নৱপ্ৰজন্মৰ দৃষ্টিত তাই আহোমসকলৰ ধৰ্মীয় লোকাচাৰ ණ...নাঙ ধৰিত্ৰী গগৈ ফুকন, জজলী লেচাই হাবি



        মানুহ হিচাপে জন্ম লৈ জীয়াই থাকিবলৈ আমাক এখন মানৱ সমাজৰ প্ৰয়োজন হয় । এই সমাজখন শৃংখলাবদ্ধভাৱে পৰিচালিত  হ’লেহে তাত  শান্তি বিৰাজ কৰে । সেয়ে সমাজ পৰিচালনাৰ প্ৰয়োজনত  সমাজৰ অভিজ্ঞ ব্যক্তিসকলে  কিছুমান নীতি-নিয়মৰ প্ৰৱৰ্ত্তন কৰি সকলোৰে মাজত  প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে । অৰ্থাৎ পৰোক্ষভাৱে কবলৈ গ’লে  যি নীতি-নিয়মৰদ্বাৰা এখন সমাজৰ মাজত ঐক্য  , শান্তি-সম্প্ৰীতি , শৃংখলা অটুত থাকে  সেই নিয়মবোৰৰ সমষ্টিকে আমি “ধৰ্ম” বুলি বুজোঁ ।

      আহোমসকলৰো নিজৰ মাজতে কিছুমান  সৰ্বসন্মত  ,উদাৰ নীতি-নিয়ম আছে । তেওঁলোকে সহজে আনৰ মাজত নিজৰবোৰ বিলাই দিবলৈয়ো  যিদৰে প্ৰস্তুত  একেদৰে আনৰপৰা  নোলোৱাকৈয়ো থকা নাই । সকলো ধৰ্মীয় সমাজৰ সৈতে মুক্তমনেৰে খাপ খাই  পৰিবপৰা মানসিকতাৰে আহোমসকল  সচাঁকৈয়ে বহুতৰ বাবে আদৰ্শস্বৰূপ । অৱশ্যে শেষতীয়াকৈ বহু আহোমে নিজৰ উদাৰ ধৰ্মীয়(নামবিহীন)  নিয়মৰপৰা ধৰ্মান্তৰিত হৈ আন ধৰ্মৰ ধৰ্মীয়  গোড়ামীৰ কবলত পৰি নিজৰ ৰাজকীয় পৰিচয় পাহৰাৰদৰে হ’ল । নিজৰ মাজতে ভেদ-ভাৱ , ঘৃণা , হিংসা-খিয়লা সৃষ্টি কৰি আহোম জাতিটোৰে ৰাজহাড়জাল কোঙা কৰি পেলালে ৷ ফলত আন সহোদৰ জাতি-জনগোষ্ঠীৰ লগত আহোমৰ  দূৰত্ব  বৃদ্ধি হ’ল ।

         এতিয়া  প্ৰশ্ন হ’ল আহোমসকলে নিজৰ পালনীয় নীতি-নিয়মসমূহক  কোন ধৰ্মৰ নামৰ অন্তৰ্ভূক্ত কৰিব ? ইয়াৰ উত্তৰ পোনপটীয়াকৈ দিয়াটো সহজ নহয় ।

         মূলতঃ প্ৰথম কথা হ’ল , আহোমসকল  বাস্তৱবাদী মানুহ । জীৱিতসকলক প্ৰাপ্য  অনুসাৰে সন্মান জনোৱাত কোনেও কৃপণালি নকৰে আৰু সম্বন্ধবোৰ সদায় নিয়াৰিকৈ পালন কৰে । জন্মৰ ডাঙৰ-সৰুতকৈ  বংশৰ ডাঙৰ-সৰুকহে আহোমসকলে  আগস্থান দিয়ে । ফলত বৃদ্ধ বয়সৰ ব্যক্তিজনেও বিনাসংকোচে  নিজতকৈ কনিষ্ঠজনক ককাই-দদাই-নিচাও বুলি সম্বোধন কৰে । ব্যক্তিগতভাৱে মোকো  বয়সত স্বামীতকৈয়ো জেষ্ঠ্য বহুজনে  বৌদেউ-খুৰীদেউ-আপাদেউ-আইতা-য়ানাইদেউ বুলি সম্বোধন কৰি মাতে । মই নিজেও মোতকৈ বয়সত কনিষ্ঠ বহুজনৰ লগত  বৰজনা-জাশাহুৰ সম্বন্ধ  মানি চলিবলগীয়া হৈছে । এইক্ষেত্ৰত   এটা কথা লক্ষ্য কৰিবলগীয়া যে  সম্বন্ধ যিয়েই নহওক কিয় , ইজনে সিজনৰ বয়সৰ সন্মানকো সদায় গুৰুত্ব দিয়ে । অৰ্থাৎ  ভতিজাজনকো বয়সত  জেষ্ঠ্য  হোৱাৰ বাবে পোনে পোনে  “তুমি” বুলি নকৈ “আপোনা-আপুনি” বুলি আৰু সম্বন্ধত বোৱাৰী  হ’লেও বয়সত জেষ্ঠ্য  বাবেই  “আপুনি” বুলি সম্বোধন কৰা দেখা যায় । অৱশ্যে  বৰ্তমান আধুনিকতাৰ সৈতে সহবাস কৰাসকল আৰু নিজৰ অধিকাৰক লৈ সচেষ্টসকলৰ কথা অলপ বেলেগ ।

     দ্বিতীয়তে ,  আহোমসকল প্ৰকৃততে জন্মান্তৰবাদত বিশ্বাসী নহয় । বৰ্তমানৰ মনুষ্য জনমৰ আগতে কিবা জীৱ হৈ জন্ম লৈছিল বা মৃত্যুৰ পাছতো কিবা জীৱ-জন্তুৰ ৰূপ লৈ জন্ম লোৱা কথাটো  আহোমে  বিশ্বাস নকৰে । সেয়ে এজন ব্যক্তিৰ মৃত্যুৰ পাছত  “মৈডাম দিয়া বা শৱদাহ কৰা” যি পদ্ধতিৰে সৎকাৰ নকৰক  কিয় , তিলনী-দহা-কাজকৰ্ম কৰাৰ পাছত ছমহীয়া-বছেৰেকীয়া আদি অনুষ্ঠান অনুষ্ঠিত কৰে । যদিহে মৃতজনৰ আত্মাই পুনৰ ক’ৰবাত আন জীৱৰ জন্ম ল’লেই তেন্তে  এই ছমহীয়া-বছেৰেকীয়াৰ লগতে  বছৰে বছৰে “মৃতকক দিয়া” অনুষ্ঠান পতাৰ একো অৰ্থই নাই । বহুতে ভাৱে কেৱল মৈডাম সমাধিষ্ঠ কৰি “ডাম-ফি” কৰাসকলহে আহোমৰ মূলসূতিত আছে । আচলতে সেয়া সচাঁ নহয় । ধৰ্মান্তৰিত হৈ আহোমৰ নীতি-নিয়ম এৰিলোঁ বুলি জয়ঢোল বজোৱা কোনোজনে  নিজৰ মৃত পিতৃ-মাতৃৰ মৃত্যুক সোঁৱৰণ কৰি নিয়মবিহীনভাৱেই  যদি  একাপ চাহ খোৱা অনুষ্ঠানো  পাতে তাৰপৰাই তেওঁ যে সম্পূৰ্ণভাৱে আহোমত্ব ত্যাগ কৰা নাই সেয়া বুজিব পাৰি ।

      আহোম মানুহ বুলি নিজকে চিনাকি দি গৌৰৱ অনুভৱ কৰাসকলে  বছেৰেকৰ উৎসৱ-পাৰ্বনসমূহত   নিজৰ মৃত পিতৃ-মাতৃ তথা -দৌতিয়েকৰপৰা ঢুকি পোৱা পৰ্য্যন্ত  ওপৰলৈকে মৃতকসকলৰ উদ্দেশ্যি  নিজৰ মূল ৰান্ধনীঘৰত  ঘৰুৱা উৎপাদিত  নিৰ্দিষ্ট  উপাচাৰসহ  উৎসৰ্গা আগবঢ়ায় । কিয় আগবঢ়ায় ? কাৰণ তেওঁলোকে মনুষ্যশৰীৰ ত্যাগ কৰিলে যদিও শৰীৰবিহীনভাৱেই  ঘাইৰান্ধনীঘৰৰ নিৰ্দিষ্ট স্থানত বা ডামখুটাত  ৰৈ থাকি  ঘৰখনৰ  জীৱিতসকলে দেখি নোপোৱা অপায়-অমঙ্গলবোৰৰপৰা  ৰক্ষা কৰি থাকে । যদি  তেওঁলোকে তেনেদৰে  ঘৰখনৰ ৰক্ষাকৰ্তাৰ ভূমিকা লৈয়েই থাকে তেন্তে  আন জীৱৰ জন্ম লবগৈ কেনেকৈ ? ৰহস্য  ভেদ কৰিব নোৱাৰা  সত্যটো যিয়েই  নহওঁক , মৃতকসকলৰ অস্তিত্ব আমাৰ বাবে সদায় গুৰুত্বপূৰ্ণ । তেওঁলোকেই আমাৰ বাবে  দেৱতাও ।

         এইক্ষেত্ৰত আহোম পৰিয়ালৰে  বহুজনে কেতিয়াবা অতি নীচ মন্তব্যও আগবঢ়ায়  যে  মৰি দেও-ভূত হোৱা মানুহৰ নামত বৰ্তমান সময়ত এইবোৰ অন্ধবিশ্বাস মানি থকাৰ অৰ্থ নাই । আচলতে আহোমৰ এই গুৰুত্বপূৰ্ণ  নিয়মটোযে নজনাকৈয়ে  অনাআহোমৰ মাজতো প্ৰচলিত হৈ আছে সেই কথা বহুতে নাজানে । আমি সৰুৰেপৰা দেখি আহিছোঁ যে  সমাজৰ বাবে অৱদান আগবঢ়োৱা নিৰ্দিষ্ট ব্যক্তিসকলৰ তিৰোভাৱ তিথি বুলি  একো একোটা দিন কেলেণ্ডাৰত  থাকে । বহুতে সেই তিথিসমূহ জনাজাতকৈ পালনো কৰে । আনকি নীচ মন্তব্যদাতাসকলো  তাৰেই পৰিপন্থী ।  আহোম বুলি পৰিচয় দিবলৈ  তাতে এটা ডাঙৰ ধনাত্মক কথা আহি পৰে ।  হয় , সমাজখনলৈ অৱদান আগবঢ়োৱাজন গোটেই সমাজৰ বাবেই  পূজ্য । সেয়ে তেওঁৰ জন্মতিথি-মৃত্যুতিথি  সমাজখনে লগলাগি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰে । তাত অন্ধবিশ্বাসৰ কথা আহি নপৰে । কিন্তু  প্ৰতিজন ব্যক্তিৰে পিতৃ-মাতৃয়ে সমাজৰ বাবে অৱদান  আগবঢ়াব নোৱাৰিবও পাৰে বা নোৱাৰেও । সেয়ে  প্ৰতিজন মৃত ব্যক্তি  সমাজৰ পূজ্য  নহবও পাৰে  বা নহয়ো । কিন্তু  প্ৰতিজন ব্যক্তিৰে পিতৃ-মাতৃ  জীৱিত অৱস্থাতে হওঁক বা মৃত্যুৰ পাছতে হওঁক  সন্তানৰ বাবে সদায় পূজ্য । সমাজখনৰ বাবে অৱদান আগবঢ়াব নোৱাৰিলেও  তেওঁলোকে সন্তানক  সমাজখনৰ লগত পৰিচয় কৰি দিয়াৰ বাবেই সন্তানসকল তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ নিৰ্দিষ্ট  দিন-বাৰ ,উৎসৱ-অনুষ্ঠানত  তেওঁলোকক সোঁৱৰণ কৰে । এই সোঁৱৰণী অনুষ্ঠানটোক  “ডাম-ফি” পতা বুলি কোৱা হয় আৰু  ইয়াত কুকুৰাকে ধৰি  ঘৰুৱা উৎপাদিত  নিৰ্দিষ্ট  উৎসৰ্গিত দ্ৰব্য থাকে । ধৰা-বন্ধা এই দ্ৰব্যসমূহৰ বাবে বহুতে  সমালোচনাও কৰা দেখা যায় যে জীৱ হত্যা কৰি মৃতকক সোঁৱৰণ কৰা নিয়মটো  অতি মৰ্মান্তিক । তাৰোপৰি কুকুৰা এজনী  কিনোতে বহন কৰিবলগীয়া খৰচটোও বহুতৰ বাবে ডাঙৰ বোজা ।  তেন্তে কোনো কথা নাই , কটু সমালোচকসকলে  যিদৰে মন যায় সেইদৰেই  সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে । ফুল এপাহ দি নাইবা ধূপ-মম জ্বলাই নাইবা চাহ-মিঠাই পৰিবেশন কৰি নাইবা বুট-মগু-নাৰিকল-কুহিয়াঁৰেৰে নাম-গুণ গাই নাইবা পিতৃ-মাতৃৰ সোঁৱৰণত এখন গহীন আলোচনাচক্ৰ অনুষ্ঠিত কৰিও  “ডাম-ফি” পালন কৰিব পাৰে । সকলোৰে যে  “ডাম-ফি” পালন   পদ্ধতি একে  হবই লাগিব সেয়া বাধ্যতামূলক বুলি নধৰি এৰা-ধৰাৰ মানসিকতাৰে  আগবাঢ়িবলৈ চেষ্টা কৰি  কোনেও কাকো কটু সমালোচনা নকৰাকৈ কামবোৰ কৰি গ’লে জাতিটোৰ পক্ষেই মঙ্গলজনক ।

        আহোম মানুহে পূৰ্বপুৰুষক উৎসৰ্গা  কৰাৰ বাহিৰেও আন এটা অদৃশ্য মহান প্ৰাকৃতিক  শক্তিক বিশ্বাস কৰে যিটোক  “আল্লা , গড্ , ইশ্বৰ”   বা যি বুলিয়েই কোৱা নহওঁক কিয় ! আমি  কেতিয়াবা সেই শক্তিক বিশ্বাস কৰোঁ আৰু কেতিয়াবা নকৰিবলৈয়ো বিচাৰোঁ । মানুহৰ আয়ত্বৰ বাহিৰত থকা সেই নেদেখা মহান প্ৰাকৃতিক শক্তিকে  আহোমসকলে “ফুৰা” বুলি কয় । গছ-লতা , পাহাৰ-সমতল ,সূৰ্য্য-চন্দ্ৰ ,গ্ৰহ-উপগ্ৰহ ,পৃথিৱীকে আদি কৰি জীৱ-জড় আদি সকলো ফুৰাৰে সৃষ্টি বুলি  আহোমসকলে  বিশ্বাস কৰে । সেয়ে কেতিয়াবা নিৰ্দিষ্ট  দিনত  অনুষ্ঠান পাতি  মহান “ফুৰা”জনক উদ্দেশ্যি  অৰ্চনা-বন্দনা কৰা হয় । অৱশ্যে আহোমৰ মাজত মূৰ্ত্তি পূজা-উপাসনাৰ  প্ৰচলনো দেখা নাযায় ।    

                 জীৱিতজনৰপৰা মৃতজনলৈকে আৰু  সমাজ-প্ৰকৃতিৰ প্ৰতি সন্মান জনোৱা বা কৰ্তব্য পালন কৰা যি নিয়ম সেই নিয়মসমূহক  পূৰ্বতে  এটা নিৰ্দিষ্ট নামেৰে নামাকৰণ কৰা হোৱা নাছিল । কিন্তু  ৰজাঘৰীয়াৰ আদৰ্শৰে প্ৰজায়ো হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ ওপৰিও বৈষ্ণৱ আদৰ্শ  গ্ৰহণ কৰাৰ ফলত সমাজখনত যি ধৰ্মীয় বিশৃংখলতাই দেখা দিলে  সেয়া লক্ষ্য  কৰি ১৯৭৩চনত “সদৌ অসম মহন-দেওধাই-বাইলুঙ সন্মিলন” আৰু আহোম সমাজৰ শুভচিন্তক  বুদ্ধিজীৱীৰ আলোচনামৰ্মে  আহোম মানুহে পালন কৰা পৰম্পৰাসমূহক “ফুৰালুঙ” বুলি নামাকৰণ কৰা হ’ল । যদিও ফুৰাৰ অস্তিত্বক মানি লৈ এই “ফুৰালুঙ” নামাকৰণ কৰা হ’ল , শেষতীয়াকৈ  অধ্যয়ণশীল বহুজনে মত প্ৰকাশ কৰা  দেখা গৈছে  যে ফুৰাৰ অস্তিত্বক  অবিশ্বাসৰ  বাহিৰে আহোমৰ বাকী পৰম্পৰাসমূহ “তাও” দৰ্শনৰ অন্তৰ্গত । সেয়ে কিছুমানে ধৰ্মটোৰ নাম “তাও” বুলি কব বিচাৰে । “তাও” এটা প্ৰাচীন দৰ্শন । অধ্যয়ণ কৰাসকলে মতামত প্ৰকাশ কৰে “তাও”ৱেই হ’ল পৃথিৱীৰ সৰ্বোত্তম বিজ্ঞানসন্মত ধৰ্ম ।

        ইয়াৰোপৰি বৰ্তমান  সময়ত বহুতে বিশ্বৰ অন্য  ত্তাঈসকলৰ সৈতে একত্ৰিত হোৱাৰ স্বাৰ্থত আহোমৰ ধৰ্মটো  “বৌদ্ধ” বুলিও কব খোজে ।

      আমাক এতিয়া এটা সদুত্তৰ লাগে যে আহোমৰ ধৰ্মটোৰ নাম কি হ’লে আমাৰ জাতিটোৰ লাভ হব । আমাৰ ব্যক্তিগত পচন্দ-অপচন্দক অগ্ৰাধিকাৰ নিদি আমি জাতীয় স্বাৰ্থক আগস্থান দিলে  ক্ষতি আছে নেকি ?

     এই চিন্তা পঢ়ুৱৈসকলৰ ওপৰত জাপি  নিজৰ  মনোভাৱো ব্যক্ত কৰা ভাল বুলি  ভাৱিলোঁ ।

       ১/আহোমৰ ধৰ্মৰ নাম “ফুৰালুঙ” হ’লে তাত  ফুৰা আৰু তাও দুয়োটাই সোমাই থাকিব ।

       ২/ আহোমৰ ধৰ্মৰ নাম “তাও” হ’লে  তাত  ফুৰাৰ অস্তিত্ব  নাথাকিব ।

        ৩/ আহোমৰ ধৰ্মৰ নাম বৌদ্ধ  হ’লে  স্ববিৰোধী  নীতি-নিয়মৰ মাজতে আহোম পুনৰ আৱদ্ধ থাকিব  লাগিব । পূৰ্বজন্ম-পৰজন্মৰ বিশ্বাস হিন্দু ধৰ্মত থকাৰ দৰে বৌদ্ধ ধৰ্মতো  বিৰাজমান । বৌদ্ধ মূৰ্ত্তিক  ভগৱান জ্ঞান কৰি  পূজা কৰা বা সন্মান  প্ৰদৰ্শন  কৰা  কাৰ্য্যটোও  আহোমসকলে  সহজভাৱে লোৱা দেখা নাযায় ।

        গতিকে  “ফুৰালুঙ্” এটা  নতুন নামাকৰণ হ’লেও বৰ্তমান  ইয়াৰ প্ৰসাৰতা  আৰু জনপ্ৰিয়তাও কম নহয় । সেয়ে সকলো চালি-জাৰি বিবেচনা কৰি সকলো আহোম একতাৰ ডোলেৰে বান্ধ খাব পৰা ধৰ্ম এটা হ’লে সকলোৰে সুবিধা হয় ।