ছৗ কা ফাৰ অসম আগমন আৰু আহোম ৰাজত্বৰ আৰম্ভণি ණ...চাও নবীন বুঢ়াগোঁহাই

ছৗ কা ফাৰ অসম আগমন আৰু আহোম ৰাজত্বৰ আৰম্ভণি
                          ☞ নবীন বুঢ়াগোহাঁই
        প্ৰাক-আহোম যুগ বা আহোম ৰাজত্বৰ আৰম্ভণিৰ বাবে প্ৰায় পাঁচশ শতিকাৰ প্ৰয়োজন হৈছিল ৷ অষ্টম খ্ৰীষ্টাব্দৰ পৰা বাৰশ খ্ৰীষ্টাব্দলৈ প্ৰাচীন অসমৰ সৌমাৰপীঠত তাইসকলে নিজৰ দখলদাৰিত্ব খটুওৱাৰ কাম আৰম্ভ কৰিছিল ৷ সৌমাৰপীঠলৈ অহা প্ৰথমজন দিগ বিজেতা তাই কোঁৱৰ চাও ছাম্-লুং ফাই এই মুলুক জয় কৰি থৈ গৈছিল  ৷
           চীনৰ য়ুনানৰ পৰা ম্যানমাৰ হৈ পৰ্বতৰ ওপৰেৰে অসমলৈ আহিব পৰা পথটোৱেদি চাও ছাম্-লুং-ফা এদিন নিজ দেশলৈ ঘূৰি গৈছিল ৷সেই পথেদিয়েই সৌমাৰপীঠৰ লগত প্ৰাচীন কালত তাই মানুহৰ আহ-যাহ চলিছিল ৷ চাও ছাম্-লুং-ফাৰ 'সৌমাৰ দেশলৈ' চাওলুং ছৗ-কা-ফা আহিছিল ৷ সেই ঐতিহাসিক পথটোৰ নাম বৰ্তমান চাওলুং ছৗ-কা-ফা পথ হোৱাৰ পৰিৱৰ্তে ' ষ্টীলৱেল ৰোড' কৰা হ'ল ৷ সেই পথটো প্ৰকৃততে তাই মানুহৰ বুৰঞ্জী,  আহোম মানুহৰ বুৰঞ্জী ৷
         চাও ছাম্-লুং-ফা নৰা দেশৰ নৰা ৰাজকোঁৱৰ আছিল ৷ অষ্টম খ্ৰীষ্টাব্দত ছাম্-লুং-ফা মৌং তাইৰ পৰা ভটিয়াই আহি মৌং পং অৰ্থাৎ মণিপুৰত সোমাই মণিপুৰ জয় কৰিছিল ৷ মণিপুৰত তাই ৰাজকোঁৱৰ এজনক ৰজা পাতি থৈ অন্য এডোখৰ পাহাৰীয়া ঠাই পালেগৈ ৷ সেই ঠাইয়ো যুদ্ধ জয় কৰি নিজৰ বংশৰ আন এজনক ফ্ৰা বা ৰজা পাতিলে ৷ সেই ঠাইডোখৰৰ নাম ৰখা হ'ল তি-ফ্ৰা ৷ কালক্ৰমত তি-ফ্ৰা টিপ্পেৰা আৰু পিছলৈ ত্ৰিপুৰা নামেৰে পৰিচিত হ'ল ৷ তি-ফ্ৰাৰ পৰা ছাম্-লুং ফা গাৰো ৰাজ্যলৈ আহিল ৷ এই কথা গাৰো বুৰঞ্জীয়ে জানিবলৈ দিয়ে ৷  হেলনীয়া পাহাৰৰ ঠাইত বসবাস কৰা মুৰব্বী স্থলগিৰী জাতিটোক ছাম্-লুং-ফাই ক্কাং-ৰূং (ক্কা=হেলনীয়া, ৰূ=মূৰ)  বুলি মাতিলে ৷ ক্কাং-ৰূংসকল (গাৰো) ক জয় কৰি তেখেতে নিজৰ খুনবাওক ৰাজ্য শাসন কৰিবলৈ ৰাখি থৈ খাছিয়া পাহাৰ (কাৰ্বিসকলক)  দখল কৰিলেগৈ ৷ খাছিয়া পাহাৰত নিজৰ মানুহক ৰজা পাতি তিৱাসকলৰ ওপৰত বিজয় সাব্যস্ত কৰিলেগৈ ৷ তাতো নিজৰ বংশৰ এজনক ৰজা পাতিলেগৈ ৷ পৰৱৰ্তী সময়ত জোঙাল বলহুৱে তাই মানুহৰ পৰম্পৰা অনুসৰি গড় মাৰি ৰাজধানী পাতিছিল ৷ সেই কথালৈ লক্ষ্য কৰিলে তিৱা সকলে তাই মানুহৰ বংশধৰ বুলি অনুমান কৰিব পৰা যায় ৷
নগা পাহাৰতো চাও ছাম্-লুং ফাৰ বংশধৰ মানুহে ভোগ দখল কৰি থাকি গৈছিল আৰু সেইসকলক আজিও মাও বা ঋাও বুলি জনা যায় ৷
      ছাম্-লুং-ফাই সৌমাৰপীঠৰ চুতীয়াসকলকো পৰাজিত কৰি নিজৰ বংশধৰক ৰজা পাতিছিল ৷ যাবৰ পৰত তেখেতে তাই খাউ(বগা তাই) সকলক সৌমাৰত ৰাখি থৈ গ'ল ৷ সেই তাই খাউসকল আজি আমি মৰাণ নামেৰে জানো ৷ মৰাণ এটা তাই ভাষাৰ শব্দ ৷ ম মানে জ্ঞানী,  ৰঞ্ মানে পোখা অৰ্থাৎ জ্ঞানী তাইসকলৰ বংশধৰ ৷
     অষ্টম শতিকাতে ছাম্-লুং-ফাই এই ঠাইৰ বিভিন্ন জাতিসত্ত্বাক জয় কৰি নিজৰ বংশৰ মানুহক ৰজা পাতিছিল ৷ সেই শাসিত জাতিসত্বাসমূহে নৰা ৰাজ্যলৈ কৰ কাটল নিয়মীয়াকৈ পঠিয়াই থকাৰ নিয়ম আছিল ৷
    চাও ছাম্-লুং-ফা প্ৰাচীন তাই বিজেতা বা ৰাজকোঁৱৰ আছিল ৷ তাৰ পৰৱৰ্তী শতিকাবোৰত প্ৰাচীন অসমত অনেক ৰাজবংশৰ উত্থান ঘটিছিল ৷ সৌমাৰপীঠত সাতটা ৰাজবংশ আছিল ৷ সেইকেইটা হৈছে - মৰাণ, বৰাহী,  চুতীয়া,  কছাৰী, চুঙী (ডফলা) , বাৰভূঞা আৰু দৰঙী ৷ সকলোৱে পৃথক পৃথক ৰাজ্য ভোগ-দখল কৰি আছিল ৷
       চাও ছাম্-লুং-ফাই এই মুলুক বিজয সাব্যস্ত কৰি,  নিজৰ বংশধৰক ৰজা পাতি থৈ নিজে নজনাকৈয়েই পৰৱৰ্তী প্ৰজন্মই এটা সোণালী ভেটি গঢ়ি তুলিব পৰাৰ সুযোগ ৰাখি গৈছিল ৷ ছাম্-লুং-ফা আহি ঘূৰি যোৱাৰ চাৰিশ বছৰ পাছত তেখেতৰ বংশধৰ এজনে সেই সুযোগ গ্ৰহণ কৰিছিল ৷ অৱশ্যে সেইয়া আছিল সময়ৰ দাবী ৷ অশেষ ত্যাগ স্বীকাৰ কৰি সেই বংশধৰ জনে মাওলুং১ ৰাজ্যৰ পৰা প্ৰব্ৰজন আৰম্ভ কৰিছিল ৷ সেই সময়ৰ নৰা ৰজা ছ্যু-খাম্-ফাই  লগত বয়বস্তু, মানুহ দুনুহ দি প্ৰব্ৰজন কৰোঁতা জনক পাটকাই পৰ্বতৰ নামনিলৈকে আগবঢ়াই থৈ গৈছিলহি ৷ ছাম্-লুং-ফাৰ যিজন বংশধৰ এই মুলুকলৈ প্ৰব্ৰজন কৰি চিৰদিনৰ বাবে আহিছিল সেইজনেই আছিল অসমীয়া জাতিৰ পিতৃপুৰুষ,  প্ৰথমজন অসমীয়া চাওলুং ছৗ-কা-ফা ৷
      সৌমাৰপীঠলৈ ছৗ কা ফাৰ লগত তিনিগৰাকী ৰাণী,  দুজন মন্ত্ৰী , পাঁচজন কোঁৱৰ,  চাৰিজন দেওধাই পণ্ডিত,  সাতঘৰ আহোম ডাঙৰীয়া (উচ্চ বিষযা) , ৯০০০ সৈন্য,  ৩০০০ ঘোঁৰা আৰু ঘোঁৰাচোৱা, এটা দঁতাল হাতী,  এজনী মাখুন্দী আৰু এজন মাউত আহিছিল ৷ ৰাণী তিনিগৰাকী আছিল যথাক্ৰমে আই-মে-চাও-লো,  নাং-চেন-চুম-ফা আৰু য়ি-লো-ৱেং-চি-চুম-ফা ৷ মন্ত্ৰী দুজন ক্ৰমে থাও-মুং-ক্লিন-লুং-মাংৰাই(বুঢ়াগোহাঞি) আৰু থাও-মুং-কাং-ঙান(বৰগোহাঞি) ৷ পাঁচজন কোঁৱৰ ক্ৰমে খুন-বা, খুন-বিং,  খুন-চেং, খুন-ফু-কিন্ আৰু খুন ফ্ৰং ৷ চাৰিজন দেওধাই পণ্ডিত ক্ৰমে থাও-মং-লুং-কাং(দেওধাই) , থাও-খেন-লুং (মহন) , চাও-ফ্ৰাং আৰু থাও-মং-ম-ছাই(বাইলুং)  ৷

ছৗ-কা-ফাৰ লগত অহা পুৰোহিতে তেখেতৰ ইষ্ট দেৱতা চোম-চেং বা চোম-দেওৰ  বিগ্ৰহো লৈ আহিছিল ৷ তদুপৰি ছৗ-কা-ফাই খাৰ-বাৰুদসহ এবিধ হিলৈ বা বৰটোপো লগত আনিছিল ৷
           এই গোটেই কথাবোৰৰ পৰা অনুমান কৰিব পাৰি যে চাওলুং ছৗ-কা-ফাই পৰিয়াল সহ এক দুৰ্জয় বাহিনী লগত লৈ আহিছিল ৷
         ছৗ-কা-ফাই প্ৰব্ৰজন কৰি পাটকাই অভিমুখে হুকং উপত্যকাৰ মাজেদি আহিছিল ৷ এই উপত্যকাৰ মাজেৰে আহোঁতে হুকং উপত্যকাৰ বহু তাই ছৗ-কা-ফাৰ লগ লাগিছিলহি ৷  তদুপৰি বুৰঞ্জীয়ে উল্লেখ নকৰিলেও চিৰদিনৰ বাবে দেশ এৰি থৈ অহা ছৗ-কা-ফাৰ সহযাত্ৰী সকলে  ল'ৰা-তিৰোতাও যে লগত আনিছিল সেই কথাও ভাবিবৰ থল আছে ৷
       ছৗ-কা-ফাই হুকং উপত্যকাৰ মাজেদি  পাটকাই অভিমুখে আহি থাকোঁতে বাটে বাটে পৰ্বতীয় গাওঁবোৰ দমন কৰি আহিছিল ৷ হুকং উপত্যাকাৰ পৰা আৰম্ভ কৰি পাটকাই পৰ্বতমালাৰ পাদদেশ পৰ্যন্ত বিস্তৃত অঞ্চল বিশেষত বসবাস কৰা জাতিবোৰক দমন কৰোঁতে ছৗ-কা-ফাই তেৰ বছৰ কাল ব্যয় কৰিবলগীয়া হৈছিল ৷
       হুকং উপত্যকা অতিক্ৰম কৰাৰ পাছত ছৗ-কা-ফা পৰ্বত পালেহি ৷ তেখেতে প্ৰথমে অতিক্ৰম কৰা পৰ্বতটোৰ নাম ৰাখিলে দৈ-খাম ৷ দৈ খাম পৰ্বত পাৰ হৈ ছৗ-কা-ফাই যিখন নদী পালে তাৰ নাম ৰাখিলে খাম-খাং ৷ এই নদীখন গৈ এটা হ্ৰদত পৰিছেগৈ ৷ এই খাম-খাং নদীয়েদি ভটিয়াই গৈ ছৗ-কা-ফাই নাং-য়াং টু হ্ৰদ পালে ৷ এই হ্ৰদৰ পাৰতে তেখেতে কিছুদিন ৰ'ল ৷ এই হ্ৰদৰ পাৰত ছৗ-কা-ফা জিৰণি লোৱা স্মৃতিচিহ্ন পৰৱৰ্তী কালত পোৱা গৈছে ৷ মেজৰ চি.আৰ. মেকগ্ৰিক চাহাবে সেই ঠাইত ১৮৮৪ চনত জৰীপ চলাওঁতে এটা শিলত আহোম ভাষাত ' ছৗ-কা-ফা' নামটো খোদিত কৰি থোৱা পাইছিল ৷
     নাং-য়াং হ্ৰদৰ পাৰত থাকোঁতে ছৗ-কা-ফাই ইয়াৰ ওচৰে-পাঁজৰে থকা নগা গাঁওসমূহ দমন কৰি নিজৰ তলতীয়া কৰিছিল ৷ তলতীয়া গাওঁসমূহক লৈ ছৗ-কা-ফাই এখন ৰাজ্য গঠন কৰি কাং-ফ্ৰং-মং নামৰ এজন বিষয়াৰ হাতত শাসনভাৰ অৰ্পণ কৰে ৷ তাৰ পাছতে তেখেতে নাং-য়াং হ্ৰদৰ পাৰ ত্যাগ কৰি পাটকাই অভিমুখী হয় ৷ হ্ৰদৰ পাৰত নিজৰ সৈন্য বাহিনী গণি চাই ছৗ-কা-ফাই  ৬৭ জন সৈন্য কম পোৱাত দেওধাই,  মহন আৰু বাইলুং পণ্ডিতক বুৰঞ্জী লিখিবলৈ আদেশ দিলে ৷ অৱশ্যে তাই জাতিৰ বুৰঞ্জী লিখা প্ৰথা আগৰে পৰাই চলি আহিছিল ৷ ছৗ-কা-ফাৰ আদেশত তেতিয়াৰে পৰা আহোমৰ বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হ'ল ৷ আহোমৰ শ্ৰেষ্ঠ অৱদান ' বুৰঞ্জী সাহিত্য ' ৰ তেতিয়াৰে পৰা সূচনা হয় ৷

দৈ-কাও-ৰাং অৰ্থাৎ পাটকাই পৰ্বতলৈ উঠি আহি ছৗ-কা-ফা তাতে কিছুদিন ৰ'ল ৷ ছৗ-কা-ফাই পৰ্বতত থকা নগা গাওঁসমূহ দমন কৰিবলৈ নিজৰ প্ৰধান বিষয়া সকলক আদেশ দিলে ৷ প্ৰথমে গাওঁসমূহক বশ্যতা স্বীকাৰ কৰিবলৈ কোৱা হ'ল ৷ ছৗ-কা-ফাৰ আদেশ নামানি বহুতে যুদ্ধ ঘোষণা কৰাত ছৗ-কা-ফাই নগা গাঁওবোৰক কঠোৰ হাতেৰে দমন কৰিলে ৷ ছৗ-কা-ফাই দিয়া ভয়ানক শাস্তি দেখি বহুতে ভয়তে বশ্যতা স্বীকাৰ কৰিলে ৷ দৈ-কাও-ৰাঙত নিজৰ অধিপত্য স্বীকাৰ কৰি ছৗ-কা-ফাই পাংটো গিৰিপথেদি সৌমৰপীঠৰ ফালে আহিল ৷ দৈ-কাও-ৰাং বা পাটকাই পাৰ হৈ ১২২৭ খ্ৰীষ্টাব্দত ছৗ-কা-ফাই  যি ঠাই পালেহি সেই ঠাই হ'ল তি-পাম ৷ সেই ওখ আহল বহল চাপৰিটোত ভৰি দিয়াৰ লগে লগেই ছৗ-কা-ফাৰ মুং-ডুন-চুন-খামত প্ৰথম ঐতিহাসিক পদাৰ্পণ কৰা হৈ গ'ল ৷ সেই দিনটো আছিল ১২২৮ খ্ৰীষ্টাব্দৰ ২৬ আঘোণ ৷ ইংৰাজী ২ ডিচেম্বৰ ৷ অসমীয়া জাতিৰ পিতৃপুৰুষৰ সেইয়া আছিল সোণালী খোজ আৰু ছশ বছৰীয়া আহোম ৰাজত্বৰ সূচনা কালৰ আগমূহুৰ্ত ৷
    দৈ-কাও-ৰাং বা পাটকাই পৰ্বত পাৰ হৈ আহি সৌমাৰপীঠত ছৗ-কা-ফাই আহোম ৰাজত্বৰ প্ৰথম ৰাজকাৰ্য আৰম্ভ কৰিছিল ৷ প্ৰথমে ছৗ-কা-ফাই তি-পামত তিনিবছৰ কটালে ৷ তেখেতে তি-পামত খেতি কৰি ভঁৰাল বান্ধিলে ৷
      উল্লেখযোগ্য যে সেই সময়ত এই মুলুকৰ মানুহে কেৱল আহু খেতি হে কৰিব জানিছিল ৷ ছৗ-কা-ফাই উন্নত কৃষি পদ্ধতিৰে বিপ্লৱ সূচনা কৰিলে ৷ এই ঠাইৰ বাসিন্দা সকলে কঠিয়া নপৰাকৈ বাম মাটিত আহু কৰিছিল ৷ ছৗ-কা-ফাই সাপ- বেঙৰ ৰাজ্য হৈ পৰি থকা পিটনি গেৰেকণি চাফা কৰি দ মাটিত শালি খেতি কৰিলে ৷ দ পিটনি গুচাই কৰা শালি খেতি নদন বদন হৈছিল ৷ তাকে দেখি বাকী মানুহবোৰে তবধ মানিলে ৷ ছৗ-কা-ফাই সূচনা কৰা এই কৃষি পদ্ধতিয়ে অৰ্থনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিলে ৷ তাই সকলৰ এই 'কৃষি অৰ্থনীতি'য়ে এখন ৰাজ্য প্ৰতিষ্ঠা কৰাত তাইসকলক ব্যাপকভাবে সহায় কৰিলে ৷ কাৰণ তাইসকলৰ এই চমৎকাৰ কাৰ্যই সেই সময়ৰ খিলঞ্জীয়া মানুহখিনিক বাৰুকৈয়ে আকৃষ্ট কৰিলে আৰু কালক্ৰমত তেওঁলোকে তাই মানুহৰ 'তলত' কাম কৰিবলৈ কুন্ঠাবোধ নকৰিলে ৷ এইবোৰৰ লগতে ছৗ-কা-ফাৰ 'সাম্য আৰু মৈত্ৰী নীতি'য়েও বহু পৰিমাণে প্ৰভুত্ব স্বীকাৰ কৰি লোৱাত বিশেষভাৱে অৰিহণা যোগালে ৷বৰাহীসকলৰ বহুতেই এনেদৰে কোৱা-মেলা কৰিলে যে " এই ৰজা প্ৰজাখন আহি আমাক ছলেৰে ৰণুৱা কৰি লোৱা স্বতেও আমাৰ বেয়া লগা নাই বৰং এইদৰে খাটি-লুটি অহা যোৱাকৈ থাকিবৰহে মন যায় ৷ "

ছৗ-কা-ফাৰ  আগৰ অভিযানকাৰী ছাম-লুং-ফাই এই মুলুকত জয় কৰি যোৱা অঞ্চলসমূহৰ প্ৰজাসকলৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল ৷ নগা, মৰাণ, বৰাহী,  চুতীয়া আদি প্ৰজাসকলৰ পৰা কৰ আদায় কৰিবলৈ ছাম-লুং-ফাই ইয়াত তিনিজন কৰতোলা বিষয়া পাতি থৈ গৈছিল ৷ তেওঁলোকে নিয়মিয়াকৈ মাওছান ৰাজ্যলৈ কৰ পঠিয়াই আছিল ৷ কিন্তু ছৗ-কা-ফা অহাত বিষয়া সকলে ছৗ-কা-ফাকে কৰ শোধাবলৈ ল'লে ৷ ছৗ-কা-ফাই তেতিয়া তেওঁলোকক যথাযোগ্য উপাধি প্ৰদান কৰিলে ৷ পুৰণি বিষয়াই ছৗ-কা-ফাই সহায় কৰিলত তেখেতে বিষয়া কৰ্মচাৰী নিয়োগ কৰি অসমত আহোম ৰাজত্বৰ সূচনা কৰিলে ৷
    তিপামত তিনি বছৰ কাল থকাৰ পাছত দিহিং নৈৰ বানপানীয়ে আমনি কৰাত ছৗ-কা-ফা অভয়াপুৰলৈ ভটিয়াই গ'ল ৷ অভয়াপুৰত তিনি বছৰ  থাকি সুচল নাপাই শালগুৰিলৈ ভটিয়ালে ৷ ইয়াৰ পিছতে ভটিয়ালে হাবুঙলৈ ৷ তেতিয়া দিহিং আৰু লুইতৰ মাজৰ অঞ্চলটোৱেই আছিল হাবুং ৷ বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ ঠাইখিনিয়েই হাবুং ৷ বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ ঠাইখিনিয়েই হাবুং ৷ হাবুঙত চাৰি পাচঁ বছৰ থাকি লুইতৰ বানপানীৰ অত্যাচাৰত ছৗ-কা-ফা দিখৌ নদী পালেহি ৷ তেখেতে দিখৌ নাম দিলে খে-নাম-চাউ অৰ্থাৎ নিৰ্মল পানীৰ নৈ ৷ সেই সময়ত দিখৌ লুইতত পৰাৰ সলনি দিহিঙতহে পৰিছিল ৷ দিখৌৰ পাৰতো সুচল নেদেখি ছৗ-কা-ফাই দিখৌৱেদি উজাই দিলিহ নৈৰ মুখ পালেহি
 ৷ দিলিহৰ ঘোদা পানী দেখি নাম থ'লে নাম-খুন অৰ্থাৎ ঘোলা পানীৰ নৈ ৷ দিলিহৰ পৰাও উজাই গৈ নাম-দাং অৰ্থাৎ ৰঙচুৱা পানীৰ নৈৰ মুখ পালেগৈ ৷ নাম-দাঙত ছৗ-কা-ফা নৰ'ল ৷ কাৰণ এই ঠাইৰ আশে-পাশে অনেক জনবসতি ৷ অচিন ঠাইত বিপদৰ সম্ভাৱনাও বেছি ৷ তেখেতৰ নাম-দাঙেদি নগৈ পুনৰ দিখৌৱেদি উজাই গৈ ছং-টক (বৰ্তমান চন্টক) পালেগৈ ৷ ইয়াত ছৗ-কা-ফা চাৰি বছৰ থাকি এখন প্ৰদেশ পাতি তা-খুন লাকক শাসনকৰ্তা নিয়োগ কৰিলে ৷ তাৰ পিছত সদলবলে শিমলুগুৰিৰ ফালে ভটিয়াই ফালে ভটিয়াই গৈ তাতে ৰৈ অঞ্চলটো কিছুদিন ধৰি পৰ্যবেক্ষণ কৰিলে ৷
       শিমলুগুৰত থাকোঁতে ছৗ-কা-ফাই মৰাণ আৰু বৰাহী জাতিৰ মানুহক লগ পাইছিল ৷ এওঁলোকৰ পৰা কোনোধৰণৰ আসৈ নাপাই শিমলুগুৰিৰ ভিতৰুৱা অঞ্চলবোৰলৈ সোমাই গৈ পৰ্যবেক্ষন কৰিলে ৷ তাতে এটা পাহাৰ দেখি আগুৱাই গৈ পাহাৰটোত ১২৫৩ খ্ৰীষ্টাব্দত নুনি গছৰ তলত দুটা ঘোঁৰা বলি দি দেওধাই পণ্ডিতৰ হতুৱাই পূজা কৰোৱাই স্হায়ী ৰাজধানী পাতিলে ৷ এই ৰাজধানীয়েই চৰাইদেউ অৰ্থাৎ পৰ্বতত জিলিকি থকা নগৰ ৷ এই চৰাইদেউ বা চে-ৰাই-দৈ হৈছে আহোমৰ প্ৰথম ৰাজধানী ৷ অসম আৰু অসমীয়া জাতিৰ প্ৰথমজন অসমীয়াই স্থাপন কৰা ইতিহাসৰ জীয়া সাক্ষী ৷