জনজাতিসকলৰ লোকগীতত প্ৰেমপ্ৰীতি ණ ...অৰুপজ্যোতি বৰা



অসমৰ চাৰিওদিশে পাহাৰে ভৈয়ামে বিভিন্ন জনজাতিয়ে বসবাস কৰি আহিছে। এওঁলোকৰ এফালে তিৰ্ব্বতবৰ্মীয় তাই ভাষা-ভাষী আৰু আনফালে অসমীয়া ভাষা-ভাষী । প্রধানকৈ কৃষিৰ ওপৰতে নিৰ্ভৰশীল এইসকল জনজাতিয়ে অসমৰ এই বৃহৎ পৰিয়ালে অসমীয়া জনগাঠনিটোক টনকিয়াল কৰিছে । এইসকল জনজাতিৰ নিজা কলা-কৌশলি, উৎসৱ-পাৰ্বন সমূহত গোৱা আৰু কৰা নৃত্যগীতেৰে ভৰপূৰ । সেয়ে তেওঁলোক লোকগীতত চহকী । এই লোকগীত সমূহক সংৰক্ষণৰ বাবে কোনোবা চেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিলে এই অসমৰ বৃহৎ জনজাতি সকলৰ লোকগীতবোৰ অসমৰ আপুৰুগীয়া সম্পদ হৈ চিৰদিন থাকিব । কোনো কোনো জনগোষ্ঠীয়ে এই লোকগীতবোৰৰ সংকলন কৰিছে যদিও পৰিকল্পিত ৰূপত প্রকাশ পাইছে বুলি মনে নধৰে ।
জনজাতি সকলৰ ভিতৰত বড়ো, ৰাভা আৰু মিছিং সকলৰ লোকগীতত ডেকা-গাভৰুৰ প্রেম-প্রীতিৰ প্রতিছবি এখন তলৰ আলোচনাটিত তুলি ধৰা হৈছে ।
… বড়ো সকলৰ লোকগীতত : অসমৰ বৃহৎ জনজাতি সকলৰ ভিতৰত বড়ো সকল অন্যতম । কৃষি কৰ্মত আগৰণুৱা এই জনগোষ্ঠীটোৰ ভাষা-সাহিত্য চৰ্চাৰ ক্ষেত্রতো কোনোগুনে কম নহয় ।ৰোমান,অসমীয়া দেৱনাগৰী লিপিত বড়ো ভাষাত বহুতো পুথি,বাতৰি কাকত, আলোচনী আদি প্রকাশ পাইছে । বড়ো সকল লোকগীতত চহকী । উল্লেখনীয় যে, বড়ো সকলৰ লোকগীতত স্বদেশ প্রেম, বীৰগাথাঁ, বিয়াগীত, উৎসৱ-পাৰ্বনৰ গীত ,ধেমেলীয়া গীত, প্রেম-প্রীতি গীত আদি প্রধান । তেওঁলোকে স্বকীয় বাদ্যযন্ত্র এই গীতবোৰত ব্যৱহাৰ কৰা দেখা যায় । বড়ো সকলৰ ডেকা-গাভৰুৰ প্রেম-প্রীতিৰ এই গীতসমূহ শুৱলা আৰু ব্যঞ্জনাত্মক ।
বাৰী খোনানি খাসি জোৰ
অৌ আদা মুলুক ছিংখাওনালৈ
নাই বায় আং
নাং খলৌ আঙী সেন নৌজৌৰ ।
অসমীয়াত উজাই চালো মই
ভতিয়াই চালো মই
তোৰ সমান ধুনীয়া নাই ।
প্রেয়সীৰ ৰূপৰ বৰ্ণনা এই বড়ো বিহুগীত সমূহত সুন্দৰ ভাৱে প্রতিফলিত হৈছে।
বিবাৰ বিবাৰ গেওলাং
হাৰ্ছিঙৈ বাৰানৈ ৰহায় লাংবায়
জৌংনি বৈসৌআবৌ ৰাগোলাংবায়
জৌংলনি বৈসৌআবৌ ৰাগোলাংবায় ।
হে পূৰ্ণবিকশিত ফুল, অকলে মৰহি যাব লাগিছা । আমাৰ পূৰ্ণ যৌৱন, বয়সো তোমাৰ দৰে উৱলি যাব লাগিছে । অসমীয়াত “কেলেই ফুলিলি ৰূপহি মদাৰ ঐ…থাক তল ভৰি সৰি” । আকৌ “যৌৱন গলে পাবলৈ নাই” ইত্যাদি ।
ৰাভা সকলৰ লোকগীতত : অসমৰ জনজাতি সকলৰ ভিতৰত ৰাভা সকলো এক বৃহৎ জনগোষ্ঠী । এওঁলোকৰ লোকগীত সমূহতো ডেকা-গাভৰুৰ প্রণয়ৰ ছবিখন হৃদয়স্পৰ্শী । গীতবিলাক ডেকা-গাভৰু সকলে সমূহীয়াকৈ গায় ।
লামদিনি হৰিতাল লেফাং ফাঙি পাকা
বিচিনে-বে দৰায়াতাং সালে
চিঙি কানো পাকাৰে, চিঙি কানো পাকা
অথাৎ ভৈয়ামৰ হৰিতাল চৰাই বটগছত পৰাৰ দৰে কোনোবা প্রেয়সীয়েও মোৰ গাত হাত দিছে ।
লামদানি মাছচিকায়,কংজু বকচো চৰো
চিঙি মুকবাৰ বাকায় বৈ চালে
ভাকাম বকচো চবোৰে- ভাকাম বকচো চৰো ।
অথাৎ মৰা গৰুৰ হাড়বোৰৰ দৰে আমাৰ প্রেমিকাৰ দাঁত বিলাকও বগা ।
মিছিং সকলৰ লোকগীতত : অসমৰ জনজাতি সকলৰ ভিতৰত মিছিং সকলৰ লোকগীত বোৰতো এক সুকীয়া টান আছে । এই বৃহৎ জনগোষ্ঠীটোৰ কৃষি কৰ্ম আৰু মৎস্য ব্যৱসায়েই হ’ল জীৱিকাৰ প্রধান উপায় । মিছিং সকলৰ প্রেম-পীৰিতিৰ গীত হৈছে ঐনিঃতম । এই ঐনিঃতম বোৰত মিছিং সকলৰ জীৱনৰ সমস্যা, নৈৰ্সাগিক বৰ্ণনা, প্রেম-প্রীতিৰ ছবি বিৰাজমান ।
ৰজনীকান্ত বৰদলৈৰ প্রথম সামাজিক উপন্যাস মিৰি-জীয়ৰীখন তাৰেই এখন সু-স্পষ্ট দলিল ।
আচি গুলা মনৌদৌ কোম্পানী জাহাজৌ
আচি গুলা মনৌদৌ নাঞি কাঃকৃক অমৌদৌ ।
অথাৎ কোম্পানী জাহাজে পানী ঘোলা কৰাৰ দৰে তুমিও চেনাই মোৰ দেহ-মন ঘোলা কৰিলা ।
বৰনৈ চুমলি পৃণদুঃবঃ
পৌদং আচি পাঃ মালা
ঙককৌ আচিন পৃনদুঃবঃ
অইনক অগম পাঃ মালা
অসমীয়া বিহুগীতত- বৰনৈ শুকাইছে পানীৰে বেজাৰত
দিচাংনৈ শুকাইছে কিয় ?
মই চেনাই শুকাইছো তোমাৰে বেজাৰত
তুমিনো শুকাইছা কিয় ?
এই তিনিওটা জনজাতিৰ উপৰিও গাৰো, দেউৰী, চুতীয়া আদি জনজাতিসকলৰ লোকগীতবোৰতো ডেকা-গাভৰুৰ প্রণয়ৰ প্রতিফলন ঘটা দেখা পোৱা যায় ।অসমীয়া সাহিত্যত লোকগীতবোৰৰ ভিতৰত এনে ধৰনৰ লোকগীতবোৰৰো আলোচনাৰ প্রয়োজন আছে। তেহে হয়তো আমাৰ অসমীয়া ভাষা-সাহিত্যৰ ভৰাল চহকী হ’ব ।