সম্পাদকীয় প্ৰসংগ: উগ্ৰ হিন্দুত্ববাদ



অসম দেশত বৰ্তমান পঠালিফোঁটাৰ ৰাজত্ব ৷ পঠালিফোঁটাৰ ফুচফুচনিত আমাৰ খাৰ খোৱা এচামে হাত উজান দি এনেকুৱা প্ৰচাৰত লাগিছে যেন এইখন দেশত বসবাস কৰা ভূমিপুত্ৰ সকলে আদিম যুগৰ পৰাহে হিন্দুৰ গোমূত্ৰ পান কৰি আছিল ৷  এইখন চাও লুঙ ছৗ কা ফাই ধৰ্মীয় মতাদৰ্শক পৃথক কৰি একতাৰ, সমতাৰ,  ধৰ্মনিৰপেক্ষতাৰ নীতিৰে গঢ়ি থৈ যোৱা দেশ ৷ নিজস্ব স্বকীয় ধৰ্ম থকা স্বত্বেও প্ৰজাৰ ওপৰত জাপি দিয়াৰ চেষ্টা ছৗ কা ফাৰ পূৰ্বসূৰী কোনো এজন স্বৰ্গদেউৱে চেষ্টা কৰা নাছিল ৷ বিশাল ব্যক্তিত্বৰ অধিকাৰী আমাৰ প্ৰতিজন স্বৰ্গদেৱে হয়তো বুজি পাইছিল,  ধৰ্মই কেতিয়াও সমাজত ঐক্যৰ বীজ ৰোপণ কৰিব নোৱাৰে ৷ সকলোকে নিজৰ ধৰ্ম নীতি নিয়ম মানি চলাত সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিছিল ৷ সেই অনুক্ৰমেই চলি থকা ধৰ্মীয় ভাৱাদেশৰ ফলশ্ৰুতিত স্বাধীনতাৰ আন্দোলনৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত চলি থকা সাম্প্ৰদায়িকতাৰ বিষে অসমত প্ৰৱেশ কৰিব নোৱাৰিছিল ৷
         বহুতেই কব বিচাৰে এইখন শংকৰদেৱৰ দেশ ৷ অনস্বীকাৰ্য যে অসমীয়া সমাজত শংকৰদেৱৰ অৱদান আছে ৷ কিন্তু আমাৰ স্বৰ্গদেউসকলে এই ৰাজ্যত শান্তিৰ এক পৰিৱেশ সৃষ্টি কৰি নোথোৱা হ'লে পাৰিলেহেঁতেন নে শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিবলৈ?  আৰু শংকৰদেৱৰ মতাদৰ্শক লৈ অসমত বৰ্তমান হিন্দুত্বৰ নামত কিমান ধৰ্মৰ সৃষ্টি হ'ল আমি হিচাপ কৰিছোঁনে?  শংকৰ সংঘ,  ভাগৱতীয়া, অনুুকুল, কৃষ্ণগুৰু,  সত্ৰীয়া আৰ্হিৰ চাৰিভাগৰ কথা নকলোৱে,  তেৰাসৱৰ ধৰ্মই কিমান এতিয়া ঐক্যতা ধৰি ৰাখিছে,  নিজৰ গাঁওখনত ভুমুকি মাৰিলেই উমান পাব পাৰি ৷ এখন গাঁৱত চাৰি পাঁচটা নামঘৰ,  চাৰি পাঁচটা খেল ৷ এই খেলবোৰৰ মাজত ইটোৱে সিটোৰ হাতে চলা নচলা বিবাদবোৰ আছেই ৷  তেন্তে হিন্দুত্ববাদৰ মিছা আস্ফালন কৰি আমি নিজৰ মাজত মৰিছোঁ কিয়?  পিতৃ-উপৰি পুৰুষলৈ উচৰ্গাক পিঠি দি পঠালি ফোঁটাৰ ফোঁট লৈ মুক্তি বিচাৰি নিজৰ মাজত ওখনাওখনি কৰি থকাত কৈ নিজক আহোম বুলি নোকোৱাই মংগল ৷
         প্ৰাগঐতিহাসিক যুগৰ পৰা আহোমৰ ৰাজত্বকালৰ সময়চোৱালৈকে অসমৰ সামগ্ৰিক ইতিহাসৰ বস্তুনিষ্ঠ অধ্যয়নৰ অভাৱত অসমীয়া নামৰ অস্তিত্বটো হিন্দুত্ববাদৰ পাকচক্ৰত ভাগি যোৱাৰ বৰ্তমান উপক্ৰম ঘটিছে ৷  মন কৰিবলগীয়া যে পৌৰাণিক কল্পিত কাহিনী বাদ দি মহাভাৰত, ৰামায়ণক বিস্তৃত্ব অধ্যয়ন কৰা যিকোনো ব্যক্তিয়ে স্বীকাৰ কৰিব যে কামৰুপৰ কামদেৱৰ কাহিনী,  ৰুক্মীণি হৰণ এইবোৰ প্ৰকৃত ৰামায়ণ, মহাভাৰত ৰচনা হোৱা বহু শতিকাৰ পাছতহে নতুনকৈ এইবোৰ সংযোগ ঘটিছিল একমাত্ৰ আৰ্য সংস্কৃতিৰ বিকাশৰ উদেশ্যত ৷ প্ৰকৃততে এইখন আছিল অনাৰ্যৰ দেশ,  সেইকাৰণে এই দেশত দেৱতাৰ জন্ম নহৈছিল ৷ হৈছিল নৰকাসুৰ, বাণাসুৰৰ দৰে ৰজাৰ ৷ এইবোৰ আৰ্যকৰণৰ নমুনা ৷ হিন্দুত্ববাদৰ উদাৰতা ৷ আৰু এইখন অসমৰে কুষ্মাণ্ড এসোপাৰ গোমুত্ৰৰ নিচা ইমান লাগিল যে , নিজৰে ইতিহাস পঢ়িব নজনা হ'ল ৷ ফলত মৰ নিজৰ মাজত হিন্দু হিন্দু বুলি টেটু ফালি ৷ ইফালে হিন্দুৰ নামতে অসমীয়াক গামোচাৰে, বিভিন্ন ব্যক্তিৰ নামেৰে বলিপঠা সজাইছে,  উমঘামেই নাই ৷
       হিন্দুত্ববাদৰ সৃষ্টিৰ বহু আগতেই অসমত অসমীয়াৰ জন্ম হৈছিল আৰু হিন্দুত্ববাদৰ স্পৰ্শ নকৰাকৈ আমি অসমীয়া হিচাপে আজিও নিজক সজাগ কৰাটোহে এজন প্ৰকৃত অসমীয়াৰ দ্বায়িত্ব কাৰণ অসমীয়া মানেই হিন্দু নহয় এই কথাটো অনুধাৱন কৰিব নোৱাৰিলে অসমীয়া নামৰ শব্দটো যে বাচি নাথাকিব খাটাং ৷