ৰঙা পাৰিৰ গামোচা: আমাৰ গৌৰৱ— অন্য এক চিন্তা ණ...চাও ঋতুৰাজ (চৗচেঙ ফা) ফুকন, নগাঁও


                                                  নগাঁও

ফাগুন, চ’ত মাহৰ ধুলিয়ৰিয়ে আৱৰি থকা  প্ৰাকৃতিক ব'হাগত অহা প্ৰথম জাক বৰষুণে গা ধোৱাই নিকা কৰি সজাই পৰাই ন ৰূপেৰে বসন্তক আকোঁৱালি লবলৈ প্ৰস্তুতি কৰিলে । বহাগ মানেই বসন্তৰ আগমন । প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু বহাগ। ড° ভূপেন হাজৰীকা দেৱে ৰচনা কৰা গীত ফাঁকি --
                "ব'হাগ মাথো এটি ঋতু নহয়
                    নহয় বহাগ এটি মাহ,
              অসমীয়া জাতিৰ ই আয়ুস ৰেখা
                     গন জীৱনৰ ই সাহ।।

ব'হাগ বুলি কলেই আমাৰ গা সাতখন, আঠখন কৰে। কিযে এক মিঠা আমেজ ভৰা ব'হাগ। হাবিয়ে বননিয়ে কেতেকী ফুলৰ গোন্ধে মল মলাই, কপৌ ফুলে গছ বিলাকত অনাৱিল শোভা বঢ়াই দিয়ে। ন-পানীৰ পৰশ পাই গছ লতিকাৰ লগতে ফুলনিত নানা ধৰণৰ ফুল ফুলি জাতিষ্কাৰ কৰা গোলাপ, তগৰ জোপাই প্ৰকৃতিৰ সৌন্দৰ্য্য বঢ়াই। ইয়াৰ উপৰিও গাওঁৰ জীয়ৰী বোৱাৰীয়ে হুঁচৰি ৰ ছেৱে ছেৱে  তাঁত শালত খট খটাই ৰঙা আচু সূতাৰে ভমক ভমকা ফুলৰ চানেকীৰে ফুল বাচি গামোচা যুতি লগাই  চেনেহৰ জনলৈ বুলি ।।

অসমীয়া মানুহৰ প্ৰতি  ঘৰে ঘৰে থকা তাঁত শিল্প অসমৰ অৰ্থনৈতিক জীৱনৰ এক এৰাব নোৱাৰা দিশ। বোৱা কটাত অসমীয়া শিল্পীয়ে অৰ্থাৎ শিপিনীয়ে নিজস্ব প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে। জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়া মহিলাই বোৱা কটা জনাটো অসমৰ সামাজিক জীৱনৰ গৌৰৱময় দিশ। বুৰঞ্জীত পঢ়িবলৈ পাইছিলো, অসমীয়া শিপিনীয়ে ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ বয় আৰু লগতে নাৰীয়ে কিদৰে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি পাজি বাটি, সূতা কাটি কৱচৰূপে কাপোৰ বৈ স্বামীক যুদ্ধলৈ পঠাইছিল তাৰ নিদৰ্শন পোৱা যায়। তাঁত বোৱা সজুলি, মহুৰা, ৰাঁচ, চেৰেকী, উঘা, যতৰ আদি ঘৰতে তৈয়াৰ কৰি মহিলা সকলে সৰগ ৰচনা কৰা দেখা যায়। চেনেহীয়ে চেনাইলৈ মৰমৰ দীঘেৰে, চেনেহৰ বাণীৰে ফুলাম বিহুৱান বোৱাৰ লগতে বিহুগীতটো গোৱা হয়-
             “ৰাতি দুপৰলৈ কাটি সূতালাহী
                   ধনলৈ বিহুৱান ব’লো,
               ৰঙাকৈ আঁচুৰে বাছি পানে বটা
                   টিপতে লুকুৱাই থলো”।।

অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক গামোচা  ইতিহাস বহু পুৰণি । আহোম সকল সৌমাৰত প্ৰবেশ কৰোতে বিভিন্ন ধৰণৰ বস্তু লগত আনিছিল ইয়াৰ ভিতৰত গামোচা ও অন্যতম ।। আহোম সকল য়ে ইয়াত প্ৰথম গামোচা ৰ ব্যৱহাৰ কৰিছিল তাৰ বিষয়ে অসম বুৰঞ্জীত পোৱা যায় । ইতিহাসবিদ ড° লীলা গগৈৰ মতে , "আহোম সাম্ৰাজ্যৰ পৰাই অসমত গামোচাৰ প্ৰচলন আছে ।

  গামোচা ক ব্যৱহাৰিক আৰু বাহ্যিক দিশৰ পৰা বিভিন্ন ভাগত নামাকৰণ কৰা হৈছে। উদাহৰণ স্বৰূপে:- বিহুৱান, উকা গামোচা, তিয়নী গামোচা, গোসাঁইৰ থাপনা গামোচা, অনাকটা গামোচা আৰু দৰা বৰণ গামোচা ইত্যাদি ইত্যাদি। কিন্তু বিহুৱান খন সবাতোকৈ আদৰণীয় আৰু সম্ভাষণ সূচক। বিহুৰ দিনা আপোন আৰু জ্যেষ্ঠ জনক সম্ভাষণ জনাবলৈ গামোচা খনেই শ্ৰেষ্ঠৰ শাৰীত পৰে।

অসমীয়া শিপিনীসকলৰ চানেকী গামোচাখন অসমীয়া লোক-কলাৰো এক অমূল্য সম্পদ। এই গামোচা খনত চেনেহ আছে, শ্ৰদ্ধা আছে আৰু আছে সাগৰৰ গভীৰতাৰ দৰে আন্তৰিকতা । তাৰোপৰি বিহুৰ সময়ত মৰমৰ চিনস্বৰূপে অসমীয়া গাভৰুৱে প্ৰিয়জনলৈ বুলি যতনাই ৰাখি বিহুৰ দিনা মঙ্গল কামনা কৰি সেঁৱা জনাই বিহুৱান খন যাঁচে  আৰু তাতেই সোমাই থাকে চেনাইলৈ বুলি অন্তৰৰ হিয়াভৰা মৰম, চেনেহ। বাপতি সহোন ৰঙালী বিহুটিত গামোচাৰ প্ৰয়োজনৰ কথা নকলোৱেই বা। গামোচাখন কান্ধত নাথাকিলে বিহু বিহুয়েই নালাগে। এই মৰমৰ গামোচাখনৰ কথা কৈনো কৈ থাকিলেও ওৰকে নপৰে। অসমীয়াৰ এই মৰমৰ গামোচাখনৰ মর্যাদা হানি হোৱাতো আমি সকলোৱে কেতিয়াও কামনা নকৰোঁ।

 বহুদিনৰ পৰা দেখি আহিছো যে এচাম ৰাজনীতিবিদ, মন্ত্ৰী-বিধায়ক, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াই আমাৰ চেনেহৰ গামোচাখনক নিজ নিজ কার্যালয়ত নিজৰ চকীখনত পাৰি আওজিবলৈ ব্যৱহাৰ কৰি আহিছে এনেকৈ গামোচাখনত আওজি কার্যালয়ত কাম কৰা কাৰ্যটোৱে গামোচাখনক অপমান কৰাই নহয় ই অসমীয়া সংস্কৃতিকো বুঢ়া আঙুলি প্ৰদৰ্শন কৰাৰ লেখিয়া হৈছে । যিখন গামোচা আমি অসমীয়াই বিভিন্ন সময়ত বিহুয়ে সংক্ৰান্তিয়ে ডাঙৰক সেৱা কৰি বিহুৰ দিনা যাঁচো, যিখন গামোচা গোঁসাইঘৰত শৰাই, থাপনা, আদি পাতিবলৈ ব্যৱহাৰ কৰো, যিখন গামোচা হুঁচৰি দলক সেঁৱা জনাবলৈ বঁটা বা সফুৰাৰ ওপৰত দিবলৈ ব্যৱহাৰ কৰো, যিখন গামোচাক আমি বিবাহৰ দিনা তামোলৰ ঠোকৰ ওপৰত দি আলহী-অতিথিক আদৰিবলৈ ব্যৱহাৰ কৰি আহিছো, সেই একেখন গামোচা আন কোনোবাই বহি আওজিবলৈ ব্যৱহাৰ কৰিব,এই কথাটো একেবাৰে সহ্য নহয় । এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ ।

অসমীয়া জাতিৰ গামোচাখন যে কেৱল অসমীয়াই ব্যৱহাৰ কৰে এনে নহয় অনা অসমীয়াইও ইয়াক আগ্ৰহেৰে গ্ৰহণ কৰে। অতীজৰে পৰা গামোচাখন ব্যৱসায় দিশত লাভৱান যদিও বাহিৰৰ পৰা বহিৰাগত ব্যৱসায়ী সকলে গামোচাখন বিকৃত কৰি ঠেক চুটি হিচাবে তৈয়াৰ কৰি আন্তৰাষ্ট্ৰীয় বজাৰৰ দখলত প্ৰাচীৰ হৈ থিয় দিছে। অলপতে খবৰ উলাইছিল যে গামোচা বাহিৰৰ পৰা অহাটো বন্ধ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিচতো কাৰ্য্য ক্ষেত্ৰতো হোৱা হ’লে অসমৰ শিপিনীৰ বাবে সু-খবৰ হ’লহেতেন। কিন্তু অসমৰ এই বস্ত্ৰ শিল্পক জীয়াই ৰাখিবলৈ চৰকাৰ, জনগণ সকলোৰে সহযোগিতাৰ প্ৰয়োজন নহলে এই সম্পদো বিলুপ্তি হ’বলৈ বেছিদিন নালাগিব ।।