মুগাৰ সোণালী সূতাৰ আঁহৰ ভাঁজে ভাঁজে আহোমৰ গৌৰৱ: গৌৰৱ ৰক্ষাত নৱ প্ৰজন্মৰ আৰ্দশৰ প্ৰয়োজনীয়তা ණ...চাও বিতু বৰা, সোণাৰী



           আদিম পৃথিৱীত মানুহে লাজ চিনি পাবৰ দিনৰ পৰা লজ্বা  নিবাৰণৰ কাৰণেই   কাপোৰ আবিষ্কাৰ হ'ল।তেতিয়াৰ পৰা কাপোৰ মৌলিক প্ৰয়োজনৰ পৰা লাহেকৈ মানৱ সভ্যতাৰ বিকাশৰ লগে লগে এদিন এক জনসমষ্টিৰ পৰিচয় হৈ পৰিল; হৈ পৰিল সংস্কৃতিৰ এক এৰাব নোৱাৰা অংশ । আজি পৃথিৱীৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ নিজা স্বকীয় বৈশিষ্ট্য সমৃদ্ধ পৰম্পৰাগত সাজপাৰ আছে ৷ এই সাজযোৰে জাতিটোৰ ৰূচিবোধ আৰু সৌন্দৰ্য‍্যবোধৰ পৰিচয় দিয়ে। এটা জাতিৰ সংস্কৃতি, পৰম্পৰা; জাতিটোৰ জনজীৱন, বাস কৰা ঠাইৰ প্ৰাকৃতিক উপাদানৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। সেইদৰে সংস্কৃতিৰ অনবদ্য অংগ জাতীয় সাজযোৰৰ ওপৰতো থলুৱা ভাৱে উৎপাদন কৰিব পৰা বা আহৰণ কৰিব পৰা কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ স্বৰুপে কোনো অঞ্চলত কপাহৰ উৎপাদন বেছি হ'লে সেই ঠাইৰ লোকৰ থলুৱা সাজযোৰ নিশ্চিত ভাৱে কপাহৰ পৰা উৎপাদিত হব লাগিব। সেইদৰেই অসমীয়াৰ প্ৰাণৰো আপোন মুগাৰ সাজযোৰে অসমৰ গৌৰৱময়  মুগা পালনৰ কথাকে আঙুলিয়াই দিয়ে। পিছে অসমীয়া জাতি কোনো গাইগুটিয়া এখিনি মানুহৰ পৰা সৃষ্টি হোৱা নাই। ৰামধেনুৰ দৰেই বহুতো জনগোষ্ঠীৰ মিলনৰ ফলতহে অসমীয়া জাতিৰ সৃষ্টি হৈছে। অসমীয়া জাতিত সোমাই থকা জনগোষ্ঠীসমুহলৈ লক্ষ্য  কৰিলে দেখা যায় টাই আহোম সকলৰ বাদে আন কোনো জাতিৰ মুগাৰ সৈতে পৰম্পৰাগত সম্পৰ্ক নাই, কাৰণ টাই আহোমৰ পৰম্পৰাগত সাজযোৰো মুগাৰে। মুগা পলু যাক টাই আহোমৰ ভাষাত কিপ মৌঙ বোলা হয়, ইয়াৰ  পালন আহোমৰ ধান খেতিৰ দৰেই এক পৰম্পৰাৰ দৰে অতীজৰ পৰা চলি আহিছিল, ইয়াৰ সঁচ অসমলৈ চাও লুঙ  ছ্যুকাফাৰ নেতৃত্বত আহোমসকল আহোতেই লগত লৈ আহিছিল। সৌ তাহানি প্ৰায় ২৭০০ খৃষ্টপূৰ্বতে চীন দেশত ৰেচম শিল্পৰ প্ৰমাণ পোৱা যায় ৷  সেই সময়লৈকে আন কোনো দেশতে ৰেচম শিল্পৰ প্ৰচলন নাছিল। চীন দেশত সম্ৰাট হোৱাং টিৰ সম্ৰাজ্ঞী ছি-লিং-চিয়ে(Si-ling-chi) ৰেচম পলুৰ পালন আৰু তাৰ পৰা সূতা উৎপাদনৰ পদ্ধতি উদ্ভাৱন কৰিছিল। সেয়াই আছিল হয়তো ৰেচম শিল্পৰ প্ৰথম আৰম্ভণি । কিন্তু ৰেচম উৎপাদনৰ এই পদ্ধতি কেৱল চীনা সকলৰ মাজতে আৱদ্ধ কৰি ৰখা হৈছিল, যদি সেইসময়ত পলুৰ সঁচ কোনোবাই চীনৰ পৰা বহিঃ ৰাজ‍্যলৈ নিয়াৰ প্ৰমাণ পায়, তেওঁক ফাঁচী দি হত্যা কৰি শাস্তি বিহা হৈছিল। পিছত  দুজন ইউৰোপীয় সন‍্যাসীয়ে ৰেচম পলুৰ কণী আৰু নুনী গছৰ গুটিৰ সঁচ হাতৰ লাখুটিত লুকুৱাই লৈ যায়। যাৰ ফলত ইউৰোপীয় দেশ সমূহতো ৰেচম শিল্পৰ আৰম্ভণি ঘটে।  নুনী গছৰ সঁচ নিয়ালৈ লক্ষ্য  ৰাখি  অনুমান কৰিব পাৰি যে সেয়া কেৱল পাট পলুৰ সঁচ আছিল, অৰ্থাৎ চীনা সকলেও সম্পূৰ্ণ কৈ ঘৰচীয়া নোহোৱা মুগা ৰেচম পলুৰ পালন কৰা পদ্ধতিৰ সৈতে চিনাকি নাছিল। চীনৰ পাছত প্ৰথমে ইউৰোপ , আৰু অন্যান্য দাঁতিকাষৰীয়া দেশ জাপান, কোৰিয়া আৰু লাহেকৈ ভাৰতলৈ ৰেচম শিল্পৰ প্ৰভাৱ পৰে । এটা সময়ত ইউৰ-এছীয় সংযোগী ছীল্কৰ'ডে চীন আৰু ইউৰোপৰ দেশৰ মাজত হোৱা ৰেচমৰ ব‍্যৱসায়ৰ স্বাক্ষৰ বহন কৰি আহিছে।  পিছে কিছুমানৰ মহাভাৰতৰ গইনা লৈ সৰ্বপ্ৰথমে ভাৰতত ৰেচম শিল্পৰ উদ্ভাৱন হৈছিল বুলি কৰা দাবী কেবল সৰু লৰাৰ জেদৰ বাদে একো নহয়। মহাভাৰতৰ পৌৰাণিক কাহিনীত ৰেচম কাপোৰৰ ব‍্যৱহাৰৰ কথা উল্লেখ আছে যদিও সেই সময়ত ৰেচম কাপোৰ ভাৰতলৈ চীনৰ পৰা আমদানি কৰা হৈছিল। এইদৰে বহুজনে বিভিন্ন মত আৰু বিভিন্ন সময়ৰ উল্লেখ কৰে, পিছে গ্ৰহণযোগ্য হয় বুলি কব নোৱাৰি।এই কাপোৰৰ মূল্য বেছি হোৱাৰ বাবে কেৱল সম্ভ্ৰান্ত লোকৰ শৰীৰতহে শোভা বৰ্ধন কৰিছিল। কেৱল ব‍্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ৰেচম শিল্পৰ প্ৰচলন ভাৰতত আগৰ পৰা আছিল বুলি কলে হয়তো ভুল হব। মূখ‍্যকৈ কপাহৰ পৰা উৎপাদিত কাপোৰৰ প্ৰচলন থকাৰ কথাহে উল্লেখ পোৱা যায়, তাতোকৈ ডাঙৰ কথা যে প্ৰথম বেজিৰ ব‍্যৱহাৰ ভাৰতলৈ চীনৰ পৰাই আহিল তাৰ পিছতহে চিলাই কৰা কাপোৰ পিন্ধিবলৈ শিকিলে । পিছে ভাৰতত ৰেচম শিল্পৰ প্ৰচলনৰ কথা বাদ দি আমি অসমলৈ লক্ষ‍্য কৰিলে দেখো যে মুগা ৰেচম পলুৰ পালন আৰু তাৰ পৰা সুতা কাটি কাপোৰ বোৱাৰ পদ্ধতি আহোমৰ দ্বাৰা উদ্ভাৱিত, কাৰণ চীন দেশত তেতিয়া ছি-লিং-লিয়ে আৰম্ভ কৰা ৰেচম শিল্পত কেৱল পাট পলু (Bombyx mori) প্ৰজাতিৰ হে পোহা হৈছিল। ইয়াক অথৱা তাৰেই একে বৰ্গ(Family) Bombicydae  ৰ পলু আজি বিশ্বতে পোহা হয় যিহেতো ইয়াক ঘৰচীয়া নিয়ন্ত্ৰিত পৰিৱেশত পুহিব পাৰি। পিছে কেৱল উত্তৰ পুৰ্বাঞ্চলৰ মূখ‍্যকৈ অসমত লগতে বৰ্তমান মিজোৰাম, মেঘালয়ত আৰু নাগালেণ্ডতো  পোহা মুগা পলুৰ( Antheraea assamensis) অন‍্য পৰিৱেশ অনুকূল নহয়, আৰু সম্পূৰ্ণ ঘৰচীয়া নোহোৱা বাবে ইয়াৰ পোহাৰ পদ্ধতিও পাট পলুতকৈ বেলেগ। অতীতৰ অসমৰ জাতিসমুহৰ সংস্কৃতি পৰম্পৰালৈ লক্ষ্য কৰিলে মুগা পালনৰ আৰম্ভণি আহোমেই কৰিছিল সেয়া নিঃশ্চিত কাৰণ অতীতত অন‍্য জাতিৰ মাজত ৰেচম শিল্পৰ প্ৰচলনৰ কথা ক'তো পোৱা নাযায় । আহোমৰ বাদে অসমৰ কোনো জাতিৰে পৰম্পৰাগত সাজত মুগাহে নালাগে অইন ৰেচমী কাপোৰৰ প্ৰমাণ নাই  ।  লগতে মুগা লেটা আহোমৰ প্ৰিয় খাদ্য হোৱাৰ হেতু লক্ষ‍্য ৰাখি কথাষাৰত আৰু যোৰ দিয়াৰ থল পাওঁ। বুৰঞ্জীবিদ চাও নগেন্দ্ৰনাথ হাজৰিকাদেৱে অজগৰ বুৰঞ্জীত চোম গছত মুগা পোহাৰ পৰম্পৰা চীন দেশৰ য়ুনান প্ৰদেশৰ যি ঠাইৰ পৰা আহোম সকল আহিছিল আৰু ম‍্যানমাৰত আছিল বা এতিয়াও আছে বুলি কৈছে। চীন দেশৰ সংস্পৰ্শত থকা টাইসকলৰ মাজত আগৰেপৰা ৰেচম শিল্পৰ প্ৰচলন থকাতো কোনো ডাঙৰ কথা নহয়। বিভিন্ন ঠাইত বিভিন্ন ৰেচম পলুৰ পোহাৰ দৰে টাই আহোম সকলৰ মাজত নিজা পদ্ধতিত মুগা পলুৰ পালন কৰাটো আচৰিত কথা নহয়।
        এসময়ৰ আহোম সমাজৰ অবিছেদ‍্য অংগ মুগা পালন সময়ৰ লগে লগে বিলুপ্তিৰ পথলৈ আগ বাঢ়িল। বিভিন্ন কাৰণ বশত , পৰিস্থিতিৰ মেৰ পাকত পৰিও হয়তো এইবোৰলৈ পিঠি দিয়া হ'ল। মূগা কাপোৰৰ ঠাইত কপাহী কাপোৰ পিন্ধিবলৈ ললে। যিহেতু গছ মুগা পুহিলে মানুহজন প্ৰায় তাৰ লগতে ব‍্যস্ত থাকিব লগা হয়। হয়তো সকামৰ মাহ প্ৰসাদৰ সোৱাদ ভাল পাই এইবোৰ কামলৈ পিঠি দিলে। কেইবছৰ মান আগলৈ গাঁৱৰ প্ৰত‍্যেক ঘৰতে বাকী নহ'লেও এৰি পলু হলেও পুহিছিল মহিলা সকলে । পিছে সময়ৰ পাকচক্ৰত পৰি আজি সেয়াও নাইকিয়া হ'ল। আজি কাৰোবাৰ ঘৰত হাতেৰে সুতা কাটি বোৱা এৰি চাদৰ বা মুগাৰ ৰিহাই হ‌ওক বা মেখেলাই হ‌ওক পোৱাটো বৰ টান। আজিৰ প্ৰজন্ম‌ই মুগাৰ  সুতা ক'ৰ পৰা ওলায় তাকো নাজানে ৷ প্ৰকৃতিৰ এই অপূৰ্ব দান, এটি মাথো পোকৰ লেলাৱতিয়ে অতি নিপুণভাৱে নিৰ্মাণ কৰা বাহটোৰ পৰাই যে অসমৰ গৌৰৱ মুগাৰ কাপোৰৰ সোণোৱালী আহঁ ওলায় সেয়া বহুতৰ বাবে অজ্ঞাত। আজি হয়তো নৱপ্ৰজন্ম‌ই মূগা কি চিনি নাপাই দেখিলেও হয়তো ছিঃ পোক বুলিহে ঘিণ কৰিব। সময় সলনি হৈছে ,  সকলোফালে কেৱল প্ৰতিযোগিতাৰ বতাহ বলিছে,  সকলোৱে কেৱল আনতকৈ কিমান অত‍্যাধুনিক ভাৱে আগবাঢ়ি যাব পাৰে তাক লৈ হে ব‍্যস্ত । প্ৰতিযোগিতাৰ এই লৰা ঢপৰাৰ মাজত পুৰণি কিছুমান বস্তু বাদ পৰি ৰৈ গৈছে। মানুহৰ এয়াইতো প্ৰবৃত্তি পুৰণি ক এৰি নতুনক আদৰাৰ আখৰা। পিছে জীৱন যুজঁত নিজকে জীয়াই ৰাখিবলৈ কৰা এই প্ৰতিযোগিতাত প্ৰতিযোগী অধিক  , পুৰস্কাৰ কম। এনে এক সময়ত সকলোৱে কেৱল চাকৰিৰ পিছত ঘুৰি ফুৰিছে কিন্তু এবাৰো নিজে স্বাৱলম্বী হোৱাৰ কথা ভাৱিলেনে? আজি অসমৰে গৌৰৱ ৰেচম শিল্পৰ লগত জড়িত মুগা পালনৰ দ্বাৰা আমি নিজক স্বাৱলম্বী কৰি তুলিব পাৰো। আজি চাবলৈ গ'লে অসমত এই শিল্পৰ চাকিগছি ঢিমিক ধামাক কৈ হে জ্বলি আছে । কাৰণ যিহেতু মুগাৰ আজি গৃহভুমি বুলি কোৱা অসমখনত পৰ্যাপ্ত পৰিমাণৰ উৎপাদন নাই। যি কাপোৰে আজি বিশ্বতে  সমাদৰ লাভ কৰাৰ সময়ত ইয়াৰ উৎপাদন যি হাৰত হব লাগিছিল সেই হাৰত হোৱা নাই। প্ৰকৃতিৰ এনে অৱদান যিটো কেৱল আমাকহে দিছে তাৰ উপযুক্ত ব‍্যৱহাৰ কৰিব নোৱাৰাটো আমাৰ বিফলতা। বিশেষকৈ আহোমসকল যাৰ মুগাৰ হৈতে পুৰণি চিনাকি; তেওঁলোকে নিজৰ এই পুৰণি পৰম্পৰা ধৰি ৰাখি মুগা কাপোৰক বিশ্বৰ সকলোতে চিনাকি দিয়াৰ প্ৰয়োজন বুলি অনুভৱ হয়। হয়তো মুগাৰ দৰে উন্নত মানৰ কাপোৰ পোৱাটো বহুত কঠিন হব, কাৰণ ইয়াৰ দৃঢ়তা আন ৰেচম সুতাতকৈ বেছি ,লগতে  কোনধৰণৰ পাত খাবলৈ দিয়া হৈছিল তালৈ লক্ষ‍্য ৰাখি ইয়াৰ এক সুগন্ধ‌ও থাকে। মুগাই  চোম গছ (Persea bombycina ,যাক টাই ভাষাত তুন্ মুঙ্ ছি বোলা হয় ), হোৱালু(Litsea monopetala), দীঘলতী(Litsea salicifolia,  যাক টাই ভাষাত তুন মা ফিক্ বোলা হয়), মেজাঙ্কৰী (Litsea citrate ,টাই ভাষাত তুন মে জাঙ্; এই পাত খোৱা পলুৰ পৰা পোৱা সুতা আনবোৰতকৈ উন্নতমানৰ হয়) আদি গছৰ পাত খায়‌। ৰেচম শিল্প বা উদ‍্যোগ এক কৃষিভিত্তিক উদ‍্যোগ অসমত এনে উদ‍্যোগৰ বিকাশৰ সম্ভাৱনা আছে যদিও ইয়াৰ প্ৰতি জনসাধাৰণেই হ‌ওক বা চৰকাৰৰেই অন‍্যমনস্কতাৰ কাৰণে শেষ হৈ গৈছে। আজি হয়তো অসমৰ সেৰেঙাকৈ দুই এখন ঠাইত চৰকাৰী চোমনি থকাৰ লগতে যি কেইখন ব‍্যক্তিগতভাৱে সৰুকৈ হলেও চোমনি আছে তাৰ পৰা উৎপাদিত মুগা সুতা পৰ্যাপ্ত নহয়। থকা কেইখনতো যি ধৰণে ব‍্যৱহাৰ হব লাগে হোৱা নাই , ইয়াৰ বৃহৎ মাটিকালিৰ সৰহ অংশ অযথা পৰি থাকে। গতিকে কেৱল চাকৰিৰ পিছত দৌৰ নামাৰি পৃথিৱীৰ আন ঠাইত কৰা পাট পলুৰ বা নুনী মুগাৰ দৰে আমিও অসমত বিজ্ঞানসন্মত পদ্ধতিৰে উপযুক্ত প্ৰশিক্ষণ ৰ দ্বাৰা চোম মুগাৰ পালন কৰিলে নিজকে স্বাৱলম্বী কৰাৰ লগতে ৰাজ‍্যখনৰ অৰ্থনৈতিক উন্নয়ন আৰু জাতিৰ পৰিচয়ক আৰু উজলাই তুলিবলৈ সক্ষম হম।
ৰেচম শিল্প‌ বিশেষকৈ নাৰীক অৰ্থনৈতিভাৱে সৱল কৰাত সহায়ক হব পাৰে , যিহেতু ,অন‍্য কৃষিভিত্তিক উদ‍্যোগতকৈ    বিশেষ কষ্টকৰ শাৰীৰিক পৰিশ্ৰমৰ  প্ৰয়োজন নথকা  এইক্ষেত্ৰত নাৰীৰ সংস্থাপনৰ সম্ভাৱনা অধিক। আহোমৰ নাৰী অতীততেও পুৰুষৰ তলত নাছিল, সামাজিকেই হ‌ওক ঘৰুৱাই হ‌ওক ক'তো পিছ পৰা নাছিল, আজিও সেই একে আদৰ্শৰে আগবাঢ়ি আহি নিজকে স্বাৱলম্বী কৰাৰ লগতে দেশ, জাতিৰ উন্নতিত হাত উজান দিয়ক। গতিকে প্ৰতিডাল আহঁৰ মাজে মাজে আহোমৰ স্বাভিমান , পৰিচয় বান্ধ খাই থকা মুগা সুতাক জীয়াই ৰাখি লাগিব, চিনাকি কৰি দিব লাগিব বিশ্বক , লগতে সময়ৰ সৈতে খাপ খোৱাই নিজেও আগুৱাই যাব লাগিব। যদিহে কোনো কামৰ দ্বাৰা নিজৰ উপকাৰ হোৱাৰ লগতে  জাতিকো উজলোৱাৰ সুযোগ পাওঁ তেনে সুযোগক আমি গ্ৰহণ কৰা উচিত।