নিচাদেউৰ সান্নিধ্যত একলম ණ...নাঙ দেৱজ্যোতি ফুকন

নিচাদেউৰ সান্নিধ্যত একলম
                     ☞ নাঙ দেৱজ্যোতি ফুকন
                         পাটসাঁকো
       ছশবছৰীয়া স্বাধীন অসমৰ গৌৰৱোজ্জ্বল যুগৰ ইতিহাস ঐতিহ্য দাপোণ স্বৰূপ আহোম ভাষা আৰু সাহিত্য সংস্কৃতিৰ বৌদ্ধিক বিকাশ,  উত্তৰণ আৰু পুনৰুদ্ধাৰ ক্ষেত্ৰত আহোম সকলৰ পুৰোহিত শ্ৰেণী মহন-দেওধাই -বাইলুঙসকল আছিল অন্যতম ৷ তাই পুৰোহিত পণ্ডিত সকলে ঐতিহ্য পৰম্পৰা ৰক্ষাৰ্থে অহোপুৰুষাৰ্থৰে জাতিৰ অস্তিত্ব পৰিচয় বহন কৰি নিজা ভাষা সংস্কৃতিৰ সাঁচিপতীয়া পুথি -পাঁজি চৰ্চাত ব্ৰতী হৈ যিসকল নমস্য ব্যক্তিয়ে অশেষ দুখ কষ্ট ত্যাগেৰে আজীৱন অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অৱদান দি আহিছে তেওঁলোকৰ ভিতৰত কিন্তু ডামচাও জোনাৰাম চাঙবুন নিচাদেউৰ কৃতিত্ব আৰু এক সুকীয়া স্থান আছে ৷
      বিগত চাৰিটা দশকত তাই ভাষা সংস্কৃতিৰ গৱেষক উপাসক,  তাই পণ্ডিত,  তাই শিক্ষক,  গীতিকাৰ,  চিন্তাবিদ হিচাবে তেখেতে ইতিহাসৰ গভীৰ সোঁতত নিজকে বিলিন হৈ দেহে কেহে জীৱনজোৰা কৰ্মেৰে দুখ বেদনাক অতিক্ৰম কৰি নানান ধৰণৰ সৃষ্টিশীল শৈলীৰে কৰ্মৰাজিৰ পৰিচয়ে উত্তৰ পুৰুষলৈ বাট দেখুৱাই গ'ল ৷ এনে এজন ব্যক্তিৰ শূন্যতাত আমিবোৰ নিৰৱ নিস্তব্ধ ৷ তেখেতৰ আদৰ্শ সদায় চিৰস্মৰণীয় ৷
           নিচাদেউৰ সাহিত্যক কৰ্মৰাজি বিশেষভাৱে শলাগ লব লাগিব ৷ কিয়নো তাই আহোম ভাষাৰ মূল্যবান আপুৰুগীয়া সাঁচিপতীয়া পুথি অসমীয়া ভাষালৈ অনুবাদ কৰে আৰু সেই পুঁথিবিলাকৰ পৰা জ্ঞান আহৰণ কৰি কেইবাখনো গ্ৰন্হ লিখি উলিয়াইছিল ৷ তেনে কেইখনমান গ্ৰন্থ হৈছে —
       নাঙ হুন ফা,  চাও আৰু তাও,  বিশ্ব নাৰী মহা তীৰ্থ,  চুম ফা ৰুঙ চুম ছেঙ্ ৰুম ছেঙ্ ম্যুঙ,  অসম বুৰঞ্জী জী উ শ্বহীদ,  নাঙ্ জয় ছেঙ্ তে,  পূজাবিধি,  লিক খম তাই,  হৃদয় শৰাই,  চাওলুঙ ছ্যুকাফা , মোৰ অমৰ জীৱন,  কবিতা নেওতা পুথি আৰু গৱেষণামূলক লেখনি ৷ তেখেতৰ চিন্তা চৰ্চা লেখনি বহু উৰ্দ্ধত আৰু গভীৰত্ব অধ্যয়নৰ পৰিসীমাই পঢ়ুৱৈ সমাজক অধ্যয়ন পুষ্ট কৰি তোলে ৷
তাই ভাষাৰ উপৰিও তাইমূলীয় দেশৰ বিভিন্ন ভাষাৰ যেনে - থাই,  চীন,  ব্ৰামিজ,  খামটি,  খাম-য়াং,  ফাকে  , আইতন,  তুৰুং ইত্যাদি ভাষাৰ সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ সুন্দৰভাবে তুলনামূলক অধ্যয়ন কৰি বিশ্লেষাত্মক ৰূপত পাণ্ডিত্যৰ গৰিমা নিদৰ্শন দাঙি ধৰিছিল ৷
       সাংস্কৃতিক গৱেষক মূখপাত্ৰ হিচাপে বিভিন্ন দেশী -বিদেশী পৰ্যটক আৰু গৱেষক সকলে তেখেতৰ ঘৰলৈ আহি ভাৱ-বিনিময় কৰিছিলহি ৷ বিশেষকৈ অষ্ট্ৰেলিয়াৰ গৱেষক ষ্ট্ৰীফেন মোৰে নিচাদেউ ঘৰলৈ প্ৰায়েই আহে আৰু নিচাদেউৱেও খুউৱ ভাল পাইছিল ৷ আনকি শৰ্যাগত অৱস্থাটো গৱেষকজনক বিছাৰিছিল ৷
        মহন-দেওধাই-বাইলুং সন্মিলনৰ দ্বাৰা ১৯৭৪ চনতে তাই ভাষা চৰ্চা গৱেষণা আৰু প্ৰচাৰৰ মৰ্মে প্ৰতিষ্ঠা কৰা কেন্দ্ৰীয় তাই একাডেমী পাটসাঁকোত ডামচাও জোনাৰাম নিচাদেউৱে সহ: শিক্ষক হিচাপে যোগ দি শেষৰফালে উপাধ্যক্ষ ৰূপে কৰ্মভাৰ চলাই যথা সময়ত অৱসৰ গ্ৰহণ কৰে ৷ একমাত্র তাই ভাষা শিক্ষাদানত ব্যস্ত নাথাকি একেসময়তে তাই গীতমাত ৰচনা কৰাৰ লগতে তাৰ সুৰ সংযোজন কৰি ইতিমধ্যে অনেক জনপ্ৰিয় গীত সমাজলৈ অবদান দি গৈছে ৷ তাই আহোমৰ লোক গীতৰ অাধাৰত লোকনৃত্য 'লাই লুঙ খাম' নৃত্যটি নাম পদসমূহ সৃষ্টি কৰি মঞ্চ প্ৰদৰ্শনৰ উপযোগী কৰি এটি মহৎ কাম কৰিলে ৷ তাৰ বাবে তেখেতৰ ওচৰত চিৰঋণী ৷ বৰ্তমানেও এই নৃত্যটি জনপ্ৰিয়তাৰ শীৰ্ষস্থানত ৷ কেৱল সেয়ে নহয় তাই আহোম সকলৰ যিকোনো সভা সমিতিৰ পতাকা উত্তোলনৰ সময়ত উপযোগী কৰি তুলিবৰ বাবে প্ৰয়োজনবোধ কৰি এক সুন্দৰ প্ৰচেষ্টাৰে তাই জাতীয় সংগীতৰূপে 'ৰাও জিন ছি ৰিট দাই নি' 'আমি শক্তিকামী আমি সৃষ্টিকামী' গীতটি ৰচনা কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হ'ল ৷ ইয়াৰ উপৰিও শেহতীয়াকৈ বেজবৰুৱা দেৱৰ ৰচিত 'অ' মোৰ আপোনাৰ দেশ'…… নামৰ জাতীয় সংগীতটি তাই ভাষালৈ নিজৰ হস্তলিপিৰে অনুবাদ কৰে ৷ অসমৰ বিভিন্ন স্হানত ইতিমধ্যে এই গীতটি পৰিবেশন কৰি সহস্ৰজনৰ  প্ৰশংসা বুটলিছে ৷ তেনেদৰে তাই সংস্কৃতিৰ দিশটো মনোনিবেশ কৰি ভালেকেইটা নৃত্য গীতৰ মূল আধাৰ সৃষ্টি কৰিছে ৷ যিকেইটা নৃত্য বৰ্তমান অতি জনপ্ৰিয়তা লাভ কৰিছে ৷

এনেকৈয়ে নিচাদেউৱে পণ্ডিত শ্ৰেণীৰ ভাষা সংস্কৃতি চৰ্চাৰ অতি পুৰণি অনুষ্ঠান মহন -দেউধাই-বাইলুঙ সন্মিলন,  অসম (১৯৬২ চন) জন্মৰ সৈতে জড়িত হোৱাৰ লগতে ১৯৮০-৮১ চনত জন্ম লাভ কৰা পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক উপ - সভাপতি ৰূপে কাৰ্যভাৰ চলাইছিল ৷ ১৯৭৫ চনত জন্ম লাভ কৰা সদৌ অসম ফুৰালুঙ সংঘৰ বিশেষ উদ্যোগত প্ৰধান সম্পাদক,  সদৌ অসম মহন-দেওধাই-বাইলুঙ সন্মিলন ১৯৮৫ চনত সভাপতি,  সদৌ অসম তাই-আহোম ছাত্ৰ সন্থা সহকাৰী সম্পাদক ১৯৬৫ চনত ছিলং,  ২০০৭ চনত অান্ত:জাৰ্তিক তাই ভাষাৰ সংস্কৃতিৰ গৱেষণা সংস্থাৰ সদস্য ৷ এনেদৰে বিভিন্ন সংগঠনৰ লগত জড়িত হৈ ভাষা সংস্কৃতিৰ সংৰক্ষণ,  প্ৰচাৰ আৰু প্ৰসাৰ আদি কৰ্মতকৰ্ম লিপ্ত হৈছিল ৷ সেইদৰে ১৯৮০ চনত বকতা কৰঙা তাই সাংস্কৃতিক সংঘ নামৰ এক অনুস্হানৰ প্ৰতিষ্ঠাতা সকলৰ অন্যতম ব্যক্তি ৷ বকতা কৰঙাতেই তাই সংস্কৃতিৰ গীত -মাত,  নৃত্য নাটক প্ৰদৰ্শন কৰাত বিশেষভাৱে আগভাগ লৈছিল আৰু সেই ঠাইৰ পৰা তাই সংস্কৃতিৰ পথাৰখন উদ্ভাসিত হৈছিল ৷
       অসম দেশ আৰু অসমীয় জাতীয় জীৱন অনন্য সংস্কৃতিৰে সমৃদ্ধ ৷ তাই আহোম লোকগীতৰ নৃত্য নাটিকাৰ সাৱলীল সুৰধ্বনিৰে উপচি থকা বিহুগীত,  বনগীত, মে-ডাম-মে-ফী, আইনাম,  চকলঙ নাম,  পৰমেশ্বৰ ফুৰা নাম,  পৰমায়ু গীত ইত্যাদি অনুপম সুৰৰ ঋঙ্কাৰ,  সন্মোহনী সুৰৰ সাগৰ ঢৌৱাই জাতীয় জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক ব্যক্তিজনেই হ'ল জোনাৰাম ছাঙবুন ফুকন ৷
      নিচাদেউ সৈতে মোৰ সান্নিধ্য একেবাৰে সৰুৰে পৰাই ৷ মোৰ দেউতাৰ সমতুল্য ৷ সেইহেতুকে নিচাদেউক বহুত শ্ৰদ্ধা কৰো ৷ শিক্ষাৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক,  তেখেতে বহুত উৎসাহ প্ৰেৰণা যোগাইছিল ৷ ১৯৮৪ চনত কেন্দ্রীয় তাই একাডেমী পাটসাঁকো তিনি বছৰীয়া পাঠ্যক্ৰম মোৰ মোৰ গুৰু আছিল ৷ নিচাদেউক মই এটা কথা লক্ষ্য কৰিছিলো যে,  পাঠদান কৰোঁতে সদায় দাৰ্শনিক চিন্তা ধাৰণাৰ মাধ্যমেদি ছাত্ৰ ছাত্ৰীৰ বুজাব বা জ্ঞান দিব বিছাৰে ৷ বহু নজনা কথাই তেখেতৰ পৰা জ্ঞান লাভ কৰিব পাৰিছিলো ৷
কেন্দ্ৰীয় তাই একাডেমীত পঢ়ি থকা সময়তেই তাই গীত মাত শিকিছিলোঁ,  একমাত্ৰ নিচাদেউৰ প্ৰেৰণাত ৷ সেই সময়ছোৱাত তাই একাডেমীতএকাডে তিনিজন শিক্ষক,  অধ্যক্ষ,  ডামচাও শিৱ মহন,  সহ: শিক্ষক পুষ্প মহন আৰু নিচাদেউ ৷ তেখেতসকল যদিও আমাৰ মাজত নাই তথাপিও তিনিজন তাই শিক্ষা গুৰুলৈ প্ৰণিপাত জনাইছোঁ ৷ তেখেত সকলক ধন্যবাদ আৰু শলাগ লব লাগিব যে তেখেতসকলে যদি তাই ভাষা সংস্কৃতিৰ অংগৰূপে স্বীকৃতি নহ'লহেতেন হয়টো আজি আমি ১৯৯৪ চনত তাই ভাষাৰ শিক্ষক পদত নিযুক্তি নহ'লোহেতেন ৷
         নিচাদেউৰ পৰা বহুত মৰম পাইছিলো ৷ তেখেতৰ প্ৰতিটো গীতেই মোৰ বাবেই হৃদয়ত স্পন্দন স্বৰূপ ৷ তেখেতৰ সৈতে অসমৰ বহু ঠাইৰ বহু অনুষ্ঠানলৈ যোৱাৰ সৌভাগ্য ঘটিছিল ৷
        ২০০৮ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা পহিলা বহাগৰ এটি আনন্দময় ঐতিহ্যময় স্মৰণীয় মূহূৰ্তৰমূহূ কথা ৷ অতীজৰ সংস্কৃতি প্ৰেমী আহোম স্বৰ্গদেউসকলৰ ৰাজপৃষ্ঠপোষকতাত যিদৰে ৰংঘৰৰ বাকৰিত ৰজা প্ৰজা সকলোৱে মিলি ৰঙালী বিহুৰ ৰং ৰহইচ উপভোগ কৰিছিল ঠিক সেইদৰে ইং ১৪/০৪/২০০৮ তাৰিখে পহিলা ব'হাগৰ দিনা ৰাজকীয় পদ্ধতিৰে ৰংঘৰ বাকৰিত ৰাঙলী বিহুৰ আয়োজন কৰা প্ৰস্তুতিৰে শিৱসাগৰ জিলাৰ কৃৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সৌজন্যত ৰঙালী বিহু উদযাপন সমিতিয়ে তাই সংস্কৃতিক গৱেষক ডামচাও জোনাৰাম চাঙবুন ফুকনদেৱেক পহিলা ব'হাগৰ দিনা  ৰাজ মৰ্যাদাৰেৰ স্বৰ্গদেউ অাসনত বহুৱালে ৷ হাতীক উঠি শোভাযাত্ৰা কৰোৱালে ৷ সেই স্মৃতি কেতিয়াও নাপাহৰো ৷ সেই অনুষ্ঠানটো শুভাৰম্ভ কৰিবলৈ তাই আদি প্ৰাৰ্থনা 'আই ছিঙ লাও' গাবলৈ মোকো নিমন্ত্ৰণ জনাইছিল ৷ নিচাদেউ আৰু মই দুয়ো একেলগ গালো ৷

২০০৬ চনত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ পাটসাঁকো সোণালী জয়ন্তী অধিৱেশনত তাই সাহিত্য সভাৰ উদ্যোগত এটি গীতৰ শ্ৰৱ্য কেছেট উন্মোচন কৰা হৈছিল ৷ সেই কেছেটটিত নিচাদেউৱেও কন্ঠদান কৰিছিল ৷ কেছেটটিৰ নাম আছিল 'চে-ৰাই-দয়' ৷ কেছেটটিত সুৰৰ সঞ্চাৰ,  সুৰ নিগৰাবলৈ পাই তেখেতে মনত বৰ আনন্দ পাইছিল ৷ তদুপৰি ২০১১ চনত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ যোৰহাট ন-কছাৰী অধিৱেশন 'চাও ফুৰা' নামৰ এটি শ্ৰাৱ্য কেছেট উন্মোচন কৰা হৈছিল ৷ সেই কেছেটটিত নিচাদেউৱে লিখা এটি গীত আছিল ৷ গীতটোৰ নাম 'মে নাম মাই হুউলী' এই গীতটোৰ সুৰ মোৰেই আছিল৷আছিল নিচাদেউক কেছেটটি মই ঘৰতেই শুনালো ৷ তেখেতে গীতটো শুনি আৱেগিক হৈ উচুপি উঠিছিল ৷ মইও ৰব নোৱাৰিলো ৷ গীতটো শুনাৰ শেষত এটা কথা মোক কৈছিল ' সোণজনী , তুমি মেৰ গীতবোৰ সুৰ দিহলৈ চেষ্টা কৰিবা আৰু গীতবোৰ জীয়াই ৰাখিবা ৷ তোমাক দিবলে মোৰ আৰু একো নাই ৷ নিচাদেউৰ এই কথাষাৰে মোক বাৰে বাৰে আমনি কৰে ৷
   নিচাদেউৰ শৰ্যাগত অৱস্হাতো এটা কথা প্ৰায়েই কৈছিল 'চুম ফা ৰুঙ ছেঙ ম্যুঙ' নৃত্য নাটিকাখন আৰু ' ছ্যুকাফাৰ ' ওপৰত কৰা ভি.চি.ডি এখন কৰিবলৈ মোৰ বৰ ইচ্ছা আছিল  ৷ কিন্তু নহ'ল গৈ আৰু ৷ নিচাদেউৰ এই কথা আৰু আশাবোৰ পূৰণ কৰিব নোৱাৰিলো আৰু তাৰ বাবে মই দুখিত ৷
     শেষত আমি আপোনাৰ গীতবোৰ চিৰযুগমীয়া হৈ থকাৰ প্ৰয়াস কৰিম ৷ আপুনি য'তেই নাথাকক সুন্দৰ জাতীয় সাজপাৰে আপুনি জিলিকি থাকক,  শান্তিৰে থাকক ৷ আমাক মৗঙ ফীৰ পৰা আৰ্শীবাদ কৰক তাৰেই কামনাৰে চিলাই ছিপ কু ঞিউ ৰঙ্ বয় বয় 
সম্পূৰ্ণকৈ পঢ়ক »

টাই আহোম ভাষা-সংস্কৃতিৰ গ্ৰীষ্মকালীন কৰ্মশালা, ২০১৭

টাই আহোম ভাষা-সংস্কৃতিৰ কৰ্মশালা ,স্থান : শদিয়া  , তাৰিখ : ১৬ জুলাই পৰা ২৩ জুলাই , ২০১৭
উদ্যোক্তা :  ডয় পাট কাই সমাজৰ উদ্যোগত সমূহ শদিয়াবাসী ৰাইজৰ সহযোগত ।

বিশ্বই একবিংশ শতিকাত ভৰি দিলে । বিজ্ঞান প্ৰযুক্তিয়ে বিশ্বক এখন সৰু গাঁৱত ৰূপান্তৰিত কৰিলে । জীয়াই থাকিবৰ বাবে বিশ্বৰ ইটো মূৰৰ ব্যক্তি এজন বিশ্বৰ এইটো মূৰৰ ব্যক্তি এজনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল । এক মানবত্বৰ সপোন পূৰণ হবই যেন লাগে এই মূহুৰ্ততে । কিন্তু হোৱা নাই ! ভাব বিনিময় কৰিবৰ বাবে বিশ্বই ইংৰাজী ব্যাপকভাৱে ব্যৱহাৰ কৰিছে । কিন্তু সেইবুলিয়েই নিজৰ নিজৰ স্বকীয় ভাষাতো পাহৰি পেলাইছে নে ? নাই পাহৰা । তেনে আমিনো কিয় আমাৰ সোণসেৰীয়া বিশ্বত বিৰল অদ্বিতীয় সুৰীয়া টাই ভাষাটো সম্পূৰ্ণৰূপে পাহৰি পেলাব লাগে ? আনহাতে ভাষাই হ'ল এটা জাতিৰ প্ৰথম আৰু প্ৰধান পৰিচয় । জাতি এটাৰ সংস্কৃতি , পৰম্পৰা , ইতিহাস আদি সকলো ভাষাটোৰ ওপৰতে নিৰ্ভৰশীল । সেয়েহে গভীৰতালৈ নগৈ , স্বাভাৱিকতে আমি কব পাৰোঁ যে টাই আহোম হিচাপে আমি নিজৰ জাতিৰ পৰিচয় সু দৃঢ় কৰিবলৈ হলে প্ৰথমে ভাষাটো আৰু পিছে পিছে সংস্কৃতি , পৰম্পৰা , সাহিত্য আদি সকলোবোৰ জীয়াই ৰাখিব লাগিব । স্ব জ্ঞানে প্ৰায় সকলো পি নঙে এই কথা উপলব্ধি কৰে বুলিয়েই আমি ভাবি লৈছোঁ । কিন্তু কৰ্মব্যস্ত প্ৰতিযোগিতা সৰ্বস্ব ব্যক্তি কেন্দ্ৰিক আজি জীৱনৰ লানি নিচিগা ব্যস্ততাৰ মাজত আছে জানো পৃথকে সময় আমাৰ ! এই ভাষা সংস্কৃতি পৰম্পৰা সাহিত্যৰ বাবে ! বছৰৰ গোটেই বাৰটা মাহ এইবোৰত লাগি থাকিলে আমি আধুনিকতাৰ দৌৰতো পিছ পৰি ৰম । কিন্তু এনেবোৰ অজুহাত সমুখত ৰাখি সদায় সদায় নিজৰ জাতীয় কৰ্তব্য দায়িত্বৰ পৰা ফালৰি কাটি আতৰি থাকিলে এদিন আমি শিপাহীন বৃক্ষৰ দৰে ক'ৰবাত উফৰি পৰিম । সেয়েহে ব্যক্তিগত জীৱনৰ ফাকে ফাকে বিশেষকৈ চৰকাৰী বন্ধৰ দিনবোৰত আমি সু পৰিকল্পিতভাৱে নিজৰ ভাষা সংস্কৃতি আদিৰ আখৰা চৰ্চা কৰি হলেও নিজৰ টাই জাতিসত্বা জীয়াই ৰাখিব লাগিব । দিনে দিনে বিকশিত কৰিব লাগিব । পত্ৰ পুষ্পৰে জাতীয় বৃক্ষজুপি সংবৰ্ধন কৰিব লাগিব । এনেবোৰ কথা সমুখত ৰাখিয়েই তথা মৗঙ দুন ছুন খামৰ পি নং টাই আহোম সকলৰ মাজত মিলন প্ৰীতিৰ এনাজৰীডাল সু দৃঢ় কৰি ৰখাৰ স্বাৰ্থতে অহা জুলাই মাহৰ ১৬ তাৰিখৰ পৰা ২৩ তাৰিখলৈ শদিয়াত টাই আহোম ভাষা সংস্কৃতিৰ এখনি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । দূৰ দুৰণিৰ পি নং সকলৰ বাবে থকা খোৱা শুৱাৰ সকলো ব্যৱস্থা কৰা হৈছে । গতিকে সমূহ পি নঙক সেই বিশেষ দিনকেইটাত উৰন্ত  ঙাও ছেং বং ফ্ৰাৰ সোণালী ধ্বজাৰ তলত একলগ হৈ , হাঁহি ধেমালি মৰম আন্তৰিকতাৰে নিজৰ ভাষা সংস্কৃতিৰ আখৰাত অংশগ্ৰহণ কৰিবলৈ প্ৰীতিভৰা আহ্বান জনালো ।

মাউ ছুং ছে কাম খা
চোম হোম ডয় পাট কাই খৗন য়াউ 
সম্পূৰ্ণকৈ পঢ়ক »

প্ৰতিবেদন: ডয় পাটকাই সমাজৰ দ্বাৰা তাই আহোমৰ পৰম্পৰা গত সাজপাৰৰ প্ৰদৰ্শনী ও প্ৰতিযোগিতা লগতে ডয় পাটকাই সমাজৰ দ্বাৰা সাঁচি গছক তাই আহোম জাতীয় বৃক্ষ ৰুপে ঘোষণা

অত্যাধুনিক ফেঞ্চি ড্ৰেছ পিন্ধি ৰেম্পত খোজ কাঢ়ি মডেলিং কৰাৰ দৃশ্য এতিয়া অসমতো তেনেই সুলভ।আধুনিকতাৰ ধামখুমীয়াত অসমীয়া সমাজৰ সভ্যতা,সীমাবদ্ধতা আওকাণ কৰি ৰাজ্যত পতা এনে মডেলিং শ্ব' বোৰে নৱ প্ৰজন্মৰ সাজপাৰৰ ক্ষেত্ৰত পেলোৱা প্ৰভাৱ অসমীয়া সমাজ ব্যৱস্থাৰ বাবে চিন্তাৰ কাৰণ হৈ অহাৰ সময়তে গত ইং ২৮ মে' ২০১৭,  দেওবাৰে নিশা ডিব্ৰুগড়ত আয়োজন কৰা হ'ল  এখন ফেশ্বন শ্ব' যত দায়বদ্ধতা দেখা গ'ল জাতীয় জীৱনৰ প্ৰতিহে। তাই আহোম জনগোষ্ঠীৰ সাহিত্য আৰু সংস্কৃতিক অক্ষুন্ন ৰখাৰ বাবে গঠিত 'ডয় পাটকাই সমাজ , অসমৰ' এই সুকীয়া প্ৰয়াস। জনগোষ্ঠীটোৰ পাৰম্পৰিক জাতীয় সাজপাৰৰ মৰ্যদা আৰু নৱপ্ৰজন্মৰ মাজত ইয়াক জীয়াই ৰখাৰ উদেশ্য আগত লৈ সমাজখনে আয়োজন কৰিলে দ্বিতীয় বাৰলৈ মিষ্টাৰ আৰু মিছ ডয় পাটকাই , অসম,  য'ত আহোম জনগোষ্ঠীৰ সাজপাৰৰ প্ৰতিযোগিতাৰে বিজয়ী খিতাপৰ বাবে ৰাজ্যৰ ২০০ ৰো অধিক যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰে।



ইফালে শ শ বছৰীয়া  নিজৰ পাৰম্পৰিক সৃষ্টি, শিক্ষাৰ পৰিসৰক ধৰি ৰখাৰ সম্বল সাঁচি পাতক জনগোষ্ঠীটোৰ লগত থকা আজন্ম সম্পৰ্কৰ বাবে ডয় পাটকাই সমাজে একেখন মঞ্চৰ পৰাই ডিব্ৰুগড় জিলাৰ বৰবৰুৱা মৈদামৰ প্ৰৱিত্ৰস্থলীত পু লিন পুথাও সকললৈ শ্ৰদ্ধা জনাই সাঁচিগছ ৰোপণ কৰি সাঁচি গছক আহোম জনগোষ্ঠীৰ জাতীয় বৃক্ষ বুলিও ঘোষণা কৰে  ৷ ইয়াৰ সংৰক্ষণৰ বাবে অসমৰ প্ৰতি ঘৰ আহোম লোকক আগবাঢ়ি আহিবলৈ ডয় পাটকাই সমাজে আহ্বান জনালে।



সম্পূৰ্ণকৈ পঢ়ক »

ঢোলৰ ( ক্বঙ ) উৎপত্তিৰ ইতিহাস ණ ... চাও চ্যু চেঙ ফা ( ঋতুৰাজ ) ফুকন, নগাঁও



ঢোল অসমৰ জনংস্কৃতিত সকলোতকৈ গুৰত্বপুৰ্ণ বাদ্য যন্ত্ৰ বুলি ক’লে বোধহয় ভুল নহব। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেই বাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্ট্যগত ঢোলবাদন প্ৰণালী আছে। পৃথিবীৰ প্ৰায় বিলাক লোক সংস্কৃতিতেই ঢোল  বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল । অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষত্বৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিচায়ক বুলিও ভবা হয় ।।

অসম তথা ভাৰততেই প্ৰণালীবদ্ধ বুৰঞ্জী প্ৰণয়নৰ প্ৰথা তাই আহোম সকলেই প্ৰথমে প্ৰৱৰ্তন কৰে বুলি পণ্ডিতসকল একমত। আহোম ভাষাত লিখিত বুৰঞ্জী সমূহক দুটা ভাগত ভাগ কৰা হৈছে। দেও বুৰঞ্জী আৰু দিন বুৰঞ্জী। পৃথিৱীৰ সৃষ্টিৰ পৰা খুনলুং খুনলাই আহি ম্যুংৰি মুং ৰামত ৰাজ্য স্থাপন কৰালৈকে বিৱৰণ থকা অংশক দেও বুৰঞ্জী আৰু তাৰ পিছৰ কালৰ আহোম ৰাজত্বৰ বিৱৰণ থকা বুৰঞ্জী (দ্যুন) অৰ্থাৎ পৃথিৱীৰ বুৰঞ্জী বুলি আহোম বুৰঞ্জীবিদসকলে কৈ গৈছে।

দেও বুৰঞ্জীৰ মতে তাই আহোমসকলৰ আদি পুৰুষ খুনলুং আৰু খুনলাই। ৫৬৮ খৃষ্টাব্দতে য়ুন্নান দেশৰ (গৰম পানীৰ উঁহ থকা ঠাই) ম্যুংৰি-মুংৰামত (ম্যুং-দেশ,ৰি-এৰা, ম্যুং-দেশ, ৰাম-নিৰ্জন) প্ৰথম ৰাজ্য স্থাপন কৰা খুনলুং খুনলায়ে লেংদনৰ পৰা পাইছিল- চুম ফ্ৰাৰুংচেংম্যুঙ (চুমদেও), হেংদান, কাইছেংমুঙ(কুকুৰা) আৰু এযোৰ ঢোল। সেই দিন ধৰি অসমত আহোম স্বৰ্গদেও সকলৰ ছশ বছৰীয়া ৰাজত্ব কাললৈকে চোমদেউৰ পূজা, হেংদান, কাইছেংমুঙ আৰু ঢোলৰ ব্যৱহাৰ আহোম সমাজত অপৰিহাৰ্য আছিল। উল্লেখযোগ্য যে আহোম ভাষা-সংস্কৃতিৰ চৰ্চা পৰম্পৰাগত ভাৱে চলি অহা উজনি অসমৰ বহুতো অঞ্চলত আজিও এই পৰম্পৰা বিদ্যমান।  ম’হ বলি দি আজিও লাকুৱাৰ ওচৰৰ ৰজাদিনতে স্থাপিত ৰঙাগড়া দেওশালত ওমফা পূজা কৰা হয়। চকলং প্ৰথাৰ বিবাহ অনুস্থানত হেংদান প্ৰয়োজন হয়, দেওধাই পণ্ডিতে আজিও কুকুৰা কাটি মংগল চায় আৰু দেওশালত পূজাৰ সময়ত  ঢোল আজিও বজোৱা হয়। আহোম সমাজৰ অতি পৱিত্ৰ এই সম্পদ কেইপদৰ বিষয়ে দেও বুৰঞ্জীত বিশেষ উল্লেখ আছে। তাই আহোম গোষ্ঠীৰ আদি পুৰুষ খুনলুং-খুনলাইৰ ৰাজ্যত ঢোল নামৰ বাদ্যটিৰ প্ৰচলন আছিল আৰু অনা বৃষ্টিৰ সময়ত ঢোল বজাই বৰষুণ আনিব পাৰি বুলি এক লোক বিশ্বাস তাই আহোম সকলৰ মাজত আজিও বিদ্যমান হৈ আছে  ৷

 দিন বুৰঞ্জীতে আৰু উল্লেখ আছে যে, খুনলুং খুনলাইৰ পিছত ছ্যুকাফাৰ জন্ম হোৱা লৈকে তাই-আহোম গোষ্ঠীৰ ৪০(চল্লিছ) জন ৰজাই ম্যুংৰি-ম্যুংৰাম, ম্যুংকং আদি ৰাজ্যৰ ৰাজপাট বহিছিল। এই ৰজাসকলৰ ভিতৰত খুনলুং পক্ষৰ আইখুনলুং, তাই তুংকুং, খনখুং, খনমকদা, খুনলা, খনুংগ, চাও চেঞ্চাও, খুনজাও, খুনজুন আদি পৰাক্ৰমী আছিল বুলি বুৰঞ্জীয়ে কয়। খুনলাইৰ সতি-সন্ততি বেছি নাছিল কিন্তু খুনলাই পক্ষৰ ৰজা আইজেপী লাকনি আছিল বিশেষ উল্লেখযোগ্য।

বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই  ‘আহোমৰ দিন’ ত লিখিছে—
       “শকাদিত্যৰ দৰে এইজনা ৰজাৰ দিনৰ পৰা সেই দেশত তেওঁৰ নিজৰ নাম অনুসৰি আইজেপী লাক নি অৰ্থাৎ লেংচং শক চলাবলৈ আৰম্ভ কৰে। এই লাকনি বা শক মান দেশত আৰু নৰা দেশত এতিয়াও চলিত হৈ আছে।”

এই মান দেশ আৰু নৰা দেশ ছ্যুকাফাৰ পিতৃ পুৰুষৰ দেশ। বুৰঞ্জীত উল্লেখ মতে — এটা সময়ত মতান্তৰ ঘটাত খুনলুঙে ম্যুংৰিম্যুংৰাম(ম্যুংৱান) শাসন ভাৰ ভায়েক খুনলাইক গটাই দি য়ুন্নানৰ নাময়াং উপত্যকাত এখন নতুন ৰাজ্য স্থাপন কৰি লয়। বৰ্তমান ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলৰ খুনলুঙে স্থাপন কৰা এই ৰাজ্য খনৰ নাম আছিল ম্যুংক্বং । এই ৰাজ্য এসময়ত তাই সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ আছিল বুলি জনা যায় । তাই ভাষাত ম্যুং মানে দেশ আৰু ক্বং মানে ঢোল। সেই ৰাজ্যত ঢোলৰ ইমান চৰ্চা আছিল যে ৰাজ্যখনৰ নামেই হৈছিল গৈ ঢোলৰ দেশ। খুনলুঙৰ দিনৰ সেই পৰম্পৰা উত্তৰ ব্ৰহ্মত আজি ও বিদ্যমান। আজি ও তাত বহাগ বিহুৰ সময়তে পালন কৰা পয় ছাং কেন উৎসৱৰ অন্যতম অংগ ঢোল—ঠিক আমাৰ ৰঙালী বিহুৰ দৰেই। জনা যায় যে ব্ৰহ্মদেশৰ দক্ষিণ উপকূলৰ অধিবাসী জনগোষ্ঠীৰ মাজতো ঢোলৰ প্ৰচলন আজিৰ দৰেই বহুল ভাৱেৰে চলি আহিছে। কিন্তু আটাইতকৈ উল্লেখযোগ্য কথা হ’ল ব্ৰহ্মদেশত প্ৰচলিত ঢোলৰ আকাৰ, আয়তন অসমৰ বিহু ঢোলৰ সৈতে হুবহু একে। অসমৰ বিহুত বজোৱা পাতি ঢোল বজোৱাৰ দৰেই ঢোলৰ সোঁফালে ঢোলৰ মাৰিৰে ব্ৰহ্মদেশৰ ঢুলীয়াই ঢোল বজায়।

     ছৗকাফাই অসমলৈ আহোঁতে বুৰঞ্জী প্ৰণয়নৰ প্ৰথাকে ধৰি লগত লৈ আহিছিল তাই-মংগোলীয় সংস্কৃতিৰ এক সুৰীয়া ধাৰা । সংস্কৃতিৰ অন্যতম অংগ নৃত্য-গীতৰ বাবে অপৰিহাৰ্য বাদ্যযন্ত্ৰ । ছৗকাফাই যে লগত ঢোল আৰু ঢুলীয়া আনিছিল সেই কথা সেই কথা সহজেই অনুমেয়। কাৰণ ঢোল আছিল স্বয়ং লেংদন প্ৰদত্ত অন্যতম সম্পদ। উপৰি পুৰষৰ পূজা আৰু আজ্ঞা পালন আহোম সমাজৰ অন্যতম সামাজিক বিধান। আনহাতে লোক-সাহিত্য জাতিৰ অলিখিত সামাজিক-সাংস্কৃতিক ইতিহাস স্বৰূপ। আমাৰ সমাজত প্ৰচলিত বিভিন্ন বিষয়ৰ মালিতাৰাজি লোক-সাহিত্যৰ অনুপম সম্পদ। আজিও ঢুলীয়া ওজা সকলে মালিতা গাওঁতে এইদৰে গায়—

      স্বৰ্গৰ পৰা নামি ছৗকাফা স্বৰ্গদেও
      কৰিলা ৰাজত্ব যাৰ নাহি সম কেউ।
         নানা বাদ্য বাজনা কৰা সভাত
      ঢাক ঢোল কৰতাল বাদ্য অসংখ্যাত।

সোধন ঢুলীয়া নামৰ এজন ওজাই ছ্যুকাফাৰ ৰাজসভাত ঢোল বজাইছিল বুলি ঢোলৰ মালিতাত উল্লেখ আছে। আজিও আমাৰ ঢুলীয়া ওজাসকলে সোধন ওজাক গুৰু হিচাবে স্মৰণ কৰে। ঢুলীয়া ওজাসকলৰ বিশ্বাস মতে সোধন ওজাই ঢোলৰ হাত, চেও তথা ঢোল বাদনৰ নীতি-নিয়ম বান্ধি গৈছে। ওজাৰ মালিতাত শুনা যায়—

               কলি যুগে ইন্দ্ৰবংশী ৰজা নামি যায়,
               সোধন ওজাই ঢোল বাই আনিলে নমাই।
               আদিতে আছিল মাত্ৰ ঢোলৰ বাজনা,
                 সোধন ওজাই বাদ্য কৰিলে ৰচনা।

উল্লেখ কৰিব পাৰি যে, তাই আহোম সমাজৰ লোক বিশ্বাসমতে ঢোল মাংগলিক বাদ্য। ঢোলৰ শব্দই প্ৰজনন শক্তি বৃদ্ধি কৰে, পৃথিৱীৰ মাটি কোমল আৰু উৰ্বৰা কৰে আৰু উন্মাদনা শক্তি বৃদ্ধি কৰে বুলি আহোম সমাজত জনবিশ্বাস আছে। ছোৱালীৰ নোৱা-তোলনী বিয়া পতা আহোম সমাজৰ অন্যতম নিয়ম আৰু নোৱা-তোলনী বিয়াত ঢোল-বাদন অপৰিহাৰ্য। বৰ বিয়াটো ঢোল বাদন অপৰিহাৰ্য। বিয়াত বজোৱা ঢোলৰ চেও সুকীয়া। বুলনি চাপৰ, চলনা হাত আদি কেতবোৰ বিশেষ চেওহে বিয়াত বজোৱা হয়। তেনেকৈ কোনো সন্মানিত ব্যক্তিক আদৰিলেও ঢোল-ডগৰৰ সুকীয়া চেও আছে। ওমফা পূজা, চোমদেউ পূজা আদিতো ঢোল-বাদন অপৰিহাৰ্য।

    স্বকীয়া বৈশিষ্ট্যপূৰ্ণ বিধি-বিধানৰ উৎসৱ-পাৰ্বন, নৃত্য-গীত, সাজ-পাৰ আদি পৰম্পৰাগত বৈশিষ্ট্যৰে সমৃদ্ধ অসমৰ সকলো জনগোষ্ঠীৰ মাজত ব্যৱহৃত একমাত্ৰ বাদ্যটো হৈছে ঢোল। কিন্তু মন কৰিবলগীয়া যে ঢোলৰ নিৰ্মাণ শৈলী তথা নিৰ্মাণৰ উপাদান, ঢোল বাদনৰ নীতি তথা কৌশল, ঢোল বাদনৰ চেও তথা লহৰি আৰু ঢোলৰ ব্যৱহাৰ সকলোৰে একে নহয়। আনকি বেলেগ বেলেগ জনগোষ্ঠীৰ ঢোলৰ শব্দও বেলেগ বেলেগ ধ্বনিৰ আৰু ঢোলৰ আকৃতি তথা আয়তনো বিভিন্ন।

অসমৰ সকলো জনগোষ্ঠীয়ে ঢোল ব্যৱহাৰ কৰিলেও ঢোলৰ নিৰ্মাণ শৈলী আৰু বাদন প্ৰথাৰ বিভিন্নতা আছে । ৰঙালী বিহুত বজোৱা ঢোলৰ দীঘ ১৮/২০ ইঞ্চি আৰু ব্যাস ১২/১৪ ইঞ্চি হ’ব লাগে । ঢোলটোৰ মাৰিৰে বজোৱা সোঁফালৰ অংশ গৰুৰ ছালৰ আৰু হাতেৰে বজোৱা বাওঁফালৰ অংশ ছাগলীৰ ছালেৰে নিৰ্মিত। কঁঠাল, চাম আৰু আম গছৰ মাজ অংশ কাটি তাৰ মাজৰ অংশ ফোঁফোলা কৰি এই ঢোল নিৰ্মাণ কৰা হয়। বসন্ত কালতে ঢোল নিৰ্মাণ কৰাটো পৰম্পৰাগত বিধান।
প্ৰসংগক্ৰমে ক’ব পাৰি ঢোল নিৰ্মাণৰ এই পৰম্পৰা আহোম সকলৰ মাজত আজিও আছে। পূৰ্বতে উল্লেখ কৰা হৈছে যে অসমত বিহুৰ ঢোলৰ দৰে ঢোলৰ ব্যৱহাৰ ম্যানমাৰ, থাইলেণ্ড আদি তাই-মংগোলীয়া সমাজত আজিও আছে। ব্ৰহ্মদেশ, শ্যামদেশত আজিও প্ৰচলন থকা ঢোলৰ গঢ় আৰু আকৃতি, বাঁহৰ মাৰিৰে বজোৱা বাদন শৈলীৰ লগত অসমৰ ঢোলৰ ইমান সাদৃশ্যৰ কাৰণ মূলতঃ ঐতিহ্য বুলি ধাৰণা কৰাৰ যুক্তি নিশ্চয় আছে। ম্যানমাৰ আদি দেশৰ তাঈ সকলৰ মাজত অৱশ্যে বৌদ্ধ ধৰ্মৰ ভিন্ন অনুস্থানত বজোৱা এমুৰে বজোৱা ভিন্নধৰণৰ ঢোলো আছে।

 সংগীত সাস্ত্ৰত অনবদ্য বাদ্য বুলি বৰ্ণিত জন্তুৰ ছালেৰে নিৰ্মিত ঢোল জাতীয় বাদ্য পৃথিৱীৰ প্ৰায় সকলোতে আছে। কিন্তু বিহুৰ ঢোলৰ দৰে আকৃতি-আকাৰ আৰু বাদন শৈলীৰ ঢোল ব্ৰহ্মদেশ আৰু অসমত থকা কথাই কথাই কিহৰ ইংগিত দিয়ে ? উল্লেখ কৰিব পাৰি ২৪ খন ঘাই ঢোলৰ হাতৰ চৰ্চা পৰম্পৰাগত ভাৱে কৰি অসমত ঢোলৰ চৰ্চা ৰক্ষা কৰা ঢুলীয়া ওজা সকলৰ বেছিভাগেই তাই আহোম সম্প্ৰদায়ৰ। বুলনি চেও, পানীতোলা চেও, বলিকটা চেও বজোৱা এই ঢুলীয়া ওজা সকল নিশ্চয় ছ্যুকাফাৰ দিনৰ সোধন ওজাৰে সাংস্কৃতিক নাতি-পুতি তথা উত্তৰাধিকাৰী।

ইয়াৰ দ্বাৰা য়ে বুজিব পাৰি যে  ঢোল আহোম সকলৰে অৱদান ।।
সম্পূৰ্ণকৈ পঢ়ক »

ডয় পাটকাই ණ ...চাই অঙ লী ম' হুঙ, বিভাগীয় সম্পাদক, ভাষা আৰু সাংস্কৃতিক বিভাগ, ডয় পাটকাই সমাজ, অসম



মৗঙ দুন ছুন খামৰ এজাক তৰুণী
নাছিল কাৰোৰে  চিনাকি পুৰণি ,
স্বজাতিক ভালপাই আহিল আগবাঢ়ি
পাট কাই নামেৰে এখনি
                         সমাজ মেলিলে পাতনি |

মৰম চেনেহৰ নহয় নাটনি
যদিও আছে আমাৰ খাম খেয়ালী ,
কথাই কথাই হয় অঁৰিয়া অৰি
লগ পালেই হয় আকৌ  হাঁহি ধেমালি  ,
এয়াই আমাৰ পাট কাই সমাজ
নাই কোনো ধৰা বন্ধা নীতি ।

ফা ছৗ কাং কেন থোং টাই আমাৰ চিৰলগৰী
ছাই এং ফা ৰু ফা মাই ফা ছিন ভালকৈ পিন্ধিবি
থুনুক থানাক পি নং হতৰ সুৰীয়া ভাষাৰ মাত
সুৱদী ভাষাৰ অস্ফুত ধ্বনি শুনি পৰে দেহা শাত

দুচকুত আমাৰ হেজাৰ আশা জ্বলে তিৰবিৰাই
মামৰে ধৰা দাপ হেং আকৌ উঠিবনে চিকমিকাই লোক লান টাই আমি আজিও আছোঁ জীয়াই
টাইত্ব ফিৰাই আনি পাৰিমনে কব ৰাও পেন টাই

গীতে মাতে নাচি নাচি পৰিলেও ভাগৰি
নিজ কৰ্তব্যৰ কথা কেতিয়াও নাপাহৰিবি ,
নাম লাউ খাই খাই নপৰিবি বাগৰি
আহোম মানে নহয় লাউ আৰু গাহৰি ।

জাতিৰ হকে কৰিবলৈ বহুতেই আছে কাম
আশা কৰোঁ অনাগত দিনত সবাকে কাষত পাম
হাতত হাত ধৰি এনেকৈ  একেলগে আগুৱাম
স্বজাতিৰ গীত মাত হাঁহি হাঁহি একেমুখে গাম ।

পূৰ্ণ হ'ল আজি আমাৰ তিনিটি বছৰ
মিঠা স্মৃতি পৰিছে মনত মোৰ সোণালী দিনৰ
আতৰি  আতৰি নাযাবি পি নং চেনেহৰ
পাট কাই সমাজ  হওঁক চিৰমিলনৰ ।

Mau Shung Mau Shung P Nong Tai
Khuon Yaau Mau Shung Doi Paat Kai
Jaa Ron Pan Sum Sing Sum Mut Sii Dai
Maa Onn Kan P Nong Tai Tang  Laai
       Tong  Chau Jim Muo Kham Laai
       Tong  Chau Jim Muo Kham Laai
সম্পূৰ্ণকৈ পঢ়ক »

অখ্যাত ණ... জোনাক নীলিম চাংমাই



কিমান আৰু জীয়াঢলৰ লেতেৰা পানী খাম
ফুটা কপালত এটি জুইফোঁট লৈ

জংকি-পানৈৰ পুৰণা দেহা দুটিত
পোৰা মঙহৰ গোন্ধ কোনে সানিলে!

ডুবি যাব
অজান বুকুৰ হুমুনিয়াহ•••

বিদায়ৰ বাবে লাগে এটি অজুহাত
পুনৰ লগ পোৱাৰ মৌন আশাত।

সংযোজন:
অখ্যাত এই শিৰোনাম
গোলাঘৰৰ বাৰুদৰ সমান
যদিও নহয় লাচিতৰ সমান।


সম্পূৰ্ণকৈ পঢ়ক »

সম্পাদকীয় বিষয়: ন্যাস পূঁজি বনাম ম' ছাম, ম' ছাই, ম' প্লঙ, এই তিনিশ্ৰেণী পণ্ডিত পৰিয়ালৰ দূৰ্দশা

সম্পাদকীয়

বিষয়:  ন্যাস পূঁজি আৰু ম ছাম, ম ছাই,  ম প্লঙ তিনিশ্ৰেণী পণ্ডিতৰ পৰিয়ালৰ দূৰ্দশা

মৃত্যুশয্যাত চাও ফা ছ্যু পাত ফাই বৰপুত্ৰ লাই কোঁৱৰক মুৰত হাত বোলাই বুজনি দি গৈছিল:  " সৰুক বৰ বিষয় বাব নিদিবি,  ৰাজসভাত জোঙা ঢোল বজাই নটিনী ননচুৱাবী ৷ পথালিফোঁটাক বিশ্বাস নকৰিবি ৷ "
         কিন্তু শুনিছিল নে লাইকোঁৱৰে পিতাকৰ শেষবাণী ৷ নুশুনিল ৷ পঠালিফোঁটাৰ শৰণাপন্নহৈ ৰাজগুৰু মহন, দেওধাই,  বাইলুঙ সকলক ক্ৰমান্বয়ে অৱহেলা কৰিবলৈ আৰম্ভ কৰিছিল লাইকোঁৱৰে ৷ কিন্তু মৃতকৰ দোষে ধৰিছিল  লাইকোঁৱৰক ৷ ৰাজ্যত আৰম্ভ হৈছিল কেইবাটাও অঘটন ৷ তথাপি অনুতপ্ত নহ'ল লাই কোঁৱৰ ৷ হিন্দুত্বৰ ষড়যন্ত্ৰত তল পৰিছিল প্ৰাচীন পৰম্পৰাপুষ্ট দেওধাই বাইলুঙৰ সংস্কাৰধৰ্মী কথাবোৰ ৷  পুনৰ আউনীআটী শত্ৰত শৰণ লৈ লাইকোঁৱৰ বৈষ্ণৱ হৈছিল ৷ ফলস্বৰুপে গুৰু ওপৰ উঠিছিল, ৰজা তল পৰিছিল ৷ এনেদৰেই আৰম্ভ হৈছিল আহোম ৰাজত্বৰ ছশবছৰীয়া সোণালী দিনৰ বেলি মাৰ যোৱাৰ কাহিনী ৷ ৰজাঘৰে ক্ৰমশঃ পাহৰি যাবলৈ আৰম্ভ কৰিছিল ছৗ কা ফা দেওৰ সেই শ্ৰদ্ধাৰ তিনি শ্ৰেণীৰ ৰাজ পণ্ডিতক ৷ যি সকলে কুকুৰা ঠেঙেৰে মঙল চাই ভৱিষ্যত নিৰ্ণয় কৰিব পাৰিছিল, যাৰ অনুগ্ৰহত আহোম ৰাজতন্ত্ৰৰ আয়ুস নিদ্ধাৰণ হৈছিল সেইসকলক অৱজ্ঞাৰ ফলস্বৰুপে নিজৰ পৰম্পৰা সমূহ পালন কৰাত ৰাজপৰিয়ালে বিলম্ব কৰিবলৈ আৰম্ভ কৰাৰ পৰিণতিত আহোম ৰাজত্বৰ পতন ঘটিছিল ৷
            ইতিহাসৰ নিৰ্মোহ বিশ্লেষণ কৰাৰ সাহস আমাৰ নাই কিন্তু ঘটি যোৱা ঘটনাক্ৰমৰ পাকবোৰৰ পৰাই আমি শিক্ষা আহৰণ কৰিব লাগিব ৷ সেই তাহানি দিনৰ ৰজাঘৰে অৱহেলা কৰা আমাৰ শ্ৰদ্ধাৰ তিনি শ্ৰেণীৰ পণ্ডিত সকলৰ জীৱন নিৰ্বাহ পদ্ধতি আজিও বহু অৱহেলিত ৷ দ্ৰৰিদ্ৰ সীমাৰেখাৰ তলত অতি কষ্টৰে জীৱন নিৰ্বাহ কৰিও তেওঁলোকে বহু কষ্টকৰ ভাৱে আমাৰ জাতীয় পৰম্পৰাসমূহ অক্ষুন্ন ৰাখিছে ৷ বহুতে ধৰ্মীয় দিশটোক বহুতে অৱহেলা কৰিলেও আহোমৰ ঘৰত জন্ম হোৱা প্ৰতিজনেই এটা কথা অনুভৱ কৰে যে  মৃতকৰ দোষৰ পৰা কোনো হাৰি যাব নোৱাৰে ৷ মৗঙ ফীত থকা আমাৰ ওপৰি পুৰুষসকলৰ সদ কামনাইহে আমাক এক সুন্দৰ জীৱন দিব বুলি আমি আশাবাদী ৷ তাৰবাবে আমি নিজৰ পৰম্পৰাসমূহ আদৰি লবলৈ শিকাৰ লগতে শ্ৰদ্ধা কৰিবলৈও শিকিব লাগিব ৷
        ইতিমধ্যেই বহুকেইজন তাই আহোমৰ পণ্ডিতে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ হেতু সু চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি লব লগা হৈছে ৷ তেনেস্থলত আমাৰ উঠি অহা প্ৰজন্মৰ কৰিব লগা একো নাইনে?  আমি আমাৰ শ্ৰদ্ধাৰ তিনি শ্ৰেণীৰ এই পণ্ডিত সকলক সহায় কৰিবলৈ এক ন্যাস পূঁজি গঠন কৰিব নোৱাৰোনে ? ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ বিষয়তো সূধীজনলৈ এৰিলো ৷ আমি আশাবাদী নতুন সকলকলৈ পুৰণিসকলকো আমি জীয়াই ৰাখিব পাৰিব লাগিব  ৷ খ্বন মৗঙৰ পৰিয়ালৰ পৰা আমাৰ সকলোলৈকে অনুৰোধ দেওধাই, মহন,  বাইলুঙ সকলক সহায় কৰিব পৰাকৈ এক ন্যাস পূঁজি গঠন কৰাত আপোনালোকে গঠনমূলক পৰামৰ্শ আগবঢ়াব ৷ আমি বিশ্বাস কৰোঁ নিজৰ  পৰম্পৰা জীয়াই ৰাখিলেহে জাতি ৰক্ষা পৰিব ৷
সম্পূৰ্ণকৈ পঢ়ক »

সেন্দুৰ বৰ্জন: টাই আহোমৰ গৌৰৱ ණ...চাও কন খাম চেঙ কু কৈ, উত্তৰ লক্ষীমপুৰ




  টাই জাতিৰ এক গৌৰৱ সেন্দুৰ বিহীনতা ,  যি বাকী সকলৰ তুলনাত টাই জাতিটোক এক অন্য ৰুপ প্ৰদান কৰিছে ৷  সেন্দুৰে নাৰীক পুৰুষৰ দাসী বনোৱাৰ লগতে নাৰীৰ বিবাহিত জীৱনৰ কিছু ব্যক্তিগত স্বাধীনতাৰ পৰাও আতঁৰ কৰে। সেই সেন্দুৰ অবিহনেও সমগ্ৰ টাই জাতিৰ নাৰী পুৰুষৰ সমভাৱে স্থান লাভ কৰি আহিছে যি বৰ্তমান সময়ত অতি গৌৰৱৰ কাৰণ।
   কিন্তু হিন্দু ধৰ্মৰ প্ৰভাৱত পৰি টাই আহোমসকলৰ মাজত এই সেন্দুৰ ব্যাপকভাৱে সোমাই পৰিল যি সমগ্ৰ আহোম জাতিৰ বাবে অতি পৰিতাপৰ বিষয়। ক্ৰমশঃ উপৰিপুৰুষৰ উপাসক টাই আহোমসকলে হিন্দু দেৱ-দেৱীক পূজা কৰি বৰ্তমান নিজৰ নিজস্বতা হেৰুৱাই পেলাইছে।বৰ্তমান সমাজ ব্যৱস্থা এনে পৰ্যায় পাইছেগৈ যে সেন্দুৰ অবিহনে এগৰাকী নাৰী অসম্পূৰ্ণ বুলি সমাজে বিবেচনা কৰে।
   সুখবৰ যে বৰ্তমান টাই আহোমৰ মাজৰ পৰাই এই সেন্দুৰ প্ৰথা এৰুৱাবলৈ আমাৰ কেইজনমান পি নঙে এক প্ৰচেষ্টা আৰম্ভ কৰিছে।যি প্ৰচেষ্টাক আমি এক মুখে শলাগিছোঁ, কিন্তু কথা হ'ল আমি কেনেকৈ এই প্ৰচেষ্টা আগুৱাই লৈ যাম। তাৰ কাৰণে আমি কিছু পৰ্যায়ক্ৰমে আগবাঢ়ি গ'লেহে আমি সফল হব পাৰিম বুলি আশা কৰিব পাৰি ৷

 আমাৰ প্ৰথম পৰ্যায়ত এটা ডাঙৰ প্ৰশ্ন আহে যে আমি কিয় সেন্দুৰ বৰ্জন কৰিব লাগে??
    টাই জাতিৰ মাজত অতীতৰ পৰা আৰম্ভ কৰি বৰ্তমান বা ভৱিষ্যতলৈ কোনো সেন্দুৰৰ প্ৰচলন নাই । তেন্তে সেই টাই জাতিৰে এটা ঠাল টাই  আহোমসকলে নিজৰ নিজস্বতা কিয় হেৰুৱাব?   আৰু সেন্দুৰ হ'ল এক ৰাসায়নিক পদাৰ্থ যি মানৱ শৰীৰৰ বাবে যথেষ্ট অপকাৰী , যি অপকাৰী তাক গ্ৰহণ কৰাৰ কোনো প্ৰশ্নই নুঠে।
 
আমি কেনেকৈ কৰিম এই প্ৰচেষ্টা এইটো এটা ডাঙৰ প্ৰশ্ন  ?
  হিন্দু ধৰ্মই টাঈ আহোম সমাজত এনে ব্যাপকভাৱে সোমাই পৰিছে যে এই সমাজৰ পৰা সেন্দুৰ বৰ্জন কৰাটো ইমান সহজসাধ্য নহয়।কিন্তু সেইবুলি আমি মুখ মেলি বহি থাকিলেও একো নহব। তাৰ বাবে আমি পৰিকল্পনা কৰি আগবাঢ়ি যাব লাগিব। বৰ্তমান সময়ত আমাৰ পি নঙ সকলে বিবাহপাশত আবদ্ধ হোৱাৰ সময়ত সেন্দুৰ বৰ্জন কৰিব লাগিব।প্ৰয়োজন সাপেক্ষে বৃদ্ধসকলক ভালকৈ বুজাব লাগিব যে সেন্দুৰ আমি কিয় বৰ্জন কৰিব লাগে। ধৈৰ্য্যৰ ফল সদায় মিঠা।  আমি ধৈৰ্য্য ধৰি আমাৰ পৰবৰ্তী কাৰ্যত অগ্ৰসৰ হব লাগিব।
সেন্দুৰ বৰ্জন কৰিবলৈ আমি কি কৰিম??
   আমি টাই আহোম।বিশাল টাই  জাতিৰ এটা অংগ। টাই  সমাজৰ সেন্দুৰবিহীন এই নিয়ম পালন কৰাটো আমাৰ কৰ্তব্য। এইক্ষেত্ৰত আমাৰ তিনি পণ্ডিত মলুং দেওধাই বাইলুং সকলৰ কৰণীয় যথেষ্ট আছে । টাই আহোমৰ বিবাহ চকলঙত সেন্দুৰবিহীন কৰাটো আমাৰ তিনি পণ্ডিতৰ দায়িত্ব । চকলঙত অকল পণ্ডিতসকলৰেই নহয় দৰা কইনা বা তেওঁলোকৰো দায়িত্ব সেন্দুৰবিহীন কৰাটো।

   বিশাল টাই  জাতিৰ অংগ টাই  আহোমসকলে টাই  জাতিৰ নিয়ম পালন কৰাটো তেওঁলোকৰ কৰ্তব্য।হিন্দু ধৰ্মই গ্ৰাস কৰা আহোম জাতিটোক স্ব-ধৰ্মলৈ ঘুৰাই আনিবলৈ হ'লে সেন্দুৰ বৰ্জন কৰিব লাগিব। এই ক্ষেত্ৰত সকলো পি নঙৰ সহায় সহযোগে এই সেন্দুৰ বৰ্জন প্ৰচেষ্টাক সফল ৰুপত এদিন ফলৱৰ্তী কৰিব বুলি আমি আশাবাদী।

বি:দ্ৰ: মোৰ এই লেখাটো মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ ধৰিত্ৰী গগৈ ফুকন বাইদেউ(ডাঙৰ পি)লৈ আগবঢ়ালো।তেওঁৰ আমাৰ আদৰ্শ।
সম্পূৰ্ণকৈ পঢ়ক »

ডাম চাও জোনাৰাম চাংবুন ফুকন ছাৰক মই যেনেদৰে পাইছিলো ණ...নাং তিলো হাতীবৰুৱা, হাতীবৰুৱা গাঁও, পাটসাঁকো


       মৃত্যু !  কোনেও ভাল নোপোৱা এটা শব্দ ৷ মানুহৰ মৃত্যুতেই তেওঁৰ জীৱনৰ পৰিসমাপ্তি নহয় ৷ যিসকল ব্যক্তিয়ে তেখেতৰ জীৱিত অৱস্হাত নানা মহৎ কাৰ্যৰ জৰিয়তে জীৱনটোক সাৰ্থক কৰি থৈ যায় তেওঁলোক মৃত্যুৰ পাছতো সকলোৰে মাজত জীৱন্ত হৈ থাকে ৷ কিন্তু আমাৰ সৰ্বসাধাৰণৰ বাবে এই 'মৃত্যু' শব্দটো অতি ভয়লগা আৰু ই আমাৰ মনত ভাবিব নোৱাৰা আঘাত দিয়ে ৷ মৃত্যু যদিও এক চিৰন্তন সত্য,  তথাপি ইয়াক মানি লবলৈ বৰ কষ্ট হয় ৷ বিশেষকৈ আপোনজনৰ বাবে ৷
            ফুকন ছাৰ মৃত্যু হ'ল ৷ তেখেতৰ মৃত্যুৱে বৃহত্তৰ সমাজৰ ক্ষতি সাধন কৰিলে ৷ কিন্তু তেখেতৰ সৃষ্টিৰাজি,  কৰ্মৰাজি,  ভাৱাদৰ্শবোৰ ৰাখি থৈ গ'ল ৷ ছাৰৰ পৰা আমি বহুত পালো যদিও বহু পাবলৈ থাকি গ'ল ৷ সচাঁকৈ জীৱন কৰ্মৰেহে জোখা হয় ৷ অসমবাসীয়ে হেৰুৱালে  এগৰাকী তাই আহোম সাহিত্যৰ সেৱক ৷ তেখেত তাই আহোম ভাষা সংস্কৃতিৰ এগৰাকী গৱেষক পণ্ডিত আছিল ৷ সেয়ে আহোম ভাষা সংস্কৃতিৰ বিনিময় ঘটাবৰ বাবেই থাইলেণ্ড,  জাপান,  বাৰ্লিন আদি গৱেষকসকলে ছাৰৰ লগ পাবলৈ আহিছিল আৰু ছাৰৰ আতিথ্য গ্ৰহণ কৰিছিল ৷ ফুকন ছাৰ যদিও মৃত্যু হ'ল,  কিন্তু তেখেতৰ গুণৰাজি স্মৃতি চেকুৰা হৈ গ'ল ৷ তেখেতৰ সানিধ্যলৈ অহা প্ৰতিটো মূহূৰ্তত নিজক চিনি পাবলৈ,  নিজক জানিবলৈ আৰু নিজক প্ৰস্তুত কৰি দৃঢ়তাৰে থিয় দিবলৈ দুৰ্জয় মনোবলে আগবাঢ়ি যাবলৈ মোৰ প্ৰতিটো কথাতেই গঠনমূলক পৰামৰ্শ দিছিল ৷ সেয়ে এই স্মৃতিচাৰণ প্ৰৱন্ধটিত মোৰ স্মৃতিৰ চন্দুকত থকা দুটামান কথা উল্লেখ কৰিলো ৷ এই ছেগতে প্ৰসংগৰ সংগতি ৰাখি ছাৰৰ সান্নিধ্যত থকা দুটামান ব্যক্তিগত কথা ক'ব বিছাৰিলো ৷ টোল পদ্ধতিত তাই আহোম ভাষাৰ শিক্ষা আহৰণ কৰিছিলো যদিও ১৯৭৫ চনৰ ১৩ জুলাই তাৰিখে আনুষ্ঠানিক তাই আহোম ভাষাৰ শিক্ষা আহৰণ কৰোতে ডামচাও জোনাৰাম ছাঙবুন ফুকন ছাৰে মোক দ্বিত্বীয় বাৰ্ষিকত নাম ভৰ্তি কৰোৱায় ৷ কাৰণ মই তাই আহোম ভাষাৰ বুৰঞ্জী,  অভিধানৰ অৰ্থ,  কথা বতৰা আদি জনাৰ বাবে ছাৰে মোৰ দ্বিত্বীয় বাৰ্ষিকত নাম ভৰ্ত্তি কৰে ৷ ছাৰৰ অনুপ্ৰেৰণাতেই পাটসাঁকো কেন্দ্ৰীয় তাই একাডেমীৰ পৰা চূড়ান্ত পৰীক্ষাত প্ৰথম স্হান লাভ কৰিবলৈ সক্ষম হওঁ ৷ সেয়ে ১৯৭৭ চনত পাটসাঁকো তাই একাডেমীতেই মোক সহ শিক্ষয়ত্ৰী পদত নিযুক্তি দিয়ে ৷ আৰু ‌১৯৮৯ চনত জাছিঙ্ ফা প্ৰিন্টাৰ্চত তাই আহোম ভাষাৰ পাঠ্যপুথি ক'ম্প'জ কৰিবলৈ তাই একাডেমী ফালৰ পৰা পঠিয়ায় ৷ এই ক্ষেত্ৰত ছাৰে গৈ প্ৰেছত প্ৰায়ে দিহা পৰামৰ্শ দিছিল ৷ ১৯৯০ চনৰ ১ , ২ অক্টোবৰত দুলিয়াজানত অনুষ্ঠিত পূৰ্বাঞ্চল তাই কৃষ্টি সমাৰোহত ৰাক্ চাঙ্ মাই লোক নৃত্য (মোৰ নিজা সৃষ্টি)  পৰিৱেশন কৰো চাৰৰ পৰামর্শতেই ৷ ১৯৯২ চনত শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ,  পাঞ্জাবাৰী গুৱাহাটীত হোৱা 'অসম লোক দেৱদেৱী, তেওঁলোকৰ অবয়ব আৰু ইয়াৰ লগত জড়িত পৌৰাণিক আখ্যান আৰু কিংবদন্তি আলোচনা চক্ৰৰ আলোচক হিচাপে অংশগ্ৰহণ কৰো চাৰৰ বাবেই ৷১৯৯৪ চনৰ জানুৱাৰীত পাটসাঁকো তাই একাডেমীৰ Board of Tai Examination ত যোৰহাট জিলাৰ হোলোঙাপাৰ তাই একাডেমীত External (Visiting)  officer হিচাপে দ্বায়িত্ব দিছিল ফুকন ছাৰেই ৷ ১৯৯৫ চনৰ ১০, ১১ ছেপ্তেম্বৰত পূৰ্ণকান্ত বুঢ়াগোহাঞি ভৱন,  খোৱাঙত তাই শিক্ষক সাক্ষাৎকাৰৰ লিখিত পৰীক্ষা উত্তৰ বহীৰ নিৰীক্ষকৰ দ্বায়িত্ব পালন কৰো ছাৰৰ নিৰ্দেশতেই ৷ ১৯৯৮ চনৰ ১,২,৩,৪ মে'ত বান্ -অক্- পাপ্-লিক্  ম্যুঙ্ তাইৰ পঞ্চদশ অধিৱেশন উত্তৰ লক্ষ্মীমপুৰ নগৰত ২ মে' দিনা আলোচনা চক্ৰ ' অসমত তাই সংস্কৃতিৰ বিকাশৰ ধাৰা আৰু ইয়াৰ মূল্যায়ন ' আলোচক হিচাপে একমাত্ৰ ফুকন ছাৰেই অনুপ্ৰেৰণা যোগাইছিল ৷ ২০০০ চনত সদৌ অসম মহন -দেওধাই -বাইলুঙ পণ্ডিত পৰিষদ পাটসাঁকোৰ সাগৰবেৰাত তাই গীত, তাই বিহু,  বিয়া নাম প্ৰতিযোগিতাত বিচাৰকৰ দ্বায়িত্ব অৰ্পন কৰিছিল ফুকন ছাৰেই ৷ ২০০২ চনত 'চকলঙ্' বিয়াৰ এখন ডকুমেন্টৰী ডিব্ৰুগড দূৰদৰ্শন কেন্দ্ৰৰ পৰা প্ৰচাৰ হৈছিল ৷ এই ডকুমেন্টৰীখনত ছাৰৰ নিৰ্দেশতেই মুখ্য ভূমিকঙ্গ গ্ৰহণ কৰিবলৈ সুবিধা পাওঁ ৷
২০০৪ চনৰ ২৮ অক্টোবৰত ব্লু মুন হোটেল সভাকক্ষ, উজান বজাৰ গুৱাহাটীত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উদ্যোগত হোৱা আলোচনা চক্ৰৰ একমাত্ৰ মহিলা আলোচক হিচাপে অংশগ্ৰহণ কৰিছিলো ছাৰৰ অনুগ্ৰহতেই ৷
         ২০০৫ চনৰ ৭,৮,৯ জুলাইত পূৰ্বাঞ্চল তাই সাহিত্য সভাই তাই ভাষাৰ অভিধান প্ৰণয়নৰ প্ৰশিক্ষণ(Tai Dictionary,  Hotel Minarbha,  Guwahati) মিনৰ্ভা হোটেল,  গুৱাহাটীত প্ৰশিক্ষক আছিল - টাবু টাইদ, বিশ্বেশ্বৰ হাজৰিকা আৰু ড° প্ৰফুল্ল কুমাৰ মহন্ত ফুকন ছাৰৰ সৈতে প্ৰশিক্ষণ লবলৈ সুবিধা পাইছিলো ৷ ২০০৬ চনৰ ২১, ২২, ২৩, ২৪ জানুৱাৰীত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ 'ৰূপালী জয়ন্তী বৰ্ষ' উপলক্ষে তাই সাহিত্য সভাই এটা তাই ভাষাৰ শ্ৰাব্য কেছেট 'চে-ৰাই-দয়' উলিয়াইছিল ৷ এই কেছেটত আই -ছিঙ্ লাও, ফুৰা নাম,  লখিমী আদৰা আদি গীতত ফুকন ছাৰৰ আৰু সহযোগীসকলৰ সৈতে কণ্ঠদান কৰিলো ৷ ২০০৬ চনৰ ৩, ৪, ৫, ৬, ৭, ৮ জুলাইত পূৰ্বাঞ্চল তাই সাহিত্য সভাই তাই আহোম ভাষাৰ পাঠ্যপুথি প্ৰণয়নৰ দ্বায়িত্ব অৰ্পন কৰে Tex Book for class 3 (Venue -SCERT -Assam)  এচ.চি. ই . আৰ. টি সভাকক্ষ ৷ এই কৰ্মশালাত ছাৰ আছিল আমাৰ বাবে পথ প্ৰদৰ্শক ৷ তদুপৰি Upper Assam cultural festival and workshops,  22 February to 25 th February,  2008 Indira Gandhi National center for the arts, New Delhi in Collabration with District Administration,  Tinsukia and Srimanta Sankardeva Kalakshetra,  Guwahati.  Venue:  District library and Dak Banglow ground,  Tinsukia.
        ২০০৮ চনৰ ২২,  ২৩, ২৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ তিনিচুকীয়াত উজনি অসমৰ জনগোষ্ঠী কেইটাৰ সাংস্কৃতিক সমাৰোহ আৰু তথ্য সংগ্ৰহৰ কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলো ছাৰৰ বাবেই ৷ সেয়ে তেখেতৰ গঠনমূলক পৰামৰ্শই আমাক যেন সদাই উজ্জীৱিত কৰি ৰাখে ৷ ইমানতেই তেখেতৰ জীৱনৰ কৰ্মৰাজি বখানি শেষ কৰিব নোৱাৰি ৷মই মাত্ৰ এচিকুটমান দাঙি ধৰিলো ৷
        শেষত ডামচাও ছাঙবুন ফুকন ছাৰৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক,  তাকেই ফ্ৰা-ত্ৰাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷
         ৰঙ্ বয়্ বয়্ ৷
সম্পূৰ্ণকৈ পঢ়ক »

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এটি আলোচনা ණ...ড° চন্দন কুমাৰ বৰতামুলী, নতুন দিল্লী






বৰ্তমান অসমত ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কিছু বিতৰ্ক হোৱা দেখা গৈছে। যি ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এই বিতৰ্কৰ সৃষ্টি হৈছে সেই জনগোষ্ঠীকেইটাৰ বিষয়ে কিছু কথা নজনাকৈ বা ভাৰতীয় সংবিধানৰ মতে কোনবিলাক জনগোষ্ঠীক জনজাতি বুলি কোৱা হয় সেই বিষয়ে নজনাকৈ কোনো মতামত দিবলৈ অসুবিধা হয় আৰু মতামত দিয়াটো উচিতো নহয়। গতিকে, প্ৰথমে ভাৰতৰ সংবিধান মতে জনজাতি চিনাক্তকৰণৰ সময়ত কোনবিলাক জনগোষ্ঠীক জনজাতি বুলি কোৱা হৈছিল সেই কথা বৰ্তমান সময়ৰ প্ৰেক্ষাপটত অলপ বিশ্লেষণ কৰি চোৱা যাওক। ভাৰতীয় সংবিধানৰ ৩৪২ নং দফা (Article 342) মতে, জনজাতিসকলৰ পাঁচটা প্ৰধান বৈশিষ্ট্য থাকে:

১/ Primitive Traits (আদিম চাৰিত্ৰিক বৈশিষ্ট্য)

২/ Geographical Isolation (ভৌগোলিক বিচ্ছিন্নতা)

৩/ Distinct Culture (স্বকীয়তাবিশিষ্ট সংস্কৃতি)

৪/ Shyness of Contact with Community at large (সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ)

৫/ Economic backwardness (অৰ্থনৈতিক অনগ্ৰসৰতা)

বৰ্তমান জনজাতিকৰণ কৰিবলগীয়া ছটা জনগোষ্ঠী হৈছে কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোম। এতিয়া প্ৰতিটো জনগোষ্ঠীকে এই পাঁচটা চাৰিত্ৰিক বৈশিষ্ট্যৰ মাজেৰে পৰ্য্যবেক্ষণ কৰি চোৱা যাওক।

প্ৰথমতে আৰম্ভ কৰোঁ, ইতিমধ্যে ১৯৯৬ চনৰ বছৰটোত অধ্যাদেশৰ যোগেদি জনজাতি বুলি ঘোষণা কৰা কোঁচ-ৰাজবংশী জনগোষ্ঠীটোৰ পৰা। কোনো কোনো বিজ্ঞৰ মতে, কোঁচসকল কিৰাট-কছাৰীৰ বাৰটা ফৈদৰ এটা। কিৰাট-কছাৰীৰ বাৰটা ফৈদ হৈছে: Dimsaya (দিমাচা), Barhaya (বড়ো), Juhala Luiya (লালুং/তিৱা), Intu Hajaya (হাজাই), Badu Sonolaya (সোণোৱাল কছাৰী), Intu Minkhaya (মৰাণ), Dounaya (দেউৰী), Intu Machaya (মেছ), Kachubaya (কোঁচ), Intu Garoya (গাৰো), Rabha Kirataya (ৰাভা), Badu Hajaya (হাজং)। কোনো কোনো বুৰঞ্জীবিদৰ মতে, কোঁচসকল মংগোলীয় মূলৰ মানুহ। আদিতেই তিব্বতৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰি অহা মংগোলীয় জাতিসকলৰ ভিতৰত কোঁচ এটা। যদিওবা আৰম্ভণিতে কোঁচসকল তেতিয়াৰ কমতাপুৰ ৰাজ্যত বসবাস কৰিছিল, বৰ্তমান কোঁচ-ৰাজবংশীসকলক পশ্চিমবংগ, অসম, মেঘালয় আৰু বিহাৰৰ কিছু অংশত পোৱা যায়। কোঁচ শব্দৰ লগত ৰাজবংশী শব্দটো হয়তো ১৮শ শতিকাৰ শেষলৈহে যোগ হৈছিল। যেতিয়া কোঁচসকল হিন্দু সমাজৰ উচ্চ বৰ্গৰ সৈতে বিশেষকৈ বঙালী ভদ্ৰলোকৰ সংস্পৰ্শলৈ আহিল আৰু হিন্দু ধৰ্ম অনুকৰণ কৰিবলৈ ল’লে তেতিয়াই হিন্দু উচ্চ বৰ্গ সমাজখনে কোঁচসকলক নিম্ন বৰ্গৰ বুলি বিবেচনা কৰিবলৈ ধৰিলে। ফলত কোঁচসকলৰ মাজত সমাজত সন্মানীয় স্থান পাবৰ কাৰণে সংস্কৃতকৰণ (Sanskritisation) আৰম্ভ হ’ল আৰু ৰাজবংশী শব্দৰ উদ্ভৱ হ’ল। ২০১১ চনত অসম চৰকাৰে National Commission for Backward Classes (NCBC)-এ লিখা এখন চিঠিৰ উত্তৰত লিখিছিল যে কোঁচ, ৰাজবংশী আৰু কোঁচ-ৰাজবংশী এই তিনিওটা শব্দৰ ঠাইত কোঁচ-ৰাজবংশী শব্দটোহে ব্যৱহাৰ কৰিব লাগে আৰু বৰ্তমানে কোঁচ-ৰাজবংশী শব্দটোহে সাংবিধানিক শব্দ।

বৃটিছ স্থান বিৱৰণিকাৰ বংগ লোকপিয়ল প্ৰতিবেদনৰ ১৯০১ চনৰ ১ম অংশৰ ৩৮২ আৰু ৩৮৩ পৃষ্ঠাত দিয়া মতে, যদিওবা কোঁচসকলে নিজকে ৰাজবংশী বুলি কয় তথাপিতো দুয়োটা জাতি দুটা সম্পূৰ্ণ পৃথক সমুদায়ৰ পৰা আৰম্ভ হৈছে। (Bengal Census  Report, 1901, Part I, Page 382-83)। কোঁচবিলাক মংগোলীয় মূলৰ আৰু ৰাজবংশীবিলাক দ্ৰাবিড়ীয় মূলৰ যি বোধহয় ৰাজবংশী নামটো কোঁচ ৰাজ্যৰ স্থাপনৰ বহুত আগতেই পাইছিল। এই সূত্ৰমতে, কোঁচ জনগোষ্ঠীটো বহু ঠাইত দ্ৰাবিড়ীয়সকলৰ লগত সানমিহলি হৈ আছে যদিওব পূৰ্বতে তেওঁলোক মংগোলীয় মূলৰ আছিল। তেওঁলোকৰ ভাষাৰ কছাৰী, লালুং, চুতীয়া আৰু গাৰোসকলৰ ভাষাৰ লগত বহুতো মিল আছে। ১৯০১ চনৰ লোকপিয়ল মতে অসমত প্ৰধান জাতিকেইটাৰ জনসংখ্যা এনেধৰণৰ আছিল— কোঁচ ২,২২,০০০; ৰাজবংশী ১,২০,০০০; কলিতা ২,০৩,০০০; নদীয়াল ১,৯৫,০০০; আহোম ১,৭৮,০০০; যোগী ১,৬১,০০০; কেওঁট ১,৪৯,০০০ আৰু চুতীয়া ১,৮৬,০০০। বৰ্তমান কোঁচ আৰু ৰাজবংশীসকলৰ মাজত প্ৰভেদ বিচৰাটো অসম্ভৱ। গেইটৰ অসম বুৰঞ্জী মতে, “অসমত কোঁচ নামটো হিন্দুলৈ পৰিৱৰ্তন হোৱা কছাৰী, লালুং, মিকিৰ আৰু অন্য জনজাতিৰ লোকসকলক দিয়া হৈছিল”।

এতিয়া লাগিলে আমি যিটো সূত্ৰকে মানি নলওঁ কিয়, প্ৰতিটো সূত্ৰ মতেই কোঁচ-ৰাজবংশীসকল জনজাতীয় লোক। তথাপিও ভাৰতীয় সংবিধানে বিচৰা পাঁচটা বৈশিষ্ট্যৰ ফালৰ পৰা কোঁচসকলক পৰ্য্যবেক্ষণ কৰি চোৱা যাওকঃ-

১/ আদিম চাৰিত্ৰিক বৈশিষ্ট্য: কোঁচসকলে এতিয়াও কলপাত আৰু কলপটুৱাত লৈ খাদ্য খাই ভাল পায়। নাৰিকলৰ কোৰোকা, বাঁহৰ বা কাঠৰ হেতা, শুকান লাওৰ বৰ্তন আদি ব্যৱহাৰ কৰে; যি তেওঁলোকৰ আদিম চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিচয় দিয়ে। তেওঁলোক আজিও প্ৰকৃতিৰ উপাসক। কোঁচ-ৰাজবংশীসকলে আজিও সামূহিকভাবে চিকাৰ কৰিবলৈ যায় আৰু চিকাৰত যি পায় সকলোৰে মাজত কলপাতত সমানে ভগাই লয়। তেওঁলোকৰ কমতপুৰী ভাষাতো আদিম চাৰিত্ৰিক বৈশিষ্ট্য দেখা পোৱা যায়।

২/ ভৌগোলিক বিচ্ছন্নতা: কমতাপুৰখনেই আছিল কোঁচ-ৰাজবংশীৰ ৰাজ্য। যদিও বৰ্তমান বহুতো অন্য জনজাতিৰ দৰে কোঁচ-ৰাজবংশীসকল অসম আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে; ১৯৪৯ চনৰ ১২ ছেপ্টেম্বৰত কোঁচৰ শেষ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা কোঁচ-বিহাৰ সংযুক্তিকৰণ চুক্তি (Cooch Behar Merger Agreement, 1949) মতে কোঁচ-বিহাৰ ভাৰতৰ লগত মিলিত হয়।

৩/ স্বকীয়তা বিশিষ্ট সংস্কৃতি: কোঁচসকলৰ নিজৰ পৰম্পৰাগত সাজ-পাৰ আৰু আ-অলংকাৰ আছে। মহিলাসকলে পাটনি আৰু পুৰুষসকলে ধূতি পিন্ধে আৰু কান্ধত হালধীয়া কাপোৰ লয়। বয়োজ্যেষ্ঠসকলে পাগুৰি মাৰে। তেওঁলোকে ৰাজবংশী বা কমতাপুৰী ভাষা কয়। তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট নিয়ম বা জাতিগত অভ্যাস আছে। অসমত গোৱালপৰীয়া লোকগীত আৰু বংগত ভাৱাইয়া গান হিচাপে প্ৰসিদ্ধ গীতবিলাক কোঁচ-ৰাজবংশীসকলৰেই অৱদান। হুদুম পূজাৰ গীত আৰু নৃত্য, বাশি পুৰাণ গান, বাশ নৃত্য, পদ্মা-পুৰাণ গান, গোৱালিনী নৃত্য, কাৰ্তিকা নৃত্য, কুশান গানৰ নৃত্য— এই সকলোবিলাকেই কোঁচ-ৰাজবংশীসকলৰ সাংস্কৃতিক বৈশিষ্ট্য।

৪/ সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ: বৰ্তমানেও কোঁচসকলে নিজৰ মাজতে সমাজ পাতি থাকি ভাল পায়। সমজুৱাভাবে চিকাৰ বা মাছ ধৰিবলৈ যাওঁতে সমাজৰ অন্য লোকক লগত নিয়া দেখা নাযায়। তেওঁলোকে নিজৰ মাজতে বিয়া-বাৰুৰ সম্পৰ্ক কৰে। বৈষ্ণৱীসকলৰ নিজাববীয়াকৈ নামঘৰ থাকে। সমাজৰ বৃহদাংশৰ পৰা আজিও তেওঁলোক আঁতৰত থাকি ভাল পায়।

৫/ অৰ্থনৈতিক অনগ্ৰসৰতা: কোঁচসকল উত্তৰ-পূবৰ অন্য আগবঢ়া জাতিতকৈ আৰ্থিকভাবে যথেষ্ট দুৰ্বল। প্ৰাচীন কমতাপুৰৰ গাঁও অঞ্চলৰ বাসিন্দাসকল বহুতো অন্য জনজাতিতকৈয়ো আৰ্থিকভাবে পিছপৰা।

হয়তো এই সকলোবিলাক বৈশিষ্ট্য থকাৰ কাৰণে এবছৰৰ কাৰণে হ’লেও ভাৰত চৰকাৰে কোঁচসকলক অধ্যাদেশ জাৰি কৰি জনজাতি বুলি ঘোষণা কৰিছিল।

এতিয়া আহোঁ অসমৰ অন্য এটি প্ৰাচীন জনগোষ্ঠী মৰাণসকললৈ। এই মৰাণসকল মূলতে অষ্ট্ৰিকমৰীয়া গোটৰ আৰু পাছলৈ বড়োসকলৰ লগত সংমিশ্ৰিত হৈ এটা বেলেগ জাতিৰ জন্ম দিয়ে। কোনো কোনো নৃতত্ববিদৰ মতে মৰাণসকল বৃহত্তৰ বড়ো জাতিৰ ভিতৰৰে এটা জনগোষ্ঠী। কোনো কোনো বিজ্ঞৰ মতে, মৰাণসকল কিৰাট-কছাৰীৰ বাৰটা দলৰ মাজৰ এটা। Intu-Mingkhaya সকলেই মৰাণ জনগোষ্ঠী। মৰাণসকল বৰ্তমান অসমৰ তিনিচুকীয়া জিলাত আৰু কিছু সংখ্যক অৰুণাচলৰ লোহিত আৰু টিৰাপ জিলাত বসবাস কৰে। আহোমসকলৰ আগমনৰ আগতে মৰাণসকলৰ নিজৰ স্বাধীন ৰাজ্য আছিল। নাম আছিল বেংমৰা। বৰ্তমান তিনিচুকীয়া জিলাখনেই অতীজৰ বেংমৰা। যদিওবা অসম বুৰঞ্জীত মৰাণসকলক মটক আৰু মোৱামৰীয়া বুলিও আখ্যা দিয়া হৈছে আচলতে এই তিনিটা জাতিৰ মাজত কিছু পাৰ্থক্য আছে। মটক এটা সম্পূৰ্ণ জাতি আৰু  মোৱামৰীয়া হ’ল এটা ধৰ্মীয় গোষ্ঠী। মোৱামৰীয়া টিফুক সত্ৰ আৰু তাৰ বাৰখন উপসত্ৰৰ শিষ্যসকলকে মৰাণ বুলি কোৱা হয়। মৰাণ আৰু মোৱামৰীয়াৰ অন্য সত্ৰৰ যেনে দিনজয়, পুৰণা মাটি, বগৰী তলীয়া ইত্যাদিৰ শিষ্যসকলক মটক বুলি কোৱা হয়। গতিকে সকলো মৰাণেই মটক কিন্তু সকলো মটকেই মৰাণ নহয়। শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য শ্ৰীঅনিৰুদ্ধদেৱে এই মোৱামৰীয়া সত্ৰ আৰম্ভ কৰিছিল। মৰাণসকল মোৱামৰীয়া সত্ৰৰ শিষ্য হোৱাৰ আগতে শাক্ত আছিল আৰু শদিয়াৰ কেঁচাইখাতী থানত বিশ্বাস কৰিছিল। আজিও মৰাণসকলে কেঁচাইখাতী থানৰ মহিমাত বিশ্বাস কৰে।
ভৌমপাল বংশৰ পতনৰ পাছৰে পৰা মৰাণসকল স্বাধীন আছিল। তেওঁলোকৰ ৰাজ্যখন সৰু আৰু চাৰিওদিশৰ পৰা নদীৰে আগুৰা আছিল। উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিছাং, পূবত ছাফ্ৰী আৰু পশ্চিমত মহাবাহু ব্ৰহ্মপুত্ৰই মৰাণ ৰাজ্যক সুৰক্ষা প্ৰদান কৰিছিল। ১২২৮ খ্ৰীষ্টাব্দত যেতিয়া আহোমৰ প্ৰথম স্বৰ্গদেও চাওলুং চুকাফা আহিছিল তেতিয়া মৰাণ ৰাজ্য আহোমে দখল কৰাৰ বিষয়ে যদিও বিভিন্ন বুৰঞ্জীত বিভিন্ন তথ্য আছে তথাপি এটা কথাত সকলো একমত যে মৰাণ ৰাজ্য যুদ্ধত জিনি নহয় বৰঞ্চ কূটনৈতিক উপায়েৰেহে দখল কৰা হৈছিল। আহোম ৰজাই মৰাণসকলক বিভিন্ন পদত নিযুক্তি দিছিল। হাতীচুঙ্গী, হাতীবৰুৱা, ঘোঁৰাবৰুৱা ইত্যাদি পদত মৰাণসকলকে নিযুক্তি দিয়া হৈছিল। মৰাণসকল জাতি হিচাপে আত্মনিৰ্ভৰশীল আছিল। ৰূপাই-গঞা ফৈদে ৰূপৰ গহণা গঢ়িছিল, তেলেপীয়াসকলে ঘানিত মিঠাতেল পেৰিছিল, কাড়ীগঞা ফৈদে ধনুকাড় সাজিছিল, নাওশলীয়াই নাও সাজিছিল আৰু টেকেলাসকলে ইখন-সিখন গাঁৱৰ মাজত বিনিময় ব্যৱসায়ত সহায় কৰিছিল। শিলিখা-ঘটীয়াই ঔষধ প্ৰস্তুত কৰাত, হাতীমৰীয়াই হাতী ধৰাত আৰু দাইনী-গঞাই বেমাৰ-আজাৰত যাদু-মন্ত্ৰ কৰাত নিপুণ আছিল। টিফুক সত্ৰৰ সত্ৰাধিকাৰে মৰাণসকলে বসতি কৰা বহু অঞ্চল বৃটিছক চাহবাগান খুলিবলৈ দিয়াৰ পাছৰে পৰা মৰাণসকল সম্পূৰ্ণ আত্মনিৰ্ভৰশীল হ’ব নোৱাৰা হ’ল।

ঊণবিংশ শতিকাত ইংৰাজসকলে চাহৰ বাগান খুলিবৰ কাৰণে মৰাণসকলৰ বহু বসতিস্থল দখল কৰাৰ ফলত তেওঁলোক আৰু একাষৰীয়া তথা অন্য বাসিন্দাসকলৰ পৰা আঁতৰি গ’ল। ৰূপাই সিদিং, দহোতীয়া গাঁও, দৰীয়া ভেটি গাঁও, চুকেৰাটিং চাহ বাগিছা আদি পূৰ্বতে মৰাণসকলৰে বাসস্থান আছিল। ডুমডুমা চহৰৰ ওচৰৰ ৰূপাই ৰূপাই-গঞা ফৈদৰ, দহোতীয়া গাঁও দহোতীয়া ফৈদৰ, চুকেৰাটিং চাহ বাগিছা চকৰী-গঞা ফৈদৰ বাসস্থলী আছিল বুলি মৰাণসকলে বিশ্বাস কৰে।

এতিয়া এই মৰাণসকলক ভাৰতীয় সংবিধানৰ পাঁচটা বৈশিষ্ট্যৰে পৰ্য্যবেক্ষণ কৰি চোৱা যাওক সেইসকল জনজাতি আখ্যা পোৱাৰ যোগ্য হয়নে নহয়?

১/ আদিম চাৰিত্ৰিক বৈশিষ্ট্য: মৰাণসকলে বৈষ্ণৱধৰ্মত শৰণ লোৱাৰ পাছতো তেওঁলোকৰ অতীজৰ নীতি-নিয়মবিলাক এতিয়াও মানি চলিছে। মৰাণসকলৰ কিছুমান নিয়ম বৈষ্ণৱ ধৰ্মৰ বিপৰীতমুখীহে। কেঁচাইখাতী গোঁসানীৰ ওচৰত তেওঁলোকে এতিয়াও হাঁহ-ছাগলী উচৰ্গা কৰে। সত্ৰৰ পৰিসীমাৰ ভিতৰতে জীৱ-জন্তু উচৰ্গা কৰা হয় আৰু যজ্ঞঘৰত উচৰ্গা কৰা জীৱ-জন্তু ৰন্ধা হয়। মৰাণসকলে বিভিন্ন উপলক্ষ্যত, যেনে শ্ৰাদ্ধ আৰু কাজ তথা এনেধৰণৰ ধৰ্মীয় অনুষ্ঠান বা ডাঙৰ নদীত সমূহীয়াকৈ মাছ মৰাৰ আগতে বা হাতী ধৰিবলৈ যোৱাৰ আগতে চৰাই-চিৰিকতি বা জীৱ-জন্তুৰ উচৰ্গা কৰে। মৰাণসকলে পানীত ডুবাইহে জীৱ-জন্তু উচৰ্গা কৰে, বলি দি নহয়।

২/ ভৌগোলিক বিচ্ছিন্নতা: মৰাণসকলৰ এক নিৰ্দিষ্ট ভৌগোলিক অৱস্থিতি আছে। অতীজৰে পৰা বৰ্তমানলৈকে তেওঁলোক অসমৰ তিনিচুকীয়া জিলা আৰু তাৰ ওচৰে-পাজৰে বসবাস কৰি আহিছে। মৰাণসকল বসবাস কৰা অঞ্চলত বৰ্তমানেও কোনো ডাঙৰ ৰাস্তা নাই তথা আধুনিকতাৰ কোনো চাপ পৰা নাই।

৩/ স্বকীয়তাবিশিষ্ট সংস্কৃতি: মৰাণসকলৰ এটা সুকীয়া সংস্কৃতি আছে। পাঁচকাঠীয়া, কেখেলা, ক’লীয়া ৰিহা আদি মৰাণসকলৰ কইনাৰ সাজ-পাৰ। কইনাই লগতে বাঁহ-কুঁহিলা বা গছৰ পাতৰ মূৰীয়াল পিন্ধে। বিয়াত মৰাণসকলে ক’লাবুঢ়ীৰ নাচ নাচে। মৰাণসকলে মাত্ৰ ব’হাগ বিহুহে পাতে। বিহু উদযাপন শদিয়াৰ কেঁচাইখাতী গোঁসানীৰ থানৰ পৰাহে আৰম্ভ হয়। মৰাণসকলে মিচিংসকলৰ আলি-আয়ে-লৃগাং তথা সোণোৱাল-কছাৰীসকলৰ বাইথৌ পূজা পতাৰ সময়তে গৰখীয়াৰ ভোজ পাতে। এওঁলোকৰ দোৱানটো বড়ো ভাষাৰ লগত মিলে। মৰাণসকলে আইতাকক জিজিআ আৰু শহুৰেকক আবুদাউ বুলি কয়। মৰাণ দোৱানৰ মাত্ৰ কেইটামান শব্দহে বৰ্তমান ব্যৱহৃত হৈ আছে, যেনে- আপিতেই-সদায়, হেদুং-সীমা, হেৰম-খালী পথাৰ, খাৰমাউ-ৰঙালাউ ইত্যাদি।

যদিওবা মৰাণসকলে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছে, তেওঁলোকৰ ৰীতি-নীতি অইন বৈষ্ণৱ ধৰ্মীসকলতকৈ সম্পূৰ্ণ পৃথক আৰু কিছুক্ষেত্ৰত বিপৰীতমুখীহে।

৪/ সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ: অসমৰ অন্য জনজাতিসমূহৰ দৰেই মৰাণসকলেও নিজৰ মাজতে থাকি ভাল পায়। বাহিৰৰ সমাজৰ লগত তেওঁলোকৰ যোগাযোগ বৰ কম। মৰাণ সমাজত এটা কথাই পৰিৱৰ্তন হৈছে যে তেওঁলোকে অতীজৰ বিনিময় প্রথা বাদ দি মুদ্রা অৰ্থনীতিক আঁকোৱালি লৈছে। যদিও আহোমৰ আগমনৰ আৰম্ভণিতে মৰাণ আৰু আহোমসকলৰ মাজত বৈবাহিক সম্পৰ্ক ঘটাৰ বিষয়ে কোনো কোনো বুৰঞ্জীত উল্লেখ আছে কিন্তু বৰ্তমান সময়ত মৰাণ সমাজখন অতি ৰক্ষণশীল।

৫/ অৰ্থনৈতিক অনগ্ৰসৰতা: ২০০৩ চনত অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত দিয়া বিৱৰণমতে অসমত থকা প্ৰায় চাৰিলাখ মৰাণ সম্প্রদায়ৰ জনসংখ্যাৰ ভিতৰত ২০%-ই ভূমিহীন শ্ৰমিক, ২০% দহবিঘাতকৈ কম খেতি-মাটিসম্পন্ন, ৮% কুৰিবিঘাতকৈ কম খেতি-মাটিসম্পন্ন আৰু ৫% কুৰিৰ পৰা পঞ্চাশবিঘা খেতি-মাটিসম্পন্ন খেতিয়ক আছিল। তদুপৰি একে তথ্যমত মাত্ৰ চাৰিগৰাকী মহাবিদ্যালয়ৰ অধ্যাপক, দুগৰাকী ৰাজপত্ৰিত বিষয়া, ছগৰাকী বিশ্ববিদ্যালয় পৰ্যায়ৰ বিদ্যাৰ্থী, তিনিগৰাকী চিকিৎসা মহাবিদ্যালয়ৰ বিদ্যাৰ্থী আৰু মাত্ৰ ত্রিশগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰ পর্যায়ৰ বিদ্যাৰ্থীহে আছিল। লগতে এইটোও উনুকিওৱা হৈছিল যে মৰাণ সম্প্রদায়ৰ পৰা কোনো বিধায়ক বা সাংসদ নাই। এই তথ্যৰ পৰাই মৰাণসকলৰ অর্থনৈতিক অনগ্ৰসৰতাৰ আভাস পোৱা যায়।
গতিকে ওপৰৰ তথ্যসমূহৰ পৰা দেখা যায় যে কিৰাট-কছাৰী মূলৰ পৰা হওক বা বড়ো মূলৰ পৰাই হওক বা পাঁচটা সাংবিধানিক বৈশিষ্ট্যৰ ফালৰ পৰায়ে চোৱা যাওক মৰাণসকল অনুসূচিত জনজাতি আখ্যা পোৱাৰ অধিকাৰী।

এতিয়া আমি মৰাণ জনগোষ্ঠীৰ সম্পূৰ্ণ জাতিটোলৈ আহোঁ, যাক আজিৰ অসমত মটক বুলি কোৱা হয়। মটক এটা সম্পূৰ্ণ জাতি যাৰ বহুসংখ্যক মানুহেই মৰাণ জনগোষ্ঠীৰ। শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য শ্ৰীঅনিৰুদ্ধদেৱে আৰম্ভ কৰা মোৱামৰীয়া সত্ৰ বৰ্তমান বহুকেইখন উপসত্ৰত বিভক্ত, যেনে- টিফুক, দিনজয়, পুৰণা মাটি, বগৰী তলীয়া ইত্যাদি। এই সকলোবোৰ মোৱামৰীয়া সত্ৰৰ শিষ্যসকলক একেলগে মটক বুলি কোৱা হয়। মৰাণ জনগোষ্ঠীটো আচলতে টিফুক সত্ৰ আৰু তাৰ বাৰখন উপসত্ৰৰ শিষ্যসকলহে। গতিকে সকলো মৰাণেই মটক কিন্তু সকলো মটকেই মৰাণ নহয়। মটক জাতিৰ ভিতৰত মৰাণসকলৰ বাদেও অন্য বহু লোক আছে। কিন্তু আজিও মৰাণ আৰু মটক শব্দ দুটা সমানাৰ্থক ভাবে ব্যৱহাৰ কৰা হয়। মৰাণসকলে নিজকে হাবিতলীয়া আৰু অন্য মটকসকলক মুকলীয়া বুলি কয়। বৃহত্তৰ মটক গোষ্ঠীৰ লোকসকলৰ জীৱন-শৈলী মৰাণসকলৰ লগত প্রায় একেই। ভাষাৰ ফালৰ পৰাও তেওঁলোক সমভাষী আৰু সামাজিক স্থিতিও প্রায় একেই। গতিকে সাংবিধানিক বৈশিষ্ট্যবিলাকৰ ফালৰ পৰাও মটকসকলক মৰাণসকলৰ একে শ্রেণীতে ৰাখিব পাৰি। গতিকে মটকসকলৰ বিষয়ে বেলেগকৈ পৰ্য্যালোচনা কৰাৰ প্রয়োজনবোধ নহয়। মাত্র এটা কথাই ক’ব পাৰি যে মটকসকলো মৰাণসকলৰ দৰেই অসমৰ ভূমিপুত্ৰ আৰু অনুসূচিত জনজাতি আখ্যা পোৱাৰ পূৰ্ণ অধিকাৰী।

এতিয়া আহোঁ অসমৰ ভূমিত প্রায় ৪০০ বছৰ ৰাজত্ব কৰা অইন এটা জনগোষ্ঠী চুতীয়াসকললৈ। চীন-তিব্বতীয়মূলৰ তিব্বত-বৰ্মীয় পৰিয়ালৰ অন্তৰ্গত চুতীয়াসকলে বৰ্তমানৰ অসম আৰু অৰুণাচলৰ কিছু অংশত প্রায় ৪০০ বছৰ ধৰি ৰাজত্ৱ কৰিছিল। অসমৰ সমভূমিত বাস কৰা আদিম আৰু প্রধান জনগোষ্ঠীকেইটাৰ ভিতৰত চুতীয়াসকলো এটা। সোঁৱণশিৰিৰ পৰা লক্ষীমপুৰ হৈ বিশ্বনাথলৈকে ব্রহ্মপুত্ৰ উপত্যকাৰ সম্পূৰ্ণ উত্তৰপাৰত চুতীয়া ৰাজ্য বিয়পি আছিল। বৰ্তমান চুতীয়াসকল উজনি অসমৰ বিভিন্ন প্রান্তত বসবাস কৰে। যদিও চুতীয়াসকলক বৰ্তমান হিন্দু বুলি অভিহিত কৰা হয়, প্রকৃততে তেওঁলোক “শ্যান” কূলৰ পৰা উৎপত্তি হোৱা বুলি ভবাৰ যথেষ্ট থল আছে। বুৰঞ্জীবিদ এডৱাৰ্ড গেইটৰ মতে-

“The Sutiyas now number about a twelfth of a million and are found chiefly in Lakhimpur, Dhemaji, Tinsukia and Dibrugarh districts and the adjacent Sivasagar, Jorhat and Golaghat districts. Their language, which is still known to the Deoris, or priestly section of the group, is unmistakably Bodo, but their appearance suggests that they have in their frames a considerable infusion of Shan(Tai) blood. They occupied a tract nor far removed from the home of the Shans, and the probability is that they absorbed considerbale numbers of earlier immigrants of that race, just as in more recent times they have intermarried with the Ahoms, to such extent that, at the census of 1891, one third of those who recorded their sub-group described themselves as Ahom-Sutiya.”

(চুতীয়াসকল, যাৰ সংখ্যা বৰ্তমান এক নিযুতৰ বাৰভাগৰ এভাগ, তেওঁলোকক ঘাইকৈ লক্ষীমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু ডিব্ৰুগড় তথা আশেপাশে থকা শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পোৱা যায়। তেওঁলোকৰ ভাষা, যিটো দেউৰী অৰ্থাৎ তেওঁলোকৰ পুৰোহিতসকলে আজিও জানে সেইটো নিঃসন্দেহে বড়ো, কিন্তু   অৱয়বৰ ফালৰ পৰা ভাব হয় যে তেওঁলোকৰ সৈতে পৰ্য্যাপ্ত পৰিমাণে “শ্যান (টাই)” গোষ্ঠীৰ ৰক্ত সংমিশ্ৰিত হৈ আছে। শ্যানসকলৰ গৃহভূমিৰ পৰা অনতিদূৰতে তেওঁলোকে বসতি স্থাপন কৰিছিল আৰু সম্ভৱতঃ পূৰ্বতে অহা সেই একে গোষ্ঠীৰ প্রব্ৰজনকাৰীসকলৰ লগত পৰ্য্যাপ্ত পৰিমাণে মিলি গৈছিল যেনেকৈ পিছৰ কালছোৱাত তেওঁলোকে আহোমসকলৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰি ইমানেই মিলি গৈছিল যে ১৮৯১ চনৰ লোকপিয়লত তেওঁলোকৰ এক-তৃতীয়াংশই নিজকে আহোম-চুতীয়া উপগোষ্ঠীৰ বুলি পৰিচয় দিছিল।)

চুতীয়াসকলৰ প্ৰথম ৰজা বীৰপালে ১১৮৭ খ্ৰীঃ-ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চুতীয়া সাম্ৰাজ্য স্থাপন কৰিছিল। এই শক্তিশালী সাম্ৰাজ্যই কালক্ৰমত পুৰণি পাল বংশৰ ৰাজ্যকো পৰাস্ত কৰি নিজৰ অধীনলৈ আনে। শদিয়াত ৰাজধানী স্থাপন কৰি চুতীয়া ৰজাসকলে প্ৰায় ৪০০ বছৰ কাল বৰ্তমান অসমৰ বহু অংশ তথা অৰুণাচলৰো কিছু অংশত ৰাজত্ব কৰিছিল। বীৰপালৰ পুত্ৰ গৌৰীনাৰায়ণ বা ৰত্নধ্বজ পাল তেওঁলোকৰ সৰ্বশ্রেষ্ঠ ৰজা আছিল। তেখেতে কমতাপুৰৰ ৰাজকুমাৰীক বিয়া কৰাই কমতাপুৰ ৰাজ্যৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। চুতীয়াসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ৰাজ্য বহলাবলৈ লওঁতে তেওঁলোকৰ আহোমসকলৰ লগত সংঘৰ্ষ হয়। আহোম ৰজা চুতুকফাক এটা
এটা সন্ধিৰ সময়ত চুতীয়াসকলে হত্যা কৰে। ফলত আহোম সম্ৰাজ্যৰ লগত সংঘৰ্ষ বৃদ্ধি পায়। ১৫২৩ খ্ৰীষ্টাব্দত আহোমসকলে চুতীয়া ৰজা নিত্যপালক হত্যা কৰি শদিয়া দখল কৰে আৰু শদিয়াখোৱা গোঁহাইৰ ওপৰত শদিয়াৰ ভাৰ অৰ্পণ কৰে।

চুতীয়াসকল হিন্দুধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগতে তেওঁলোকে যিটো ধৰ্মক বিশ্বাস কৰিছিল সেই ধৰ্মৰ বুদ্ধধৰ্মৰ সৈতে বহুতো মিল আছিল। তদুপৰি তেওঁলোকে তেওঁলোকৰ পুৰোহিত দেউৰীসকলৰ যোগেদি কালীৰ বিভিন্ন ৰূপক উপাসনা কৰিছিল। কালীৰ অন্য ৰূপ কেঁচাইখাতী গোঁসানী আছিল তেওঁলোকৰ প্ৰধান দেৱী।

এতিয়া সংবিধানৰ ফালৰ পৰা এই জাতিটোক পৰ্যবেক্ষণ কৰি চোৱা যাওকঃ-

১/ আদিম চাৰিত্ৰিক বৈশিষ্ট্য: এসময়ত চুতীয়াসকলৰ কেঁচাইখাতী গোঁসানীৰ ওচৰত নৰবলি দিয়াৰ কথাও উল্লেখ আছে। তেওঁলোকে অপৰাধীক কেঁচাইখাতী গোঁসানীৰ ওচৰত বলি দিছিল। চুতীয়াসকলৰ বহুতেই আজিও কেঁচাইখাতী গোঁসানীক বিশ্বাস কৰে আৰু এতিয়াও দেৱীক সন্তুষ্ট কৰিবলৈ জীৱ-জন্তু তথা চৰাই-চিৰিকতি বলি দিয়ে। ইতিমধ্যে অনুসূচিত জনজাতি বুলি পৰিচিত দেউৰীসকলক চুতীয়াসকলে এতিয়াও নিজৰ পুৰোহিত বুলিয়ে গণ্য কৰে। তেওঁলোকৰ মন্ত্ৰ-তন্ত্ৰৰ ওপৰত এতিয়াও অটল বিশ্বাস।

২/ ভৌগোলিক বিচ্ছিন্নতা: চুতীয়াসকলে ঘাইকৈ অতীজতে চুতীয়া সম্ৰাজ্যৰ অধীনত থকা জিলাকেইখনতে বৰ্তমানেও বসবাস কৰে। আহোমসকলৰ লগত বৈবাহিক সম্বন্ধ গঢ়ি তোলাৰ ফলত চুতীয়াসকল আহোম সম্ৰাজ্যৰো কিছু অংশলৈ বিয়পি পৰে আৰু বৰ্তমানে আহোমসকলৰ বসতি স্থলৰ আশে-পাশে চুতীয়াসকলেও বসবাস কৰে।

৩/ স্বকীয়তাবিশিষ্ট সংস্কৃতি: চুতীয়াসকলৰ নিজস্ব এটা সংস্কৃতি আছে; নিজৰ এটা ভাষা আছে। চুতীয়াসকলৰ ভাষাটো তেওঁলোকৰ পুৰোহিত দেউৰীসকলৰ মাজত এতিয়াও প্ৰচলিত।

৪/ সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ: আহোমসকলৰ লগত বৈবাহিক সম্বন্ধ গঢ়ি তোলাৰ পাছৰ পৰা চুতীয়াসকলৰ সমাজৰ অন্য গোষ্ঠীৰ লগত যোগাযোগৰ সংকোচ বহু পৰিমাণে কমি গ’ল।

৫/ অৰ্থনৈতিক অনগ্ৰসৰতা: যদিও ভিতৰুৱা অঞ্চলত বসবাস কৰা চুতীয়া লোকসকল এতিয়াও আৰ্থিকভাবে বহুত দুৰ্বল তথাপিও ৰাজনৈতিক আৰু শৈক্ষিক দিশত বৰ্তমান যথেষ্ট আগবাঢ়িছে।

যিহেতু চুতীয়াসকলৰ পুৰোহিতস্বৰূপ দেউৰীসকলক ইতিমধ্যে অনুসূচিত জনজাতি বুলি ঘোষণা কৰা হৈছে, গতিকে চুতীয়াসকলকো অনুসূচিত জনজাতি হিচাপে ঘোষণা কৰাত বিশেষ একো বাধা থাকিব নালাগে।

এই চাৰি জনগোষ্ঠীৰ বাদেও অনুসূচিত জনজাতিৰ মৰ্য্যদা বিচৰা অইন জনগোষ্ঠী দুটা হৈছে চাহ-জনগোষ্ঠী আৰু আহোমসকল। Tea-Tribe বা চাহ-জনগোষ্ঠী শব্দটোৰ প্ৰযোজ্যতাৰ সম্বন্ধতে আমাৰ অলপ সন্দেহ আছে। এই শব্দটো কেতিয়া কেনেকৈ আৰম্ভ হৈছিল সেই বিষয়ে আমি সম্পূৰ্ণ অজ্ঞ; কিন্তু বৃটিছ কালৰ অসমত এইসকলক tea-garden labourers বা চাহবাগানৰ শ্ৰমিক বা চমুকৈ মাজে-সময়ে চাহ-শ্ৰমিক বুলিও উল্লেখ কৰা দেখা যায়। সেইসময়ৰ কোনো তথ্যতে tea-tribe বা চাহ-জনগোষ্ঠী বুলি উল্লেখ কৰা আমাৰ বৰ্তমানলৈকে দৃষ্টিগোচৰ হোৱা নাই। ধান খেতি কৰা শ্ৰমিকক ভাৰতৰ কোনো প্ৰান্ততে paddy-tribe বা ধান-জনগোষ্ঠী বুলি আখ্যা দিয়া আমি শুনা নাই। ঠিক তেনেদৰে মাছমৰীয়াসকলোকো fishing-tribe বা মাছ জনগোষ্ঠী বুলি আখ্যা দিয়াৰ কোনো দৃষ্টান্ত নাই। তদুপৰি বৰ্তমান চাহ-জনগোষ্ঠীৰ বুলি অভিহিত বহু লোক চাহ খেতিৰ সৈতে কোনো কালেই জড়িত নাছিল। মাত্ৰ ছোটনাগপুৰ সমভূমিৰ পৰা অহা সৰহ সংখ্যক লোক চাহ বাগানৰ শ্ৰমিক ৰূপে কৰ্মৰত কাৰণেই একে স্থানৰ পৰা অন্য কাম-কাজ কৰিবলৈ বা অন্য কিবা কাৰণতো অহা লোকসকলোকো চাহ-জনগোষ্ঠী বুলিয়েই গণ্য কৰিবলৈ লোৱা হয়। তাৰে বহু সংখ্যক – বিশেষকৈ চাওতাল, কুৰুখ আৰু মুণ্ডা গোষ্ঠীৰ লোকক বৃটিছ চৰকাৰে সেইসকলৰ মূল ৰাজ্যত বিদ্ৰোহ দমন কৰিবৰ কাৰণে বলপূৰ্বকভাবে নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলা আৰু অবিভক্ত দৰং জিলালৈ স্থানান্তৰ কৰিছিল। সেইসকল লোককো যাৰ কোনো কালেই চাহ খেতিৰ লগত সম্পৰ্ক নাছিল তেওঁলোককো আজিকালি চাহ-জনগোষ্ঠীৰ অন্তৰ্গত কৰা হৈছে। তদুপৰি মাত্ৰ একে খেতিৰ লগত জড়িত থকাৰ কাৰণে ৯৭টা বিভিন্ন জনগোষ্ঠীৰ মানুহক এটা জনগোষ্ঠীৰ আখ্যাৰে স্বীকৃত কৰিব পাৰি বুলি আমাৰ ভাব নহয়।
এই চাহ জনগোষ্ঠীত বৰ্তমান প্ৰায় সাতানব্বৈটা গোষ্ঠীৰ মানুহ আছে। এইসকলৰ ভিতৰত মুণ্ডা জনগোষ্ঠীৰ মানুহৰ সংখ্যাই আটাইতকৈ সৰহ। সংখ্যাৰ ফালৰ পৰা তাৰ পাছত ক্ৰমে চাওতাল (সন্থাল), কুৰুখ (ওৰাও), গৌড়, খাৰিয়া, ভূমিজ আৰু চাওৰা গোষ্ঠীৰ লোকসকল আছে। ইয়াৰ সৰহ সংখ্যক মানুহকেই ১৮৬০ চনৰ পৰা ১৮৯০ চনৰ ভিতৰত বিভিন্ন সময়ত বৃটিছ চৰকাৰৰ দ্বাৰা স্থানান্তৰিত কৰা হৈছিল। এইসকল বৰ্তমান ঘাইকৈ কোকৰাঝাৰ, ওদালগুৰি, শোণিতপুৰ, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বসবাস কৰে। কম-বেছি পৰিমাণে চাহ-জনগোষ্ঠীৰ মানুহ অসমৰ প্ৰায় প্ৰত্যেক জিলাতেই আছে। সম্পূৰ্ণ অসমত এইসকলৰ সংখ্যা প্ৰায় ছয় নিযুত বা অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় কুৰি শতাংশ।

১৮৪১ চনতে প্ৰথমবাৰৰ বাবে অসম কোম্পেনীয়ে ৬৫২জন শ্ৰমিকক নিযুক্তি দি চাহখেতিৰ বাবে বলপূৰ্বকভাবে অসমলৈ স্থানান্তৰ কৰিবলৈ চেষ্টা কৰে। কিন্তু তাৰ সৰহ সংখ্যক শ্ৰমিকেই হাইজা ৰোগত মৃত্যু মুখত পৰে আৰু বাচি থকাকেইজনো পলাই যায়। ১৮৫৯ চনৰ Work Men’s Breach of Contract Act-ৰ দ্বাৰা শ্ৰমিক স্থানান্তৰৰ পথ সুচল হয়। বাহিৰৰ পৰা শ্ৰমিক নিযুক্তিৰ কাৰণে আৰাকাট্টি বা দালালৰ নিয়োগ কৰা হৈছিল। ১৮৭০ চনত শ্ৰমিক নিযুক্তিৰ কাৰণে “চৰ্দাৰী প্ৰথা”ৰ আৰম্ভ কৰা হ’ল। ১৮৫৯ চনৰ ১৫ ডিচেম্বৰৰ পৰা ১৮৬১ চনৰ ২৫ নবেম্বৰলৈ অসম কোম্পেনীয়ে প্ৰথমটো গোটত অনা ২২৭২জন শ্ৰমিকৰ ভিতৰত ২৫০জনৰ ৰাস্তাতে মৃত্যু হয়। ১২-এপ্ৰিল-১৮৬১ৰ পৰা ২৫-ফেব্ৰুৱাৰী-১৮৬২লৈ ২৫৬৯জন আৰু ১-মে’-১৮৬৩ৰ পৰা  ১-মে’-১৭৬৬লৈ ৮৪,৯১৫জন শ্ৰমিকক নিযুক্তি দিয়া হৈছিল। তাৰে প্ৰায় ৩০,০০০ শ্ৰমিকৰ ১৮৬৬ চনৰ জুন মাহলৈ মৃত্যু হৈছিল। ১৮৭৭ চনৰ পৰা ১৯২৯ চনলৈ ৪,১৯,৮৪১জন শ্ৰমিক অসম সোমাইছিলহি। এইসকল শ্ৰমিক যদিও বিভিন্ন সময়ত ছোটনাগপুৰ সমভূমিৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল, তেওঁলোকে কালক্ৰমত নিজৰ পুৰণা পৰিচয়ৰ পৰা আঁতৰি আহি এক নতুন সংস্কৃতিৰ জন্ম দিয়ে।

যদিওবা ৯৭টা ভিন্ন জনগোষ্ঠীৰ বিভিন্ন চাৰিত্ৰিক বৈশিষ্ট্য বা তেওঁলোকৰ সংস্কৃতি তথা জাতিগত চৰিত্ৰ ভিন ভিন তথাপিতো এইসকলক আমি এতিয়া সংবিধানে বিচৰা পাঁচটা বৈশিষ্ট্যৰে পৰ্য্যবেক্ষণ কৰি চোৱাৰ চেষ্টা কৰোঁ :-

১/ আদিম চাৰিত্ৰিক বৈশিষ্ট্য: আৰম্ভণিতে ভিন্ন জাতিৰ ভিন্ন চৰিত্ৰ থাকিলেও বৰ্তমান চাহ-জনগোষ্ঠীৰ মাজত কিছুমান উমৈহতীয়া চাৰিত্ৰিক বৈশিষ্ট্যৰ উদ্ভৱ হৈছে। চাহ-জনগোষ্ঠীৰ লোকসকলে কুকুৰা যুঁজকে আৰম্ভ কৰি বহুতো প্ৰাচীন খেলৰ মাজেৰে আনন্দ উপভোগ কৰে। দেৱীৰ ওচৰত বলি বিধান তেওঁলোকৰ সামূহিক চৰিত্ৰ। আজিৰ সময়তো বিভিন্ন উৎসৱত তেওঁলোকে সমূহীয়া ভোজ খায়। বাল্য বিবাহো এইসকলৰ মাজত সম্পূৰ্ণ শেষ হৈ যোৱা নাই।

২/ ভৌগোলিক বিচ্ছিন্নতা: মূলতে এওঁলোক যদিও ছোটনাগপুৰ সমভূমিৰ পৰা অহা, সম্প্ৰতি তেওঁলোক সম্পূৰ্ণ অসমতে বিয়পি পৰিছে। এওঁলোকৰ সৰহ সংখ্যক আজিও চাহ-বাগানতেই কৰ্মৰত আৰু সেয়েহে চাহ বাগানৰ চাৰিসীমাৰ ভিতৰতে বসবাস কৰে।

৩/ স্বকীয়তাবিশিষ্ট সংস্কৃতি:  সৰহ সংখ্যক চাহ জনগোষ্ঠীৰ লোকেই বৰ্তমান হিন্দু ধৰ্মত দীক্ষিত যদিও ইয়াৰ প্ৰায় কুৰি শতাংশ লোক খৃষ্ট ধৰ্মত দীক্ষিত। হিন্দুসকল প্ৰায় প্ৰকৃতি পূজাৰী। তেওঁলোকে মৰাংবুৰু, মহাদেউ আৰু চিংবংগা ভগবানক পূজা কৰে। চাৰহুল পূজা আৰু কৰম পূজা এওঁলোকৰ বিশিষ্ট উৎসৱ। এওঁলোকে দুৰ্গা পূজা, দেৱালী, টুছু পূজা আদিও উদযাপন কৰে। খৃষ্টানসকলে বৰদিন উদযাপন কৰে। ঢোল, মঞ্জিৰা, মদাৰ, কৰতাল, তামাক, নাগাৰা, নিচান, বাঁসুৰী আদি হ’ল তেওঁলোকৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ।  গোষ্ঠীভিন্নতা নিৰ্বিশেষে  এওঁলোকৰ মাজত ঝুমুৰ নাচ অতি জনপ্ৰিয়। ঝুমুৰৰ বাদেও সান্থালী নৃত্য, কৰম পূজাৰ নৃত্য, খাৰীয়া নৃত্য আদিও চাহ জনগোষ্ঠীৰ লোকনৃত্য।

৪/ সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ: চাহ বাগানৰ চাৰিসীমাৰ মাজতে আবদ্ধ থকাৰ কাৰণে আৰু হয়তো ভিন্ন সংস্কৃতি তথা সুদূৰ ছোটনাগপুৰ সমভূমিৰ পৰা স্থানান্তৰ হৈ অহাৰ কাৰণে এওঁলোকে অসমৰ বৃহদাংশৰ লগত বহুদিনলৈ যোগাযোগত সংকোচ কৰি আছিল। বৰ্তমানে এই সংকোচ বহুতো কমিছে আৰু ৰাজনীতিত এইসকলৰ প্ৰতিনিধিত্বই ইয়াৰ প্ৰমাণ।

৫/ অৰ্থনৈতিক অনগ্ৰসৰতা: শৈক্ষিক আৰু অৰ্থনৈতিক দিশৰ পৰা চাহ-জনগোষ্ঠীৰ লোকসকল অসমৰ সবাতোকৈ পিছ পৰা গোষ্ঠীসকলৰ ভিতৰতে এটা। আৰম্ভণিৰ পৰা চাহ-বাগানৰ গৰাকীসকলৰ শোষণতন্ত্ৰৰ পৰা এই চাহ জনগোষ্ঠীৰ লোকসকল বৰ্তমানেও সম্পূৰ্ণ স্বাধীন হ’ব পৰা নাই।
এই সাতানব্বৈটা জনগোষ্ঠীৰ ভিতৰত ছাব্বিশটা জনগোষ্ঠীক তেওঁলোকৰ মূল ৰাজ্যতে অনুসূচিত জনজাতি বুলি ইতিমধ্যে ভাৰত চৰকাৰে ঘোষণা কৰিছে। অসমৰ চাহ-জনগোষ্ঠীৰ লোকসকলৰ সৰহ সংখ্যক লোকেই এই ছাব্বিশটা অনুসূচিত জনজাতিৰ অন্তৰ্গত। গতিকে অন্ততঃ এই ছাব্বিশটা জনগোষ্ঠীৰ লোকসকল অনুসূচিত জনজাতিৰ তালিকাত স্থান পোৱাৰ সম্পূৰ্ণ অধিকাৰী।

অনুসূচিত জনজাতিৰ মৰ্য্যদা বিচৰা অসমৰ আনটো জনগোষ্ঠী হ’ল আহোম জনগোষ্ঠী। চাউলুং চুকাফাৰ পৰা পুৰন্দৰ সিংহলৈকে আহোম জনগোষ্ঠীৰ একুৰি ঊনৈশ গৰাকী স্বৰ্গদেৱে ১২২৮ খ্ৰীঃৰ পৰা ১৮২৬ খ্ৰীঃলৈ প্ৰায় ৬০০ বছৰ অসমত ৰাজত্ব কৰিছিল। টাইলং খুনলুং বংশৰ ৰাজকোঁৱৰ চাউলুং চুকাফাই চীনৰ মাও-ল্যুং বা ম্যু-মাও (টাই শ্যান) দেশৰ পৰা ১২১৫ খ্ৰীঃত পশ্চিমলৈ যাত্ৰা আৰম্ভ কৰি বুঢ়ীদিহিঙৰ পাৰৰ টিপামত ১২২৮ খ্ৰীঃত উপস্থিত হয়হি। তেতিয়াৰ পৰাই অসমত ছয়শ বছৰীয়া আহোম ৰাজত্ৱ আৰম্ভ হয়। আহোমসকল মূলতে টাই-শ্যান গোষ্ঠীৰ। টাই সংস্কৃতি প্রকৃততে চীনা সভ্যতাৰ অভিন্ন অঙ্গ। ৰাজনৈতিক, দাৰ্শনিক আৰু ধৰ্মীয় বিশ্বাসৰ ফালৰ পৰা টাই সংস্কৃতি কন-ফু-চিয়াছ, মেন-চি-য়াছ, মোহ-টি আৰু লাঅ’-জিৰ লিখনিৰ দ্বাৰা গভীৰভাবে প্ৰভাৱান্বিত হৈছিল। ১৭১৪ খ্ৰীঃত স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বৰ সময়ৰ পৰাহে আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। তাৰ আগলৈকে আহোমসকলে চীনা ধৰ্মীয় ৰীতি নীতিহে মানি চলিছিল। বৰ্তমানেও পূৰ্বপুৰুষক পূজা কৰা চীনা ধৰ্মীয়  ৰীতি-নীতি আহোমসকলে অক্ষু্ণ্ণ ৰাখিছে। আজিৰ যুগতো আহোমসকলে মে-ডাম-মে-ফি উদযাপন কৰি ডাম অৰ্থাৎ পূৰ্বপুৰুষ আৰু ফি অৰ্থাৎ প্ৰেতাত্মাক পূজা কৰে।

যদিও আহোমসকলে চৰাইদেও, গড়গাঁও আৰু ৰংপুৰত ৰাজধানী পাতি গোটেই অসম শাসন কৰিছিল তথাপিও তেওঁলোকৰ সৰহসংখ্যক মানুহ অবিভক্ত ডিব্ৰুগড় আৰু অবিভক্ত শিৱসাগৰ জিলাতে বসবাস কৰে। চাউলুং চুকাফাৰ সময়ৰে পৰা স্বৰ্গদেউ আৰু বুঢ়াগোঁহাই তথা বৰগোঁহাই পদবীৰ দুজন ডাঙৰীয়াই দেশ শাসন কৰিছিল। স্বৰ্গদেউ চু-হুং-মূঙৰ দিনত তৃতীয়গৰাকী ডাঙৰীয়া “বৰপাত্ৰগোঁহাই”ৰ পদবী সৃষ্টি কৰা হৈছিল। ১৫২৩ খ্ৰীঃত চুতীয়া ৰাজ্য জয় কৰি শদিয়াখোৱা গোঁহাইক নতুনকৈ জয় কৰা ৰাজ্যৰ ভাৰ দিছিল। নগাসকলৰ সৈতে কূটনৈতিক সম্বন্ধ বজাই ৰাখিবলৈ ধনশিৰিৰ পশ্চিম পাৰৰ দায়িত্ব মৰঙীখোৱা গোঁহাইক দিয়া হৈছিল। নামনিৰ গুৱাহাটীৰ প্রশাসনিক আৰু সামৰিক দায়িত্ব বৰফুকনক দিয়া হৈছিল। বৰবৰুৱা আছিল সামৰিক আৰু ন্যায়িক প্রধান।

আহোমসকল আছিল টাইভাষী লোক। তেওঁলোকৰ এই ‘টাই’ ভাষা বৰ্তমানেও অৰুণাচলৰ খামটি, শদিয়াৰ ফাকিয়ালসকল আৰু অবিভক্ত শিৱসাগৰ জিলাত বাস কৰা শ্যাম গোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলিত হৈ আছে। এই আহোম জনগোষ্ঠীৰ জনসংখ্যা পুৰণি আহোম সাম্ৰাজ্যত মুঠ জনসংখ্যাৰ ১০%ৰ বেছি নাছিল। আজিৰ অসমতো আহোম জনগোষ্ঠীৰ লোকৰ সংখ্যা প্ৰায় ১০%। এওঁলোক সমগ্ৰ অসমতে বিয়পি আছে যদিও নামনি অসমত এওঁলোকৰ সংখ্যা অতি নগণ্য।

এতিয়া আহোমসকলক পাঁচটা সাংবিধনিক বৈশিষ্ট্যৰ ফালৰ পৰা বিশ্লেষণ কৰি চোৱা যাওক:-

১/ আদিম চাৰিত্ৰিক বৈশিষ্ট্য: আহোম জনগোষ্ঠীৰ বাইলুঙসকলে বৰ্তমান যুগতো কুকুৰাৰ ঠেং কাটি মঙল চায় আৰু সময় তথা ভাগ্যৰ আগজাননী দিয়ে। হিন্দু ধৰ্মত দীক্ষিত হোৱাৰ পিছতো তেওঁলোকে বিয়া-বাৰু বা অন্য উৎসৱ উদযাপন কৰোঁতে তেওঁলোকৰ পুৰণা ৰীতি-নীতিয়ে অনুসৰণ কৰে। বিবাহৰ সময়ত তেওঁলোকে ১০১ গছি বন্তি জ্বলাই চকলং প্রথাৰে হেংদাং হস্তান্তৰ কৰি বিবাহ সম্পন্ন কৰে। আহোমৰ স্বৰ্গদেউ তথা ডা-ডাঙৰীয়াসকলক মৃত্যুৰ পিছত মৈডাম দিয়াৰ ৰীতি আছিল। অৱশ্যে বৰ্তমান আহোমসকলে অন্তোষ্টিক্ৰিয়াৰ ক্ষেত্ৰত হিন্দু ৰীতি মানি চলে। খাদ্যৰ ক্ষেত্ৰতো আহোমসকলৰ মাজত কিছু আদিম চাৰিত্ৰিক বৈশিষ্ট্য দেখা যায়। তেওঁলোকৰ বাবে এতিয়াও আমৰলি পৰুৱাৰ টোপ তথা এৰী-মুগাৰ লেটা-পলু সুস্বাদু আহাৰ। তেওঁলোকৰ উৎসৱ উদযাপনত মাংস এক অপৰিহাৰ্য আহাৰ।

২/ ভৌগোলিক বিচ্ছিন্নতা: আহোমসকল টাই গোষ্ঠীৰ মানুহ। ভৌগোলিক দৃষ্টিত চাবলৈ গ’লে এই গোষ্ঠীৰ মানুহ সম্পূৰ্ণ দক্ষিণ-পূৱ এছিয়াতে বিস্তাৰিত হৈ আছে। অৱশ্যে আহোম জনগোষ্ঠীৰ মানুহখিনি উজনি অসমতে সীমাবদ্ধ হৈ আছে বুলি ক’লে বঢ়াই কোৱা নহয় যদিও এই সম্প্ৰদায়ৰ মানুহ আজি সমগ্ৰ অসমেই নহয় ভাৰত তথা বিশ্বৰ বহু ঠাইত বসবাস কৰিছে।

৩/ স্বকীয়তাবিশিষ্ট সংস্কৃতি: নতুন অসমীয়া সংস্কৃতি আহোম ৰাজ্যতেই আৰম্ভ হৈছে গতিকে সকলো অসমীয়া উৎসৱেই আহোমসকলে পালন কৰে। তাৰ বাদেও মেডাম-মে-ফি আহোমসকলৰ মূল উৎসৱ। মেডাম-মে-ফি-ৰ বাদেও উম-ফা উৎসৱ আহোম স্বৰ্গদেওসকলৰ দিনত ধুমধামেৰে উদযাপন কৰা হৈছিল। বগা ম’হ, বগা গৰু, গাহৰি, কুকুৰা, হাঁহ, পাৰ, কুকুৰ আদি উম-ফা উৎসৱত ভগবানক উৎসৰ্গা কৰা হয়। এই উম-ফা উৎসৱ সাতটা স্তৰত পতা হয়। তদুপৰি আহোমসকলেই প্ৰথম অসমীয়া বুৰঞ্জী ক্ৰমানুক্ৰমে লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰে।

৪/ সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ: সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত আহোমসকলৰ কোনোধৰণৰ সংকোচ আছে বুলি আমাৰ মনে নধৰে। সুদীৰ্ঘ ছশ বছৰ ৰাজত্ব কৰা এই জনগোষ্ঠীটোৱে অসমৰ সকলো জনগোষ্ঠীৰ লগত অতীতৰ পৰাই মিলি আছে।

৫/ অৰ্থনৈতিক অনগ্ৰসৰতা: আহোমসকল অৰ্থনৈতিকভাবে অনগ্ৰসৰ বুলি ক’লে শুদ্ধ কোৱা নহ’ব। এই জনগোষ্ঠীটোৱে শিক্ষাৰ ফালৰ পৰাই হওক বা ৰাজনৈতিকফালৰ পৰাই হওক অসমৰ সমাজলৈ যথেষ্ট অৱদান আগবঢ়াইছে। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাদেৱেই হওক বা অসমৰ বিশিষ্ট ৰাজনীতিবিদ হিতেশ্বৰ শইকীয়াদেৱেই হওক এওঁলোক সকলো আহোম জনগোষ্ঠীৰ। গতিকে এই জনগোষ্ঠীটোক কোনোপধ্যে অৰ্থনৈতিক বা ৰাজনৈতিকভাবে অনগ্ৰসৰ বুলি ক’ব নোৱাৰি।

যি কি নহওক, অসমত কাৰ্বি আংলং আৰু ডিমা-হাচাও এই দুই স্বায়ত্ব শাসিত অঞ্চলৰ বাদেও চৈধ্যটা অনুসূচিত জনজাতিয়ে বাস কৰে। এই চৈধ্যটা সমতলীয় জনজাতিৰ সংখ্যা হৈছে মুঠ জনসংখ্যাৰ ১২.৮%। বৰ্তমান অনুসূচিত জনজাতি বিচৰা এই ছটা জনগোষ্ঠীৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ৪৫%-ৰ কম নহয়। গতিকে এই ছটা জাতিকেই যদি অনুসূচিত জনজাতি বুলি ঘোষণা কৰা হয় অসমত মুঠ অনুসূচিত জনজাতিৰ জনসংখ্যা প্ৰায় ৬০% হ’বগৈ। গতিকে কেন্দ্ৰীয় চৰকাৰে অসমক এখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিবলৈ বাধ্য হ’ব। বহুতো জনজাতীয় ৰাজ্যত অনুসূচিত জনজাতিৰ সংখ্যা ৪০% মানহে। অসমখন জনজাতীয় ৰাজ্য বুলি ঘোষণা হ’লে এই জনগোষ্ঠীকেইটাৰ লগতে সমূহ থলুৱা অসমীয়া ৰাইজৰ বহুতো সুবিধা হ’ব। জনজাতীয় ৰাজ্যই লাভ কৰা আৰ্থিক সা-সুবিধাবোৰৰ লগতে বিধান সভাৰ সৰহ সংখ্যক সমষ্টি থলুৱা লোকৰ কাৰণে সংৰক্ষিত হ’ব। বহিৰাগতই মাটি-বাৰী কিনাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব। আজি যি গতিত অসমলৈ বহিৰাগতৰ আগ্ৰাসন ঘটিছে সেই অৱস্থালৈ চালে অসমখনক এখন জনজাতীয় ৰাজ্যৰ মৰ্য্যদা দিয়াটো অতি আৱশ্যক হৈ পৰিছে। অসমখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিলে অন্য বহু সমস্যাৰ লগতে হয়তো সন্ত্ৰাসবাদৰ সমস্যাও বহুখিনি হ্ৰাস পাব। সংযুক্ত মুক্তি বাহিনীৰ আলোচনাপন্থী সভাপতি অৰবিন্দ ৰাজখোৱাৰ উক্তিত এই কথাৰ উমান পোৱা যায়। এই সকলো কথা জুকিয়াই চালে এটা কথাই স্পষ্ট হৈ পৰে যে আজিৰ অসমক আগ্ৰাসনকাৰীৰ পৰা সুৰক্ষা দিয়াৰ একমাত্ৰ উপায় হৈছে কেন্দ্ৰীয় চৰকাৰে অনতিপলমে এই ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্য্যদা দি অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰাটো।

অসমত এই ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যদা দিয়াৰ বিষয়টোক লৈ অৱশ্যে কিছু সংখ্যক নাগৰিকৰ মাজত এক সংশয়ৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃততে সমগ্ৰ দেশৰ প্ৰেক্ষাপটত যদি আমি এই বিষয়টো পৰ্য্যবেক্ষণ কৰি চাওঁ তেন্তে এই বিষয়ে কোনো ধৰণৰ সংশয়ৰ কাৰণ আছে বুলি আমাৰ মনে নধৰে। থলুৱা অসমীয়া লোকৰ কাৰণে এই পদক্ষেপ এক বৰদান স্বৰূপ হোৱাৰ সম্ভাৱনাহে বেছি। ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ ১৯৬৩চনৰ ৬৪৯নং নিৰ্দেশনা মতে ভাৰতত সংৰক্ষণৰ সীমা ৫০%-ৰ অধিক হ’ব নোৱাৰে। গতিকে অসংৰক্ষিত উচ্চ বৰ্গৰ লোকসকলৰ বাবে সংশয়ৰ কোনো কাৰণ নাই। ইতিমধ্যে সংৰক্ষণৰ সীমা ৫০%-তে আছে।

অন্য অন্যান্য পিছ পৰা জাতিৰ (OBC & MOBC) অন্তৰ্ভুক্ত লোকসকলৰ কাৰণে এই পদক্ষেপ লাভজনকহে হ’ব। কাৰণ অনুসূচিত জনজাতিৰ মৰ্যদা বিচৰা এই ছটা জনগোষ্ঠীয়েই বৰ্তমান অন্যান্য পিছ পৰা জাতি (OBC & MOBC)-ৰ অন্তৰ্ভুক্ত। গতিকে এই বৃহদাংশ যদি অন্যান্য পিছ পৰা জাতিৰ পৰা আঁতৰি যায় আৰু সংৰক্ষিত স্থান সমানেই থাকে তেন্তে তেওঁলোকৰ মাজত প্ৰতিযোগিতা কমিবহে, নাবাঢ়ে।

অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত লোকসকলৰ চিন্তাৰ কোনো কাৰণ নাই। তেওঁলোকৰ সংখ্যা আৰু সংৰক্ষিত স্থান এই দুয়ো দিশতে এই ছয় জনগোষ্ঠীৰ অনুসূচিত জনজাতিকৰণে কোনোধৰণৰ প্ৰভাৱ নেপেলায়।

এতিয়া আহোঁ, অনুসূচিত জনজাতিৰ লোকসকলৰ বিষয়টোলৈ। পাহাৰীয়া অনুসূচিত জনজাতিৰ ক্ষেত্ৰত ই কোনোধৰণৰ প্ৰভাৱ নেপেলায়। কাৰণ পাহাৰীয়া অনুসূচিত জনজাতিৰ লোকসকলৰ কাৰণে পৃথক সংৰক্ষিত স্থান থাকে। ভৈয়ামৰ অনুসূচিত জনজাতিসকলৰ মাজত অৱশ্যে প্ৰতিযোগিতা অলপ বাঢ়িব। কাৰণ এই ছটা জনগোষ্ঠীয়ে ভৈয়ামৰ অনুসূচিত জনজাতিৰ মৰ্যদাহে বিচাৰিছে। কিন্তু এই ভূমিপুত্ৰ থলুৱা অসমীয়াসকলে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ক্ষুদ্ৰ স্বাৰ্থ বলিদান দিয়াটোৱে সমগ্ৰ অসমৰ কাৰণে বৰ্তমান সময়ৰ প্ৰয়োজনীয়তা। অসম চৰকাৰে নতুনকৈ অনুসূচিত জনজাতিৰ মৰ্যদা পোৱাসকলৰ পৰা পৃথককৈ সংৰক্ষণ দি ভৈয়ামৰ পূৰ্বৰ অনুসূচিত জনজাতিসকলৰ স্বাৰ্থও ৰক্ষা কৰিব পাৰে।

আমাৰ এই বিশ্লেষণ মাত্ৰ অসমৰ পৰিসীমাতে আবদ্ধ ৰাখিব বিচৰা নাই; বৰঞ্চ ঘাইকৈ সৰ্বভাৰতীয় প্ৰেক্ষাপটতহে এই বিশ্লেষণ বেছি প্ৰযোজ্য হ’ব। বৰ্তমানৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাবিলাকত অনুসূচিত জনজাতিসকলৰ কাৰণে সংৰক্ষিত সৰহ সংখ্যক স্থানতে ৰাজস্থানৰ মীনা জনজাতিৰ লোকে সাফল্য লাভ কৰা পৰিলক্ষিত হয়। নতুনকৈ অনুসূচিত জনজাতিৰ মৰ্যদা বিচৰা এই ছয় জনগোষ্ঠীক যদি অনুসূচিত জনজাতিত স্থান দিয়া হয় তেন্তে এইসকলে সৰ্বভাৰতীয় স্তৰত ৰাজস্থানৰ মীনা জনজাতিকে আদি কৰি অন্য সকলো জনজাতিকে এটা সবল প্ৰত্যহ্বান দিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।

সৰ্বভাৰতীয় স্তৰত ভাৰতৰ বিভিন্ন প্ৰান্তত থলুৱা অসমীয়া মানুহে কৃতকাৰ্যতা লাভ কৰিলে সমগ্ৰ অসমেই লাভবান হ’ব। তদুপৰি ভাৰতীয় সংবিধানৰ ২৭৫ (১) অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বহুতো সাহাৰ্য আৰু অনুদান অনুসূচিত জনজাতিৰ বাবে আগবঢ়োৱা হয় (Special central assistance and grants under article 275(1) of the Constitution)। সেই সকলো কেন্দ্ৰীয় সাহাৰ্য আৰু অনুদানে অসমৰ উন্নয়নত প্ৰচুৰ অৰিহণা যোগাব পাৰিব বুলি আমাৰ ধাৰণা হয়।

গতিকে সামগ্ৰিকভাবে বৰ্তমান অসমভূমিৰ সৰ্বাঙ্গীন উন্নতিৰ স্বাৰ্থত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী মানি লৈ জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰাটো নিতান্তই যুক্তিসংগত তথা প্ৰয়োজনীয়।
সম্পূৰ্ণকৈ পঢ়ক »

তাই সংস্কৃতিৰ গুৰিধৰোতা জীৱন্ত প্ৰতীক: চাও ম' জোনাৰাম চাংবুন ফুকন ණ ... চাও জ্ঞানানন্দ চাংবুন ফুকন, মৰাণ

 
         চাও ম' জোনাৰাম ছাঙবুন ফুকন ওৰফে মছেঙফা ছাঙবুন ফুকন পৰিয়ালিক সূত্ৰে মোৰ পি চায় ৷ ঐতিহ্য মণ্ডিত তাই পণ্ডিত তিনি ফৈদ ম'হুঙ ছাঙবুন ম'প্লঙৰ ছাঙবুন ফৈদৰ ডাঙদেঙ্ পৰিয়ালৰ আমাৰ উপৰি পিতৃ মতাকুকুৰা নামে জ্ঞাত পৰিয়ালত ১৯৩৫ চনত বকতা কৰঙা গাঁৱত জন্ম গ্ৰহণ কৰে ৷ মতা কুকুৰাৰ পুত্ৰ জোৰমন আমাৰ পূ থাও ৷ তেওঁৰেই ডাঙৰ পুত্ৰ ডাম সোনেশ্বৰ ফুকন ডাম জোনাৰাম ফুকনৰ পিতৃ আৰু মাতৃৰ নাম অক্ষৰি ফুকন ৷ তেওঁলোকৰ ভাই-ককাই ৬ জন ৷ লুঙ চাও ডাম সোণেশ্বৰ ৪ জন পুত্ৰ আৰু সৰু আপাৰ দুজন ৷ ডাঙৰ আপাৰ ৪ জনৰ ডাঙৰ জন ডাম মিলেশ্বৰ ছাঙবুন এজন বিদগ্ধ তাই পণ্ডিত আছিল ৷ দ্বিতীয়জন ডাম তিলেশ্বৰ ছাঙবুন ফুকন কৰ্ম সূত্ৰে বাগিছাৰ মহৰি কৰিছিল তথা তাই ভাষা সংস্কৃতি,  পৰম্পৰাৰ চৰ্চা অটুত ৰাখিছিল ৷ তৃতীয়জন ডাম বগাধৰ ছাঙবুন ফুকন এজন কৃষক আৰু অঞ্চলটোৰ ভিতৰতে তাই সংস্কৃতি পৰম্পৰা পালন,  ফুৰালুঙৰ গীত -মাত প্ৰাৰ্থনা জনমিঙ গোৱাত পাৰ্গত আছিল ৷ চতুৰ্থজনেই স্বনামধন্য তাই ভাষা সংস্কৃতিৰ সংৰক্ষক,  গৱেষণা আৰু পুনৰুদ্ধাৰৰ বাটকটীয়াসকলৰ এজন ডাম জোনাৰাম ছাঙবুন ওৰফে ম' ছেঙ্ ফা ছাঙবুন ফুকন   ৷ সৰু আপাৰ পুত্ৰ দুজন ডাম খৰ্গেশ্বৰ ছাঙবুন ফুকন আৰু ডাম সতীশ ছাঙবুন ফুকন   (খবিজ) দুয়ো মতা কুকুৰাৰ তিনি আলিত ব্যৱসায়ৰ পাতনি মেলি সতি সন্ততিলৈ জীয়াই থকাৰ সম্বলৰ লগতে উপৰিপিতৃ মতাকুকুৰাৰ নামটোও প্ৰতিষ্ঠিত ৰূপত মতাকুকুৰা তিনি আলি নামে পৰিচয় অটুট ৰাখিছে ৷
             মতা কুকুৰা পৰিয়ালত তাই ভাষা সংস্কৃতি পৰম্পৰা চৰ্চাৰ পৰিৱেশ এটা পূৰ্বৰে পৰা আছিল ৷ ডাম জোনাৰাম পি -কাইৰ ডাঙৰ জন ককায়েক আৰু আমাৰ ডাঙৰ পিকাই ডাম ফণীধৰ ছাঙবুন ফুকনে একেলগে পণ্ডিতৰ ওচৰত তাই ভাষাৰ লিখা পঢ়া কৰিছিল ৷ আমাৰ ঘৰৰ মোৰ ওপৰৰ কেইজনেও তাই ভাষা শিক্ষা কৰ্ম বেছি কৰিছিল ৷ তেওঁলোকে ঘৰত গধূলি তাই বৰ্ণমালাবোৰৰ বাৰে জতক গোৱা আনি শুনিছিলো ৷ সেইবোৰ আজিও কাণত বাছি থাকে ৷ কা মইনা কা,  কা লেৱা টনা কা,  কা আগুৰি লৈ কাই আদিৰ আখৰা ৷ তাৰ পাছত তাই সৃষ্টি তত্বৰ ৰিকবোৰও গাইছিল ৷ সেইদৰে কৰঙা গাওঁত বয়োবৃদ্ধ সকলে ডিনছিঙ মাহত ন -খোৱা উৎসৱত গোটেই ৰাতিটো পেঞ কাকাৰ ৰিক্ সমূহ খন্ মিঙৰ ৰিক্ খন্  , পচতুলা নাহৰৰ গীত গাই ৰাতিপুৱাই দিয়া দেখিছিলো ৷ তাই  ভাষা ল'ৰালি কালতে সেই পৰিৱেশৰ প্ৰভাৱ আমাৰ মনৰ মাজত স্হায়ী ভাৱেই থাকি গ'ল ৷ এনেবোৰ পৰিৱেশৰ প্ৰভাৱেও পণ্ডিত জোনাৰাম ছাঙবুন পি-কাইক তাই ভাষা সংস্কৃতি,  বুৰঞ্জী পৰম্পৰা অধ্যয়নৰ গভীৰতালৈ লৈ যোৱাত নিশ্চয় প্ৰভাৱ নেপেলোৱাকৈ থকা নাই ৷ কৰঙা গাঁৱৰ এটা চামে মেধি সাতোলা হ'লেও নাম -কীৰ্তন কৰিলেও তাই পৰম্পৰাৰ স্বকীয়তা ৰক্ষা কৰি আছে  ৷
আমি সকলোৱে জানো যে তাইলুঙ তাইখাম বা তাই আহোমসকলৰ এক চহকী ঐতিহ্যৰে পৰিপূৰ্ণ পৰম্পৰা আছিল ৷ কালৰ কুটিল গতিত তাই চাওফা দিনৰ পৰা হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱাৰ ফলতেই আহোম ৰাজত্বৰ বেলি মাৰ গ'ল ৷ অথচ কেৱল মহুঙ চাঙবুন -ম'প্লঙ পণ্ডিতবংশৰ এই ফৈদ লোকে নিজৰ পৰম্পৰা ত্যাগ নকৰি নানান পৰোচনামূলক প্ৰতাৰণামূলক হাৰাশাস্তিৰ সন্মোখীন হৈও তাই ভাষা সংস্কৃতি চৰ্চাৰ ধাৰাবাহিকতা ৰক্ষা কৰি নহাহ'লে তাই আহোম বুলি কোৱাৰ কোনো অস্তিত্বই নাথাকিলে হেতেন ৷ তাই ভাষা সংস্কৃতি বৃহত অসমীয়া ভাষা সংস্কৃতিৰ অংগ স্বৰূপে স্বীকৃতি নাপালেহেতেন ৷ এনে পটভূমিত যিসকল বা যিকেইজন পণ্ডিত বংশৰ সন্ততিয়ে তাই ভাষা সংস্কৃতিক ৰক্ষণাবেক্ষণ দিবলৈ চৰ্চাত আজীৱন আত্মনিয়োগ কৰি অগ্ৰণী ভূমিকা লৈ আহিছে , তাৰ ভিতৰত জোনাৰাম ছাঙবুন ফুকনৰ কৃতিত্বৰ শলাগ লব লাগিব ৷
      তাই ভাষা সাহিত্য,  সংষ্কৃতিলৈ যি অতুলনীয় অৱদান আগবঢ়ালে তাৰ বাবে আমি চিৰ কৃতজ্ঞ ৷ এনে বহুজন সমাজত আছে,  যাৰ শিক্ষা উচ্চ শিখৰত হ'ব পাৰে,  যাৰ ধন ধান ঐশ্বৰ্যৰে জীৱন পৰিপূৰ্ণ হ'ব পাৰে ৷ সেই সকলৰ স্হানতকৈ জোনাৰাম ছাঙবুন ফুকনে অতি অভাৱ অনাটন আৰু অনেক দুৰ্যোগৰ মাজতো যি একমাত্ৰ পুত্ৰক উচ্চ শিক্ষিত কৰি ডেকা কালতে হেৰুৱাইছে অথচ তেনে ক্ষণটো আত্মবল নেহেৰুৱালৈকে তাই ভাষা সংস্কৃতি সংৰক্ষণৰ কাৰণে আত্মত্যাগ কৰি যি মহান আদৰ্শ দেখুৱাই থৈ গৈছে,  ইয়াতৈ স্বজাতি,  স্ব-পৰম্পৰাৰ বাবে ত্যাগৰ অাদৰ্শ কি থাকিব পাৰে ৷ পণ্ডিত জোনাৰাম ছাঙবুন ফুকন সমাজত বহুজন ক্ষমতাশালী,  ঐশ্বৰ্যশালী ব্যক্তিৰ ও উৰ্দ্ধত ৷ আপুনি মহান পণ্ডিত জ্ঞানীৰ ও শ্ৰেষ্ঠ,  স্হিতপ্ৰজ্ঞ ৷ ত্যাগৰ আদৰ্শ তাই সংস্কৃতিৰ জীৱন্ত প্ৰতীক ৷ জাতিটোৰ আদৰ্শ,  আপুনি সঁচাই অতুলনীয় ৷
আপোনাৰ জ্ঞান সাধনাৰ কৰ্মৰাজি,  তাই ভাষাৰ সাঁচিপতীয়া পুথিৰ অনুবাদ,  আহোম পাইমাৰ,  নাঙ্ হুন ফা চকলেঙ বিধি- লিটকাই,  নেওতা পুথি,  প্ৰাৰ্থনা পুথি,  পাতাকা উত্তোলনৰ তাই ভাষাৰ গীত ৰাও জিন ছি হিত ডাই নি',  লাই লুঙ খাম' , নৃত্যৰ গীত,  জনাগাভৰুৰ গীত,  নাঙ্ জয় ছেঙত,  Chao and Tao গৱেষণা গ্ৰন্থ , অ মোৰ আপোনৰ দেশ অসমীয়া জাতীয় সংগীতৰ তাই অনুবাদ,  আহোম প্ৰাইমাৰ,  মোৰ অমৰ জীৱনৰ কবিতা পুথি,  বিভিন্ন দেশী বিদেশী পৰ্যটক আৰু গৱেষক তথা ছাত্ৰ-ছাত্ৰী,  তাই আহোম ভাষা সংস্কৃতিৰ গৱেষক মুখপাত্ৰ ইত্যাদিৰ ওপৰিও তাই আহোম ভাষা সংস্কৃতিৰ গৱেষক মুখপাত্ৰ ইত্যাদিৰ উপৰিও তাই আহোম ছাত্ৰ সন্হাৰো প্ৰতিষ্ঠাপক, 'পূৰ্বাঞ্চল তাই সাহিত্য সভা ' , সদৌ অসম মহন-দেউধাই -বাইলুঙ সন্মিলন,  সদৌ অসম ফুৰা -লুঙ সংঘ, পণ্ডিত পৰিষদ,  তাই সংস্কৃতিৰ সংগ্ৰহ,  সংৰক্ষণ,  প্ৰদৰ্শন আৰু বিকাশৰ বাবে অসম তাই যাদুঘৰ, শিৱসাগৰ আদি অনেকবোৰ অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ আছিল ৷ পাটসাঁকো কেন্দ্ৰীয় তাই বিদ্যালয়ত শিক্ষকতা কৰি ৪০ বছৰ যুৱ প্ৰজন্মক যি পথ প্ৰদৰ্শন কৰিলে সি জাতিটোৰ বাবেই চিৰস্মৰণীয় হৈ ৰ'ব ৷ আপুনি 'কেৱল মতাকুকুৰা ' পৰিয়ালৰে নহয়,  আপুনি মহুঙ ছাঙবুন ম'প্লঙৰে নহয় আপুনি সমগ্ৰ তাই লুঙ তাই খামেৰে আদৰ্শ আৰু গৌৰৱৰ প্ৰতীক ৷ আপোনাৰ জ্ঞানৰ মহিমাৰে আপোনাৰ হৃদয়ৰ উপলব্ধিয়ে আপোনাৰ মুখৰ পৰা প্ৰকাশ পোৱা ব্যাকফাঁকি ' কিৱ প্ৰকৃতিৰ ছন্দই মানৰ প্ৰকৃতিৰ ছন্দ ৷' এই বাক্যফাঁকিতেই নিহিত হৈ আছে ফুৰালুঙ সৃষ্টি তত্ব দৰ্শনৰ প্ৰকৃতৰূপ ৷ মহাপ্ৰকৃতি আৰু মানৱৰ সম্পৰ্ক সমন্ধই ফুৰালুঙ পৰম্পৰা ৷ যিটো কাৰণতে তাইসকলে পিতৃপিতামহ উপৰি পুৰুষৰ বন্দনা আৰু মহা প্ৰকৃতি সৌৰমণ্ডলত তথা মহাশূন্যৰ বাহিৰে কোনো ভাৱবাদী দৰ্শনৰ ইশ্বৰ,  দেৱ দেৱতাৰ বন্দনা নকৰে ৷ প্ৰকৃতি আৰু মানুহ ইয়েই বাস্তৱ ৷ প্ৰাকৃতিক ধৰ্ম ৷ যাৰ উৰ্দ্ধত কোনো ধৰ্ম নাই  ৷ আজিৰ বিশ্বত ধৰ্ম নামৰ কু- সংস্কাৰৰ ব্যাধিৰ পৰা মুক্তি লাভৰ ফুৰালুঙ পৰম্পৰাই একমাত্ৰ বাস্তৱ আৰু বিজ্ঞান সন্মত পথ ৷এই পৰম্পৰা উপলব্ধিৰে পালন কৰিলেহে আপোনাক প্ৰকৃততে শ্ৰদ্ধা কৰা হ'ব ৷
সম্পূৰ্ণকৈ পঢ়ক »

মুগাৰ সোণালী সূতাৰ আঁহৰ ভাঁজে ভাঁজে আহোমৰ গৌৰৱ: গৌৰৱ ৰক্ষাত নৱ প্ৰজন্মৰ আৰ্দশৰ প্ৰয়োজনীয়তা ණ...চাও বিতু বৰা, সোণাৰী



           আদিম পৃথিৱীত মানুহে লাজ চিনি পাবৰ দিনৰ পৰা লজ্বা  নিবাৰণৰ কাৰণেই   কাপোৰ আবিষ্কাৰ হ'ল।তেতিয়াৰ পৰা কাপোৰ মৌলিক প্ৰয়োজনৰ পৰা লাহেকৈ মানৱ সভ্যতাৰ বিকাশৰ লগে লগে এদিন এক জনসমষ্টিৰ পৰিচয় হৈ পৰিল; হৈ পৰিল সংস্কৃতিৰ এক এৰাব নোৱাৰা অংশ । আজি পৃথিৱীৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ নিজা স্বকীয় বৈশিষ্ট্য সমৃদ্ধ পৰম্পৰাগত সাজপাৰ আছে ৷ এই সাজযোৰে জাতিটোৰ ৰূচিবোধ আৰু সৌন্দৰ্য‍্যবোধৰ পৰিচয় দিয়ে। এটা জাতিৰ সংস্কৃতি, পৰম্পৰা; জাতিটোৰ জনজীৱন, বাস কৰা ঠাইৰ প্ৰাকৃতিক উপাদানৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। সেইদৰে সংস্কৃতিৰ অনবদ্য অংগ জাতীয় সাজযোৰৰ ওপৰতো থলুৱা ভাৱে উৎপাদন কৰিব পৰা বা আহৰণ কৰিব পৰা কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ স্বৰুপে কোনো অঞ্চলত কপাহৰ উৎপাদন বেছি হ'লে সেই ঠাইৰ লোকৰ থলুৱা সাজযোৰ নিশ্চিত ভাৱে কপাহৰ পৰা উৎপাদিত হব লাগিব। সেইদৰেই অসমীয়াৰ প্ৰাণৰো আপোন মুগাৰ সাজযোৰে অসমৰ গৌৰৱময়  মুগা পালনৰ কথাকে আঙুলিয়াই দিয়ে। পিছে অসমীয়া জাতি কোনো গাইগুটিয়া এখিনি মানুহৰ পৰা সৃষ্টি হোৱা নাই। ৰামধেনুৰ দৰেই বহুতো জনগোষ্ঠীৰ মিলনৰ ফলতহে অসমীয়া জাতিৰ সৃষ্টি হৈছে। অসমীয়া জাতিত সোমাই থকা জনগোষ্ঠীসমুহলৈ লক্ষ্য  কৰিলে দেখা যায় টাই আহোম সকলৰ বাদে আন কোনো জাতিৰ মুগাৰ সৈতে পৰম্পৰাগত সম্পৰ্ক নাই, কাৰণ টাই আহোমৰ পৰম্পৰাগত সাজযোৰো মুগাৰে। মুগা পলু যাক টাই আহোমৰ ভাষাত কিপ মৌঙ বোলা হয়, ইয়াৰ  পালন আহোমৰ ধান খেতিৰ দৰেই এক পৰম্পৰাৰ দৰে অতীজৰ পৰা চলি আহিছিল, ইয়াৰ সঁচ অসমলৈ চাও লুঙ  ছ্যুকাফাৰ নেতৃত্বত আহোমসকল আহোতেই লগত লৈ আহিছিল। সৌ তাহানি প্ৰায় ২৭০০ খৃষ্টপূৰ্বতে চীন দেশত ৰেচম শিল্পৰ প্ৰমাণ পোৱা যায় ৷  সেই সময়লৈকে আন কোনো দেশতে ৰেচম শিল্পৰ প্ৰচলন নাছিল। চীন দেশত সম্ৰাট হোৱাং টিৰ সম্ৰাজ্ঞী ছি-লিং-চিয়ে(Si-ling-chi) ৰেচম পলুৰ পালন আৰু তাৰ পৰা সূতা উৎপাদনৰ পদ্ধতি উদ্ভাৱন কৰিছিল। সেয়াই আছিল হয়তো ৰেচম শিল্পৰ প্ৰথম আৰম্ভণি । কিন্তু ৰেচম উৎপাদনৰ এই পদ্ধতি কেৱল চীনা সকলৰ মাজতে আৱদ্ধ কৰি ৰখা হৈছিল, যদি সেইসময়ত পলুৰ সঁচ কোনোবাই চীনৰ পৰা বহিঃ ৰাজ‍্যলৈ নিয়াৰ প্ৰমাণ পায়, তেওঁক ফাঁচী দি হত্যা কৰি শাস্তি বিহা হৈছিল। পিছত  দুজন ইউৰোপীয় সন‍্যাসীয়ে ৰেচম পলুৰ কণী আৰু নুনী গছৰ গুটিৰ সঁচ হাতৰ লাখুটিত লুকুৱাই লৈ যায়। যাৰ ফলত ইউৰোপীয় দেশ সমূহতো ৰেচম শিল্পৰ আৰম্ভণি ঘটে।  নুনী গছৰ সঁচ নিয়ালৈ লক্ষ্য  ৰাখি  অনুমান কৰিব পাৰি যে সেয়া কেৱল পাট পলুৰ সঁচ আছিল, অৰ্থাৎ চীনা সকলেও সম্পূৰ্ণ কৈ ঘৰচীয়া নোহোৱা মুগা ৰেচম পলুৰ পালন কৰা পদ্ধতিৰ সৈতে চিনাকি নাছিল। চীনৰ পাছত প্ৰথমে ইউৰোপ , আৰু অন্যান্য দাঁতিকাষৰীয়া দেশ জাপান, কোৰিয়া আৰু লাহেকৈ ভাৰতলৈ ৰেচম শিল্পৰ প্ৰভাৱ পৰে । এটা সময়ত ইউৰ-এছীয় সংযোগী ছীল্কৰ'ডে চীন আৰু ইউৰোপৰ দেশৰ মাজত হোৱা ৰেচমৰ ব‍্যৱসায়ৰ স্বাক্ষৰ বহন কৰি আহিছে।  পিছে কিছুমানৰ মহাভাৰতৰ গইনা লৈ সৰ্বপ্ৰথমে ভাৰতত ৰেচম শিল্পৰ উদ্ভাৱন হৈছিল বুলি কৰা দাবী কেবল সৰু লৰাৰ জেদৰ বাদে একো নহয়। মহাভাৰতৰ পৌৰাণিক কাহিনীত ৰেচম কাপোৰৰ ব‍্যৱহাৰৰ কথা উল্লেখ আছে যদিও সেই সময়ত ৰেচম কাপোৰ ভাৰতলৈ চীনৰ পৰা আমদানি কৰা হৈছিল। এইদৰে বহুজনে বিভিন্ন মত আৰু বিভিন্ন সময়ৰ উল্লেখ কৰে, পিছে গ্ৰহণযোগ্য হয় বুলি কব নোৱাৰি।এই কাপোৰৰ মূল্য বেছি হোৱাৰ বাবে কেৱল সম্ভ্ৰান্ত লোকৰ শৰীৰতহে শোভা বৰ্ধন কৰিছিল। কেৱল ব‍্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ৰেচম শিল্পৰ প্ৰচলন ভাৰতত আগৰ পৰা আছিল বুলি কলে হয়তো ভুল হব। মূখ‍্যকৈ কপাহৰ পৰা উৎপাদিত কাপোৰৰ প্ৰচলন থকাৰ কথাহে উল্লেখ পোৱা যায়, তাতোকৈ ডাঙৰ কথা যে প্ৰথম বেজিৰ ব‍্যৱহাৰ ভাৰতলৈ চীনৰ পৰাই আহিল তাৰ পিছতহে চিলাই কৰা কাপোৰ পিন্ধিবলৈ শিকিলে । পিছে ভাৰতত ৰেচম শিল্পৰ প্ৰচলনৰ কথা বাদ দি আমি অসমলৈ লক্ষ‍্য কৰিলে দেখো যে মুগা ৰেচম পলুৰ পালন আৰু তাৰ পৰা সুতা কাটি কাপোৰ বোৱাৰ পদ্ধতি আহোমৰ দ্বাৰা উদ্ভাৱিত, কাৰণ চীন দেশত তেতিয়া ছি-লিং-লিয়ে আৰম্ভ কৰা ৰেচম শিল্পত কেৱল পাট পলু (Bombyx mori) প্ৰজাতিৰ হে পোহা হৈছিল। ইয়াক অথৱা তাৰেই একে বৰ্গ(Family) Bombicydae  ৰ পলু আজি বিশ্বতে পোহা হয় যিহেতো ইয়াক ঘৰচীয়া নিয়ন্ত্ৰিত পৰিৱেশত পুহিব পাৰি। পিছে কেৱল উত্তৰ পুৰ্বাঞ্চলৰ মূখ‍্যকৈ অসমত লগতে বৰ্তমান মিজোৰাম, মেঘালয়ত আৰু নাগালেণ্ডতো  পোহা মুগা পলুৰ( Antheraea assamensis) অন‍্য পৰিৱেশ অনুকূল নহয়, আৰু সম্পূৰ্ণ ঘৰচীয়া নোহোৱা বাবে ইয়াৰ পোহাৰ পদ্ধতিও পাট পলুতকৈ বেলেগ। অতীতৰ অসমৰ জাতিসমুহৰ সংস্কৃতি পৰম্পৰালৈ লক্ষ্য কৰিলে মুগা পালনৰ আৰম্ভণি আহোমেই কৰিছিল সেয়া নিঃশ্চিত কাৰণ অতীতত অন‍্য জাতিৰ মাজত ৰেচম শিল্পৰ প্ৰচলনৰ কথা ক'তো পোৱা নাযায় । আহোমৰ বাদে অসমৰ কোনো জাতিৰে পৰম্পৰাগত সাজত মুগাহে নালাগে অইন ৰেচমী কাপোৰৰ প্ৰমাণ নাই  ।  লগতে মুগা লেটা আহোমৰ প্ৰিয় খাদ্য হোৱাৰ হেতু লক্ষ‍্য ৰাখি কথাষাৰত আৰু যোৰ দিয়াৰ থল পাওঁ। বুৰঞ্জীবিদ চাও নগেন্দ্ৰনাথ হাজৰিকাদেৱে অজগৰ বুৰঞ্জীত চোম গছত মুগা পোহাৰ পৰম্পৰা চীন দেশৰ য়ুনান প্ৰদেশৰ যি ঠাইৰ পৰা আহোম সকল আহিছিল আৰু ম‍্যানমাৰত আছিল বা এতিয়াও আছে বুলি কৈছে। চীন দেশৰ সংস্পৰ্শত থকা টাইসকলৰ মাজত আগৰেপৰা ৰেচম শিল্পৰ প্ৰচলন থকাতো কোনো ডাঙৰ কথা নহয়। বিভিন্ন ঠাইত বিভিন্ন ৰেচম পলুৰ পোহাৰ দৰে টাই আহোম সকলৰ মাজত নিজা পদ্ধতিত মুগা পলুৰ পালন কৰাটো আচৰিত কথা নহয়।
        এসময়ৰ আহোম সমাজৰ অবিছেদ‍্য অংগ মুগা পালন সময়ৰ লগে লগে বিলুপ্তিৰ পথলৈ আগ বাঢ়িল। বিভিন্ন কাৰণ বশত , পৰিস্থিতিৰ মেৰ পাকত পৰিও হয়তো এইবোৰলৈ পিঠি দিয়া হ'ল। মূগা কাপোৰৰ ঠাইত কপাহী কাপোৰ পিন্ধিবলৈ ললে। যিহেতু গছ মুগা পুহিলে মানুহজন প্ৰায় তাৰ লগতে ব‍্যস্ত থাকিব লগা হয়। হয়তো সকামৰ মাহ প্ৰসাদৰ সোৱাদ ভাল পাই এইবোৰ কামলৈ পিঠি দিলে। কেইবছৰ মান আগলৈ গাঁৱৰ প্ৰত‍্যেক ঘৰতে বাকী নহ'লেও এৰি পলু হলেও পুহিছিল মহিলা সকলে । পিছে সময়ৰ পাকচক্ৰত পৰি আজি সেয়াও নাইকিয়া হ'ল। আজি কাৰোবাৰ ঘৰত হাতেৰে সুতা কাটি বোৱা এৰি চাদৰ বা মুগাৰ ৰিহাই হ‌ওক বা মেখেলাই হ‌ওক পোৱাটো বৰ টান। আজিৰ প্ৰজন্ম‌ই মুগাৰ  সুতা ক'ৰ পৰা ওলায় তাকো নাজানে ৷ প্ৰকৃতিৰ এই অপূৰ্ব দান, এটি মাথো পোকৰ লেলাৱতিয়ে অতি নিপুণভাৱে নিৰ্মাণ কৰা বাহটোৰ পৰাই যে অসমৰ গৌৰৱ মুগাৰ কাপোৰৰ সোণোৱালী আহঁ ওলায় সেয়া বহুতৰ বাবে অজ্ঞাত। আজি হয়তো নৱপ্ৰজন্ম‌ই মূগা কি চিনি নাপাই দেখিলেও হয়তো ছিঃ পোক বুলিহে ঘিণ কৰিব। সময় সলনি হৈছে ,  সকলোফালে কেৱল প্ৰতিযোগিতাৰ বতাহ বলিছে,  সকলোৱে কেৱল আনতকৈ কিমান অত‍্যাধুনিক ভাৱে আগবাঢ়ি যাব পাৰে তাক লৈ হে ব‍্যস্ত । প্ৰতিযোগিতাৰ এই লৰা ঢপৰাৰ মাজত পুৰণি কিছুমান বস্তু বাদ পৰি ৰৈ গৈছে। মানুহৰ এয়াইতো প্ৰবৃত্তি পুৰণি ক এৰি নতুনক আদৰাৰ আখৰা। পিছে জীৱন যুজঁত নিজকে জীয়াই ৰাখিবলৈ কৰা এই প্ৰতিযোগিতাত প্ৰতিযোগী অধিক  , পুৰস্কাৰ কম। এনে এক সময়ত সকলোৱে কেৱল চাকৰিৰ পিছত ঘুৰি ফুৰিছে কিন্তু এবাৰো নিজে স্বাৱলম্বী হোৱাৰ কথা ভাৱিলেনে? আজি অসমৰে গৌৰৱ ৰেচম শিল্পৰ লগত জড়িত মুগা পালনৰ দ্বাৰা আমি নিজক স্বাৱলম্বী কৰি তুলিব পাৰো। আজি চাবলৈ গ'লে অসমত এই শিল্পৰ চাকিগছি ঢিমিক ধামাক কৈ হে জ্বলি আছে । কাৰণ যিহেতু মুগাৰ আজি গৃহভুমি বুলি কোৱা অসমখনত পৰ্যাপ্ত পৰিমাণৰ উৎপাদন নাই। যি কাপোৰে আজি বিশ্বতে  সমাদৰ লাভ কৰাৰ সময়ত ইয়াৰ উৎপাদন যি হাৰত হব লাগিছিল সেই হাৰত হোৱা নাই। প্ৰকৃতিৰ এনে অৱদান যিটো কেৱল আমাকহে দিছে তাৰ উপযুক্ত ব‍্যৱহাৰ কৰিব নোৱাৰাটো আমাৰ বিফলতা। বিশেষকৈ আহোমসকল যাৰ মুগাৰ হৈতে পুৰণি চিনাকি; তেওঁলোকে নিজৰ এই পুৰণি পৰম্পৰা ধৰি ৰাখি মুগা কাপোৰক বিশ্বৰ সকলোতে চিনাকি দিয়াৰ প্ৰয়োজন বুলি অনুভৱ হয়। হয়তো মুগাৰ দৰে উন্নত মানৰ কাপোৰ পোৱাটো বহুত কঠিন হব, কাৰণ ইয়াৰ দৃঢ়তা আন ৰেচম সুতাতকৈ বেছি ,লগতে  কোনধৰণৰ পাত খাবলৈ দিয়া হৈছিল তালৈ লক্ষ‍্য ৰাখি ইয়াৰ এক সুগন্ধ‌ও থাকে। মুগাই  চোম গছ (Persea bombycina ,যাক টাই ভাষাত তুন্ মুঙ্ ছি বোলা হয় ), হোৱালু(Litsea monopetala), দীঘলতী(Litsea salicifolia,  যাক টাই ভাষাত তুন মা ফিক্ বোলা হয়), মেজাঙ্কৰী (Litsea citrate ,টাই ভাষাত তুন মে জাঙ্; এই পাত খোৱা পলুৰ পৰা পোৱা সুতা আনবোৰতকৈ উন্নতমানৰ হয়) আদি গছৰ পাত খায়‌। ৰেচম শিল্প বা উদ‍্যোগ এক কৃষিভিত্তিক উদ‍্যোগ অসমত এনে উদ‍্যোগৰ বিকাশৰ সম্ভাৱনা আছে যদিও ইয়াৰ প্ৰতি জনসাধাৰণেই হ‌ওক বা চৰকাৰৰেই অন‍্যমনস্কতাৰ কাৰণে শেষ হৈ গৈছে। আজি হয়তো অসমৰ সেৰেঙাকৈ দুই এখন ঠাইত চৰকাৰী চোমনি থকাৰ লগতে যি কেইখন ব‍্যক্তিগতভাৱে সৰুকৈ হলেও চোমনি আছে তাৰ পৰা উৎপাদিত মুগা সুতা পৰ্যাপ্ত নহয়। থকা কেইখনতো যি ধৰণে ব‍্যৱহাৰ হব লাগে হোৱা নাই , ইয়াৰ বৃহৎ মাটিকালিৰ সৰহ অংশ অযথা পৰি থাকে। গতিকে কেৱল চাকৰিৰ পিছত দৌৰ নামাৰি পৃথিৱীৰ আন ঠাইত কৰা পাট পলুৰ বা নুনী মুগাৰ দৰে আমিও অসমত বিজ্ঞানসন্মত পদ্ধতিৰে উপযুক্ত প্ৰশিক্ষণ ৰ দ্বাৰা চোম মুগাৰ পালন কৰিলে নিজকে স্বাৱলম্বী কৰাৰ লগতে ৰাজ‍্যখনৰ অৰ্থনৈতিক উন্নয়ন আৰু জাতিৰ পৰিচয়ক আৰু উজলাই তুলিবলৈ সক্ষম হম।
ৰেচম শিল্প‌ বিশেষকৈ নাৰীক অৰ্থনৈতিভাৱে সৱল কৰাত সহায়ক হব পাৰে , যিহেতু ,অন‍্য কৃষিভিত্তিক উদ‍্যোগতকৈ    বিশেষ কষ্টকৰ শাৰীৰিক পৰিশ্ৰমৰ  প্ৰয়োজন নথকা  এইক্ষেত্ৰত নাৰীৰ সংস্থাপনৰ সম্ভাৱনা অধিক। আহোমৰ নাৰী অতীততেও পুৰুষৰ তলত নাছিল, সামাজিকেই হ‌ওক ঘৰুৱাই হ‌ওক ক'তো পিছ পৰা নাছিল, আজিও সেই একে আদৰ্শৰে আগবাঢ়ি আহি নিজকে স্বাৱলম্বী কৰাৰ লগতে দেশ, জাতিৰ উন্নতিত হাত উজান দিয়ক। গতিকে প্ৰতিডাল আহঁৰ মাজে মাজে আহোমৰ স্বাভিমান , পৰিচয় বান্ধ খাই থকা মুগা সুতাক জীয়াই ৰাখি লাগিব, চিনাকি কৰি দিব লাগিব বিশ্বক , লগতে সময়ৰ সৈতে খাপ খোৱাই নিজেও আগুৱাই যাব লাগিব। যদিহে কোনো কামৰ দ্বাৰা নিজৰ উপকাৰ হোৱাৰ লগতে  জাতিকো উজলোৱাৰ সুযোগ পাওঁ তেনে সুযোগক আমি গ্ৰহণ কৰা উচিত।
সম্পূৰ্ণকৈ পঢ়ক »

ধুনীয়া ছোৱালী বোৰলৈ এখন মুকলি চিঠি ණ...চাও খুন চেঙ কু কৈ, মৰাণ লেঙেৰী



ধুনীয়া ছোৱালীবোৰ কুশলে অাছানে?
তোমালোকলৈ এটি অনুৰোধ।
অনুগ্ৰহ কৰি ওঁঠত লিপিস্টিক অলপ কমকৈ লগাবা,
কাজল পাৰিলে নলগাবা,
চুলিখিনি মেলি নথবা,
কাণ ফুলি দুপাটকৈ নিপিন্ধিবা,
পাৰিলে গালত মধুৰস অলপ কমকৈ লগাবা,
শেষত মোলৈ চাই হাঁহি নামাৰিবা।
নহ'লে হয়তো এই পাগল কবিৰ কলমৰ পৰা
অাকৌ সৃষ্টি হব পাৰে এটা নতুন অকবিতা।
সম্পূৰ্ণকৈ পঢ়ক »

টাই সংস্কৃতিৰ জীৱন্ত প্ৰতীক: চাও ম' জোনাৰাম চাংবুন ফুকন ණ...ড° গিৰিন ফুকন, মৰাণ


            এই কথা সকলোৱে বিদিত যে আহোমৰ পণ্ডিত পুৰোহিত শ্ৰেণীৰ মহন দেউধাই - বাইলুঙ (ম'হুঙ-ছাঙ বুন- ম'প্লঙ) সকলে স্বাধীন অসমৰ গৌৰৱোজ্জল যুগৰ বুৰঞ্জী, ধৰ্ম,  সমাজ ব্যৱস্থা , সামাজিক ৰীতি-নীতি,  আচাৰ ব্যৱহাৰ আদিৰ কথা বৈজ্ঞানিক পদ্ধতিৰে টাই ভাষাত লিপিবদ্ধ কৰি এটা আপুৰুগীয়া সাহিত্য সংস্কৃতিৰ ধাৰা বহন কৰি আহিছে ৷ তেওঁলোকৰ প্ৰচেষ্টাত সৃষ্টি হোৱা টাই আহোম বুৰঞ্জী সাহিত্যই প্ৰাক বৃটিছ যুগৰ ছশ বছৰীয়া স্বাধীন অসমৰ এটি ধাৰাবাহিক আৰু নিৰ্ভৰযোগ্য বিতং ইতিহাস দাঙি ধৰিবলৈ সক্ষম হৈছে ৷
            কালৰ কুটিল গতিত টাই আহোম চাও-ফা সকলকে ধৰি অন্যান্য আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰি তেওঁলোকৰ ব্যক্তিগত আৰু সামাজিক কাম - কাজত নতুন আৰ্য সংস্কৃতিৰ উপাদানসমূহক আকোঁৱালি ল'বলৈ আৰম্ভ কৰিছিল ৷ কালক্ৰমত টাই আহোমৰ নিজা ভাষা-সংস্কৃতি চৰ্চা প্ৰায় নাইকীয়া হোৱাৰ উপক্ৰম হৈছিল ৷ তৎস্বত্বেও মহন-দেউধাই-বাইলুঙ - এই তিনি ফৈদে টাই ভাষা সংস্কৃতি চৰ্চাৰ ধাৰাবাহিকতা ৰক্ষা কৰি টাই আহোমৰ চহকী ঐতিহ্য আৰু পৰম্পৰা সমূহ ৰক্ষাৰ কামত ব্ৰতী হৈছিল ৷ তেওঁলোকে চহকী ঐতিহ্যৰে পৰিপূৰ্ণ সাঁচিপতীয়া পুথিসমূহ সযতনে সংৰক্ষণ কৰাকে ধৰি টাই আহোম লোক সকলৰ মাজত প্ৰচলিত ভিন্ন পৰম্পৰা বোৰ ৰক্ষা নকৰা হ'লে 'টাই ভাষা সংস্কৃতি' বৃহৎ অসমীয়া ভাষা সংস্কৃতিৰ অংগৰূপে স্বীকৃত নহ'লহেঁতেন ৷ এনে পটভূমিৰ পৰিপ্ৰেক্ষিতত চাও ম' জোনাৰাম ছাঙবুন ফুকনৰ কৃতি আৰু কৃতিত্বক আমি শলাগ লব লাগিব ৷ যি কেইগৰাকী পুৰোহিত পণ্ডিতে নিজা ভাষা কৃষ্টি-সংস্কৃতি আদি চৰ্চাত আজীৱন আত্মনিয়োগ কৰি নিজৰ জাতীয় ঐতিহ্য পুনৰুদ্ধাৰ, ৰক্ষণাবেক্ষণ আদিৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকালৈ অন্যসকলকো এই ক্ষেত্ৰত অগ্ৰাহাম্বিত কৰি তুলিছিল সেই সকলৰ ভিতৰত জোনাৰাম ছাঙবুন ফুকন আছিল অন্যতম ৷

মহন দেউধাই বাইলুঙ সকলৰ ভিতৰত ঐতিহ্যমণ্ডিত ফূ চেউ ছাঙ বুন ডাঙ-দেঙ কন তুন মান বংশত ১৯৪৫ চনতে জন্মগ্ৰহণ কৰি টাই ভাষা সাহিত্য চৰ্চা আৰু সংৰক্ষণত ব্ৰতী হৈ আগবঢ়োৱা বৰঙণিৰ বাবে আমি তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰম ৷ অতি অভাৱ-অনাটন আৰু অনেক ঘাট প্ৰতিঘাট নেওচি টাই ভাষা-সংস্কৃতি বিকাশৰ অগ্ৰণী অনুষ্ঠান - পাটসাঁকো কেন্দ্ৰীয় টাই বিদ্যালয়,  মহন -দেওধাই -বাইলুঙ সন্মিলন,  টাই যাদুঘৰ শিৱসাগৰ,  পূৰ্ব্বাঞ্চল টাই সাহিত্য সভাৰ নিচিনা অনুষ্ঠান গঢ়ি তোলাত ছাঙবুন ফুকনৰ বৰঙণি উল্লেখযোগ্য ৷ তদুপৰি তেওঁ টাই আহোমৰ সাঁচিপতীয়া পুথিবোৰ পঢ়ি ইবিলাকক অসমীয়া ইংৰাজীলৈ ভাঙনি কৰিছিল আৰু পুথি বিলাকৰ পৰা আহৰণ কৰা জ্ঞানেৰে বহুকেইখন গ্ৰন্থ লিখি উলিয়াইছিল ৷ তেনে কেইখনমানৰ গ্ৰন্থৰ নাম হৈছে - নাঙ হুন ফা চকলঙ বিধি,  লিক টাই,  আহোম প্ৰাইমাৰ , চাও লুঙ ছ্যুকাফা , মোৰ অমৰ জীৱন কবিতা,  অসম বুৰঞ্জীৰ জীউ শ্বহীদ নাঙ জয় ছেঙ তে,  পূজা বিধি,  আহোম ভাষা,  এলাইনমেন্ট কনচেপ অফ চাও এণ্ড তাও,  মোৰ গীতৰ কবিতা ৷ এই গ্ৰন্থবোৰ টাই ভাষা সাহিত্য ভঁৰাললৈ অতুলনীয় অৱদান বুলি বিবেচিত হৈছে ৷ এই পুৰোধা ব্যক্তিজনে সুদীৰ্ঘকাল কেন্দ্ৰীয টাই বিদ্যালয়ত শিক্ষকতা কৰি যুৱ প্ৰজন্মক যি বাট দেখুৱালে তাৰ বাবে তেওঁ আমাৰ মাজত সদায়ে চিৰস্মৰণীয় হৈ ৰ'ব ৷ মূৰত পাগুৰী,  কান্ধত থুঙ ( মোনা)  , গাত চাপকনৰ সৈতে পটলুঙ পৰিহিত বিৰল ব্যক্তিত্বৰ অধিকাৰী এইজন টাই ভাষা - সাহিত্যৰ সাধকৰ চাল-চলন , কথা-বতৰা,  আচাৰ ব্যৱহাৰ,  পিন্ধন- উৰন,  খাৱন - শোৱন সকলোতে টাই সংস্কৃতি প্ৰতিফলন ঘটিছিল ৷ আচলতে তেওঁ আছিল টাই সংস্কৃতিৰ জীৱন্ত প্ৰতীক ৷
        টাই আহোমৰ পুৰোধা ব্যক্তি তথা কিংবদন্তি পুৰুষ ছাঙবুন ফুকনৰ লগত অতি নিবীড়ভাৱে মোৰ সম্পৰ্ক গঢ়ি উঠিছিল ৷ তেওঁৰ সানিধ্যই মোক আপ্লুত কৰিছিল আৰু যোগাইছিল কৰ্ম প্ৰেৰণা ৷ এই কথা তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে - এটা জাতিৰ মেৰুদণ্ড হৈছে ভাষা আৰু সংস্কৃতি ৷ সেয়ে ভাষা সংস্কৃতিৰ বিলুপ্ত ঘটিলে যেই জাতিৰ আত্মপৰিচয়ৰ অস্তিত্বৰ বিপদাপন্ন হয় ৷ এনে সংশয়ৰ প্ৰতি লক্ষ্য ৰাখি টাই ক'লা- কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবলৈ তেওঁ মনে প্ৰাণে যত্ন কৰিছিল ওৰে জীৱন ৷ জীৱনৰ প্ৰতিটো ক্ষণত ব্ৰতী হৈছিল এই উদ্দেশ্য সাধন কৰিবলৈ ৷  টাই ভাষা সংস্কৃতিকে ধৰি অসমৰ জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিসমূহ বিকাশ ঘটিলেহে যে বৃহৎ অসমীয়া জাতি জীয়াই থাকিব এই কথা ছাঙবুন ফুকনে আন্তৰিকতাৰে অনুধাৱন কৰিছিল ৷

কথা বতৰা আৰু ব্যৱহাৰত অত্যন্ত নম্ৰ ছাঙবুন ফুকন কোনো পৰিস্হিতিতে অনুভূতিপ্ৰৱন হোৱা নাইবা কাৰোবাৰ অশালীন ব্যৱহাৰ কৰা দেখা নগৈছিল ৷ সামাজিক দায়বদ্ধতা , সততাবোধ,  কৰ্ত্তব্য পৰায়ণতা , শৃংখলাবদ্ধতা,  ন্যায়নিষ্ঠ,  পৰিপাটিতা আছিল তেওঁৰ জীৱনৰ মূল মন্ত্ৰ ৷ ধীৰ স্হিৰ,  কৰ্ত্তব্যনিষ্ঠ,  অধ্যাৱসায়ী আদি গুণৰ অধিকাৰী এই মানুহজনৰ চাল-চলন, কথা-বতৰা আৰু জীৱন ধাৰণ আছিল অতি বৈচিত্ৰপূৰ্ণ ৷
      ছাঙবুন ফুকনৰ লগত গঢ়ি উঠা সান্নিধ্যই আজিও মোৰ মন পুলকিত কৰে ৷ অতি সহজ-সৰল উদাৰ চিতৰ মানুহজনৰ সৌম্যভাৱৰ অন্তৰালত থকা মৃদু স্বভাৱে আৰু অল্পভাষীতাই আনি দিয়া গম্ভীৰ ব্যক্তিত্বক উপলব্ধি আৰু উপভোগ কৰি আমাৰ মন উদ্বেলিত হৈছিল ৷ এই কথা নিশ্চিত ভাৱে কব পাৰি যে অক্লান্ত পৰিশ্ৰমী,  অধ্যয়নশীল কথা বতৰাত অতি নম্ৰ পৰিশীলিত ব্যক্তিত্বৰ অধিকাৰী ছাঙবুন ফুকন এজন অতি সাধাৰণ লোক যেন লাগিলেও সাধাৰণ যেন লগা এই লোকজনৰ ভিতৰত সোমাই আছিল এক অসংগ্ৰামী সত্তা ৷
       সহজ - সৰল মৃদুভাষী টাই ভাষা সাহিত্যৰ আজীৱন পূজাৰী গৰাকীৰ মৃত্যুত আমি মৰ্মাহত হৈছো আৰু তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো ৷ এই টাই ভাষা সাহিত্যৰ পূজাৰীজনাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ টাই ভাষা সংস্কৃতিৰ বিকাশৰ বাবে আত্মনিয়োগ কৰিব পাৰিলেহে তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱা হ'ব ৷ আহক আমি এই ব্যক্তিক্ৰমী মানুহজনৰ অসম্পূৰ্ণ কামখিনি সম্পূৰ্ণ কৰি তেওঁৰ আকাংশিত উদ্দেশ্য সাফল্যমণ্ডিত কৰিবলৈ সংকল্প গ্ৰহণ কৰোঁ ৷
সম্পূৰ্ণকৈ পঢ়ক »

প্ৰতিভাধৰ ডামচাও জোনাৰাম চাংবুন ফুকনৰ সান্নিধ্যত ණ ...চাও অনুপম হাতীমুৰীয়া, বাকচু খেলুৱা, শিৱসাগৰ


        ১২২৮ খ্ৰীষ্টাব্দৰ কথা ৷ এজন মহান মণিষীয়ে আহি চৰাইদেউত ৰাজধানী পাতিছিল ৷ পাটকাই পৰ্বত পাৰ হৈ অসমৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত মুগ্ধ হৈ তেওঁ 'মুঙ ডুন চুন খাম' বুলি চিঞৰি উঠিছিল ৷ যাৰ অৰ্থ হ'ল - ' গছ গছনিৰে ভৰা সোণালী দেশ ৷' প্ৰকৃতি প্ৰেমৰ ব্যাকুল তেওঁৰ হৃদয়ে প্ৰকৃতিৰ অপৰূপ লীলাভূমি চৰাইদেউকেই বাচি লৈছিল ৰাজধানী হিচাপে ৷ ১৯৯০ খ্ৰীষ্টাব্দ (১১১২ শক ) ত চাও চাং নেওৰ ঔৰষত আৰু মুংখু মুং জাওৰ গৰ্ভত জন্ম হৈছিল এইজনা বৃহত্তৰ অসমীয়া জাতিৰ সংগঠক তথা শ্ৰেষ্ঠ অসমীয়া স্বৰ্গদেউ চাওলুং ছ্যুকাফাই ৷
      ছ্যুকাফাৰ নিচায়েকে তুলি লৈছিল কাৰণ তেওঁৰ নিচায়েক নি:সন্তান আছিল ৷ নিচায়েক আছিল মুঙ মাও ৰাজ্যৰ ৰজা ৷ সেয়ে এই ৰাজ্যৰ সিংহাসন ছ্যুকাফাই লাভ কৰাটো একেবাৰে নিশ্চিত আছিল ৷ কিন্তু ছ্যুকাফাৰ ভাগ্য ইমানেই বেয়া আছিল যে এসময়ত তেওঁৰ নিচায়েকৰ এটা পুত্ৰ সন্তান হৈছিল ৷ ইমানদিনে ছ্যুকাফাই দেখি অহা ৰজা হোৱাৰ সপোন নিমিষতে ছাৰখাৰ হৈ পৰিছিল ৷ কিন্তু ছ্যুকাফাৰ মনৰ দৃঢ়তা ইমানে প্ৰৱল আছিল যে তেওঁ ৰজা হোৱাটো জীৱনৰ প্ৰধান লক্ষ্য কৰি ললে আৰু অৱশেষত এনায়েকৰ আৰ্শীবাদ শিৰত লৈ তেওঁ যাত্ৰা আৰম্ভ কৰি দিলে ৷ এক অনাকাংক্ষিত ভৱিষ্যতৰ দিশত আগবাঢ়িছিল যদিও ছ্যুকাফাৰ অদম্য প্ৰাপ্তিৰ হেঁপাহে তেওঁক এনেভাৱে শক্তিশালী কৰি ৰাখিছিল যে ৰজা হোৱাৰ বাবে তেওঁ জীৱনত যিকোনো প্ৰত্যাহ্বানৰ সম্মুখীন হ'বলৈ সাজু আছিল ৷
       সুদীৰ্ঘ ১৩ বছৰ যাত্ৰাৰ শেষত তেওঁ চন্টক শিমলুগুৰি পাৰ হৈ চৰাইদেউত উপস্হিত হৈছিলহি ৷ যাত্ৰা পথত সম্মুখীন হোৱা চিংফৌ,  নগাসকলক তেওঁ কঠোৰ হাতেৰে দমন কৰি আহিছিল ৷ ২৫ বছৰ ধৰি তেওঁ অসমৰ ভিন ভিন ঠাই ঘূৰি ফুৰি কটালে আৰু অৱশেষত ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিলে ৷ এই ৰাজধানীয়েই হ'ল বৰ্তমানৰ চৰাইদেউৰ 'ছ্যুকাফা' নগৰ ৷
শ্ৰদ্ধাৰ পাঠক ৰাইজ,  এইয়া আছিল আৰম্ভণি ৷তাৰ পাছত সুদীৰ্ঘ ৬০০ বছৰ কাল ধৰি অসমত ৰাজত্ব কৰা আহোমৰ হাততেই অসমীয়া জাতি সংস্কৃতিয়ে বিশেষভাৱে সাৰ-পানী পাই প্ৰাণ পাই উঠিছিল ৷ সাত ৰজা মাৰি এক ৰজা কৰা ছ্যুকাফাৰ বৰ অসমখন নানা জাতি-জনজাতি , কৃষ্টি-সংস্কৃতিৰ মিলনভূমি হৈ পৰিল ৷ সুদীৰ্ঘ ৬০০ টা বছৰৰ ৰাজত্বকালত বৰ অসমৰ জনজীৱনত আহোমসকলে যি প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল,  তাৰ ভিতৰত আটাইতকৈ উল্লেখনীয় প্ৰভাৱ পৰিছিল অসমৰ সামাজিক,  ৰাজনৈতিক আৰু সাংস্কৃতিক জগতত ৷
          আহোম শাসন ব্যৱস্হা আছিল উদাৰনীতিৰ ওপৰত বিশেষভাৱে পৰিচালিত ৷ বিশেষকৈ ছ্যুকাফাকে আদি কৰি চুহুংমুং দিহিঙীয়া ৰজা,  প্ৰতাপ সিংহ,  ৰুদ্ৰসিংহ এইসকলৰ শাসননীতিয়ে ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰৰ জাতীয় জীৱনৰ ওপৰত ব্যাপক ভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল ৷ যিহেতু আহোমসকলৰ পূৰ্ব বাসস্থান 'চীনদেশ' আছিল গতিকে তেওঁলোকৰ ধৰ্ম -বিশ্বাস,  ৰীতি-নীতি এইবোৰ থলুৱাসকলৰ তুলনাত বেলেগ আছিল ৷ কিন্তু তেওঁলোকে কেতিয়াও কাৰো ধৰ্মৰ বিশ্বাসত আঘাত কৰা নাছিল ৷ বৰঞ্চ তেওঁলোকে নিজৰ ভাষা আৰু ধৰ্মৰ সংৰক্ষণ কৰি তেতিয়াৰ অসমৰ থলুৱা ভাষা আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ৷ ৰজা প্ৰতাপ সিংহই সৃষ্টি কৰিছিল অসমীয়াৰ ঐতিহ্য ৰক্ষাৰ হেতু নানা পদ্ধতি ৷ গাওঁ সমূহৰ মাজত সমন্বয়ৰ বাণী প্ৰচাৰ কৰিবলৈ তেওঁ দায়িত্ব দিছিল মমাই তামুলী বৰবৰুৱাক ৷ বৰ অসম গঢ়াত মুখ্য ভূমিকা লোৱাৰ ক্ষেত্ৰত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ভূমিকাও আছিল উল্লেখনীয় ৷ বিশেষকৈ অসমীয়া সমাজত সাংস্কৃতিক চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত হয়টো এইজনা স্বৰ্গদেউৰ ভূমিকাই সৰ্বাধিক ৷ বিভিন্ন প্ৰাদেশিক ৰাজ্যৰ সংস্কৃতি অনুকৰণ কৰি তেওঁ আমাৰ বৰ অসমখনকো সজাব খুজিছিল ৷ আহল-বহল ৰাস্তা নিৰ্মান,  বিজ্ঞান চৰ্চাৰ বাবে ৰাজসভা পৰমানন্দ শৰ্মাক দিয়া বিশেষ গুৰুত্ব, ঠায়ে ঠায়ে সাঁকো ,দলং, দ'ল -দেৱালয় আদি নিৰ্মান কৰি তেওঁ বৰ অসমখনক বৰ সুন্দৰকৈ সজাই ৰাখিছিল ৷

থলুৱা কৃষক সমাজৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনি তেওঁ যি ৰাজকীয় মৰ্যদা দিলে,  তাৰ দ্বাৰা বিহু অসমীয়া জাতিৰ এক পৰিচয় হিচাপে চিহ্নিত হ'ল  ৷  ইয়াৰ আগতে এই বিহু কেৱল অসমীয়া সমাজৰ চোতালতে পৰিৱেশন হৈছিল ৷ গাওঁৰ ডেকা গাভৰুৱে কেতিয়াবা ডাঙৰ গছৰ তলতো হুচৰি মাৰিছিল ৷ ঠায়ে ঠায়ে ৰাতি বিহু প্ৰচলন আছিল ৷ কিন্তু স্বৰ্গদেউ কৃপাত এই পৰম্পৰাই ৰংঘৰৰ বাকৰিত প্ৰৱেশ কৰাৰ লগে লগেই সি এক প্ৰকাৰৰ ৰাষ্ট্ৰীয় মৰ্যদা লাভ কৰিছিল ৷ অকল বিহুৱেই নহয় কৃষক সমাজৰ মাজত প্ৰচলিত কিছুমান জনপ্ৰিয় খেলো স্বৰ্গদেৱে ৰংঘৰৰ বাকৰিত উপভোগ কৰিছিল ৷ যেয়ে - ম'হযুঁজ, কণীযুঁজ, কুকুৰা যুঁজ , বুলবুলি চৰাই যুঁজ ইত্যাদি ৷ গতিকে অসমীয়া চহা জীৱনৰ কৃষ্টি সংস্কৃতিক বিশ্ববাসীৰ ওচৰত চিনাকী কৰাই দিয়াৰ ক্ষেত্ৰত আহোমসকলৰ অৱদান আছিল অপৰিসীম ৷
             আহোম বুৰঞ্জীৰ মতে এইজন স্বৰ্গদেৱে মুছলমান পাইজামা পৰিধান কৰিছিল আৰু মুছলমানী সঙ্গীতৰ প্ৰতি বিশেষ আকৰ্ষণ অনুভৱ কৰিছিল ৷ এইয়া আছিল তেওঁ সকলো জাতি ধৰ্মৰ প্ৰতি থকা সহমৰ্মিতা ৷ এক প্ৰকাৰে কবলৈ হ'লে আহোমসকলে দেশ জয় কৰাৰ উপৰি মানুহৰ মন জয় কৰিছিল  ৷ ইতিমধ্যেই অসমৰ হিন্দু - মুছলমান - খ্ৰীষ্টান আদি ভিন ভিন ধৰ্মাৱলম্বী আৰু নানা জাতি - জনজাতিৰ মাজত সম্প্ৰতিৰ বান্ধোন লাহে লাহে কটকটীয়া হৈ আহিছিল ৷ এই কাৰণতেই হয়টো আহোমসকলে এক সুদীৰ্ঘ কাল ৰাজত্ব কৰি এক প্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিছিল ৷ '' সৎ কৰ্মেৰে,  সৎ চিন্তাৰে মানুহৰ হৃদয় জিনিব পৰাটোৱে বিশ্বজয়ৰ বাট মুকলি কৰি দিব পাৰে ৷" --সোৱৰা তেওঁলোকৰ পৰা আমি শিকিব লগা কথা এইটোৱেই ৷
      শিৱসাগৰৰ শিৱদ'ল,  শিৱসাগৰ পুখুৰী,  বিষ্ণুদ'ল,  দেৱীদ'ল,  জয়সাগৰৰ জয়দ'ল,  জয়সাগৰ পুখুৰী,  তলাতল ঘৰ,  গড়গাঁওৰ কাৰেংঘৰ ইত্যাদি ঐতিহাসিক কীৰ্তিচিহ্ন সমূহে যুগ যুগান্তৰ ধৰি আহোমৰ শৌৰ্য - বীৰ্যৰ কথাকেই সোঁৱৰাই আছে আৰু ভৱিষ্যতেও সোঁৱৰাই থাকিব ৷

আনহাতে অসমীয়াৰ মাজত শান্তি সম্প্ৰীতি ঐক্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত 'আধ্যাত্মিকতা' নামৰ যিপাত অস্ত্ৰৰ বিশেষ প্ৰয়োজন আছিল সেই প্ৰয়োজন পূৰণ কৰিছিল আমাৰ গুৰু দুজনাই ৷ ইছলাম ধৰ্মালম্বী সকলৰ মাজতো আধ্যত্মিকতাৰ বীজ সিঁচাৰ ক্ষেত্ৰত আজান ফকীৰৰ অৱদান উল্লেখনীয় ৷
      মধ্যযুগৰ বৈষ্ণৱ আন্দোলনে আহোম ৰাজত্বৰ কালতে বিশেষ প্ৰসাৰতা লাভ কৰিছিল ৷ স্বৰ্গদেউ সকলে বৈষ্ণৱ গুৰুসকলক অৰ্থাৎ ব্ৰাক্ষ্মণ, গোঁহাই,  মহন্তসকলক ধৰ্মানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ মাটি দান কৰিছিল ৷ আনহাতে ইছলাম সকলকো মছজিদ নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল ৷ সেই ধৰ্মানুস্থানসমূহ সূচাৰুৰূপে পৰিচালনা কৰিবলৈ স্বৰ্গদেৱে কৰ্মীও নিয়োগ কৰিছিল ৷ তদুপৰি গোহাঁই মহন্ত সকলে কৰ-কাতলৰ ক্ষেত্ৰতো ৰজাঘৰীয়াৰ পৰা যথেষ্ট ৰেহাই পাইছিল ৷
          গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সমূহৰো স্বৰ্গদেউ সকলৰ সহযোগত প্ৰদৰ্শন কৰা হৈছিল ৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ' ৰাৱন বধ',  গৌৰিনাথ সিংহৰ দিনত ' ৰুক্মিণী হৰণ ' আদি ভাওনাসমূহৰ প্ৰদৰ্শন হৈছিল ৷ ইয়ে প্ৰমাণ কৰে যে আহোমসকলৰ ৰাজত্ব কালত বৈষ্ণৱ আন্দোলনে এক বিশেষ মৰ্যদা পাইছিল ৷
       এনেদৰে আহোমসকলে অসমীয়া জাতীক ভাষা,  ধৰ্ম,  কৃষ্টি , সংস্কৃতি আদি সকলোফালৰ পৰা পৰিপুষ্ট কৰি জাতিটোক সুষ্ঠ আৰু সবল কৰাত বিশেষ ভূমিকা লৈছিল ৷
        কিন্তু সাম্প্ৰতিক সময়ৰ অসমীয় জাতিৰ ঐক্যৰ এনাজৰীডাল লাহে লাহে থুনুকা হৈ অহা পৰিলক্ষিত হৈছে ৷ জাতি জনগোষ্ঠী সমূহৰ মাজত নানা বিভেদকামী মানসিকতাই গা কৰি উঠা দেখা গৈছে ৷ শংকৰ আজান তথা স্বৰ্গদেউ সকলৰ সমন্বয় বাণী সমূহ অসমীয়াই যেন লাহে লাহে পাহৰিব লাগিছে ৷ তাতোতকৈ ডাঙৰ কথা সেই মহান লোকসকলৰ মহান বাণীৰে সমাজত সম্প্ৰীতিৰ বীজ সিঁচিবলৈ আগবঢ়ী অহা জাতিপ্ৰেমী মানুহৰ যেন আজি অভাৱ ঘটিছে ৷ এই লেখাৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিলৈ এটাই অনুৰোধ - ' প্ৰত্যেকে নিজৰ কৃষ্টি সংস্কৃতি অটুট ৰাখি আমি সকলোৱে সমিল মিলেৰে জীয়াই থাকো আহক ৷ ছ্যুকাফা , শংকৰ আজানে দি থৈ যোৱা একতাৰ বাণীক সৰোগত কৰি আমি এনে এক বৃহত্তৰ অসমীয়া জাতি গঢ় তোলো আহক,  যাৰ প্ৰতি হিংসাৰ দৃষ্টি দিবলৈ যিকোনো অপকশক্তিয়ে কোনো কালে সাহস নকৰিব ৷
সম্পূৰ্ণকৈ পঢ়ক »

টাই সকলৰ ফুৰালুঙ ধৰ্মৰ ওপৰত এটি টোকা ණ ...চাও দ্ৰুপদ লাহন


ফুৰালুং মূলত দুটা নীতিৰ ওপৰত প্ৰতিষ্ঠিত .....ফুৰাৰ গুণানুকীৰ্তন আৰু ফীসকলৰ সন্তুষ্টিৰ বাবে পূজা অৰ্চনা । একেটা মুদ্ৰাৰে দুটা পিঠি স্বৰূপ ফুৰাৰ গুণানুকীৰ্তনৰ দিশটোক বৌদ্ধিক শক্তিসত্বা আৰু ফী সকলৰ সন্তুষ্টিৰ বাবে কৰা পূজা অৰ্চনা কৰা দিশটোক দৃষ্টি শক্তি সত্বাৰ নীতি আদৰ্শ জড়িত বুলি আখ্যা দিয়া হৈছে । এনেকৈয়ে টাই আহোমৰ ধৰ্মীয় আদৰ্শই টাই আহোম সকলৰ সামাজিক ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱন বৰ্ণাধ্য তথা মহত্বপূৰ্ণ কৰি তুলিছে ।এই নিৰৱছিন্ন ধাৰাই মৗং মাওত বসবাস কৰা চাওলুং চুকাফাৰ উপৰি পুৰুষসকলৰ দিনৰ পৰা ছৗও কা ফাৰ দিনলৈ আৰু ছৗও কা ফাৰ পৰা ছশ বছৰীয়া আহোম ৰাজ শাসনৰ অন্তিম পয্যাৰ্য়লৈকে টাই আহোমৰ ধৰ্মীয় ধাৰাক একেডাল ডোলেৰে বান্ধি ৰাখিছে । আহোম ৰাজশাসনৰ পিছত বৃটিছৰ কবলত পৰাধীন অসমৰ সীমা অতিক্ৰমি সেই একেটা ধাৰাৰ নিৰৱছিন্ন প্ৰেৰণাই স্বাধীন দেশৰ নাগৰিক হিচাপে বৰ্তমানলৈকে একেদৰেই টাই আহোমক বান্ধি ৰাখিছে আৰু অনুপ্ৰাণিত কৰিছে ।আহোম স্বৰ্গদেউ সকলৰ দিনত টাই আহোমে পালন কৰি অহা ধৰ্মীয় দিশটোৰ নাম কি হ'ব বা কি বুলি আখ্যা দিয়া হ'ব সেই বিষয়ে চিন্তা কৰিবলগীয়া একো নাছিল । বৃটিছৰ আমোলত পৰাধীন অসমৰ সৰহ ভাগ টাই আহোম লোকেই বিভিন্ন সত্ৰানুষ্ঠানত শৰণ লৈ পদজল সেৱনেৰে নিজৰ ঐতিহ্যক অতি নিলৰ্জভাৱে জলাঞ্জলী দি ভাল হিন্দু হ'বলৈ দৌৰ দিয়াৰ সময়তো টাই আহোম ধৰ্মটোৰ নাম কি হ'ব সেই বিষয়ে চিন্তা কৰিবলৈ কাৰো আহৰি নাছিল । কিন্তু স্বাধীন ভাৰতৰ নাগৰিক হিচাবে জনগণনাত আহোম বুলি স্বীকৃতি পালেও সাংস্কৃতিক ভাৱে সৰ্বশ্ৰান্ত হৈ পৰাৰ পাছত আৰু যিসকল উচ্চ বৰ্ণৰ লেজুত ধৰি ভাল অসমীয়া আৰু ভাল হিন্দু হোৱাৰ অন্ধ প্ৰয়াস কৰিছিল সেই সকলৰ শোষণ বঞ্চনৰ ৰাম টাঙুন মূৰত পৰাৰ পিছত নিজৰ সম্বিৎ ঘূৰাই পোৱাৰ অন্ততঃ এচাম মুষ্টিমেয় আহোমে নিজৰ ধৰ্মটো নো কি আছিল সেই সম্পৰ্কে দেৰিকৈ হ'লেও সাৰ পাই উঠা দেখা গ'ল । এনে অনুসন্ধিৎসাৰ ফলশ্ৰুতিত তাৰ সমাধানৰ্থে টাই আহোম দূৰদৰ্শী সকলৰ চিন্তা চৰ্চাৰ অন্ততঃ জাতীয় অস্তিত্ব ৰক্ষাৰ লগতে সকলোকে বান্ধি ৰাখি ঐক্য সম্প্ৰিতিৰ সাকোঁডাল পাৰি দিবলৈ টাই আহোমৰ ধৰ্মীয় দিশটোক ফুৰালুং হিচাবেই নামাকৰণ কৰিলে ।
টাই আহোম ধৰ্মীয় দিশটোৰ এটা শৃংখলা আনিবৰ বাবে সদৌ অসম মহন দেওধাই বাইলুং সন্মিলনে ১৯৭৫ চনত আনুষ্ঠানিক ভাৱে গঠন কৰি দিয়া সদৌ অসম ফুৰালুং সংঘই লগে লগে এই সিদ্ধান্তক সৰ্বসন্মতিভাৱে গ্ৰহণ কৰি ফুৰালুং আদৰ্শক তৎকালীনভাৱে প্ৰচাৰ আৰু প্ৰসাৰ অৰ্থে হাতে কামে লাগি যায় ।এই প্ৰক্ৰিয়াৰ মাধ্যমেদি টাই আহোমৰ নিজস্ব ধৰ্মীয় আদৰ্শ ফুৰালুংত ১৯৭৫ চনত সদৌ অসম ফুৰালুং সংঘই জন্ম লাভ কৰাৰ পাছত বিগত ৩৭ বছৰত টাই আহোমৰ অতি কমেও ব্ৰহ্মপুত্ৰৰ উত্তৰ দক্ষিণ পাৰে সাত লাখ লোকে অনুগামী হিচাবে নিজৰ পৰিচয় দাঙি ধৰিছে । তৎ সত্বেও এতিয়াও এনে বহু লোক আছে যি মাত্ৰ উপাধিটোৰ জড়িতেহে আহোম বুলি বৰ্তি আছে সেইসকল লোকে আহোমৰ নীতি নিয়মৰ কাষ চপা দূৰৰ কথা সেইবোৰ অতি ঘূণাৰ চকুৰে চাই আৰু ঘোৰ বিৰুদ্ধাচৰণ কৰি চলে ।
সম্পূৰ্ণকৈ পঢ়ক »

ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমজনা শ্বহীদ গমধৰ কোঁৱৰ আৰু কুমৌ-কুবানණ...চাও সঞ্জীৱ বৰুৱা, শিৱসাগৰ


২০০০ চনৰ অক্টোবৰ মাহ ৷ সেই সময়ত
পাটসাঁকোত মলুঙৰ সহায়ত মলুং চাও দীননাথ চাংবুন
বৰুৱাই অনুবাদ কৰিছিল ত্ৰিশ পৃষ্ঠাযোৰা এখন সাঁচিপাতৰ
পুথি নাম কুমৌ কুবান য‘ত লিপিবদ্ধ হৈছিল গোমধৰ
কোঁৱৰৰ লগতে তেওঁৰ সহযোগী সকলৰ
ভাৰতৰ স্বাধীনতা প্ৰথমখন যুদ্ধৰ বীৰত্ব কাহিনী ৷
সেইপুথিখনৰ লিখক আছিল ফু কে ম খা ম ( থপং) ৷ কুমৌ
কুবানে গোমধৰৰ জন্ম ১৮০৬ চন বুলি কৈছে ৷ দিচাং
নদীৰ পাৰত লাকুৱাত সিদ্ধিনাথ ফেণা কোঁৱৰৰ
ঔৰসত, জুতুলী মাতৃৰ সৰুপুত্ৰ হৈ গোমধৰৰ জন্ম ৷
বুৰঞ্জীয়ে কয় ফেণা কোঁৱৰ বা শেন গোহাঁই
দিহিঙীয়া ফৈদৰ ৰজা চুচেঙফা প্ৰতাপ সিংহৰ সৰু গোহাঁই
ঠালত ফেণা কোঁৱৰৰ জন্ম ৷ তেওঁ নাজিৰা জয়খাম ডং
খাটৰ খাটোৱাল বা ৰাজখোৱা আছিল ৷ কুমৌ কুবানে কয়
গোমধৰ সহযোগী লক্ষেশ্বৰৰ ঘৰো নাজিৰাত
৷ তিনিবছৰ পাটসাঁকোৰ মহছিং বৰুৱাৰ ওচৰত বুৰঞ্জীৰ
শিক্ষা গ্ৰহণ কৰি গোমধৰে বন্ধু ঘিনাই, দুতি,
লক্ষেশ্বৰৰ সৈতে দেশৰ কথা পাতে ৷ এয়ে
আৰম্ভণি, আনফালে দেশৰ পিয়ল কৰি পিয়লীয়া নাম
পোৱা ধনঞ্জয় ভগা বৰগোহাঁয়ে বঙালৰ বিৰুদ্ধে
মানুহ একগোট কৰিছে ৷ পিতৃৰ কলংক মচিবলৈ,
দেশমাতৃক উদ্ধাৰৰ বাবে প্ৰায়শ্চিত্ত কৰিবলৈ ওলাই
আহিছিল বদন বৰফুকনৰ পুত্ৰ পিয়লি ৷ অসমৰ যোৰহাটৰ
তৰতলী নামৰ ঠাইত ভগা ডাঙৰীয়াই সিংহাসন সাজি
গোমধৰক পাটত বহুৱাই স্বৰ্গদেউ গোমধৰ সিংহক
বুলি ঘোষণা কৰিলে ৷ তেওঁলোকে মুখামুখী
আৰু গেৰিলা যুদ্ধৰে বঙালৰ অন্তৰাত্মা কঁপাি তুলিলে ৷
চতুৰ বঙালৰ জালত কোঁৱৰ ধৰা পৰিল ৷ বংগদেশৰ
ৰংপুৰ কাৰাগাৰলৈ চৈধ্যবছৰৰ নিৰ্বাসনত বঙালে কোঁৱৰক
প্ৰেৰণ কৰিলে ৷ চৈধ্য বছৰ নিৰ্বাসনক কটাই কোঁৱৰ
উলটি আহিছিল জন্মভূমিলৈ ৷ অসমৰ স্বাধীনতা যুদ্ধৰ
প্ৰথম জনা শ্বহীদ আজিও অমৰ ৷ আমাৰ আহোম
সকলৰ এটি অভ্যাস " নগুণো নলওঁ গম " দ্বাৰা ক্ৰমশ
গোমধৰ কোঁৱৰৰ দৰে "গম " বোৰ বিস্মৃতিত
আমিএৰি দিছো ৷ গোমধৰ কোঁৱৰৰ ত্যাগে
সৰ্বভাৰতীয় পৰ্যায়ত নোপোৱা কথাষাৰ আমি
আৱেগৰ দৃষ্টিৰে চাবৰ হ'ল ৷
সম্পূৰ্ণকৈ পঢ়ক »

বন্ধুবৰ চাও জোনাৰাম চাংবুন ফুকন ණ ...ড° নোমল গগৈ


              ১৯৬১ চনত চাও জোনাৰাম চাংবুন ফুকনক টেঙাপুখুৰী মহন গাওঁত অনুষ্ঠিত দেওধাই-মহন-বাইলুং সন্মিলিত লগ পোৱা ধুৱলি কুঁৱলীকৈ মনত পৰে ৷ সন্মিলনৰ স্মৃতিগ্ৰন্থত মই 'টাই ভাষা' শীৰ্ষক চুটি প্ৰৱন্ধ এটি দিছিলো ৷ ১৯৬৩ চনত চাকৰি সূত্ৰে তিনিচুকীয়াৰ স্হায়ী বাসিন্দা হোৱাৰ দিন ধৰি আহোমৰ পবিত্ৰ তীৰ্থস্থান পাটিসাঁকোৰ লগত মই ওত:পোতভাৱে জড়িত হৈ পৰো ৷ মনোৰঞ্জন ফুকনৰ মাতৃ মোৰ মাহীদেউ সূত্ৰে তেতিয়াৰ পৰাই আখৈয়া দেওধাই গাঁৱৰ লগত মোৰ সঘন আহ-যাহ হ'বলৈ ধৰে ৷
              ১৯৬৮ চনত পাটসাঁকো কেন্দ্ৰীয় তাই বিদ্যালয় প্ৰতিষ্ঠা হোৱা দিন ধৰি মহদেও ডম্বৰুধৰ দেওধাই ফুকন,  জোনাৰাম চাংবুন ফুকন,  পুষ্প মহন,  শিৱ মহন,  নাহৰতলীৰ দীন চাংবুন বৰুৱা,  ইন্দ্ৰমহন বৰুৱা আৰু পাটসাকো হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ড° হৰেন্দ্ৰ নাথ ফুকনৰ লগত ঘনিষ্ঠতা গঢ়ি উঠে ৷ বকতা খালৈঘোণ্ডৰা মৌজাৰ কেন্দ্ৰস্হান পাটসাঁকো আহোমৰ ভাষা-সাহিত্যৰ সংস্কৃতি ধৰ্মৰ পবিত্ৰ ভুমি ৷ দিচাং নৈৰ পবিত্ৰ জলধাৰাৰে বিবৌত এই অঞ্চলতে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ধৰ্মগুৰু পৰম শ্ৰদ্ধেয় দেওধাই,  মহুং আৰু বাইলুং সকলৰ জন্মভূমি ৷ এই দিচাং নৈৰ দক্ষিণ পাৰতে আহোম ৰাজত্বৰ ১৮৯৪ চনত এখন সাঁচপতীয়া আহোম বুৰঞ্জী উদ্ধাৰ হৈছিল ৷ বুৰঞ্জীখন অনুবাদ কৰিবৰ উদ্দেশ্যে চাৰ এডোৱাৰ্ড গেইটে গোলাপচন্দ্ৰ বৰুৱা নামৰ ব্ৰাক্ষ্মণ ডেকা এজনক পঞ্চৰাম ফুকন, লেপেশ্বৰ হাতীবৰুৱা,  গদাই বান্ঢুঙীয়া বৰুৱা,  মলাই ঘৰীয়া বৰুৱা আৰু ৰঙলি মহৰী দেওধাই ফুকনৰ দ্বাৰা আহোম ভাষা শিক্ষাৰ এটা ছমহীয়া প্ৰশিক্ষণ দিয়াইছিল ৷ গোলাপচন্দ্ৰ বৰুৱাই আধৰুৱা আৰু আখৰুৱা জ্ঞানেৰে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ সভ্যতা সংস্কৃতি সাহিত্য বুৰঞ্জী ধৰ্মৰ লেখ প্ৰমাণ এই বুৰঞ্জীখন ১৯৩০ চনত ইংৰাজী ভাষালৈ অনুবাদ কৰি উলিয়ায় ৷ এই বুৰঞ্জীখন বহুলাংশে কল্পনাপ্ৰসূত্ৰ ৷ ইয়াৰ প্ৰথম পাঁচটা অধ্যায় গোলাপ চন্দ্ৰ বৰুৱাই নিজে ৰচনা কৰি সংযোগ কৰি দিয়া ৷ হলিৰাম ঢেকিয়াল ফুকন কাসিনাথ তামুলী ফুকন,  হৰকান্ত বৰুৱা সদৰামিন,  গুণাভিৰাম বৰুৱা,  হেমচন্দ্র গোস্বামীয়ে আহোম কুংৎসা ৰচনা কৰা কাহিনীবোৰ গোলাপ চন্দ্ৰ বৰুৱাই আহোম ভাষালৈ টুলুঙা অনুবাদ কৰি আহোম বুৰঞ্জীত অন্তৰ্ভূক্ত কৰি দিছে মাথোন ৷
ব্যক্তিগতভাৱে মই ১৯৫৫ -৫৭ চনত যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত অাই.এছ.তি পঢ়ি থকা কালত যোৰহাটৰ নৰ্মেল স্কুলৰ চুপাৰিণ্টেডেণ্ট ঘনকান্ত বৰুৱা আৰু তেখেতৰ পুত্ৰ বিমলকান্ত বৰুৱাৰ সান্নিধ্যলৈ আহিবলৈ সুযোগ পাইছিলো ৷ সেই আপাহতে ঘনকান্ত বৰুৱাই ৰচনা কৰা 'আহোম পাইমাৰ'ৰ মুখ্য উপদেষ্টা গোলাঘাট বৰপথাৰ আইনত গাওঁ নিবাসী মোৰ বৰককাইদেউ সদৃশ চাও মহেন্দ্ৰ শ্যাম ফালুং আৰু তেখেতৰ ভায়েক নবীন শ্যাম ফালুঙৰ লগত আত্মীয়তা গঢ়ি উঠে ৷
           পুনৰুজ্জীৱিত আহোম ভাষা আৰু পটসাঁকোৰ কেন্দ্ৰীয় তাই বিদ্যালয়ৰ জন্মলগ্নত আইতন আৰু ফাকে সম্প্ৰদায়ৰ লোকসকল ওত:পোতভাৱে জড়িত ৷ কিয়নো এই বিদ্যালয়ৰ প্ৰথম অধ্যক্ষ ছাই খংলেতগোঁহাঞি  চাখাপ আৰু আইতন ভাষাৰ আৰ্হিত ৰচিত আহোম প্ৰাইমাৰ নামৰ ব্যাকৰণৰ সহায়তে আহোম ভাষাৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টা আৰম্ভ হয় ৷ পিছলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তাই ভাষাৰ ডিপ্লোমা পাঠ্যক্ৰমতো ফাকে পণ্ডিত তাই ম্যা খেং গোঁহাইৰ অৱদান অনস্বীকাৰ্য ৷
           কালক্ৰমত অৰুণাচল প্ৰদেশৰ চাংখাম আৰু নামছাইৰ চৌখামুন গোঁহাই আৰু চৌখুক মানপুঙৰ লগত বন্ধুত্ব স্হাপন হোৱা সূত্ৰে চৌখা মুন গোঁহাইৰ নাতিনী আৰু চৌখুক মানপুঙৰ ভতিজাজী আমাৰ মাজুপুত্ৰৰ বোৱাৰী হয় ৷ বন্ধুবৰ মানপুঙৰ পৰা এজন অজ্ঞাত লিখকৰ 'লিক তাই তাং লাই ' নাম তাই ভাষাৰ লিপি সম্পৰ্কীয় পুঠি এখন মোৰ হাতত পৰাত চীন-বাৰ্মাৰ তাই ভাষাৰ লিপি সম্বন্ধে অধ্যয়ন কৰিবলৈ সুযোগ পাওঁ ৷
           ১৯৮১ চনত দিল্লীত প্ৰথম অান্তৰ্জাতিক থাই ভাষা শিক্ষা সন্মিলন অনুষ্ঠিত হোৱাৰ বছৰতে অধ্যাপক বন্ধু পুষ্প গগৈৰ উদ্যোগত ধেমাজিত ' তাই সাহিত্য সভাৰ জন্ম' হয় ৷ সেই দিন ধৰি তাই ভাষা সাহিত্য সংস্কৃতি ধৰ্ম চৰ্চাৰ প্ৰাণকেন্দ্ৰ ধেমাজিলৈ স্হানান্তৰিত হয় ৷ পাটসাঁকো আৰু কেন্দ্রীয় তাই বিদ্যালয় এৰা-পৰলীয়া হ'ল ৷ চৰকাৰী অনুদান,  স্বীকৃতি তথা স্হায়িত্ব সমন্ধে তাই সাহিত্য সভা,  ভাষা সাহিত্য সংস্কৃতিপ্ৰেমী আহোম জ্ঞাতিবৰ্গ  বীতস্পৃহ বীতশ্ৰদ্ধ আৰু আওকনীয়া হৈ পৰিল ৷

তাই সাহিত্য সভাৰ জন্মলগ্নৰে পৰা মই ব্যক্তিগতভাৱে লুপ্তপ্ৰায় আহোম ভাষা সলসলীয়াকৈ শিকি শুদ্ধভাৱে প্ৰচলন কৰিব পৰাকৈ সময় উপযোগী কৰিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিলো  ৷ এই উদ্দেশ্য মই ১৯৮৩  চনৰ পৰা ১৯৮৬ চন পৰ্যন্ত অৰুণাচল প্ৰদেশ,  তিনিচুকীয়া,  ডিব্ৰুগড,  লক্ষ্মীমপুৰ,  গোলাঘাট আৰু কৰ্বি আংলং জিলাত সিচঁৰিত হৈ থকা খামতি,  ফাকে,  খাময়াং আৰু আইতন জনগোষ্ঠীৰ মাজত প্ৰচলিত তাই ভাষাৰ শব্দবোৰ সম্পূৰ্ণৰূপে সংগ্ৰহ কৰি লগতে Ahom Laxicons,  Ahom Assamese English Dictionary (Grierson) ত অন্তৰ্ভুক্ত আহোম শব্দবোৰ চুঁচি মাজি মানদণ্ড সম্পন্ন কৰি ১৯৮৭ চনত মোৰ অসমীয়া ইংৰাজী -তাই অভিধান খন ছপাই উলিয়াও ৷ তাই ভাষাৰ শুদ্ধকৈ শিকিবৰ উদ্দেশ্যে ১৯৯০ চনত তাই ভাষাৰ ব্যাকৰণ খন ছপাই উলিয়াও ৷ এই ব্যাকৰণৰব্যাক ছপা খৰচ বহন কৰে ককাইদেও চৌখামুখ গোহাঞিদেৱে ৷
     তাই সাহিত্য সভাৰ লেঙেৰি অধিৱেশনৰ অন্তিম দিনা প্ৰাত:স্মৰণীয় আহোম পণ্ডিত ডম্বৰুধৰ দেওধাই ফুকন ইহসংসাৰ ত্যাগ কৰি দাম ফী লোকলৈ গতি কৰে ৷ তেখেতৰ সৎকাৰ অনুস্হানতে মই তাই ভাষা পুনৰুদ্ধাৰৰ পবিত্ৰ সংকল্প গ্ৰহণ কৰো ৷ ১৯৯১ - ৯৩ চনৰ ভিতৰত মই ডিব্ৰগড় বিশ্ববিদ্যালয়ত ড° ভীমকান্ত বৰুৱাৰ তত্বাৱধানত Morphological Study of the Tai Phake Language বিষয়ত গৱেষণাৰ বাবে নাম পঞ্জীয়ন কৰো ৷
         ১৯৯৩ চনৰ ১০-১৩ চেপ্তেম্বৰত ড° ছাথিপ নাৰ্তছুফা আৰু ৰাণু বিছাছিনৰ নিয়ন্ত্ৰণ ক্ৰমে চুলালুঙ্কন বিশ্ববিদ্যালয়ে আয়োজন কৰা The State of knowledge and Directions of Research on Tai Culture. বিষয়ক আন্তৰ্জাতিক আলোচনা চক্ৰত যোগদান কৰিবলৈ গৈ বেঙ্ককত দহ দিন কটাওঁ ৷ পৃথিৱীৰ পাঁচখন মহাদেশৰ বিদগ্ধ পণ্ডিত সকলে সলসলীয়া থাই ভাষাত দিয়া বক্তৃতা শুনি অভিভূত হৈ মন্ত্ৰমুগ্ধ আৰু অনুতপ্তও হ'লো ৷
          বেংকৰ পৰা প্ৰত্যাৱৰ্তন কৰিয়েই মোৰ গৱেষণা গ্ৰন্থ ৰচনাত মনোনিৱেশ কৰি ১৯৯৪ চনত বিশ্ববিদ্যালয়ত জমা দিওঁ ৷ ফলশ্ৰুতিত ১৯৯৫ চনত ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ সৰ্বপ্ৰথম তাই ভাষা ডক্টৰেট সন্মান লাভ কৰিবলৈ সমৰ্থ হওঁ ৷
         ১৯৯৫ চনৰ পৰা ২০১৫ চনলৈ বিগত ২০ বছৰে মই A Comprehensive Pronouncing Tai English Dictionary এখন প্ৰস্তুত কৰি উলিয়াও ৷ ফ্ৰাত্ৰাৰ কৃপা হ'লে ৩০০ পৃষ্ঠাৰ অভিধানখন ২০১৭ চনৰ মাৰ্চ- এপ্ৰিলত প্ৰকাশ হৈ ওলাব বুলি আশা কৰি আছো ৷
         প্ৰকৃতপক্ষে মই ১৯৯৫ চনৰ পৰা তাই সাহিত্য সভাৰ দুই এখন অধিৱেশনত উপস্হিত থাকি স্মৃতিগ্ৰন্থত দুই এটা প্ৰৱন্ধ লিখাৰ বাহিৰে অভিধান খনৰ স্বাৰ্থতে বন্ধু-বান্ধৱৰ পৰা বিচ্ছিন্ন হৈ পাটসাঁকোৰ লগতে যোগাযোগ হেৰুৱালো ৷ ইয়াৰ মাজতে ১৯৯২ চন আৰু ২০০৪ চনত আমলখি দেওশালত অনুষ্ঠিত ওম ফা পূজালৈ পাটসাঁকো হৈ অহা যোৱা কৰোতে থপিয়াই দুই চাৰিজন বন্ধু ঘৰত দেখা সাক্ষাৎ কৰিবলৈ সুযোগ পাইছিলো ৷ সেই আপাহতে মই দীন চাংবুন বৰুৱাৰ পৰা তাই আহোমৰ বংশাৱলী সবাহৰ আৰ্শীবাদ সমূহ,  সুবাচনী পূজা বিধি,  ৰিকখবন্ মৌংখবখন বিধি ৷ ওমফা পূজা বিধি আৰু মন্ত্ৰসমূহ সংগ্ৰহ কৰি ২০০৪ চনত Ompha:  The Worship of Heaven শীৰ্ষক প্ৰৱন্ধ প্ৰকাশ কৰিছিলো ৷ ফ্ৰাত্ৰাৰ কৃপাত আহোমৰ মাজত প্ৰচলিত পূজা পাটলৰ মন্ত্ৰসমূহ চাই সংগ্ৰহ কৰি ৰাখিছা ৷
      পাটসাঁকোলৈ মই শেষবাৰ গৈছিলো মনোৰঞ্জন ফুকনৰ সভাপতিত্বত বহা তাই সাহিত্য সভাৰ অধিবেশনলৈ ৷ কিন্তু অতিশয় দু:খিত হ'লো যে সেই অধিৱেশনত শোকলগাভাৱে জনসাধাৰণৰ অনুপস্থিতি আৰু অনীহা ৷ সেইদিন ধৰি মই পাটসাঁকোৰ লগত যোগাযোগ বিচিন্ন হৈ পৰিলো ৷ ফলস্বৰূপে মই বন্ধুবৰ জোনাৰাম চাংবুন ফুকন,  মনোৰঞ্জন ফুকন,  বিদ্যা,  তিলো হাতীবৰুৱা,  দীনবৰুৱা,  ইন্দ্ৰমহন বৰুৱা,  দেৱজ্যোতি মহন,  শিৱ মহন,  পুষ্প মহন,  হেম বুঢ়াগোহাঁই,  দেহীৰাম গগৈ পৰিয়ালৰ সান্নিধ্যৰ পৰা বঞ্চিত হৈ পৰিলো ৷ মনে হাম ৰাও কাঢ়ে ৷ উপায়ো নাই ৷ নিজেও অসুখীয়া হ'লো ৷ ৮২ বছৰ বয়সত বাৰ্ধক্যই জুৰুলা কৰিছে ৷ ফ্ৰাত্ৰাৰ ওচৰত বন্ধুবৰ জোনাৰাম চাংবুন ফুকনৰ আত্মাই মৗঙ ফীত স্থান লাভ কৰক, তাৰেই কামনা কৰিলো ৷
সম্পূৰ্ণকৈ পঢ়ক »