প্ৰতিভাধৰ ডামচাও জোনাৰাম চাংবুন ফুকনৰ সান্নিধ্যত ණ ...চাও অনুপম হাতীমুৰীয়া, বাকচু খেলুৱা, শিৱসাগৰ


        ১২২৮ খ্ৰীষ্টাব্দৰ কথা ৷ এজন মহান মণিষীয়ে আহি চৰাইদেউত ৰাজধানী পাতিছিল ৷ পাটকাই পৰ্বত পাৰ হৈ অসমৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত মুগ্ধ হৈ তেওঁ 'মুঙ ডুন চুন খাম' বুলি চিঞৰি উঠিছিল ৷ যাৰ অৰ্থ হ'ল - ' গছ গছনিৰে ভৰা সোণালী দেশ ৷' প্ৰকৃতি প্ৰেমৰ ব্যাকুল তেওঁৰ হৃদয়ে প্ৰকৃতিৰ অপৰূপ লীলাভূমি চৰাইদেউকেই বাচি লৈছিল ৰাজধানী হিচাপে ৷ ১৯৯০ খ্ৰীষ্টাব্দ (১১১২ শক ) ত চাও চাং নেওৰ ঔৰষত আৰু মুংখু মুং জাওৰ গৰ্ভত জন্ম হৈছিল এইজনা বৃহত্তৰ অসমীয়া জাতিৰ সংগঠক তথা শ্ৰেষ্ঠ অসমীয়া স্বৰ্গদেউ চাওলুং ছ্যুকাফাই ৷
      ছ্যুকাফাৰ নিচায়েকে তুলি লৈছিল কাৰণ তেওঁৰ নিচায়েক নি:সন্তান আছিল ৷ নিচায়েক আছিল মুঙ মাও ৰাজ্যৰ ৰজা ৷ সেয়ে এই ৰাজ্যৰ সিংহাসন ছ্যুকাফাই লাভ কৰাটো একেবাৰে নিশ্চিত আছিল ৷ কিন্তু ছ্যুকাফাৰ ভাগ্য ইমানেই বেয়া আছিল যে এসময়ত তেওঁৰ নিচায়েকৰ এটা পুত্ৰ সন্তান হৈছিল ৷ ইমানদিনে ছ্যুকাফাই দেখি অহা ৰজা হোৱাৰ সপোন নিমিষতে ছাৰখাৰ হৈ পৰিছিল ৷ কিন্তু ছ্যুকাফাৰ মনৰ দৃঢ়তা ইমানে প্ৰৱল আছিল যে তেওঁ ৰজা হোৱাটো জীৱনৰ প্ৰধান লক্ষ্য কৰি ললে আৰু অৱশেষত এনায়েকৰ আৰ্শীবাদ শিৰত লৈ তেওঁ যাত্ৰা আৰম্ভ কৰি দিলে ৷ এক অনাকাংক্ষিত ভৱিষ্যতৰ দিশত আগবাঢ়িছিল যদিও ছ্যুকাফাৰ অদম্য প্ৰাপ্তিৰ হেঁপাহে তেওঁক এনেভাৱে শক্তিশালী কৰি ৰাখিছিল যে ৰজা হোৱাৰ বাবে তেওঁ জীৱনত যিকোনো প্ৰত্যাহ্বানৰ সম্মুখীন হ'বলৈ সাজু আছিল ৷
       সুদীৰ্ঘ ১৩ বছৰ যাত্ৰাৰ শেষত তেওঁ চন্টক শিমলুগুৰি পাৰ হৈ চৰাইদেউত উপস্হিত হৈছিলহি ৷ যাত্ৰা পথত সম্মুখীন হোৱা চিংফৌ,  নগাসকলক তেওঁ কঠোৰ হাতেৰে দমন কৰি আহিছিল ৷ ২৫ বছৰ ধৰি তেওঁ অসমৰ ভিন ভিন ঠাই ঘূৰি ফুৰি কটালে আৰু অৱশেষত ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিলে ৷ এই ৰাজধানীয়েই হ'ল বৰ্তমানৰ চৰাইদেউৰ 'ছ্যুকাফা' নগৰ ৷
শ্ৰদ্ধাৰ পাঠক ৰাইজ,  এইয়া আছিল আৰম্ভণি ৷তাৰ পাছত সুদীৰ্ঘ ৬০০ বছৰ কাল ধৰি অসমত ৰাজত্ব কৰা আহোমৰ হাততেই অসমীয়া জাতি সংস্কৃতিয়ে বিশেষভাৱে সাৰ-পানী পাই প্ৰাণ পাই উঠিছিল ৷ সাত ৰজা মাৰি এক ৰজা কৰা ছ্যুকাফাৰ বৰ অসমখন নানা জাতি-জনজাতি , কৃষ্টি-সংস্কৃতিৰ মিলনভূমি হৈ পৰিল ৷ সুদীৰ্ঘ ৬০০ টা বছৰৰ ৰাজত্বকালত বৰ অসমৰ জনজীৱনত আহোমসকলে যি প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল,  তাৰ ভিতৰত আটাইতকৈ উল্লেখনীয় প্ৰভাৱ পৰিছিল অসমৰ সামাজিক,  ৰাজনৈতিক আৰু সাংস্কৃতিক জগতত ৷
          আহোম শাসন ব্যৱস্হা আছিল উদাৰনীতিৰ ওপৰত বিশেষভাৱে পৰিচালিত ৷ বিশেষকৈ ছ্যুকাফাকে আদি কৰি চুহুংমুং দিহিঙীয়া ৰজা,  প্ৰতাপ সিংহ,  ৰুদ্ৰসিংহ এইসকলৰ শাসননীতিয়ে ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰৰ জাতীয় জীৱনৰ ওপৰত ব্যাপক ভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল ৷ যিহেতু আহোমসকলৰ পূৰ্ব বাসস্থান 'চীনদেশ' আছিল গতিকে তেওঁলোকৰ ধৰ্ম -বিশ্বাস,  ৰীতি-নীতি এইবোৰ থলুৱাসকলৰ তুলনাত বেলেগ আছিল ৷ কিন্তু তেওঁলোকে কেতিয়াও কাৰো ধৰ্মৰ বিশ্বাসত আঘাত কৰা নাছিল ৷ বৰঞ্চ তেওঁলোকে নিজৰ ভাষা আৰু ধৰ্মৰ সংৰক্ষণ কৰি তেতিয়াৰ অসমৰ থলুৱা ভাষা আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ৷ ৰজা প্ৰতাপ সিংহই সৃষ্টি কৰিছিল অসমীয়াৰ ঐতিহ্য ৰক্ষাৰ হেতু নানা পদ্ধতি ৷ গাওঁ সমূহৰ মাজত সমন্বয়ৰ বাণী প্ৰচাৰ কৰিবলৈ তেওঁ দায়িত্ব দিছিল মমাই তামুলী বৰবৰুৱাক ৷ বৰ অসম গঢ়াত মুখ্য ভূমিকা লোৱাৰ ক্ষেত্ৰত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ভূমিকাও আছিল উল্লেখনীয় ৷ বিশেষকৈ অসমীয়া সমাজত সাংস্কৃতিক চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত হয়টো এইজনা স্বৰ্গদেউৰ ভূমিকাই সৰ্বাধিক ৷ বিভিন্ন প্ৰাদেশিক ৰাজ্যৰ সংস্কৃতি অনুকৰণ কৰি তেওঁ আমাৰ বৰ অসমখনকো সজাব খুজিছিল ৷ আহল-বহল ৰাস্তা নিৰ্মান,  বিজ্ঞান চৰ্চাৰ বাবে ৰাজসভা পৰমানন্দ শৰ্মাক দিয়া বিশেষ গুৰুত্ব, ঠায়ে ঠায়ে সাঁকো ,দলং, দ'ল -দেৱালয় আদি নিৰ্মান কৰি তেওঁ বৰ অসমখনক বৰ সুন্দৰকৈ সজাই ৰাখিছিল ৷

থলুৱা কৃষক সমাজৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনি তেওঁ যি ৰাজকীয় মৰ্যদা দিলে,  তাৰ দ্বাৰা বিহু অসমীয়া জাতিৰ এক পৰিচয় হিচাপে চিহ্নিত হ'ল  ৷  ইয়াৰ আগতে এই বিহু কেৱল অসমীয়া সমাজৰ চোতালতে পৰিৱেশন হৈছিল ৷ গাওঁৰ ডেকা গাভৰুৱে কেতিয়াবা ডাঙৰ গছৰ তলতো হুচৰি মাৰিছিল ৷ ঠায়ে ঠায়ে ৰাতি বিহু প্ৰচলন আছিল ৷ কিন্তু স্বৰ্গদেউ কৃপাত এই পৰম্পৰাই ৰংঘৰৰ বাকৰিত প্ৰৱেশ কৰাৰ লগে লগেই সি এক প্ৰকাৰৰ ৰাষ্ট্ৰীয় মৰ্যদা লাভ কৰিছিল ৷ অকল বিহুৱেই নহয় কৃষক সমাজৰ মাজত প্ৰচলিত কিছুমান জনপ্ৰিয় খেলো স্বৰ্গদেৱে ৰংঘৰৰ বাকৰিত উপভোগ কৰিছিল ৷ যেয়ে - ম'হযুঁজ, কণীযুঁজ, কুকুৰা যুঁজ , বুলবুলি চৰাই যুঁজ ইত্যাদি ৷ গতিকে অসমীয়া চহা জীৱনৰ কৃষ্টি সংস্কৃতিক বিশ্ববাসীৰ ওচৰত চিনাকী কৰাই দিয়াৰ ক্ষেত্ৰত আহোমসকলৰ অৱদান আছিল অপৰিসীম ৷
             আহোম বুৰঞ্জীৰ মতে এইজন স্বৰ্গদেৱে মুছলমান পাইজামা পৰিধান কৰিছিল আৰু মুছলমানী সঙ্গীতৰ প্ৰতি বিশেষ আকৰ্ষণ অনুভৱ কৰিছিল ৷ এইয়া আছিল তেওঁ সকলো জাতি ধৰ্মৰ প্ৰতি থকা সহমৰ্মিতা ৷ এক প্ৰকাৰে কবলৈ হ'লে আহোমসকলে দেশ জয় কৰাৰ উপৰি মানুহৰ মন জয় কৰিছিল  ৷ ইতিমধ্যেই অসমৰ হিন্দু - মুছলমান - খ্ৰীষ্টান আদি ভিন ভিন ধৰ্মাৱলম্বী আৰু নানা জাতি - জনজাতিৰ মাজত সম্প্ৰতিৰ বান্ধোন লাহে লাহে কটকটীয়া হৈ আহিছিল ৷ এই কাৰণতেই হয়টো আহোমসকলে এক সুদীৰ্ঘ কাল ৰাজত্ব কৰি এক প্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিছিল ৷ '' সৎ কৰ্মেৰে,  সৎ চিন্তাৰে মানুহৰ হৃদয় জিনিব পৰাটোৱে বিশ্বজয়ৰ বাট মুকলি কৰি দিব পাৰে ৷" --সোৱৰা তেওঁলোকৰ পৰা আমি শিকিব লগা কথা এইটোৱেই ৷
      শিৱসাগৰৰ শিৱদ'ল,  শিৱসাগৰ পুখুৰী,  বিষ্ণুদ'ল,  দেৱীদ'ল,  জয়সাগৰৰ জয়দ'ল,  জয়সাগৰ পুখুৰী,  তলাতল ঘৰ,  গড়গাঁওৰ কাৰেংঘৰ ইত্যাদি ঐতিহাসিক কীৰ্তিচিহ্ন সমূহে যুগ যুগান্তৰ ধৰি আহোমৰ শৌৰ্য - বীৰ্যৰ কথাকেই সোঁৱৰাই আছে আৰু ভৱিষ্যতেও সোঁৱৰাই থাকিব ৷

আনহাতে অসমীয়াৰ মাজত শান্তি সম্প্ৰীতি ঐক্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত 'আধ্যাত্মিকতা' নামৰ যিপাত অস্ত্ৰৰ বিশেষ প্ৰয়োজন আছিল সেই প্ৰয়োজন পূৰণ কৰিছিল আমাৰ গুৰু দুজনাই ৷ ইছলাম ধৰ্মালম্বী সকলৰ মাজতো আধ্যত্মিকতাৰ বীজ সিঁচাৰ ক্ষেত্ৰত আজান ফকীৰৰ অৱদান উল্লেখনীয় ৷
      মধ্যযুগৰ বৈষ্ণৱ আন্দোলনে আহোম ৰাজত্বৰ কালতে বিশেষ প্ৰসাৰতা লাভ কৰিছিল ৷ স্বৰ্গদেউ সকলে বৈষ্ণৱ গুৰুসকলক অৰ্থাৎ ব্ৰাক্ষ্মণ, গোঁহাই,  মহন্তসকলক ধৰ্মানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ মাটি দান কৰিছিল ৷ আনহাতে ইছলাম সকলকো মছজিদ নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল ৷ সেই ধৰ্মানুস্থানসমূহ সূচাৰুৰূপে পৰিচালনা কৰিবলৈ স্বৰ্গদেৱে কৰ্মীও নিয়োগ কৰিছিল ৷ তদুপৰি গোহাঁই মহন্ত সকলে কৰ-কাতলৰ ক্ষেত্ৰতো ৰজাঘৰীয়াৰ পৰা যথেষ্ট ৰেহাই পাইছিল ৷
          গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সমূহৰো স্বৰ্গদেউ সকলৰ সহযোগত প্ৰদৰ্শন কৰা হৈছিল ৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ' ৰাৱন বধ',  গৌৰিনাথ সিংহৰ দিনত ' ৰুক্মিণী হৰণ ' আদি ভাওনাসমূহৰ প্ৰদৰ্শন হৈছিল ৷ ইয়ে প্ৰমাণ কৰে যে আহোমসকলৰ ৰাজত্ব কালত বৈষ্ণৱ আন্দোলনে এক বিশেষ মৰ্যদা পাইছিল ৷
       এনেদৰে আহোমসকলে অসমীয়া জাতীক ভাষা,  ধৰ্ম,  কৃষ্টি , সংস্কৃতি আদি সকলোফালৰ পৰা পৰিপুষ্ট কৰি জাতিটোক সুষ্ঠ আৰু সবল কৰাত বিশেষ ভূমিকা লৈছিল ৷
        কিন্তু সাম্প্ৰতিক সময়ৰ অসমীয় জাতিৰ ঐক্যৰ এনাজৰীডাল লাহে লাহে থুনুকা হৈ অহা পৰিলক্ষিত হৈছে ৷ জাতি জনগোষ্ঠী সমূহৰ মাজত নানা বিভেদকামী মানসিকতাই গা কৰি উঠা দেখা গৈছে ৷ শংকৰ আজান তথা স্বৰ্গদেউ সকলৰ সমন্বয় বাণী সমূহ অসমীয়াই যেন লাহে লাহে পাহৰিব লাগিছে ৷ তাতোতকৈ ডাঙৰ কথা সেই মহান লোকসকলৰ মহান বাণীৰে সমাজত সম্প্ৰীতিৰ বীজ সিঁচিবলৈ আগবঢ়ী অহা জাতিপ্ৰেমী মানুহৰ যেন আজি অভাৱ ঘটিছে ৷ এই লেখাৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিলৈ এটাই অনুৰোধ - ' প্ৰত্যেকে নিজৰ কৃষ্টি সংস্কৃতি অটুট ৰাখি আমি সকলোৱে সমিল মিলেৰে জীয়াই থাকো আহক ৷ ছ্যুকাফা , শংকৰ আজানে দি থৈ যোৱা একতাৰ বাণীক সৰোগত কৰি আমি এনে এক বৃহত্তৰ অসমীয়া জাতি গঢ় তোলো আহক,  যাৰ প্ৰতি হিংসাৰ দৃষ্টি দিবলৈ যিকোনো অপকশক্তিয়ে কোনো কালে সাহস নকৰিব ৷