ঢোলৰ ( ক্বঙ ) উৎপত্তিৰ ইতিহাস ණ ... চাও চ্যু চেঙ ফা ( ঋতুৰাজ ) ফুকন, নগাঁও



ঢোল অসমৰ জনংস্কৃতিত সকলোতকৈ গুৰত্বপুৰ্ণ বাদ্য যন্ত্ৰ বুলি ক’লে বোধহয় ভুল নহব। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেই বাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্ট্যগত ঢোলবাদন প্ৰণালী আছে। পৃথিবীৰ প্ৰায় বিলাক লোক সংস্কৃতিতেই ঢোল  বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল । অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষত্বৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিচায়ক বুলিও ভবা হয় ।।

অসম তথা ভাৰততেই প্ৰণালীবদ্ধ বুৰঞ্জী প্ৰণয়নৰ প্ৰথা তাই আহোম সকলেই প্ৰথমে প্ৰৱৰ্তন কৰে বুলি পণ্ডিতসকল একমত। আহোম ভাষাত লিখিত বুৰঞ্জী সমূহক দুটা ভাগত ভাগ কৰা হৈছে। দেও বুৰঞ্জী আৰু দিন বুৰঞ্জী। পৃথিৱীৰ সৃষ্টিৰ পৰা খুনলুং খুনলাই আহি ম্যুংৰি মুং ৰামত ৰাজ্য স্থাপন কৰালৈকে বিৱৰণ থকা অংশক দেও বুৰঞ্জী আৰু তাৰ পিছৰ কালৰ আহোম ৰাজত্বৰ বিৱৰণ থকা বুৰঞ্জী (দ্যুন) অৰ্থাৎ পৃথিৱীৰ বুৰঞ্জী বুলি আহোম বুৰঞ্জীবিদসকলে কৈ গৈছে।

দেও বুৰঞ্জীৰ মতে তাই আহোমসকলৰ আদি পুৰুষ খুনলুং আৰু খুনলাই। ৫৬৮ খৃষ্টাব্দতে য়ুন্নান দেশৰ (গৰম পানীৰ উঁহ থকা ঠাই) ম্যুংৰি-মুংৰামত (ম্যুং-দেশ,ৰি-এৰা, ম্যুং-দেশ, ৰাম-নিৰ্জন) প্ৰথম ৰাজ্য স্থাপন কৰা খুনলুং খুনলায়ে লেংদনৰ পৰা পাইছিল- চুম ফ্ৰাৰুংচেংম্যুঙ (চুমদেও), হেংদান, কাইছেংমুঙ(কুকুৰা) আৰু এযোৰ ঢোল। সেই দিন ধৰি অসমত আহোম স্বৰ্গদেও সকলৰ ছশ বছৰীয়া ৰাজত্ব কাললৈকে চোমদেউৰ পূজা, হেংদান, কাইছেংমুঙ আৰু ঢোলৰ ব্যৱহাৰ আহোম সমাজত অপৰিহাৰ্য আছিল। উল্লেখযোগ্য যে আহোম ভাষা-সংস্কৃতিৰ চৰ্চা পৰম্পৰাগত ভাৱে চলি অহা উজনি অসমৰ বহুতো অঞ্চলত আজিও এই পৰম্পৰা বিদ্যমান।  ম’হ বলি দি আজিও লাকুৱাৰ ওচৰৰ ৰজাদিনতে স্থাপিত ৰঙাগড়া দেওশালত ওমফা পূজা কৰা হয়। চকলং প্ৰথাৰ বিবাহ অনুস্থানত হেংদান প্ৰয়োজন হয়, দেওধাই পণ্ডিতে আজিও কুকুৰা কাটি মংগল চায় আৰু দেওশালত পূজাৰ সময়ত  ঢোল আজিও বজোৱা হয়। আহোম সমাজৰ অতি পৱিত্ৰ এই সম্পদ কেইপদৰ বিষয়ে দেও বুৰঞ্জীত বিশেষ উল্লেখ আছে। তাই আহোম গোষ্ঠীৰ আদি পুৰুষ খুনলুং-খুনলাইৰ ৰাজ্যত ঢোল নামৰ বাদ্যটিৰ প্ৰচলন আছিল আৰু অনা বৃষ্টিৰ সময়ত ঢোল বজাই বৰষুণ আনিব পাৰি বুলি এক লোক বিশ্বাস তাই আহোম সকলৰ মাজত আজিও বিদ্যমান হৈ আছে  ৷

 দিন বুৰঞ্জীতে আৰু উল্লেখ আছে যে, খুনলুং খুনলাইৰ পিছত ছ্যুকাফাৰ জন্ম হোৱা লৈকে তাই-আহোম গোষ্ঠীৰ ৪০(চল্লিছ) জন ৰজাই ম্যুংৰি-ম্যুংৰাম, ম্যুংকং আদি ৰাজ্যৰ ৰাজপাট বহিছিল। এই ৰজাসকলৰ ভিতৰত খুনলুং পক্ষৰ আইখুনলুং, তাই তুংকুং, খনখুং, খনমকদা, খুনলা, খনুংগ, চাও চেঞ্চাও, খুনজাও, খুনজুন আদি পৰাক্ৰমী আছিল বুলি বুৰঞ্জীয়ে কয়। খুনলাইৰ সতি-সন্ততি বেছি নাছিল কিন্তু খুনলাই পক্ষৰ ৰজা আইজেপী লাকনি আছিল বিশেষ উল্লেখযোগ্য।

বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই  ‘আহোমৰ দিন’ ত লিখিছে—
       “শকাদিত্যৰ দৰে এইজনা ৰজাৰ দিনৰ পৰা সেই দেশত তেওঁৰ নিজৰ নাম অনুসৰি আইজেপী লাক নি অৰ্থাৎ লেংচং শক চলাবলৈ আৰম্ভ কৰে। এই লাকনি বা শক মান দেশত আৰু নৰা দেশত এতিয়াও চলিত হৈ আছে।”

এই মান দেশ আৰু নৰা দেশ ছ্যুকাফাৰ পিতৃ পুৰুষৰ দেশ। বুৰঞ্জীত উল্লেখ মতে — এটা সময়ত মতান্তৰ ঘটাত খুনলুঙে ম্যুংৰিম্যুংৰাম(ম্যুংৱান) শাসন ভাৰ ভায়েক খুনলাইক গটাই দি য়ুন্নানৰ নাময়াং উপত্যকাত এখন নতুন ৰাজ্য স্থাপন কৰি লয়। বৰ্তমান ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলৰ খুনলুঙে স্থাপন কৰা এই ৰাজ্য খনৰ নাম আছিল ম্যুংক্বং । এই ৰাজ্য এসময়ত তাই সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ আছিল বুলি জনা যায় । তাই ভাষাত ম্যুং মানে দেশ আৰু ক্বং মানে ঢোল। সেই ৰাজ্যত ঢোলৰ ইমান চৰ্চা আছিল যে ৰাজ্যখনৰ নামেই হৈছিল গৈ ঢোলৰ দেশ। খুনলুঙৰ দিনৰ সেই পৰম্পৰা উত্তৰ ব্ৰহ্মত আজি ও বিদ্যমান। আজি ও তাত বহাগ বিহুৰ সময়তে পালন কৰা পয় ছাং কেন উৎসৱৰ অন্যতম অংগ ঢোল—ঠিক আমাৰ ৰঙালী বিহুৰ দৰেই। জনা যায় যে ব্ৰহ্মদেশৰ দক্ষিণ উপকূলৰ অধিবাসী জনগোষ্ঠীৰ মাজতো ঢোলৰ প্ৰচলন আজিৰ দৰেই বহুল ভাৱেৰে চলি আহিছে। কিন্তু আটাইতকৈ উল্লেখযোগ্য কথা হ’ল ব্ৰহ্মদেশত প্ৰচলিত ঢোলৰ আকাৰ, আয়তন অসমৰ বিহু ঢোলৰ সৈতে হুবহু একে। অসমৰ বিহুত বজোৱা পাতি ঢোল বজোৱাৰ দৰেই ঢোলৰ সোঁফালে ঢোলৰ মাৰিৰে ব্ৰহ্মদেশৰ ঢুলীয়াই ঢোল বজায়।

     ছৗকাফাই অসমলৈ আহোঁতে বুৰঞ্জী প্ৰণয়নৰ প্ৰথাকে ধৰি লগত লৈ আহিছিল তাই-মংগোলীয় সংস্কৃতিৰ এক সুৰীয়া ধাৰা । সংস্কৃতিৰ অন্যতম অংগ নৃত্য-গীতৰ বাবে অপৰিহাৰ্য বাদ্যযন্ত্ৰ । ছৗকাফাই যে লগত ঢোল আৰু ঢুলীয়া আনিছিল সেই কথা সেই কথা সহজেই অনুমেয়। কাৰণ ঢোল আছিল স্বয়ং লেংদন প্ৰদত্ত অন্যতম সম্পদ। উপৰি পুৰষৰ পূজা আৰু আজ্ঞা পালন আহোম সমাজৰ অন্যতম সামাজিক বিধান। আনহাতে লোক-সাহিত্য জাতিৰ অলিখিত সামাজিক-সাংস্কৃতিক ইতিহাস স্বৰূপ। আমাৰ সমাজত প্ৰচলিত বিভিন্ন বিষয়ৰ মালিতাৰাজি লোক-সাহিত্যৰ অনুপম সম্পদ। আজিও ঢুলীয়া ওজা সকলে মালিতা গাওঁতে এইদৰে গায়—

      স্বৰ্গৰ পৰা নামি ছৗকাফা স্বৰ্গদেও
      কৰিলা ৰাজত্ব যাৰ নাহি সম কেউ।
         নানা বাদ্য বাজনা কৰা সভাত
      ঢাক ঢোল কৰতাল বাদ্য অসংখ্যাত।

সোধন ঢুলীয়া নামৰ এজন ওজাই ছ্যুকাফাৰ ৰাজসভাত ঢোল বজাইছিল বুলি ঢোলৰ মালিতাত উল্লেখ আছে। আজিও আমাৰ ঢুলীয়া ওজাসকলে সোধন ওজাক গুৰু হিচাবে স্মৰণ কৰে। ঢুলীয়া ওজাসকলৰ বিশ্বাস মতে সোধন ওজাই ঢোলৰ হাত, চেও তথা ঢোল বাদনৰ নীতি-নিয়ম বান্ধি গৈছে। ওজাৰ মালিতাত শুনা যায়—

               কলি যুগে ইন্দ্ৰবংশী ৰজা নামি যায়,
               সোধন ওজাই ঢোল বাই আনিলে নমাই।
               আদিতে আছিল মাত্ৰ ঢোলৰ বাজনা,
                 সোধন ওজাই বাদ্য কৰিলে ৰচনা।

উল্লেখ কৰিব পাৰি যে, তাই আহোম সমাজৰ লোক বিশ্বাসমতে ঢোল মাংগলিক বাদ্য। ঢোলৰ শব্দই প্ৰজনন শক্তি বৃদ্ধি কৰে, পৃথিৱীৰ মাটি কোমল আৰু উৰ্বৰা কৰে আৰু উন্মাদনা শক্তি বৃদ্ধি কৰে বুলি আহোম সমাজত জনবিশ্বাস আছে। ছোৱালীৰ নোৱা-তোলনী বিয়া পতা আহোম সমাজৰ অন্যতম নিয়ম আৰু নোৱা-তোলনী বিয়াত ঢোল-বাদন অপৰিহাৰ্য। বৰ বিয়াটো ঢোল বাদন অপৰিহাৰ্য। বিয়াত বজোৱা ঢোলৰ চেও সুকীয়া। বুলনি চাপৰ, চলনা হাত আদি কেতবোৰ বিশেষ চেওহে বিয়াত বজোৱা হয়। তেনেকৈ কোনো সন্মানিত ব্যক্তিক আদৰিলেও ঢোল-ডগৰৰ সুকীয়া চেও আছে। ওমফা পূজা, চোমদেউ পূজা আদিতো ঢোল-বাদন অপৰিহাৰ্য।

    স্বকীয়া বৈশিষ্ট্যপূৰ্ণ বিধি-বিধানৰ উৎসৱ-পাৰ্বন, নৃত্য-গীত, সাজ-পাৰ আদি পৰম্পৰাগত বৈশিষ্ট্যৰে সমৃদ্ধ অসমৰ সকলো জনগোষ্ঠীৰ মাজত ব্যৱহৃত একমাত্ৰ বাদ্যটো হৈছে ঢোল। কিন্তু মন কৰিবলগীয়া যে ঢোলৰ নিৰ্মাণ শৈলী তথা নিৰ্মাণৰ উপাদান, ঢোল বাদনৰ নীতি তথা কৌশল, ঢোল বাদনৰ চেও তথা লহৰি আৰু ঢোলৰ ব্যৱহাৰ সকলোৰে একে নহয়। আনকি বেলেগ বেলেগ জনগোষ্ঠীৰ ঢোলৰ শব্দও বেলেগ বেলেগ ধ্বনিৰ আৰু ঢোলৰ আকৃতি তথা আয়তনো বিভিন্ন।

অসমৰ সকলো জনগোষ্ঠীয়ে ঢোল ব্যৱহাৰ কৰিলেও ঢোলৰ নিৰ্মাণ শৈলী আৰু বাদন প্ৰথাৰ বিভিন্নতা আছে । ৰঙালী বিহুত বজোৱা ঢোলৰ দীঘ ১৮/২০ ইঞ্চি আৰু ব্যাস ১২/১৪ ইঞ্চি হ’ব লাগে । ঢোলটোৰ মাৰিৰে বজোৱা সোঁফালৰ অংশ গৰুৰ ছালৰ আৰু হাতেৰে বজোৱা বাওঁফালৰ অংশ ছাগলীৰ ছালেৰে নিৰ্মিত। কঁঠাল, চাম আৰু আম গছৰ মাজ অংশ কাটি তাৰ মাজৰ অংশ ফোঁফোলা কৰি এই ঢোল নিৰ্মাণ কৰা হয়। বসন্ত কালতে ঢোল নিৰ্মাণ কৰাটো পৰম্পৰাগত বিধান।
প্ৰসংগক্ৰমে ক’ব পাৰি ঢোল নিৰ্মাণৰ এই পৰম্পৰা আহোম সকলৰ মাজত আজিও আছে। পূৰ্বতে উল্লেখ কৰা হৈছে যে অসমত বিহুৰ ঢোলৰ দৰে ঢোলৰ ব্যৱহাৰ ম্যানমাৰ, থাইলেণ্ড আদি তাই-মংগোলীয়া সমাজত আজিও আছে। ব্ৰহ্মদেশ, শ্যামদেশত আজিও প্ৰচলন থকা ঢোলৰ গঢ় আৰু আকৃতি, বাঁহৰ মাৰিৰে বজোৱা বাদন শৈলীৰ লগত অসমৰ ঢোলৰ ইমান সাদৃশ্যৰ কাৰণ মূলতঃ ঐতিহ্য বুলি ধাৰণা কৰাৰ যুক্তি নিশ্চয় আছে। ম্যানমাৰ আদি দেশৰ তাঈ সকলৰ মাজত অৱশ্যে বৌদ্ধ ধৰ্মৰ ভিন্ন অনুস্থানত বজোৱা এমুৰে বজোৱা ভিন্নধৰণৰ ঢোলো আছে।

 সংগীত সাস্ত্ৰত অনবদ্য বাদ্য বুলি বৰ্ণিত জন্তুৰ ছালেৰে নিৰ্মিত ঢোল জাতীয় বাদ্য পৃথিৱীৰ প্ৰায় সকলোতে আছে। কিন্তু বিহুৰ ঢোলৰ দৰে আকৃতি-আকাৰ আৰু বাদন শৈলীৰ ঢোল ব্ৰহ্মদেশ আৰু অসমত থকা কথাই কথাই কিহৰ ইংগিত দিয়ে ? উল্লেখ কৰিব পাৰি ২৪ খন ঘাই ঢোলৰ হাতৰ চৰ্চা পৰম্পৰাগত ভাৱে কৰি অসমত ঢোলৰ চৰ্চা ৰক্ষা কৰা ঢুলীয়া ওজা সকলৰ বেছিভাগেই তাই আহোম সম্প্ৰদায়ৰ। বুলনি চেও, পানীতোলা চেও, বলিকটা চেও বজোৱা এই ঢুলীয়া ওজা সকল নিশ্চয় ছ্যুকাফাৰ দিনৰ সোধন ওজাৰে সাংস্কৃতিক নাতি-পুতি তথা উত্তৰাধিকাৰী।

ইয়াৰ দ্বাৰা য়ে বুজিব পাৰি যে  ঢোল আহোম সকলৰে অৱদান ।।