অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এটি আলোচনা ණ...ড° চন্দন কুমাৰ বৰতামুলী, নতুন দিল্লী






বৰ্তমান অসমত ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কিছু বিতৰ্ক হোৱা দেখা গৈছে। যি ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এই বিতৰ্কৰ সৃষ্টি হৈছে সেই জনগোষ্ঠীকেইটাৰ বিষয়ে কিছু কথা নজনাকৈ বা ভাৰতীয় সংবিধানৰ মতে কোনবিলাক জনগোষ্ঠীক জনজাতি বুলি কোৱা হয় সেই বিষয়ে নজনাকৈ কোনো মতামত দিবলৈ অসুবিধা হয় আৰু মতামত দিয়াটো উচিতো নহয়। গতিকে, প্ৰথমে ভাৰতৰ সংবিধান মতে জনজাতি চিনাক্তকৰণৰ সময়ত কোনবিলাক জনগোষ্ঠীক জনজাতি বুলি কোৱা হৈছিল সেই কথা বৰ্তমান সময়ৰ প্ৰেক্ষাপটত অলপ বিশ্লেষণ কৰি চোৱা যাওক। ভাৰতীয় সংবিধানৰ ৩৪২ নং দফা (Article 342) মতে, জনজাতিসকলৰ পাঁচটা প্ৰধান বৈশিষ্ট্য থাকে:

১/ Primitive Traits (আদিম চাৰিত্ৰিক বৈশিষ্ট্য)

২/ Geographical Isolation (ভৌগোলিক বিচ্ছিন্নতা)

৩/ Distinct Culture (স্বকীয়তাবিশিষ্ট সংস্কৃতি)

৪/ Shyness of Contact with Community at large (সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ)

৫/ Economic backwardness (অৰ্থনৈতিক অনগ্ৰসৰতা)

বৰ্তমান জনজাতিকৰণ কৰিবলগীয়া ছটা জনগোষ্ঠী হৈছে কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোম। এতিয়া প্ৰতিটো জনগোষ্ঠীকে এই পাঁচটা চাৰিত্ৰিক বৈশিষ্ট্যৰ মাজেৰে পৰ্য্যবেক্ষণ কৰি চোৱা যাওক।

প্ৰথমতে আৰম্ভ কৰোঁ, ইতিমধ্যে ১৯৯৬ চনৰ বছৰটোত অধ্যাদেশৰ যোগেদি জনজাতি বুলি ঘোষণা কৰা কোঁচ-ৰাজবংশী জনগোষ্ঠীটোৰ পৰা। কোনো কোনো বিজ্ঞৰ মতে, কোঁচসকল কিৰাট-কছাৰীৰ বাৰটা ফৈদৰ এটা। কিৰাট-কছাৰীৰ বাৰটা ফৈদ হৈছে: Dimsaya (দিমাচা), Barhaya (বড়ো), Juhala Luiya (লালুং/তিৱা), Intu Hajaya (হাজাই), Badu Sonolaya (সোণোৱাল কছাৰী), Intu Minkhaya (মৰাণ), Dounaya (দেউৰী), Intu Machaya (মেছ), Kachubaya (কোঁচ), Intu Garoya (গাৰো), Rabha Kirataya (ৰাভা), Badu Hajaya (হাজং)। কোনো কোনো বুৰঞ্জীবিদৰ মতে, কোঁচসকল মংগোলীয় মূলৰ মানুহ। আদিতেই তিব্বতৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰি অহা মংগোলীয় জাতিসকলৰ ভিতৰত কোঁচ এটা। যদিওবা আৰম্ভণিতে কোঁচসকল তেতিয়াৰ কমতাপুৰ ৰাজ্যত বসবাস কৰিছিল, বৰ্তমান কোঁচ-ৰাজবংশীসকলক পশ্চিমবংগ, অসম, মেঘালয় আৰু বিহাৰৰ কিছু অংশত পোৱা যায়। কোঁচ শব্দৰ লগত ৰাজবংশী শব্দটো হয়তো ১৮শ শতিকাৰ শেষলৈহে যোগ হৈছিল। যেতিয়া কোঁচসকল হিন্দু সমাজৰ উচ্চ বৰ্গৰ সৈতে বিশেষকৈ বঙালী ভদ্ৰলোকৰ সংস্পৰ্শলৈ আহিল আৰু হিন্দু ধৰ্ম অনুকৰণ কৰিবলৈ ল’লে তেতিয়াই হিন্দু উচ্চ বৰ্গ সমাজখনে কোঁচসকলক নিম্ন বৰ্গৰ বুলি বিবেচনা কৰিবলৈ ধৰিলে। ফলত কোঁচসকলৰ মাজত সমাজত সন্মানীয় স্থান পাবৰ কাৰণে সংস্কৃতকৰণ (Sanskritisation) আৰম্ভ হ’ল আৰু ৰাজবংশী শব্দৰ উদ্ভৱ হ’ল। ২০১১ চনত অসম চৰকাৰে National Commission for Backward Classes (NCBC)-এ লিখা এখন চিঠিৰ উত্তৰত লিখিছিল যে কোঁচ, ৰাজবংশী আৰু কোঁচ-ৰাজবংশী এই তিনিওটা শব্দৰ ঠাইত কোঁচ-ৰাজবংশী শব্দটোহে ব্যৱহাৰ কৰিব লাগে আৰু বৰ্তমানে কোঁচ-ৰাজবংশী শব্দটোহে সাংবিধানিক শব্দ।

বৃটিছ স্থান বিৱৰণিকাৰ বংগ লোকপিয়ল প্ৰতিবেদনৰ ১৯০১ চনৰ ১ম অংশৰ ৩৮২ আৰু ৩৮৩ পৃষ্ঠাত দিয়া মতে, যদিওবা কোঁচসকলে নিজকে ৰাজবংশী বুলি কয় তথাপিতো দুয়োটা জাতি দুটা সম্পূৰ্ণ পৃথক সমুদায়ৰ পৰা আৰম্ভ হৈছে। (Bengal Census  Report, 1901, Part I, Page 382-83)। কোঁচবিলাক মংগোলীয় মূলৰ আৰু ৰাজবংশীবিলাক দ্ৰাবিড়ীয় মূলৰ যি বোধহয় ৰাজবংশী নামটো কোঁচ ৰাজ্যৰ স্থাপনৰ বহুত আগতেই পাইছিল। এই সূত্ৰমতে, কোঁচ জনগোষ্ঠীটো বহু ঠাইত দ্ৰাবিড়ীয়সকলৰ লগত সানমিহলি হৈ আছে যদিওব পূৰ্বতে তেওঁলোক মংগোলীয় মূলৰ আছিল। তেওঁলোকৰ ভাষাৰ কছাৰী, লালুং, চুতীয়া আৰু গাৰোসকলৰ ভাষাৰ লগত বহুতো মিল আছে। ১৯০১ চনৰ লোকপিয়ল মতে অসমত প্ৰধান জাতিকেইটাৰ জনসংখ্যা এনেধৰণৰ আছিল— কোঁচ ২,২২,০০০; ৰাজবংশী ১,২০,০০০; কলিতা ২,০৩,০০০; নদীয়াল ১,৯৫,০০০; আহোম ১,৭৮,০০০; যোগী ১,৬১,০০০; কেওঁট ১,৪৯,০০০ আৰু চুতীয়া ১,৮৬,০০০। বৰ্তমান কোঁচ আৰু ৰাজবংশীসকলৰ মাজত প্ৰভেদ বিচৰাটো অসম্ভৱ। গেইটৰ অসম বুৰঞ্জী মতে, “অসমত কোঁচ নামটো হিন্দুলৈ পৰিৱৰ্তন হোৱা কছাৰী, লালুং, মিকিৰ আৰু অন্য জনজাতিৰ লোকসকলক দিয়া হৈছিল”।

এতিয়া লাগিলে আমি যিটো সূত্ৰকে মানি নলওঁ কিয়, প্ৰতিটো সূত্ৰ মতেই কোঁচ-ৰাজবংশীসকল জনজাতীয় লোক। তথাপিও ভাৰতীয় সংবিধানে বিচৰা পাঁচটা বৈশিষ্ট্যৰ ফালৰ পৰা কোঁচসকলক পৰ্য্যবেক্ষণ কৰি চোৱা যাওকঃ-

১/ আদিম চাৰিত্ৰিক বৈশিষ্ট্য: কোঁচসকলে এতিয়াও কলপাত আৰু কলপটুৱাত লৈ খাদ্য খাই ভাল পায়। নাৰিকলৰ কোৰোকা, বাঁহৰ বা কাঠৰ হেতা, শুকান লাওৰ বৰ্তন আদি ব্যৱহাৰ কৰে; যি তেওঁলোকৰ আদিম চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিচয় দিয়ে। তেওঁলোক আজিও প্ৰকৃতিৰ উপাসক। কোঁচ-ৰাজবংশীসকলে আজিও সামূহিকভাবে চিকাৰ কৰিবলৈ যায় আৰু চিকাৰত যি পায় সকলোৰে মাজত কলপাতত সমানে ভগাই লয়। তেওঁলোকৰ কমতপুৰী ভাষাতো আদিম চাৰিত্ৰিক বৈশিষ্ট্য দেখা পোৱা যায়।

২/ ভৌগোলিক বিচ্ছন্নতা: কমতাপুৰখনেই আছিল কোঁচ-ৰাজবংশীৰ ৰাজ্য। যদিও বৰ্তমান বহুতো অন্য জনজাতিৰ দৰে কোঁচ-ৰাজবংশীসকল অসম আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে; ১৯৪৯ চনৰ ১২ ছেপ্টেম্বৰত কোঁচৰ শেষ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা কোঁচ-বিহাৰ সংযুক্তিকৰণ চুক্তি (Cooch Behar Merger Agreement, 1949) মতে কোঁচ-বিহাৰ ভাৰতৰ লগত মিলিত হয়।

৩/ স্বকীয়তা বিশিষ্ট সংস্কৃতি: কোঁচসকলৰ নিজৰ পৰম্পৰাগত সাজ-পাৰ আৰু আ-অলংকাৰ আছে। মহিলাসকলে পাটনি আৰু পুৰুষসকলে ধূতি পিন্ধে আৰু কান্ধত হালধীয়া কাপোৰ লয়। বয়োজ্যেষ্ঠসকলে পাগুৰি মাৰে। তেওঁলোকে ৰাজবংশী বা কমতাপুৰী ভাষা কয়। তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট নিয়ম বা জাতিগত অভ্যাস আছে। অসমত গোৱালপৰীয়া লোকগীত আৰু বংগত ভাৱাইয়া গান হিচাপে প্ৰসিদ্ধ গীতবিলাক কোঁচ-ৰাজবংশীসকলৰেই অৱদান। হুদুম পূজাৰ গীত আৰু নৃত্য, বাশি পুৰাণ গান, বাশ নৃত্য, পদ্মা-পুৰাণ গান, গোৱালিনী নৃত্য, কাৰ্তিকা নৃত্য, কুশান গানৰ নৃত্য— এই সকলোবিলাকেই কোঁচ-ৰাজবংশীসকলৰ সাংস্কৃতিক বৈশিষ্ট্য।

৪/ সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ: বৰ্তমানেও কোঁচসকলে নিজৰ মাজতে সমাজ পাতি থাকি ভাল পায়। সমজুৱাভাবে চিকাৰ বা মাছ ধৰিবলৈ যাওঁতে সমাজৰ অন্য লোকক লগত নিয়া দেখা নাযায়। তেওঁলোকে নিজৰ মাজতে বিয়া-বাৰুৰ সম্পৰ্ক কৰে। বৈষ্ণৱীসকলৰ নিজাববীয়াকৈ নামঘৰ থাকে। সমাজৰ বৃহদাংশৰ পৰা আজিও তেওঁলোক আঁতৰত থাকি ভাল পায়।

৫/ অৰ্থনৈতিক অনগ্ৰসৰতা: কোঁচসকল উত্তৰ-পূবৰ অন্য আগবঢ়া জাতিতকৈ আৰ্থিকভাবে যথেষ্ট দুৰ্বল। প্ৰাচীন কমতাপুৰৰ গাঁও অঞ্চলৰ বাসিন্দাসকল বহুতো অন্য জনজাতিতকৈয়ো আৰ্থিকভাবে পিছপৰা।

হয়তো এই সকলোবিলাক বৈশিষ্ট্য থকাৰ কাৰণে এবছৰৰ কাৰণে হ’লেও ভাৰত চৰকাৰে কোঁচসকলক অধ্যাদেশ জাৰি কৰি জনজাতি বুলি ঘোষণা কৰিছিল।

এতিয়া আহোঁ অসমৰ অন্য এটি প্ৰাচীন জনগোষ্ঠী মৰাণসকললৈ। এই মৰাণসকল মূলতে অষ্ট্ৰিকমৰীয়া গোটৰ আৰু পাছলৈ বড়োসকলৰ লগত সংমিশ্ৰিত হৈ এটা বেলেগ জাতিৰ জন্ম দিয়ে। কোনো কোনো নৃতত্ববিদৰ মতে মৰাণসকল বৃহত্তৰ বড়ো জাতিৰ ভিতৰৰে এটা জনগোষ্ঠী। কোনো কোনো বিজ্ঞৰ মতে, মৰাণসকল কিৰাট-কছাৰীৰ বাৰটা দলৰ মাজৰ এটা। Intu-Mingkhaya সকলেই মৰাণ জনগোষ্ঠী। মৰাণসকল বৰ্তমান অসমৰ তিনিচুকীয়া জিলাত আৰু কিছু সংখ্যক অৰুণাচলৰ লোহিত আৰু টিৰাপ জিলাত বসবাস কৰে। আহোমসকলৰ আগমনৰ আগতে মৰাণসকলৰ নিজৰ স্বাধীন ৰাজ্য আছিল। নাম আছিল বেংমৰা। বৰ্তমান তিনিচুকীয়া জিলাখনেই অতীজৰ বেংমৰা। যদিওবা অসম বুৰঞ্জীত মৰাণসকলক মটক আৰু মোৱামৰীয়া বুলিও আখ্যা দিয়া হৈছে আচলতে এই তিনিটা জাতিৰ মাজত কিছু পাৰ্থক্য আছে। মটক এটা সম্পূৰ্ণ জাতি আৰু  মোৱামৰীয়া হ’ল এটা ধৰ্মীয় গোষ্ঠী। মোৱামৰীয়া টিফুক সত্ৰ আৰু তাৰ বাৰখন উপসত্ৰৰ শিষ্যসকলকে মৰাণ বুলি কোৱা হয়। মৰাণ আৰু মোৱামৰীয়াৰ অন্য সত্ৰৰ যেনে দিনজয়, পুৰণা মাটি, বগৰী তলীয়া ইত্যাদিৰ শিষ্যসকলক মটক বুলি কোৱা হয়। গতিকে সকলো মৰাণেই মটক কিন্তু সকলো মটকেই মৰাণ নহয়। শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য শ্ৰীঅনিৰুদ্ধদেৱে এই মোৱামৰীয়া সত্ৰ আৰম্ভ কৰিছিল। মৰাণসকল মোৱামৰীয়া সত্ৰৰ শিষ্য হোৱাৰ আগতে শাক্ত আছিল আৰু শদিয়াৰ কেঁচাইখাতী থানত বিশ্বাস কৰিছিল। আজিও মৰাণসকলে কেঁচাইখাতী থানৰ মহিমাত বিশ্বাস কৰে।
ভৌমপাল বংশৰ পতনৰ পাছৰে পৰা মৰাণসকল স্বাধীন আছিল। তেওঁলোকৰ ৰাজ্যখন সৰু আৰু চাৰিওদিশৰ পৰা নদীৰে আগুৰা আছিল। উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিছাং, পূবত ছাফ্ৰী আৰু পশ্চিমত মহাবাহু ব্ৰহ্মপুত্ৰই মৰাণ ৰাজ্যক সুৰক্ষা প্ৰদান কৰিছিল। ১২২৮ খ্ৰীষ্টাব্দত যেতিয়া আহোমৰ প্ৰথম স্বৰ্গদেও চাওলুং চুকাফা আহিছিল তেতিয়া মৰাণ ৰাজ্য আহোমে দখল কৰাৰ বিষয়ে যদিও বিভিন্ন বুৰঞ্জীত বিভিন্ন তথ্য আছে তথাপি এটা কথাত সকলো একমত যে মৰাণ ৰাজ্য যুদ্ধত জিনি নহয় বৰঞ্চ কূটনৈতিক উপায়েৰেহে দখল কৰা হৈছিল। আহোম ৰজাই মৰাণসকলক বিভিন্ন পদত নিযুক্তি দিছিল। হাতীচুঙ্গী, হাতীবৰুৱা, ঘোঁৰাবৰুৱা ইত্যাদি পদত মৰাণসকলকে নিযুক্তি দিয়া হৈছিল। মৰাণসকল জাতি হিচাপে আত্মনিৰ্ভৰশীল আছিল। ৰূপাই-গঞা ফৈদে ৰূপৰ গহণা গঢ়িছিল, তেলেপীয়াসকলে ঘানিত মিঠাতেল পেৰিছিল, কাড়ীগঞা ফৈদে ধনুকাড় সাজিছিল, নাওশলীয়াই নাও সাজিছিল আৰু টেকেলাসকলে ইখন-সিখন গাঁৱৰ মাজত বিনিময় ব্যৱসায়ত সহায় কৰিছিল। শিলিখা-ঘটীয়াই ঔষধ প্ৰস্তুত কৰাত, হাতীমৰীয়াই হাতী ধৰাত আৰু দাইনী-গঞাই বেমাৰ-আজাৰত যাদু-মন্ত্ৰ কৰাত নিপুণ আছিল। টিফুক সত্ৰৰ সত্ৰাধিকাৰে মৰাণসকলে বসতি কৰা বহু অঞ্চল বৃটিছক চাহবাগান খুলিবলৈ দিয়াৰ পাছৰে পৰা মৰাণসকল সম্পূৰ্ণ আত্মনিৰ্ভৰশীল হ’ব নোৱাৰা হ’ল।

ঊণবিংশ শতিকাত ইংৰাজসকলে চাহৰ বাগান খুলিবৰ কাৰণে মৰাণসকলৰ বহু বসতিস্থল দখল কৰাৰ ফলত তেওঁলোক আৰু একাষৰীয়া তথা অন্য বাসিন্দাসকলৰ পৰা আঁতৰি গ’ল। ৰূপাই সিদিং, দহোতীয়া গাঁও, দৰীয়া ভেটি গাঁও, চুকেৰাটিং চাহ বাগিছা আদি পূৰ্বতে মৰাণসকলৰে বাসস্থান আছিল। ডুমডুমা চহৰৰ ওচৰৰ ৰূপাই ৰূপাই-গঞা ফৈদৰ, দহোতীয়া গাঁও দহোতীয়া ফৈদৰ, চুকেৰাটিং চাহ বাগিছা চকৰী-গঞা ফৈদৰ বাসস্থলী আছিল বুলি মৰাণসকলে বিশ্বাস কৰে।

এতিয়া এই মৰাণসকলক ভাৰতীয় সংবিধানৰ পাঁচটা বৈশিষ্ট্যৰে পৰ্য্যবেক্ষণ কৰি চোৱা যাওক সেইসকল জনজাতি আখ্যা পোৱাৰ যোগ্য হয়নে নহয়?

১/ আদিম চাৰিত্ৰিক বৈশিষ্ট্য: মৰাণসকলে বৈষ্ণৱধৰ্মত শৰণ লোৱাৰ পাছতো তেওঁলোকৰ অতীজৰ নীতি-নিয়মবিলাক এতিয়াও মানি চলিছে। মৰাণসকলৰ কিছুমান নিয়ম বৈষ্ণৱ ধৰ্মৰ বিপৰীতমুখীহে। কেঁচাইখাতী গোঁসানীৰ ওচৰত তেওঁলোকে এতিয়াও হাঁহ-ছাগলী উচৰ্গা কৰে। সত্ৰৰ পৰিসীমাৰ ভিতৰতে জীৱ-জন্তু উচৰ্গা কৰা হয় আৰু যজ্ঞঘৰত উচৰ্গা কৰা জীৱ-জন্তু ৰন্ধা হয়। মৰাণসকলে বিভিন্ন উপলক্ষ্যত, যেনে শ্ৰাদ্ধ আৰু কাজ তথা এনেধৰণৰ ধৰ্মীয় অনুষ্ঠান বা ডাঙৰ নদীত সমূহীয়াকৈ মাছ মৰাৰ আগতে বা হাতী ধৰিবলৈ যোৱাৰ আগতে চৰাই-চিৰিকতি বা জীৱ-জন্তুৰ উচৰ্গা কৰে। মৰাণসকলে পানীত ডুবাইহে জীৱ-জন্তু উচৰ্গা কৰে, বলি দি নহয়।

২/ ভৌগোলিক বিচ্ছিন্নতা: মৰাণসকলৰ এক নিৰ্দিষ্ট ভৌগোলিক অৱস্থিতি আছে। অতীজৰে পৰা বৰ্তমানলৈকে তেওঁলোক অসমৰ তিনিচুকীয়া জিলা আৰু তাৰ ওচৰে-পাজৰে বসবাস কৰি আহিছে। মৰাণসকল বসবাস কৰা অঞ্চলত বৰ্তমানেও কোনো ডাঙৰ ৰাস্তা নাই তথা আধুনিকতাৰ কোনো চাপ পৰা নাই।

৩/ স্বকীয়তাবিশিষ্ট সংস্কৃতি: মৰাণসকলৰ এটা সুকীয়া সংস্কৃতি আছে। পাঁচকাঠীয়া, কেখেলা, ক’লীয়া ৰিহা আদি মৰাণসকলৰ কইনাৰ সাজ-পাৰ। কইনাই লগতে বাঁহ-কুঁহিলা বা গছৰ পাতৰ মূৰীয়াল পিন্ধে। বিয়াত মৰাণসকলে ক’লাবুঢ়ীৰ নাচ নাচে। মৰাণসকলে মাত্ৰ ব’হাগ বিহুহে পাতে। বিহু উদযাপন শদিয়াৰ কেঁচাইখাতী গোঁসানীৰ থানৰ পৰাহে আৰম্ভ হয়। মৰাণসকলে মিচিংসকলৰ আলি-আয়ে-লৃগাং তথা সোণোৱাল-কছাৰীসকলৰ বাইথৌ পূজা পতাৰ সময়তে গৰখীয়াৰ ভোজ পাতে। এওঁলোকৰ দোৱানটো বড়ো ভাষাৰ লগত মিলে। মৰাণসকলে আইতাকক জিজিআ আৰু শহুৰেকক আবুদাউ বুলি কয়। মৰাণ দোৱানৰ মাত্ৰ কেইটামান শব্দহে বৰ্তমান ব্যৱহৃত হৈ আছে, যেনে- আপিতেই-সদায়, হেদুং-সীমা, হেৰম-খালী পথাৰ, খাৰমাউ-ৰঙালাউ ইত্যাদি।

যদিওবা মৰাণসকলে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছে, তেওঁলোকৰ ৰীতি-নীতি অইন বৈষ্ণৱ ধৰ্মীসকলতকৈ সম্পূৰ্ণ পৃথক আৰু কিছুক্ষেত্ৰত বিপৰীতমুখীহে।

৪/ সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ: অসমৰ অন্য জনজাতিসমূহৰ দৰেই মৰাণসকলেও নিজৰ মাজতে থাকি ভাল পায়। বাহিৰৰ সমাজৰ লগত তেওঁলোকৰ যোগাযোগ বৰ কম। মৰাণ সমাজত এটা কথাই পৰিৱৰ্তন হৈছে যে তেওঁলোকে অতীজৰ বিনিময় প্রথা বাদ দি মুদ্রা অৰ্থনীতিক আঁকোৱালি লৈছে। যদিও আহোমৰ আগমনৰ আৰম্ভণিতে মৰাণ আৰু আহোমসকলৰ মাজত বৈবাহিক সম্পৰ্ক ঘটাৰ বিষয়ে কোনো কোনো বুৰঞ্জীত উল্লেখ আছে কিন্তু বৰ্তমান সময়ত মৰাণ সমাজখন অতি ৰক্ষণশীল।

৫/ অৰ্থনৈতিক অনগ্ৰসৰতা: ২০০৩ চনত অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত দিয়া বিৱৰণমতে অসমত থকা প্ৰায় চাৰিলাখ মৰাণ সম্প্রদায়ৰ জনসংখ্যাৰ ভিতৰত ২০%-ই ভূমিহীন শ্ৰমিক, ২০% দহবিঘাতকৈ কম খেতি-মাটিসম্পন্ন, ৮% কুৰিবিঘাতকৈ কম খেতি-মাটিসম্পন্ন আৰু ৫% কুৰিৰ পৰা পঞ্চাশবিঘা খেতি-মাটিসম্পন্ন খেতিয়ক আছিল। তদুপৰি একে তথ্যমত মাত্ৰ চাৰিগৰাকী মহাবিদ্যালয়ৰ অধ্যাপক, দুগৰাকী ৰাজপত্ৰিত বিষয়া, ছগৰাকী বিশ্ববিদ্যালয় পৰ্যায়ৰ বিদ্যাৰ্থী, তিনিগৰাকী চিকিৎসা মহাবিদ্যালয়ৰ বিদ্যাৰ্থী আৰু মাত্ৰ ত্রিশগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰ পর্যায়ৰ বিদ্যাৰ্থীহে আছিল। লগতে এইটোও উনুকিওৱা হৈছিল যে মৰাণ সম্প্রদায়ৰ পৰা কোনো বিধায়ক বা সাংসদ নাই। এই তথ্যৰ পৰাই মৰাণসকলৰ অর্থনৈতিক অনগ্ৰসৰতাৰ আভাস পোৱা যায়।
গতিকে ওপৰৰ তথ্যসমূহৰ পৰা দেখা যায় যে কিৰাট-কছাৰী মূলৰ পৰা হওক বা বড়ো মূলৰ পৰাই হওক বা পাঁচটা সাংবিধানিক বৈশিষ্ট্যৰ ফালৰ পৰায়ে চোৱা যাওক মৰাণসকল অনুসূচিত জনজাতি আখ্যা পোৱাৰ অধিকাৰী।

এতিয়া আমি মৰাণ জনগোষ্ঠীৰ সম্পূৰ্ণ জাতিটোলৈ আহোঁ, যাক আজিৰ অসমত মটক বুলি কোৱা হয়। মটক এটা সম্পূৰ্ণ জাতি যাৰ বহুসংখ্যক মানুহেই মৰাণ জনগোষ্ঠীৰ। শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য শ্ৰীঅনিৰুদ্ধদেৱে আৰম্ভ কৰা মোৱামৰীয়া সত্ৰ বৰ্তমান বহুকেইখন উপসত্ৰত বিভক্ত, যেনে- টিফুক, দিনজয়, পুৰণা মাটি, বগৰী তলীয়া ইত্যাদি। এই সকলোবোৰ মোৱামৰীয়া সত্ৰৰ শিষ্যসকলক একেলগে মটক বুলি কোৱা হয়। মৰাণ জনগোষ্ঠীটো আচলতে টিফুক সত্ৰ আৰু তাৰ বাৰখন উপসত্ৰৰ শিষ্যসকলহে। গতিকে সকলো মৰাণেই মটক কিন্তু সকলো মটকেই মৰাণ নহয়। মটক জাতিৰ ভিতৰত মৰাণসকলৰ বাদেও অন্য বহু লোক আছে। কিন্তু আজিও মৰাণ আৰু মটক শব্দ দুটা সমানাৰ্থক ভাবে ব্যৱহাৰ কৰা হয়। মৰাণসকলে নিজকে হাবিতলীয়া আৰু অন্য মটকসকলক মুকলীয়া বুলি কয়। বৃহত্তৰ মটক গোষ্ঠীৰ লোকসকলৰ জীৱন-শৈলী মৰাণসকলৰ লগত প্রায় একেই। ভাষাৰ ফালৰ পৰাও তেওঁলোক সমভাষী আৰু সামাজিক স্থিতিও প্রায় একেই। গতিকে সাংবিধানিক বৈশিষ্ট্যবিলাকৰ ফালৰ পৰাও মটকসকলক মৰাণসকলৰ একে শ্রেণীতে ৰাখিব পাৰি। গতিকে মটকসকলৰ বিষয়ে বেলেগকৈ পৰ্য্যালোচনা কৰাৰ প্রয়োজনবোধ নহয়। মাত্র এটা কথাই ক’ব পাৰি যে মটকসকলো মৰাণসকলৰ দৰেই অসমৰ ভূমিপুত্ৰ আৰু অনুসূচিত জনজাতি আখ্যা পোৱাৰ পূৰ্ণ অধিকাৰী।

এতিয়া আহোঁ অসমৰ ভূমিত প্রায় ৪০০ বছৰ ৰাজত্ব কৰা অইন এটা জনগোষ্ঠী চুতীয়াসকললৈ। চীন-তিব্বতীয়মূলৰ তিব্বত-বৰ্মীয় পৰিয়ালৰ অন্তৰ্গত চুতীয়াসকলে বৰ্তমানৰ অসম আৰু অৰুণাচলৰ কিছু অংশত প্রায় ৪০০ বছৰ ধৰি ৰাজত্ৱ কৰিছিল। অসমৰ সমভূমিত বাস কৰা আদিম আৰু প্রধান জনগোষ্ঠীকেইটাৰ ভিতৰত চুতীয়াসকলো এটা। সোঁৱণশিৰিৰ পৰা লক্ষীমপুৰ হৈ বিশ্বনাথলৈকে ব্রহ্মপুত্ৰ উপত্যকাৰ সম্পূৰ্ণ উত্তৰপাৰত চুতীয়া ৰাজ্য বিয়পি আছিল। বৰ্তমান চুতীয়াসকল উজনি অসমৰ বিভিন্ন প্রান্তত বসবাস কৰে। যদিও চুতীয়াসকলক বৰ্তমান হিন্দু বুলি অভিহিত কৰা হয়, প্রকৃততে তেওঁলোক “শ্যান” কূলৰ পৰা উৎপত্তি হোৱা বুলি ভবাৰ যথেষ্ট থল আছে। বুৰঞ্জীবিদ এডৱাৰ্ড গেইটৰ মতে-

“The Sutiyas now number about a twelfth of a million and are found chiefly in Lakhimpur, Dhemaji, Tinsukia and Dibrugarh districts and the adjacent Sivasagar, Jorhat and Golaghat districts. Their language, which is still known to the Deoris, or priestly section of the group, is unmistakably Bodo, but their appearance suggests that they have in their frames a considerable infusion of Shan(Tai) blood. They occupied a tract nor far removed from the home of the Shans, and the probability is that they absorbed considerbale numbers of earlier immigrants of that race, just as in more recent times they have intermarried with the Ahoms, to such extent that, at the census of 1891, one third of those who recorded their sub-group described themselves as Ahom-Sutiya.”

(চুতীয়াসকল, যাৰ সংখ্যা বৰ্তমান এক নিযুতৰ বাৰভাগৰ এভাগ, তেওঁলোকক ঘাইকৈ লক্ষীমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু ডিব্ৰুগড় তথা আশেপাশে থকা শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পোৱা যায়। তেওঁলোকৰ ভাষা, যিটো দেউৰী অৰ্থাৎ তেওঁলোকৰ পুৰোহিতসকলে আজিও জানে সেইটো নিঃসন্দেহে বড়ো, কিন্তু   অৱয়বৰ ফালৰ পৰা ভাব হয় যে তেওঁলোকৰ সৈতে পৰ্য্যাপ্ত পৰিমাণে “শ্যান (টাই)” গোষ্ঠীৰ ৰক্ত সংমিশ্ৰিত হৈ আছে। শ্যানসকলৰ গৃহভূমিৰ পৰা অনতিদূৰতে তেওঁলোকে বসতি স্থাপন কৰিছিল আৰু সম্ভৱতঃ পূৰ্বতে অহা সেই একে গোষ্ঠীৰ প্রব্ৰজনকাৰীসকলৰ লগত পৰ্য্যাপ্ত পৰিমাণে মিলি গৈছিল যেনেকৈ পিছৰ কালছোৱাত তেওঁলোকে আহোমসকলৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰি ইমানেই মিলি গৈছিল যে ১৮৯১ চনৰ লোকপিয়লত তেওঁলোকৰ এক-তৃতীয়াংশই নিজকে আহোম-চুতীয়া উপগোষ্ঠীৰ বুলি পৰিচয় দিছিল।)

চুতীয়াসকলৰ প্ৰথম ৰজা বীৰপালে ১১৮৭ খ্ৰীঃ-ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চুতীয়া সাম্ৰাজ্য স্থাপন কৰিছিল। এই শক্তিশালী সাম্ৰাজ্যই কালক্ৰমত পুৰণি পাল বংশৰ ৰাজ্যকো পৰাস্ত কৰি নিজৰ অধীনলৈ আনে। শদিয়াত ৰাজধানী স্থাপন কৰি চুতীয়া ৰজাসকলে প্ৰায় ৪০০ বছৰ কাল বৰ্তমান অসমৰ বহু অংশ তথা অৰুণাচলৰো কিছু অংশত ৰাজত্ব কৰিছিল। বীৰপালৰ পুত্ৰ গৌৰীনাৰায়ণ বা ৰত্নধ্বজ পাল তেওঁলোকৰ সৰ্বশ্রেষ্ঠ ৰজা আছিল। তেখেতে কমতাপুৰৰ ৰাজকুমাৰীক বিয়া কৰাই কমতাপুৰ ৰাজ্যৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। চুতীয়াসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ৰাজ্য বহলাবলৈ লওঁতে তেওঁলোকৰ আহোমসকলৰ লগত সংঘৰ্ষ হয়। আহোম ৰজা চুতুকফাক এটা
এটা সন্ধিৰ সময়ত চুতীয়াসকলে হত্যা কৰে। ফলত আহোম সম্ৰাজ্যৰ লগত সংঘৰ্ষ বৃদ্ধি পায়। ১৫২৩ খ্ৰীষ্টাব্দত আহোমসকলে চুতীয়া ৰজা নিত্যপালক হত্যা কৰি শদিয়া দখল কৰে আৰু শদিয়াখোৱা গোঁহাইৰ ওপৰত শদিয়াৰ ভাৰ অৰ্পণ কৰে।

চুতীয়াসকল হিন্দুধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগতে তেওঁলোকে যিটো ধৰ্মক বিশ্বাস কৰিছিল সেই ধৰ্মৰ বুদ্ধধৰ্মৰ সৈতে বহুতো মিল আছিল। তদুপৰি তেওঁলোকে তেওঁলোকৰ পুৰোহিত দেউৰীসকলৰ যোগেদি কালীৰ বিভিন্ন ৰূপক উপাসনা কৰিছিল। কালীৰ অন্য ৰূপ কেঁচাইখাতী গোঁসানী আছিল তেওঁলোকৰ প্ৰধান দেৱী।

এতিয়া সংবিধানৰ ফালৰ পৰা এই জাতিটোক পৰ্যবেক্ষণ কৰি চোৱা যাওকঃ-

১/ আদিম চাৰিত্ৰিক বৈশিষ্ট্য: এসময়ত চুতীয়াসকলৰ কেঁচাইখাতী গোঁসানীৰ ওচৰত নৰবলি দিয়াৰ কথাও উল্লেখ আছে। তেওঁলোকে অপৰাধীক কেঁচাইখাতী গোঁসানীৰ ওচৰত বলি দিছিল। চুতীয়াসকলৰ বহুতেই আজিও কেঁচাইখাতী গোঁসানীক বিশ্বাস কৰে আৰু এতিয়াও দেৱীক সন্তুষ্ট কৰিবলৈ জীৱ-জন্তু তথা চৰাই-চিৰিকতি বলি দিয়ে। ইতিমধ্যে অনুসূচিত জনজাতি বুলি পৰিচিত দেউৰীসকলক চুতীয়াসকলে এতিয়াও নিজৰ পুৰোহিত বুলিয়ে গণ্য কৰে। তেওঁলোকৰ মন্ত্ৰ-তন্ত্ৰৰ ওপৰত এতিয়াও অটল বিশ্বাস।

২/ ভৌগোলিক বিচ্ছিন্নতা: চুতীয়াসকলে ঘাইকৈ অতীজতে চুতীয়া সম্ৰাজ্যৰ অধীনত থকা জিলাকেইখনতে বৰ্তমানেও বসবাস কৰে। আহোমসকলৰ লগত বৈবাহিক সম্বন্ধ গঢ়ি তোলাৰ ফলত চুতীয়াসকল আহোম সম্ৰাজ্যৰো কিছু অংশলৈ বিয়পি পৰে আৰু বৰ্তমানে আহোমসকলৰ বসতি স্থলৰ আশে-পাশে চুতীয়াসকলেও বসবাস কৰে।

৩/ স্বকীয়তাবিশিষ্ট সংস্কৃতি: চুতীয়াসকলৰ নিজস্ব এটা সংস্কৃতি আছে; নিজৰ এটা ভাষা আছে। চুতীয়াসকলৰ ভাষাটো তেওঁলোকৰ পুৰোহিত দেউৰীসকলৰ মাজত এতিয়াও প্ৰচলিত।

৪/ সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ: আহোমসকলৰ লগত বৈবাহিক সম্বন্ধ গঢ়ি তোলাৰ পাছৰ পৰা চুতীয়াসকলৰ সমাজৰ অন্য গোষ্ঠীৰ লগত যোগাযোগৰ সংকোচ বহু পৰিমাণে কমি গ’ল।

৫/ অৰ্থনৈতিক অনগ্ৰসৰতা: যদিও ভিতৰুৱা অঞ্চলত বসবাস কৰা চুতীয়া লোকসকল এতিয়াও আৰ্থিকভাবে বহুত দুৰ্বল তথাপিও ৰাজনৈতিক আৰু শৈক্ষিক দিশত বৰ্তমান যথেষ্ট আগবাঢ়িছে।

যিহেতু চুতীয়াসকলৰ পুৰোহিতস্বৰূপ দেউৰীসকলক ইতিমধ্যে অনুসূচিত জনজাতি বুলি ঘোষণা কৰা হৈছে, গতিকে চুতীয়াসকলকো অনুসূচিত জনজাতি হিচাপে ঘোষণা কৰাত বিশেষ একো বাধা থাকিব নালাগে।

এই চাৰি জনগোষ্ঠীৰ বাদেও অনুসূচিত জনজাতিৰ মৰ্য্যদা বিচৰা অইন জনগোষ্ঠী দুটা হৈছে চাহ-জনগোষ্ঠী আৰু আহোমসকল। Tea-Tribe বা চাহ-জনগোষ্ঠী শব্দটোৰ প্ৰযোজ্যতাৰ সম্বন্ধতে আমাৰ অলপ সন্দেহ আছে। এই শব্দটো কেতিয়া কেনেকৈ আৰম্ভ হৈছিল সেই বিষয়ে আমি সম্পূৰ্ণ অজ্ঞ; কিন্তু বৃটিছ কালৰ অসমত এইসকলক tea-garden labourers বা চাহবাগানৰ শ্ৰমিক বা চমুকৈ মাজে-সময়ে চাহ-শ্ৰমিক বুলিও উল্লেখ কৰা দেখা যায়। সেইসময়ৰ কোনো তথ্যতে tea-tribe বা চাহ-জনগোষ্ঠী বুলি উল্লেখ কৰা আমাৰ বৰ্তমানলৈকে দৃষ্টিগোচৰ হোৱা নাই। ধান খেতি কৰা শ্ৰমিকক ভাৰতৰ কোনো প্ৰান্ততে paddy-tribe বা ধান-জনগোষ্ঠী বুলি আখ্যা দিয়া আমি শুনা নাই। ঠিক তেনেদৰে মাছমৰীয়াসকলোকো fishing-tribe বা মাছ জনগোষ্ঠী বুলি আখ্যা দিয়াৰ কোনো দৃষ্টান্ত নাই। তদুপৰি বৰ্তমান চাহ-জনগোষ্ঠীৰ বুলি অভিহিত বহু লোক চাহ খেতিৰ সৈতে কোনো কালেই জড়িত নাছিল। মাত্ৰ ছোটনাগপুৰ সমভূমিৰ পৰা অহা সৰহ সংখ্যক লোক চাহ বাগানৰ শ্ৰমিক ৰূপে কৰ্মৰত কাৰণেই একে স্থানৰ পৰা অন্য কাম-কাজ কৰিবলৈ বা অন্য কিবা কাৰণতো অহা লোকসকলোকো চাহ-জনগোষ্ঠী বুলিয়েই গণ্য কৰিবলৈ লোৱা হয়। তাৰে বহু সংখ্যক – বিশেষকৈ চাওতাল, কুৰুখ আৰু মুণ্ডা গোষ্ঠীৰ লোকক বৃটিছ চৰকাৰে সেইসকলৰ মূল ৰাজ্যত বিদ্ৰোহ দমন কৰিবৰ কাৰণে বলপূৰ্বকভাবে নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলা আৰু অবিভক্ত দৰং জিলালৈ স্থানান্তৰ কৰিছিল। সেইসকল লোককো যাৰ কোনো কালেই চাহ খেতিৰ লগত সম্পৰ্ক নাছিল তেওঁলোককো আজিকালি চাহ-জনগোষ্ঠীৰ অন্তৰ্গত কৰা হৈছে। তদুপৰি মাত্ৰ একে খেতিৰ লগত জড়িত থকাৰ কাৰণে ৯৭টা বিভিন্ন জনগোষ্ঠীৰ মানুহক এটা জনগোষ্ঠীৰ আখ্যাৰে স্বীকৃত কৰিব পাৰি বুলি আমাৰ ভাব নহয়।
এই চাহ জনগোষ্ঠীত বৰ্তমান প্ৰায় সাতানব্বৈটা গোষ্ঠীৰ মানুহ আছে। এইসকলৰ ভিতৰত মুণ্ডা জনগোষ্ঠীৰ মানুহৰ সংখ্যাই আটাইতকৈ সৰহ। সংখ্যাৰ ফালৰ পৰা তাৰ পাছত ক্ৰমে চাওতাল (সন্থাল), কুৰুখ (ওৰাও), গৌড়, খাৰিয়া, ভূমিজ আৰু চাওৰা গোষ্ঠীৰ লোকসকল আছে। ইয়াৰ সৰহ সংখ্যক মানুহকেই ১৮৬০ চনৰ পৰা ১৮৯০ চনৰ ভিতৰত বিভিন্ন সময়ত বৃটিছ চৰকাৰৰ দ্বাৰা স্থানান্তৰিত কৰা হৈছিল। এইসকল বৰ্তমান ঘাইকৈ কোকৰাঝাৰ, ওদালগুৰি, শোণিতপুৰ, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বসবাস কৰে। কম-বেছি পৰিমাণে চাহ-জনগোষ্ঠীৰ মানুহ অসমৰ প্ৰায় প্ৰত্যেক জিলাতেই আছে। সম্পূৰ্ণ অসমত এইসকলৰ সংখ্যা প্ৰায় ছয় নিযুত বা অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় কুৰি শতাংশ।

১৮৪১ চনতে প্ৰথমবাৰৰ বাবে অসম কোম্পেনীয়ে ৬৫২জন শ্ৰমিকক নিযুক্তি দি চাহখেতিৰ বাবে বলপূৰ্বকভাবে অসমলৈ স্থানান্তৰ কৰিবলৈ চেষ্টা কৰে। কিন্তু তাৰ সৰহ সংখ্যক শ্ৰমিকেই হাইজা ৰোগত মৃত্যু মুখত পৰে আৰু বাচি থকাকেইজনো পলাই যায়। ১৮৫৯ চনৰ Work Men’s Breach of Contract Act-ৰ দ্বাৰা শ্ৰমিক স্থানান্তৰৰ পথ সুচল হয়। বাহিৰৰ পৰা শ্ৰমিক নিযুক্তিৰ কাৰণে আৰাকাট্টি বা দালালৰ নিয়োগ কৰা হৈছিল। ১৮৭০ চনত শ্ৰমিক নিযুক্তিৰ কাৰণে “চৰ্দাৰী প্ৰথা”ৰ আৰম্ভ কৰা হ’ল। ১৮৫৯ চনৰ ১৫ ডিচেম্বৰৰ পৰা ১৮৬১ চনৰ ২৫ নবেম্বৰলৈ অসম কোম্পেনীয়ে প্ৰথমটো গোটত অনা ২২৭২জন শ্ৰমিকৰ ভিতৰত ২৫০জনৰ ৰাস্তাতে মৃত্যু হয়। ১২-এপ্ৰিল-১৮৬১ৰ পৰা ২৫-ফেব্ৰুৱাৰী-১৮৬২লৈ ২৫৬৯জন আৰু ১-মে’-১৮৬৩ৰ পৰা  ১-মে’-১৭৬৬লৈ ৮৪,৯১৫জন শ্ৰমিকক নিযুক্তি দিয়া হৈছিল। তাৰে প্ৰায় ৩০,০০০ শ্ৰমিকৰ ১৮৬৬ চনৰ জুন মাহলৈ মৃত্যু হৈছিল। ১৮৭৭ চনৰ পৰা ১৯২৯ চনলৈ ৪,১৯,৮৪১জন শ্ৰমিক অসম সোমাইছিলহি। এইসকল শ্ৰমিক যদিও বিভিন্ন সময়ত ছোটনাগপুৰ সমভূমিৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল, তেওঁলোকে কালক্ৰমত নিজৰ পুৰণা পৰিচয়ৰ পৰা আঁতৰি আহি এক নতুন সংস্কৃতিৰ জন্ম দিয়ে।

যদিওবা ৯৭টা ভিন্ন জনগোষ্ঠীৰ বিভিন্ন চাৰিত্ৰিক বৈশিষ্ট্য বা তেওঁলোকৰ সংস্কৃতি তথা জাতিগত চৰিত্ৰ ভিন ভিন তথাপিতো এইসকলক আমি এতিয়া সংবিধানে বিচৰা পাঁচটা বৈশিষ্ট্যৰে পৰ্য্যবেক্ষণ কৰি চোৱাৰ চেষ্টা কৰোঁ :-

১/ আদিম চাৰিত্ৰিক বৈশিষ্ট্য: আৰম্ভণিতে ভিন্ন জাতিৰ ভিন্ন চৰিত্ৰ থাকিলেও বৰ্তমান চাহ-জনগোষ্ঠীৰ মাজত কিছুমান উমৈহতীয়া চাৰিত্ৰিক বৈশিষ্ট্যৰ উদ্ভৱ হৈছে। চাহ-জনগোষ্ঠীৰ লোকসকলে কুকুৰা যুঁজকে আৰম্ভ কৰি বহুতো প্ৰাচীন খেলৰ মাজেৰে আনন্দ উপভোগ কৰে। দেৱীৰ ওচৰত বলি বিধান তেওঁলোকৰ সামূহিক চৰিত্ৰ। আজিৰ সময়তো বিভিন্ন উৎসৱত তেওঁলোকে সমূহীয়া ভোজ খায়। বাল্য বিবাহো এইসকলৰ মাজত সম্পূৰ্ণ শেষ হৈ যোৱা নাই।

২/ ভৌগোলিক বিচ্ছিন্নতা: মূলতে এওঁলোক যদিও ছোটনাগপুৰ সমভূমিৰ পৰা অহা, সম্প্ৰতি তেওঁলোক সম্পূৰ্ণ অসমতে বিয়পি পৰিছে। এওঁলোকৰ সৰহ সংখ্যক আজিও চাহ-বাগানতেই কৰ্মৰত আৰু সেয়েহে চাহ বাগানৰ চাৰিসীমাৰ ভিতৰতে বসবাস কৰে।

৩/ স্বকীয়তাবিশিষ্ট সংস্কৃতি:  সৰহ সংখ্যক চাহ জনগোষ্ঠীৰ লোকেই বৰ্তমান হিন্দু ধৰ্মত দীক্ষিত যদিও ইয়াৰ প্ৰায় কুৰি শতাংশ লোক খৃষ্ট ধৰ্মত দীক্ষিত। হিন্দুসকল প্ৰায় প্ৰকৃতি পূজাৰী। তেওঁলোকে মৰাংবুৰু, মহাদেউ আৰু চিংবংগা ভগবানক পূজা কৰে। চাৰহুল পূজা আৰু কৰম পূজা এওঁলোকৰ বিশিষ্ট উৎসৱ। এওঁলোকে দুৰ্গা পূজা, দেৱালী, টুছু পূজা আদিও উদযাপন কৰে। খৃষ্টানসকলে বৰদিন উদযাপন কৰে। ঢোল, মঞ্জিৰা, মদাৰ, কৰতাল, তামাক, নাগাৰা, নিচান, বাঁসুৰী আদি হ’ল তেওঁলোকৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ।  গোষ্ঠীভিন্নতা নিৰ্বিশেষে  এওঁলোকৰ মাজত ঝুমুৰ নাচ অতি জনপ্ৰিয়। ঝুমুৰৰ বাদেও সান্থালী নৃত্য, কৰম পূজাৰ নৃত্য, খাৰীয়া নৃত্য আদিও চাহ জনগোষ্ঠীৰ লোকনৃত্য।

৪/ সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ: চাহ বাগানৰ চাৰিসীমাৰ মাজতে আবদ্ধ থকাৰ কাৰণে আৰু হয়তো ভিন্ন সংস্কৃতি তথা সুদূৰ ছোটনাগপুৰ সমভূমিৰ পৰা স্থানান্তৰ হৈ অহাৰ কাৰণে এওঁলোকে অসমৰ বৃহদাংশৰ লগত বহুদিনলৈ যোগাযোগত সংকোচ কৰি আছিল। বৰ্তমানে এই সংকোচ বহুতো কমিছে আৰু ৰাজনীতিত এইসকলৰ প্ৰতিনিধিত্বই ইয়াৰ প্ৰমাণ।

৫/ অৰ্থনৈতিক অনগ্ৰসৰতা: শৈক্ষিক আৰু অৰ্থনৈতিক দিশৰ পৰা চাহ-জনগোষ্ঠীৰ লোকসকল অসমৰ সবাতোকৈ পিছ পৰা গোষ্ঠীসকলৰ ভিতৰতে এটা। আৰম্ভণিৰ পৰা চাহ-বাগানৰ গৰাকীসকলৰ শোষণতন্ত্ৰৰ পৰা এই চাহ জনগোষ্ঠীৰ লোকসকল বৰ্তমানেও সম্পূৰ্ণ স্বাধীন হ’ব পৰা নাই।
এই সাতানব্বৈটা জনগোষ্ঠীৰ ভিতৰত ছাব্বিশটা জনগোষ্ঠীক তেওঁলোকৰ মূল ৰাজ্যতে অনুসূচিত জনজাতি বুলি ইতিমধ্যে ভাৰত চৰকাৰে ঘোষণা কৰিছে। অসমৰ চাহ-জনগোষ্ঠীৰ লোকসকলৰ সৰহ সংখ্যক লোকেই এই ছাব্বিশটা অনুসূচিত জনজাতিৰ অন্তৰ্গত। গতিকে অন্ততঃ এই ছাব্বিশটা জনগোষ্ঠীৰ লোকসকল অনুসূচিত জনজাতিৰ তালিকাত স্থান পোৱাৰ সম্পূৰ্ণ অধিকাৰী।

অনুসূচিত জনজাতিৰ মৰ্য্যদা বিচৰা অসমৰ আনটো জনগোষ্ঠী হ’ল আহোম জনগোষ্ঠী। চাউলুং চুকাফাৰ পৰা পুৰন্দৰ সিংহলৈকে আহোম জনগোষ্ঠীৰ একুৰি ঊনৈশ গৰাকী স্বৰ্গদেৱে ১২২৮ খ্ৰীঃৰ পৰা ১৮২৬ খ্ৰীঃলৈ প্ৰায় ৬০০ বছৰ অসমত ৰাজত্ব কৰিছিল। টাইলং খুনলুং বংশৰ ৰাজকোঁৱৰ চাউলুং চুকাফাই চীনৰ মাও-ল্যুং বা ম্যু-মাও (টাই শ্যান) দেশৰ পৰা ১২১৫ খ্ৰীঃত পশ্চিমলৈ যাত্ৰা আৰম্ভ কৰি বুঢ়ীদিহিঙৰ পাৰৰ টিপামত ১২২৮ খ্ৰীঃত উপস্থিত হয়হি। তেতিয়াৰ পৰাই অসমত ছয়শ বছৰীয়া আহোম ৰাজত্ৱ আৰম্ভ হয়। আহোমসকল মূলতে টাই-শ্যান গোষ্ঠীৰ। টাই সংস্কৃতি প্রকৃততে চীনা সভ্যতাৰ অভিন্ন অঙ্গ। ৰাজনৈতিক, দাৰ্শনিক আৰু ধৰ্মীয় বিশ্বাসৰ ফালৰ পৰা টাই সংস্কৃতি কন-ফু-চিয়াছ, মেন-চি-য়াছ, মোহ-টি আৰু লাঅ’-জিৰ লিখনিৰ দ্বাৰা গভীৰভাবে প্ৰভাৱান্বিত হৈছিল। ১৭১৪ খ্ৰীঃত স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বৰ সময়ৰ পৰাহে আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। তাৰ আগলৈকে আহোমসকলে চীনা ধৰ্মীয় ৰীতি নীতিহে মানি চলিছিল। বৰ্তমানেও পূৰ্বপুৰুষক পূজা কৰা চীনা ধৰ্মীয়  ৰীতি-নীতি আহোমসকলে অক্ষু্ণ্ণ ৰাখিছে। আজিৰ যুগতো আহোমসকলে মে-ডাম-মে-ফি উদযাপন কৰি ডাম অৰ্থাৎ পূৰ্বপুৰুষ আৰু ফি অৰ্থাৎ প্ৰেতাত্মাক পূজা কৰে।

যদিও আহোমসকলে চৰাইদেও, গড়গাঁও আৰু ৰংপুৰত ৰাজধানী পাতি গোটেই অসম শাসন কৰিছিল তথাপিও তেওঁলোকৰ সৰহসংখ্যক মানুহ অবিভক্ত ডিব্ৰুগড় আৰু অবিভক্ত শিৱসাগৰ জিলাতে বসবাস কৰে। চাউলুং চুকাফাৰ সময়ৰে পৰা স্বৰ্গদেউ আৰু বুঢ়াগোঁহাই তথা বৰগোঁহাই পদবীৰ দুজন ডাঙৰীয়াই দেশ শাসন কৰিছিল। স্বৰ্গদেউ চু-হুং-মূঙৰ দিনত তৃতীয়গৰাকী ডাঙৰীয়া “বৰপাত্ৰগোঁহাই”ৰ পদবী সৃষ্টি কৰা হৈছিল। ১৫২৩ খ্ৰীঃত চুতীয়া ৰাজ্য জয় কৰি শদিয়াখোৱা গোঁহাইক নতুনকৈ জয় কৰা ৰাজ্যৰ ভাৰ দিছিল। নগাসকলৰ সৈতে কূটনৈতিক সম্বন্ধ বজাই ৰাখিবলৈ ধনশিৰিৰ পশ্চিম পাৰৰ দায়িত্ব মৰঙীখোৱা গোঁহাইক দিয়া হৈছিল। নামনিৰ গুৱাহাটীৰ প্রশাসনিক আৰু সামৰিক দায়িত্ব বৰফুকনক দিয়া হৈছিল। বৰবৰুৱা আছিল সামৰিক আৰু ন্যায়িক প্রধান।

আহোমসকল আছিল টাইভাষী লোক। তেওঁলোকৰ এই ‘টাই’ ভাষা বৰ্তমানেও অৰুণাচলৰ খামটি, শদিয়াৰ ফাকিয়ালসকল আৰু অবিভক্ত শিৱসাগৰ জিলাত বাস কৰা শ্যাম গোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলিত হৈ আছে। এই আহোম জনগোষ্ঠীৰ জনসংখ্যা পুৰণি আহোম সাম্ৰাজ্যত মুঠ জনসংখ্যাৰ ১০%ৰ বেছি নাছিল। আজিৰ অসমতো আহোম জনগোষ্ঠীৰ লোকৰ সংখ্যা প্ৰায় ১০%। এওঁলোক সমগ্ৰ অসমতে বিয়পি আছে যদিও নামনি অসমত এওঁলোকৰ সংখ্যা অতি নগণ্য।

এতিয়া আহোমসকলক পাঁচটা সাংবিধনিক বৈশিষ্ট্যৰ ফালৰ পৰা বিশ্লেষণ কৰি চোৱা যাওক:-

১/ আদিম চাৰিত্ৰিক বৈশিষ্ট্য: আহোম জনগোষ্ঠীৰ বাইলুঙসকলে বৰ্তমান যুগতো কুকুৰাৰ ঠেং কাটি মঙল চায় আৰু সময় তথা ভাগ্যৰ আগজাননী দিয়ে। হিন্দু ধৰ্মত দীক্ষিত হোৱাৰ পিছতো তেওঁলোকে বিয়া-বাৰু বা অন্য উৎসৱ উদযাপন কৰোঁতে তেওঁলোকৰ পুৰণা ৰীতি-নীতিয়ে অনুসৰণ কৰে। বিবাহৰ সময়ত তেওঁলোকে ১০১ গছি বন্তি জ্বলাই চকলং প্রথাৰে হেংদাং হস্তান্তৰ কৰি বিবাহ সম্পন্ন কৰে। আহোমৰ স্বৰ্গদেউ তথা ডা-ডাঙৰীয়াসকলক মৃত্যুৰ পিছত মৈডাম দিয়াৰ ৰীতি আছিল। অৱশ্যে বৰ্তমান আহোমসকলে অন্তোষ্টিক্ৰিয়াৰ ক্ষেত্ৰত হিন্দু ৰীতি মানি চলে। খাদ্যৰ ক্ষেত্ৰতো আহোমসকলৰ মাজত কিছু আদিম চাৰিত্ৰিক বৈশিষ্ট্য দেখা যায়। তেওঁলোকৰ বাবে এতিয়াও আমৰলি পৰুৱাৰ টোপ তথা এৰী-মুগাৰ লেটা-পলু সুস্বাদু আহাৰ। তেওঁলোকৰ উৎসৱ উদযাপনত মাংস এক অপৰিহাৰ্য আহাৰ।

২/ ভৌগোলিক বিচ্ছিন্নতা: আহোমসকল টাই গোষ্ঠীৰ মানুহ। ভৌগোলিক দৃষ্টিত চাবলৈ গ’লে এই গোষ্ঠীৰ মানুহ সম্পূৰ্ণ দক্ষিণ-পূৱ এছিয়াতে বিস্তাৰিত হৈ আছে। অৱশ্যে আহোম জনগোষ্ঠীৰ মানুহখিনি উজনি অসমতে সীমাবদ্ধ হৈ আছে বুলি ক’লে বঢ়াই কোৱা নহয় যদিও এই সম্প্ৰদায়ৰ মানুহ আজি সমগ্ৰ অসমেই নহয় ভাৰত তথা বিশ্বৰ বহু ঠাইত বসবাস কৰিছে।

৩/ স্বকীয়তাবিশিষ্ট সংস্কৃতি: নতুন অসমীয়া সংস্কৃতি আহোম ৰাজ্যতেই আৰম্ভ হৈছে গতিকে সকলো অসমীয়া উৎসৱেই আহোমসকলে পালন কৰে। তাৰ বাদেও মেডাম-মে-ফি আহোমসকলৰ মূল উৎসৱ। মেডাম-মে-ফি-ৰ বাদেও উম-ফা উৎসৱ আহোম স্বৰ্গদেওসকলৰ দিনত ধুমধামেৰে উদযাপন কৰা হৈছিল। বগা ম’হ, বগা গৰু, গাহৰি, কুকুৰা, হাঁহ, পাৰ, কুকুৰ আদি উম-ফা উৎসৱত ভগবানক উৎসৰ্গা কৰা হয়। এই উম-ফা উৎসৱ সাতটা স্তৰত পতা হয়। তদুপৰি আহোমসকলেই প্ৰথম অসমীয়া বুৰঞ্জী ক্ৰমানুক্ৰমে লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰে।

৪/ সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ: সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত আহোমসকলৰ কোনোধৰণৰ সংকোচ আছে বুলি আমাৰ মনে নধৰে। সুদীৰ্ঘ ছশ বছৰ ৰাজত্ব কৰা এই জনগোষ্ঠীটোৱে অসমৰ সকলো জনগোষ্ঠীৰ লগত অতীতৰ পৰাই মিলি আছে।

৫/ অৰ্থনৈতিক অনগ্ৰসৰতা: আহোমসকল অৰ্থনৈতিকভাবে অনগ্ৰসৰ বুলি ক’লে শুদ্ধ কোৱা নহ’ব। এই জনগোষ্ঠীটোৱে শিক্ষাৰ ফালৰ পৰাই হওক বা ৰাজনৈতিকফালৰ পৰাই হওক অসমৰ সমাজলৈ যথেষ্ট অৱদান আগবঢ়াইছে। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাদেৱেই হওক বা অসমৰ বিশিষ্ট ৰাজনীতিবিদ হিতেশ্বৰ শইকীয়াদেৱেই হওক এওঁলোক সকলো আহোম জনগোষ্ঠীৰ। গতিকে এই জনগোষ্ঠীটোক কোনোপধ্যে অৰ্থনৈতিক বা ৰাজনৈতিকভাবে অনগ্ৰসৰ বুলি ক’ব নোৱাৰি।

যি কি নহওক, অসমত কাৰ্বি আংলং আৰু ডিমা-হাচাও এই দুই স্বায়ত্ব শাসিত অঞ্চলৰ বাদেও চৈধ্যটা অনুসূচিত জনজাতিয়ে বাস কৰে। এই চৈধ্যটা সমতলীয় জনজাতিৰ সংখ্যা হৈছে মুঠ জনসংখ্যাৰ ১২.৮%। বৰ্তমান অনুসূচিত জনজাতি বিচৰা এই ছটা জনগোষ্ঠীৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ৪৫%-ৰ কম নহয়। গতিকে এই ছটা জাতিকেই যদি অনুসূচিত জনজাতি বুলি ঘোষণা কৰা হয় অসমত মুঠ অনুসূচিত জনজাতিৰ জনসংখ্যা প্ৰায় ৬০% হ’বগৈ। গতিকে কেন্দ্ৰীয় চৰকাৰে অসমক এখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিবলৈ বাধ্য হ’ব। বহুতো জনজাতীয় ৰাজ্যত অনুসূচিত জনজাতিৰ সংখ্যা ৪০% মানহে। অসমখন জনজাতীয় ৰাজ্য বুলি ঘোষণা হ’লে এই জনগোষ্ঠীকেইটাৰ লগতে সমূহ থলুৱা অসমীয়া ৰাইজৰ বহুতো সুবিধা হ’ব। জনজাতীয় ৰাজ্যই লাভ কৰা আৰ্থিক সা-সুবিধাবোৰৰ লগতে বিধান সভাৰ সৰহ সংখ্যক সমষ্টি থলুৱা লোকৰ কাৰণে সংৰক্ষিত হ’ব। বহিৰাগতই মাটি-বাৰী কিনাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব। আজি যি গতিত অসমলৈ বহিৰাগতৰ আগ্ৰাসন ঘটিছে সেই অৱস্থালৈ চালে অসমখনক এখন জনজাতীয় ৰাজ্যৰ মৰ্য্যদা দিয়াটো অতি আৱশ্যক হৈ পৰিছে। অসমখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিলে অন্য বহু সমস্যাৰ লগতে হয়তো সন্ত্ৰাসবাদৰ সমস্যাও বহুখিনি হ্ৰাস পাব। সংযুক্ত মুক্তি বাহিনীৰ আলোচনাপন্থী সভাপতি অৰবিন্দ ৰাজখোৱাৰ উক্তিত এই কথাৰ উমান পোৱা যায়। এই সকলো কথা জুকিয়াই চালে এটা কথাই স্পষ্ট হৈ পৰে যে আজিৰ অসমক আগ্ৰাসনকাৰীৰ পৰা সুৰক্ষা দিয়াৰ একমাত্ৰ উপায় হৈছে কেন্দ্ৰীয় চৰকাৰে অনতিপলমে এই ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্য্যদা দি অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰাটো।

অসমত এই ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যদা দিয়াৰ বিষয়টোক লৈ অৱশ্যে কিছু সংখ্যক নাগৰিকৰ মাজত এক সংশয়ৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃততে সমগ্ৰ দেশৰ প্ৰেক্ষাপটত যদি আমি এই বিষয়টো পৰ্য্যবেক্ষণ কৰি চাওঁ তেন্তে এই বিষয়ে কোনো ধৰণৰ সংশয়ৰ কাৰণ আছে বুলি আমাৰ মনে নধৰে। থলুৱা অসমীয়া লোকৰ কাৰণে এই পদক্ষেপ এক বৰদান স্বৰূপ হোৱাৰ সম্ভাৱনাহে বেছি। ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ ১৯৬৩চনৰ ৬৪৯নং নিৰ্দেশনা মতে ভাৰতত সংৰক্ষণৰ সীমা ৫০%-ৰ অধিক হ’ব নোৱাৰে। গতিকে অসংৰক্ষিত উচ্চ বৰ্গৰ লোকসকলৰ বাবে সংশয়ৰ কোনো কাৰণ নাই। ইতিমধ্যে সংৰক্ষণৰ সীমা ৫০%-তে আছে।

অন্য অন্যান্য পিছ পৰা জাতিৰ (OBC & MOBC) অন্তৰ্ভুক্ত লোকসকলৰ কাৰণে এই পদক্ষেপ লাভজনকহে হ’ব। কাৰণ অনুসূচিত জনজাতিৰ মৰ্যদা বিচৰা এই ছটা জনগোষ্ঠীয়েই বৰ্তমান অন্যান্য পিছ পৰা জাতি (OBC & MOBC)-ৰ অন্তৰ্ভুক্ত। গতিকে এই বৃহদাংশ যদি অন্যান্য পিছ পৰা জাতিৰ পৰা আঁতৰি যায় আৰু সংৰক্ষিত স্থান সমানেই থাকে তেন্তে তেওঁলোকৰ মাজত প্ৰতিযোগিতা কমিবহে, নাবাঢ়ে।

অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত লোকসকলৰ চিন্তাৰ কোনো কাৰণ নাই। তেওঁলোকৰ সংখ্যা আৰু সংৰক্ষিত স্থান এই দুয়ো দিশতে এই ছয় জনগোষ্ঠীৰ অনুসূচিত জনজাতিকৰণে কোনোধৰণৰ প্ৰভাৱ নেপেলায়।

এতিয়া আহোঁ, অনুসূচিত জনজাতিৰ লোকসকলৰ বিষয়টোলৈ। পাহাৰীয়া অনুসূচিত জনজাতিৰ ক্ষেত্ৰত ই কোনোধৰণৰ প্ৰভাৱ নেপেলায়। কাৰণ পাহাৰীয়া অনুসূচিত জনজাতিৰ লোকসকলৰ কাৰণে পৃথক সংৰক্ষিত স্থান থাকে। ভৈয়ামৰ অনুসূচিত জনজাতিসকলৰ মাজত অৱশ্যে প্ৰতিযোগিতা অলপ বাঢ়িব। কাৰণ এই ছটা জনগোষ্ঠীয়ে ভৈয়ামৰ অনুসূচিত জনজাতিৰ মৰ্যদাহে বিচাৰিছে। কিন্তু এই ভূমিপুত্ৰ থলুৱা অসমীয়াসকলে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ক্ষুদ্ৰ স্বাৰ্থ বলিদান দিয়াটোৱে সমগ্ৰ অসমৰ কাৰণে বৰ্তমান সময়ৰ প্ৰয়োজনীয়তা। অসম চৰকাৰে নতুনকৈ অনুসূচিত জনজাতিৰ মৰ্যদা পোৱাসকলৰ পৰা পৃথককৈ সংৰক্ষণ দি ভৈয়ামৰ পূৰ্বৰ অনুসূচিত জনজাতিসকলৰ স্বাৰ্থও ৰক্ষা কৰিব পাৰে।

আমাৰ এই বিশ্লেষণ মাত্ৰ অসমৰ পৰিসীমাতে আবদ্ধ ৰাখিব বিচৰা নাই; বৰঞ্চ ঘাইকৈ সৰ্বভাৰতীয় প্ৰেক্ষাপটতহে এই বিশ্লেষণ বেছি প্ৰযোজ্য হ’ব। বৰ্তমানৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাবিলাকত অনুসূচিত জনজাতিসকলৰ কাৰণে সংৰক্ষিত সৰহ সংখ্যক স্থানতে ৰাজস্থানৰ মীনা জনজাতিৰ লোকে সাফল্য লাভ কৰা পৰিলক্ষিত হয়। নতুনকৈ অনুসূচিত জনজাতিৰ মৰ্যদা বিচৰা এই ছয় জনগোষ্ঠীক যদি অনুসূচিত জনজাতিত স্থান দিয়া হয় তেন্তে এইসকলে সৰ্বভাৰতীয় স্তৰত ৰাজস্থানৰ মীনা জনজাতিকে আদি কৰি অন্য সকলো জনজাতিকে এটা সবল প্ৰত্যহ্বান দিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।

সৰ্বভাৰতীয় স্তৰত ভাৰতৰ বিভিন্ন প্ৰান্তত থলুৱা অসমীয়া মানুহে কৃতকাৰ্যতা লাভ কৰিলে সমগ্ৰ অসমেই লাভবান হ’ব। তদুপৰি ভাৰতীয় সংবিধানৰ ২৭৫ (১) অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বহুতো সাহাৰ্য আৰু অনুদান অনুসূচিত জনজাতিৰ বাবে আগবঢ়োৱা হয় (Special central assistance and grants under article 275(1) of the Constitution)। সেই সকলো কেন্দ্ৰীয় সাহাৰ্য আৰু অনুদানে অসমৰ উন্নয়নত প্ৰচুৰ অৰিহণা যোগাব পাৰিব বুলি আমাৰ ধাৰণা হয়।

গতিকে সামগ্ৰিকভাবে বৰ্তমান অসমভূমিৰ সৰ্বাঙ্গীন উন্নতিৰ স্বাৰ্থত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী মানি লৈ জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰাটো নিতান্তই যুক্তিসংগত তথা প্ৰয়োজনীয়।