণৰূপে কৃষিকাৰ্যৰ বাবে উপযোগী হৈ উঠাৰ পাছত তেওঁলোকেই স্হায়ী পট্তন দি খাজানা আদায় কৰা হৈছিল ৷ স্বৰ্গদেউ প্ৰতাপ সিংহৰ আগলৈকে খেল আৰু পাইক প্ৰথা চলি থকা পৰ্যন্ত কৃষিমাটিৰ বাবে পাইকসকলে ব্যক্তিগত সেৱাৰ মাধ্যমেৰে ৰজাঘৰত ৰাজহ আদায় দিয়াৰ ব্যৱস্থা আছিল ৷প্ৰতাপ সিংহৰ দিনৰে পৰা মাটিৰ শ্ৰেণী বিভাজন আৰু শ্ৰেণী ভিক্তিক ৰাজহ নিৰ্ধাৰণৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱাত পাইকে নগদ ধনেৰে ৰাজহ দিব লগা হৈছিল ৷  নদ-নদীবোৰৰ বাঢ়নী পানীয়ে বিশেষকৈ ব্ৰক্ষ্মপুত্ৰৰ বানে খেতি-বাতি তেতিয়াৰ দিনটো নষ্ট নকৰা নহয় ৷ ৰজাই শস্য উৎপাদন অটুট ৰখাৰ ওপৰত বিষেশ গুৰুত্ব দি বাঢ়নী পানীয়ে   খেতি-বাতি নষ্ট কৰিব নোৱাৰাকৈ ঠায়ে ঠায়ে মঠাউৰি বন্ধাৰ ব্যৱস্থা কৰিছিল ৷ তদুপৰি নৈ আৰু জলাশয় বিলাকৰ পানী সুবিধাজনক ভাৱে কৃষিক্ষেত্ৰৰ কাষেদি বোৱাই নি ৰায়তক কৃত্ৰিম জলসিঞ্চন ব্যৱস্থা উপলব্ধ কৰাইছিল ৷ তদুপৰি বিভিন্ন শিল্পকৰ্মত সিদ্ধহস্ত,  অভিজ্ঞ বনুৱা ৰাজ্যৰ বাহিৰৰ পৰা অনাই ঠায়ে ঠায়ে বহুৱাইছিল আৰু তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী তথা কৃষিজাত বস্তুবোৰ বেচা-কিনাৰ বাবে চহৰ আৰু গ্ৰাম্য অঞ্চল ত হাত-বজাৰ বহুৱাইছিল ৷ ৰাজ্যৰ প্ৰতিৰক্ষাৰ স্বাৰ্থত যাতায়তৰ সুচলাৰ্থে আলি আৰু গড় নিৰ্মাণ কৰাইছিল ৷ গড়বিলাকে যুদ্ধৰ সময়ত শত্ৰুপক্ষক ভেটিবৰ বাবে বিশেষ সুবিধা দিয়াৰ উপৰি সকলো সময়তে যোগাযোগ তথা যাতায়ত ব্যৱস্থাতো উল্লেখনীয় বৰঙণি আগবঢ়াইছিল ৷

তাই আহোমৰ স্বৰ্গদেউসকল ব্ৰাক্ষ্মণ্য হিন্দুধৰ্মৰ অনুগত হোৱাৰ পিছৰে পৰাই ভূমি ৰাজহ আৰু মানৱ সম্পদৰ ক্ষেত্ৰত ৰাজ্যৰ অৱস্হা যথেষ্ট দুৰ্বল হৈ পৰাটো পৰিলক্ষিত হয় ৷ ৰজাই মঠ মন্দিৰ নিৰ্মাণত মুক্তহস্তে দান-বৰঙণি আগবঢ়োৱাৰ উপৰি বিস্তৰ ভূমি ব্ৰক্ষ্মোত্তৰ ভূমি ৰূপে আৱন্টন দিছিল পুৰোহিত শ্ৰেণীৰ ভৰণ-পোষণ আৰু মন্দিৰ সমূহে আৰ্থিক স্বচ্ছলতাৰে চলি থাকিবৰ বাবে ৷ ভূমিৰ লগতে সেই অঞ্চলত কৃষিকৰ্ম কৰি খাই থকা পাইকসকলকো গতাই দিয়া হ'ল ৷ সত্ৰ বিলাকৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্হাই লোৱা হৈছিল অধিকতৰ ৰূপত ৷ ৰাজপৃষ্ঠপোষকতাত পোৱা সত্ৰ সমূহে প্ৰয়োজনাধিক নিষ্কৰ ভূমি আৰু পাইক লাভ কৰিলে ৷ তাৰ ফলত সত্ৰবিলাক আৰ্থিক দিশত চহকী হোৱাৰ লগে লগে ৰাজনৈতিক দৃশ্যপটতো প্ৰভাৱশালী হোৱাৰ উদাহৰণ আছে ৷ যি কি নহওক,  এক বুজন সংখ্যক পাইক মঠ-মন্দিৰ,  সত্ৰৰ সেৱাত আবন্টিত হোৱাৰ ফলত ৰাজ্যৰ উন্নয়নমূলক কাম কৰিবলৈ,  যুদ্ধৰ সময়ত ৰণুৱা হ'বলৈ পাইকৰ অভৱ  ঘটিল ৷ দেশৰ ৰাজনৈতিক আৰু আৰ্থিক দিশ টনকিয়াল কৰি ৰখাৰ ব্যৱস্থাটোলৈ কিছু দুৰ্বলতা আহিল ৷ তদুপৰি অপ্ৰিয় হলেও কব লাগিব,  সত্ৰৰ গোসাঁই মহন্ত,  দ'ল দেৱালয়ৰ পুৰোহিত শ্ৰেণীয়ে জমিদাৰৰ দৰে স্বতন্ত্ৰীয়া ৰূপত থকাই নহয়,  মাজে সময়ে চৰকাৰী কামতো হস্তক্ষেপ কৰা আৰু ক্ষেত্ৰবিশেষে চৰকাৰৰ বিৰুদ্ধেও কূট-কৌশলৰ আশ্ৰয় লোৱাত ৰাজ্যৰ অৰাজকতা আৰু অস্হিৰতাই দেখা দিবলৈ আৰম্ভ কৰিলে ৷ কথা বিষম দেখি আহোম ৰজা সকলে,  বিশেষকৈ গদাধৰ সিংহই এনে ৰাজদ্ৰোহী শক্তি সমূহৰ পখি কটাৰ ব্যৱস্থা কৰি প্ৰয়োজনাধিকভাৱে থকা ভকতৰূপী পাইকবোৰক পুনৰ ৰাজসেৱাক মকৰল কৰিলে,  মাটিৰ জৰীপ সোগে এনেবোৰ ধৰ্মীয় অনুস্হানৰ নামত থকা নিষ্কৰ ভূমিৰ সথিক তথ্যৰ ভিত্তিত কিছু খাজানা আদায় কৰাৰ ব্যৱস্থা হাতত ল'লে ৷
         প্ৰসংগক্ৰমে এইখিনিতে উল্লেখ কৰিব লাগিব যে স্বৰ্গদেউসকলে তেওঁলোকৰ অঙহী বঙহীসকলৰ বাবেও মাটি ভোগ-দখল কৰিবলৈ দিছিল ৷ ৰীজমাও,  ৰাণী,  ৰজাৰ ভায়েক ভনীয়েক আদিৰ বাবে দিয়া এনে ভূমিক ৰাজজমিদাৰী বোলা হৈছিল ৷ তেনেবোৰ অঞ্চলৰ অসামৰিক আৰু ৰাজহ প্ৰশাসনৰ কাম-কাজ চোৱা চিতা কৰিবলৈ ফুকন আৰু বৰুৱা এই দুজনা চৰকাৰী বিষয়াকে নিযুক্তি দিয়া হৈছিল ৷
         ভূমি ৰাজহৰ ওপৰিও আহোম ৰজাৰ দিনত অন্যান্য কৰ কাটলৰ যোগেদিও ৰাজকোষ টনকিয়াল কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছিল ৷ তাৰ ভিতৰত কৰতলীয়া ৰাজ্য সমূহৰ পৰা বছেৰেকীয়া ভাৱে কৰ-কাটাল,  উপঢৌকন আদায় কৰা,  তিনিজন গোহাঁই, বৰবৰুৱা,  বৰফুকন - এই পাঁচজন চৰকাৰী বিষয়াৰ পৰা তেওঁলোক স্বেচ্ছাই আগবঢ়োৱা পদপঞ্চক নামৰ বৰঙণি,  টিপাম,  নামৰূপ আৰু চাৰিঙৰ ৰজাৰ পৰা অহা বৰঙণি,  সেইদৰে শদিয়াখোৱা গোহাঁই,  মৰঙিখোৱা গোহাঁই,  সলাল গোঁহাই আদি সীমান্তৰক্ষী বিষয়াৰ পৰা অহা বৰঙণি,  দেৱালয় আৰু সত্ৰ সমূহৰ পৰা অহা বৰঙণিয়েই প্ৰধান ৷ ইয়াৰ বাহিৰেও হাতী ধৰা হাবিৰ মূল্যবান গছ কটাৰ বাবে দিব লগা মাচুল (যাক বেথ বোলা হয়), জলাশয়ৰ মাছ ধৰা আৰু জলপৰিবহনৰ লগত জড়িত মানুহখিনিৰ পৰা আদায় কৰা জলকৰ,  বিভিন্ন অপৰাধীৰ পৰা আদায় কৰা দণ্ড আৰু চোৰচিলনী,  মুগা শিল্পৰ ওপৰত লগোৱা কৰ,  সোণোৱাল,  ৰূপোৱাল, লোণপুৰীয়া,  লোশলীয়া,  খাৰ-বাৰুদৰ বাবে গন্ধক যোগান ধৰাসকলৰ পৰা আদায় কৰা কৰ আদিয়েও যথেষ্ট ৰাজহ ৰাজকোষলৈ আনিছিল ৷