হস্তীবিদ্যাণৰ্ৱ পুথি: এক পৰিচয় ණ ...চাও বিকাশ ৰু পাক, যোৰহাট



হস্তিবিদ্যাৰ্ণৱ পুথিখন অসমৰ আহোম স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা আদেশ অনুসৰি সুকুমাৰ বৰকাইথে ১৭৩৪ খ্ৰীষ্টাব্দত ৰচনা কৰে ৷ এই পুথিৰ ছবি সমূহ অংকন কৰিছিল  দিলবৰ অাৰু দোষায়ে ৷ পুথিত গ্ৰন্থাকাৰ, দুজনা চিত্ৰকৰ , স্বৰ্গদেউ শিৱসিংহ অাৰু বৰকুঁৱৰীৰ ছবি সমূহ পোৱা যায় ৷
অসম খন অতীতত হাতী প্ৰধান ৰাজ্য আছিল ৷ প্ৰতি সম্ভ্ৰান্ত মানুহৰ ঘৰত হাতী পুহিছিল ৷ বিয়া,  যুদ্ধ, দিঘলীয়া বাট যাবলৈ হাতী ব্যৱহাৰ কৰা হৈছিল ৷ হাতীক শিকোৱা,  হাতীৰ চঁক ভঙা,  হাতীৰে কাঠ টনা কাম কৰা আৰু হাতী ব্যাধিৰ প্ৰতিকাৰ এইবোৰ বিষয়ে অসমত উপযুক্ত শিক্ষা থকা ডাঙৰ সৰু হাতী পুথি অপয্যাপ্ত পচলিত আছিল ৷
হাতীৰ বিষয়ে ভালকৈ জানিছিল তাই খামতি,  তাই ফাকে,  চিংফৌ, নৰা আৰু মৰাণ আদিৰ জাতিৰ মানুহে ৷ তেওলোকৰ পৰাই সাধাৰণতে হাতীৰ ফান্দি আৰু মাউত বাছি লোৱা হৈছিল ৷ ৰজাৰ কোঁৱৰ আৰু ডাঙৰীয়া, ফুকনসকলৰ ল'ৰাও হাতী চলোৱা কামত পৈণত অাছিল ৷ অসমত হাতীৰ প্ৰাচুৰ্য্যৰ কাৰণেই হয়তো কামৰুপৰ প্ৰাচীন ৰজাসকলক গজধ্বজ নামেৰে বিভুষিত কৰা হৈছিল ৷ প্ৰাচীন তামৰ ফলক বিলাকত আৰু বুৰঞ্জী পুথিবোৰত অসমত হাতীৰ প্ৰচলন বহু উল্লেখ অাৰু বিৱৰন  কোনোবাই একেলগে কৰিব পাৰিব ৷

হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ মুল বিষয় হৈছে হাতীবোৰৰ লক্ষণ,  হাতীশাল নিৰ্মাণ নিয়ম,  হাতী বন্ধা খুটাৰ মাপ, হাতীৰ দাঁতৰ মূল্য,  যাত্ৰা কালত অাৰু ঘুৰি অহাৰ পিছত কাৰ্য ,হাতীক কিদৰে বলাব পাৰি সেইবোৰ উল্লেখ কৰা হৈছে ৷ আৰু ৰাজ্যখনৰ ৰজাই কোনটো হাতীত উঠিলে ৰজাৰ মংগল হব আৰু অমংগল হব সেইবোৰ বৰ্ননা কৰা হৈছে ৷ হস্তিবিদ্যাৰ্ণৱ  পুথিখনৰ ছবি বৰ্তমানে ম্লান হৈ পৰিছে ৷কিন্তু সৰহভাগ ছবিয়েই অাগৰ দৰে বিতোপন,  জকমক আৰু উজ্বল হৈয়ে আছে ৷