তাই সংস্কৃতিৰ গুৰিধৰোতা জীৱন্ত প্ৰতীক: চাও ম' জোনাৰাম চাংবুন ফুকন ණ ... চাও জ্ঞানানন্দ চাংবুন ফুকন, মৰাণ

 
         চাও ম' জোনাৰাম ছাঙবুন ফুকন ওৰফে মছেঙফা ছাঙবুন ফুকন পৰিয়ালিক সূত্ৰে মোৰ পি চায় ৷ ঐতিহ্য মণ্ডিত তাই পণ্ডিত তিনি ফৈদ ম'হুঙ ছাঙবুন ম'প্লঙৰ ছাঙবুন ফৈদৰ ডাঙদেঙ্ পৰিয়ালৰ আমাৰ উপৰি পিতৃ মতাকুকুৰা নামে জ্ঞাত পৰিয়ালত ১৯৩৫ চনত বকতা কৰঙা গাঁৱত জন্ম গ্ৰহণ কৰে ৷ মতা কুকুৰাৰ পুত্ৰ জোৰমন আমাৰ পূ থাও ৷ তেওঁৰেই ডাঙৰ পুত্ৰ ডাম সোনেশ্বৰ ফুকন ডাম জোনাৰাম ফুকনৰ পিতৃ আৰু মাতৃৰ নাম অক্ষৰি ফুকন ৷ তেওঁলোকৰ ভাই-ককাই ৬ জন ৷ লুঙ চাও ডাম সোণেশ্বৰ ৪ জন পুত্ৰ আৰু সৰু আপাৰ দুজন ৷ ডাঙৰ আপাৰ ৪ জনৰ ডাঙৰ জন ডাম মিলেশ্বৰ ছাঙবুন এজন বিদগ্ধ তাই পণ্ডিত আছিল ৷ দ্বিতীয়জন ডাম তিলেশ্বৰ ছাঙবুন ফুকন কৰ্ম সূত্ৰে বাগিছাৰ মহৰি কৰিছিল তথা তাই ভাষা সংস্কৃতি,  পৰম্পৰাৰ চৰ্চা অটুত ৰাখিছিল ৷ তৃতীয়জন ডাম বগাধৰ ছাঙবুন ফুকন এজন কৃষক আৰু অঞ্চলটোৰ ভিতৰতে তাই সংস্কৃতি পৰম্পৰা পালন,  ফুৰালুঙৰ গীত -মাত প্ৰাৰ্থনা জনমিঙ গোৱাত পাৰ্গত আছিল ৷ চতুৰ্থজনেই স্বনামধন্য তাই ভাষা সংস্কৃতিৰ সংৰক্ষক,  গৱেষণা আৰু পুনৰুদ্ধাৰৰ বাটকটীয়াসকলৰ এজন ডাম জোনাৰাম ছাঙবুন ওৰফে ম' ছেঙ্ ফা ছাঙবুন ফুকন   ৷ সৰু আপাৰ পুত্ৰ দুজন ডাম খৰ্গেশ্বৰ ছাঙবুন ফুকন আৰু ডাম সতীশ ছাঙবুন ফুকন   (খবিজ) দুয়ো মতা কুকুৰাৰ তিনি আলিত ব্যৱসায়ৰ পাতনি মেলি সতি সন্ততিলৈ জীয়াই থকাৰ সম্বলৰ লগতে উপৰিপিতৃ মতাকুকুৰাৰ নামটোও প্ৰতিষ্ঠিত ৰূপত মতাকুকুৰা তিনি আলি নামে পৰিচয় অটুট ৰাখিছে ৷
             মতা কুকুৰা পৰিয়ালত তাই ভাষা সংস্কৃতি পৰম্পৰা চৰ্চাৰ পৰিৱেশ এটা পূৰ্বৰে পৰা আছিল ৷ ডাম জোনাৰাম পি -কাইৰ ডাঙৰ জন ককায়েক আৰু আমাৰ ডাঙৰ পিকাই ডাম ফণীধৰ ছাঙবুন ফুকনে একেলগে পণ্ডিতৰ ওচৰত তাই ভাষাৰ লিখা পঢ়া কৰিছিল ৷ আমাৰ ঘৰৰ মোৰ ওপৰৰ কেইজনেও তাই ভাষা শিক্ষা কৰ্ম বেছি কৰিছিল ৷ তেওঁলোকে ঘৰত গধূলি তাই বৰ্ণমালাবোৰৰ বাৰে জতক গোৱা আনি শুনিছিলো ৷ সেইবোৰ আজিও কাণত বাছি থাকে ৷ কা মইনা কা,  কা লেৱা টনা কা,  কা আগুৰি লৈ কাই আদিৰ আখৰা ৷ তাৰ পাছত তাই সৃষ্টি তত্বৰ ৰিকবোৰও গাইছিল ৷ সেইদৰে কৰঙা গাওঁত বয়োবৃদ্ধ সকলে ডিনছিঙ মাহত ন -খোৱা উৎসৱত গোটেই ৰাতিটো পেঞ কাকাৰ ৰিক্ সমূহ খন্ মিঙৰ ৰিক্ খন্  , পচতুলা নাহৰৰ গীত গাই ৰাতিপুৱাই দিয়া দেখিছিলো ৷ তাই  ভাষা ল'ৰালি কালতে সেই পৰিৱেশৰ প্ৰভাৱ আমাৰ মনৰ মাজত স্হায়ী ভাৱেই থাকি গ'ল ৷ এনেবোৰ পৰিৱেশৰ প্ৰভাৱেও পণ্ডিত জোনাৰাম ছাঙবুন পি-কাইক তাই ভাষা সংস্কৃতি,  বুৰঞ্জী পৰম্পৰা অধ্যয়নৰ গভীৰতালৈ লৈ যোৱাত নিশ্চয় প্ৰভাৱ নেপেলোৱাকৈ থকা নাই ৷ কৰঙা গাঁৱৰ এটা চামে মেধি সাতোলা হ'লেও নাম -কীৰ্তন কৰিলেও তাই পৰম্পৰাৰ স্বকীয়তা ৰক্ষা কৰি আছে  ৷
আমি সকলোৱে জানো যে তাইলুঙ তাইখাম বা তাই আহোমসকলৰ এক চহকী ঐতিহ্যৰে পৰিপূৰ্ণ পৰম্পৰা আছিল ৷ কালৰ কুটিল গতিত তাই চাওফা দিনৰ পৰা হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱাৰ ফলতেই আহোম ৰাজত্বৰ বেলি মাৰ গ'ল ৷ অথচ কেৱল মহুঙ চাঙবুন -ম'প্লঙ পণ্ডিতবংশৰ এই ফৈদ লোকে নিজৰ পৰম্পৰা ত্যাগ নকৰি নানান পৰোচনামূলক প্ৰতাৰণামূলক হাৰাশাস্তিৰ সন্মোখীন হৈও তাই ভাষা সংস্কৃতি চৰ্চাৰ ধাৰাবাহিকতা ৰক্ষা কৰি নহাহ'লে তাই আহোম বুলি কোৱাৰ কোনো অস্তিত্বই নাথাকিলে হেতেন ৷ তাই ভাষা সংস্কৃতি বৃহত অসমীয়া ভাষা সংস্কৃতিৰ অংগ স্বৰূপে স্বীকৃতি নাপালেহেতেন ৷ এনে পটভূমিত যিসকল বা যিকেইজন পণ্ডিত বংশৰ সন্ততিয়ে তাই ভাষা সংস্কৃতিক ৰক্ষণাবেক্ষণ দিবলৈ চৰ্চাত আজীৱন আত্মনিয়োগ কৰি অগ্ৰণী ভূমিকা লৈ আহিছে , তাৰ ভিতৰত জোনাৰাম ছাঙবুন ফুকনৰ কৃতিত্বৰ শলাগ লব লাগিব ৷
      তাই ভাষা সাহিত্য,  সংষ্কৃতিলৈ যি অতুলনীয় অৱদান আগবঢ়ালে তাৰ বাবে আমি চিৰ কৃতজ্ঞ ৷ এনে বহুজন সমাজত আছে,  যাৰ শিক্ষা উচ্চ শিখৰত হ'ব পাৰে,  যাৰ ধন ধান ঐশ্বৰ্যৰে জীৱন পৰিপূৰ্ণ হ'ব পাৰে ৷ সেই সকলৰ স্হানতকৈ জোনাৰাম ছাঙবুন ফুকনে অতি অভাৱ অনাটন আৰু অনেক দুৰ্যোগৰ মাজতো যি একমাত্ৰ পুত্ৰক উচ্চ শিক্ষিত কৰি ডেকা কালতে হেৰুৱাইছে অথচ তেনে ক্ষণটো আত্মবল নেহেৰুৱালৈকে তাই ভাষা সংস্কৃতি সংৰক্ষণৰ কাৰণে আত্মত্যাগ কৰি যি মহান আদৰ্শ দেখুৱাই থৈ গৈছে,  ইয়াতৈ স্বজাতি,  স্ব-পৰম্পৰাৰ বাবে ত্যাগৰ অাদৰ্শ কি থাকিব পাৰে ৷ পণ্ডিত জোনাৰাম ছাঙবুন ফুকন সমাজত বহুজন ক্ষমতাশালী,  ঐশ্বৰ্যশালী ব্যক্তিৰ ও উৰ্দ্ধত ৷ আপুনি মহান পণ্ডিত জ্ঞানীৰ ও শ্ৰেষ্ঠ,  স্হিতপ্ৰজ্ঞ ৷ ত্যাগৰ আদৰ্শ তাই সংস্কৃতিৰ জীৱন্ত প্ৰতীক ৷ জাতিটোৰ আদৰ্শ,  আপুনি সঁচাই অতুলনীয় ৷
আপোনাৰ জ্ঞান সাধনাৰ কৰ্মৰাজি,  তাই ভাষাৰ সাঁচিপতীয়া পুথিৰ অনুবাদ,  আহোম পাইমাৰ,  নাঙ্ হুন ফা চকলেঙ বিধি- লিটকাই,  নেওতা পুথি,  প্ৰাৰ্থনা পুথি,  পাতাকা উত্তোলনৰ তাই ভাষাৰ গীত ৰাও জিন ছি হিত ডাই নি',  লাই লুঙ খাম' , নৃত্যৰ গীত,  জনাগাভৰুৰ গীত,  নাঙ্ জয় ছেঙত,  Chao and Tao গৱেষণা গ্ৰন্থ , অ মোৰ আপোনৰ দেশ অসমীয়া জাতীয় সংগীতৰ তাই অনুবাদ,  আহোম প্ৰাইমাৰ,  মোৰ অমৰ জীৱনৰ কবিতা পুথি,  বিভিন্ন দেশী বিদেশী পৰ্যটক আৰু গৱেষক তথা ছাত্ৰ-ছাত্ৰী,  তাই আহোম ভাষা সংস্কৃতিৰ গৱেষক মুখপাত্ৰ ইত্যাদিৰ ওপৰিও তাই আহোম ভাষা সংস্কৃতিৰ গৱেষক মুখপাত্ৰ ইত্যাদিৰ উপৰিও তাই আহোম ছাত্ৰ সন্হাৰো প্ৰতিষ্ঠাপক, 'পূৰ্বাঞ্চল তাই সাহিত্য সভা ' , সদৌ অসম মহন-দেউধাই -বাইলুঙ সন্মিলন,  সদৌ অসম ফুৰা -লুঙ সংঘ, পণ্ডিত পৰিষদ,  তাই সংস্কৃতিৰ সংগ্ৰহ,  সংৰক্ষণ,  প্ৰদৰ্শন আৰু বিকাশৰ বাবে অসম তাই যাদুঘৰ, শিৱসাগৰ আদি অনেকবোৰ অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ আছিল ৷ পাটসাঁকো কেন্দ্ৰীয় তাই বিদ্যালয়ত শিক্ষকতা কৰি ৪০ বছৰ যুৱ প্ৰজন্মক যি পথ প্ৰদৰ্শন কৰিলে সি জাতিটোৰ বাবেই চিৰস্মৰণীয় হৈ ৰ'ব ৷ আপুনি 'কেৱল মতাকুকুৰা ' পৰিয়ালৰে নহয়,  আপুনি মহুঙ ছাঙবুন ম'প্লঙৰে নহয় আপুনি সমগ্ৰ তাই লুঙ তাই খামেৰে আদৰ্শ আৰু গৌৰৱৰ প্ৰতীক ৷ আপোনাৰ জ্ঞানৰ মহিমাৰে আপোনাৰ হৃদয়ৰ উপলব্ধিয়ে আপোনাৰ মুখৰ পৰা প্ৰকাশ পোৱা ব্যাকফাঁকি ' কিৱ প্ৰকৃতিৰ ছন্দই মানৰ প্ৰকৃতিৰ ছন্দ ৷' এই বাক্যফাঁকিতেই নিহিত হৈ আছে ফুৰালুঙ সৃষ্টি তত্ব দৰ্শনৰ প্ৰকৃতৰূপ ৷ মহাপ্ৰকৃতি আৰু মানৱৰ সম্পৰ্ক সমন্ধই ফুৰালুঙ পৰম্পৰা ৷ যিটো কাৰণতে তাইসকলে পিতৃপিতামহ উপৰি পুৰুষৰ বন্দনা আৰু মহা প্ৰকৃতি সৌৰমণ্ডলত তথা মহাশূন্যৰ বাহিৰে কোনো ভাৱবাদী দৰ্শনৰ ইশ্বৰ,  দেৱ দেৱতাৰ বন্দনা নকৰে ৷ প্ৰকৃতি আৰু মানুহ ইয়েই বাস্তৱ ৷ প্ৰাকৃতিক ধৰ্ম ৷ যাৰ উৰ্দ্ধত কোনো ধৰ্ম নাই  ৷ আজিৰ বিশ্বত ধৰ্ম নামৰ কু- সংস্কাৰৰ ব্যাধিৰ পৰা মুক্তি লাভৰ ফুৰালুঙ পৰম্পৰাই একমাত্ৰ বাস্তৱ আৰু বিজ্ঞান সন্মত পথ ৷এই পৰম্পৰা উপলব্ধিৰে পালন কৰিলেহে আপোনাক প্ৰকৃততে শ্ৰদ্ধা কৰা হ'ব ৷