সোঁৱৰণী ....ৰংঘৰৰ বাকৰিত ණ...নাঙ কল্যাণী গগৈ



ৰংঘৰৰ বাকৰিত
তাহানিৰ সেই ৰাঙলী দিনত
বান্ধিছিল একতাৰ জৰী ।

মিছিং কছাৰী নগা দেউৰী
কোঁচ আহোমৰ
সাতভনীৰ মেলা
প্ৰকৃতিৰ ৰাণী
মোৰ এই অসমভূমি ।

সাতোভনীক আজি সাত ভাগ কৰিলে
ভেদা ভেদৰ অগনি আনি
কাল শতৰুৱে চোতাল ভৰিলে
কলুষতাই ধৰিলে ছানি ।

চৌদিশে কেৱল ধৰ্ষণ লুন্ঠন
সংস্কৃতিৰ বৰঘৰত
বৈছে দুষ্কৃতিৰ পল ।

বৰ্বৰতাৰে দুহাত সজ্বিত কৰি
আখৰা কৰিছে
আভোৱা প্ৰেমৰ ।

ওৰেটো প্ৰগতিৰ বাট
বঙহে মঙহ খোৱা
লোভত মাতাল ।

শৈশৱৰ সেই মধুৰ সপোনৰ
শান্তি-নীড় ক'ত বা হেৰাল
এতিয়া বৈছে অচিন বতাহ
দূৰতে ৰয় আত্মীয়তা ।

পূৱত গজিবলৈ
প্ৰেমৰ আলিবাট
উজালি বান্ধো আহ
ৰঙালি টঙালি গাত ।

পশ্চিমৰ ক'লা ডাৱৰ ঠেলি
আহিছে মেঘালী
কৰ্ষণ কৰ তই
লুইতৰ উৰ্বৰ ভূমি ।

শইচৰ গুটি লৈ
আছোঁ তোৰ কাষৰতে ৰৈ
পূৱে পশ্চিমে উত্তৰে দক্ষিণে
যাপন কৰিবলৈ ।
সম্পূৰ্ণকৈ পঢ়ক »

সম্পাদকীয় প্ৰসংগ: উগ্ৰ হিন্দুত্ববাদ



অসম দেশত বৰ্তমান পঠালিফোঁটাৰ ৰাজত্ব ৷ পঠালিফোঁটাৰ ফুচফুচনিত আমাৰ খাৰ খোৱা এচামে হাত উজান দি এনেকুৱা প্ৰচাৰত লাগিছে যেন এইখন দেশত বসবাস কৰা ভূমিপুত্ৰ সকলে আদিম যুগৰ পৰাহে হিন্দুৰ গোমূত্ৰ পান কৰি আছিল ৷  এইখন চাও লুঙ ছৗ কা ফাই ধৰ্মীয় মতাদৰ্শক পৃথক কৰি একতাৰ, সমতাৰ,  ধৰ্মনিৰপেক্ষতাৰ নীতিৰে গঢ়ি থৈ যোৱা দেশ ৷ নিজস্ব স্বকীয় ধৰ্ম থকা স্বত্বেও প্ৰজাৰ ওপৰত জাপি দিয়াৰ চেষ্টা ছৗ কা ফাৰ পূৰ্বসূৰী কোনো এজন স্বৰ্গদেউৱে চেষ্টা কৰা নাছিল ৷ বিশাল ব্যক্তিত্বৰ অধিকাৰী আমাৰ প্ৰতিজন স্বৰ্গদেৱে হয়তো বুজি পাইছিল,  ধৰ্মই কেতিয়াও সমাজত ঐক্যৰ বীজ ৰোপণ কৰিব নোৱাৰে ৷ সকলোকে নিজৰ ধৰ্ম নীতি নিয়ম মানি চলাত সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিছিল ৷ সেই অনুক্ৰমেই চলি থকা ধৰ্মীয় ভাৱাদেশৰ ফলশ্ৰুতিত স্বাধীনতাৰ আন্দোলনৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত চলি থকা সাম্প্ৰদায়িকতাৰ বিষে অসমত প্ৰৱেশ কৰিব নোৱাৰিছিল ৷
         বহুতেই কব বিচাৰে এইখন শংকৰদেৱৰ দেশ ৷ অনস্বীকাৰ্য যে অসমীয়া সমাজত শংকৰদেৱৰ অৱদান আছে ৷ কিন্তু আমাৰ স্বৰ্গদেউসকলে এই ৰাজ্যত শান্তিৰ এক পৰিৱেশ সৃষ্টি কৰি নোথোৱা হ'লে পাৰিলেহেঁতেন নে শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিবলৈ?  আৰু শংকৰদেৱৰ মতাদৰ্শক লৈ অসমত বৰ্তমান হিন্দুত্বৰ নামত কিমান ধৰ্মৰ সৃষ্টি হ'ল আমি হিচাপ কৰিছোঁনে?  শংকৰ সংঘ,  ভাগৱতীয়া, অনুুকুল, কৃষ্ণগুৰু,  সত্ৰীয়া আৰ্হিৰ চাৰিভাগৰ কথা নকলোৱে,  তেৰাসৱৰ ধৰ্মই কিমান এতিয়া ঐক্যতা ধৰি ৰাখিছে,  নিজৰ গাঁওখনত ভুমুকি মাৰিলেই উমান পাব পাৰি ৷ এখন গাঁৱত চাৰি পাঁচটা নামঘৰ,  চাৰি পাঁচটা খেল ৷ এই খেলবোৰৰ মাজত ইটোৱে সিটোৰ হাতে চলা নচলা বিবাদবোৰ আছেই ৷  তেন্তে হিন্দুত্ববাদৰ মিছা আস্ফালন কৰি আমি নিজৰ মাজত মৰিছোঁ কিয়?  পিতৃ-উপৰি পুৰুষলৈ উচৰ্গাক পিঠি দি পঠালি ফোঁটাৰ ফোঁট লৈ মুক্তি বিচাৰি নিজৰ মাজত ওখনাওখনি কৰি থকাত কৈ নিজক আহোম বুলি নোকোৱাই মংগল ৷
         প্ৰাগঐতিহাসিক যুগৰ পৰা আহোমৰ ৰাজত্বকালৰ সময়চোৱালৈকে অসমৰ সামগ্ৰিক ইতিহাসৰ বস্তুনিষ্ঠ অধ্যয়নৰ অভাৱত অসমীয়া নামৰ অস্তিত্বটো হিন্দুত্ববাদৰ পাকচক্ৰত ভাগি যোৱাৰ বৰ্তমান উপক্ৰম ঘটিছে ৷  মন কৰিবলগীয়া যে পৌৰাণিক কল্পিত কাহিনী বাদ দি মহাভাৰত, ৰামায়ণক বিস্তৃত্ব অধ্যয়ন কৰা যিকোনো ব্যক্তিয়ে স্বীকাৰ কৰিব যে কামৰুপৰ কামদেৱৰ কাহিনী,  ৰুক্মীণি হৰণ এইবোৰ প্ৰকৃত ৰামায়ণ, মহাভাৰত ৰচনা হোৱা বহু শতিকাৰ পাছতহে নতুনকৈ এইবোৰ সংযোগ ঘটিছিল একমাত্ৰ আৰ্য সংস্কৃতিৰ বিকাশৰ উদেশ্যত ৷ প্ৰকৃততে এইখন আছিল অনাৰ্যৰ দেশ,  সেইকাৰণে এই দেশত দেৱতাৰ জন্ম নহৈছিল ৷ হৈছিল নৰকাসুৰ, বাণাসুৰৰ দৰে ৰজাৰ ৷ এইবোৰ আৰ্যকৰণৰ নমুনা ৷ হিন্দুত্ববাদৰ উদাৰতা ৷ আৰু এইখন অসমৰে কুষ্মাণ্ড এসোপাৰ গোমুত্ৰৰ নিচা ইমান লাগিল যে , নিজৰে ইতিহাস পঢ়িব নজনা হ'ল ৷ ফলত মৰ নিজৰ মাজত হিন্দু হিন্দু বুলি টেটু ফালি ৷ ইফালে হিন্দুৰ নামতে অসমীয়াক গামোচাৰে, বিভিন্ন ব্যক্তিৰ নামেৰে বলিপঠা সজাইছে,  উমঘামেই নাই ৷
       হিন্দুত্ববাদৰ সৃষ্টিৰ বহু আগতেই অসমত অসমীয়াৰ জন্ম হৈছিল আৰু হিন্দুত্ববাদৰ স্পৰ্শ নকৰাকৈ আমি অসমীয়া হিচাপে আজিও নিজক সজাগ কৰাটোহে এজন প্ৰকৃত অসমীয়াৰ দ্বায়িত্ব কাৰণ অসমীয়া মানেই হিন্দু নহয় এই কথাটো অনুধাৱন কৰিব নোৱাৰিলে অসমীয়া নামৰ শব্দটো যে বাচি নাথাকিব খাটাং ৷
সম্পূৰ্ণকৈ পঢ়ক »

চাৰে জঁহা ছে অচ্ছা হিন্দুস্থান হমাৰা ණ..বিকাশ দিহিঙ্গীয়া



যি বাটেৰে আহিছিল স্বাধীনতা
সেই বাটেৰে আজি বাৰুদ আহে
কঢ়িয়াই আনে শিকলিৰ মোনা! !

পৰাধীন আমি আছিলো জানো? ?
তথাপি বিচাৰি গৈছিল স্বাধীনতা
কুশল কোঁ‌ৱৰ, কনকলতা……
হাজাৰ মুক্তি যুঁ‌জাৰু জনতা
কিন্তু প্ৰাপ্তি ??
শ্বহীদৰ আখ্যা ?? স্বাধীনতা !!
এগছি চাকি আৰু
এথোপা ফুলৰ মালা
এইয়াই আছিল নে
তেওঁলোকৰ সপোনৰ স্বাধীনতা !!!

শিকলি পিন্ধি তুমি আমি আজি গাইছোঁ
'বন্দে মাতৰম, জন গণ মন,
চাৰে জঁ‌হা চে অচ্চা'
স্বাধীন মনেৰে গাইছা জানো তুমি ?
স্বাধীন মনেৰে গাইছোঁ জানো মই ??
আছিল জানো এইয়া
তেওঁলোকৰ, আমাৰ
সপোনৰ স্বাধীনতা ??

যি দেশত অন্ধ ন্যায় ব্যৱস্থা
তুলাচনীৰ কাঁ‌টা চাবলৈও
যাৰ চকুত থাকে ক'লা কাপোৰ বন্ধা
যি দেশত অপৰাধী হয় ৰজা
আৰু সততা ডাষ্টবিনত পেলাই দিয়া পুতলা
সেই দেশ মোৰ দেশ
স্বাধীন দেশ

যি দেশত অসুৰক্ষিত আইৰ হাউলা বুকু
ভনীজনীৰ নৈশ যাত্ৰা
যি দেশত ভোটৰ নামত জিলমিলাই
ভয়ৰ ভোটা তৰা
সেই দেশ মোৰ দেশ
স্বাধীন দেশ

ধেমাজীক সোধা
স্বাধীনতাৰ সংজ্ঞা ..
সেই উকা কপালৰ বিধৱা আই বোৰক সোধা...
এতিয়াও পিতৃৰ অপেক্ষাত ক্ৰন্দনৰত সকলক সোধা..
বাৰুদৰ অট্টহাস্যত কিৰিলি পৰা আত্মাবোৰক সোধা....
স্বাধীনতাৰ সংজ্ঞা……
সোধা ফুটপাথৰ নাঙঠবোৰক
দেখেনে তেওঁলোকে
স্বাধীন সপোন একোটা ?

চাল্লা স্বাধীনতা……

"চাৰে জঁ‌হা সে আচ্ছা
হিন্দুস্তান হামাৰা"

জহন্নামে যা
এনে স্বাধীনতা !!



  
সম্পূৰ্ণকৈ পঢ়ক »

নৱপ্ৰজন্মৰ দৃষ্টিত তাই আহোমসকলৰ ধৰ্মীয় লোকাচাৰ ණ...নাঙ ধৰিত্ৰী গগৈ ফুকন, জজলী লেচাই হাবি



        মানুহ হিচাপে জন্ম লৈ জীয়াই থাকিবলৈ আমাক এখন মানৱ সমাজৰ প্ৰয়োজন হয় । এই সমাজখন শৃংখলাবদ্ধভাৱে পৰিচালিত  হ’লেহে তাত  শান্তি বিৰাজ কৰে । সেয়ে সমাজ পৰিচালনাৰ প্ৰয়োজনত  সমাজৰ অভিজ্ঞ ব্যক্তিসকলে  কিছুমান নীতি-নিয়মৰ প্ৰৱৰ্ত্তন কৰি সকলোৰে মাজত  প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে । অৰ্থাৎ পৰোক্ষভাৱে কবলৈ গ’লে  যি নীতি-নিয়মৰদ্বাৰা এখন সমাজৰ মাজত ঐক্য  , শান্তি-সম্প্ৰীতি , শৃংখলা অটুত থাকে  সেই নিয়মবোৰৰ সমষ্টিকে আমি “ধৰ্ম” বুলি বুজোঁ ।

      আহোমসকলৰো নিজৰ মাজতে কিছুমান  সৰ্বসন্মত  ,উদাৰ নীতি-নিয়ম আছে । তেওঁলোকে সহজে আনৰ মাজত নিজৰবোৰ বিলাই দিবলৈয়ো  যিদৰে প্ৰস্তুত  একেদৰে আনৰপৰা  নোলোৱাকৈয়ো থকা নাই । সকলো ধৰ্মীয় সমাজৰ সৈতে মুক্তমনেৰে খাপ খাই  পৰিবপৰা মানসিকতাৰে আহোমসকল  সচাঁকৈয়ে বহুতৰ বাবে আদৰ্শস্বৰূপ । অৱশ্যে শেষতীয়াকৈ বহু আহোমে নিজৰ উদাৰ ধৰ্মীয়(নামবিহীন)  নিয়মৰপৰা ধৰ্মান্তৰিত হৈ আন ধৰ্মৰ ধৰ্মীয়  গোড়ামীৰ কবলত পৰি নিজৰ ৰাজকীয় পৰিচয় পাহৰাৰদৰে হ’ল । নিজৰ মাজতে ভেদ-ভাৱ , ঘৃণা , হিংসা-খিয়লা সৃষ্টি কৰি আহোম জাতিটোৰে ৰাজহাড়জাল কোঙা কৰি পেলালে ৷ ফলত আন সহোদৰ জাতি-জনগোষ্ঠীৰ লগত আহোমৰ  দূৰত্ব  বৃদ্ধি হ’ল ।

         এতিয়া  প্ৰশ্ন হ’ল আহোমসকলে নিজৰ পালনীয় নীতি-নিয়মসমূহক  কোন ধৰ্মৰ নামৰ অন্তৰ্ভূক্ত কৰিব ? ইয়াৰ উত্তৰ পোনপটীয়াকৈ দিয়াটো সহজ নহয় ।

         মূলতঃ প্ৰথম কথা হ’ল , আহোমসকল  বাস্তৱবাদী মানুহ । জীৱিতসকলক প্ৰাপ্য  অনুসাৰে সন্মান জনোৱাত কোনেও কৃপণালি নকৰে আৰু সম্বন্ধবোৰ সদায় নিয়াৰিকৈ পালন কৰে । জন্মৰ ডাঙৰ-সৰুতকৈ  বংশৰ ডাঙৰ-সৰুকহে আহোমসকলে  আগস্থান দিয়ে । ফলত বৃদ্ধ বয়সৰ ব্যক্তিজনেও বিনাসংকোচে  নিজতকৈ কনিষ্ঠজনক ককাই-দদাই-নিচাও বুলি সম্বোধন কৰে । ব্যক্তিগতভাৱে মোকো  বয়সত স্বামীতকৈয়ো জেষ্ঠ্য বহুজনে  বৌদেউ-খুৰীদেউ-আপাদেউ-আইতা-য়ানাইদেউ বুলি সম্বোধন কৰি মাতে । মই নিজেও মোতকৈ বয়সত কনিষ্ঠ বহুজনৰ লগত  বৰজনা-জাশাহুৰ সম্বন্ধ  মানি চলিবলগীয়া হৈছে । এইক্ষেত্ৰত   এটা কথা লক্ষ্য কৰিবলগীয়া যে  সম্বন্ধ যিয়েই নহওক কিয় , ইজনে সিজনৰ বয়সৰ সন্মানকো সদায় গুৰুত্ব দিয়ে । অৰ্থাৎ  ভতিজাজনকো বয়সত  জেষ্ঠ্য  হোৱাৰ বাবে পোনে পোনে  “তুমি” বুলি নকৈ “আপোনা-আপুনি” বুলি আৰু সম্বন্ধত বোৱাৰী  হ’লেও বয়সত জেষ্ঠ্য  বাবেই  “আপুনি” বুলি সম্বোধন কৰা দেখা যায় । অৱশ্যে  বৰ্তমান আধুনিকতাৰ সৈতে সহবাস কৰাসকল আৰু নিজৰ অধিকাৰক লৈ সচেষ্টসকলৰ কথা অলপ বেলেগ ।

     দ্বিতীয়তে ,  আহোমসকল প্ৰকৃততে জন্মান্তৰবাদত বিশ্বাসী নহয় । বৰ্তমানৰ মনুষ্য জনমৰ আগতে কিবা জীৱ হৈ জন্ম লৈছিল বা মৃত্যুৰ পাছতো কিবা জীৱ-জন্তুৰ ৰূপ লৈ জন্ম লোৱা কথাটো  আহোমে  বিশ্বাস নকৰে । সেয়ে এজন ব্যক্তিৰ মৃত্যুৰ পাছত  “মৈডাম দিয়া বা শৱদাহ কৰা” যি পদ্ধতিৰে সৎকাৰ নকৰক  কিয় , তিলনী-দহা-কাজকৰ্ম কৰাৰ পাছত ছমহীয়া-বছেৰেকীয়া আদি অনুষ্ঠান অনুষ্ঠিত কৰে । যদিহে মৃতজনৰ আত্মাই পুনৰ ক’ৰবাত আন জীৱৰ জন্ম ল’লেই তেন্তে  এই ছমহীয়া-বছেৰেকীয়াৰ লগতে  বছৰে বছৰে “মৃতকক দিয়া” অনুষ্ঠান পতাৰ একো অৰ্থই নাই । বহুতে ভাৱে কেৱল মৈডাম সমাধিষ্ঠ কৰি “ডাম-ফি” কৰাসকলহে আহোমৰ মূলসূতিত আছে । আচলতে সেয়া সচাঁ নহয় । ধৰ্মান্তৰিত হৈ আহোমৰ নীতি-নিয়ম এৰিলোঁ বুলি জয়ঢোল বজোৱা কোনোজনে  নিজৰ মৃত পিতৃ-মাতৃৰ মৃত্যুক সোঁৱৰণ কৰি নিয়মবিহীনভাৱেই  যদি  একাপ চাহ খোৱা অনুষ্ঠানো  পাতে তাৰপৰাই তেওঁ যে সম্পূৰ্ণভাৱে আহোমত্ব ত্যাগ কৰা নাই সেয়া বুজিব পাৰি ।

      আহোম মানুহ বুলি নিজকে চিনাকি দি গৌৰৱ অনুভৱ কৰাসকলে  বছেৰেকৰ উৎসৱ-পাৰ্বনসমূহত   নিজৰ মৃত পিতৃ-মাতৃ তথা -দৌতিয়েকৰপৰা ঢুকি পোৱা পৰ্য্যন্ত  ওপৰলৈকে মৃতকসকলৰ উদ্দেশ্যি  নিজৰ মূল ৰান্ধনীঘৰত  ঘৰুৱা উৎপাদিত  নিৰ্দিষ্ট  উপাচাৰসহ  উৎসৰ্গা আগবঢ়ায় । কিয় আগবঢ়ায় ? কাৰণ তেওঁলোকে মনুষ্যশৰীৰ ত্যাগ কৰিলে যদিও শৰীৰবিহীনভাৱেই  ঘাইৰান্ধনীঘৰৰ নিৰ্দিষ্ট স্থানত বা ডামখুটাত  ৰৈ থাকি  ঘৰখনৰ  জীৱিতসকলে দেখি নোপোৱা অপায়-অমঙ্গলবোৰৰপৰা  ৰক্ষা কৰি থাকে । যদি  তেওঁলোকে তেনেদৰে  ঘৰখনৰ ৰক্ষাকৰ্তাৰ ভূমিকা লৈয়েই থাকে তেন্তে  আন জীৱৰ জন্ম লবগৈ কেনেকৈ ? ৰহস্য  ভেদ কৰিব নোৱাৰা  সত্যটো যিয়েই  নহওঁক , মৃতকসকলৰ অস্তিত্ব আমাৰ বাবে সদায় গুৰুত্বপূৰ্ণ । তেওঁলোকেই আমাৰ বাবে  দেৱতাও ।

         এইক্ষেত্ৰত আহোম পৰিয়ালৰে  বহুজনে কেতিয়াবা অতি নীচ মন্তব্যও আগবঢ়ায়  যে  মৰি দেও-ভূত হোৱা মানুহৰ নামত বৰ্তমান সময়ত এইবোৰ অন্ধবিশ্বাস মানি থকাৰ অৰ্থ নাই । আচলতে আহোমৰ এই গুৰুত্বপূৰ্ণ  নিয়মটোযে নজনাকৈয়ে  অনাআহোমৰ মাজতো প্ৰচলিত হৈ আছে সেই কথা বহুতে নাজানে । আমি সৰুৰেপৰা দেখি আহিছোঁ যে  সমাজৰ বাবে অৱদান আগবঢ়োৱা নিৰ্দিষ্ট ব্যক্তিসকলৰ তিৰোভাৱ তিথি বুলি  একো একোটা দিন কেলেণ্ডাৰত  থাকে । বহুতে সেই তিথিসমূহ জনাজাতকৈ পালনো কৰে । আনকি নীচ মন্তব্যদাতাসকলো  তাৰেই পৰিপন্থী ।  আহোম বুলি পৰিচয় দিবলৈ  তাতে এটা ডাঙৰ ধনাত্মক কথা আহি পৰে ।  হয় , সমাজখনলৈ অৱদান আগবঢ়োৱাজন গোটেই সমাজৰ বাবেই  পূজ্য । সেয়ে তেওঁৰ জন্মতিথি-মৃত্যুতিথি  সমাজখনে লগলাগি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰে । তাত অন্ধবিশ্বাসৰ কথা আহি নপৰে । কিন্তু  প্ৰতিজন ব্যক্তিৰে পিতৃ-মাতৃয়ে সমাজৰ বাবে অৱদান  আগবঢ়াব নোৱাৰিবও পাৰে বা নোৱাৰেও । সেয়ে  প্ৰতিজন মৃত ব্যক্তি  সমাজৰ পূজ্য  নহবও পাৰে  বা নহয়ো । কিন্তু  প্ৰতিজন ব্যক্তিৰে পিতৃ-মাতৃ  জীৱিত অৱস্থাতে হওঁক বা মৃত্যুৰ পাছতে হওঁক  সন্তানৰ বাবে সদায় পূজ্য । সমাজখনৰ বাবে অৱদান আগবঢ়াব নোৱাৰিলেও  তেওঁলোকে সন্তানক  সমাজখনৰ লগত পৰিচয় কৰি দিয়াৰ বাবেই সন্তানসকল তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ নিৰ্দিষ্ট  দিন-বাৰ ,উৎসৱ-অনুষ্ঠানত  তেওঁলোকক সোঁৱৰণ কৰে । এই সোঁৱৰণী অনুষ্ঠানটোক  “ডাম-ফি” পতা বুলি কোৱা হয় আৰু  ইয়াত কুকুৰাকে ধৰি  ঘৰুৱা উৎপাদিত  নিৰ্দিষ্ট  উৎসৰ্গিত দ্ৰব্য থাকে । ধৰা-বন্ধা এই দ্ৰব্যসমূহৰ বাবে বহুতে  সমালোচনাও কৰা দেখা যায় যে জীৱ হত্যা কৰি মৃতকক সোঁৱৰণ কৰা নিয়মটো  অতি মৰ্মান্তিক । তাৰোপৰি কুকুৰা এজনী  কিনোতে বহন কৰিবলগীয়া খৰচটোও বহুতৰ বাবে ডাঙৰ বোজা ।  তেন্তে কোনো কথা নাই , কটু সমালোচকসকলে  যিদৰে মন যায় সেইদৰেই  সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে । ফুল এপাহ দি নাইবা ধূপ-মম জ্বলাই নাইবা চাহ-মিঠাই পৰিবেশন কৰি নাইবা বুট-মগু-নাৰিকল-কুহিয়াঁৰেৰে নাম-গুণ গাই নাইবা পিতৃ-মাতৃৰ সোঁৱৰণত এখন গহীন আলোচনাচক্ৰ অনুষ্ঠিত কৰিও  “ডাম-ফি” পালন কৰিব পাৰে । সকলোৰে যে  “ডাম-ফি” পালন   পদ্ধতি একে  হবই লাগিব সেয়া বাধ্যতামূলক বুলি নধৰি এৰা-ধৰাৰ মানসিকতাৰে  আগবাঢ়িবলৈ চেষ্টা কৰি  কোনেও কাকো কটু সমালোচনা নকৰাকৈ কামবোৰ কৰি গ’লে জাতিটোৰ পক্ষেই মঙ্গলজনক ।

        আহোম মানুহে পূৰ্বপুৰুষক উৎসৰ্গা  কৰাৰ বাহিৰেও আন এটা অদৃশ্য মহান প্ৰাকৃতিক  শক্তিক বিশ্বাস কৰে যিটোক  “আল্লা , গড্ , ইশ্বৰ”   বা যি বুলিয়েই কোৱা নহওঁক কিয় ! আমি  কেতিয়াবা সেই শক্তিক বিশ্বাস কৰোঁ আৰু কেতিয়াবা নকৰিবলৈয়ো বিচাৰোঁ । মানুহৰ আয়ত্বৰ বাহিৰত থকা সেই নেদেখা মহান প্ৰাকৃতিক শক্তিকে  আহোমসকলে “ফুৰা” বুলি কয় । গছ-লতা , পাহাৰ-সমতল ,সূৰ্য্য-চন্দ্ৰ ,গ্ৰহ-উপগ্ৰহ ,পৃথিৱীকে আদি কৰি জীৱ-জড় আদি সকলো ফুৰাৰে সৃষ্টি বুলি  আহোমসকলে  বিশ্বাস কৰে । সেয়ে কেতিয়াবা নিৰ্দিষ্ট  দিনত  অনুষ্ঠান পাতি  মহান “ফুৰা”জনক উদ্দেশ্যি  অৰ্চনা-বন্দনা কৰা হয় । অৱশ্যে আহোমৰ মাজত মূৰ্ত্তি পূজা-উপাসনাৰ  প্ৰচলনো দেখা নাযায় ।    

                 জীৱিতজনৰপৰা মৃতজনলৈকে আৰু  সমাজ-প্ৰকৃতিৰ প্ৰতি সন্মান জনোৱা বা কৰ্তব্য পালন কৰা যি নিয়ম সেই নিয়মসমূহক  পূৰ্বতে  এটা নিৰ্দিষ্ট নামেৰে নামাকৰণ কৰা হোৱা নাছিল । কিন্তু  ৰজাঘৰীয়াৰ আদৰ্শৰে প্ৰজায়ো হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ ওপৰিও বৈষ্ণৱ আদৰ্শ  গ্ৰহণ কৰাৰ ফলত সমাজখনত যি ধৰ্মীয় বিশৃংখলতাই দেখা দিলে  সেয়া লক্ষ্য  কৰি ১৯৭৩চনত “সদৌ অসম মহন-দেওধাই-বাইলুঙ সন্মিলন” আৰু আহোম সমাজৰ শুভচিন্তক  বুদ্ধিজীৱীৰ আলোচনামৰ্মে  আহোম মানুহে পালন কৰা পৰম্পৰাসমূহক “ফুৰালুঙ” বুলি নামাকৰণ কৰা হ’ল । যদিও ফুৰাৰ অস্তিত্বক মানি লৈ এই “ফুৰালুঙ” নামাকৰণ কৰা হ’ল , শেষতীয়াকৈ  অধ্যয়ণশীল বহুজনে মত প্ৰকাশ কৰা  দেখা গৈছে  যে ফুৰাৰ অস্তিত্বক  অবিশ্বাসৰ  বাহিৰে আহোমৰ বাকী পৰম্পৰাসমূহ “তাও” দৰ্শনৰ অন্তৰ্গত । সেয়ে কিছুমানে ধৰ্মটোৰ নাম “তাও” বুলি কব বিচাৰে । “তাও” এটা প্ৰাচীন দৰ্শন । অধ্যয়ণ কৰাসকলে মতামত প্ৰকাশ কৰে “তাও”ৱেই হ’ল পৃথিৱীৰ সৰ্বোত্তম বিজ্ঞানসন্মত ধৰ্ম ।

        ইয়াৰোপৰি বৰ্তমান  সময়ত বহুতে বিশ্বৰ অন্য  ত্তাঈসকলৰ সৈতে একত্ৰিত হোৱাৰ স্বাৰ্থত আহোমৰ ধৰ্মটো  “বৌদ্ধ” বুলিও কব খোজে ।

      আমাক এতিয়া এটা সদুত্তৰ লাগে যে আহোমৰ ধৰ্মটোৰ নাম কি হ’লে আমাৰ জাতিটোৰ লাভ হব । আমাৰ ব্যক্তিগত পচন্দ-অপচন্দক অগ্ৰাধিকাৰ নিদি আমি জাতীয় স্বাৰ্থক আগস্থান দিলে  ক্ষতি আছে নেকি ?

     এই চিন্তা পঢ়ুৱৈসকলৰ ওপৰত জাপি  নিজৰ  মনোভাৱো ব্যক্ত কৰা ভাল বুলি  ভাৱিলোঁ ।

       ১/আহোমৰ ধৰ্মৰ নাম “ফুৰালুঙ” হ’লে তাত  ফুৰা আৰু তাও দুয়োটাই সোমাই থাকিব ।

       ২/ আহোমৰ ধৰ্মৰ নাম “তাও” হ’লে  তাত  ফুৰাৰ অস্তিত্ব  নাথাকিব ।

        ৩/ আহোমৰ ধৰ্মৰ নাম বৌদ্ধ  হ’লে  স্ববিৰোধী  নীতি-নিয়মৰ মাজতে আহোম পুনৰ আৱদ্ধ থাকিব  লাগিব । পূৰ্বজন্ম-পৰজন্মৰ বিশ্বাস হিন্দু ধৰ্মত থকাৰ দৰে বৌদ্ধ ধৰ্মতো  বিৰাজমান । বৌদ্ধ মূৰ্ত্তিক  ভগৱান জ্ঞান কৰি  পূজা কৰা বা সন্মান  প্ৰদৰ্শন  কৰা  কাৰ্য্যটোও  আহোমসকলে  সহজভাৱে লোৱা দেখা নাযায় ।

        গতিকে  “ফুৰালুঙ্” এটা  নতুন নামাকৰণ হ’লেও বৰ্তমান  ইয়াৰ প্ৰসাৰতা  আৰু জনপ্ৰিয়তাও কম নহয় । সেয়ে সকলো চালি-জাৰি বিবেচনা কৰি সকলো আহোম একতাৰ ডোলেৰে বান্ধ খাব পৰা ধৰ্ম এটা হ’লে সকলোৰে সুবিধা হয় ।
সম্পূৰ্ণকৈ পঢ়ক »

আহোম যুগৰ তামৰ ফলি, পেৰাকাকত আৰু পুথিপাজি বিলাকৰ মূল্যাংকন আৰু সংৰক্ষণ ණ...ড° সুৰেন্দ্ৰ কুমাৰ গোস্বামী


          আহোম ৰজাসকলে দেশৰ সত্ৰ-সভা, মন্দিৰ-মচজিদ আদি সামাজিক আৰু সাংস্কৃতিক অনুস্হান বিলাকৰ নামত বহুতো তামৰ ফলিৰ জড়িয়তে ধৰ্মোত্তৰ,  দেৱোত্তৰ,  ব্ৰক্ষ্মোত্তৰ,  পীৰপাল,  ভোগনদী,  নানাকাৰ মাটিবৃত্তি দান কৰিছিল ৷ অৱশ্যে ইয়াৰ বহু আগেয়ে প্ৰাচীন কামৰূপৰ ভাস্কৰ বৰ্মণ,  ৰত্নপাল আদি ৰজাই ব্ৰক্ষ্মোদেয় মাটি ব্ৰাক্ষ্মণসকলক দান কৰাৰ উল্লেখ আছে ৷ কোঁচ ৰজাসকলেও তেনে মাটি বৃত্তি দান কৰিছিল ৷ আহোম যুগৰ দেৱালয়,  মন্দিৰ,  সিংহদুৱাৰ আদি বহু ঠাইত শিলালিপিও দেখিবলৈ পোৱা গৈছে ৷ এই শিলালিপি আৰু তাম্ৰলিপিবিলাক আমাৰ বুৰঞ্জী অধ্যয়নৰ অতি প্ৰয়োজনীয় উপাদান ৷ সাঁচিপতীয়া বুৰঞ্জীতকৈও ইয়াৰ ঐতিসাহিক গুৰুত্ব অতি বেছি,  কাৰণ ই সমসাময়িক যুগৰ এক সামাজিক,  অাধ্যাত্মিক জীৱনৰ উপৰিও আহোম ৰজাসকলৰ ৰাষ্ট্ৰীয় নীতিৰ এটি আভাস দাঙি ধৰে ৷ এই ৰাষ্ট্ৰীয় ঘোষণাৰ জৰিয়তে ৰজাসকলে দেশৰ জনগণক প্ৰজাৰ মংগলৰ আৰু আধ্যাত্মিক উন্নতিৰ কাৰণে কৰা ৰাষ্টীয় ব্যৱস্থাৰ কথা অৱগত কৰে ৷ ৰাষ্ট্ৰ আৰু ধৰ্ম দুটা সুকীয়া অনুস্হান বুলি গণ্য কৰা হৈছিল অাৰু জনগণৰ মংগল সাধন কৰাই উভয়ৰে যদিও উদ্দেশ্য আছিল , তথাপিও ধৰ্মই ৰাষ্ট্ৰয় গণ্ডীৰ ভিতৰত ৰাখি মানৱ কল্যাণ আৰু ৰাষ্ট্ৰ গঠনত যাতে ই সহায় কৰে তাৰবাবে ৰজাসকলে তেওঁলোকৰ পূৰ্বৰ অনুষ্ঠান দেওশালবিলাকত ৰাষ্ট্ৰৰ ফালৰ পৰা দেওশাল ফুকন আৰু দেওশাল বৰুৱাৰ নিযুক্তি দিছিল আৰু পৰৱৰ্তী সময়ত বিশেষকৈ যেতিয়া অসমত সত্ৰ-সভা,  মন্দিৰ দেৱালয়ৰ সংখ্যা বৃদ্ধি পাইছিল,  মহাৰাজ ৰুদ্ৰসিংহৰ দিনৰে পৰা দেৱালয় বিলাক ৰাষ্ট্ৰৰ ফালৰ পৰা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশে দেৱালয়া ফুকন আৰু দেৱালয়া বৰুৱা আৰু সত্ৰ সমূহত সত্ৰীয় বৰুৱা নিয়োগ কৰা হৈছিল ৷ ইয়াৰ ওপৰিও প্ৰতেকখন ফলিত আহোম যুগৰ ৰাজহ ব্যৱস্থা আৰু যাবতীয় কৰ-কাতল,  মাৰেসা, ধূমেসা,  বেঠ বেগাৰ,  চোৰ চিনলা হাট,  বাট ফাট আদি কৰবিলাকৰ নাম উল্লেখ আছে আৰু উক্ত কৰবিলাক তোলাৰ দ্বায়িত্ব দিয়া বিষ়য়া সকলক তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি সোঁৱৰাই দিয়া ৰাষ্টীয় ঘোষণা সমূহৰ জড়িয়তে আহোম যুগৰ ৰাজহ বিভাগৰ এটি ছবি আমাৰ আগত দাঙি ধৰে ৷ ফলিবিলাকত দান দিয়া মাটিৰ সীমা,  পৰিমাণ,  মাটিৰ বিভাগ আৰু জৰীপ প্ৰথাৰো উল্লেখ আছে ৷ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ দিয়া এখন তামৰ ফলিৰ পৰা ৰাষ্ট্ৰীয় ব্যৱস্থাৰ এটা দিশ দেখিবলৈ পাওঁ ৷ এই ফলিত মন্দিৰৰ আয়-ব্যয়ৰ এটি হিচাপ ফলিৰ ভিতৰত সন্নিবিষ্ট কৰা হৈছে আৰু ৰজাৰ নিৰ্দেশত উক্ত আয় ব্যয়ৰ হিচাপমতে মন্দিৰত পূজা-অৰ্চনা কৰাৰ ব্যৱস্থা হৈছিল ৷ এনে ধৰণৰ ৰাষ্ট্ৰৰ জৰিয়তে দিয়া নিৰ্দেশ আৰু আয় ব্যয়ৰ নমুনা দিয়া আন কেইবাখনো তামৰ ফলি আৰু শিলালিপিয়ে পৰৱৰ্তী সময়ত দ'ল দেৱালয় বিলাকত ৰাষ্ট্ৰৰ কটকটীয়া নিয়ন্ত্ৰৰ ইংগিত দিয়ে ৷ বিশেষকৈ কামৰূপৰ হাজো কামাখ্যা দ'ল দেৱালয়ত বৰফুকনে আৰু কোনো ক্ষেত্ৰত ৰজাই 'সেৱা চলাওঁতা' নিয়োগ কৰাৰ ব্যৱস্থা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ প্ৰধান কাৰণ হয়তো উক্ত দ'ল-দেৱালয়বিলাকৰ সেৱা চলাওঁতা আৰু দলৈ সকলৰ উত্তৰাধিকৰী বিলাকৰ মাজত ক্ষমতা লৈ যাতে প্ৰতিদন্বন্দিতা নহয় আৰু ধৰ্মৰ কাৰ্য যাতে সুচাৰুভাৱে সম্পাদন হয়,  তাৰ কাৰণে ৰাষ্ট্ৰৰ ফালৰ  সেৱা চলাওঁতা নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ মহাৰাজ ৰুদ্ৰসিংহৰ দিনত সত্ৰবিলাকৰ গোসাঁই মহন্তসকলক ৰাষ্ট্ৰীয়পঞ্জীত নামভূক্তিৰ ব্যৱস্থা কৰা হৈছিল , যাতে সত্ৰ সভাবিলাকত ৰাষ্ট্ৰৰ স্বীকৃতি অবিহনে,  নিজৰ ববীয়কৈ কোনো গোসাঁই মহন্তই নিজৰ গাদীত থাকি ৰাজ্যৰ ভিতৰতে আন এখন ৰাজ্য তৈয়াৰ কৰাৰ পৰা বিৰত থাকে তাৰ কাৰণে ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ  ব্যৱস্থা কৰা হৈছিল ৷

তামৰ ফলিবিলাকৰ বিষয়বস্তু অধ্যয়ন কৰিলেহে আমি তাৰ ঐতিসাহিক গুৰুত্ব উপলব্ধি কৰিব পাৰো ৷ এইখিনিতে উপলব্ধি কৰিব পাৰি যে বেছিভাগ তামৰ ফলি আৰু শিলালিপিৰ পাঠ সম্পূর্ণ উদ্ধাৰ হোৱা নাই ৷ তথাপিও কেইগৰাকীমান আগশাৰী পণ্ডিতে ইয়াৰ কিছু তামৰ ফলিৰ পাঠ উদ্ধাৰ কৰি তাৰ ঐতিসাহিক গুৰুত্ব আমাক দাঙি ধৰিছে ৷ প্ৰথমবিধ তামৰ ফলিৰ জৰিয়তে দেশৰ সত্ৰ, সভা,  মন্দিৰ,  দৰগাহ, দেৱালয় আদি ধৰ্ম আৰু সাংস্কৃতিক অনুস্হান বিলাকক মাটি বৃত্তি দান কৰিছিল ৷ এইবিধ তামৰ ফলিৰ ভিতৰত প্ৰতাপ সিংহৰ দিনৰ দুখন গুৰুত্বপূৰ্ণ চামধৰা গড়ৰ ফলিৰ পাঠ পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱে উদ্ধাৰ কৰি আমাক প্ৰতাপ সিংহৰ দিনৰ আহোম মুগল যুদ্ধৰ এটি আভাস দাঙি ধৰিছে ৷ উক্ত তামৰ ফলিত উল্লেখ কৰা যদু আৰু কলিতা ফুকনে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি কৃতিত্ব অৰ্জন কৰাৰ উল্লেখ আছে ৷ ৰাষ্টীয় প্ৰশাসনত সকলো শ্ৰেণীৰ মানুহৰ নিয়োগ ব্যৱস্থাই ৰজাসকলৰ দূৰদৃষ্টি আৰু উচ্চমনোভাৱৰ পৰিচয় দিয়ে ৷ ইয়াতকৈও প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ ফলিৰ পাঠ উদ্ধাৰ কৰিছে বুৰঞ্জীবিদ ড° প্ৰতাপ চন্দ্ৰ চৌধুৰীদেৱে ৷ এই ফলিখনৰ জৰিয়তে চুহুংমুক দিহিঙীয়া ৰজাৰ (১৪৯৭-১৬৩৯খ্ৰীষ্টাব্দ) শাসনৰ ৪২ বছৰত কামৰূপৰ পিঙ্গলেশ্বৰ দেৱালয়ত মাটিবৃত্তি দান কৰিছিল ৷ প্ৰতাপ সিংহৰ বহুত আগয়েই আহোম যুগৰ আগছোৱা সময়তেই অসমীয়া ভাষাই ৰাজদৰবাৰৰ ৰাষ্টীয় ভাষা হিচাপে স্বীকৃতি পাইছিল ৷ অৱশ্যে গছতল , আমবাৰী আদিত পোৱা শিলালিপিৰ ওপৰত ভিক্তি কৰি ক'ব পাৰি যে ইয়াৰ বহু আগেয়েই ১৩ শতিকাৰ আৰম্ভণিতে এই শিলালিপিৰ ভিতৰত চক্ৰধ্বজ সিংহ (১৬৬৩-১৬৬৯ খ্ৰীঃ) আৰু উদয়্যদিত্যৰ (১৬৬৯-১৬৭৩ খ্ৰীঃ) দিনত হোৱা শৰাইঘাট যুদ্ধৰ বিজয় যাত্ৰাৰ চিন স্বৰুপে নামজানী বৰফুকন আৰু বাঁহগড়ীয়া বুঢ়াগোহাঁইৰ জড়িয়তে দুখন ফলি দিয়া হৈছিল ৷ তৃতীয় বিধ তামৰ ফলি কোনো ব্যক্তি বিশেষক চমুৱা বা অধিকাৰ পাতি তেওঁৰ তলত থকা মাটি আৰু পাইকৰপৰা খাজানা তুলি বৰফুকন আৰু বৰবৰুৱাক দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ চতুৰ্থ বিধ ফলি ৰাজহ আৰু মাটিৰ বিবাদ নিষ্পত্তি কৰি পুনৰ তামৰ ফলিৰ জড়িয়তে বিবাদীয় পক্ষক ফয়চলা দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ কমলেশ্বৰ সিংহৰ দিনত বৰদোৱা আৰু আউনীআটী সত্ৰৰ মাটি বিবাদ নিষ্পত্তি কৰি পুনৰ মোহৰ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ ইয়াৰ বাহিৰেও গদাধৰ সিংহৰ উমানন্দ আৰু অশ্বক্ৰান্ত দেৱালয়ত দিয়া মাটিৰ দানৰ,  ৰুদ্ৰ সিংহৰ জয়সাগৰ দৌল-দেৱালয়লৈ দিয়া ফলি আৰু শিৱসিংহ , প্ৰমত্ত সিংহ,  কমলেশ্বৰ সিংহৰ দিনত কামৰূপ,  দৰং আৰু শিৱসাগৰত থকা দ'ল দেৱালয় বিলাকৰ কাৰণে দিয়া তামৰ ফলি উল্লেখযোগ্য ৷ কামৰূপৰ প্ৰত্যেকখন দেৱালয় আৰু মন্দিৰত শিলালিপি দেখিবলৈ পোৱা গৈছে ৷ কিন্তু ফলিবিলাকৰ 'ফটোষিটট' নকল কৰাৰ ব্যৱস্থা হোৱা নাই ৷ পুৰাতত্ব বিভাগৰ নিচিনা কোনো চৰকাৰী অনুষ্ঠানে এই মন্দিৰ দেৱালয়বিলাকত থকা শিলালিপিবিলাকৰ 'ফটোষ্টেট (নকল) ৰখাৰ ব্যৱস্থা কৰা নাই যেন লাগে ৷ অৱশ্যে পুৰাতত্ব বিভাগ, যাদুঘৰ,  অসম ৰেকৰ্ড কাৰ্যালয় আদিত কিছু সংখ্যক তামৰ ফলি আছে ৷ পুৰাতত্ব বিভাগত কেইবাখনো পেৰা কাকত আছে ৷ পুৰাতত্ব বিভাগে অৱশ্যে গুৱাহাটী জিলা ৰেকৰ্ড কাৰ্যালয় আদিৰ পৰা নকল কৰি ভালেখিনি তামৰ ফলিৰ নকল সংৰক্ষণ কৰিছে ৷ অসম ৰেকৰ্ড কাৰ্যালয়তো 'অাসাম কমিচনচ্ ফাইল' নামেৰে দেশৰ গোসাঁই মহন্তসকলে তেওঁলোকৰ ধৰ্মোত্তৰ দেৱোত্তৰ মাটিৰ ওপৰত স্বৰ্ত্ত সাব্যস্ত কৰি জেনকিনচ্ চাহাবৰ ওচৰত দিয়া আবেদনৰ লগত বহুতো পুৰণা নথি-পত্ৰ আৰু পেৰাকাকত অতি জৰাজীৰ্ণ অৱস্থাত আছে ৷ এই নথি পত্ৰ বিলাকৰ বিশেষ সংৰক্ষণৰ ব্যৱস্থা হোৱা নাই যেন লাগে ৷ আনহাতে উজনি অসমৰ দ'ল দেৱালয়ত থকা তামৰ ফলিবিলাক পূজাৰী আৰু ব্যক্তিগত লোকৰ ঘৰত লুপ্ত হোৱাৰ উপক্ৰম হৈছে ৷ ড° মহেশ্বৰ নেওগ দেৱে তেখেতৰ 'প্ৰাচ্য শাসনাৱলী'ত আৰু প্ৰয়াত পদ্মনাথ বিদ্যাবিনোদদেৱে 'কামৰূপ শাসনাৱলী'ত আহোম যুগৰ ভালেখিনি তামৰ ফলি আৰু প্ৰাক আহোম যুগৰ তামৰ ফলিৰ পাঠ উদ্ধাৰ কৰি গৱেষণা আৰু বুৰঞ্জী অধ্যয়নত অটা ডাঙৰ অভাৱ পূৰণ কৰিছে ৷ ইয়াৰ বাহিৰেও সৰ্বেশ্বৰ কটকী,  সৰ্বেশ্বৰ বৰুৱা,  শৰৎচন্দ্র গোস্বামী দেৱে বহু সংখ্যক তামৰ ফলিৰ পাঠ উদ্ধাৰ কৰিছে  ৷ কিন্তু বৰ্তমান দল দেৱালয়ত থকা শিলালিপি বিলাকৰ নকল সংৰক্ষণ কৰাৰ ব্যৱস্থা উচিত হব , কাৰণ উক্ত দ'ল দেৱালয় বিলাক ভাগি যোৱাৰ লগে লগে তাত থকা শিলালিপি বিলাকো লুপ্ত হ'ব ৷ অতি সন্তোষৰ কথা এই যে চৰকাৰে অসমৰ পুৰণি ৰাজধানী বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ নগৰত এটি সংগ্ৰাহলায় আৰু যাদুঘৰ প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা হাতত লৈছে ৷ সংগ্ৰাহালয়ৰ লগতে পুৰাতত্ব বিভাগৰ এটি শাখাও প্ৰতিষ্ঠা কৰাটো প্ৰয়োজন হব,  কাৰণ তেতিয়াহ'লে শিৱসাগৰ,  নিতাইপুখুৰী, শিমলুগুৰি অঞ্চলত সিচঁৰিত হৈ থকা পুৰণি সাঁচিপতীয়া বুৰঞ্জীবিলাকৰ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিব পৰা হ'ব ৷ উক্ত সংগ্ৰাহলয় আৰু যাদুঘৰ প্ৰতিষ্ঠা হ'লে শিৱসাগৰ,  ডিব্ৰুগড জিলা আৰু সমগ্ৰ উজনি অসমৰ যিবিলাক থাইত প্ৰাচীন মূৰ্তি,  শিলালিপি,  তামৰ ফলি,  সিংহদুৱাৰৰ ভগ্নাৱশেষ সংৰক্ষণৰ অভাৱত কোনো কাৰ্যালয়,  মানুহৰ ঘৰৰ পদূলিত,  কেচাঘৰৰ সন্মুখত অৱহেলিত অনস্থাত পৰি আছে সেইবিলাক সংৰক্ষণৰ অন্তত: এটি কেন্দ্ৰীয় কাৰ্যালয় প্ৰতিষ্ঠা হব ৷ অৱশ্যে সংগ্ৰহ কৰাটোৱেই শেষ কাম নহয় ৷ এই তামৰ ফলি,  শিলালিপি,  পুথি-পাজি  , সাঁচিপতীয়া বুৰঞ্জী বিলাকৰ ওপৰত অধ্যয়ন আৰু গৱেষণা কৰা উচিত হ'ব আৰু তাৰ কাৰণে পুৰাতত্ব বিভাগৰ এটি শাখা অসমৰ পুৰণি ৰাজধানী শিৱসাগৰত প্ৰতিষ্ঠা হোৱাটো বাঞ্ছনীয় ৷ তেতিয়াহ'লে এই অঞ্চলত পোৱা সাঁচিপতীয়া বুৰঞ্জী,  শিলালিপি,  তাম্ৰলিপি বিলাকৰ অধ্যয়ন আৰু ঐতিহাসিক গুৰুত্ব বাহিৰ কৰাত সুবিধা হ'ব ৷ অৱশ্যে প্ৰকাশন পৰিষদে যোৰহাটৰ কেটেকী পুখুৰীপাৰৰ হিতেশ্বৰ বৰবৰুৱাৰ 'আহোম দিন'ৰ এছোৱা প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছে ৷ তেনে ধৰণৰ আন দুখন আৱশ্যকীয় বুৰঞ্জী ক্ৰমে পদ্মসিং নাওবৈচা ফুকনৰ 'অসম বুৰঞ্জী' আমোলাপট্টীৰ চন্দ্ৰেশ্বৰ ফুকনৰ ঘৰত আৰু গমধৰ কোঁৱৰৰ পুথি লাকুৱাত প্ৰকাশৰ অভাৱতে পৰি আছে ৷ এই সাঁচিপতীয়া পুৰণি বুৰঞ্জীবিলাকৰ প্ৰকাশ আৰু শিলালিপি,  তাম্ৰলিপিবিলাকৰ পাঠ উদ্ধাৰে ঐতিসাহিক গুৰুত্ব উদঘাটন কৰাত সহায় কৰিব আৰু অসম বুৰঞ্জীৰ বহুতো নতুন তথ্য ৰাইজৰ দৃষ্টিগোচৰ হ'ব ৷
সম্পূৰ্ণকৈ পঢ়ক »

আহোম স্বৰ্গদেউসকলৰ দিনৰ ৰাজহ ব্যৱস্থা ණ...সোণাৰাম বৰুৱা


         ত্ৰয়োদশ শতিকাৰ আগভাগতে সৌমাৰপীঠলৈ আহি চাওলুং ছৗকাফাই যি ৰাজ্য স্হাপন কৰিছিল সেই ৰাজ্য ঊনবিংশ শতিকাৰ তৃতীয় দশকলৈ প্ৰায় ছশ শতিকা কাল বৰ্ত্তি থাকিল ৷ একেটা জাতিয়ে ইমান দীঘলীয়া সময় ধৰি  ৰাজ্যৰ শাসন অব্যাহত ৰখাটো ঐতিহাসিক ভাৱে নিশ্চয় এক গুৰুত্বপূৰ্ণ কথা ৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ উঠে যে তাই-আহোমসকল কেৱল বিজেতা হিচাপেই যে পৰাক্ৰমী আছিল তেনে নহয় , প্ৰশাসক হিচাপেও তেওঁলোক আছিল বিচক্ষণ, চতুৰ আৰু সফল ৷ দমন আৰু বন্ধুত্ব - দুয়োপ্ৰকাৰে সৌমৰপীঠৰ থলুৱা জাতি-জনজাতিসকল নিজৰ ফলীয়া কৰি প্ৰজাৰ কল্যাণ সাধনৰ লগতে ৰাজনৈতিক বিচক্ষণতাৰে সদ্ভাৱ-সম্প্ৰীতি ৰক্ষাৰ জড়িয়তে এক সবল জাতি গঠন প্ৰক্ৰিয়াৰ দিশত তেওঁলোক আগবাঢ়িছিল ৷
       প্ৰাক আহোম যুগত অসমত ধাৰাবাহিক ৰূপত লিখিত বুৰঞ্জী নথকাৰ বাবে সেই সময়ৰ পদ্য-সাহিত্য, শ্ৰুতি- স্মৃতি,  শিলাস্তম্ভ , তাম্ৰফলি,  মুদ্ৰা আদিৰ মাজৰ ইতিহাসৰ সমল বিচাৰিব লগাত পৰে ৷ আহোম সকলৰ বুৰঞ্জী লিখাৰ পৰম্পৰা পূৰ্বাাপৰ হোৱাৰ কাৰণে ছৗকাফাৰ আগমনৰ দিন ধৰি অসমত দেখা দিয়া ৰাজনৈতিক,  সামাজিক,  অৰ্থনৈতিক,  সাংস্কৃতিক সকলো ঘটনা অৰ্থাৎ উত্থান-পতনৰ সবিশেষ অধ্যয়নৰ বৰ বিশেষ জটিলতা নাই বুলি ভাবো ৷ অৱশ্যে ৰাজনৈতিক বুৰঞ্জী যিমানে সহজে পোৱা যায়,  আৰ্থ সামাজিক,  সাংস্কৃতিক বুৰঞ্জী সিমান সহজে উপলব্ধ নহয় ৷ যিকি নহওক,  আহোমসকলৰ এই দীৰ্ঘকলীয়া শাসনৰ গুৰিতে যে অৰ্থনৈতিক দিশটো সবল কৰি ৰখাত আহোম স্বৰ্গদেসকলৰ ৰাজহ প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেইটো অনস্বীকাৰ্য ৷
         আহোম যুগৰ ৰাজহ বুৰঞ্জী প্ৰণয়নৰ কাৰণে স্বাভাৱিকতে ৰজাদিনীয়া ফলি, পেৰাকাকত,  মুদ্ৰা,  বিদেশী পৰ্যটকৰ টোকা,  ভূমিনীতি , লোকপিয়ল আদিৰ কাষ চাপিব লগা হয় ৷ ফলি বোলোতে তামৰ ফলি আৰু শিলৰ ফলি দুয়োবিধৰ কথা বুজোৱা হয় ৷ সিবিলাকক মঠ-মন্দিৰ ,সত্ৰ-দেৱালয়,  বিষয়াবৰ্গক দান দিয়া আৰু ৰাজপৰিয়ালৰ লোকক খাট-পামৰ বাবে আবণ্টন দিয়া মাটিৰ শ্ৰেণী, পৰিমাণ, নিৰ্দ্ধাৰিত ৰাজহ আদিৰ সবিশেষ চৰকাৰৰ চীল মোহৰৰ লগতে ৰজাৰ চীল মোহৰ মাৰি উল্লেখ কৰা থাকে ৷ তেনেদৰে আৱন্টিত মাটিৰ বিৱৰণ,  পাইকৰ সংখ্যা অথবা যি ব্যক্তি বা ধৰ্মীয় অনুষ্ঠানক দান দিয়া হয় সকলোৰে বিস্তৃত বিৱৰণেৰে ছাপ মৰা কাকতত ৰজাৰ চীল মোহৰ মাৰি যিবিলাক  ভূমি  বন্দোৱস্তিৰ দলিল কৰা হৈছিল সেইবিলাকক পেৰাকাকত বোলা হৈছিল,  কাৰণ অধিকাংশ লোকেই এনেবোৰ কাকতৰ গুৰুত্ব বুজি সযত্নে পেৰাত ভৰাই সংৰক্ষণ কৰিছিল ৷ সাধাৰণতে লোকপিয়ল আৰু মাটি জৰিপ কৰি ৰেকৰ্ডত প্ৰয়োজনীয় সংশোধনীৰ পিছতহে এনে মাটিৰ বন্দোৱস্তীৰ কাকত যুগুতোৱা হৈছিল ৷ নকলেও হব যে চিঠাবহীতো মাটিৰ বিৱৰণ আৰু বিতৰণৰ সবিশেষ টোকা লিপিবদ্ধ কৰি ৰখা হৈছিল ৷ সেয়েহে চেঠাবহী,  পেৰাকাকত,  ফলি আদিক তেতিয়াৰ দিনৰ ভূমি ৰাজহ সম্পৰ্কীয় প্ৰামাণ্য দলিল ৰূপে ইংৰাজ চৰকাৰে মানি লৈছিল ৷ স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়তো দেশীয় চৰকাৰে সিবিলাকক মান্যতা প্ৰদান কৰি আহিছে ৷

আহোম দিনৰ ৰাজহ ব্যৱস্থা অধ্যয়নৰ বাবে কাশীনাথ তামূলী ফুকনৰ 'অসম বুৰঞ্জী'ৰ লগতে 'তুংখঙ্গীয়া বুৰঞ্জী' আৰু 'সাতসৰী অসম বুৰঞ্জী' , গুণাভিৰাম বৰুৱা আৰু হলিৰাম ঢেকিয়াল ফুকনৰ 'আসাম বুৰঞ্জী' , হিতেশ্বৰ বৰবৰুৱাৰ 'আহোমৰ দিন',  পদ্মনাথ নাওবৈচা ফুকনৰ 'অসম বুৰঞ্জী'ৰ নাম লব লাগিব ৷ তদুপৰি মণিৰাম দেৱানে মিলচ্ চাহাবৰ হাতত দাখিল কৰা প্ৰতিবেদনো ১৮১৪ খ্ৰী:ৰ পৰা ১৮৫৪ খ্ৰীঃলৈ এই সময়ছোৱাৰ ৰাজহ প্ৰশাসনৰ সন্দৰ্ভত এক মূল্যবান দলিল ৷  'দেওধাই অসম বুৰঞ্জী' আৰু সুকুমাৰ মহন্তৰ ঘৰত উপলব্ধ হোৱা অসম বুৰঞ্জীত আহোম যুগৰ জৰীপ কাৰ্য আৰু লোকপ্ৰিয়ল সম্পৰ্কত প্ৰণিধানযোগ্য ৷ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই 'জলমবঁটা'ৰ অপযশ আঁতৰাবলৈ পদমৰ্যদাৰ অশুভ প্ৰভাৱ ঘটাই অনেক বুৰঞ্জী দাহ কৰি সেই সময়ৰ অনেক তথ্য নাইকিয়া কৰিলে ৷ মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ সময়তো এনে বহু বুৰঞ্জী নষ্ট হ'ল ৷ ইফালে বিদেশী পৰ্যটকৰ টোকা বুলি কওঁতে সাধাৰণতে মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত তেওঁৰ লগত অহা মুছলমান ঐতিহাসিক চিহাবুদ্দিন তালিচে মোগল আক্ৰমণৰ উপৰি অসম সম্পৰ্কে লিখি থৈ যোৱা বিস্তৃত বিৱৰণ সম্বলিত 'ফতিয়া-ই-ইব্ৰিয়া',  মিনহাজ-ই চিৰাজৰ 'তবাকত-ই-নাচিৰী',  মিৰ্জা নাথানৰ 'বাহাৰিস্তান-ই-ঘায়বী',  আব্দুল ফজল আসামীৰ 'আকবৰ নামা ' , মিৰ্জা নাথানৰ 'বাহাৰিস্তান-ই-ঘায়বী, আব্দুল ফজল আলামীৰ 'আকবৰ নামা',  মিৰ্জা মহম্মদ কাজমিৰ 'আলমগীৰ নামা',  জীয়াউদ্দিন বাৰাউণিৰ 'তাৰিখ-ই-ফিৰোজচাহী' আদু পাৰ্চী গ্ৰন্থৰ নীম অৱশ্যে ল'ব লাগিব ৷ তদুপৰি অসম ইংৰাজৰ হাতলৈ যোৱাৰ পিছত ভালেকেইজন প্ৰশাসনিক ইংৰাজ বিষয়াই অসম বুৰঞ্জী অধ্যয়নৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল আৰু তেওঁলোকে লাভ কৰা সমলৰ ভিক্তিত আহোম সকলৰ পৰা পোৱা অসম ৰাজ্যৰ প্ৰশাসনিক,  ৰাজনৈতিক,  আৰ্থসামাজিক আদি বিভিন্ন দিশৰ ওপৰত বুৰঞ্জী প্ৰণয়ন কৰিছিল ৷ সেইবিলাক ইংৰাজ লেখকৰ ভিতৰত বুচানন হেমিল্টন,  মাৰ্টিন মন্টেগোমাৰি,  উইলিয়াম হান্টাৰ,  উইলিয়াম ৰবিন্সন,  মেকক'চ,  জন পিটাৰ ৱেড, ই.এ. গ্যেইট আদিৰ নাম গুৰুত সহকাৰে ল'ব লাগিব ৷

ছৗকাফাৰ পৰা দিহিঙীয়া ৰজাৰ দিনলৈ (খ্ৰীঃ ১২২৮ ৰ পৰা খ্ৰীঃ ১৫০৯ লৈ)  এই দীঘলীয়া সময়ছোৱাত আহোমসকলে সঘনে বৰাহী,  কছাৰী,  নগা,  মৰাণ আদি জনজাতীয় লোকসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ পৰিবলগা হোৱাত অসামৰিক আৰু ৰাজহ ব্যৱস্থাই ভালদৰে গঢ় লৈ উঠিব পৰা নাছিল ৷ প্ৰথম অৱস্হাত বঢ়গোহাই আৰু বুঢ়াগোহাঁই এই দুজনা মন্ত্ৰীৰ পদ সৃষ্টি কৰি প্ৰশাসনিয় কামকাজ চলোৱাৰ ব্যৱস্হা কৰা হৈছিল ৷ পিছলৈ সেই জনজাতিসকলক বশলৈ অনাত তেওঁলোকৰ ওপৰত চকু ৰাখিবলৈ দিহিঙীয়া ৰজাৰ দিনত বৰপাত্ৰগোহাঁই বিষয়বাব সৃষ্টি কৰা হ'ল ৷ আমি সকলোৱে জনা মতে আহোম প্ৰশাসনৰ সাধাৰণ ৰায়তৰ মাজত খেল আৰু পাইক প্ৰথা প্ৰৱৰ্তন কৰা হৈছিল ৷ আহোম ৰাজ্য সম্প্ৰসাৰিত হোৱাৰ লগে লগে খেল আৰু পাইকৰ সংখ্যাও ক্ৰমাত বাঢ়ি যোৱাত নতুন নতুন প্ৰশাসনীয় বিভাগ সৃষ্টি কৰিব লগা হৈছিল ৷ বৰাহী,  কছাৰী,  নগা,  মৰাণ আদিলোকসকলক পাইক প্ৰথাৰ অন্তৰ্ভুক্ত কৰাৰ লগতে নগাসকলেও বশ্যতা স্বীকাৰ কৰাত পাইকৰ সংখ্যা স্বাভাবিকতে বৃদ্ধি পাই গৈছিল ৷ তাৰ ফলত বৰফুকন,  বৰবৰুৱা আদিৰ অধীনত ফুকন, বৰুৱা, হাজৰিকা, শইকীয়া,  বৰা আদি বিষয়াৰ পদ সৃষ্টি কৰি বিভিন্ন খেলৰ পাইকসকলক নিয়ন্ত্ৰিত কৰিব লগা হৈছিল ৷ বুৰঞ্জীৰ তথ্য অনুসাৰে স্বৰ্গদেউ চুখ্ৰাংফাৰ দিনতে সোণ-ৰূপ কমোৱা সোণোৱাল আৰু ৰূপোৱাল কছাৰীৰ সংখ্যা পঁচিশ হাজাৰৰো অধিক হৈছিলগৈ ৷
         এই আহোমসকলৰ ৰাজনৈতিক নীতি অনুসাৰে স্বৰ্গদেউ অৰ্থাৎ ৰজাই হ'ল নিজ ৰাজ্যৰ ভূ- খণ্ডৰ প্ৰকৃত মালিক আৰু সেই ভূমিত কৃষি কৰ্ষণেৰে শ্ৰমিক সকলে খাদ্য আহৰণ কৰিব লাগিছিল ৷তাৰ বিনিমযৃত প্ৰজাই ৰজাক ৰাজহ আদায় দিব লাগিছিল ৷ তাৰ বিনিময়ত প্ৰজাই ৰজাক ৰাজহ আদায় দিব লাগিছিল ৷ সেই ৰাজহ প্ৰজাই গা-খাটনিৰে দিয়াৰ ব্যৱস্হা আছিল ৷ এই দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে ৰজাৰ কাৰণে মাটিতকৈ প্ৰজাসকলেহে দেশৰ মূল সম্পদ আছিল ৷ ১৫-১৬ বছৰৰ পৰা ৫০ বছৰ বয়সৰ সকলো মুক্ত কৰ্মঠ প্ৰাপ্তবয়স্ক পুৰুষেই এক অৰ্থত ৰাজসম্পদ বুলি বিবেচিত হৈছিল ৷ যাৰ যি কামত প্ৰসিদ্ধি আছিল সেই অনুসাৰে প্ৰজাবৰ্গক বিভিন্ন খেলত বিভক্ত কৰা হৈছিল আৰু সেই খেলবোৰ কিছুমান ৰাজবিষয়াৰ নিয়ন্ত্ৰণত ৰখা হৈছিল ৷ প্ৰটিটো খেলৰ পাইকসকলক চাৰিজনীয়াকৈ ভাগ কৰি একো একোটা ভাগ কৰা হৈছিল ৷ পিছলৈ অৱশ্যে গোটৰ পাইকৰ সংখ্যা চাৰিজনৰ পৰা তিনিজনলৈ হ্ৰাস কৰা হৈছিল ৷ এই পাইকৰ গোটবোৰে ৰাজ্যৰ সামৰিক আৰু অসামৰিক দুয়োটা ক্ষেত্ৰতে ৰাজসেৱক ৰূপে প্ৰয়োজন সাপেক্ষে সেৱা আগবঢ়াব লাগিছিল ৷ প্ৰতিজন পাইকে কৃষি কাৰ্যৰ লগত জডিয়তে পেট প্ৰৱৰ্তাবৰ বাবে ৰজাঘৰৰ পৰা দুই পূৰাকৈ মাটিৰ ভোগ দখল পাইছিল ৷ অৱশ্যে ৰজাঘৰৰ পৰা ভূমি আৱণ্টন খেল অনুযায়ীহে দিয়া হৈছিল,  পাইকক গাইগুটিয়াকৈ দিয়া হোৱা নাছিল ৷ কোনো এজন পাইকৰ মৃত্যু হ'লে তেওঁৰ ভোগ দখলত থকা ভূমি মৃতকৰ পুত্ৰই উত্তৰাধিকাৰ হিচাপে পোৱাৰ নিয়ম নাছিল,  সেই মাটি মৃতক যি খেলত আছিল সেই খেলটোৰ মানুহৰ হাতলৈ গৈছিল ৷ অৰ্থাৎ মাটিৰ মালিকীস্বত্ব আছিল সমূহীয়া,  ব্যক্তিগত নহয় ৷ সেইকাৰণে মাটিৰ খাজানা গোটৰ সদস্য সকলে পাল পাতি আদায় দিব লগা হৈছিল ৷ এই ব্যৱস্থাৰ ফলত একো একোটা খেলৰ পাইক গোটবিলাকৰ মাজত এক সামূহিক চেতনা বৰ্তি আছিল , সকলোৱে পাৰস্পৰিক বুজা-পৰাৰে সমস্যাবোৰ সামাধান কৰা সহজ হৈছিল আৰু খেলৰ সমূহ পাইকক এক নিৰাপত্তাৰ ভাব আনি দিছিল ৷

প্ৰাক্ আহোম যুগত ভূমিৰ শ্ৰেণী বিভাজন হৈছিল প্ৰকাৰে  : খেল,  খিলা আৰু বাস্তু ৷ খেল বুলিলে বুজাইছিল কৃষি ভূমি,  কৃষি অনুপযোগী মাটিক বোলা হৈছিল খিলা আৰু ঘৰ - বাৰী পাতি বাসবাস কৰিব পৰা মাটিভাগ হ'ল বাস্তু ৷ আহোমসকলৰ দিনত মাটি জৰীপ কৰি শ্ৰেণী বিভাজন কৰিছিল এনেদৰে : শালিধানৰ খেতি কৰিব পৰা ৰোৱতী বা ৰূপিত মাটি,  বাম শস্যৰ বাবে উপযোগী আবাদী মাটি ৷ ইয়াৰ উপৰি আন এক শ্ৰেণীৰ মাটি আছিল,  যাক বোলা হৈছিল ভাগ,  অৰ্থাৎ যি মাটিৰ উৎপাদিত শস্যৰ ৰজাই নিজ অংশ আদায় কৰিছিল ৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত যুগুতোৱা পেৰাকাকতত ওবৰ বস্তি (ঘৰ-বাৰী নথকা ৰাহি মাটি), জংঘল মাটি,  জলাতক,  দলনি,  কঠিয়াতলি,  সৰিয়হতলি,  বাকৰি,  বেঙেনাতলি , ওবৰবিল আদি মাটিৰ শ্ৰেণীবিভাজনৰ উল্লেখ পোৱা যায় ৷ পৰৱৰ্তী পৰ্যায়ৰ পুৰাতাত্বিক আৰু লিখিত সাক্ষ্য প্ৰমাণৰ ভিক্তিক আহোম যুগত মাটি বিভাজন চাৰি শ্ৰেণীত হোৱা দেখা যায় - ৰূপিত,  বাওতলি,  বস্তি আৰু ফৰিঙতি ৷ ৰূপিত মাটিত ঘাইকৈ শালিখেতি,  বাওতলিত বাওতলিত বাওধানৰ উপৰি মাহ,  সৰিয়হ খেতি,  বস্তু বা বৰি মাটিত শাক-পাছলিৰ খেতিৰে সৈতে ঘৰবাৰী পতা হয় আৰু ফৰিঙতি মাটি হ'ল ওখ চাপৰি জাতীয় মাটি য'ত জাতীয় মাটি য'ত অগাপিছাকৈ কেইবাবিধো শস্যৰ খেতি কৰা হয় ৷
    আহোম ৰজা সকলে মাটিৰ জৰীপ আৰু লোকপিয়ল এই দুইটা বিষয়ৰ ওপৰত আৰম্ভণিৰে পৰাই বিশষ গুৰুত্ব আৰোপ কৰিছিল ৷ ৰাজ্যৰ মুঠ জনসংখ্যা,  ইয়াৰ খেলভিক্তিত বিভাজন আৰু জনসাধাৰণৰ অৰ্থনৈতিক অৱস্হাৰ বুজ লবলৈ সময়ে সময়ে জৰীপ আৰু লোকপ্ৰিয়লৰ কাম হাতত লোৱা হৈছিল ৷ স্বৰ্গদেউ চুহুংমুং দিহিঙ্গীয়া ৰজা,  প্ৰতাপ সিংহ,  চক্ৰধ্বজ সিংহ,  গদাধৰ সিংহ,  শিৱ সিংহ,  প্ৰমত্ত সিংহ - এই সকলৰ দিনত ভূমি জৰীপ আৰু লোকপ্ৰিয়লৰ কাম হোৱাৰ তথ্য পোৱা যায় ৷ অৱশ্যে সকলো সময়তে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্হাত উন্নতিৰ হকে এনেবোৰ ব্যৱস্থা হাতত লৈছিল বুলি ভবাতকৈ প্ৰকৃতপক্ষে কিমান কৰ্মদক্ষ লোকক পাইক হিচাপে অৰ্ন্তভূক্ত কৰি ৰাজসেৱা আদায় কৰিব পাৰিব তাৰ উৱাদিহ ল'বলৈ চেষ্টা চলোৱা যেনহে লাগে ৷
     ৰাজ্যৰ অৰ্থনৈতিক সম্পদ বৃদ্ধি কৰাৰ স্বাৰ্থত আহোম ৰজাসকলে অনেক ব্যৱস্থা হাতত লৈছিল যিবিলাকে এহাতে প্ৰজাৰ সা-সুবিধা বৃদ্ধিৰ লগতে ৰাজকোষ টনকিয়াল কৰাটো সহায় কৰিছিল ৷ অনা অবাদী পৰিত্যক্ত মাটিবোৰ উদ্ধাৰ কৰি কৃষি উপযোগী কৰি তোলাত পাইকবোৰক উদগনি দিছিল ৷  হাবি-জংঘল আৰু ওখ কাটনি মাটিবোৰ পাইকক ৰজাই জমা মাটিৰ বাবদ প্ৰথম অৱস্থাত ৰাজহ আদায় দিব লগা হোৱা নাছিল ৷ তেনে মাটি সম্পূৰ্ণৰূপে কৃষিকাৰ্যৰ বাবে উপযোগী হৈ উঠাৰ পাছত তেওঁলোকেই স্হায়ী পট্তন দি খাজানা আদায় কৰা হৈছিল ৷ স্বৰ্গদেউ প্ৰতাপ সিংহৰ আগলৈকে খেল আৰু পাইক প্ৰথা চলি থকা পৰ্যন্ত কৃষিমাটিৰ বাবে পাইকসকলে ব্যক্তিগত সেৱাৰ মাধ্যমেৰে ৰজাঘৰত ৰাজহ আদায় দিয়াৰ ব্যৱস্থা আছিল ৷প্ৰতাপ সিংহৰ দিনৰে পৰা মাটিৰ শ্ৰেণী বিভাজন আৰু শ্ৰেণী ভিক্তিক ৰাজহ নিৰ্ধাৰণৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱাত পাইকে নগদ ধনেৰে ৰাজহ দিব লগা হৈছিল ৷  নদ-নদীবোৰৰ বাঢ়নী পানীয়ে বিশেষকৈ ব্ৰক্ষ্মপুত্ৰৰ বানে খেতি-বাতি তেতিয়াৰ দিনটো নষ্ট নকৰা নহয় ৷ ৰজাই শস্য উৎপাদন অটুট ৰখাৰ ওপৰত বিষেশ গুৰুত্ব দি বাঢ়নী পানীয়ে   খেতি-বাতি নষ্ট কৰিব নোৱাৰাকৈ ঠায়ে ঠায়ে মঠাউৰি বন্ধাৰ ব্যৱস্থা কৰিছিল ৷ তদুপৰি নৈ আৰু জলাশয় বিলাকৰ পানী সুবিধাজনক ভাৱে কৃষিক্ষেত্ৰৰ কাষেদি বোৱাই নি ৰায়তক কৃত্ৰিম জলসিঞ্চন ব্যৱস্থা উপলব্ধ কৰাইছিল ৷ তদুপৰি বিভিন্ন শিল্পকৰ্মত সিদ্ধহস্ত,  অভিজ্ঞ বনুৱা ৰাজ্যৰ বাহিৰৰ পৰা অনাই ঠায়ে ঠায়ে বহুৱাইছিল আৰু তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী তথা কৃষিজাত বস্তুবোৰ বেচা-কিনাৰ বাবে চহৰ আৰু গ্ৰাম্য অঞ্চল ত হাত-বজাৰ বহুৱাইছিল ৷ ৰাজ্যৰ প্ৰতিৰক্ষাৰ স্বাৰ্থত যাতায়তৰ সুচলাৰ্থে আলি আৰু গড় নিৰ্মাণ কৰাইছিল ৷ গড়বিলাকে যুদ্ধৰ সময়ত শত্ৰুপক্ষক ভেটিবৰ বাবে বিশেষ সুবিধা দিয়াৰ উপৰি সকলো সময়তে যোগাযোগ তথা যাতায়ত ব্যৱস্থাতো উল্লেখনীয় বৰঙণি আগবঢ়াইছিল ৷

তাই আহোমৰ স্বৰ্গদেউসকল ব্ৰাক্ষ্মণ্য হিন্দুধৰ্মৰ অনুগত হোৱাৰ পিছৰে পৰাই ভূমি ৰাজহ আৰু মানৱ সম্পদৰ ক্ষেত্ৰত ৰাজ্যৰ অৱস্হা যথেষ্ট দুৰ্বল হৈ পৰাটো পৰিলক্ষিত হয় ৷ ৰজাই মঠ মন্দিৰ নিৰ্মাণত মুক্তহস্তে দান-বৰঙণি আগবঢ়োৱাৰ উপৰি বিস্তৰ ভূমি ব্ৰক্ষ্মোত্তৰ ভূমি ৰূপে আৱন্টন দিছিল পুৰোহিত শ্ৰেণীৰ ভৰণ-পোষণ আৰু মন্দিৰ সমূহে আৰ্থিক স্বচ্ছলতাৰে চলি থাকিবৰ বাবে ৷ ভূমিৰ লগতে সেই অঞ্চলত কৃষিকৰ্ম কৰি খাই থকা পাইকসকলকো গতাই দিয়া হ'ল ৷ সত্ৰ বিলাকৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্হাই লোৱা হৈছিল অধিকতৰ ৰূপত ৷ ৰাজপৃষ্ঠপোষকতাত পোৱা সত্ৰ সমূহে প্ৰয়োজনাধিক নিষ্কৰ ভূমি আৰু পাইক লাভ কৰিলে ৷ তাৰ ফলত সত্ৰবিলাক আৰ্থিক দিশত চহকী হোৱাৰ লগে লগে ৰাজনৈতিক দৃশ্যপটতো প্ৰভাৱশালী হোৱাৰ উদাহৰণ আছে ৷ যি কি নহওক,  এক বুজন সংখ্যক পাইক মঠ-মন্দিৰ,  সত্ৰৰ সেৱাত আবন্টিত হোৱাৰ ফলত ৰাজ্যৰ উন্নয়নমূলক কাম কৰিবলৈ,  যুদ্ধৰ সময়ত ৰণুৱা হ'বলৈ পাইকৰ অভৱ  ঘটিল ৷ দেশৰ ৰাজনৈতিক আৰু আৰ্থিক দিশ টনকিয়াল কৰি ৰখাৰ ব্যৱস্থাটোলৈ কিছু দুৰ্বলতা আহিল ৷ তদুপৰি অপ্ৰিয় হলেও কব লাগিব,  সত্ৰৰ গোসাঁই মহন্ত,  দ'ল দেৱালয়ৰ পুৰোহিত শ্ৰেণীয়ে জমিদাৰৰ দৰে স্বতন্ত্ৰীয়া ৰূপত থকাই নহয়,  মাজে সময়ে চৰকাৰী কামতো হস্তক্ষেপ কৰা আৰু ক্ষেত্ৰবিশেষে চৰকাৰৰ বিৰুদ্ধেও কূট-কৌশলৰ আশ্ৰয় লোৱাত ৰাজ্যৰ অৰাজকতা আৰু অস্হিৰতাই দেখা দিবলৈ আৰম্ভ কৰিলে ৷ কথা বিষম দেখি আহোম ৰজা সকলে,  বিশেষকৈ গদাধৰ সিংহই এনে ৰাজদ্ৰোহী শক্তি সমূহৰ পখি কটাৰ ব্যৱস্থা কৰি প্ৰয়োজনাধিকভাৱে থকা ভকতৰূপী পাইকবোৰক পুনৰ ৰাজসেৱাক মকৰল কৰিলে,  মাটিৰ জৰীপ সোগে এনেবোৰ ধৰ্মীয় অনুস্হানৰ নামত থকা নিষ্কৰ ভূমিৰ সথিক তথ্যৰ ভিত্তিত কিছু খাজানা আদায় কৰাৰ ব্যৱস্থা হাতত ল'লে ৷
         প্ৰসংগক্ৰমে এইখিনিতে উল্লেখ কৰিব লাগিব যে স্বৰ্গদেউসকলে তেওঁলোকৰ অঙহী বঙহীসকলৰ বাবেও মাটি ভোগ-দখল কৰিবলৈ দিছিল ৷ ৰীজমাও,  ৰাণী,  ৰজাৰ ভায়েক ভনীয়েক আদিৰ বাবে দিয়া এনে ভূমিক ৰাজজমিদাৰী বোলা হৈছিল ৷ তেনেবোৰ অঞ্চলৰ অসামৰিক আৰু ৰাজহ প্ৰশাসনৰ কাম-কাজ চোৱা চিতা কৰিবলৈ ফুকন আৰু বৰুৱা এই দুজনা চৰকাৰী বিষয়াকে নিযুক্তি দিয়া হৈছিল ৷
         ভূমি ৰাজহৰ ওপৰিও আহোম ৰজাৰ দিনত অন্যান্য কৰ কাটলৰ যোগেদিও ৰাজকোষ টনকিয়াল কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছিল ৷ তাৰ ভিতৰত কৰতলীয়া ৰাজ্য সমূহৰ পৰা বছেৰেকীয়া ভাৱে কৰ-কাটাল,  উপঢৌকন আদায় কৰা,  তিনিজন গোহাঁই, বৰবৰুৱা,  বৰফুকন - এই পাঁচজন চৰকাৰী বিষয়াৰ পৰা তেওঁলোক স্বেচ্ছাই আগবঢ়োৱা পদপঞ্চক নামৰ বৰঙণি,  টিপাম,  নামৰূপ আৰু চাৰিঙৰ ৰজাৰ পৰা অহা বৰঙণি,  সেইদৰে শদিয়াখোৱা গোহাঁই,  মৰঙিখোৱা গোহাঁই,  সলাল গোঁহাই আদি সীমান্তৰক্ষী বিষয়াৰ পৰা অহা বৰঙণি,  দেৱালয় আৰু সত্ৰ সমূহৰ পৰা অহা বৰঙণিয়েই প্ৰধান ৷ ইয়াৰ বাহিৰেও হাতী ধৰা হাবিৰ মূল্যবান গছ কটাৰ বাবে দিব লগা মাচুল (যাক বেথ বোলা হয়), জলাশয়ৰ মাছ ধৰা আৰু জলপৰিবহনৰ লগত জড়িত মানুহখিনিৰ পৰা আদায় কৰা জলকৰ,  বিভিন্ন অপৰাধীৰ পৰা আদায় কৰা দণ্ড আৰু চোৰচিলনী,  মুগা শিল্পৰ ওপৰত লগোৱা কৰ,  সোণোৱাল,  ৰূপোৱাল, লোণপুৰীয়া,  লোশলীয়া,  খাৰ-বাৰুদৰ বাবে গন্ধক যোগান ধৰাসকলৰ পৰা আদায় কৰা কৰ আদিয়েও যথেষ্ট ৰাজহ ৰাজকোষলৈ আনিছিল ৷
সম্পূৰ্ণকৈ পঢ়ক »

ছৗ কা ফাৰ অসম আগমন আৰু আহোম ৰাজত্বৰ আৰম্ভণি ණ...চাও নবীন বুঢ়াগোঁহাই

ছৗ কা ফাৰ অসম আগমন আৰু আহোম ৰাজত্বৰ আৰম্ভণি
                          ☞ নবীন বুঢ়াগোহাঁই
        প্ৰাক-আহোম যুগ বা আহোম ৰাজত্বৰ আৰম্ভণিৰ বাবে প্ৰায় পাঁচশ শতিকাৰ প্ৰয়োজন হৈছিল ৷ অষ্টম খ্ৰীষ্টাব্দৰ পৰা বাৰশ খ্ৰীষ্টাব্দলৈ প্ৰাচীন অসমৰ সৌমাৰপীঠত তাইসকলে নিজৰ দখলদাৰিত্ব খটুওৱাৰ কাম আৰম্ভ কৰিছিল ৷ সৌমাৰপীঠলৈ অহা প্ৰথমজন দিগ বিজেতা তাই কোঁৱৰ চাও ছাম্-লুং ফাই এই মুলুক জয় কৰি থৈ গৈছিল  ৷
           চীনৰ য়ুনানৰ পৰা ম্যানমাৰ হৈ পৰ্বতৰ ওপৰেৰে অসমলৈ আহিব পৰা পথটোৱেদি চাও ছাম্-লুং-ফা এদিন নিজ দেশলৈ ঘূৰি গৈছিল ৷সেই পথেদিয়েই সৌমাৰপীঠৰ লগত প্ৰাচীন কালত তাই মানুহৰ আহ-যাহ চলিছিল ৷ চাও ছাম্-লুং-ফাৰ 'সৌমাৰ দেশলৈ' চাওলুং ছৗ-কা-ফা আহিছিল ৷ সেই ঐতিহাসিক পথটোৰ নাম বৰ্তমান চাওলুং ছৗ-কা-ফা পথ হোৱাৰ পৰিৱৰ্তে ' ষ্টীলৱেল ৰোড' কৰা হ'ল ৷ সেই পথটো প্ৰকৃততে তাই মানুহৰ বুৰঞ্জী,  আহোম মানুহৰ বুৰঞ্জী ৷
         চাও ছাম্-লুং-ফা নৰা দেশৰ নৰা ৰাজকোঁৱৰ আছিল ৷ অষ্টম খ্ৰীষ্টাব্দত ছাম্-লুং-ফা মৌং তাইৰ পৰা ভটিয়াই আহি মৌং পং অৰ্থাৎ মণিপুৰত সোমাই মণিপুৰ জয় কৰিছিল ৷ মণিপুৰত তাই ৰাজকোঁৱৰ এজনক ৰজা পাতি থৈ অন্য এডোখৰ পাহাৰীয়া ঠাই পালেগৈ ৷ সেই ঠাইয়ো যুদ্ধ জয় কৰি নিজৰ বংশৰ আন এজনক ফ্ৰা বা ৰজা পাতিলে ৷ সেই ঠাইডোখৰৰ নাম ৰখা হ'ল তি-ফ্ৰা ৷ কালক্ৰমত তি-ফ্ৰা টিপ্পেৰা আৰু পিছলৈ ত্ৰিপুৰা নামেৰে পৰিচিত হ'ল ৷ তি-ফ্ৰাৰ পৰা ছাম্-লুং ফা গাৰো ৰাজ্যলৈ আহিল ৷ এই কথা গাৰো বুৰঞ্জীয়ে জানিবলৈ দিয়ে ৷  হেলনীয়া পাহাৰৰ ঠাইত বসবাস কৰা মুৰব্বী স্থলগিৰী জাতিটোক ছাম্-লুং-ফাই ক্কাং-ৰূং (ক্কা=হেলনীয়া, ৰূ=মূৰ)  বুলি মাতিলে ৷ ক্কাং-ৰূংসকল (গাৰো) ক জয় কৰি তেখেতে নিজৰ খুনবাওক ৰাজ্য শাসন কৰিবলৈ ৰাখি থৈ খাছিয়া পাহাৰ (কাৰ্বিসকলক)  দখল কৰিলেগৈ ৷ খাছিয়া পাহাৰত নিজৰ মানুহক ৰজা পাতি তিৱাসকলৰ ওপৰত বিজয় সাব্যস্ত কৰিলেগৈ ৷ তাতো নিজৰ বংশৰ এজনক ৰজা পাতিলেগৈ ৷ পৰৱৰ্তী সময়ত জোঙাল বলহুৱে তাই মানুহৰ পৰম্পৰা অনুসৰি গড় মাৰি ৰাজধানী পাতিছিল ৷ সেই কথালৈ লক্ষ্য কৰিলে তিৱা সকলে তাই মানুহৰ বংশধৰ বুলি অনুমান কৰিব পৰা যায় ৷
নগা পাহাৰতো চাও ছাম্-লুং ফাৰ বংশধৰ মানুহে ভোগ দখল কৰি থাকি গৈছিল আৰু সেইসকলক আজিও মাও বা ঋাও বুলি জনা যায় ৷
      ছাম্-লুং-ফাই সৌমাৰপীঠৰ চুতীয়াসকলকো পৰাজিত কৰি নিজৰ বংশধৰক ৰজা পাতিছিল ৷ যাবৰ পৰত তেখেতে তাই খাউ(বগা তাই) সকলক সৌমাৰত ৰাখি থৈ গ'ল ৷ সেই তাই খাউসকল আজি আমি মৰাণ নামেৰে জানো ৷ মৰাণ এটা তাই ভাষাৰ শব্দ ৷ ম মানে জ্ঞানী,  ৰঞ্ মানে পোখা অৰ্থাৎ জ্ঞানী তাইসকলৰ বংশধৰ ৷
     অষ্টম শতিকাতে ছাম্-লুং-ফাই এই ঠাইৰ বিভিন্ন জাতিসত্ত্বাক জয় কৰি নিজৰ বংশৰ মানুহক ৰজা পাতিছিল ৷ সেই শাসিত জাতিসত্বাসমূহে নৰা ৰাজ্যলৈ কৰ কাটল নিয়মীয়াকৈ পঠিয়াই থকাৰ নিয়ম আছিল ৷
    চাও ছাম্-লুং-ফা প্ৰাচীন তাই বিজেতা বা ৰাজকোঁৱৰ আছিল ৷ তাৰ পৰৱৰ্তী শতিকাবোৰত প্ৰাচীন অসমত অনেক ৰাজবংশৰ উত্থান ঘটিছিল ৷ সৌমাৰপীঠত সাতটা ৰাজবংশ আছিল ৷ সেইকেইটা হৈছে - মৰাণ, বৰাহী,  চুতীয়া,  কছাৰী, চুঙী (ডফলা) , বাৰভূঞা আৰু দৰঙী ৷ সকলোৱে পৃথক পৃথক ৰাজ্য ভোগ-দখল কৰি আছিল ৷
       চাও ছাম্-লুং-ফাই এই মুলুক বিজয সাব্যস্ত কৰি,  নিজৰ বংশধৰক ৰজা পাতি থৈ নিজে নজনাকৈয়েই পৰৱৰ্তী প্ৰজন্মই এটা সোণালী ভেটি গঢ়ি তুলিব পৰাৰ সুযোগ ৰাখি গৈছিল ৷ ছাম্-লুং-ফা আহি ঘূৰি যোৱাৰ চাৰিশ বছৰ পাছত তেখেতৰ বংশধৰ এজনে সেই সুযোগ গ্ৰহণ কৰিছিল ৷ অৱশ্যে সেইয়া আছিল সময়ৰ দাবী ৷ অশেষ ত্যাগ স্বীকাৰ কৰি সেই বংশধৰ জনে মাওলুং১ ৰাজ্যৰ পৰা প্ৰব্ৰজন আৰম্ভ কৰিছিল ৷ সেই সময়ৰ নৰা ৰজা ছ্যু-খাম্-ফাই  লগত বয়বস্তু, মানুহ দুনুহ দি প্ৰব্ৰজন কৰোঁতা জনক পাটকাই পৰ্বতৰ নামনিলৈকে আগবঢ়াই থৈ গৈছিলহি ৷ ছাম্-লুং-ফাৰ যিজন বংশধৰ এই মুলুকলৈ প্ৰব্ৰজন কৰি চিৰদিনৰ বাবে আহিছিল সেইজনেই আছিল অসমীয়া জাতিৰ পিতৃপুৰুষ,  প্ৰথমজন অসমীয়া চাওলুং ছৗ-কা-ফা ৷
      সৌমাৰপীঠলৈ ছৗ কা ফাৰ লগত তিনিগৰাকী ৰাণী,  দুজন মন্ত্ৰী , পাঁচজন কোঁৱৰ,  চাৰিজন দেওধাই পণ্ডিত,  সাতঘৰ আহোম ডাঙৰীয়া (উচ্চ বিষযা) , ৯০০০ সৈন্য,  ৩০০০ ঘোঁৰা আৰু ঘোঁৰাচোৱা, এটা দঁতাল হাতী,  এজনী মাখুন্দী আৰু এজন মাউত আহিছিল ৷ ৰাণী তিনিগৰাকী আছিল যথাক্ৰমে আই-মে-চাও-লো,  নাং-চেন-চুম-ফা আৰু য়ি-লো-ৱেং-চি-চুম-ফা ৷ মন্ত্ৰী দুজন ক্ৰমে থাও-মুং-ক্লিন-লুং-মাংৰাই(বুঢ়াগোহাঞি) আৰু থাও-মুং-কাং-ঙান(বৰগোহাঞি) ৷ পাঁচজন কোঁৱৰ ক্ৰমে খুন-বা, খুন-বিং,  খুন-চেং, খুন-ফু-কিন্ আৰু খুন ফ্ৰং ৷ চাৰিজন দেওধাই পণ্ডিত ক্ৰমে থাও-মং-লুং-কাং(দেওধাই) , থাও-খেন-লুং (মহন) , চাও-ফ্ৰাং আৰু থাও-মং-ম-ছাই(বাইলুং)  ৷

ছৗ-কা-ফাৰ লগত অহা পুৰোহিতে তেখেতৰ ইষ্ট দেৱতা চোম-চেং বা চোম-দেওৰ  বিগ্ৰহো লৈ আহিছিল ৷ তদুপৰি ছৗ-কা-ফাই খাৰ-বাৰুদসহ এবিধ হিলৈ বা বৰটোপো লগত আনিছিল ৷
           এই গোটেই কথাবোৰৰ পৰা অনুমান কৰিব পাৰি যে চাওলুং ছৗ-কা-ফাই পৰিয়াল সহ এক দুৰ্জয় বাহিনী লগত লৈ আহিছিল ৷
         ছৗ-কা-ফাই প্ৰব্ৰজন কৰি পাটকাই অভিমুখে হুকং উপত্যকাৰ মাজেদি আহিছিল ৷ এই উপত্যকাৰ মাজেৰে আহোঁতে হুকং উপত্যকাৰ বহু তাই ছৗ-কা-ফাৰ লগ লাগিছিলহি ৷  তদুপৰি বুৰঞ্জীয়ে উল্লেখ নকৰিলেও চিৰদিনৰ বাবে দেশ এৰি থৈ অহা ছৗ-কা-ফাৰ সহযাত্ৰী সকলে  ল'ৰা-তিৰোতাও যে লগত আনিছিল সেই কথাও ভাবিবৰ থল আছে ৷
       ছৗ-কা-ফাই হুকং উপত্যকাৰ মাজেদি  পাটকাই অভিমুখে আহি থাকোঁতে বাটে বাটে পৰ্বতীয় গাওঁবোৰ দমন কৰি আহিছিল ৷ হুকং উপত্যাকাৰ পৰা আৰম্ভ কৰি পাটকাই পৰ্বতমালাৰ পাদদেশ পৰ্যন্ত বিস্তৃত অঞ্চল বিশেষত বসবাস কৰা জাতিবোৰক দমন কৰোঁতে ছৗ-কা-ফাই তেৰ বছৰ কাল ব্যয় কৰিবলগীয়া হৈছিল ৷
       হুকং উপত্যকা অতিক্ৰম কৰাৰ পাছত ছৗ-কা-ফা পৰ্বত পালেহি ৷ তেখেতে প্ৰথমে অতিক্ৰম কৰা পৰ্বতটোৰ নাম ৰাখিলে দৈ-খাম ৷ দৈ খাম পৰ্বত পাৰ হৈ ছৗ-কা-ফাই যিখন নদী পালে তাৰ নাম ৰাখিলে খাম-খাং ৷ এই নদীখন গৈ এটা হ্ৰদত পৰিছেগৈ ৷ এই খাম-খাং নদীয়েদি ভটিয়াই গৈ ছৗ-কা-ফাই নাং-য়াং টু হ্ৰদ পালে ৷ এই হ্ৰদৰ পাৰতে তেখেতে কিছুদিন ৰ'ল ৷ এই হ্ৰদৰ পাৰত ছৗ-কা-ফা জিৰণি লোৱা স্মৃতিচিহ্ন পৰৱৰ্তী কালত পোৱা গৈছে ৷ মেজৰ চি.আৰ. মেকগ্ৰিক চাহাবে সেই ঠাইত ১৮৮৪ চনত জৰীপ চলাওঁতে এটা শিলত আহোম ভাষাত ' ছৗ-কা-ফা' নামটো খোদিত কৰি থোৱা পাইছিল ৷
     নাং-য়াং হ্ৰদৰ পাৰত থাকোঁতে ছৗ-কা-ফাই ইয়াৰ ওচৰে-পাঁজৰে থকা নগা গাঁওসমূহ দমন কৰি নিজৰ তলতীয়া কৰিছিল ৷ তলতীয়া গাওঁসমূহক লৈ ছৗ-কা-ফাই এখন ৰাজ্য গঠন কৰি কাং-ফ্ৰং-মং নামৰ এজন বিষয়াৰ হাতত শাসনভাৰ অৰ্পণ কৰে ৷ তাৰ পাছতে তেখেতে নাং-য়াং হ্ৰদৰ পাৰ ত্যাগ কৰি পাটকাই অভিমুখী হয় ৷ হ্ৰদৰ পাৰত নিজৰ সৈন্য বাহিনী গণি চাই ছৗ-কা-ফাই  ৬৭ জন সৈন্য কম পোৱাত দেওধাই,  মহন আৰু বাইলুং পণ্ডিতক বুৰঞ্জী লিখিবলৈ আদেশ দিলে ৷ অৱশ্যে তাই জাতিৰ বুৰঞ্জী লিখা প্ৰথা আগৰে পৰাই চলি আহিছিল ৷ ছৗ-কা-ফাৰ আদেশত তেতিয়াৰে পৰা আহোমৰ বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হ'ল ৷ আহোমৰ শ্ৰেষ্ঠ অৱদান ' বুৰঞ্জী সাহিত্য ' ৰ তেতিয়াৰে পৰা সূচনা হয় ৷

দৈ-কাও-ৰাং অৰ্থাৎ পাটকাই পৰ্বতলৈ উঠি আহি ছৗ-কা-ফা তাতে কিছুদিন ৰ'ল ৷ ছৗ-কা-ফাই পৰ্বতত থকা নগা গাওঁসমূহ দমন কৰিবলৈ নিজৰ প্ৰধান বিষয়া সকলক আদেশ দিলে ৷ প্ৰথমে গাওঁসমূহক বশ্যতা স্বীকাৰ কৰিবলৈ কোৱা হ'ল ৷ ছৗ-কা-ফাৰ আদেশ নামানি বহুতে যুদ্ধ ঘোষণা কৰাত ছৗ-কা-ফাই নগা গাঁওবোৰক কঠোৰ হাতেৰে দমন কৰিলে ৷ ছৗ-কা-ফাই দিয়া ভয়ানক শাস্তি দেখি বহুতে ভয়তে বশ্যতা স্বীকাৰ কৰিলে ৷ দৈ-কাও-ৰাঙত নিজৰ অধিপত্য স্বীকাৰ কৰি ছৗ-কা-ফাই পাংটো গিৰিপথেদি সৌমৰপীঠৰ ফালে আহিল ৷ দৈ-কাও-ৰাং বা পাটকাই পাৰ হৈ ১২২৭ খ্ৰীষ্টাব্দত ছৗ-কা-ফাই  যি ঠাই পালেহি সেই ঠাই হ'ল তি-পাম ৷ সেই ওখ আহল বহল চাপৰিটোত ভৰি দিয়াৰ লগে লগেই ছৗ-কা-ফাৰ মুং-ডুন-চুন-খামত প্ৰথম ঐতিহাসিক পদাৰ্পণ কৰা হৈ গ'ল ৷ সেই দিনটো আছিল ১২২৮ খ্ৰীষ্টাব্দৰ ২৬ আঘোণ ৷ ইংৰাজী ২ ডিচেম্বৰ ৷ অসমীয়া জাতিৰ পিতৃপুৰুষৰ সেইয়া আছিল সোণালী খোজ আৰু ছশ বছৰীয়া আহোম ৰাজত্বৰ সূচনা কালৰ আগমূহুৰ্ত ৷
    দৈ-কাও-ৰাং বা পাটকাই পৰ্বত পাৰ হৈ আহি সৌমাৰপীঠত ছৗ-কা-ফাই আহোম ৰাজত্বৰ প্ৰথম ৰাজকাৰ্য আৰম্ভ কৰিছিল ৷ প্ৰথমে ছৗ-কা-ফাই তি-পামত তিনিবছৰ কটালে ৷ তেখেতে তি-পামত খেতি কৰি ভঁৰাল বান্ধিলে ৷
      উল্লেখযোগ্য যে সেই সময়ত এই মুলুকৰ মানুহে কেৱল আহু খেতি হে কৰিব জানিছিল ৷ ছৗ-কা-ফাই উন্নত কৃষি পদ্ধতিৰে বিপ্লৱ সূচনা কৰিলে ৷ এই ঠাইৰ বাসিন্দা সকলে কঠিয়া নপৰাকৈ বাম মাটিত আহু কৰিছিল ৷ ছৗ-কা-ফাই সাপ- বেঙৰ ৰাজ্য হৈ পৰি থকা পিটনি গেৰেকণি চাফা কৰি দ মাটিত শালি খেতি কৰিলে ৷ দ পিটনি গুচাই কৰা শালি খেতি নদন বদন হৈছিল ৷ তাকে দেখি বাকী মানুহবোৰে তবধ মানিলে ৷ ছৗ-কা-ফাই সূচনা কৰা এই কৃষি পদ্ধতিয়ে অৰ্থনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিলে ৷ তাই সকলৰ এই 'কৃষি অৰ্থনীতি'য়ে এখন ৰাজ্য প্ৰতিষ্ঠা কৰাত তাইসকলক ব্যাপকভাবে সহায় কৰিলে ৷ কাৰণ তাইসকলৰ এই চমৎকাৰ কাৰ্যই সেই সময়ৰ খিলঞ্জীয়া মানুহখিনিক বাৰুকৈয়ে আকৃষ্ট কৰিলে আৰু কালক্ৰমত তেওঁলোকে তাই মানুহৰ 'তলত' কাম কৰিবলৈ কুন্ঠাবোধ নকৰিলে ৷ এইবোৰৰ লগতে ছৗ-কা-ফাৰ 'সাম্য আৰু মৈত্ৰী নীতি'য়েও বহু পৰিমাণে প্ৰভুত্ব স্বীকাৰ কৰি লোৱাত বিশেষভাৱে অৰিহণা যোগালে ৷বৰাহীসকলৰ বহুতেই এনেদৰে কোৱা-মেলা কৰিলে যে " এই ৰজা প্ৰজাখন আহি আমাক ছলেৰে ৰণুৱা কৰি লোৱা স্বতেও আমাৰ বেয়া লগা নাই বৰং এইদৰে খাটি-লুটি অহা যোৱাকৈ থাকিবৰহে মন যায় ৷ "

ছৗ-কা-ফাৰ  আগৰ অভিযানকাৰী ছাম-লুং-ফাই এই মুলুকত জয় কৰি যোৱা অঞ্চলসমূহৰ প্ৰজাসকলৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল ৷ নগা, মৰাণ, বৰাহী,  চুতীয়া আদি প্ৰজাসকলৰ পৰা কৰ আদায় কৰিবলৈ ছাম-লুং-ফাই ইয়াত তিনিজন কৰতোলা বিষয়া পাতি থৈ গৈছিল ৷ তেওঁলোকে নিয়মিয়াকৈ মাওছান ৰাজ্যলৈ কৰ পঠিয়াই আছিল ৷ কিন্তু ছৗ-কা-ফা অহাত বিষয়া সকলে ছৗ-কা-ফাকে কৰ শোধাবলৈ ল'লে ৷ ছৗ-কা-ফাই তেতিয়া তেওঁলোকক যথাযোগ্য উপাধি প্ৰদান কৰিলে ৷ পুৰণি বিষয়াই ছৗ-কা-ফাই সহায় কৰিলত তেখেতে বিষয়া কৰ্মচাৰী নিয়োগ কৰি অসমত আহোম ৰাজত্বৰ সূচনা কৰিলে ৷
    তিপামত তিনি বছৰ কাল থকাৰ পাছত দিহিং নৈৰ বানপানীয়ে আমনি কৰাত ছৗ-কা-ফা অভয়াপুৰলৈ ভটিয়াই গ'ল ৷ অভয়াপুৰত তিনি বছৰ  থাকি সুচল নাপাই শালগুৰিলৈ ভটিয়ালে ৷ ইয়াৰ পিছতে ভটিয়ালে হাবুঙলৈ ৷ তেতিয়া দিহিং আৰু লুইতৰ মাজৰ অঞ্চলটোৱেই আছিল হাবুং ৷ বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ ঠাইখিনিয়েই হাবুং ৷ বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ ঠাইখিনিয়েই হাবুং ৷ হাবুঙত চাৰি পাচঁ বছৰ থাকি লুইতৰ বানপানীৰ অত্যাচাৰত ছৗ-কা-ফা দিখৌ নদী পালেহি ৷ তেখেতে দিখৌ নাম দিলে খে-নাম-চাউ অৰ্থাৎ নিৰ্মল পানীৰ নৈ ৷ সেই সময়ত দিখৌ লুইতত পৰাৰ সলনি দিহিঙতহে পৰিছিল ৷ দিখৌৰ পাৰতো সুচল নেদেখি ছৗ-কা-ফাই দিখৌৱেদি উজাই দিলিহ নৈৰ মুখ পালেহি
 ৷ দিলিহৰ ঘোদা পানী দেখি নাম থ'লে নাম-খুন অৰ্থাৎ ঘোলা পানীৰ নৈ ৷ দিলিহৰ পৰাও উজাই গৈ নাম-দাং অৰ্থাৎ ৰঙচুৱা পানীৰ নৈৰ মুখ পালেগৈ ৷ নাম-দাঙত ছৗ-কা-ফা নৰ'ল ৷ কাৰণ এই ঠাইৰ আশে-পাশে অনেক জনবসতি ৷ অচিন ঠাইত বিপদৰ সম্ভাৱনাও বেছি ৷ তেখেতৰ নাম-দাঙেদি নগৈ পুনৰ দিখৌৱেদি উজাই গৈ ছং-টক (বৰ্তমান চন্টক) পালেগৈ ৷ ইয়াত ছৗ-কা-ফা চাৰি বছৰ থাকি এখন প্ৰদেশ পাতি তা-খুন লাকক শাসনকৰ্তা নিয়োগ কৰিলে ৷ তাৰ পিছত সদলবলে শিমলুগুৰিৰ ফালে ভটিয়াই ফালে ভটিয়াই গৈ তাতে ৰৈ অঞ্চলটো কিছুদিন ধৰি পৰ্যবেক্ষণ কৰিলে ৷
       শিমলুগুৰত থাকোঁতে ছৗ-কা-ফাই মৰাণ আৰু বৰাহী জাতিৰ মানুহক লগ পাইছিল ৷ এওঁলোকৰ পৰা কোনোধৰণৰ আসৈ নাপাই শিমলুগুৰিৰ ভিতৰুৱা অঞ্চলবোৰলৈ সোমাই গৈ পৰ্যবেক্ষন কৰিলে ৷ তাতে এটা পাহাৰ দেখি আগুৱাই গৈ পাহাৰটোত ১২৫৩ খ্ৰীষ্টাব্দত নুনি গছৰ তলত দুটা ঘোঁৰা বলি দি দেওধাই পণ্ডিতৰ হতুৱাই পূজা কৰোৱাই স্হায়ী ৰাজধানী পাতিলে ৷ এই ৰাজধানীয়েই চৰাইদেউ অৰ্থাৎ পৰ্বতত জিলিকি থকা নগৰ ৷ এই চৰাইদেউ বা চে-ৰাই-দৈ হৈছে আহোমৰ প্ৰথম ৰাজধানী ৷ অসম আৰু অসমীয়া জাতিৰ প্ৰথমজন অসমীয়াই স্থাপন কৰা ইতিহাসৰ জীয়া সাক্ষী ৷
সম্পূৰ্ণকৈ পঢ়ক »

তাই আহোমৰ বিবাহ পদ্ধতি আৰু চকলঙ ණ...নাঙ দীপালী গগৈ


চকলং আহোম সকলৰ বিবাহ পদ্ধতি। ই তাই ভাষাৰ শব্দ। আহোম সকলে নিজৰ সুকীয়া ভাষা-ধৰ্ম-সংস্কৃতি বহু পৰিমানে এৰি পেলালেও কিন্তু এই বিবাহ  পদ্ধতিটো এৰিব নোৱাৰিলে। “নৰকৰ কন্যা উদ্ধাৰিলে শুচি” বুলি অনা আহোমৰ ছোৱালীও আহোম সকলে চকলং পদ্ধতিৰে অনা উদাহৰণ বুৰঞ্জীত অলেখ আছে। স্বৰ্গদেও ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰাজকুমাৰী কুৰঙ্গনয়নীক এনেদৰে বিয়া কৰাই আনিছিল। “চকলং”  বিবাহ পদ্ধতি পোন প্ৰথমে আহোমৰ দোৱতা লেংদনে অক কাই মহুং দেৱতা ৰজাৰ জোষ্ঠা কন্যা নাং হুন ফাক বিয়া কৰোতেই আৰম্ভ হ’ল আৰু তাৰ পিছৰ পৰাই অ তাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে। তাই আহোমৰ লাই-লিত নাং হুন ফা নামৰ পুথিখনিত ইয়াৰ বিষয়ে লিখা আছে। লংদনে অক-কাই মহুঙৰ কন্যাক বিয়া কৰাম বুলি সুন্দৰ ৰঙা ফুলাম গামোছাৰে “চকলি ভাৰ” বা “ সোধনি ভাৰ” আগবঢ়ায়। লেংদনে ম-লাও খ্ৰিৰ নেতৃত্বত কইনাৰ মাক-দেউতাক আৰু জ্যেষ্ঠজনলৈ পঠিওৱা এই ভাৰখন অক কাই ম হুং ৰজাই সাদৰেৰে গ্ৰহন কৰে। আৰু তেতিয়াই মলাও খ্ৰিয়ে লেংদনৰ হৈ এইদৰে তাই ভাষাতে কয় “লেংদন মৌং ফি নাং ৰুখাম লিত তি ব-ই ফা নু ৰু লেংদন মাউ ছেং ৰেং খাম মুং ফি মুং বাণ নাং ফুং মি হান লোন য়াং মাই জিয়ু নাং হুন ফা কা আও জাম য়ু লেংদন কাই কু ৰাই এন না ছেং ইন চিম লি মেক মো ক’প বাউ প্লু চোং মাউ কা ঐ”। আৰু পাণ তামোলৰ শৰাইখন কইনাৰ মাক-দেউতাকৰ সন্মুখত ৰাখি ছোৱালী খুজিবলৈ আহিছো বুলি কয়। তেওঁলোকেও শৰাইখন হাতেৰে চুই সম্নতি প্ৰদান কৰে। আৰু লগে লগে চকলং পাতিবলৈ সাজু হয়। তেতিয়াৰ পৰাই আহোম সমাজত চকলং প্ৰথা চলিল। আজিকালি অৱশ্যে কিছু হিন্দুৰ ৰীতি-নীতিৰ প্ৰভাৱ পৰিছে। অসমত বসবাস কৰা বৌদ্ধধৰ্মী তাই খামতি, আইতন সকলে এই চকলং পদ্ধতি প-ই-অ-লুঙ মি বুলি কয়। তেখেত সকলৰ এই বিবাহ পদ্ধতিটো বৈদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পৰাই আৰম্ভ হয় বুলি জনা যায়। তথাপিও বহুতো ক্ষেত্ৰত, যেনে কইনা ঘৰলৈ ছোৱালী খুজিবলৈ অনা ‘চকলী ভাৰ’  আৰু কইনা গৈ দৰা ঘৰ সোমোওতে কৰা নিয়ম-প্ৰনালী বিলাক চকলঙৰ সৈতে প্ৰায়ে একে। কিন্তু আহোম সকলৰ চকলং প্ৰথাটো লেংদনে আৰম্ভ কৰা প্ৰায় খৃঃ পূঃ ৫৫৮-ৰ পৰা হয় বুলি অনুমান কৰে।
     আহোম সকলৰ চকলং বিবাহ পদ্ধতিটোত ২০টা নিয়ম আছে। ১. জোৰণ আৰু টেকেলি দিয়া. ২. নোৱনী, ৩.প্ৰীতিভোজ, ৪. ৰিক্ খ্বান উৎসৱ, ৫. দেওবান উৎসৱ, ৬. আপতাঙ কৰা বা গা ধোৱা, ৭. গাঁঠিয়ন খুন্দা, ৮. দৈয়ন দিয়া, ৯. বিবাহ যাত্ৰা, ১০. সোৱাগুৰি তোলা, ১১. দৰা ৰভা তলত মণ্ডপৰ সন্মূখত বহা, ১২.ভিতৰৰ পৰা উলিয়াই আনি দৰাৰ বাওঁফালে কইনাক বহুৱা, ১৩. দৰা আৰু কইনাক সাত পুৰুষৰ বুৰঞ্জী কোৱা, ১৪. চকলং আয়োজন, ১৫. কইনাই দৰাৰ হাতত হেংদান প্ৰদান, ১৬. ম-লুঙে দৰা কইনাৰ যুগ্ম জীৱনৰ বাবে দিয়া উপদেশ, ১৭. সোণৰ আঙঠি আৰু ৰূপৰ টেমি কটাৰী সলোৱাৰ নিয়ম, ১৮. পঞ্চ অমৃত ভোজন, ১৯. কড়ি খেলাৰ নিয়ম, ২০. কইনাই দৰাৰ শয়ন কক্ষলৈ প্ৰবেশ কৰাৰ পাছত পাচঁ জন দেৱতাক কৰা প্ৰৰ্থনা।
(১) জোৰণঃ- তাই আহোমৰ ভাষাত (জু অৰ্থ হৈছে বাস কৰা বা চিৰন্তন আৰু ৰণ, অৰ্থ-যুগ্ম) অৰ্থাৎ একেলগে বাস কৰা। জোৰণ প্ৰদানত দৰাই কইনালৈ পঠোৱা সাজ-কাপোৰ আৰু অলংকাৰপাতি ইত্যাদি। লগতে দুটা মাটিৰ টেকেলিৰে সৈতে আম পাতৰ ডালি আৰু মাটি মাহ, হালধি আদিও আনে। জোৰণৰ আন টোপোলাত ৰূপৰ টেমি কটাৰি আৰু তামোল পাণেৰে ধুনিয়া এখন গামোছাৰে বান্ধি আনে।
     সাধাৰণতে এই জোৰণ দিবলৈ দৰাৰ মাক আৰু লগত বহুতো মতা আৰু মাইকী মানুহো আহে । দৰাঘৰীয়া মাইকী মানুহ বিলাকে প্ৰথমে পাটি পাৰি কইনাক বহুৱায় আৰু তাৰ পাছত কাপেৰ-কানি পিন্ধায়। চুলিত তেল দি ফণিৰে আচুৰি ৰূপৰ তামোল আৰু সোণৰ আঙুঠি থৈ জোৰণৰ নাম গায়, উৰুলি দিয়ে।
     জোৰণ দিয়া মানুহবিলাক ঘৰলৈ উলটি যাওঁতে এটা টেকেলি আৰু মাতি মাহ, হালধিৰ টোপোলা আৰু এখন টেমি কটাৰী কইনাৰ ঘৰৰ পৰা দৰালৈ বুলি লৈ যায়। লগতে কইনাৰ বাপেকে দৰালৈ দিয়া দৰাৰ সজাটো কইনাই চুই দিয়াৰ পাচত লৈ যায়।
     দৰা আৰু কইনা উভয়ে এই টেমি কটাৰী বিবাহ কাৰ্য শেষ নোহোৱা পৰ্যন্ত অনবৰতে হাতত ৰাখে। হাতত এনেদৰে কটাৰী ৰাখিলে বাহিৰৰ কোনো ভূত-প্ৰেতে বা শত্ৰুৱে লম্ভিব নোৱাৰে বুলি বিশ্বাস কৰে।
(২)নোৱনীঃ- অসমত আহোম তথা হিন্দুসকলৰ মাজত বিবাহ কাৰ্যত দৰা-কইনা উভয়কে গা ধোওৱাৰ নিয়ম আছে। তিনিবাৰ নাইবা পাঁচবাৰে গা ধোৱায়। প্ৰথম দিনা আবেলি দৰা-কইনাৰ  মূৰত তোল দিয়াৰ নিয়ম। ইয়াৰ পাছত নোৱাৰৰ নিমিত্তে চাৰিটা বাঁহৰ খুঁটা পুতি তাৰ ওপৰত কলৰ ঢকুৱাৰে সুন্দৰকৈ মেৰিয়াই বেই সাজি লয় । তাৰ ওপৰত তামুলি পীৰা পাৰি গা ধুবলৈ দিয়ে। বেইৰ মাটিৰ তলত বাহিৰৰ ভূত-প্ৰেতে নাপাবলৈ জনবিশ্বাসত এটা কণী, এযোৰ পাণ-তামোলৰ আৰু এটা বেজি পুতি থয়।
     নোওৱাৰ পানী আনোতে তিৰোতাই সকলে নাম গাই ঘটৰ পাণী তুলি আনে। এই পাণী আনি প্ৰথমে ঘৰৰ সন্মুখৰ ছলত অলপ অলপ কৈ তিনিবাৰ ঢালি দিয়ে। ইয়াৰ পাছতে দৰা-কইনা বেই লৈ নোৱাবলৈ উলিয়াই আনে। নোৱাবৰ নিমিত্তে মাহ-হালধি মিহিকৈ বাঢ়ি লয়। লগতে পাণী ঢালিবলৈ কাঁহ বা পিতলৰ কলচী লয়। নোওৱাৰ পাণী আনিবলৈ যাওঁতে দুলৰী এটাত চাউল ভৰাই এগছি চাকিৰে সৈতে পাণ-তামোল আৰু এটা পইছা দিযে। এটা কলচীত আমৰ ডালিৰ পাণী ভৰোৱা হয়। নোৱাবৰ সময়ত দৰা কইনাৰ সন্মুখত এই দুলৰী কলচী আগত থৈ লয়।
     ভোজঃ- সাধাৰণতে দৰা-কইনা উভয়ৰ ঘৰতেই বিয়াৰ কেইদিনমানৰ আগতে একোটা ভোজ দিয়ে। নজন উপৰিপুৰুষ দেৱতাৰ নিমিত্তে এই ভোজৰ আয়োজন কৰে। ইয়াৰ উপৰি কইনা ঘৰত কন্যা ধৰা ভোজ এটি দিয়ে।
      আজিকালি আহোম সকলৰ বিয়াৰ এই ভোজটোৰ কিছু পৰিবৰ্তন হৈছে। আগৰ দিনত এই ভোজত গৰু, মহ, গাহৰী বিভিন্ন ধৰণৰ মাছ, শাক-পাছলি, লুকলাও, নামলাও ইত্যাদি দিয়ে। কিন্তু আজিকালি আহোম সকল প্ৰায়ে বৈঞ্চৱী প্ৰথাত বিয়া পতাৰ বাবে ভক্তি-ধৰ্মৰ কাৰণে এইবিলাক কিছু ত্যাগ কৰিছে আৰু এই দৰে ধৰ্মৰ কাৰণে আহোমে বহুতো মাছ-মাংস খাবলৈ এৰি দিয়াৰ ফলত শাৰীৰিক আৰু মানসিক ভাবে দুৰ্বল হৈ পৰিছে।
     বিয়াৰ সু-মঙ্গল কাৰণে নজন দেৱতাৰ উপলক্ষে উছৰ্গা কৰা এই ভোজত দৰা-কইনাই খাবলৈ কৰাৰ পুৰ্বেই হাতত তামোল-পাণৰ বটা লৈ ৰাইজৰ আগত সেৱা জনায়। ৰাইজে তেওঁলোকক আশীৰ্বাদ দিয়ে।
     ৰিক্ খ্বানঃ- আহোমৰ ৰীতিনীতি মতে ৰিক্ খ্বান দেওৱান আৰু চকলং ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় দিনা পাতে। ‘ৰিক’ মতা, খ্বন দীৰ্ঘ জীৱন। এই উৎসৱত দুজন বা তিনি জন পুৰোহিতে জাকৈ এখন লৈ পুখুৰীৰ পাৰত পাণীৰ দেৱতা খাও খামক পূজা কৰে। এই পূজাত পাণ-তামোল, কুকুৰা কণীদি ভাত আৰু বিভিন্ন ধৰণৰ বস্তু দিয়ে। সাধাৰণতে এই পূজা কৰি দৰা-কইনাৰ দীৰ্ঘায়ু জীৱন মাতি অনা হয়। আহোম সকলে ইয়াক আয়ুস তোলা বুলিও কয়। জাকৈৰে পাণীত চবিয়াই মাছ ধৰি আগলি কলপাতত ভালদৰে আনি দৰা-কইনাৰ মূৰত থৈ ‘চাও নুৰু চাও কাও ঐ’ বুলি দৰা-কইনাৰ দীৰ্ঘায়ুৰ জীৱন কামনা কৰি প্ৰাৰ্থনা কৰে । পাছত সেই মাছ ৰান্ধি দৰা-কইনাক খোৱায়।
     দেওবানঃ- দেওবান বিবাহৰ দ্বিতীয় দিনা পতা হয়। দেও অৰ্থ দেৱতা, বান অৰ্থ সূৰ্য। এই উৎসৱ দৰা-কইনা উভয়ৰে ঘৰত পাতে। তাই আহোমৰ দেৱতা  লাংকুৰী, জান-চাই হুং, লাং ৰেং, লেংদন আৰু জা চিং ফাক পাণ-তামোলৰ শৰাই দি মন্ত্ৰ মাতে-  “চাও নুৰু চাও কাও ঐ, খুন্ থাও নেউ লাঙ কুৰি প’ফিখ্ৰু মেফি ন্যৈউ তাঙ মুবা মঙ ফ্ৰুনা তেউ ফা বা মুকক ঙ নেঙ। জীম, মৌ ফুন্ দ্দিন্ বৌমি ঞা। ৰেন্ লুঙ তেক্ পিন চাও নুৰু চাও ঐ চাওফা জানছাইহুঙ ঙি খ্ৰাইফা লাঙ চাঙ খাই মৌ লেংদন তেকপিন চাউ ঙাউ খ্ৰাইফা লেংদন তেকপিন খুন চ্যু চঙ দঙ কাও ঐ ফি লাৰেঙ বুতেঙ চাও চাম্বা লালা লাখন্ বান্ লালা জ্যু ছি প্লাউ। ম্যুৰান্ লুচিপ চিত্ চান্ কৈ পাঙ কুণদেউ বা ক্লাউ ক্লাউ নাত চাঙ। চাও নুৰু চাও কাও ঐ। চাও ফাফেত  থাম্ খান্ বঙ খান্ খাম তুমুঙ তুতে লুকৰে ফাচাঙ দাম। চঙ চাউ জানাঙ জানাঙ মৌ কেপ ছঙ খাঙ। ছঙ ছাঙ জানাঙ জানাঙ মৌ কেপ চঙ বুন্ । পি পাই লাঙ লাই দাই খুন ফাই নাঙ নাই চম। চাও নুৰু চাও কাও ঐ। তুন ৰু মুঙ লেন্ খাম চা ও ম নেউ চাওফা ক্ব ৰুলাই চামছিপ পোক মৰু হাচিপ পোক চিপ লাই ছিঙ। মুঙ তু চাও লাইচিঙ মুঙ তুখন। চাওফা খাম্ চিঙ মুঙ চাওফা পেনছিঙ মুঙ। নেকব্ব চেঙ তামলা চাওক চা নিক্ খাম্ চ্যু ক্ব চ্যনিক্ ৰু। চাও নুৰু চাও কাও ঐ। বান্ ফি ৰিক খন্ চুঙ মৌ চাও চুঙ মৌমিত চাঙ নাই চাও নুৰু চাও ঐ। নুক তু দাম তি  ৰেন দাম নুক খক্ চক্ তাই পিন্ তাম কা চ্যু খ্ৰই পিন্ ফি। চিমমৌ পয় পিন্ দাম চাও মৌ পয় পিন ফি। চাও তুঙজম্ মৌ চয়কুম ঙি তুঙ দাম মৌ ছয়খেন চাঙ নাই চাও নুৰু চাও কাও ঐ। চাউ ৰূন জুপ তাঙ মেতাঙ বাওচাউ ন্যেঙ চাউ ক্ব নিংচেউ বা নননা মামুন ফুৱেঙ বৌ প্লু ফুলেঙ আই অননামা খুপ মা বই ।চাউ ৰেন মান কৃ কুনফু বাউ নামৰুক কুনফু নিং মৰঙী নাঙ পয় চকলঙ হেউহিত চাউ। চঙ ফুমা ফুমী দি পয়নাঙ তিপম আওমা ৰেম। নাঙ টিৰাঙ প্লুঙ চ প্লুঙ হেউ। জীপ ৰেন জীপ বান চঙ ৰেন চঙ খা ফুমা ফুমী ৰাৱ দেন। পি বৌলু ৰাক চেন পিবৌ জাউ। ৰুম থাও ৰুমকে মাকক খাম কাছাই । চাও নুৰু চাও কাউ ঐ। মেনাই বা বান দি প্লু চেউ হিত কা বান তেউ। নাকনি্ খা মুঙ ৰাপ তই ৰাপ্ খাই ৰাক্ ছি লুঙ ক এ ৰাঙ ছে। জহেউ ছুপ জহেউ বা বানদি খেন্ দি হিত দি হিত খেন। মেনাই মেনাই বা বান দি বান। পিতথু বান কুলা আউটাঙ নাঙনা পাঙ খাঙনা জাঙ। নাঙনা পাঙ খাঙনা ফুন। থঙ মৈ কুপ তাঙফা তঙমৌ খুপ তঙ বুন। আওতাঙ চঙ খনদি মৌ মা থেঙ। নাম তাও দি তুক নামলাই মাকমথুক বৌপু। লুক লাউ দেঙ কাম-নাঙ খাঙ। নাম লাউদেঙ্গ কাম নাঙবুন আওতাঙ কুপ কাই খাই দি চি চপ। কুপ কাই খাই দি লালুঙ। আওতাঙ  খাউ চান্ দি লালুঙ। নু তুক তেউ খ্ৰিঙ তুক বুন হম্ ৰু ৰু হম  চা চা হা ফুন ক্ব বানফি ৰিকখন। চুঙ মৌ চাও চুঙ মৌফি চাও নুৰু চাও কাও ঐ।
দেওবান পূজাত ১২খন ঠুৰীয়া তোমোল, ১২টা কুকুৰা, ছিংকৰা ফুল লুক্ লাও, ভাত আদি দি পূজা কৰা হয়। লগতে এখন শৰাইত পাণ-তামোলেৰে। ঘৰৰ মৃতকলৈও আগ বঢ়ায়। এই উংসৱত মুলুঙে সাতখন কল পতুৱা ডোঙত সাতখন দি, মন্ত্ৰ-দেওবান মন্ত্ৰ মাতে।
     আপতাংঃ- আপ অৰ্থ গাধোৱা, তাং অৰ্থ সৰ্ব মিহলি। আয়ুস তোলাৰ পাছতে আপতাঙ পানী কটা মন্ত্ৰৰে সৰ্ব ঔষধি লৈ দৰা বা কন্যাক গা ধোৱায়। ধোওঁতে এখন চালনিৰ ওপৰত উঠি লৈ এটা কুকুৰা পোৱলী ভৰিৰে গছক মাৰি ধৰি লয়। এজোপা ভাল ভৰপুৰ হৈ থকা বৃক্ষলৈ চাই ফুৰাৰ নাম লৈ সেই পাণী মূৰত ঢালে। ধোৱাৰ শেষত গাত থকা বস্ত্ৰ খহাই পেলাই নতুন বস্ত্ৰ পিন্ধায়। হাতত কাছিলৈ পাছ হুঁহুকি ফুৰাৰ নাম লৈ তিনিতা আঁক মাটিত মাৰি গুচি আহে। আহোঁতে কয় “আজিৰ পৰা কোনো বিপদ-আপদ এই আক পাৰ হৈ মোৰ গালৈ নাহিবা” ।
গাধোৱা পানীত মিহলি কৰা সৰ্ব ঔষধ যেনে, বজ্ৰশিল, বজ্ৰকুঠাৰ বাঘদাঁত, বৰা গাহৰিৰ দাঁত, বান হুং, বান কালুক, পানী কাইট, গৰুকণীয়া তিনিমুৰীয়া কেছুমতা কলীয়া হালধি, দোণ বৰিয়াল, তংলতি, ছিংকৰা ফুল, উধাম মাটি, আৰু অষ্টধাতু ইয়াৰ উপৰিও হৰিণাৰ যুঁজত ভঙা শিং দিব পাৰিলে বেছি ভাল বুলি কয়।

     আৰ তাং কৰাৰ পাছতহে দৰা কইনাক দওবান আগত বহুৱায়।
গাঠিয়ন খুন্দাঃ- চকলং বিবাহত দ্বিতীয় দিনা মাকৰ সৈতে পাঁচ গৰাকী বা সাত গৰাকী মহিলাই দৰা আৰু কইনাৰ মূৰৰ ওপৰত এখন কাপোৰ ধৰি গঠিয়ন নামৰ এবিধ গছৰ শিপা শিলত খুন্দে। গঠিয়ন খুন্দোতে নাম গায় আৰু নানাবিধ ৰং ধেমালি কৰা হয়। খুন্দা পাছত দৰা কইনাৰ কপালত ফোঁট এটি দিয়ে।
     দৈয়ন দিয়াঃ- দৈ অৰ্থ দৈ গাখীৰ। অন অৰ্থ দিয়া। চকলংৰ দিনা ৰাতিপুৱাই দৰা-কইনাৰ মাক বা ওচৰৰ সমন্ধীয় মাইকী মানুহে দুহাতে দুখিলা পাণ লৈ গাখীৰত জুবুৰিয়াই দৰা-কইনাৰ মুখ, বাহু, আঠু আৰু ভৰিত তিনিবাৰকৈ লগায়। আয়তী সকলে প্ৰত্যেক বাৰতে দৈয়ণৰ নাম গায়।
     বিবাহ শোভা যাত্ৰাঃ-দৰাই চকলঙৰ কাৰণে এই যাত্ৰা কৰিলে লগত বন্ধু-বান্ধৱে আদি কৰি বহুতো পুৰুষ মহিলাই লগত যায়। আগৰ দিনত ৰজাই এই যাত্ৰা কৰিবলৈ হলে হাতী দোলা ব্যৱহাৰ কৰে। কিন্ত সাধাৰণ প্ৰজাই গৰু-গাড়ী, ঘোঁৰা ইত্যাদিত যায়। আজিকালি অৱশ্যে মটৰ গাড়ীতহে যায়।
     এই যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে দৰাৰ ঘৰত নিমন্ত্ৰণ কৰা অতিথিক কেমল চাউল দৈ আদি জা-জলপান খাবলৈ দিয়ে। আজিকালি এই জলপানৰ ঠাইত লুচি ভাজি মিঠাই আদি ব্যৱহাৰ কৰে আৰু নিমন্ত্ৰিত অতিথিবিলাকে দৰাৰ উপহাৰ প্ৰদান কৰে।
     দৰাক কইনা ধৰলৈ যাত্ৰা কৰাৰ আগতে গা ধুৱায় পৰস্পৰাগত দৰাৰ সাজ পিন্ধায়। মাক-দেউতাকৰ আগত সেৱা লবলৈ দিয়ে। অন্যহাতে কইনাকো চকলঙৰ কাৰণে গা-পা ধোৱাই পৰম্পৰাগত কইনা সাজ মেখেলা চাদৰ ৰিহা আৰু আ-অলঙ্কাৰ পিন্ধাই সাজু কৰি ৰাখে।
     চকলঙৰ পাছত দৰাই কইনা ঘৰ আহি পোৱাৰ মাত্ৰেই ৰভা তললৈ আদৰি আনে। দৰাৰ লগত অহা সকলে মালুহকে ভালদৰে মাছে মঙহে ভাত পাণী খুৱায়
     সুৱা গুৰি তোলাঃ-এই উৎসৱটি কইনাৰ ঘৰৰ নঙলা মুখত কৰা হয়। দৰা আহি কইনাৰ ঘৰ নঙলা মুখত উপস্থিত হোৱাৰ লগে লগে কইনাৰ মাক আৰু লগত ভালে কেইজন পুৰুষ মহিলাই আদৰিবলৈ আগ বাঢ়ি যায়। লগত কইনাৰ ওচৰৰ পৰা দুলনী ও জ্বলি থকা চাকি লৈ আহে। ভৰি থুৱাবলৈ পীৰা আৰু পানী এলোটা আনে। এই আগবঢ়াবলৈ আহা তিৰোতা বিলাকে মাকক আঁৰ কাপোৰ দি ধৰি আনে। দৰা ওচৰ পোৱা মাত্ৰই আঁৰ কাপোৰখন এৰুৱাই দিয়ে। কইনাৰ সম্পৰ্কীয় সৰু ছোৱালী এজনীয়ে পীৰা পাৰি দৰাক ভৰি ধোৱায়। দৰাই ছোৱালী জনীক ভৰি ধোওৱাৰ বাবদ পাণ-তামোলৰ টোপোলাৰ লগতে কিছু টকাও দিয়ে। ইয়াৰ পাছত আঁৰ কাপোৰ আঁতৰাই মাকে দৰাৰ দুখন গালত দুটি চুমা খাই চাদৰ আচল ধৰি ৰভা তলিলৈ আনে।
     ৰভাতলিত চকলঙৰ মণ্ডপৰ সন্মুখত বহাঃ- চকলঙৰ বেদিতো সাটোটা ৰঙেৰে ৰাজকীয় এপাহ পদুম ফুলৰ আকৃতিৰে সাজে। আৰু এই পদুম ফুলৰ আকৃতি সাতোটা ৰঙৰ মৰলত জ্যামিতিক আকাৰত ভাগ কৰি ১০১ গছ তেলৰ চাকি জ্বলায়। সন্মুখতে দৰাক পাতি পাৰি বহুৱায়।
দৰাৰ বাওঁফালে কইনাক ভিতৰৰ পৰা আনি বহুৱাঃ- কইনাক ভিতৰত কৌঠাত লগৰীয়াৰ সৈতে বহুৱায় ৰখা হয়। আৰু ইয়াতে কইনাৰ লগৰীয়াই দৰাক আৰু তেওঁৰ সম্পৰ্কীয়ৰ পৰা জোৰা নাম গাই শৰাই বিচাৰে।
     ইয়াৰ পাছতে কিইনাক অলংকাৰ পাতি আৰু সুন্দৰ কাপোৰ পিন্ধাই চকলঙ গুৰিলৈ নিবলৈ সাজু কৰে। অৱশ্যে কইনাক উলিয়াই নিবলৈ দৰাঘৰীয়া মানুহে পাণ-তামোলৰ শৰাই আগ বঢ়ালেহে কইনাৰ সমলীয়াই কইনাক চকলং গুৰিলৈ নিয়ে। কইনাক আনোতেও আঁৰ কাপোৰ দি আনে। চকলঙৰ গুৰিৰ পাতিত বহুৱাৰ সময়ত আঁৰ কাপোৰ আঁতৰাই দৰাৰ বাওঁফালে বহুৱায়। ৰভাতলিত কইনাৰ মাক বাপেক আৰু বয়সস্থ সকলক শৰাইত কাপোৰ কাণি দি পাণ-তামোলৰ মান ধৰে। কইনা বাওঁফালে কইনাৰ বাপেক বহে আৰু তেওঁ সন্মূখত মলুং জন বহে।
দৰা আৰু কইনা আগত সাত পুৰুষৰ বুৰঞ্জী বৰ্ণনা কৰাঃ- বিশেষকৈ তাই আহোম চকলং বিবাহ পদ্ধতিত দৰা কইনাক সাত পুৰুষ কৰ্মাৱলীৰ বৰ্ণনা কৰে। আৰু এখন পিতলৰ কাঁহীত চিংকৰা ফুল তংলতী পাত, তিল আৰু এখন ঘিউ চাকি দৰা-কইনাৰ সন্মূখত ৰাখে।
চকলং উৎসৱঃ-চকলং উৎসৱত দৰা আৰু কইনাৰ আগত চাউল ফুল ইত্যাদি ৰাখি প্ৰাৰ্থনা কৰে। অ’ফ্ৰা বান চকলং চি চিম হিউ তিম। ইয়াৰ পাছতে কইনাৰ দেউতাকে দৰাক সোণৰ আঙুঠি নাইবা কাপোৰ উপহাৰ দিয়ে। ইয়াৰ পাছতে দৰা বুঢ়া আঙুলি আৰু কইনাৰ বুঢ়া আঙুলিলৈ আশীৰ্বাদ দিয়ে। মুলুঙে দৰাৰ আৰু কইনা দুয়োকে মন্ত্ৰ পাঠ কৰি কাৰ্য সম্পাদনা কৰে। চিংকৰা আৰু অন্যান্য ফুলেৰে এশ এপাহ ফুলৰ মালা দৰাই কন্যাক আকু কন্যাই দৰাক পিন্ধাই।
হেংদান প্ৰদানঃ- কইনাই দৰাক ফুল ঠুৰীয়া তামোল আদিৰ লগতে হেংদানো অৰ্পণ কৰে। দৰাই এই হেংদান দেশ, ধৰ্ম জাতিৰ ৰক্ষাৰ্থে আৰু দুষ্টক দমনৰ অৰ্থে গ্ৰহন কৰে।
     মলুঙে দৰা কইনাক দিয়া আশীৰ্বাদঃ- এই আশীৰ্বাদ তাই ভাষাত ম’লুং বা খাদাম লাও বুলি কোৱা হয়। দৰা আৰু কইনাৰ যুগ্ম জীৱনৰ উপলক্ষে এই আশীৰ্বাদ দিয়া হয়। ইয়াৰ অৰ্থ এজনৰ অবিহনে আন জনে কেতিযাও কোনো কামতে সিদ্ধি লাভ কৰিব নোৱাৰে। আৰু ইয়াৰ কাৰণে উভয়ে পৰস্পৰ বুজাবুজি থকা প্ৰয়োজন। এইদৰে মুলুঙে দৰা কইনাক নানা উপদেশ দিয়াৰ পাছত মলুঙৰ কাৰ্য সমাপ্ত কৰে।
     আঙঠি আৰু কটাৰী সলোৱা নিয়মঃ- চকলং কাৰ্য সমাপ্ত হোৱাৰ পাছত দৰা কইনাক ৰভাতলিৰ পৰা ভিতৰলৈ নিয়া হয়। ভিতৰত দুয়োকে পাতি পাৰি দুলনী চাউলত আঙঠি লুকুৱাই বিচাৰিবলৈ দিয়া হয়। এই কাৰ্যত নানা ধেমালীৰ কথা কৈ দৰা কইনাক লৈ লগৰীয়া ছোৱালীয়ে ৰং ধেমালী কৰে।
পঞ্চমৃত ভোজনঃ- তাৰ পাছত কইনাই নিজৰ সন্মুখত থকা মাইহাঙৰ পৰা আখৈ পিঠা পৰমান্ন পঞ্চামৃত অলপ অলপকৈ হাতেৰে দৰাৰ মুখত তিনিবাৰকৈ দিয়ে। প্ৰতেক বাৰতেই দৰাক লোটাৰ পাণীৰে মুখ ধুৱায় দাঁত খৰকিয়াব দিয়ে আৰু একোখন কৈ ঠুৰীয়া তামোল খুৱায় । দৰায়ো কইনাক সেইদৰে পঞ্চামৃত খুৱায় মুখ ধুৱায়, খৰিকা দি আৰু ঠুৰীয়া তামোল খুৱায়।
     পাশা বা কডিড় খেলঃ- ইয়াৰ পাঠতে দৰা কইনাক কড়ি খেলায়। আৰু এই খেল শেষ হোৱাৰ পাছতে বিয়াৰ লগ্ন গাঠী মোকোলায়।
পঞ্চ দেৱতাৰ নৈবদ্যঃ- ইয়াৰ পাছত দৰা কইনাই দৰা কইনাক মাক দেউতাকক আঠু লৈ সেৱা কৰি দৰাৰ ঘৰলৈ যাত্ৰা কৰে।
দৰাৰ ঘৰলৈ পোৱাৰ মাত্ৰেই দৰা-কইনাক দৰাৰ শোৱাৰ কোঠালৈ লৈ যায়।লাংকুৰি, লাৰেং জান চাই হুং, লেংদন আৰু জাচিংফা, এই পঞ্চ দেৱতাক এখন শৰাইত পাণ তামোল আৰু এগছি চাকিৰে শান্তিৰ জীৱন যাপনৰ কাৰণে প্ৰাৰ্থনা কৰে ৷

     দৰা কইনাই পুনৰ দৰা ঘৰৰ পৰা আঠ দিনৰ পাছতহে আঠ মঙলা খাবলৈ আহে ৷
সম্পূৰ্ণকৈ পঢ়ক »

তাই আহোমৰ লোকনৃত্য ණ... চাও দ্বিপেন হাটীবৰুৱা, হাটীবৰুৱা, বকতা


লোকনৃত্য হৈছে এটা জাতিৰ পৰিচয়।জাতিটো সাংস্কৃতিক পৰস্পৰা,ৰীতি-নীতিৰ পৰাই সৃ্‌ষ্টি হয় বিভিন্ন লেকনৃত্যৰ। প্ৰতিটো জাতিয়ে নিজ নিজ লোকনৃত্য দ্বাৰা জাতীয় পৰিচয় দিছে আৰু জাতিটো জিলিকাই ৰাখিছে।টাই আহোমসকলেও বিভিন্ন লোকনৃত্য জীয়াই ৰূখি সুকীয়া পৰিচয় দাঙি ধৰিছে।আহোমসকলৰ বিভিন্ন লোকনৃত্যসমূহৰ ভিতৰত-লাই লুঙ খাম নৃত্য,উম ফা নৃত্য,চুম ৰুঙ ছেঙ ম্যুঙ নৃত্য,টাই আহোম হুঁচৰি,পয় ছাঙ কেঞ নৃত্য,ৰাক চাঙ মাই নৃত্য,আই জং লাও নৃত্য ইত্যাদি।
কা ফি লাই লুং খাম
টাই আহোমসকলৰ প্ৰকৃতিবাদী। প্ৰকৃতিৰ উৎসমূহকেই জাৱ জড় জগতৰ সৃষ্টিৰ পৃতৃ উপৰিপুৰুষ স্বৰূপে প্ৰাধান্য দি, উপাসনা আৰাধনা কৰি আহিছে। সেইদৰে মাহাপ্ৰকৃতিৰ সৌৰহাসূৰ্যৰ সপ্তশপ্তি চিত লামচামেই গীত-মাত,বাদ্য সুৰ আদিৰ উৎসৰ পিতৃ। এই সাতশক্তি হৈছে বজ্ৰবিজুলিসনিয়ৰ হিমকনণা,পোহৰ, নদ-নদী জলাধাৰা,শিলাবৃষ্টি,ধুমুহা,বিল-জুৰি-হ্ৰদ-নিজৰা আদি। বৰ গছৰ তলত পূজা-পাতল নৈবেদ্য আগবঢ়াই পূজাৰ শেষত সৃষ্টিৰ একক শক্তি পুৰুষ প্ৰকৃতিৰ ৰূপত পুৰুষ মহিলাই ফি লাই লুঙ খাম নৃত্য কৰে। টাই আহোমসকলৰ বিশ্বাস পৰস্পৰাগত ইয়াৰ পিছৰপৰাই জনসমাজত লাস্য-নৃত্য আৰু নৃত্য গীতৰ প্ৰচলন হয়।
এই লোকনৃত্যটিত বাদ্য হিচাপে দেও বাদ্য মাদুলি আৰু ভাগা কোৰ লোৱা হয়।ওডাল বাঁহৰ আগ অলপ পাত থকা যাৱতীয় নৈবেদ্যৰে ধনু তৈয়াৰ কৰা হয়। এই ধনুডাল মাজত নচাজনে লয়। সাজপাৰ হিচাপে মলুং সকলে পৰিধান কৰা মুগা পাগুৰি,চাপকন চোলা, চুৰিয়া আৰু এখন খনিয়া কাপোৰ গাত মেৰিয়াই লয়। ছোৱালিবিলাকৰ মুগা ৰিহা মেখেলা পিন্ধাই চুলি মেলি লেৱা হয়।
নৃত্যটি পৰিবেশন কৰোতে প্ৰথমতে তিন-তিন-তিন… মাদূলি শব্দত ওপৰলৈ হাত যোৰ কৰি এখওজ এখোজকৈ শাৰীপাতি লৰা ছোৱালী পৃথককৈ মঞ্চত প্ৰবেশ কৰে। সোঁফালে লৰা আৰু বাওঁফালে ছোৱালী মাজত ধনু থাকে। নেপথ্যত শিল্পীকসলে চাও নূৰূ চাও কাও ঐ বুলি তিনিবাৰ গাই আৰু তিনিবাৰ উছা-বহা কৰি প্ৰণাম কৰে। ন্পথ্য উকিৰ ধ্বনিৰ লগে লগে নেপথ্যত গীত গাই “এহেম হুই য়া” নাম আৰু পদ দিয়ে শিল্পী দলটিও সোঁখালে বাওঁফালে “ তুন তাক ধা দুন” মাদুলী চাপত মুদ্ৰাদি নাচে। দ্বিতীয়টো নাম “ধি তিং চাও ঐ চাও ঐ মবাই ক্লং” নাম আৰু পদৰ লগে লগে ইফালৰ পৰা সিফাললৈ ঘুৰি ঘুৰি নাচে।ইয়াৰ পাছত তৃতীয়টো নাম পদ “লা আও হঞ আ, লা আও ঙুঞ আ চেউ পি নঙ কাই তি মৌ আও কুঙ দাই ছেঙ কেঞলে পাই”  বুলি গাই আৰু মাদুলি চাপত “ধা দুন দুন তাক তাক” তালত নৃত্য শিল্পীসকলে ঘূৰি ঘূৰি হাতেৰে ধনু মৰাৰ ভংগীত নৃত্য কৰে। এইদৰে নাম পদ আৰু নৃত্যশিল্পীসকলে প্ৰায ১৫ মিনিট পৰিবেশন কৰি শেষ কৰে
লাই লুং খাম নৃত্যত গোৱা কেইটামান নৃত্য পদ-
(১) চাও নূৰূ চাও কাও ঐ(৩ বাৰ) উকি
(২) নাম-এহেম হুইয়া এহেম হুইয়া।
     পদ-(পদ) খুন থাও লাই লুঙ ঙাও খাম ঐ
(খ) খুন থাও লুঙ চামান চামান লুঙ ঐ
(গ) লুঙ ফু ফু ঞেউ ঐ
(ঘ)তুন দেউ দি মউ লাক ৰু ঐ
(ঙ) তুন মাই ঞেউ হি থ ৰেন ঐ
(চ)খা মাই ঞেউ হি নন ঐ
(ছ)চাও নূৰূ চাও কাও ঐ
(৩) নাম-ধিতিং চাও ঐ চাও ঐ মবাই ক্লং
পদ-(ক) মহুঙ লুক মানপুহাই পফী চু ঐ
     (খ) খেক ফী ৰং হাই লে লাও চুপ লাও খাম ঐ
     (গ)চুম ফা ৰুং ছেং ম্যুঙ ঐ
(ঘ)ৰিক ছিং বয় তাং নাঙ ফুপ খাও ঐ
(ঙ) চাও নূৰূ চাও কাও ঐ
(৪) নাম-লা আও হুঞ আঃ লা আও হুঞা আঃ চেউ পিনঙ কাই মৌ আও কুং দাই কেঞলে পাই।।
     পদ-  (ক) আও কুঙ কুঙ আও কাও কাও ঐ
           (খ)মা তো হে কাঙ খাঙ ঐ
           (গ) কুন কাও টে টিন দাই ঐ
           (ঘ) কুন কাও টে ট্ন ক্লঙ ঐ
           (ঙ)লিম কুঙ আও দাই হ’প ক্লিঙ বিন ঐ
           (চ)লেম ফাই লিম্ কাই ৰুট পাও খাও ঐ
           (ছ) প’ ফী খ্ৰু, মে ফী ঞেউ ঐ
           (জ) চট খন দেট্ ফাই খ্ৰিং ৰাঙ ঐ
           (ঝ) নাঙ চি চাও চন বিন ৰাঙ ঐ
           (ঞ) ৰাঙ বিচু ৰং হাই লে ঐ
     (ট) কাও খা তু খা নন নাঙ হু কিন নাঙ মু ঐ
     (ঠ)ছিলাই ছিপ কু ঞিউ ৰং বয় বয় ঐ
     (ড) চাও নূ ৰূ চাও কাও ঐ
ৰাক্ চাঙ্ মাই নৃত্যৰ চমু আভাস
ৰাক্ মানে-মৰম/ চাঙ মাই মানে-ৰান্ধনী
আৰ্থাৎ ৰান্ধনীক মৰমতে ঠাট্টা কৰি কৰা নৃত্য।
তাই-আহোম সকলৰ অতি খুহুতিয়া আৰু ধেমেলিয়া প্ৰকৃতিৰ লোক। তেওঁলোকে ৰান্ধনী লৈ কৰা ৰাক্ চাঙ মাই এটা অতি খুহুতিয়া তথা ঠাট্টা-মস্কৰা কৰি গোৱা গীত-নৃত্য।
ৰাইজৰ বাবে ভোজনৰ আযোজন কৰোঁতে ৰান্ধনীয়ে জুই-ধোঁৱাৰ মাজত সোমাই সকলোবোৰ ভোজন তৈয়াৰ কৰিব লগা হয়। যদি ৰান্ধনীয়ে অন্যমনস্ক হয়, তেন্তে ৰাইজে খোৱাৰ তৃপ্তি নাপাব, সেইহেতুকে ওই নৃত্য দ্বাৰাই ৰন্ধনীক মৰমতে ঠাট্টা কৰি জোকাই আৰু সতৰ্ক কৰি দিয়া হয়।
গাহৰি মাংসৰ ডোখৰ ডোখৰ,
কোমোৰা ডোখৰ ডোখৰ,
নিমখৰ জুতি নাই,
মাছ লগত হোৱা হলে ভালেই আছিল।
মখৰ ভিতৰখন দে দেৱাইছে,
গটো শো শোৱাইছে।
ইমান অৱহেলিত কোন ৰান্ধনী ঐ…………….
এই বুলি মৰমতে ঠাট্টা কৰি গীত গায় নৃত্য কৰ্ জোকাই।

কাৰ্ চাঙ্ মাই বা ৰান্ধনীক মৰমতে ঠাট্টা কৰি গোৱা গীচ-নৃত্য
নাম চাঙ্ চাঙ্ ঐ চ্যিত চাঙ্ চাঙ্ ।(৪ বাৰ)
নূ মব লঙ্ বাই  ফাও হুঙে মা।(২বাৰ)
কিন্ কিন্ কাই, কিন্ কিন্ কাই, অঃ কাঙ্ পাক্ চুঙ।(২বাৰ)
নাম চাঙ্ চাঙ্ ঐ চ্যিত চাঙ্ চাঙ্।(২বাৰ)
নূ মব লঙ্ বাই ফাও হুঙ্ মা।(২বাৰ)
কিন্ কিন্ কাই, কিন্ কিন্ কাই, অঃ কাঙ্ পাক্ চুঙ।(২বাৰ)
চাম্ পী ক্যু মু বান্, ম পাক্ মুন্ তেপ্ খান।(৬বাৰ)
নূ টঙ্ চিক্, নূ টঙ চিক্, প্লা অক্ চ্যু পে।(২বাৰ)
নাম চাঙ্ চাঙ্ ঐ চ্যিত চাঙ্ চাঙ্ ।(২ বাৰ)
নূ মূ লঙ্ বাই ফাও হুঙ্ মা।(২বাৰ)
কিন্ কিন্ কাই, কিন্ কিন্ কাই, অঃ কাঙ্ পাক্ চুঙ।(২বাৰ)
চাম্ পী ক্যু মু বান্, ম পাক্ মুন্ তেপ্ খান।(৬বাৰ)
নূ টঙ্ চিক্, নূ টঙ চিক্, প্লা অক্ চ্যু পে।(২বাৰ)
কিন্ কিন্ কাই, কিন্ কিন্ কাই, অঃ কাঙ্ পাক্ চুঙ।(২বাৰ)
নাম চাঙ্ চাঙ্ ঐ চ্যিত চাঙ্ চাঙ্ ।(২ বাৰ)
নূ মূ লঙ্ বাই ফাও হুঙ্ মা।(২বাৰ)
কিন্ কিন্ কাই, কিন্ কিন্ কাই, অঃ কাঙ্ পাক্ চুঙ।(২বাৰ)
নাই, নাই ঐ নাই ক চাম/ নাই নাই ঐ মে ফীত হম/ চাম টঙ নাই ক চাম
নাই, নাই ঐ কিন কিন কাই/ নাই, নাই ঐ নাম চাঙ পাই………..।।
লখিমী আগৰা নৃত্য
     মঙ্গোলীয় জনগোষ্ঠীৰ টাই আহোমসকল প্ৰধানকৈ কৃষি জীৱি। ধান খেতিয়েই আহোম সকলৰ মূল খেতি। বহু কষ্ঠৰে মাটি চহাই দুডৰা কঠিয়া ৰুৱে। আহিনৰ হিমে ভৰাই তুলে পথাৰৰ ধান গছা। সেয়ে টাই আহোমলোকসকলে আহিন মাহতে কং,মং,ছেং,পি আদি বাদ্যৰে নৃত্য কৰি সৰগৰ পৰা লখিমীক দোলাত তুলি আদৰি আনে।
     এই নৃত্যত মলুং,নগা-নাগিলী প্ৰয়োজন হয়ষ সজুলি সমূহ হৈছে দোলা দুখন,জাকৈ দুখন আৰু মহিলা সকলৰ বাবে দোন,কলচী আদি প্ৰযোজন হয়। এই নৃত্যটো সকলোৱো নাচিবাগি গীত গায় লখিমীক আদৰিবলৈ যায়।–
নামঃ  ঐ মোৰণ লাওৰে ৰে
     কাছঙ  বান ৰেণ জুৰেৰে।।
পদঃ   আই জং লাও ঙি জং খাম ঐ
     খন খাও ঝাই খন খাও না ঐ
চৰো ৰাই চৰো না টাদু ৰাই টদু না ঐ
আই বৰ ফুৰা ফু খ্ৰু ঐ
ঙি বৰ ফুৰা ফু ঞেউ ঐ
হুচুঙ খুৰা বদৌ খুৰা ঐ
ফুৰা লুক মান মটক মৰান ঐ
পু খাও খাম চয় কুম জা খাও খাম চয় খেন ঐ
পু দাঙৰি জা দাঙৰি পূ টাই কুম জা টাই ঐ
আও চু জন খন খাও ৰাই খন না টুক দাই ঐ
থোক লু টে থাই ঙেন টে থাই কাম হেউ দাই খান ঐ
চ্যাও ম খেক চাপ নাম লা লা টা চুঙ ৰাম বাই ঐ
দাই কপ মা কুপ টি বাই খাও টাই ম্যুঙ বান পাই ঐ
জি খাও ছঙ ছাম লাঙ কানেও কাতেও কিন জন
মান খাও বৌ চুক দাই মান হেউ
হিত দি হিত খেন চয় কুম চয় খেন।
চাও নূ ৰূ চাও কাও ঐ…..
সম্পূৰ্ণকৈ পঢ়ক »