অসম চুক্তিৰ খুটি নাটি ණ...টুল টুল কুটুম



অসম চুক্তি স্বাক্ষৰিত হোৱাৰ প্রায় দুবছৰৰ আগৰ পৰা অসমৰ সমস্যাসমূহৰ ৰাজনৈতিক সমাধানৰ বাবে বিভিন্ন ধৰণৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক প্রক্রিয়া এটি আৰম্ভ হৈছিল ৷ কিন্তু বিষয়টোৱে এক নির্দিষ্ট গতি লাভ কৰাৰ ক্ষেত্রত সদৌ অসম ছাত্র সন্থাৰ নেতৃবৃন্দই প্ৰদৰ্শন  কৰিছিল এক বুজিব নােৱৰা নিস্পৃহতা ৷ আৱেগসর্বস্ব ঢৌত আক্রান্ত এই নেতৃবৃন্দই বাৰে বাৰে ভিত্তি বর্ষক লৈয়ে আপত্তি দৰ্শাইছিল, যাৰ ফলত কোনো এটা আলোচনাই পূৰ্ণতা লাভ কৰিব পৰা নাছিল ৷

আন্দোলনৰ নেতৃবৃন্দই ১৯৫১ চনক বিদেশী চিনাক্তৰণৰ ভিত্তি বছৰ হিচাপে বিচৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ১৯৭১ চনটোহে ভিত্তি বর্ষ হিচাপে বান্ধি দিছিল ৷ মাজতে কেন্দ্ৰীয় চৰকাৰে এই ভিত্তি বছৰ ১৯৬৫ চনলৈকে নমাই আনিলে ৷ কিন্তু এই প্রস্তাৱত সদৌ অসম ছাত্র সন্থাৰ নেতৃবৃন্দ ৰাজী নহ’ল ৷ এই প্রস্তাৱ প্ৰধানমন্ত্ৰীৰ কার্যালয়ৰ পৰা তেতিয়াৰ ডি আই জি হিৰণ্য ভট্টাচার্যৰ যােগেৰে ছাত্র সন্থালৈ প্রেৰণ কৰা হৈছিল যদিও আছুৰ একাংশ নেতাই ইয়াক মানি নললে ৷ তেনেকুৱা আন এটা প্রচেষ্টাৰ মাজতেই ১৯৮৩ চনৰ মাজভাগত ভাৰত চৰকাৰৰ এগৰাকী শীর্ষ আমােলা আৰ কে পাটিলে সমস্যা সমাধানৰ বাবে কিছু পৰামর্শ আগবঢ়াইছিল ৷ এই পৰামৰ্শ  সমূহ আছিল-

( ১ ) ১৯৭১ চনৰ ২৪ মার্চৰ পিচত অসমত প্রৱেশ কৰা হিন্দু মুছলমান উভয় সম্প্রদায়ৰ লােকক চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে ৷

(২) ১৯৬৮-১৯৭১ চনৰ সময়ছোৱাত ২.৮ লাখ মুছলমান সম্প্রদায়ৰ লোকৰ বিতাড়নৰ ক্ষেত্রত যি আদেশ ইতিমধ্যে দিয়া হৈছে তাক সফলভাবে ৰূপায়ণ কৰিব লাগে ৷

(৩) অসমত বিদেশী নাগৰিক প্রবেশ কৰাৰ সঠিক সময় নির্ধাৰণ কৰিবলৈ অনা-অসমীয়াৰে পৰিচালিত বিশেষ আদালত গঠন কৰাৰ সুবিধা দিব লাগে ৷

( ৪ ) সীমান্তৰে প্রবেশ কৰিব নােৱৰাকৈ সীমান্ত বন্ধ কৰি পথ অৱৰোধৰ ব্যৱস্থা কৰিব লাগে ৷

( ৫) উভয় পক্ষক মাত্র এবাৰহে আইনৰ সুযোগ গ্রহণ কৰা সুবিধা দিব লাগে ৷

(৬) নদীৰে প্রবেশ কৰিব নােৱাৰাকৈ পহৰাদাৰী নাও ব্যৱহাৰ কৰিব লাগে।

(৭ ) অসমীয়া সংস্কৃতি ৰক্ষাৰ বাবে ব্যৱস্থা কৰিব লাগে ৷

(৮) জনজাতি লােকৰ সুৰক্ষা নিশ্চিত কৰিব লাগে ৷

( ৯ ) বিধানসভা সমষ্টিৰ সীমা পুনৰ নির্ধাৰণ কৰিব লাগে, যাতে অসমীয়াৰ হাতৰ পৰা বহিৰাগতই শাসন কাঢ়ি ল’ব নোৱাৰে।

অসমৰ স্বাধীনতা যুঁজাৰুসকলেও প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ হাতত অসমৰ সমস্যাৰাজি সমাধানৰ বাবে এখন স্মাৰকপত্র প্রদান কৰিছিল ৷ স্বাধীনতা যুঁজাৰুসকলৰ পৰা আগবঢ়োৱা  সমাধানসুত্র আছিল এনেধৰণৰ -

(১ ) সংবিধানৰ আধাৰত নির্দিষ্ট আইনৰ সীমাৰ ভিতৰত থাকি ১৯৫১ চনৰ ৰাষ্ট্ৰীয়  নাগৰিকপঞ্জীক মূল প্রতিপাদ্য হিচাপে লৈ বিদেশী চিনাক্তকৰণ প্রক্রিয়া আৰম্ভ কৰিব লাগে ৷

(২) ১৯৭১ চনৰ পিচত অসমত প্রবেশ কৰা বিদেশী নাগৰিকৰ চিনাক্তকৰণ প্রক্রিয়া আৰম্ভ কৰিব লাগে ৷

(৩) ১৯৬১ৰ পৰা ১৯৭১ চনৰ সময়ছোৱাত যিসকল বিদেশী অসমত সােমাল সেইসকলক অসমৰ পৰা স্থানান্তৰিত কৰি ভাৰতৰ অন্য ৰাজ্যত সংস্থাপিত কৰিব লাগে যাতে অসমৰ ভাষিক, সাংস্কৃতিক আৰু অর্থনৈতিক সমস্যাৰ সৃষ্টি নহয় ৷

( ৪ ) ১৯৫১ৰ পৰা ১৯৬০ চনৰ সময়ছোৱাত যিসকল বিদেশী নাগৰিক অসমত প্রৱেশ কৰিলে সেইসকলৰ প্ৰতি মানৱীয় দৃষ্টিতংগী আগত ৰাখি ভাৰতীয় নাগৰিকৰ মর্যাদা দি অসমতে ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷

(৫) ১৯৬১ চনৰ পৰা ১৯৬৫ চনৰ ভিতৰত যিসকল বিদেশীক অসমত শৰণার্থী হিচাপে ৰখা হ’ল সেইসকলক আন্তর্জাতিক চুক্তি অনুসৰি অসমত ৰাখিব লাগে ৷ .

(৬) কোনো বিদেশীয়ে যাতে অবৈধভাৱে পুনৰ প্রৱেশ কৰিব নােৱাৰে তাৰ ব্যৱস্থা সুনিশ্চিত কৰিব লাগে ৷

(৭ ) অসমৰ অস্তিত্ব বিপন্ন কৰিব নােৱাৰাকৈ সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(৮) ভাৰতীয় নাগৰিকত্ব প্রদানৰ ব্যৱস্থা কেৱল কেন্দ্ৰীয় চৰকাৰৰ হাতত ৰাখিব লাগে ৷

হিতেশ্বৰ শইকীয়া চৰকাৰে ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্রেছ চৰকাৰক অসমত বাস কৰি থকা পমুৱা মূছলমানসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এক নতুন আইনৰ পােষকতা কৰিলে -যি কেৱল অসমৰ ক্ষেত্রতহে প্রযোজ্য হ'ব।

অসমৰ আইন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰে এই আইনৰ খচৰা তৈয়াৰ কৰিছিল আৰু ১৯৮৩ চনৰ ১৫ ডিচেম্বৰত বিধেয়কখন সদনত উত্থাপন কৰা হয় ৷ যিহেতু অসমৰ ব্রহ্মপুত্র উপত্যকাৰ কোনো সাংসদ সেই সময়ছোৱাত অসম আন্দোলনৰ বাবে লোকসভাৰ সদস্য হ’ব পৰা নাছিল সেই কাৰণে কোনো ধৰণৰ বিতর্ক আৰু বিৰোধ নােহােৱাকৈয়ে ১৫ ডিচেম্বৰৰ দিনাই এই আইনখন সংসদত গৃহীত হয়, যাৰ নাম ৰখা হয় Illegal Migrants (Determination) by tribunal (IMDT) Act. এই আইনখন কেৱল অসমৰ কাৰণেহে প্রযোজ্য আছিল। কাৰণ আন ৰাজ্যৰ বিদেশী বিতাড়নৰ কাৰণে Foreigner's Act, 1946 আছিলেই ৷ দুয়োখন আইনৰ মূল পার্থক্য এয়ে আছিল যে Foreigner‘ৰ Act মতে এজন সন্দেহযুক্ত বিদেশীয়ে নিজে প্রমাণ কৰিব লাগিব যে তেওঁ ভাৰতীয় হয় ৷ কিন্তু IMDT Act মতে এজন সন্দেহযুক্ত বিদেশীক বিদেশী বুলি অভিযোগকাৰীজনে প্রমাণ কৰিব লাগিব আৰু অভিযােগকাৰীজন অভিযুক্তৰ তিনি কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত থাকিব লাগিব আৰু এজন অভিযােগকাৰীয়ে ১০ টকা জমা দি মাথো ১০জনৰ বিৰুদ্ধেহে অভিযোগ কৰিব পাৰিব ৷ তাৰ পিচত অৱসৰপ্রাপ্ত  ন্যায়াধীশেৰে গঠিত বিশেষ ন্যায়াধিকৰণৰ জৰিয়তে অভিযুক্তৰ বিচাৰ হ’ব আৰু এই বিচাৰ প্রক্রিয়াত অভিযুক্তই যথাযথ সাক্ষ্যৰ দ্বাৰা নিজকে ভাৰতীয় বুলি প্রমাণ কৰিব পাৰিব ৷

সকলােৰে বুজিবলৈ বাকী নাছিল যে এই আইন অকল বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈহে ৰচনা হৈছিল ৷ সকলাে ক্ষোভত ফাটি পৰিছিল কিন্তু সেই হিচাপে আন্দোলন আকৌ সজীৱ হৈ উঠা নাছিল৷ বৰঞ্চ আই এম ডি টি আইনৰ প্রতিলিপি এটা জ্বলাবৰ কাৰণেও মানুহ গোটাব লগাত পৰিছিল ৷ সঁচা অৰ্থত  ১৯৮৪ চনৰ পৰা অসম আন্দোলন ভাগি পৰিছিল আৰু জন সমর্থন ক্রমান্বয়ে কমি আহিছিল ৷(আব্দুল মুহিব মজুমদাৰ পিছলৈ অগপ চৰকাৰৰ মন্ত্ৰী হৈছিল )

অসম আন্দোলনে ক্রমাগতভাৱে এক সীমিত ৰূপ গ্রহণ কৰিবলৈ লোৱা সময়তে ১৯৮৪ চনৰ ৩১ অক্টোবৰত ভাৰতবর্ষৰ প্ৰধানমত্রী ইন্দিৰা গান্ধীৰ নিজৰ দেহৰক্ষীৰ গুলীত মৃত্যু হয় ৷ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ৰাজীৱ গান্ধীয়ে কংগ্রেছ দলৰ নেতৃত্ব লৈ ১৯৮৪ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত লোকসভা নির্বাচনত বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে ৷ ৰাজীব গান্ধীয়ে নতুন চৰকাৰ গঠন কৰাৰ পিচতে উত্তৰ-পূব ভাৰতৰ পিনে মনোনিবেশ কৰিবলৈ আৰম্ভ কৰে আৰু অসম তথা মিজােৰামৰ সমস্যাসমূহ সমাধানৰ বাবে বিশেষ তৎপৰতা দেখুৱায় ৷ প্রধানমন্ত্রীত্ব গ্রহণ কৰাৰ পিচৰে পৰা অসমৰ ৰাজনৈতিক ক্ষেত্রখনত ভালেমান উত্থান পতনৰ ঘটনা সংঘটিত হ’বলৈ আৰম্ভ কৰে ৷ ১৯৮৫ চনত ৬ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে এক আলোচনাত মিলিত হয় ৷ এই আলোচনাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী এছ বি চৱন আৰু প্রতিৰক্ষা মন্ত্ৰী  পি ভি নৰসিংহ ৰাও উপস্থিত থাকে ৷ এই আলোচনাৰ পিছদিনাই ভাৰত চৰকাৰে অসম আন্দোলনৰ নেতৃবর্গৰ সৈতে আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত লয় আৰু নেতাসকলক তেওঁলােকৰ দীর্ঘদিনীয়া সমস্যাৰাজিৰ সমাধানসূত্র উলিওৱাৰ আহ্বান জনায় ৷ ইয়াৰ পিছদিনা অর্থাৎ ৮ জানুৱাৰীত সদৌ অসম ছাত্র সন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদে স্বাধীনতা দিৱসৰ সমগ্র চৰকাৰী কার্য্যসূচী বর্জন কৰাৰ হুংকাৰ দিয়ে ৷ ১১ জানুৱাৰীত আছু আৰু গণ সংগ্রাম পৰিষদৰ সদস্যসকলে প্রস্তাৱিত আলোচনাৰ বাবে দিল্লীলৈ যোৱাটো সাময়িকভাবে বাতিল কৰে ৷ ইয়াৰ পিচতে ২৮ জানুৱাৰীত সদৌ অসম ছাত্র সন্থাৰ সভাপতি প্রফুল্ল কুমাৰ মহন্তৰ  নেতৃত্বত পাঁচজনীয়া এটা দল দিল্লী অভিমুখে ৰাওনা  হয় আৰু এই আলোচনাত বিদেশী সমস্যাৰ প্রসংগটোকে মুখ্য বিষয় হিচাপে লোৱা হয় ৷ ৩০ জানুৱাৰীত আছুৰ আন এটা পাঁচজনীয়া দল আলোচনাৰ বাবে দিল্লীত উপস্থিত হয় ৷ এই আলোচনা পুনৰ ১ ফেব্রুৱাৰীত অনুষ্ঠিত হয় ৷ আন্দোলনৰ নেতৃবৃন্দই বুজিব পাৰিছিল আলোচনা মীমাংসাৰ ফাললৈ আগবাঢ়িছে ৷ এফালে আন্দোলনৰ চােক কমি অহাৰ শংকা আৰু আনহাতে ৰাজীৱ গান্ধীৰ ঐকান্তিক প্রচেষ্টা এই দুয়ােটাকে আছুৰ নেতৃবৰ্গই  অনুধাৱন কৰিব পাৰিছিল ৷ ইতিমধ্যে বিদেশী খেদাৰ লগতে আন দুটা মূল দাবী লগ লাগিছিল ৷ প্রথমতে হিতেশ্বৰ শইকীয়াৰ চৰকাৰ বর্খাস্ত আৰু দ্বিতীয়তে আই এম ভি টি আইন প্রত্যাহাৰ ৷ ছাত্র সন্থাৰ নেতৃত্বতই বুজি উঠিছিল যে আন্দোলনৰ পৰিসমাপ্তিৰ পিচত নির্বাচন হ’ব আৰু নিজকে নির্বাচন খেলিবলৈ অধিক শক্তিৱান কৰিবৰ কাৰণে প্রথমতেই তেওঁলোকে গণ সংগ্রাম পৰিষদৰ নেতৃত্বক গুৰত্বহীন কৰি তুলিছিল ৷ গণ সংগ্রাম পৰিষদ বহুকেইটা সংগঠনৰ এক মাতৃ সংগঠন আছিল যদিও মাথো ৩-৪ জনমান নেতাই দৰাচলতে বক্তব্য ৰাখিছিল বা নিজৰ বিচাৰবুদ্ধি ব্যৱহাৰ কৰিবলৈ সুযোগ পাইছিল ৷ বাকীবােৰে মাথো নেতৃত্বৰ সােৱাদ লবলৈহে তাত আছিল ৷ ইফালে আন্দোলনৰ প্রতি সহমর্মিতা থকা তথা সমস্যাটোৰ কাৰিকৰী দিশত ব্যুৎপত্তি থকা লোকসকলক ছাত্র সন্থাৰ নেতৃবৃন্দই এৰাই চলিলে, যাতে ভৱিষ্যতে ক্ষমতাৰ ভাগ দিব নালাগে ৷

ত্রিপাক্ষিক আলোচনাৰ দলবোৰ সেই কাৰণেই ৩৫-৪০ জনীয়া হৈছিলগৈ আৰু ৩-8জনৰ বাহিৰে বাকী কোনো অংশীদাৰ নাছিল ৷ বেছিভাগেই দিল্লী চাবলৈ গৈছিল বা গৃহ মন্ত্রণালয়ৰ কার্যালয়ত ভৰি থৈ নিজকে ধন্য মানিছিল ৷ তাৰ সুযোগ আলোচনাৰ টেবুলত মন্ত্রণালয়ৰ বিষয়াসকলেও লৈছিল ৷

আলোচনাৰ দলবিলাকত কোনো আইনজীৱি নাছিল ৷ কেৱল জ্যেষ্ঠ আইনজ্ঞ কুমুদ শর্মা দোভাষী হিচাপে গৈছিল ৷ যাৰ ফলত আইনৰ মেৰপেঁচবোৰ আৱেগৰ ঢৌত উটি ভাহি থকা নেতাসকলৰ কাৰণে হৈ পৰিছিল বহুক্ষেত্রত এক মায়াজাল ৷ আলোচনাৰ টেবুলত আন্দোলনকাৰী নেতৃবৃন্দৰ মূল মানুহ আছিল ভৃগু কুমাৰ ফুকন ৷ সভাপতি প্রফুল্ল কুমাৰ মহন্তই কথা কমকৈ কৈছিল আৰু  ভৰত নৰহ আছিল প্রায়বোৰ কথাৰে জোট-পোট লগােৱাত সিদ্ধহস্ত ৷ এক ৰাজনৈতিক আলোচনা ক্রমে আইনী মেৰপাকত সোমাই পৰিছিল আৰু এক যথাযথ সমাধানসূত্রৰ সলনি আছুৰ নেতৃবৃন্দই বিচাৰিছিল সােনকালে নির্বাচন খেলাৰ সুগম আৰু সন্মানীয় পথ ৷

মার্চ মাহত অসমত আন দুটি ঐতিহাসিক ঘটনা সংঘটিত হয় ৷

৯ মার্চত পি টি চি এ ই (The Plains Tribal Council of Assam) ব্রহ্মপূত্রৰ উত্তৰ পাবে ‘উদয়াচল’ নামৰ এখন সুকীয়া ৰাজ্যৰ দাবী তোলে ৷ ইয়াৰে কেইদিনমানৰ পিচত, সদৌ অসম ছাত্র সন্থাৰ এক উলম্ব বিভাজন ঘটাৰ উপক্রম হয় ৷ ৫১ খন মহাবিদ্যালয়ৰ নির্বাচিত ছাত্র প্রতিনিধিসকলে লগ হৈ All Assam Elected Students Representations Union (AAESRU) নামৰ ছাত্র সংগঠনটোৰ জন্ম দিব বিচৰাক লৈয়ে এই বিভাজনৰ সূত্রপাত ঘটিছিল ৷ এপ্রিল মাহৰ ২ তাৰিখে লোকসভাত অসমৰ বিদেশী সমস্যাটো লৈ এক আলোচনা হয় আৰু সংসদত এই সমস্যাটো তৎকালে সমাধানৰ দাবী উঠে ৷ লোকসভাত এই দাবী উত্থাপন হোৱাৰ পিচতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী  এছ বি চৱনে আছুৰ প্রতিনিধিবর্গক জনায় যে বিদেশী সমস্যাৰ আশুসমাধান নোহোৱা পৰ্য্যন্ত  অসমত জোৰকৈ নির্বাচন অনুষ্ঠিত কৰা নহ’ব ৷ ২8 এপ্রিলত ভাৰত চৰকাৰে অসম আন্দোলনৰ নেতৃবর্গক মে’ৰ প্রথম সপ্তাহত হ’বলগীয়া এক আলোচনাৰ বাবে নিমন্ত্রণ জনায় ৷ এই আলোচনাত অসমৰ সমস্যাৰাজি সমাধানার্থে কেন্দ্র আৰু আছু নেতৃবৃন্দৰ  মাজত এক বিস্তাৰিত আলোচনা অনুষ্ঠিত হয় ৷ মে’ মাহৰ পৰা জুন মাহলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাজনো নেতাই অসমলৈ আহি আলোচনা কৰে যদিও প্রতিবাৰেই আলোচনা বিফল হয় ৷ অৱশেষত আগষ্ট মাহৰ প্রথম ভাগত আছু নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চোৰাংচোৱা বিষয়াসকলে অসমৰ সমস্যাসমুহ সমাধানৰ বাবে আন এটা প্রচেষ্টা আৰম্ভ কৰে, যাতে এক চুক্তিত উপনীত হয় পৰা যায় ৷

সেয়া কিন্তু দৰাচলতে অসম আন্দোলনৰ পৰিসমাপ্তিৰ এক সফল চুক্তি নাছিল ৷ সেয়া আছিল সদৌ অসম ছাত্র সস্থাৰ শীর্ষস্থানীয় এক অংশ নেতাৰ ক্ষমতা দখলৰ চুক্তিৰ খচৰা ৷

জুলাই মাহৰে পৰা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়ববীয়াসকলে আন্দোলনৰ নেতৃবৃন্দৰ লগত অহৰহ গোপনে আলোচনা কৰি থাকে।

১৯৮৫ চনৰ ২৪ জুলাইত পঞ্জাব সাক্ষৰিত  হোৱাৰ পিচত দেশজুৰি সমিলমিলৰ এক বাতাৱৰণ সৃষ্টি হৈছিল আৰু সকলোৱে ধৰিব পাৰিছিল যে অসম আন্দোলনো সমাপ্তিৰ পথত ৷ কেন্দ্ৰীয় চোৰাংচােৱা সংস্থাৰ বিষয়ববীয়াসকলে ছাত্র সন্থাৰ নেতৃবৃন্দৰ লগত ভিত্তি বছৰ সম্পর্কত আলোচনা চলাই গ’ল ৷ দৰাচলতে অকল সেই প্রশ্নটোতে বাৰে বাৰে আলোচনা বিফল হৈ আছিল ৷

প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে বিচাৰিলে যে পোন্ধৰ আগষ্টত লালকিল্লাত তেওঁ অসম চুক্তিৰ কথা ঘোষণা কৰিব বিচাৰে । সেই কাৰণেই  ৯ আগষ্টৰ দিনা প্রফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত এটা সৰু দল নতুন দিল্লীলৈ আলোচনাৰ কাৰণে গ’ল ৷ লগত দােভাষী কুমুদ শর্মা ৷ কেন্দ্ৰীয় মন্ত্ৰী সভাৰ দুই সদস্য জগদীশ টাইটলাৰ আৰু ৰাজেশ পাইলটৰ নেতৃত্বত কেন্দ্ৰীয় চােৰাংচোৱা সংস্থা আৰু আন্দোলনৰ নেতৃবৃন্দৰ  গোপনে আলোচনা আগবাঢ়িল আৰু সেই দলটোৰ লগত মোটামুটিভাৱে খচৰা অসম চুক্তিৰ মীমাংসা হৈ গ’ল ৷ সেই মীমাংসা মতে যি তিনিটা মূল সিদ্ধান্ত হ’ল সেইসমূহ হৈছে—

( ১) ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ  হ’ব ৷

(২) অসমত নতুনকৈ নির্বাচন হ’ব আৰু হিতেশ্বৰ শইকীয়া চৰকাৰক বর্খাস্ত কৰা হ’ব ৷

(3) আই এম ডি টি আইন অসমত থাকিব ৷

এই তিনিটা হ'ল মূল অলিখিত সিদ্ধান্ত, যাক পৰৱর্তী পর্যায়ত বেলেগ বেলেগ ভাষাৰে সজােৱা হ’ল আৰু লগতে গাঠি দিয়া হয় অসমলৈ কিছু অর্থনৈতিক প্রস্তাৱ  ৷

এই সিদ্ধান্ত গোপনে কিয় ল’ব লগা হ'ল বা কিয় ১৯৭১ মানি লোৱা হ'ল তাৰ ভিতৰুৱা উত্তৰ আজিলৈকে কোনেও নাপালে যদিও সত্য এয়ে আছিল যে আন্দোলনৰ নেতৃবৃন্দই অসম শাসন কৰিবলৈ ব্যাকুল হৈ পৰিছিল ৷

এই  সিদ্ধান্তখিনিক আনুষ্ঠানিকতা দিবৰ কাৰণে বিশদ আৰু বহুল আলোচনাৰ নামত সদৌ অসম ছাত্র সন্থা  আৰু সদৌ অসম গণ সংগ্রাম পৰিষদৰ কাৰ্য্যবাহী সমূহ সদস্যকে ১৩ আগষ্টৰ দিনা ততাতৈয়াকৈ দিল্লীলৈ মাতি পঠিওৱা হ’ল ৷

সকলোকে ১৪ তাৰিখে পুৱা পাঁচ বজাত বৰঝাৰ বিমানবন্দৰত লগ পাবৰ কাৰণে কোৱা হ’ল ৷ ছাত্র সন্থা, অসম সাহিত্য সভা, অসম যুৱক সমাজ, যুৱ ছাত্র পৰিষদ, পি এল পি সকলাে খিনি মুঠ ১৮জন আৰু লগত কেন্দ্ৰীয় চোৰাংচােৱা বিষয়া পদ্মনাভন আৰু অসমৰ মুখ্য সচিব শ্ৰীমতী পি পি ত্রিবেদী, আৰু অসম সাহিত্য সভাৰ হৈ হিৰণ্য কুমাৰ ভট্টাচার্য ।

এই দলটোৱে বৰঝাৰ বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে উৰা মাৰিছিল ৷ ভাৰতীয় বায়ুসেনাৰ বিমানখনে নতুন দিল্লী পাওঁতে প্রায় আবেলি ৫ মান বাজে ৷ সকলোকে সীমা সুৰক্ষা দলৰ অতিথিশালালৈ লৈ অনা হৈছিল তাতেই গোটেই দলটো আগতে যােৱা দলটোৰ অপেক্ষাত নিশা ১১ বজালৈ বহি আছিল ৷ প্রফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত যােৱা দলটো দিনটো ধৰি খচৰা চুক্তিখনক লৈ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়ববীয়াসকলৰ লগত আলোচনাত ব্যস্ত আছিল ৷ এই দলটোত আছিল ফুকন আৰু  মহন্তৰ  বাহিৰেও নগেন শর্মা, ললিত ৰাজখোৱা, বিৰাজ কুমাৰ শর্মা আৰু কুমুদ নাথ শর্মা ৷ ১৯৮৫ চনৰ ১৪ আগষ্টৰ আবেলি আন্দোলনৰ নেতৃবৰ্গৰ পাঁচজনীয়া প্রতিনিধি দল এটাই প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত প্রধানমন্ত্রীৰ ওচৰ চাপে আৰু আবেলি তেওঁলোকে প্রধানমন্ত্রীৰ সৈতে আলোচনাত বহে ৷ ইয়াৰ আগতে নেতৃবর্গই গৃহ মত্রী এছ বি চৱনৰ লগতাে এক আলোচনাত মিলিত হৈছিল আৰু  চৱনৰ পৰামৰ্শমৰ্মে প্রধানমন্ত্রীক এই পাঁচজনীয়া দলটোৱে আলোচনাত অংশগ্রহণ কৰাৰ বাবে অনুৰোধ কৰে৷ আলোচনাৰ শেষত আন্দোলনৰ নেতৃবৰ্গই  গৃহ সচিব আৰ ডি প্রধানৰ লগত এক দীঘলীয়া আলোচনাত বহে ৷ সেইদিনা সন্ধিয়া আলোচনাত নেতৃবৰ্গই প্রধানমন্ত্রী আৰু গৃহ মন্ত্ৰীৰ  লগত একেলগে এবাৰ আলোচনাত বহে ৷ সেই আলোচনাত বিদেশী নাগৰিকৰ ক্ষেত্রত দুটা সিদ্ধান্তত একমত প্রকাশ কৰা হয়—

 ( ১) ১৯৬৬ চনৰ ১ জানুৱাৰী আৰু ১ ৯৭১ চনৰ ২৪ মার্চৰ ভিতৰত অসমত প্রবেশ কৰা বিদেশী নাগৰিকসকলৰ ১০ বছৰলৈ ভোটাধিকাৰ ৰহিত থাকিব।

(২) ১৯৭১ চনৰ ২৫ মার্চকে ধৰি তাৰ পিচত অবৈধভাবে প্রবেশ কৰা সকলাে বিদেশী নাগৰিকক ৰাজ্যখনৰ পৰা বহিষ্কাৰ কৰা হ’ব ৷ লগতে ১৯৮৩ৰ নির্বাচিত চৰকাৰ অবৈধ বুলি বর্খাস্ত  কৰা তথা নবেম্বৰ মাহত ৰাজ্য বিধানসভা আৰু লোকসভাৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সন্মতি আদায় কৰা হয় ৷ ১৯৭১ চনৰ ভোটাৰ তালিকাৰ ব্যৱহাৰ কৰা হ’ব যদিও চুক্তি অনুসৰি ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পিচত প্রবেশ কৰা লোকসকলৰ  নাম ভোটাৰৰ তালিকাৰ পৰা বাদ দিয়া হব আৰু তেও'লোকৰ বাবে ‘D’ অর্থাৎ dropped লিখা হ'ব। তাৰ পিচতে তেওঁলোকে নিশা চাৰে ১১ বজাত বি এছ এফৰ অতিথিশালাত মূল দলটোৰ লগত খচৰা চুক্তিখনৰ আলোচনা কৰিবলৈ আহিছিল ৷ বেছিভাগৰে চুক্তিখনত অসন্মতি থাকিলেও ‘বেষ্ট আইডিয়েল’ আৰু ‘বেষ্ট এচিভেবল’ শীর্ষক দুটা পৰিস্থিতি বিবেচনা কৰি সন্মতি দিলে ৷ কিছুমান বাক্য সলনি কৰিব বিচৰা হৈছিল যদিও কুমুদ নাথ শৰ্মাই জনালে যে খচৰাৰ কোনো বাক্য বদলাব পৰা নাযাব ৷ ভৃগু কুমাৰ ফুকনেও ইতিমধ্যে জনাই দিছিল যে দলটোৰ কাৰোবাৰ আপত্তি থাকিলেও মানি লোৱা নহ’ব আৰু খচৰা চুক্তিয়েই মূল চুক্তি হ’ব ৷ ইয়াৰ পিচত নিশা ১২ বজাত আগতীয়া দলটো খচৰা চুক্তিক লৈ প্রধানমন্ত্রীৰ কার্যালয়লৈ যায়গৈ আৰু বাকীসকলক লোডী হোটেললৈ অহা হ'ল ৷ তাৰ পৰা ততাতৈয়াকৈ অলপ সময়ৰ পিচতে গোটেই দলটোকে প্রধানমন্ত্রীৰ কার্যালয়লৈ লৈ যােৱা হ'ল। লয়ার্ছ ফ’ৰামৰ হেম শর্মা, পি এল পিৰ পবীন্দ্র ডেকা আৰু জনজাতি যুৱ-ছাত্র পৰিষদৰ প্রসন্ন কোঁৱৰ কিন্তু প্ৰতিবাদ কৰি প্রধানমন্ত্রীৰ কার্যালয়লৈ নগ’ল ৷ নিশা এক বাজি পােন্ধৰ মিনিটত অসম চুক্তি চহী কৰা হ'ল ৷ প্রধানমন্ত্রীৰ সন্মুখত সদৌ অসম ছাত্র সন্থাৰ হৈ প্রফুল্প কুমাৰ মহন্ত আৰু ভৃণ্ড কুমাৰ ফুকন আৰু সদৌ অসম গণ সংগ্রাম পৰিষদৰ হৈ বিৰাজ শৰ্মাই  চহী কৰে ৷ গৃহ দপ্তৰৰ সচিব আৰ ডি প্রধান আৰু অসমৰ মুখ্য সচিব শ্ৰীমতী পি পি ত্রিবেদীয়েও চুক্তিখনতস্বা ক্ষৰ কৰে ৷ পৰৱর্তী দশককেইটাত অসমৰ জাতীয় জীৱনৰ মূল কেন্দ্রবিন্দু হৈ পৰা এই চুক্তিখনৰ সবিশেষ পাঠ ( text ) তলত উল্লেখ কৰা হ'ল-

……

অসম চুক্তি, ১৯৮৫

সমাধানৰ স্মাৰকপত্র

 ( ১) অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ সন্তোষজনক সমাধান এটা   বিচাৰি চৰকাৰ অনবৰত অতিশয় উদ্বিগ্ন হৈ আছিল ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদে এনে এটা সমাধানৰ বাবে ব্যগ্রতা প্রকাশ কৰিছে ৷

(২) স্বর্গীয় প্রধানমন্ত্রী শ্ৰীমতী ইন্দিৰা  গান্ধীক ১৯৮০ চনৰ ২ ফেব্ৰুৱাৰীত  দিয়া স্মাৰকপত্রৰ যোগেদি সদৌ অসম ছাত্ৰ সন্থাই  অসমত হৈ থকা বিদেশী নাগবিকসকলৰ প্ৰব্রজনৰ বিষয়ে গভীৰ সংশয় কৰি ই ৰাজ্যখনৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু অর্থনেতিক জীৱনত কু-প্রভাৱ পেলাব বুলি ভয় প্রকাশ কৰিছিল ৷

(৩) অসমৰ জনসাধাৰণৰ প্রকৃত সংশয়ৰ প্রতি সজাগ হৈ তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ সৈতে আলোচনা আৰম্ভ কৰে ৷ পৰৱর্তী কালত ১৯৮০-৮৩ৰ কালছোৱাত প্রধানমন্ত্রী আৰু গৃহ মন্ত্ৰীৰ (মন্ত্রণালয়) পর্যায়ত আলোচনা চলে। ১৯৮৪ত কেইবালানি অনানুষ্ঠানিক আলোচনা চলে ৷ ১৯৮৫ৰ মার্চত আনুষ্ঠানিক আলোচনা পুনৰ অনুষ্ঠিত হয় ৷

( ৪ ) সাংবিধানিক আৰু আইনগত ব্যৱস্থা, আন্তঃৰাষ্ট্ৰীয় চুক্তি, ৰাস্ত্ৰীয় প্রতিশ্রুতি আৰু মানৱীয় বিবেচনাকে ধৰি আটাইবােৰ দিশ সামৰি তলত দিয়া ধৰণে আগবাঢিবলৈ সিদ্ধান্ত কৰা হৈছে।

 বিদেশী সমস্যাঃ

( ৫:১ ) বিদেশীসকলৰ চিনাক্তকৰণ আৰু নাম বাতিলৰ যাবে ভিত্তি তাৰিখ আৰু চন হ’ব-  ১-১-১ ৯৬৬ ৷

( ৫:২) ১ ৯৬৭ৰ নির্বাচনত ব্যৱহৃত ভোটাৰ তালিকাত থকা নামকে ধৰি ১-১-১৯৬৬ৰ আগতে অসমলৈ অহা লোকৰ নাম নিয়মিতকৰণ হ’ব ৷

(৫:৩) ১-১-১৯৬৬ৰ পৰা ১ ৯৭১ৰ ২8 মাৰ্চলৈকে (অন্তর্ভূক্ত কৰি) অসমলৈ অহা বিদেশীসকলক ১৯৪৬ চনৰ বিদেশী আইন আৰু ১৯৬৪ চনৰ বিদেশী (ন্যায়াধিকৰণ) আদেশৰ ব্যৱস্থা অনুসৰি চিনাক্ত কৰা হ'ব ৷

( ৫:৪ ) চিনাক্ত হোৱা বিদেশীসকলৰ নাম চলিত ভোটাৰ তালিকাৰ পৰা বাতিল কৰা হ'ব ৷ চিনাক্ত হোৱা লোকসকলে ১৯৩৯ চনৰ বিদেশী পঞ্জীবন্ধন আইনৰ আৰু ১৯৩৯ ৰ বিদেশী পঞ্জীবন্ধন আইনৰ আৰু ১৯৩৯ চনৰ বিদেশী পঞ্জীবন্ধন নিয়মৰ ব্যৱস্থা অনুসৰি সংশ্লিষ্ট জিলাৰ পঞ্জীবন্ধন বিষয়াৰ ওচৰত পঞ্জীবদ্ধ হােৱাৰ আৱশ্যক হ'ব।

(৫:৫ ) ভাৰত চৰকাৰে এই উদ্দেশ্যে চৰকাৰী যন্ত্ৰৰ যথোচিত শক্তিশালীকৰণৰ ব্যৱস্থা ল’ব ৷

(৫:৬) চিনাক্ত হোৱাৰ পৰা দহ ব ছৰ পাৰ হোৱাৰ পিচত ভোটাৰ তালিকাৰৰ পৰা বাতিল হোৱা এনে লােকৰ নাম পুনর্লিখন কৰা হ’ব ৷

 (৫:৭) আগতে বহিষ্কৃত হোৱা যিসকল লোক অসমত অবৈধভাবে সোমাইছে তেওঁলােকক বহিষ্কাৰ কৰা হ’ব ৷

(৫:৮) ১৯৭১ চনৰ ২৫ মার্চৰ পিচত অসমত সোমােৱা বিদেশীসকলক আইন অনুসৰি চিনাক্ত কৰা হ’ব ৷ (ভোটাৰ তালিকাৰ পৰা) নাম বাতিল কৰা হ’ব আৰু বহিষ্কৃত কৰা হ’ব ৷ এনে বিদেশীসকলক বহিষ্কাৰ কৰিবলৈ ততাতৈয়া আৰু কার্যকৰী ব্যৱস্থা লোৱা হ’ব ৷

(৫:৯ ) ১৯৮৩ চনৰ অবৈধ প্রব্রজনকাৰী (ন্যায়াধিকৰণৰ দ্বাৰা নিৰ্ণিত) আইন … প্রয়োগৰ ক্ষেত্রত সঃ আঃ ছাং সঃ/সঃ অ গঃ সঃ পঃএ প্রকাশ কৰা কিছুমান অসুবিধাৰ প্রতি চৰকাৰে যথোপযুক্ত বিবেচনা কৰিব ৷

ৰক্ষা কৱচ আৰু অর্থনৈতিক বিকাশঃ

 (৬) অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰু প্রশাসনীয় ৰক্ষাকৱচ দিয়া হ’ব ৷

 (৭) জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উংকর্ষ সাধনৰ বাবে অসমৰ তৎকালীন সামগ্রিক অর্থনৈতিক উন্নয়নৰ কাৰণে প্রতিশ্রুতিৰ নবীকৰণৰ সুবিধা চৰকাৰে এই সুযোগতে গ্রহণ কৰে ৷ ৰাষ্ট্ৰীয় প্রতিষ্ঠান স্থাপনৰ যােগেদি শিক্ষা, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাত বিশেষ জোৰ দিয়া হ’ব ৷

আন আন বিষয়সমূহঃ

(৮:১ ) ভৱিষ্যতে কেৱল কেন্দ্ৰীয় চৰকাৰৰ কর্তৃপক্ষৰ দ্বাৰাইহে নাগৰিকত্বৰ প্ৰমাণপত্র দিয়াবলৈ চৰকাৰে ব্যৱস্থা কৰিব ৷

(৮:২) ভাৰতীয় নাগৰিকত্ব প্ৰমাণপত্রৰ  অনিয়ম প্রদান সম্পর্কে সঃ অঃ ছাঃ সঃ/সঃ অঃ গঃ সঃ পঃএ কৰা সুনির্দিষ্ট আপত্তিবােৰ বিবেচনা কৰা হ’ব ৷

 ৯:১ ) যথাস্থানত দেৱাল, কাইটীয়া তাঁৰৰ জেওৰা আৰু আন ধৰণৰ প্রতিবন্ধক নির্মাণ কৰি ভৱিষ্যৎ অনুপ্রৱেশৰ বিৰুদ্ধে আন্তঃৰাস্ত্ৰীয় সীমান্ত নিৰাপদ কৰা হ'ব ৷ আন্তঃৰাষ্টীয় সীমান্তৰ স্থলপথ আৰু নদীপথৰ সকলােতে সীমান্ত নিৰাপত্তা বাহিনীৰ পহৰাদান যথোচিতভাৱে বৃদ্ধি কৰা হ'ব নিৰাপত্তা ব্যৱস্থা শক্তিশালীকৰণ আৰু ভৱিষ্যৎ অনুপ্রৱেশত সফল বাধা দানৰ উদ্দেশ্যে যথেষ্ট সংখ্যক তালাচী চকী স্থাপন কৰা হ’ব ৷

( ৯:২) ওপৰত উল্লিখিত ব্যৱস্থাবােৰৰ বাহিৰে আৰু নিৰাপত্তাৰ বিবেচনা আগত ৰাখি নিৰাপত্তা বাহিনীয়ে পহৰাদান কৰাৰ সুবিধা হোৱাকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষে কাষে এটা ৰাস্তা নির্মাণ কৰা হ'ব। সীমান্ত আৰু ৰাস্তাৰ মাজৰ ঠাইখিনি, য’তেই সম্ভৱপৰ, জনবসতিশূন্য কৰি ৰখা হ’ব ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নদী পথেদি পহৰাদান বৃদ্ধি কৰা হ'ব। অনুপ্রৱেশকাৰীয়ে সীমান্ত পাৰ হোৱা বা পাৰ হ’বলৈ চেষ্টা কৰোতে বাধা দিবলৈ সকলাে ধৰণৰ কার্যকৰী ব্যৱস্থা লোৱা হ’ব ৷

(১০) চৰকাৰী মাটি আৰু জনজাতীয় বেষ্টনী আৰু খণ্ডত বেদখল কৰোতে বাধা দিবলৈ থকা সংশ্লিষ্ট আইনবােৰ কটকটীয়াকৈ প্রয়োগ কৰা আৰু আইনৰ ব্যৱস্থা অনুযায়ী বেদখলকাৰীক উচ্ছেদ কৰাৰ নিশ্চয়তা দিয়া হ'ব।

(১১ ) অসমত বিদেশীসকলৰ স্থাৱৰ সম্পত্তি আহৰণ নিয়ন্ত্রণ কৰা সংশ্লিষ্ট আইনবােৰ কটকটীয়াকৈ কার্যকৰী কৰাৰ নিশ্চয়তা দিয়া হ’ব ৷

(১২) জন্ম আৰু মৃত্যুৰ পঞ্জী যথাযথভাৱে তৈয়াৰ কৰাৰ নিশ্চয়তা দিয়া হয় ৷

স্বাভাৱিক অৱস্থা ঘূৰাই অনাঃ

( ১৩) সদৌ অসম ছাত্র সন্থা (সঃ তাঃ ছাঃ সঃ ) আৰু সদৌ অসম গণ সংগ্রাম পৰিষদে (সঃ অঃ গঃ সঃ পঃ ) আন্দোলন প্রত্যাহাৰ কৰিব, সম্পূর্ণ সহযোগিতা আগবঢ়াব আৰু দেশৰ উন্নয়নত আত্মনিয়োগ কৰিব ৷

( ১8 ) যদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সন্মত হয়—
(ক) আন্দোলনৰ সংক্রান্তত কর্মচাৰীসকলৰ বিৰুদ্ধে গ্রহণ কৰা অনুশাসনমূলক কার্য্যব্যৱস্থা সহানুভূতি সহকাৰে পুনৰীক্ষণ কৰিব আৰু এনে গোচৰবােৰ উঠাই ল’ব তথা কোনো প্রকাৰৰ শাস্তিমূলক ব্যৱস্থা লোৱা নহব।

(খ) আন্দোলনত মৃত্যু হোৱা লোকসকলৰ ওচৰ সম্পৰ্কীয় লোকক এককালীন সাহায্য দিবৰ বাবে এখন আঁচনি কৰিব।

(গ) অসম আন্দোলন সংক্রান্তত সৃষ্টি হোৱা ব্যতিত্রুমমূলক পৰিস্থিতিৰ বাবে অসমৰ লোকসেৱাত নিয়ােগৰ কাৰণে শিক্ষামূলক আৰু প্রতিযোগিতামূলক পৰীক্ষা আদি পাতোতে বয়সৰ উর্ধ্বসীমা ৰেহাই দিবৰ কৰেণে আগবঢ়োৱা প্রস্তাৱৰ প্ৰতি সহানুভুতিসূচক বিবেচনা কৰিব ৷

(ঘ) আটকবন্দীৰ গোচৰ যদি আছে সেইবােৰ তথা জঘন্য অপৰাধত অভিযুক্তসকলৰ বাহিৰে আন্দোলন সংক্রান্ত অপৰাধৰ গোচৰবোৰ পুনৰীক্ষণ কৰিব ৷

(ঙ) প্রতিষেধমূলক নির্দেশ বলবৎ হৈ জাননী যদি আছে উঠাই লোৱাৰ বাবে বিবেচনা কৰিব ৷

( ১৫) উক্ত সিদ্ধান্তবােৰ কার্য্যকৰী কৰাৰ ক্ষেত্রত গৃহ পৰিক্রমা মন্ত্রণালয় হ’ব ন’ডেল মন্ত্রণালয় (Nodal Ministry) ৷

লগতে ভাৰত চৰকাৰৰ গৃহ সচিব আৰ ডি প্রধানে তলত দিয়া বিষয়সমূহ সন্নিৱিষ্ট কৰে-

1) শুদ্ধ ভোটাৰ  তালিকা প্রস্তুতিৰ নিশ্চয়তা দিবলৈ নির্বাচন আয়ােগক
অনুৰোধ কৰা হ'ব।

2)নির্বাচনী নিয়মমতে সংগত হ’লে দাবী আৰু আপত্তি দাখিলৰ সময় 30 দিন বঢ়াই দিয়া হ'ব।

 ৩) কেন্দ্ৰীয় পর্যবেক্ষক পঠাবলৈ নির্বাচন আয়ােগক অনুৰোধ কৰা হ'ব।

 অসমত তেল শোধনাগাৰ স্থাপন কৰা হ ’ব ৷
 কেন্দ্ৰীয় চৰকাৰে- অশোক কাগজ কল, মৰাপাট কল, আৰু  অসমত আই আই টি স্থাপন কৰিব ৷

সদৌ অসম ছাত্র সন্থাৰ তিনি-চাৰিজন নেতাৰ বাহিৰে সকলোৱে ধৰিব পাৰিছিল  যে এইখন বিজয়ৰ অসম চুক্তি নাছিল, বৰঞ্চ সেইখন আছিল প্রৱঞ্চনাৰ দলিল ৷ ভাৰত চৰকাৰে ১৯৬৬ চনৰ সময়সীমা দিয়াৰ পিচত আকৌ ১৯৭১ চনতে গোঁজপুতি লোৱাত এই কথা প্রতিপন্ন হৈছিল ৷ ইয়াৰ বাহিৰেও এই চুক্তিৰ দ্বাৰা আই এম ভি টি আইনখন মানি লােৱা হ’ল ৷

অসম চুক্তি কৰিবলৈ এক বিয়াগােম দল এটা গৈছিল  যদিও আছুৰ  চাৰি পাঁচজনমানেহেহে আলোচনা কৰিছিল আৰু সেই ১8 আগষ্টৰ নাটকীয়  ঘণ্টাবােৰত আলােচনাকাৰী দলটোৰ বেছিভাগেই ধৰিব পৰা নাছিল আলোচনাৰ টেবুলত কি হৈ আছে ৷

অসম চুক্তিৰ বিৰোধিতা  সকলোতকৈ প্রথমে কৰিছিল আলোচনাৰ দলতে থকা পূর্বাঞ্চলীয় লোক পৰিষদৰ নেতা পবীন্দ্র ডেকা আৰু থানেশ্বৰ বড়ােৱে ৷ ১৬ আগষ্টৰ দিনা তেওঁলোকে প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে নিজৰ স্থিতি প্রকাশ কৰিছিল আৰু আলোচনাৰ মূল দলক দিল্লীত এৰি থৈ গুৱাহাটী অভিমুখী ৰে’লত উঠিছিল ৷ সেইখিনি সময়ত আন্দোলনৰ ইমান দুৰৱস্থা হৈছিলগৈ যে আছুৰ নেতৃত্বই যিকােনাে প্রকাৰে চুক্তিত চহী কৰিবৰ কাৰণে ব্যাকুল হৈ পৰিছিল ৷

কিন্তু আছুৰ নেতৃবৃন্দই গুৱাহাটীলৈ ঘূৰি আহি অসমবাসীৰ সন্মুখীন  হ’বলৈ সাহস কৰিব পৰা নাছিল ৷ অৱশেষত ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ নেতৃত্বত সদৌ গুৱাহাটী ছাত্র সন্থাই  ২১ আগষ্টৰ দিনা দিয়া ৰাজহুৱা অভিনন্দনৰ যােগেৰেহে অসম চুক্তিৰ  পিনে জনসমর্থন ঘুৰাবলৈ সক্ষম হয় ৷

কিন্তু সাধাৰণ মানুহে নুবুজিলেও বিজ্ঞ মহলে বুজিছিল যে এইখন চুক্তিৰ কাৰণে ৮৫৫জন শ্বহীদে ছটা বছৰত নিজৰ জীৱন  ত্যাগ কৰা নাছিল ৷

অসম চুক্তিখনক সবাতোকৈ প্রথমে নাকচ কৰিলে পূর্বাঞ্চলীয় লোক পৰিষদে ৷

চুক্তিখনৰ ওপৰত ছাত্র সন্থাৰ  যিটো ক্ষুদ্র দলে গণ সংগ্রাম পৰিষদৰ বিৰাজ শর্মাক লৈ আগতীয়াকৈ দিল্লীলৈ গৈছিল  তেওঁলোকেহে খৰচী মাৰি আলোচনা কৰিব পাৰিছিল ৷ বি এছ এফ কেন্টিনত যিখন যুটীয়া বৈঠক বহিছিল সেইখন আনুষ্ঠানিক বৈঠক হোৱা নাছিল আৰু সদস্যসকলেও অভিমত দিয়াৰ প্রকৃত সুযোগ পোৱা নাছিল ৷

ইতিমধ্যে প্রস্তুত কৰি লোৱা খচৰা চুক্তিখনৰ সন্দর্ভতহে যে আলোচনা হৈছিল তাক মাথো ক্ষুদ্র দলটোৱেহে জানিছিল ৷ তাৎপর্যপূর্ণ কথাটো হ'ল এই আলোচনাত আই এম ডি টি সম্পর্কে কােনোধৰণৰ আলোচনা হোৱা নাছিল ৷

হিতেশ্বৰ শইকীয়াৰ অপসাৰণ আৰু নির্বাচনৰ জৰিয়তে চৰকাৰত অধিষ্ঠিত হোৰাৰ আকাংক্ষা লৈ তেওঁলোকে ২০ আগষ্টলে নতুন দিল্লীতে থাকিল ৷ পৰৱর্তী চৰকাৰ গঠনৰ ব্লুপ্ৰিণ্ট মোটামুটিভাৱে সেইখিনি সময়তে ৰচনা কৰা হ’ল ৷ ২১ আগষ্টত তেওঁলােক গুৱাহাটী পালেহি ৷ ছবছৰীয়া আন্দোলনৰ সফল সমাপ্তিৰ আনন্দত হাজাৰ হাজাৰ জনতাই দলটোক উষ্ম অভিনন্দন জনাই বৰঝাৰ বিমান বন্দৰৰ পৰা আদৰি আনিলে ৷

অসম চুক্তিৰ জৰিয়তে ঐতিহাসিক আন্দোলনৰ সমাপ্তি ঘটিল ৷ আৰম্ভ হ'ল অসমৰ আঞ্চলিক ৰাজনীতিৰ এক নতুন পৰিক্রমা ৷