টাই আহোমৰ সাজপাৰ আৰু মেথনি: কিছু চিন্তনীয় ණ... চাও সত্যজিৎ চাৰিঙীয়া ফুকন , তিনিচুকীয়া


               
                  মানৱ সমাজৰ প্ৰতিটো সভ্যতাৰ খলপে খলপে ইয়াৰ সাংস্কৃতিক       দিশসমূহ সেই সময়ৰ সমাজ ব্যৱস্থা একোটা অৰ্থ সামাজিক দিশসমূহৰ লগত জড়িত । অৰ্থ সামাজিক ব্যৱস্থাই একোখন সমাজ অথবা জাতিৰ সভ্যতাক প্ৰতিনিধিত্ব কৰি আহিছে যোগে যোগে । ঠিক তেনেকৈ সভ্যতাৰ প্ৰাচীনতম অৱস্থাত টাই জাতিৰ নিজস্ব সামাজিক বুনিয়াদ সৃষ্টি হৈছিল একো একোটা অৰ্থ সামাজিক ঘটনা প্ৰৱাহত । সেইদৰে সাজপাৰ সৃষ্টিৰ আমি যদি মানৱ সমাজৰ আদিমৰ পৰা  আদিম সমাজলৈ গৈ যদিহে ফঁহিয়াই চাওঁ তেতিয়া কি সিদ্ধান্তলৈ আহিম বাৰু ! সকলোৰে এটাই উত্তৰ হ'ব শূন্যতা । য'ত লজ্জা নাছিল তাত আকৌ সাজপাৰ কিয় ? ধৰিলোৱা হ'ল বাৰু লজ্জাৰ সলনি দেহটোক শীত তাপ বা অন্য প্ৰাকৃতিক কাৰণত ৰক্ষা কৰিবলৈ পৰিধান কৰিছিল । তেতিয়া আকৌ প্ৰশ্ন হ'ব ,য'ত সৃষ্টিৰ অৱকাশ হোৱা নাছিল তাত আকৌ সাজপাৰ পৰিধান হ'ব কেনেকৈ । সেই আদিম সমাজৰ পৰা মানুহৰ সামাজিক ব্যৱস্থা উত্তৰণ হোৱাৰ ঢাপে ঢাপে মানৱ সভ্যতাওঁ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হল । মানুহৰ জীৱন যোদ্ধই , মানৱ জাতিৰ জীৱন প্ৰণালী লগতে ভিন্ন প্ৰয়োজনীয়  চাহিদা বৃদ্ধি পাবলৈ ললে । চাহিদাৰ বাবে অন্য পৰিৱৰ্তন লগতে , মানুহৰ চিন্তা চেতনাৰ বৃদ্ধিয়ে লজ্জা ভাৱৰ উদয় কৰালে, জলবায়ুৰ সৈতে ভাৰসাম্য ৰক্ষা নতুবা লজ্জা নিবাৰণৰ বাবে শৰীৰত এক নতুন আৱৰণ পৰিধান কৰিবলৈ চেষ্টা কৰিলে, বিভিন্ন  প্ৰাকৃতিক উৎস সমূহৰ পৰা । সেই সময়ৰ পৰা আহি আহি আমি আজি এই বৰ্তমান সমাজ ব্যৱস্থা তৈয়াৰ কৰি অগ্ৰহৰ দিশে , ইয়াৰ ব্যতিক্ৰম আমাৰ টাই জাতিটোওঁ নহব চাগে । এতিয়া আমাৰ প্ৰশ্ন হ'ব মানৱ সভ্যতাৰ কোন স্তৰৰ সভ্যতাক আমি প্ৰতিনিধিত্ব কৰিম অথবা টাই আহোম হিচাবে একোজন ব্যক্তি বা সমাজে  প্ৰতিনিধিত্ব কৰিব । এনেকৈও প্ৰশ্ন উত্থাপন হ'ব পাৰে নেকি ? সেই আদিম সমাজত পৰিধান কৰা গছৰ বাকলি ডাল পাত আদিহে আমাৰ জাতীয় সাজপাৰ , কাৰণ আমাৰ পূৰ্ব পুৰুষে সেইবিলাক পিন্ধিছিল । সেইটো চিৰ সত্য হোৱাৰ পিছতো আমাৰ বিবেকে মানি নলব , কাৰণ জাতীয় সাজপাৰ সংস্কৃতি ধাৰণা আমি সমাজ বিজ্ঞানৰ দৃষ্টিকুণৰে পৰ্য্যালোচনা আৰু বিশ্লেষণ কৰি সভ্যতাৰ উন্নত স্তৰৰ সমসাময়িক পৰ্য্যায়ৰ পৰা কিছু বৈশিষ্ট্য দাঙি ধৰিবলৈ চেষ্টা কৰো । পিছলৈ সেয়ে একোটা জাতিৰ জাতীয় সংস্কৃতি ৰূপেৰে স্বীকৃতি লাভ কৰে ।
   
           এতিয়া আহো মূল বিষয় বস্তুলৈ টাই আহোম মহিলাই মেথনি মাৰে নে, নামাৰে বা মেথনি মৰাতো টাই আহোমৰ সংস্কৃতি নে ? ইয়াৰ উত্তৰ একেষাৰতে দিয়া সম্ভৱ নহব ,মাত্র এক বিশেষ দৃষ্টিভংগীৰে আলোচনা হে কৰিব পাৰি  । শাৰীৰিক গঠন আৰু প্ৰয়োজন অনুসৰি হে সাধাৰণতে বস্ত্ৰ পৰিধান কৰা হয় । তাৰ পাছত ব্যক্তিজনৰ পছন্দ অপছন্দ কথা আহিছে । বুকুত মেথনি মৰাৰ লগত এই চৰ্ত মানি চলা হয় চাগৈ । যিহেতু সভ্যতাৰ কোনো এক স্তৰৰ পৰা সূতা কাটি কাপোৰ তৈয়াৰ কৰিব পৰা হ'ল , কিন্তু বিভিন্ন আকাৰ দিব পৰা নাছিল । সেই সময়ত চাগে মাত্ৰ তৈয়াৰ কৰি লোৱা বস্ত্ৰখনৰে মাত্ৰ  শৰীৰটো আৱৰণ কৰিবলৈ পৰিধান কৰিছিল , হয়তু চিলাই কৰি একোটা আকাৰ দি লবলৈ সক্ষম নোহোৱা বাবে বা চিলাই বিদ্যা নজনা বাবে । ভাৰতীয় সকলেও তাহানি একোখন বস্ত্ৰ মহিলাই পিন্ধিলে শাৰী আৰু পুৰুষে পিন্ধলে ধুতি বুলি কৈছিল । শাৰী আৰু ধুতিৰ আকাৰো একেই আছিল । সেইটো স্বাভাৱিক কথা সামাজিক স্তৰ সেই সময়ত সেইখিনি পাইছিল । সেই একেই সমসাময়িক স্তৰত টাই সকল যেতিয়া এই ভূখণ্ডলৈ আহিছিল তেওঁলোকৰ স্বকীয় জীৱন প্ৰণালী কিছু কিছু ক্ষেত্ৰত আনসকলতকৈ কিছু উন্নত আৰু ব্যতিক্ৰমী আছিল বুলি থাৱৰ কৰিব পাৰি । আনকি চীনা শান সকলেও টাই সকলৰ বহু সংস্কৃতি তেওঁলোকৰ নিজা কৰি লৈছিল । টাইসকলে ইয়ালৈ নিশ্চয় কিছু উন্নত বয়ন শিল্প , চিলাই কৰা বিদ্যা আদি লৈ আহিছিল , কাৰণ টাই সকলে খ্ৰীষ্টপূৰ্ব বহু শতিকাৰ আগতেই এড়ী , পাট ,বৰ মুগা পুহি সূতা কাটি কাপোৰ বব জানিছিল । মুগাৰ আৱিষ্কাৰো চীন দেশতে যিহেতু হৈছিল আৰু  টাই সকলকে মুগাৰ আৱিষ্কাৰক বুলিও কোৱা হয় । প্ৰাচীন কালত চীনৰ পৰা কেইবাটাও পথেৰে ইউৰোপ লৈকে  মুগা, পাট আৰু এড়ী সূতাৰ ব্যৱসায় হোৱাৰ সম্ভেদ পোৱা যায় , যেনে চিল্ক্ ৰোদৰ কথাই উল্লেখ কৰিব পাৰি । সেইয়ে আহোম শাসন ব্যৱস্থাৰ সময়ছোৱাত নিশ্চিত ভাৱে মূল টাই শৈলীৰে মহিলা সকলে ৰাজহুৱা বা সামাজিক  জীৱন প্ৰণালীত আদিলৈ যাওঁতে নিশ্চয় তেওঁলোকে দীঘলীয়া ফা-ছৗ পৰিধান কৰিছিল বুলি ধৰি লব পাৰি , কিছু ক্ষেত্ৰত বিশ্লেষণ কৰা প্ৰয়োজন , বৰ্তমান দক্ষিণ পূৱ এছিয়া দেশ সমূহত মহিলা সকলে দীঘল চোলা পিন্ধা দেখা যায় আনকি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহু কেইটা জনগোষ্ঠীয় মহিলাই দীঘল চোলা পিন্ধা দেখা যায়। আৰু যিসকল জনগোষ্ঠীয় মহিলাই চোলা   পৰিধান নকৰিছিল সেয়ে তেওঁলোকে বুকুত মেথনি মাৰিছিল বুলি অনুমান  কৰিব পাৰি , কাৰণ চোলাৰ সলনি তেওঁলোকে বুকুত কাপোৰ মাৰি লৈছিল  । আজিৰ পৰা কিছু বছৰ আগলৈ জনজাতীয় সমাজত মহিলাই চোলা (ফা-ছৗ) প্ৰায় নিপিন্ধেই বুলিব পাৰি । আজিও বহু বুঢ়ী আইতাই মৰাণ, মটক ,দেউৰী, কছাৰী , আৰু অন্য জনজাতীয় সকলে চোলা প্ৰায় নিপিন্ধে ঘৰুৱা ভাৱে বুকুত মেথনি মাৰি ,তেনেকৈয়ে থকা দেখা যায় । আজিৰ আধুনিক সমাজ ব্যৱস্থাৰ লগত খোজ মিলাবলৈ তেওঁলোকেও চোলা পৰিধান কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু চোলাটোৰ লগতে তেওঁলোকে সামাজিক ধৰ্মীয় অনুষ্ঠানত পুৰণি সংস্কৃতি বুলি বুকুৰ মেথনিটো বাদ দিয়া নাই । বহু ক্ষেত্রত আন সময়ত আধুনিক অসমীয়া সাজপাৰ যোৰো পিন্ধিবলৈ আৰম্ভ কৰিছে যিহেতু সমাজ গতিশীল ।  টাই আহোমৰ সাজপাৰকলৈ আধুনিক অসমীয়া  বুৰঞ্জীবিদ সকলৰ ভিন্ন জনৰ ভিন্ন মত পাৰ্থক্য দেখা যায় । বহু কেইজন বুৰঞ্জীবিদে এই কথা উল্লেখ কৰিছে যে, আহোম প্ৰকাশনিক ব্যৱস্থাত পদ মৰ্যদা অনুসৰি বিষয় বৰ্গৰ মাজত সাজপাৰ পৰিধানৰ নিয়ম আছিল । একক সাজপাৰ সলনি যে আহোম প্ৰশাসনিক ব্যৱস্থাত পুৰুষ মহিলাৰ উভয় সাজপাৰ ভিন্ন আছিল । কিন্তু মূল শৈলী একেই আছিল । ড. লীলা গগৈ দেউৰ ' টাই সংস্কৃতি ৰূপ ৰেখাত ''এনেদৰে উল্লেখ কৰিছে , 'আহোম যোগত বিভিন্ন ৰুচি আৰু সম্ভ্ৰৰ জোখাৰে কাপোৰ পিন্ধিছিল । শাৰীৰ ব্যৱহাৰ ব্যৱহাৰ নাছিল । কোচ ৰজাই চিঠিৰ লগত পঠোৱা শাৰী পাচঁখন দেখি আহোম ৰজাই মন্তব্য কৰিছিল , 'শাৰী পাচঁখনযে আনিছ, আমাৰ দেশত যি খাৰ্চ্ছাই আছে , তাই হঁতেহে এই শাৰী পিন্ধে । আৰ্থত ভাল মানুহৰ তিৰোতাই শাৰী নিপিন্ধে, ৰিহা - মেখেলাহে পিন্ধিছিল । আহোম তিৰোতাই পোনতে মূৰত ওৰণি নলৈছিল , পাগুৰি দৰে কাপোৰ মেৰিয়াই লৈছিল । আৰু গাত চোলা পিন্ধিছিল । সৰ্বানন্দ ৰাজকুমাৰ দেউৰ ' ইতিহাসে সোঁৱৰা ছশটা বছৰত' উল্লেখ কৰিছে , বুদ্ধি স্বৰ্গনাৰায়ণৰ দিনৰ পৰা পৰদেশৰ আৰ্হিৰে সাত দেশৰ সাত সাজ ৰাজ অলংকাৰ ৰজাই কৰোৱাই আনিছিল । যদি এই তথ্য ভিত্তি আছে , তেতিয়া চাগৈ টাই আহোম সাজপাৰত নিশ্চয় অন্য দেশীয় সাজপাৰৰ  কিছুহলেওঁ প্ৰভাৱ পৰিছিল ।
     টাই আহোম সকলৰ সকলৰ বহু কৃষ্টি সংস্কৃতি মূল অসমীয়া সংস্কৃতিত বিলীন হৈ গ'ল আৰু বহু অন্য জনগোষ্ঠীৰ সংস্কৃতি টাই আহোম সকলৰ মাজত সোমাই পৰিল । ৰুদ্ৰসিংহৰ ৰাজত্বৰ সময়ত সাজপাৰত অধিক পৰিৱৰ্তনৰ কথা বুৰঞ্জী বিদ সকলে উল্লেখ কৰিছে । যিহেতু অসমীয়া জাতি সত্বা গঠনত এই ভূখণ্ডৰ জাতি জনগোষ্ঠীৰ সহায় আৰু সমৰ্থনত টাই সকলে নিজা কৃষ্টি বহু বিলাই দিছিল, কিছু আনৰ পৰা আদৰি লৈছিল । আহোমৰ বেলি মাৰ যোৱাৰ পৰৱৰ্ত্তী সময়ত টাই আহোমৰ ভাষা সংস্কৃতি সকলো দিশতে ক্ৰমান্বয়ে অৱনতি ঘটিছিল । বহুতে নিজা ভাষা সংস্কৃতি পাহৰি পেলালে মাত্র এমুঠি মান ব্যক্তিৰ প্ৰচেষ্টাতহে ভাষা সংস্কৃতি সংৰক্ষিত হৈ থাকিল । সময়ৰ গতিত কিছু বৈশিষ্ট্য নিজে নিজে লুপ্ত হ'ল । টাই আহোম সকল বিভিন্ন সামাজিক ৰাজনৈতিক পৰিস্থিতিত পৰি আৰ্থিক দিশটো বহু সংখ্যকৰ বেয়াৰ ফালে গতি কৰিলে । জীৱন যোদ্ধৰ তাড়নাই বহু বস্তু ইচ্ছাকৃত ভাৱে ত্যাগ কৰিবলৈ বাধ্য কৰিলে । নিজা সৃষ্টিৰ দ্বাৰাহে সংস্কৃতি ৰক্ষা পৰে । য'ত সৃষ্টি শূণ্য তাত আকৌ সংস্কৃতি কেনেকৈ ৰক্ষা পৰিব । বহু কেইজন ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ ফলত টাই আহোমৰ সংস্কৃতি পুনৰবাৰ উত্থানৰ গতিত । এই যাত্ৰা বহু কণ্টকময় ঘাট প্ৰতিঘাটৰে পৰিপূৰ্ণ । একেদিনাই সকলো সম্ভৱ নহয় । নিজা ভাষা সংস্কৃতিৰ প্ৰতি ৰাইজৰ  আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আজিৰ তাৰিখত । বহু গাঁৱৰ মহিলাই এটা ফা-ছৗ পিন্ধবলৈ আগ্ৰহী । কিন্তু মন গলেও কি হ'ব, ঘৰৰ চাউল মুঠিৰ কথা আহি পৰে । শেষত বাকচত আগৰ পৰা থকা ব্লাউজটোকে পিন্ধিব লগা হয় । ব্লাউজ পিন্ধিলেটো মেথনি মাৰিবৈ লাগিব । ঠিক তেনেকৈ পুৰুষ সকলৰ একেই কথা ফা-ছৗ বা চাপকন এটা পটকৈ চিলাই কৰি বা কিনিবলৈ অৰ্থৰ নাটনি । ধুতি ,পাঞ্জাৱী , পাইজামা পিন্ধিয়ে টাই জাতীয় সংস্কৃতি ৰক্ষা কৰিব লগা হৈছে । সেয়ে আমি প্ৰথম সৃষ্টিত গুৰুত্ব দিয়া প্ৰয়োজন তাৰ পিছত কৃষ্টি । বুকুত মেথনি বা ধুতি পিন্ধিলে আমি ব্যক্তিগৰাকীক তুলুঙা মন্তব্য দিয়াৰ সলনি সৰ্ব প্ৰথমে টাই আহোমৰ মূল সাংস্কৃতিক পৰিৱৰ্তনৰ বাবে ব্যক্তি গৰাকীক উৎসাহ দিয়া হে সময় সমাগত । । "পু লিন পু থাও " স্মৃতি গ্ৰন্থ( তিনিচুকীয়া কেন্দ্ৰীয় মে-ডাম-মে-ফী )প্ৰকাশিত মোৰ লিখনি ।