কোচ-ৰাজবংশীয় আন্দোলনৰ যুক্তি-যুক্ততা আৰু তাৰ প্ৰাসংগিকতা ණ ...মিতালী ভট্টাচাৰ্য, বৰপেটা ৰোড



অসম অতীতৰ  এখন স্বাধীন সাৰ্বভৌম ভুখণ্ডৰ সৈতে এক গৌৰৱোজ্জ্বল ইতিহাসৰ প্ৰত্যক্ষ প্ৰমান স্বৰুপ ৷ প্ৰায় ছশ বছৰীয়া  আহোম সকলৰ শাসন ব্যবস্থাই অসম ভুখণ্ডক স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিচিত কৰাই আহিছে ৷ এই সময়ছোৱাত ইয়াত বসবাস কৰা বিভিন্ন জাতি—জনজাতি— জনগোষ্ঠীৰ  ভাষা, ৰীতি -নীতি, পৰম্পৰাৰ পৰিচয়ে এক উমৈহতীয়া  ৰুপ পৰিগ্ৰহন কৰি সমন্বয় আৰু সংমিশ্ৰন প্ৰক্ৰিয়াৰ সহায়েৰে এক বৃহত্তৰ অসমীয়া জাতি গঠনৰ পথ প্ৰশস্ত  কৰি তুলিছিল ৷ এই ছশ বছৰীয়া আহোম শাসনৰ কালছোৱাই হ'ল  বৃহত্তৰ অসম ভুখণ্ডৰ সাৰ্বভৌমত্ব আৰু ইয়াৰ এক অনন্য স্বকীয় পৰিচয় নিৰুপনৰ ঐতিহাসিক দলিল স্বৰুপ ৷
" আহোম ৰাষ্ট্ৰই  এক সুস্থিৰ ভুখণ্ড , স্থায়ী  কৃষি পদ্ধতি আৰু নিয়মিত সৈন্যবাহিনীয়ে  প্ৰদান কৰা সুৰক্ষাৰ সৈতে ভবিষ্যত অসমীয়া জাতিসত্তাৰ ক্ষেত্ৰ প্ৰস্তুত কৰিছিল  .... " ( অসমীয়া জাতিগঠনৰ প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীয়  অনুষ্ঠান সমুহ—  পৃষ্ঠা—  19)

" 1228 খৃীষ্টাব্দত   প্ৰব্ৰজিত হৈ অসমৰ সৌমাৰ পীঠত  থিতাপি লোৱা মংগোলীয় মুলৰ টাই সকলে অসমত আহোম নামেৰে পৰিচয় লৈ স্বাধীন অসমৰ 600 বছৰীয়া গৌৰৱপূৰ্ণ ইতিহাস ৰচনা কৰিছিল ৷ তেওঁলোকে এই ভুখণ্ডলৈ প্ৰব্ৰজিত হোৱাৰ আগত ইয়াত মংগোলীয় মুলৰ বড়ো -কছাৰী,  মৰাণ - মটক,  চুতীয়া -দেউৰী ,  কোচ - ৰাভা,  বৰাহী, তিৱা,  অষ্ট্ৰিক মুলৰ খাচী -জয়ন্তীয়া,  কাৰ্বি আদি জনগোষ্ঠীয়ে নিজা নিজা ক্ষেত্ৰত পৰম্পৰাগত বাবে স্বাধীন আছিল আৰু তেওঁলোকৰ লগতে আছিল আৰ্যমুলৰ লোক সকলো ৷ এই সকলোবোৰ জাতি - জনগোষ্ঠী ঐক্য আৰু সমন্বয়ৰ ভিত্তিত আহোম সকলে সাৰ্বভৌম অসমৰ সুত্ৰপাত ঘটাইছিল ৷ আহোম শাসনৰ নেতৃত্বতেই গঠিত হৈছিল সকলোৰে উমৈহতীয়াপৰিচয় আৰু ভাষা ...... (  অন্তৰীণত জোনাকী দিনৰ সন্ধান,  পৃষ্ঠা —  21)

আহোম শাসনৰ শেষৰ পৰ্যায়ত ইয়াৰ আভ্যন্তৰীণ সংঘাত আৰু শাসক সকলৰ দুৰ্বলতাৰ সুযোগতে মান সকলৰ অসম সাৰ্বভৌমত্বৰ ওপৰত সনা  তীব্ৰ আঘাতে প্ৰকাৰন্তৰে ইংৰাজ সকলৰ আগমনে ইয়াৰ একতাৰ ভেটি  খন  দুৰ্বল কৰি পেলালে ৷ বিজয়ী জাতি হিচাপে পৰিচয় লাভ কৰা আহোম শাসকৰ মাজত স্বৰ্গদেউ  চুকাফাই ৰাজনৈতিক আৰু গনতান্ত্ৰিক চেতনাবোধৰ পৰিচয়  প্ৰদান কৰি সকলো থলুৱা স্বাধীন জাতি জনগোষ্ঠীবোৰক একাত্ম কৰি বৃহত্তৰ জাতি গঠনৰ পথ মুকলি কৰিছিল ৷ কিন্তু পিছৰ পৰ্যায়ত শাসক সকলৰ সামন্তবাদী শাসন ব্যবস্থা, শ্ৰম নিৰ্ভৰ পাইক প্ৰথা আদিয়ে সাধাৰন শ্ৰেনীৰ জনতাৰ মনত  অন্তসলিলা ফল্গু ধাৰাৰ দৰে ক্ষোভ  আৰু অসন্তুষ্টিৰ বীজ ৰোপন কৰিলে ৷ 1767 চনত প্ৰৱল প্ৰতাপী, চিৰ বিজয়ী আহোম শাসনৰ বিৰুদ্ধে প্ৰথমটো প্ৰজা বিদ্ৰোহ সংঘটিত হয় ৷ বিভিন্ন ৰাজনৈতিক পৰিবৰ্তন, বিবৰ্তনৰ যোগে এই সাৰ্বভৌম  আহোম সম্ৰাজ্য 1826 চনত ইয়াণ্ডাবু  সন্ধিৰ চৰ্ত অনুসৰি বৃটিছ  শাসক গোষ্ঠীৰ  হাতত পৰে ৷ এই বৃটিছ  সম্ৰাজ্যভাগী শক্তিটোৱে ৰাজ্য খনৰ দাঁতি কাষৰিয়া  অঞ্চলবোৰো পৰ্যায় ক্ৰমে নিজৰ শক্তিৰ অধীনত লৈ আনে ৷ চুক্তি সাক্ষৰ হোৱাৰ পিছতেই অসমৰ ভৈয়াম অংশ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে  নিজৰ অধীন কৰাৰ পিছত পশ্চিম অংশত অৱস্থিত  গোৱালা পাৰা জিলা খনো অসমৰ লগত চামিল কৰে ৷  এই খিনিকে মন কৰিবলগীয়া  যে 1765 চনতেই বৃটিছে  গোৱালপাৰা দখল কৰি বংগদেশৰ ৰংপুৰ জিলাৰ সৈতে সংলগ্ন কৰিছিল ৷ বৃটিছ  কোম্পানীয়ে 1822 চনত গাৰো পাহাৰ অঞ্চলটিক গোৱালপাৰাৰ লগত সংযোগ ঘটাই এখন নতুন জিলা গঠন কৰে ৷ ইয়াণ্ডাবু  সন্ধি (1826)  ৰ পিছতেই সমগ্ৰ অসম খনক অধিগ্ৰহন কৰি তাৎক্ষণিক  ভাবে গোৱালপাৰাক অসমৰ লগত সংযোগ কৰে ৷ গোৱালপাৰাৰ পিছতেই 1832 চনত অসমৰ কাছাৰ  জিলাক বৃটিছে  অধিগ্ৰহন কৰে ৷ 1853 চনত কাছাৰ ক বৃটিছে  বংগদেশৰ ঢাকা সংমণ্ডলৰ লগত সংযোগ কৰিছিল ৷ 1866 চনত ইংগো - ভুটান  যুদ্ধৰ  পিছত ভুটানৰ নামনি অঞ্চল সমুহ অধিগ্ৰহন কৰি গোৱালপাৰা  জিলাৰ লগত সংলগ্ন কৰে  আৰু 1867 চনত জিলাখন বংগৰ নৱগঠিত কোচবিহাৰ সংমণ্ডলৰ অন্তভুক্ত  কৰে ৷ পাহাৰীয়া  অঞ্চল সমুহ লৈ গঠন কৰিলে গাৰো পাহাৰ জিলা ৷ 1874 চনত গোৱালপাৰা আৰু কাছাৰক পুনৰ অসমত চামিল কৰোৱা হয় ৷

বৃটিছে  অসম সহ উত্তৰ পূৰ্বৰ বিভিন্ন অঞ্চল সমুহ দখল কৰি বিভিন্ন ধৰনৰ আইন আৰু বিধি প্ৰবৰ্তন কৰি সেইবোৰৰ সংহত কৰণৰ  পদক্ষেপ  লৈছিল ৷ স্বাধীনতাৰ লাভৰ পিছত বিভিন্ন জাতি -উপজাতি  -জনগোষ্ঠীৰে পৰিপূৰ্ণ বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো এক জটিল পথেদি গমন কৰিছে ৷ কেইবাশ বছৰ জোৰা ৰাজনৈতিক, সামাজিক বিবৰ্তৰ ফলতহে জাতিটোৰ  একত্ৰীকৰণ  আৰু পিছত ভাষিক একত্ৰীকৰণ  সংগঠিত  হৈছিল ৷ অসমীয়া ভিত্তিক জাতীয়তাবাদী  ধ্যান ধাৰনায় ৰাজ্যখনৰ  জনজাতি -জনগোষ্ঠীৰ স্বকীয় ভাষা পৰম্পৰা আদিক গৌণ  কৰি পেলাইছিল  ৷

 যিটো জনজাতীয় ভাষা ভাষীৰ লোক সকলৰ বাবে মুঠেও আশাপ্ৰদ নাছিল ৷ তেওঁলোকৰ স্বতঃস্ফুৰ্ত  অংশগ্ৰহণৰ ব্যতিৰেকে এই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো এক আৰোপিত প্ৰক্ৰিয়া স্বৰুপেহে চিহ্নিত হ'ল   ৷ একপক্ষীয়  ভাবে জাপি দিয়া এই অসমীয়াকৰণ প্ৰক্ৰিয়া পুৰ্ণতা পোৱাৰ আগতেই ভাঙোনৰ সৃষ্টি হ'ল ৷ লাহে লাহে বৰ অসমখন ভাঙি টুকুৰা টুকুৰ হৈ পৰিল ৷ জনজাতি কৰণৰ দাবী, ষষ্ঠ  অনুসুচিত  অন্তভুক্তৰ দাবী,  পৃথক ৰাজ্যৰ দাবী আদিৰ ৰুপত জনগোষ্ঠীয়  আন্দোলন সমুহ উগ্ৰতৰ ৰুপ ধাৰন কৰিলে ৷ শেষতীয়া কৈ তীব্ৰতৰ হোৱা এই আন্দোলনৰ এক ৰুপ হল কোচৰাজবংশীৰ পৃথক কামতাপুৰৰ দাবী ৷ তেওঁলোকৰ সংগ্ৰামী ইতিহাসত ভুমুকি মাৰি তেওঁলোকৰ ক্ষোভ-অসন্তুষ্টি আৰু অভিযোগ আপত্তি আদি যুক্তি সহকাৰে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ৷  এজন সজাগ সচেতন অসমীয়া হোৱাৰ দাবীত মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই কোচ ৰাজবংশী  সকলৰ পৃথক ৰাজ্যৰ দাবীৰ যুক্তি যুক্ততা আৰু তাৰ ফলাফল সমুহ ফঁহিয়াই  চোৱাৰ প্ৰয়াস কৰিছো ৷

পশ্চিমবংগ আৰু অসমৰ কেইখনমান জিলাক সামৰি লৈ বৃহত্তৰ  কামতাপুৰ নামেৰে এখন সুকীয়া ৰাজ্য গঠনৰ দাবী লৈ সুদীৰ্ঘকাল  ধৰি দুয়োখন ৰাজ্যতে চলা তীব্ৰ আন্দোলনে সময়ে সময়ে ৰাজ্য দুয়োখনতেই অচলাৱস্থাৰ সৃষ্টি হয় ৷ এই আন্দোলনৰ প্ৰাণকেন্দ্ৰ  হ'ল  উত্তৰবংগ  ৷ নবৈ দশকত ৱকামতাপুৰ পিপুলচ পাৰ্টি ( কে পি পি) ,  কামতাপুৰী ছাত্ৰসন্থা ( কে এছ ইউ)  আদি সংগঠনে আৰম্ভ কৰা এই আন্দোলন অসমৰ কোচৰাজবংশী সকলেও সমৰ্থ জনাই আহিছে ৷সদৌ অসম কোচৰাজবংশী  ছাত্ৰসন্থাই ( আক্ৰাছু )  ৰ নেতৃত্বত এই সুকীয়া কামতাপুৰ ৰাজ্যৰ দাবীত সময়ে সময়ে গোটেই অসমত আন্দোলনৰ তীব্ৰ  কাৰ্যসুচী ৰুপায়িত কৰা হৈ আছে ৷ ইয়াৰ সামন্তৰাল  ভাবে অসমৰ কোচৰাজবংশী  জনগোষ্ঠীয় লোকসকলেও অনুসুচিত জনজাতিৰ তালিকা ভুক্তকৰণৰ প্ৰসংগটো  ও তীব্ৰ বাবে উপস্থাপন কৰা দেখা যায় ৷ নবৈৰ দশকত এই আন্দোলনে নতুন ৰুপ পৰিগ্ৰহন কৰে যদিও এই কামতাপুৰ ৰাজ্যৰ দাবীৰ ইতিহাস বহু পুৰনি ৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পুৰ্বৰে পৰাই এই দাবী উত্থাপন হৈ আহি আছে ৷ ইযাৰ ইতিহাস অনুসৰি স্বাধীনতা লাভ কৰাৰ পুৰ্বেই যোগেন্দ্ৰনাথ  মণ্ডল  নামৰ অবিভক্ত  বংগৰ এজন লোকে ৰাজবংশী সকলৰ বাবে " ৰজাৰ স্থান " নামেৰে সুকীয়া এখন ৰাজ্যৰ দাবী তুলিছিল ৷ তেওঁ আশংকা কৰিছিল যে বংগ বিভাজন হলে হিন্দু আৰু মুছলমান সকলৰ দ্বাৰা তেওঁলোক অবদমিত হব ৷ স্বাধীনতাৰ ঠিক পিছতেই  1954 চনত গোৱালপাৰা , গাৰো  পাহাৰ,  কোচবিহাৰ, দাৰ্জিলিং আৰু জলপাইগুৰিক লৈ কামতাপুৰ ৰাজ্য গঠনৰ দাবী উত্থাপিত হয়   1969 চনত গঠন হোৱা উত্তৰ খণ্ড দল (ইউ কে ডি)  নামৰ সংগঠনটোৱে ৰাজবংশী সকলৰ বাবে কামতাপুৰ অথবা উত্তৰ খণ্ড নামেৰে এখন সুকীয়া ৰাজ্যৰ দাবী কৰে ৷

পৰবৰ্তী পৰ্যায়ত কামতাপুৰ ৰাজ্য গঠনৰ দাবী লৈ বহু কেইটা ৰাজনৈতিক দল অসমত গঠন হ'ল ৷ 1969 চনতে গোৱালপাৰা ত গঠন কৰা হৈছিল " কামতা ৰাজ্য সংগ্ৰাম পৰিষদ " ( কে আৰ এছ পি) ,  1987 চনত কোচৰাজবংশী সকলৰ বাবে পৃথক ৰাজ্যৰ  দাবী লৈ গঠন হৈছিল " কামতাপুৰ গণ পৰিষদ " ৷ 1996 চনত এই দলটোৱেই " কামতাপুৰ পিপলচ পাৰ্টি  "  বা কে পি পি নামেৰে পুনগঠিত  কৰা হয় ৷ শেষতীয়াকৈ  গঠিত এই কে পি পি ৰ প্ৰস্তাৱিত কামতাপুৰ ৰাজ্যত অন্তভুক্ত  কৰিব বিচৰা উত্তৰ বংগৰ জিলা কেইখন হল—  জলপাইগুৰি,  শিলিগুৰি,  কোচবিহাৰ ,  উত্তৰ দিনাজপুৰ ,  দক্ষিন দিনাজপুৰ  আৰু মালদহ ৷ এই কে পি পি দলৰ আন এটা গুৰুত্ব পুৰ্ণ দাবী কামতাপুৰী ভাষাক সংবিধানৰ অষ্টম অনুসুচীৰ অন্তভুক্ত  কৰা "৷ এই দলে 1997 চনৰ 26 জানুৱাৰীত প্ৰধান মন্ত্ৰী ইন্দৰ কুমাৰ গুজৰালক দিয়া এখন স্মাৰক পত্ৰত ভাষিক, সংস্কৃতিক , ঐতিহাসিক, নৃতাত্বিক ভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানৰ 3 নং অনুচ্ছেদৰ আধাৰত উত্তৰবংগ আৰু সংলগ্ন কামতাপুৰি বাসিন্দা থকা ভাৰতীয় ভুখণ্ডক লৈ ভাৰতৰ ভিতৰতে কামতাপুৰ নামেৰে এখন সুকীয়া ৰাজ্য,  কামতাপুৰী  ভাষাক সংবিধানৰ অষ্টম  অনুসুচীভুক্ত কৰন,  উত্তৰ বংগৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰন ,  ইনাৰ লাইন পাৰ্মিটৰ ব্যবস্থা কৰা আদিৰ কথা উল্লেখ  কৰে ৷

অসমত সদৌ কোচ ৰাজবংশী  ছাত্ৰসন্থা ( আক্ৰাছু )  2002 চনৰ পৰা পৃথক কামতাপুৰৰ দাবীত তীব্ৰ ভাবে কৰা সংগ্ৰামে পৰিস্থিতি সময়ে সময়ে জটিল কৰি পেলায় ৷ সংগঠনটোৱে অসমৰ 11 খন জিলা ক্ৰমে  লক্ষীমপুৰ ,  শোনিতপুৰ ,  দৰং,  মৰিগাওঁ ,  কামৰুপ ,  নলবাৰী,  বৰপেটা,  গোৱালপাৰা, ধুবুৰী , বঙাইগাওঁ  আৰু কোকৰাঝাৰ আৰু পশ্চিমবংগৰ  পাঁচখন জিলাক সামৰি পৃথক ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি আহিছে ৷ 2002 চনৰ 25 এপ্ৰিলত  এক প্ৰচাৰ পত্ৰৰ যোগেদি সংগঠনটোৰ সভাপতি বিশ্বজিৎ ৰায়ে  1250 চনত সন্ধ্যা ৰায়ে  প্ৰতিষ্টা কৰা কোচকামতা ৰাজ্য খন 1949 চনত মহাৰাজ জগদ্বীপেন্দ্ৰ  নাৰায়ন ভুপ বাহাদুৰ আৰু ভাৰত চৰকাৰৰ মাজত সম্পন্ন হোৱা এক চক্ৰান্ত কাৰী   চুক্তিৰ জৰিয়তে বিলুপ্ত ঘটোৱা বুলি অভিযোগ  তুলি ৰাজনৈতিক ভাবে পংগু হৈ পৰা কোচ কামতাৰ বাসিন্দা কোচৰাজবংশী সকলক অাৰ্থসামাজিক  দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে পৃথক কামতাপুৰ ৰাজ্যৰ পুনৰ গঠন কৰিব লাগে বুলি দাবী উত্থাপন কৰে ৷
 উক্ত প্ৰচাৰ পত্ৰিকাখন ৰ ব্যক্তব্যৰ আধাৰ হিচাপে লৈ আক্ৰাছুৱে 2004 চনৰ 23 জানুৱাৰীত প্ৰধান মন্ত্ৰী ড° মনমোহন সিঙক এখন স্মাৰক পত্ৰ দিছিল ৷ এই স্মাৰক পত্ৰত উল্লেখ যোগ্য দফা সমুহ আছিল—
1)  1826 চনৰ ইয়াণ্ডাবু  সন্ধিৰ সময়লৈকে উত্তৰপুৰ্বাঞ্চলৰ  কোচৰাজবংশী  লোক সকলৰ কামতাৰাজ্য ( কোচৰাজ্য)  নামেৰে এখন স্বাধীন ৰাজ্য থকা বুলি ইতিহাস প্ৰমানিত ৷
2) এই কোচৰাজ্য 1949 চনৰ 12 ছেপ্তেম্বৰত  ভাৰত চৰকাৰলৈ হস্তান্তৰিত  কৰা হয় আৰু স্বাধীন ভাৰত চৰকাৰে কোচবিহাৰ ৰাজ্য বুলি আখ্যা দি " গ " ৰাজ্যৰ তালিকা ভুক্ত কৰে ৷ 1949 চনৰ 30 ডিচেম্বৰ লৈ মিঃ নানজাম্পা নামৰ চীফ কমিছনাৰে দায়িত্ব নিৰ্বাহ কৰে ৷
3) বৃটিছ চৰকাৰে স্বাধীনতা হস্তান্তৰ আইন 7 ( ক)  ধাৰা অনুসাৰে কোচবিহাৰ পশ্চিম অসম আৰু  উত্তৰবংগত অন্তভুক্ত  হব লাগিছিল কিন্তু  স্বাধীন ৰাজ্য বুলি কৈ 1947 চনৰ 18 জুলাইত মহাৰাজ জগদ্বীপেন্দ্ৰ  নাৰায়নক ঘুৰাই  দিয়ে ৷
4) কোচবিহাৰৰ  ৰাজ্য সমুহক 1950 চনৰ 1 জানুৱাৰীৰ পৰা অন্যায় আৰু অসাংবিধানিক ভাবে পশ্চিম বংগ আৰু অসম চৰকাৰে শাসন কৰি  আছে ৷

এই কেইটা যুক্তিৰ আধাৰত ভাৰত চৰকাৰে কামতাপুৰ নামেৰে পৃথক ৰাজ্য গঠনৰ অনুমোদন কৰিব লাগে ৷ যিবোৰ তথ্যৰ ভিত্তিত এই বিশেষ জনগোষ্ঠীয়ে  কামতাপুৰৰ দাবী জনাই আহিছে সেই বিশেষ দাবীবোৰক নিশ্চয় ঐতিহাসিক দৃষ্টিকোনেৰে  ফঁহিয়াই  চোৱাৰ প্ৰয়োজনীয়তা আছে ৷

1959 চনৰ 28 আগষ্টত  কোচবিহাৰৰ চামিলকৰণ  চুক্তিখন সম্পন্ন হোৱাৰ মাত্ৰ  দুইদিন পিছত অৰ্থা্ৎ  30 আগষ্টত  চুক্তি সাক্ষৰ কাৰী ভি পি মেননে কোচবিহাৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তুলি অঞ্চলটি চীফ কমিচনাৰৰ দ্বাৰা শাসন কৰোৱাৰ ব্যবস্থা কৰিছিল ৷ ইমানৰ পিছতো  মাত্ৰ কেইদিনমানৰ পিছতেই ভাৰত চৰকাৰে কিয় কোচবিহাৰৰ পৰা এই  " গ " শাখাৰ মৰ্যাদা নাইকিয়া   কৰি ইয়াক পশ্চিমবংগৰ ৰ এখন ৰাজ্যত পৰিনত কৰিলে......??  এই প্ৰশ্নৰ উত্তৰত কোৱা হয় যে সয়ং মহাৰাজৰ ইচ্ছা সাপেক্ষেই এই পদক্ষেপ গ্ৰহন কৰা হৈছিল ৷ লণ্ডনত থকা মহাৰাজে কৈছিল যে কোচবিহাৰত থকা প্ৰজাৰ মত গ্ৰহন কৰিহে তেওঁ এই নিশ্চয় কৰিছিল ৷ কিন্তু ইতিহাসবিদ সকলে দাবী কৰে যে এই ক্ষেত্ৰত জনমত লোৱা হোৱা নাছিল ৷ তদানীন্তন মুখ্যমন্ত্ৰী ড° বিধানচন্দ্ৰ  ৰায়ৰ চক্ৰান্ত  আৰু ভাৰত চৰকাৰৰ দায়িত্বজ্ঞান হীনতাৰ বাবে কোচবিহাৰে " গ " শ্ৰেনীৰ ৰাজ্যৰ মৰ্যাদা হেৰুৱায় ৷ ড°বিধানচন্দ্ৰ ৰায়ে কোচবিহাৰক পশ্চিমবংগৰ লগত চামিল কৰিবৰ বাবে কংগ্ৰেছৰ বেনাৰৰ তলত  বিভিন্ন সভা -সমিতি পাতি জনগণক আকৃষ্ট  কৰিবৰ অনেক প্ৰচেষ্টা হাতত লৈছিল ৷ সেই সভা -সমিতি  বোৰত জনগণৰ সেমেকা উপস্থিতিৰ  বিপৰীতে " প্ৰজাহিত সাধিনী  সভা " ত সকলো শ্ৰেনীৰ মানুহে সমৰ্থন আগবঢ়োৱা লক্ষনীয়  বিষয় বস্তু ৷ এই " প্ৰজাহিত সাধিনী সভা " ৰ মুল উদ্দেশ্য  আছিল কোচবিহাৰক পশ্চিম বংগৰ গত চামিল হবলৈ নিদি এখন কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে পৰিনত কৰা  কিন্তু মুখ্যমন্ত্ৰীৰমুখ্য কুটকৌশল  আৰু ৰাজনীতিৰ চক্ৰান্তৰ ফলস্বৰুপে কোচবিহাৰে এই অধিকাৰ হেৰুৱাই পেলায়   ড°ৰায়ে গৃহমন্ত্ৰী  চৰ্দাৰ পেটেলক প্ৰজাহিত সাধিনী সভাক ষড়যন্ত্ৰ মুলক অনুষ্ঠান হিচাপে প্ৰতিস্থাপন  কৰিছিল  তেওঁ পেটেললৈ লিখা এখন পত্ৰত কৈছিল যে—   "I am very much anxious about cooch behar  because of certain developments, which have taken place there affecting the security not merely of west bengal but also the Indian union.... "

ড°ৰায়ৰ প্ৰৰোচনাত  পৰি প্ৰথম  অৱস্থাত  এই চামিল কৰন প্ৰস্তাৱত অনীহাৰ দেখুৱাই থকা হৈছিল যদিও কালক্ৰমে চৰ্দাৰ পেটেল পতিয়ন গৈ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক পত্ৰত এই কথা অৱগত কৰে ৷ কিন্তু দুখৰ কথা এইয়ে যে প্ৰধান মন্ত্ৰী নেহেৰু সেই সময়ত লণ্ডনত কমনৱেলথ সন্মিলনত ব্যস্ত থকাৰ বাবে গৃহমন্ত্ৰী পেটেলে 1950 চনৰ 1 জানুৱাৰীত কোচবিহাৰক পশ্চিমবংগৰ সৈতে চামিল কৰনৰ ঘোষনা কৰি দিয়ে ৷ এই চামিল কৰনৰ আগতেই অসমৰ ৰাজ্যপাল ছাৰ হাইদৰীয়ে  পেটেললৈ লিখা এখন পত্ৰত ৰাজনৈতিক আৰু সামাজিক কাৰনত কোচবিহাৰ  অসমক হস্তান্তৰ কৰিবলৈ কৰা অনুৰোধ প্ৰত্যাখিত  হয় ৷

বাস্তৱত এয়া এক কঠিন প্ৰশ্ন ৷ 1250 চনত সন্ধ্যা ৰায়ে প্ৰতিষ্টা কৰা  কামতা ৰাজ্য  250 বছৰ পিছত 1498 চনত অস্তিত্বহীন হৈছিল ৷ আনহাতে 1515 চনত বিশ্বসিংহই  প্ৰতিষ্টা কৰা কোচ সাম্ৰাজ্য  160 বছৰ পিছত 1773 চনত সাৰ্বভৌম ক্ষমতা হেৰুৱাই পেলাইছিল ৷ তাৰ বাবে দায়ী কোন  আছিল ??  আভ্যন্তৰীন কন্দল,  ক্ষমতাৰ অঁৰিয়া অৰি, মোগলৰ হস্তক্ষেপৰ সুযোগ প্ৰদান আদি ৷ নিজৰ গৌৰৱোজ্জ্বল  ইতিহাসত ভৰিৰে মোহাৰি সমৃদ্ধিৰ ভেটি নিজে খহাই  পুনৰ এখন সুকীয়া স্বাধীন ৰাজ্যৰ দাবী কৰাৰ যুক্তি যুক্ততা ক' ত ??

দ্বীতিয়তে,  প্ৰত্যেক জাতিৰ নিজৰ গৌৰৱোজ্জ্বল  ইতিহাস আছে ৷ মৰান, মটক, চুতীয়া, কছাৰী বা আহোম সকলো নিজৰ অস্তিত্বৰ  ইতিহাসত বিভিন্ন সংঘাত, সংঘৰ্ষ  আৰু চক্ৰান্তৰ ফলত নিঃশেষ  হৈ গৈছিল ৷ কোচ ৰাজবংশী  বা কামতাপুৰৰ লেখিয়াকৈ  তেওঁলোকৰ ৰাজ্য সমুহ ঘুৰাই দিয়া ভাৰত চৰকাৰৰ বাবে বাস্তৱিকতে সম্ভৱপৰ হব নে ??

তৃতীয়তে,  1947 চনৰ 15 আগষ্টত  বৃটিছে ভাৰতলৈ স্বাধীনতা হস্তান্তৰ কৰাৰ লগে লগে অন্যান্য দেশীয় পাজ্যসমুহৰ লগত কোচবিহাৰেও  Indian Independence Act, 1947, 7( 1)  অনুচ্ছেদ অনুসৰি 1773 চনত সাক্ষৰিত কৰা চুক্তি অকাৰ্যকৰী হৈ গৈছিল ৷ গতিকে বৃটিছে অধিগ্ৰহন কৰা কোচবিহাৰৰ বিভিন্ন অঞ্চল ৰজা জগদ্বীপেন্দ্ৰ  নাৰায়নে ঘুৰাই পাইছিল ৷ কিন্তু এই আইনৰ বিশেষজ্ঞ  সকলৰ মতে পুৰ্বৰ চুক্তি সমুহ বাতিল বুলি ঘোষনা কৰিলেও ৰাজ্য সমুহে প্ৰকৃতাৰ্থত সাৰ্বৌভম  ক্ষমতা প্ৰদান কৰা হোৱা নাছিল  এই দেশীয় ৰাজ্য সমুহক ভাৰত নাইবা পাকিস্থান  যি কোনো এখন দেশত চামিল হোৱাৰ সুযোগ প্ৰদান কৰা হৈছিল ৷ এই সুযোগ গ্ৰহন কৰিয়েই 565 খন দেশীয় ৰাজ্যই ভাৰত ডমিনিয়নত  চামিল হৈছিল  কোচবিহাৰো অলপ পলম কৈ Indian union ত মিলি গৈছিল ৷ এই বাস্তৱতাক কেনেকৈ অস্বীকাৰ কৰিব পাৰি ৷

চতুৰ্থতে,  কোচবিহাৰৰ ৰজাই স্বাধীনতা লাভ কৰাৰ পিছত তাৰ ভৱিষ্যত সম্বন্ধে সন্দিহান  হৈছিল ৷ ভাৰত চৰকাৰে অনিশ্চয়তাত ভোগা ৰজাক সকাহ দি কেতবোৰ ব্যবস্থা গ্ৰহন কৰিব বুলি আশ্বাস প্ৰধান কৰাত হে ৰজাই ভাৰতীয় ডমিনিয়নত  চামিল হৈছিল ৷ কোচবিহাৰৰ সকলো কতৃত্ব ভাৰত চৰকাৰলৈ হস্তান্তৰিত কৰাৰ দিনটোত 1949 চনৰ 12 চেপ্তেম্বৰ ত মহাৰাদে জনগণক সম্বোধন কৰি লিখা পত্ৰখনৰ ব্যক্তব্যৰ যোগেদি এয়া সাব্যস্ত হয় ৷ এই বাস্তৱতাক অস্বীকাৰ কৰিব নোৱাৰি ৷

পঞ্চমতে,  Coochbehar Marger Agreement ৰ বিধান অনুসৰি কোচবিহাৰক " গ " শ্ৰেনীৰ তালিকাভুক্ত কৰি  চীফ কমিচনাৰৰ দ্বাৰা  শাসন কৰোৱাৰ ব্যবস্থাৰ প্ৰতি স্বয়ং মহাৰাজে সন্তুষ্ট হব পৰা নাছিল ৷ তেওঁ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ সকলো দায়িত্ব অৰ্পন কৰি কোচবিহাৰক অসম নাইবা পশ্চিমবংগত চামিল কৰাটো বিছাৰিছিল ৷ এই সত্যক আমি খণ্ডাব পাৰিম নে ??

ষষ্টতে,  ভাৰত বৰ্ষই স্বাধীনতা  লাভ কৰাৰ পিছত কোচবিহাৰৰ জনতা অসমৰ ফালেহে ঢাল খাইছিল,  সেই স্বতঃস্ফুৰ্ত  জনমতক দেখি অসমৰ মুখ্যমন্ত্ৰী  গোপীনাথ বৰদলৈয়ে কোচবিহাৰ ভ্ৰমন কৰি  তাক অসমত চামিল কৰনৰ দাবী উত্থাপিত কৰিছিল ৷ ৰাজ্যপাল ছাৰ আকবৰ হাইদৰীযেও গৃহমন্ত্ৰীলৈ অনুৰোধ  পত্ৰ  প্ৰদান কৰিছিল ৷ বিধানৰায়ৰ চক্ৰান্ত আৰু গৃহমন্ত্ৰী  পেটেলৰ ভুল বিচাৰ ধাৰাৰ বাবে কোচবিহাৰ পশ্চিমবংগত চামিল হল নহলে ই আমাৰ অসমৰেই এটা অংশ হলহেঁতেন ৷ অৰ্থাৎ  হয় পশ্চিমবংগ নহলে অসম, " গ " শ্ৰেনীৰ ৰাজ্যৰ মৰ্যাদা হেৰুৱাটো নিশ্চিত আছিল ৷ এই  বাস্তৱতাক অস্বীকাৰ কৰাটো টান ৷

সপ্তমতে,  ধৰা হ'ল ভাৰতৰ স্বাধীনতা হস্তান্তৰ আইনৰ আলমত 565 খন দেশীয় ৰাজ্যই নিজৰ স্বাধীনতা বা সুকীয়া ৰাজ্যৰ মৰ্যাদা  দাবী কৰিলে  তেতিয়া ভাৰতৰ ৰাজনৈতিক অবয়ব কি হ'ব ?? বৰ্তমান একবিংশ  শতিকাৰ  এখন উন্নতমানৰ ৰাষ্ট্ৰৰ শাৰীত থকা ভাৰতৰ অস্তিত্ব নসাৎ হৈ যাব ৷ বাস্তৱিক প্ৰেক্ষাপটত এয়া এক অবাস্তব  চিন্তা,  অসম্ভব চিন্তা ৷

কোচৰাজবংশী  সকলৰ কামতাপুৰৰ দাবীৰ ঐতিহাসিক দৃষ্টিকোনৰ পৰা চালে দেখা যায় যে এক সময়ত ৰমতাশালী, ঐশ্বৰ্য শালী  জাতি এটা কিদৰে ভাগ্যৰ বিড়ম্বনাত পৰি নিজৰ  অস্তিত্বৰ বাবে যুঁজ কৰিব লগিয়া হৈছে ৷ আপোন গৃহভুমি হেৰুৱাই এই জনগোষ্ঠীয়ে  অসম,  মেঘালয়,  উত্তৰবিহাৰ,  নেপাল,  বাংলাদেশ আৰু ভুটানত সিঁচৰতি হৈ থাকিব লগিয়া হৈছে ৷ প্ৰত্যেক ঠাইতে তেওঁলোকৰ সামাজিক আৰু ৰাজনৈতিক পৰিচয় ভিন্ন ৷ একেটাই জনগোষ্ঠী অথচ পশ্চিম বংগত অনুসুচিত জাতি ,  মেঘালয়, ত্ৰিপুৰাত অনুসুচিত  জনজাতি, অসমৰ গোৱালপাৰাত অন্যান্য পিছপৰা শ্ৰেনী (MOBC)  আৰু ৰাজ্যখনৰ অন্যান্য জিলাত পিছপৰা শ্ৰেনী (OBC) ত পৰিনত হৈছে ৷ এই ভিন্ন পৰিচয়ে তেওঁলোকৰ মাজত ভাঙোন  আৰু লগত এক তীব্ৰ ক্ষোভৰ  সৃষ্টি কৰিছে ৷ ইয়াৰ পৰা পৰিত্ৰান পাবৰ বাবে কোচৰাজবংশী জনগোষ্ঠীৰ বিবিন্ন সংগঠনে এই জনগোষ্ঠীক অনুসুচিত  জনজাতিৰ তালিকা ভুক্ত কৰণৰ দাবী উত্থাপন কৰিছে ৷ বৰ্তমানে  কোচৰাজবংশী  ছাত্ৰসন্থা ( আক্ৰাছু )  কে ধৰি সংগঠন সমুহে কামতাপুৰৰ দাবীৰ বিকল্প হিচাপে চলোৱা  এই জনজাতীয় কৰন আন্দোলন  খনক  তীব্ৰ ৰুপ   দিয়া দেখা যায় ৷ উল্লেখযোগ্য যে এই আৰ্থসামাজিক ভাবে পিছপৰা শ্ৰেনীটোক বৃটিছ চৰকাৰে চৰকাৰী চাকৰি প্ৰদান কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছিল  ৷ কিন্তু স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত চৰকাৰে ঝাৰখণ্ডী আদিবাসী  সকলৰ  লগত কোচৰাজবংশী  সকলৰ অনুসুুচী বৰ্হিভূত  কৰে ৷ কিন্তু ক্ষোভৰ উমান পাই 1953 চনত কাকা চাহেব কালেৰকাৰ আয়োগৰ অনুমোদন ক্ৰমে অসমৰ কোচৰাজবংশী সকলক অন্যান্য পাছপৰা শ্ৰেনীৰ মৰ্যাদা প্ৰদান কৰে ৷ পিছত আকৌ দুভাগ কৰা হয় ৷ অসমত এই শ্ৰেনী বিভাজনৰ বিপৰীতে পশ্চিমবংগত ফজলুল চৰকাৰে কোচৰাজবংশীক অনুসুচিত  জাতিৰ মৰ্যাদা প্ৰদান কৰে ৷ 1980 চনত মেঘালয় চৰকাৰে তেওঁলোকক অনুসুচিত জনজাতিৰ মৰ্যাদা দিয়ে ৷ ত্ৰিপুৰাতো একেই ৷ অসমত  এই বিভাজন কি কাৰনত বা কি যুক্তিত  কৰা  হৈছিল তাৰ উপযুক্ত তথ্য বা প্ৰমান পোৱা নাযায়  আৰু প্ৰমানাভাবত অসমৰ এই জনগোষ্ঠীয়ে  তীব্ৰ অন্তদ্বন্দত ভুগি  আজিৰ এই সুতীব্ৰ আন্দোলনলৈ মন মেলা দেখা যায় ৷ 1968 চনত কোচৰাজবংশী সন্মিলনে এ কে চান্দ নেতৃত্বাধীন  অনুসুচিত জাতি জনজাতি বিষেয়ক সংসদৰ যুটিয়া কমিটিৰ এখন স্মাৰক পত্ৰ প্ৰধান কৰিছিল আৰু তাত কৈছিল যে ইতিহাসবিদ সকলে স্বীকাৰ কৰিছে যে এই জনগোষ্ঠী ইণ্ডো - মংগোলীয়  বংশোদ্ভৱ  ৷ সময়ৰ লগে লগে এই জনগোষ্ঠী  হিন্দু ধৰ্ম গ্ৰহন কৰে যদিও হিন্দু সকলৰ দৰে সামাজিক মৰ্যাদা লাভ কৰবলৈ সক্ষম নহল   সেয়েহে অসমৰ কোচৰাজবংশী  সকলক  OBC /MOBC ৰ তালিকাৰ পৰা উলিয়াই আনি আন ৰাজ্য বোৰৰ দৰে অনুসুচিত  জনজাতিৰ তালিকা ভুক্ত কৰন কৰিব লাগে ৷ 1970 চনৰ 9 নৱেম্বৰত  কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু সমাজ কল্যান মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰি একে  কথাকে সোঁৱৰাই  দিয়া হয় ৷ 1980 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো এখন স্মাৰক পত্ৰ প্ৰদান কৰি জনজাতি কৰনৰ দাবী উত্থাপন কৰা হয়  ৷1985 চনৰ আগষ্ট মাহত অসম চৰকাৰৰ সংশ্লিষ্ট উপ -সমিতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰি মেঘালয় বিধান সভাই লোৱা উদ্দোগৰ দৰেই অসম বিধান সভাত এই জনজাতি কৰনৰ প্ৰস্তাৱ গৃহীত কৰাৰ অনুৰোধ  জনায় ৷ আক্ৰাছুৱে কামতাপুৰৰ দাবীৰ সমান্তৰালকৈ  জনজাতিকৰনৰ দাবীত তীব্ৰ গনআন্দোলন কৰা দেখা যায়  বৰ্তমান দেখা গৈছে যে ৰাজ্য চৰকাৰেও এই সম্বন্ধে যথেষ্ট  ইতিবাচক দৃষ্টিভংগী  গ্ৰহন কৰিছে
 1994 চনৰ 9 আগষ্টত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দিয়া পত্ৰত অসমৰ কোচৰাজবংশী  সকলৰ জনজাতিকৰনৰ সাপেক্ষে চুড়ান্ত অনুমোদন জনায় ৷ ৰাজ্য চৰকাৰৰ পত্ৰৰ আধাৰত 1996 চনৰ 27 জানুৱাৰীত ৰাষ্ট্ৰপতিয়ে এক অধ্যাদেশ জাৰি কৰি কোচৰাজবংশী  সকলক জনজাতি কৰন কৰা বুলি ঘোষনা কৰে ৷ ৰাষ্ট্ৰপতিৰ এই ঘোষনাৰ পিছতেই  অসম চৰকাৰে পাছপৰা শ্ৰেনীৰ  18 নং দফাটো বাতিল কৰি কোচৰাজবংশী  সকলৰ জনজাতি কৰনৰ অধ্যাদেশ খন কাৰ্যকৰী কৰাৰ পদক্ষেপ লৈছিল ৷ কিন্তু তিনিবাৰকৈ নবীকৰনৰ পিছতো এই অধ্যাদেশ খন অাইনত পৰিনত নহল ৷ 1997 চনৰ 3 এপ্ৰিলত এই অধ্যাদেশ ৰ ম্যাদ উকলি যায় আৰু কোচৰাজবংশী  সকল জনজাতিৰ সুবিধা সমুহ পুনৰায় হেৰুৱাই পেলায় ৷

তিনিবাৰকৈ ৰাষ্ট্ৰপতি  অনুমোদন লাভ কৰাৰ পিছতো কিহৰ বাবে অধ্যাদেশ  খন আইনত পৰিনত নহল সেয়া উদ্বেগ জনক কথা ৷ তদুপৰি জনজাতিকৰনৰ প্ৰস্থাৱ টো ৰাজ্যিক  কেবিনেটেও পাঁচবাৰকৈ অনমোদন জনাইছিল ৷ জনজাতি গবেষণা  প্ৰতিষ্ঠান  আৰু ভাৰতৰ মহা পঞ্জীয়কেও দুবাৰকৈ অনুমোদন জনাইছিল ৷ ইমানকৈ আগবঢ়াৰ স্বত্বেও জনজাতি কৰনৰ প্ৰশ্নটো মীমাংসা নকৰি চৰকাৰে পৃথক ৰাজ্যৰ আন্দোলনলৈ ঠেলি দিয়াটো সমৰ্থন যোগ্য নহয় ৷ জনজাতি কৰন আৰু কামতাপুৰ নামৰ সুকীয়া ৰাজ্যৰ দাবীত সামন্তৰালকৈ  আন্দোলন কৰি থকা আক্ৰাছু ৰ নেতৃগণৰ  ভাষ্যৰ  পৰা ইয়াকে প্ৰমানিত হৈ আছে যে - চৰকাৰে আমাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক অন্যথা আমাক সুকীয়া ৰাজ্য দিয়ক ৷ " এই মানসিকতাৰে আগবঢ়া এই আন্দোলনৰ এটা সঠিক মীমাংসা কৰি আৰ্থসামাজিক ভাবে দুৰ্বল  এই জনগোষ্ঠীৰ   উন্নয়নৰ  দিশত আগবঢ়াই নিয়াটো ভাৰতৰ দৰে  এখন উন্নত দেশৰ প্ৰাধান্য বৰ্গৰ নৈতিক দায়িত্ব বুলি কব লাগিব ৷ সময়োচিত পদক্ষেপ গ্ৰহন কৰি এই ঐতিহ্য পুৰ্ন জাতিটোক ভাৰতীয় গনৰাজ্যৰ লগত দেহে মনে চামিল কৰি,  অনৈক্যৰ   মাজত ঐক্যৰ ধাৰনাৰে উজ্জ্বীৱিত  কৰি তোলাটোহে আমাৰ প্ৰধান লক্ষ্য হোৱা উচিত ৷

কৃতজ্ঞতা স্বীকাৰ - মাননীয় মুনীন্দ্ৰ দাস মহাশয়ৰ " পৃথক  ৰাজ্যৰ দাবী আৰু জনগোষ্ঠীয়  আন্দোলন  " ৰ সহায় অবিহনে এই লিখনি সম্পুৰ্ণভাৱে  আধৰুৱা হৈ ৰলহেঁতেন   ৷ ইয়াৰ বাহিৰেও প্ৰান্তিক আলোচনীত প্ৰকাশিত  বিভিন্ন তথ্যৰে সমৃদ্ধ  প্ৰবন্ধ,   দৈনিক বাতৰি কাকত সমুহৰ  সম্প্ৰাদকীয় পৃষ্ঠাত    এই বিষয়ে প্ৰকাশিত  বিভিন্ন মননশীল লিখনি সমুহক কৃতজ্ঞতাৰে সুৱঁৰিছো ৷