তাই আহোমৰ বিবাহ পদ্ধতি আৰু চকলঙ ණ...নাঙ দীপালী গগৈ


চকলং আহোম সকলৰ বিবাহ পদ্ধতি। ই তাই ভাষাৰ শব্দ। আহোম সকলে নিজৰ সুকীয়া ভাষা-ধৰ্ম-সংস্কৃতি বহু পৰিমানে এৰি পেলালেও কিন্তু এই বিবাহ  পদ্ধতিটো এৰিব নোৱাৰিলে। “নৰকৰ কন্যা উদ্ধাৰিলে শুচি” বুলি অনা আহোমৰ ছোৱালীও আহোম সকলে চকলং পদ্ধতিৰে অনা উদাহৰণ বুৰঞ্জীত অলেখ আছে। স্বৰ্গদেও ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰাজকুমাৰী কুৰঙ্গনয়নীক এনেদৰে বিয়া কৰাই আনিছিল। “চকলং”  বিবাহ পদ্ধতি পোন প্ৰথমে আহোমৰ দোৱতা লেংদনে অক কাই মহুং দেৱতা ৰজাৰ জোষ্ঠা কন্যা নাং হুন ফাক বিয়া কৰোতেই আৰম্ভ হ’ল আৰু তাৰ পিছৰ পৰাই অ তাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে। তাই আহোমৰ লাই-লিত নাং হুন ফা নামৰ পুথিখনিত ইয়াৰ বিষয়ে লিখা আছে। লংদনে অক-কাই মহুঙৰ কন্যাক বিয়া কৰাম বুলি সুন্দৰ ৰঙা ফুলাম গামোছাৰে “চকলি ভাৰ” বা “ সোধনি ভাৰ” আগবঢ়ায়। লেংদনে ম-লাও খ্ৰিৰ নেতৃত্বত কইনাৰ মাক-দেউতাক আৰু জ্যেষ্ঠজনলৈ পঠিওৱা এই ভাৰখন অক কাই ম হুং ৰজাই সাদৰেৰে গ্ৰহন কৰে। আৰু তেতিয়াই মলাও খ্ৰিয়ে লেংদনৰ হৈ এইদৰে তাই ভাষাতে কয় “লেংদন মৌং ফি নাং ৰুখাম লিত তি ব-ই ফা নু ৰু লেংদন মাউ ছেং ৰেং খাম মুং ফি মুং বাণ নাং ফুং মি হান লোন য়াং মাই জিয়ু নাং হুন ফা কা আও জাম য়ু লেংদন কাই কু ৰাই এন না ছেং ইন চিম লি মেক মো ক’প বাউ প্লু চোং মাউ কা ঐ”। আৰু পাণ তামোলৰ শৰাইখন কইনাৰ মাক-দেউতাকৰ সন্মুখত ৰাখি ছোৱালী খুজিবলৈ আহিছো বুলি কয়। তেওঁলোকেও শৰাইখন হাতেৰে চুই সম্নতি প্ৰদান কৰে। আৰু লগে লগে চকলং পাতিবলৈ সাজু হয়। তেতিয়াৰ পৰাই আহোম সমাজত চকলং প্ৰথা চলিল। আজিকালি অৱশ্যে কিছু হিন্দুৰ ৰীতি-নীতিৰ প্ৰভাৱ পৰিছে। অসমত বসবাস কৰা বৌদ্ধধৰ্মী তাই খামতি, আইতন সকলে এই চকলং পদ্ধতি প-ই-অ-লুঙ মি বুলি কয়। তেখেত সকলৰ এই বিবাহ পদ্ধতিটো বৈদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পৰাই আৰম্ভ হয় বুলি জনা যায়। তথাপিও বহুতো ক্ষেত্ৰত, যেনে কইনা ঘৰলৈ ছোৱালী খুজিবলৈ অনা ‘চকলী ভাৰ’  আৰু কইনা গৈ দৰা ঘৰ সোমোওতে কৰা নিয়ম-প্ৰনালী বিলাক চকলঙৰ সৈতে প্ৰায়ে একে। কিন্তু আহোম সকলৰ চকলং প্ৰথাটো লেংদনে আৰম্ভ কৰা প্ৰায় খৃঃ পূঃ ৫৫৮-ৰ পৰা হয় বুলি অনুমান কৰে।
     আহোম সকলৰ চকলং বিবাহ পদ্ধতিটোত ২০টা নিয়ম আছে। ১. জোৰণ আৰু টেকেলি দিয়া. ২. নোৱনী, ৩.প্ৰীতিভোজ, ৪. ৰিক্ খ্বান উৎসৱ, ৫. দেওবান উৎসৱ, ৬. আপতাঙ কৰা বা গা ধোৱা, ৭. গাঁঠিয়ন খুন্দা, ৮. দৈয়ন দিয়া, ৯. বিবাহ যাত্ৰা, ১০. সোৱাগুৰি তোলা, ১১. দৰা ৰভা তলত মণ্ডপৰ সন্মূখত বহা, ১২.ভিতৰৰ পৰা উলিয়াই আনি দৰাৰ বাওঁফালে কইনাক বহুৱা, ১৩. দৰা আৰু কইনাক সাত পুৰুষৰ বুৰঞ্জী কোৱা, ১৪. চকলং আয়োজন, ১৫. কইনাই দৰাৰ হাতত হেংদান প্ৰদান, ১৬. ম-লুঙে দৰা কইনাৰ যুগ্ম জীৱনৰ বাবে দিয়া উপদেশ, ১৭. সোণৰ আঙঠি আৰু ৰূপৰ টেমি কটাৰী সলোৱাৰ নিয়ম, ১৮. পঞ্চ অমৃত ভোজন, ১৯. কড়ি খেলাৰ নিয়ম, ২০. কইনাই দৰাৰ শয়ন কক্ষলৈ প্ৰবেশ কৰাৰ পাছত পাচঁ জন দেৱতাক কৰা প্ৰৰ্থনা।
(১) জোৰণঃ- তাই আহোমৰ ভাষাত (জু অৰ্থ হৈছে বাস কৰা বা চিৰন্তন আৰু ৰণ, অৰ্থ-যুগ্ম) অৰ্থাৎ একেলগে বাস কৰা। জোৰণ প্ৰদানত দৰাই কইনালৈ পঠোৱা সাজ-কাপোৰ আৰু অলংকাৰপাতি ইত্যাদি। লগতে দুটা মাটিৰ টেকেলিৰে সৈতে আম পাতৰ ডালি আৰু মাটি মাহ, হালধি আদিও আনে। জোৰণৰ আন টোপোলাত ৰূপৰ টেমি কটাৰি আৰু তামোল পাণেৰে ধুনিয়া এখন গামোছাৰে বান্ধি আনে।
     সাধাৰণতে এই জোৰণ দিবলৈ দৰাৰ মাক আৰু লগত বহুতো মতা আৰু মাইকী মানুহো আহে । দৰাঘৰীয়া মাইকী মানুহ বিলাকে প্ৰথমে পাটি পাৰি কইনাক বহুৱায় আৰু তাৰ পাছত কাপেৰ-কানি পিন্ধায়। চুলিত তেল দি ফণিৰে আচুৰি ৰূপৰ তামোল আৰু সোণৰ আঙুঠি থৈ জোৰণৰ নাম গায়, উৰুলি দিয়ে।
     জোৰণ দিয়া মানুহবিলাক ঘৰলৈ উলটি যাওঁতে এটা টেকেলি আৰু মাতি মাহ, হালধিৰ টোপোলা আৰু এখন টেমি কটাৰী কইনাৰ ঘৰৰ পৰা দৰালৈ বুলি লৈ যায়। লগতে কইনাৰ বাপেকে দৰালৈ দিয়া দৰাৰ সজাটো কইনাই চুই দিয়াৰ পাচত লৈ যায়।
     দৰা আৰু কইনা উভয়ে এই টেমি কটাৰী বিবাহ কাৰ্য শেষ নোহোৱা পৰ্যন্ত অনবৰতে হাতত ৰাখে। হাতত এনেদৰে কটাৰী ৰাখিলে বাহিৰৰ কোনো ভূত-প্ৰেতে বা শত্ৰুৱে লম্ভিব নোৱাৰে বুলি বিশ্বাস কৰে।
(২)নোৱনীঃ- অসমত আহোম তথা হিন্দুসকলৰ মাজত বিবাহ কাৰ্যত দৰা-কইনা উভয়কে গা ধোওৱাৰ নিয়ম আছে। তিনিবাৰ নাইবা পাঁচবাৰে গা ধোৱায়। প্ৰথম দিনা আবেলি দৰা-কইনাৰ  মূৰত তোল দিয়াৰ নিয়ম। ইয়াৰ পাছত নোৱাৰৰ নিমিত্তে চাৰিটা বাঁহৰ খুঁটা পুতি তাৰ ওপৰত কলৰ ঢকুৱাৰে সুন্দৰকৈ মেৰিয়াই বেই সাজি লয় । তাৰ ওপৰত তামুলি পীৰা পাৰি গা ধুবলৈ দিয়ে। বেইৰ মাটিৰ তলত বাহিৰৰ ভূত-প্ৰেতে নাপাবলৈ জনবিশ্বাসত এটা কণী, এযোৰ পাণ-তামোলৰ আৰু এটা বেজি পুতি থয়।
     নোওৱাৰ পানী আনোতে তিৰোতাই সকলে নাম গাই ঘটৰ পাণী তুলি আনে। এই পাণী আনি প্ৰথমে ঘৰৰ সন্মুখৰ ছলত অলপ অলপ কৈ তিনিবাৰ ঢালি দিয়ে। ইয়াৰ পাছতে দৰা-কইনা বেই লৈ নোৱাবলৈ উলিয়াই আনে। নোৱাবৰ নিমিত্তে মাহ-হালধি মিহিকৈ বাঢ়ি লয়। লগতে পাণী ঢালিবলৈ কাঁহ বা পিতলৰ কলচী লয়। নোওৱাৰ পাণী আনিবলৈ যাওঁতে দুলৰী এটাত চাউল ভৰাই এগছি চাকিৰে সৈতে পাণ-তামোল আৰু এটা পইছা দিযে। এটা কলচীত আমৰ ডালিৰ পাণী ভৰোৱা হয়। নোৱাবৰ সময়ত দৰা কইনাৰ সন্মুখত এই দুলৰী কলচী আগত থৈ লয়।
     ভোজঃ- সাধাৰণতে দৰা-কইনা উভয়ৰ ঘৰতেই বিয়াৰ কেইদিনমানৰ আগতে একোটা ভোজ দিয়ে। নজন উপৰিপুৰুষ দেৱতাৰ নিমিত্তে এই ভোজৰ আয়োজন কৰে। ইয়াৰ উপৰি কইনা ঘৰত কন্যা ধৰা ভোজ এটি দিয়ে।
      আজিকালি আহোম সকলৰ বিয়াৰ এই ভোজটোৰ কিছু পৰিবৰ্তন হৈছে। আগৰ দিনত এই ভোজত গৰু, মহ, গাহৰী বিভিন্ন ধৰণৰ মাছ, শাক-পাছলি, লুকলাও, নামলাও ইত্যাদি দিয়ে। কিন্তু আজিকালি আহোম সকল প্ৰায়ে বৈঞ্চৱী প্ৰথাত বিয়া পতাৰ বাবে ভক্তি-ধৰ্মৰ কাৰণে এইবিলাক কিছু ত্যাগ কৰিছে আৰু এই দৰে ধৰ্মৰ কাৰণে আহোমে বহুতো মাছ-মাংস খাবলৈ এৰি দিয়াৰ ফলত শাৰীৰিক আৰু মানসিক ভাবে দুৰ্বল হৈ পৰিছে।
     বিয়াৰ সু-মঙ্গল কাৰণে নজন দেৱতাৰ উপলক্ষে উছৰ্গা কৰা এই ভোজত দৰা-কইনাই খাবলৈ কৰাৰ পুৰ্বেই হাতত তামোল-পাণৰ বটা লৈ ৰাইজৰ আগত সেৱা জনায়। ৰাইজে তেওঁলোকক আশীৰ্বাদ দিয়ে।
     ৰিক্ খ্বানঃ- আহোমৰ ৰীতিনীতি মতে ৰিক্ খ্বান দেওৱান আৰু চকলং ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় দিনা পাতে। ‘ৰিক’ মতা, খ্বন দীৰ্ঘ জীৱন। এই উৎসৱত দুজন বা তিনি জন পুৰোহিতে জাকৈ এখন লৈ পুখুৰীৰ পাৰত পাণীৰ দেৱতা খাও খামক পূজা কৰে। এই পূজাত পাণ-তামোল, কুকুৰা কণীদি ভাত আৰু বিভিন্ন ধৰণৰ বস্তু দিয়ে। সাধাৰণতে এই পূজা কৰি দৰা-কইনাৰ দীৰ্ঘায়ু জীৱন মাতি অনা হয়। আহোম সকলে ইয়াক আয়ুস তোলা বুলিও কয়। জাকৈৰে পাণীত চবিয়াই মাছ ধৰি আগলি কলপাতত ভালদৰে আনি দৰা-কইনাৰ মূৰত থৈ ‘চাও নুৰু চাও কাও ঐ’ বুলি দৰা-কইনাৰ দীৰ্ঘায়ুৰ জীৱন কামনা কৰি প্ৰাৰ্থনা কৰে । পাছত সেই মাছ ৰান্ধি দৰা-কইনাক খোৱায়।
     দেওবানঃ- দেওবান বিবাহৰ দ্বিতীয় দিনা পতা হয়। দেও অৰ্থ দেৱতা, বান অৰ্থ সূৰ্য। এই উৎসৱ দৰা-কইনা উভয়ৰে ঘৰত পাতে। তাই আহোমৰ দেৱতা  লাংকুৰী, জান-চাই হুং, লাং ৰেং, লেংদন আৰু জা চিং ফাক পাণ-তামোলৰ শৰাই দি মন্ত্ৰ মাতে-  “চাও নুৰু চাও কাও ঐ, খুন্ থাও নেউ লাঙ কুৰি প’ফিখ্ৰু মেফি ন্যৈউ তাঙ মুবা মঙ ফ্ৰুনা তেউ ফা বা মুকক ঙ নেঙ। জীম, মৌ ফুন্ দ্দিন্ বৌমি ঞা। ৰেন্ লুঙ তেক্ পিন চাও নুৰু চাও ঐ চাওফা জানছাইহুঙ ঙি খ্ৰাইফা লাঙ চাঙ খাই মৌ লেংদন তেকপিন চাউ ঙাউ খ্ৰাইফা লেংদন তেকপিন খুন চ্যু চঙ দঙ কাও ঐ ফি লাৰেঙ বুতেঙ চাও চাম্বা লালা লাখন্ বান্ লালা জ্যু ছি প্লাউ। ম্যুৰান্ লুচিপ চিত্ চান্ কৈ পাঙ কুণদেউ বা ক্লাউ ক্লাউ নাত চাঙ। চাও নুৰু চাও কাও ঐ। চাও ফাফেত  থাম্ খান্ বঙ খান্ খাম তুমুঙ তুতে লুকৰে ফাচাঙ দাম। চঙ চাউ জানাঙ জানাঙ মৌ কেপ ছঙ খাঙ। ছঙ ছাঙ জানাঙ জানাঙ মৌ কেপ চঙ বুন্ । পি পাই লাঙ লাই দাই খুন ফাই নাঙ নাই চম। চাও নুৰু চাও কাও ঐ। তুন ৰু মুঙ লেন্ খাম চা ও ম নেউ চাওফা ক্ব ৰুলাই চামছিপ পোক মৰু হাচিপ পোক চিপ লাই ছিঙ। মুঙ তু চাও লাইচিঙ মুঙ তুখন। চাওফা খাম্ চিঙ মুঙ চাওফা পেনছিঙ মুঙ। নেকব্ব চেঙ তামলা চাওক চা নিক্ খাম্ চ্যু ক্ব চ্যনিক্ ৰু। চাও নুৰু চাও কাও ঐ। বান্ ফি ৰিক খন্ চুঙ মৌ চাও চুঙ মৌমিত চাঙ নাই চাও নুৰু চাও ঐ। নুক তু দাম তি  ৰেন দাম নুক খক্ চক্ তাই পিন্ তাম কা চ্যু খ্ৰই পিন্ ফি। চিমমৌ পয় পিন্ দাম চাও মৌ পয় পিন ফি। চাও তুঙজম্ মৌ চয়কুম ঙি তুঙ দাম মৌ ছয়খেন চাঙ নাই চাও নুৰু চাও কাও ঐ। চাউ ৰূন জুপ তাঙ মেতাঙ বাওচাউ ন্যেঙ চাউ ক্ব নিংচেউ বা নননা মামুন ফুৱেঙ বৌ প্লু ফুলেঙ আই অননামা খুপ মা বই ।চাউ ৰেন মান কৃ কুনফু বাউ নামৰুক কুনফু নিং মৰঙী নাঙ পয় চকলঙ হেউহিত চাউ। চঙ ফুমা ফুমী দি পয়নাঙ তিপম আওমা ৰেম। নাঙ টিৰাঙ প্লুঙ চ প্লুঙ হেউ। জীপ ৰেন জীপ বান চঙ ৰেন চঙ খা ফুমা ফুমী ৰাৱ দেন। পি বৌলু ৰাক চেন পিবৌ জাউ। ৰুম থাও ৰুমকে মাকক খাম কাছাই । চাও নুৰু চাও কাউ ঐ। মেনাই বা বান দি প্লু চেউ হিত কা বান তেউ। নাকনি্ খা মুঙ ৰাপ তই ৰাপ্ খাই ৰাক্ ছি লুঙ ক এ ৰাঙ ছে। জহেউ ছুপ জহেউ বা বানদি খেন্ দি হিত দি হিত খেন। মেনাই মেনাই বা বান দি বান। পিতথু বান কুলা আউটাঙ নাঙনা পাঙ খাঙনা জাঙ। নাঙনা পাঙ খাঙনা ফুন। থঙ মৈ কুপ তাঙফা তঙমৌ খুপ তঙ বুন। আওতাঙ চঙ খনদি মৌ মা থেঙ। নাম তাও দি তুক নামলাই মাকমথুক বৌপু। লুক লাউ দেঙ কাম-নাঙ খাঙ। নাম লাউদেঙ্গ কাম নাঙবুন আওতাঙ কুপ কাই খাই দি চি চপ। কুপ কাই খাই দি লালুঙ। আওতাঙ  খাউ চান্ দি লালুঙ। নু তুক তেউ খ্ৰিঙ তুক বুন হম্ ৰু ৰু হম  চা চা হা ফুন ক্ব বানফি ৰিকখন। চুঙ মৌ চাও চুঙ মৌফি চাও নুৰু চাও কাও ঐ।
দেওবান পূজাত ১২খন ঠুৰীয়া তোমোল, ১২টা কুকুৰা, ছিংকৰা ফুল লুক্ লাও, ভাত আদি দি পূজা কৰা হয়। লগতে এখন শৰাইত পাণ-তামোলেৰে। ঘৰৰ মৃতকলৈও আগ বঢ়ায়। এই উংসৱত মুলুঙে সাতখন কল পতুৱা ডোঙত সাতখন দি, মন্ত্ৰ-দেওবান মন্ত্ৰ মাতে।
     আপতাংঃ- আপ অৰ্থ গাধোৱা, তাং অৰ্থ সৰ্ব মিহলি। আয়ুস তোলাৰ পাছতে আপতাঙ পানী কটা মন্ত্ৰৰে সৰ্ব ঔষধি লৈ দৰা বা কন্যাক গা ধোৱায়। ধোওঁতে এখন চালনিৰ ওপৰত উঠি লৈ এটা কুকুৰা পোৱলী ভৰিৰে গছক মাৰি ধৰি লয়। এজোপা ভাল ভৰপুৰ হৈ থকা বৃক্ষলৈ চাই ফুৰাৰ নাম লৈ সেই পাণী মূৰত ঢালে। ধোৱাৰ শেষত গাত থকা বস্ত্ৰ খহাই পেলাই নতুন বস্ত্ৰ পিন্ধায়। হাতত কাছিলৈ পাছ হুঁহুকি ফুৰাৰ নাম লৈ তিনিতা আঁক মাটিত মাৰি গুচি আহে। আহোঁতে কয় “আজিৰ পৰা কোনো বিপদ-আপদ এই আক পাৰ হৈ মোৰ গালৈ নাহিবা” ।
গাধোৱা পানীত মিহলি কৰা সৰ্ব ঔষধ যেনে, বজ্ৰশিল, বজ্ৰকুঠাৰ বাঘদাঁত, বৰা গাহৰিৰ দাঁত, বান হুং, বান কালুক, পানী কাইট, গৰুকণীয়া তিনিমুৰীয়া কেছুমতা কলীয়া হালধি, দোণ বৰিয়াল, তংলতি, ছিংকৰা ফুল, উধাম মাটি, আৰু অষ্টধাতু ইয়াৰ উপৰিও হৰিণাৰ যুঁজত ভঙা শিং দিব পাৰিলে বেছি ভাল বুলি কয়।

     আৰ তাং কৰাৰ পাছতহে দৰা কইনাক দওবান আগত বহুৱায়।
গাঠিয়ন খুন্দাঃ- চকলং বিবাহত দ্বিতীয় দিনা মাকৰ সৈতে পাঁচ গৰাকী বা সাত গৰাকী মহিলাই দৰা আৰু কইনাৰ মূৰৰ ওপৰত এখন কাপোৰ ধৰি গঠিয়ন নামৰ এবিধ গছৰ শিপা শিলত খুন্দে। গঠিয়ন খুন্দোতে নাম গায় আৰু নানাবিধ ৰং ধেমালি কৰা হয়। খুন্দা পাছত দৰা কইনাৰ কপালত ফোঁট এটি দিয়ে।
     দৈয়ন দিয়াঃ- দৈ অৰ্থ দৈ গাখীৰ। অন অৰ্থ দিয়া। চকলংৰ দিনা ৰাতিপুৱাই দৰা-কইনাৰ মাক বা ওচৰৰ সমন্ধীয় মাইকী মানুহে দুহাতে দুখিলা পাণ লৈ গাখীৰত জুবুৰিয়াই দৰা-কইনাৰ মুখ, বাহু, আঠু আৰু ভৰিত তিনিবাৰকৈ লগায়। আয়তী সকলে প্ৰত্যেক বাৰতে দৈয়ণৰ নাম গায়।
     বিবাহ শোভা যাত্ৰাঃ-দৰাই চকলঙৰ কাৰণে এই যাত্ৰা কৰিলে লগত বন্ধু-বান্ধৱে আদি কৰি বহুতো পুৰুষ মহিলাই লগত যায়। আগৰ দিনত ৰজাই এই যাত্ৰা কৰিবলৈ হলে হাতী দোলা ব্যৱহাৰ কৰে। কিন্ত সাধাৰণ প্ৰজাই গৰু-গাড়ী, ঘোঁৰা ইত্যাদিত যায়। আজিকালি অৱশ্যে মটৰ গাড়ীতহে যায়।
     এই যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে দৰাৰ ঘৰত নিমন্ত্ৰণ কৰা অতিথিক কেমল চাউল দৈ আদি জা-জলপান খাবলৈ দিয়ে। আজিকালি এই জলপানৰ ঠাইত লুচি ভাজি মিঠাই আদি ব্যৱহাৰ কৰে আৰু নিমন্ত্ৰিত অতিথিবিলাকে দৰাৰ উপহাৰ প্ৰদান কৰে।
     দৰাক কইনা ধৰলৈ যাত্ৰা কৰাৰ আগতে গা ধুৱায় পৰস্পৰাগত দৰাৰ সাজ পিন্ধায়। মাক-দেউতাকৰ আগত সেৱা লবলৈ দিয়ে। অন্যহাতে কইনাকো চকলঙৰ কাৰণে গা-পা ধোৱাই পৰম্পৰাগত কইনা সাজ মেখেলা চাদৰ ৰিহা আৰু আ-অলঙ্কাৰ পিন্ধাই সাজু কৰি ৰাখে।
     চকলঙৰ পাছত দৰাই কইনা ঘৰ আহি পোৱাৰ মাত্ৰেই ৰভা তললৈ আদৰি আনে। দৰাৰ লগত অহা সকলে মালুহকে ভালদৰে মাছে মঙহে ভাত পাণী খুৱায়
     সুৱা গুৰি তোলাঃ-এই উৎসৱটি কইনাৰ ঘৰৰ নঙলা মুখত কৰা হয়। দৰা আহি কইনাৰ ঘৰ নঙলা মুখত উপস্থিত হোৱাৰ লগে লগে কইনাৰ মাক আৰু লগত ভালে কেইজন পুৰুষ মহিলাই আদৰিবলৈ আগ বাঢ়ি যায়। লগত কইনাৰ ওচৰৰ পৰা দুলনী ও জ্বলি থকা চাকি লৈ আহে। ভৰি থুৱাবলৈ পীৰা আৰু পানী এলোটা আনে। এই আগবঢ়াবলৈ আহা তিৰোতা বিলাকে মাকক আঁৰ কাপোৰ দি ধৰি আনে। দৰা ওচৰ পোৱা মাত্ৰই আঁৰ কাপোৰখন এৰুৱাই দিয়ে। কইনাৰ সম্পৰ্কীয় সৰু ছোৱালী এজনীয়ে পীৰা পাৰি দৰাক ভৰি ধোৱায়। দৰাই ছোৱালী জনীক ভৰি ধোওৱাৰ বাবদ পাণ-তামোলৰ টোপোলাৰ লগতে কিছু টকাও দিয়ে। ইয়াৰ পাছত আঁৰ কাপোৰ আঁতৰাই মাকে দৰাৰ দুখন গালত দুটি চুমা খাই চাদৰ আচল ধৰি ৰভা তলিলৈ আনে।
     ৰভাতলিত চকলঙৰ মণ্ডপৰ সন্মুখত বহাঃ- চকলঙৰ বেদিতো সাটোটা ৰঙেৰে ৰাজকীয় এপাহ পদুম ফুলৰ আকৃতিৰে সাজে। আৰু এই পদুম ফুলৰ আকৃতি সাতোটা ৰঙৰ মৰলত জ্যামিতিক আকাৰত ভাগ কৰি ১০১ গছ তেলৰ চাকি জ্বলায়। সন্মুখতে দৰাক পাতি পাৰি বহুৱায়।
দৰাৰ বাওঁফালে কইনাক ভিতৰৰ পৰা আনি বহুৱাঃ- কইনাক ভিতৰত কৌঠাত লগৰীয়াৰ সৈতে বহুৱায় ৰখা হয়। আৰু ইয়াতে কইনাৰ লগৰীয়াই দৰাক আৰু তেওঁৰ সম্পৰ্কীয়ৰ পৰা জোৰা নাম গাই শৰাই বিচাৰে।
     ইয়াৰ পাছতে কিইনাক অলংকাৰ পাতি আৰু সুন্দৰ কাপোৰ পিন্ধাই চকলঙ গুৰিলৈ নিবলৈ সাজু কৰে। অৱশ্যে কইনাক উলিয়াই নিবলৈ দৰাঘৰীয়া মানুহে পাণ-তামোলৰ শৰাই আগ বঢ়ালেহে কইনাৰ সমলীয়াই কইনাক চকলং গুৰিলৈ নিয়ে। কইনাক আনোতেও আঁৰ কাপোৰ দি আনে। চকলঙৰ গুৰিৰ পাতিত বহুৱাৰ সময়ত আঁৰ কাপোৰ আঁতৰাই দৰাৰ বাওঁফালে বহুৱায়। ৰভাতলিত কইনাৰ মাক বাপেক আৰু বয়সস্থ সকলক শৰাইত কাপোৰ কাণি দি পাণ-তামোলৰ মান ধৰে। কইনা বাওঁফালে কইনাৰ বাপেক বহে আৰু তেওঁ সন্মূখত মলুং জন বহে।
দৰা আৰু কইনা আগত সাত পুৰুষৰ বুৰঞ্জী বৰ্ণনা কৰাঃ- বিশেষকৈ তাই আহোম চকলং বিবাহ পদ্ধতিত দৰা কইনাক সাত পুৰুষ কৰ্মাৱলীৰ বৰ্ণনা কৰে। আৰু এখন পিতলৰ কাঁহীত চিংকৰা ফুল তংলতী পাত, তিল আৰু এখন ঘিউ চাকি দৰা-কইনাৰ সন্মূখত ৰাখে।
চকলং উৎসৱঃ-চকলং উৎসৱত দৰা আৰু কইনাৰ আগত চাউল ফুল ইত্যাদি ৰাখি প্ৰাৰ্থনা কৰে। অ’ফ্ৰা বান চকলং চি চিম হিউ তিম। ইয়াৰ পাছতে কইনাৰ দেউতাকে দৰাক সোণৰ আঙুঠি নাইবা কাপোৰ উপহাৰ দিয়ে। ইয়াৰ পাছতে দৰা বুঢ়া আঙুলি আৰু কইনাৰ বুঢ়া আঙুলিলৈ আশীৰ্বাদ দিয়ে। মুলুঙে দৰাৰ আৰু কইনা দুয়োকে মন্ত্ৰ পাঠ কৰি কাৰ্য সম্পাদনা কৰে। চিংকৰা আৰু অন্যান্য ফুলেৰে এশ এপাহ ফুলৰ মালা দৰাই কন্যাক আকু কন্যাই দৰাক পিন্ধাই।
হেংদান প্ৰদানঃ- কইনাই দৰাক ফুল ঠুৰীয়া তামোল আদিৰ লগতে হেংদানো অৰ্পণ কৰে। দৰাই এই হেংদান দেশ, ধৰ্ম জাতিৰ ৰক্ষাৰ্থে আৰু দুষ্টক দমনৰ অৰ্থে গ্ৰহন কৰে।
     মলুঙে দৰা কইনাক দিয়া আশীৰ্বাদঃ- এই আশীৰ্বাদ তাই ভাষাত ম’লুং বা খাদাম লাও বুলি কোৱা হয়। দৰা আৰু কইনাৰ যুগ্ম জীৱনৰ উপলক্ষে এই আশীৰ্বাদ দিয়া হয়। ইয়াৰ অৰ্থ এজনৰ অবিহনে আন জনে কেতিযাও কোনো কামতে সিদ্ধি লাভ কৰিব নোৱাৰে। আৰু ইয়াৰ কাৰণে উভয়ে পৰস্পৰ বুজাবুজি থকা প্ৰয়োজন। এইদৰে মুলুঙে দৰা কইনাক নানা উপদেশ দিয়াৰ পাছত মলুঙৰ কাৰ্য সমাপ্ত কৰে।
     আঙঠি আৰু কটাৰী সলোৱা নিয়মঃ- চকলং কাৰ্য সমাপ্ত হোৱাৰ পাছত দৰা কইনাক ৰভাতলিৰ পৰা ভিতৰলৈ নিয়া হয়। ভিতৰত দুয়োকে পাতি পাৰি দুলনী চাউলত আঙঠি লুকুৱাই বিচাৰিবলৈ দিয়া হয়। এই কাৰ্যত নানা ধেমালীৰ কথা কৈ দৰা কইনাক লৈ লগৰীয়া ছোৱালীয়ে ৰং ধেমালী কৰে।
পঞ্চমৃত ভোজনঃ- তাৰ পাছত কইনাই নিজৰ সন্মুখত থকা মাইহাঙৰ পৰা আখৈ পিঠা পৰমান্ন পঞ্চামৃত অলপ অলপকৈ হাতেৰে দৰাৰ মুখত তিনিবাৰকৈ দিয়ে। প্ৰতেক বাৰতেই দৰাক লোটাৰ পাণীৰে মুখ ধুৱায় দাঁত খৰকিয়াব দিয়ে আৰু একোখন কৈ ঠুৰীয়া তামোল খুৱায় । দৰায়ো কইনাক সেইদৰে পঞ্চামৃত খুৱায় মুখ ধুৱায়, খৰিকা দি আৰু ঠুৰীয়া তামোল খুৱায়।
     পাশা বা কডিড় খেলঃ- ইয়াৰ পাঠতে দৰা কইনাক কড়ি খেলায়। আৰু এই খেল শেষ হোৱাৰ পাছতে বিয়াৰ লগ্ন গাঠী মোকোলায়।
পঞ্চ দেৱতাৰ নৈবদ্যঃ- ইয়াৰ পাছত দৰা কইনাই দৰা কইনাক মাক দেউতাকক আঠু লৈ সেৱা কৰি দৰাৰ ঘৰলৈ যাত্ৰা কৰে।
দৰাৰ ঘৰলৈ পোৱাৰ মাত্ৰেই দৰা-কইনাক দৰাৰ শোৱাৰ কোঠালৈ লৈ যায়।লাংকুৰি, লাৰেং জান চাই হুং, লেংদন আৰু জাচিংফা, এই পঞ্চ দেৱতাক এখন শৰাইত পাণ তামোল আৰু এগছি চাকিৰে শান্তিৰ জীৱন যাপনৰ কাৰণে প্ৰাৰ্থনা কৰে ৷

     দৰা কইনাই পুনৰ দৰা ঘৰৰ পৰা আঠ দিনৰ পাছতহে আঠ মঙলা খাবলৈ আহে ৷