সম্পাদকীয়

সম্পাদকীয়

বিষয়: অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ আৰু অসম সন্মিলিত মহাসংঘৰ ৪ টা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ ৷

১১ মে' ২০১৭
অসমৰ খিলঞ্জীয়া সকলৰ বাবে এক ঐতিহাসিক দিন হিচাপে লিপিবদ্ধ হ'ব ৷ পোন প্ৰথমবাৰৰ বাবে অসমৰ ৪ টা ৰাজহুৱা স্বাৰ্থজনিত গোচৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত চুড়ান্ত শুনানি চলিব অহা মাহৰ ১১ তাৰিখৰ পৰা ৷ অসম সন্মিলিত মহাসংঘৰ নেতৃত্বত তথা নেচনেল ডেমক্ৰেটিক ফ্ৰন্ট অৱ বড়োলেণ্ড আৰু ইণ্ডিজেনাচ ট্ৰাইবেল পিপুলচ্ ফ্ৰন্টৰ সহযোগত তৰা ৫৬২ /২০১২ নং গোচৰত ১৯৫৫ চনৰ নাগৰিকত্ব আইনখন ১৯৮৫ চনত সংশোধনৰ দ্বাৰা ৬ (ক) যুক্ত কৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অবৈধ পাকিস্তানী বিদেশী সকলৰ নাম অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা কাৰ্য সংবিধান বিৰোধী তথা সংবিধানৰ ৫, ৬, ১৪, ২১, ২৯, ৩৫৫ নং ধাৰা উলংঘাৰ অভিযোগ উত্থাপন হৈছে ৷ দ্বিতীয়তে মহাসংঘৰ নেতৃত্বত সদৌ অসম আহোম সভাই দেউৰী, চুতীয়া, সোণোৱাল, কৈৰ্ৱত, মিচিং, ৰাভা আৰু কোঁচ ৰাজবংশী সকলৰ সহযোগত তৰা ৮৭৬ / ২০১৪ নং গোচৰত ১৯৫৫ চনৰ নাগৰিকত্ব আইনত ৬(ক) যুক্ত কৰা কাৰ্যক অবৈধ বুলি অভিহিত কৰা লগতে নাগৰিকত্ব আইন সংশোধন কৰি ২০০৩ চনত নিয়ম ৪(ক) যুক্ত কৰা নাগৰিকত্বৰ পঞ্জীয়ন আৰু জাতীয় পৰিচয় প্ৰত্ৰ সম্পৰ্কীয় নিয়মাৱলীকো অবৈধ বুলি প্ৰত্যাহ্বান জনাইছে ৷ এই নিয়মাৱলীমতে ১৯৭১ চনৰ ভোটাৰ তালিকাত নাম থকা অবৈধ বিদেশী তথা ৰেচন কাৰ্ড, ডাকঘৰৰ ৰচিদ বহী থকা বিদেশীলোকেও অসমৰ নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৷ তৃতীয়তে মহাসংঘৰ নেতৃত্বত অসম আন্দোলনৰ শ্বহীদ আৰু নিৰ্য্যাতিত পৰিয়ালৰ লোকে তৰা ৩১১/২০১৫ নং গোচৰত নাগৰিকত্ব আইন সংশোধন কৰি ২০০৩ চনত ৩(ক) যুক্ত কৰা কাৰ্যক অবৈধ বুলি প্ৰত্যাহ্বান জনাইছে ৷ এই ৩ (ক) ধাৰাই ২০০৩ চনৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰা সন্তান এটিৰ অভিভাৱকৰ এজন যদি ভাৰতীয় আৰু আনজন যদি অবৈধ বিদেশী হয় তেনেহ'লেও সন্তানটিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ অধিকাৰ দিছিল ৷  চৰ্তুথতে মহাসংঘৰ নেতৃত্বত অসমৰ ৮ গৰাকী বিশিষ্ট নাগৰিকে তৰা ৬৮/২০১৬ নং গোচৰত বিদেশী আইন ১৯৪৮ ৰ অধীনষ্ঠ বিদেশী হুকুম ১৯৪৮ সংশোধন কৰি ৩(ক) যুক্ত কৰা আৰু লগতে পাছপৰ্ট আইন ১৯৫০ সংশোধন কৰি নিয়ম ৪ উপবিধি ১ যুক্ত কৰি জাৰি কৰা ২০১৫ চনৰ ৭ ছেপ্তেম্বৰৰ অধিসূচনাখনক অবৈধৰুপে প্ৰত্যাহ্বান জনাইছিল ৷ ভাৰত চৰকাৰে এই অধিসূচনাৰ জৰিয়তে দেশৰ ধৰ্মনিৰপেক্ষ নীতিক কুঠৰাঘাত কৰি কেৱল হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছিল ৷ এই অধিসূচনাৰ দ্বাৰা পাছপৰ্ট বা আন কোনো ভ্ৰমণ সংক্ৰান্তিয় নথি-প্ৰত্ৰ নোহোৱাকৈ পাকিস্তান বা বাংলাদেশৰ পৰা ভাৰতলৈ অহা হিন্দুলোকক আৰু লগতে পাছপৰ্ট অথবা আন ভ্ৰমণ সংক্ৰান্তিয় নথিৰ ম্যাদ উকলি যোৱাৰ পিচতো যিসকল হিন্দু পাকিস্তানী -বাংলাদেশী লোক ভাৰতত আছে তেওঁলোককো নাগৰিকত্ব দিয়া হ'ব বুলি উল্লেখ কৰিছিল ৷ এই অধিসূচনাৰ ভিত্তিতে বৰ্তমানৰ বিজেপি চৰকাৰে লোকসভাত ২০১৬ চনৰ ১১ আগষ্টত নাগৰিকত্ব আইন (১৯৫৫) সংশোধনী বিধেয়ক
২০১৬ উত্থাপন কৰিবলৈ যাওঁতে বিৰোধী দলৰ প্ৰতিবাদত উত্থাপন কৰিব নোৱাৰি যুটীয়া সংসদীয় সমিতিত বিধেয়কখন আলোচনাৰ বাবে দিছে ৷ প্ৰকৃততে বিচৰাধীন বিষয়ত বিধেয়ক উত্থাপনেই কৰিব নোৱাৰে ৷ এয়া উচ্চতম ন্যায়ালয়ক অৱমাননা কৰাৰ সমতুল্য দুষ্কাৰ্য ৷
          সঁচা অৰ্থত অসম দেশ আৰু খিলঞ্জীয়াসকলৰ যথোচিত সুৰক্ষা বিচৰা সকলো দল-সংগঠনে সমগ্ৰ বিষয়বোৰ গভীৰ ভাৱে বিশ্লেষণ কৰি দেশ-জাতি-মাটিৰ সুৰক্ষাৰ স্বাৰ্থত অসম সন্মিলিত মহাসংঘৰ পক্ষত থিয় দিয়া উচিত ৷ ইয়াৰ বাহিৰে গত্যন্তৰ নাই ৷
          অসমৰ হেজাৰ বছৰীয়া খিলঞ্জীয়াৰ বাবে সু-খবৰ যে উচ্চতম ন্যায়ালয়ত   সৰ্বকালৰ বাবে বিদেশী সমস্যাৰ সমাধান কৰিবলৈ ১১ মে' ৰ পৰা উপৰুক্ত চাৰিওটা গোচৰৰ চুড়ান্ত শুনানি গ্ৰহণ কৰিব ৷ এই শুনানি চলিব উচ্চতম ন্যায়ালয়ৰ সৰ্বোচ্চ ক্ষমতাসম্পন্ন পাঁচজনীয়া বিচাৰপীঠত ৷
যদি অসমৰ খিলঞ্জীয়াৰ সপক্ষে এই ন্যায়ালয়ে ৰায় প্ৰদান কৰে তেন্তে—

১/  বিদেশী সমস্যাৰ নামত ৰাজনৈতিক দল আৰু আন সংগঠনে কৰি থকা লেতেৰা ৰাজনীতি বন্ধ হ'ব ৷
 ২/ ১৯৫১চনৰ পৰা ১৯৭১চনলৈ অসমত অবৈধ ভাবে প্ৰবেশ কৰা বিদেশী লোক সকল পূব পাকিস্তানৰ বিভিন্ন ঠাইৰ পৰা আহিছে । এই সকল পাকিস্তানৰ নাগৰিক ।
  ৩/ ১৯৭১চনৰ ২৪মাৰ্চৰ পিছত অসমলৈ অবৈধ ভাবে আহি থকা বিদেশী সকল বাংলাদেশৰ নাগৰিক ।
       
            ভাৰতৰ সংবিধান মতে বিদেশী চিনাক্ত কৰণৰ ভিত্তি বছৰ দুটা  -

১/ আবেদন নজনোৱাকৈ ভাৰতীয় নাগৰিকত্ব লাভৰ তাৰিখ ১৯জুলাই১৯৪৮চন আৰু

২/ আবেদন জনাই ভাৰতীয় নাগৰিকত্ব লাভৰ তাৰিখ ১৯জানুৱাৰী ১৯৪৯চন ।

            ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে ভাৰত-পাকিস্তানৰ সংঘৰ্ষ পীড়িত লোক সকলক ক্ষতিপূৰণ দিছিল আৰু লগতে ইখন দেশৰ পৰা আনখন দেশলৈ কোনোবা লোক স্থায়ী ভাবে যাব খুজিলে সেই সুবিধা দিছিল । এই উদ্দেশ্যেই নেহৰু-লিয়াকত চুক্তি সম্পাদিত হৈছিল । সেয়ে ভাৰতে স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিছতহে ১৯৫১চনত প্ৰথম লোক পিয়ল সম্পাদন হৈছিল । লগতে ১৯৫২চনত প্ৰথম ভোটাৰ তালিকা প্ৰস্তুত কৰিছিল দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে ।

         সমগ্র ভাৰততে বিদেশী চিনাক্ত কৰণৰ ভিত্তি বছৰ ১৯৫১ । কেৱল অসমতহে ১৯৬৬, ১৯৬৭, ১৯৭১, আৰু  ২০০৪ চন নিৰ্ধাৰণ কৰিছে ।

         ভাৰত ৰাষ্ট্ৰ এইবাৰ সমগ্র পৃথিৱীৰ চকুত উলংগ হৈ যাব । অসমত যে ভাৰতে উপনিবেশিক মনোভাৱেৰে বিদেশীৰ বোজা জাপি দি অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলক নিঃশেষ কৰিব খুজিছে সেয়া উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰ পীঠত স্পষ্ট হৈ যাব ।
           ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ  ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিনটন নাৰীমানৰ দুজনীয়া বিচাৰ পীঠত ভাৰত চৰকাৰৰ চৰিত্ৰ ৮০% উন্মোচিত হৈছে । গতিকে ভাৰত চৰকাৰে অসমত থকা অবৈধ পাকিস্তানী, বাংলাদেশী আৰু নেপালী বিদেশীৰ বিৰুদ্ধে ব্যৱস্থা লবই লাগিব ।
          খিলঞ্জীয়া ৰাইজে মাৰবান্ধি ১৯৫১ ৰ পক্ষত থিয় দি অসম দেশখন ৰক্ষা কৰা উচিত ।
          বিদেশী চিনাক্ত কৰি কেনেকৈ বহিষ্কাৰ কৰে সেয়া ভাৰত চৰকাৰৰ কথা । এই বিষয়ত মূৰ ঘমাবৰ কোনো প্ৰয়োজন নাই । সংবিধানৰ ৩৭০ধাৰা অনুযায়ী অসমক সুৰক্ষা দিবই লাগিব ।
          আনকি অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিব খোজা ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধেও চৰকাৰে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।
সম্পূৰ্ণকৈ পঢ়ক »

ম'লুঙ ডামচাও ডম্বৰু দেওধাই ফুকনৰ প্ৰৱিত্ৰ স্মৃতিত ණ.. চাও বলো বাইলুঙ, বকল, ধেমাজী



চ্যাও নু ৰু চাও কাও ঐ
চাও ফুৰা তাৰা আলং ঐ চিকিয়া
ৰাণিপান বয় মৗ চাও ফুৰা ৷
তাং লাই ৰাও ফ্ৰালুং খ্ৰুপতাং হ্যেউ ছ্যু
লে দনক জনমিং কৰা ৷৷
খাও খাম আই লেংদিন লেংদন লাংকুৰি
তাংমুট ছেংডাও ফী ৷
মুট কুম, তাই কুম, জন চাঅ হুং, ছিট চাম লাম
জা চিং ফা মে দাম মে ফী ৷৷
এই অষ্টদেৱৰ নামতে বছৰেকৰ মূৰতে
সকলো আহোম লগ লাগি ৷
খ্যেক ফি হ্যেউ ছ্যু কৰে আঠখন পাং পাতি
প্ৰজলন কৰি ধৰ্মৰ চাকি ৷৷
অষ্টদেৱৰ স্মৰণত অতীততে আহোমে
পুতিলে আঠোটি খুটি ৷
ৰৗণ চাও ছেং সাজিলে হ'লুঙ ঘৰ সাজিলে
পাতিলে ধৰ্মৰ খুটি ৷৷
আহোমৰ এনে কাৰ্য দেখি গোঁসাইসকলে
পাতিলে মায়াৰে মেলা ৷
শৰণ ভজন লোৱালে ভকত বৈষ্ণৱ সজালে
অখাদ্যৰ পাতিলে খেলা ৷৷
শাল শিঙি এৰুৱালে, কুচিয়া কুকুৰা এৰুৱালে
এৰুৱালে আহোমৰ ৰস ৷
তেজশ্ৰী আহোমক শতশ্ৰী সজালে
কৰোঁৱালে গোঁসাইৰে বশ ৷৷
অতীজতে আহোমে নিয়ম নীতিত আছিলে
মৃত্যু হ'লে মৈদাম দিয়ে ৷
বৈষ্ণৱত শৰণ লৈ সেই প্ৰথা এৰিলে
জুইত পুৰি স্মৃতি নাশে ৷৷
বৈষ্ণৱ সৱে চিন্তিলে মৈদাম প্ৰথা থাকিলে
স্মৃতি স্মৰণীয় হৈ ৰব ৷
যদিহে পৰা যায় এনে প্ৰথা এৰুৱাব
আহোম চিন নাইকীয়া হ'ব ৷৷
অজলা আহোমে তাতে হয়ভৰ দিলে
প্ৰভুগুৰুৰ আদেশ বুলি ৷
নিজৰ ধৰ্মনীতি জুইত পুৰি পেলালে
বৈষ্ণৱক ললে মুৰত তুলি ৷৷
জন্মৰ পাঁচদিনতে মূৰৰ চুলি খুৰুৱালে
গোবৰমাটি থোৱালে সানি ৷
টপা মূৰ উলিয়াই সূৰ্য দৰ্শন কৰোৱালে
মগজৰ কৰোৱালে হানি ৷৷
অকৰা আহোমক ফপৰা যাচিলে
তাকে পাই আহোমৰ গৰ্ব ৷
ছশ বছৰ ৰাজত্বৰ মান হেৰুৱালে
নিজৰ ধৰ্ম কৰিলে খৰ্ব ৷৷
ৰাজত্বৰ কথালৈ মনত পৰি আহোমৰ
তেজ পিৰপিৰাই উঠিল ৷
সেয়েহে আজি আহোমে ভাষা ধৰ্ম উদ্ধাৰত
সজাগ হৈ জপিয়াই পৰিল ৷৷
আহোমৰ জন্ম লৈ কীৰ্তনঘোষাৰ নাম লৈ
বংশৰ হেৰুৱাইছো মান ৷
ফুৰা তাৰাৰ আলঙত সৃষ্টিকৰ্তাৰ চৰণত
পূজিলেহে থাকিব প্ৰাণ ৷৷
আহা বংশধৰ আহোম জীয়াই ৰাখো
ডাম ফি মে দাম মে ফি পাতি ৷
মঙহে যদি চিনে নিজ মঙহৰ তেজ
উদ্ধাৰ হব আহোম জাতি ৷৷
সম্পূৰ্ণকৈ পঢ়ক »

আহ্বান পি নঙ টাই আহোম ණ...চাও আইজেপ চঙ কুকৈ



আজিও আছে বৈ শৰীৰত লাচিতৰ তেজ
নকবি পুনৰ কোনেও চণ্ডাল, ম্লেচ ৷৷

উঠিব লাগিলে গাত হাবুঙৰ দেও
ধৰি আনি হেংদানেৰে কৰিম দুচেও ৷৷

ম্যুঙ ডুন ছুন খাম আমাৰে হিয়াৰ আমঠু
নহয় কাৰো এই দেশ, আমাৰে দেশ ৷৷

চাও লুঙ ছ্যু কা ফাই গঢ়ি যোৱা এই দেশ
কেতিয়াও হবলৈ নিদিও আমাক নিঃশেষ ৷৷

কৈ থলো পি নঙ মোৰ টাই আহোমক
ভালদৰে চিনি থবা সিহঁতক ৷৷
সম্পূৰ্ণকৈ পঢ়ক »

সেন্দুৰ বৰ্জনৰ আন্দোলন ණ ...চাও অমৃতৰুণী গগৈ



এক চুটকি সেন্দুৰৰ মূল্য তই কি জানিবি ৰণী , নাৰীৰ সন্মানৰ কথা তই জানো বুজিবি ? ৰাতিপুৱাই বান্ধৱী এজনীয়ে ডাইলগ দি গল । মই বুলু এৰাহ, সেন্দুৰকলৈ চিনেমাত কত বুকু ভেদি যোৱা বচন শুনিলো । বুঢ়া আঙুলি কাটি শিৰত তেজ বুলাই বিয়া পতা কত চিন দেখিলো । আবেগিক ! পিছে ভাৰতৰ বাহিৰে পৃথিৱীৰ কিমান ঠাইৰ মানুহে সেন্দুৰ লয় কব নেকি । তেন্তে কোৱাতো বাহুল্য হব যে কেৱল ভাৰতৰ সেন্দুৰ লোৱা মহিলা সকলহে পতি ভক্ত আৰু বাকীবোৰ অসভ্য । আমাৰ দৃষ্টিৰে অৱশ্যে বহুতো প্ৰেমিক যুগল দেখিলো যি মন্দিৰত গৈ সেন্দুৰ লৈ আজীৱন একেলগে থকাৰ পণ লৈ আহে কিন্তু পৰিস্থিতিত পৰি বেলেগৰ লগত বিয়া হয় । সেইখিনি সেন্দুৰৰ মূল্য কিমান হব বাৰু  !

আন এক কথাৰে যদি কবলৈ যাওঁ , সেন্দুৰে নাৰীৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ লগতে তপা হোৱাত এক বিশেষ ভূমিকা লয় । সেন্দুৰত থকা ৰসায়নিক দ্ৰব্য সমূহে চুলিৰ অনিষ্ঠ সাধন কৰে ।
সেন্দুৰ শিৰত লোৱাৰ গৌৰৱ কেৱল নাৰীয়ে হে বুজে , জকাইচুকৰ আইতা জনীএ আজিও সেন্দুৰ লৈ নাপালে কিন্তু সাতটাকৈ লৰা ডাঙৰ কৰিলে ! খোৱাং হালধীবাৰিৰ সোণোৱাল কছাৰীৰ বাইছা জনীয়েও গোটেই জীৱন উকা কপালেৰে নটাকৈ লৰা ছোৱালী পোহ পাল দিলে । আমাৰ এনাই জনী পিছে থুৰিয়া পিন্ধা কাণেৰে আজিও ধুনীয়া ! তেওঁৰো হেনো সেন্দুৰৰ প্ৰতি মোহ নাছিল । আমিবোৰ একা ! সেন্দুৰক গৌৰৱ , সন্মান আৰু অলংকাৰ বনোৱাত লাগিছো । দলিয়াই দিছো কাণৰে থুৰিয়া ডিঙিৰে গলপতা ।

পৰিস্থিতিৰ দাস আমি , টিভিৰ চিৰিয়েলত চবিতা ভাভী জনীয়ে ৰঙা টিকটিকিয়া সেন্দুৰৰ প্ৰলেপ লোৱা দেখি লাগি গৈছো অনুকৰণত । ষট পূজাৰ বঙালী জনীক নিজৰ পতিৰ বাবে পূজা কৰা দেখি হৈ পৰিলো তাইৰ অনুগামী ☺ l

Rss ৰ দৰে উগ্ৰ হিন্দুত্ববাদৰ আগ্ৰাসনে আমাৰ দেহ পুৰে , গৰম হয় অসমীয়া নিমখ খোৱা তেজ । দি দিও ডাঙৰ ডাঙৰ লেকচাৰ ! কিন্তু হাতে কামে কিমান কৰিছো ? পাৰিছোনে হিন্দু নোহোৱা অসমীয়া হবলৈ ☺ ।

এই কালগ্ৰাসি হিন্দুৰ সংস্কৃতি ৰোধ কৰিবলৈ আমাৰ ডয় পাতকাই সমাজৰ , ভগ্নী সকলে সেন্দুৰ বৰ্জনৰ সিদ্ধান্ত লৈছিল । ইতিমধ্যেই দুখনকৈ বিয়া হৈ গল সেন্দুৰ নোলোৱাকৈ । আৰু হব ! তেওঁলোকৰ লগতে আমি দৃঢ় প্ৰতিগ্য । কেৱল চিন্তাশীল মহলৰ সদ ইচ্ছা আৰু সু-পৰামৰ্শৰ প্ৰয়োজন । আমাৰ সমাজ কামত বিশ্বাসী কথাত নহয় ।

(* অভিজ্ঞতা বিহীন লেখা যদিও , হৃদয়ৰ সঁচা আবেগেৰে লিখা । অনন্ত কাললৈ আমাৰ এই আন্দোলন চলি যোৱাৰ আশাৰে লেখাটো পাটসাঁকোৰ ধৰিত্ৰী গগৈ ফুকন বাইদেউৰ হাতত উৎসৰ্গা কৰিলো । আপোনাৰ সেন্দুৰ বৰ্জনৰ নীতি আমাৰ বাবে আদৰ্শ )
সম্পূৰ্ণকৈ পঢ়ক »

অসম চুক্তিৰ খুটি নাটি ණ...টুল টুল কুটুম



অসম চুক্তি স্বাক্ষৰিত হোৱাৰ প্রায় দুবছৰৰ আগৰ পৰা অসমৰ সমস্যাসমূহৰ ৰাজনৈতিক সমাধানৰ বাবে বিভিন্ন ধৰণৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক প্রক্রিয়া এটি আৰম্ভ হৈছিল ৷ কিন্তু বিষয়টোৱে এক নির্দিষ্ট গতি লাভ কৰাৰ ক্ষেত্রত সদৌ অসম ছাত্র সন্থাৰ নেতৃবৃন্দই প্ৰদৰ্শন  কৰিছিল এক বুজিব নােৱৰা নিস্পৃহতা ৷ আৱেগসর্বস্ব ঢৌত আক্রান্ত এই নেতৃবৃন্দই বাৰে বাৰে ভিত্তি বর্ষক লৈয়ে আপত্তি দৰ্শাইছিল, যাৰ ফলত কোনো এটা আলোচনাই পূৰ্ণতা লাভ কৰিব পৰা নাছিল ৷

আন্দোলনৰ নেতৃবৃন্দই ১৯৫১ চনক বিদেশী চিনাক্তৰণৰ ভিত্তি বছৰ হিচাপে বিচৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ১৯৭১ চনটোহে ভিত্তি বর্ষ হিচাপে বান্ধি দিছিল ৷ মাজতে কেন্দ্ৰীয় চৰকাৰে এই ভিত্তি বছৰ ১৯৬৫ চনলৈকে নমাই আনিলে ৷ কিন্তু এই প্রস্তাৱত সদৌ অসম ছাত্র সন্থাৰ নেতৃবৃন্দ ৰাজী নহ’ল ৷ এই প্রস্তাৱ প্ৰধানমন্ত্ৰীৰ কার্যালয়ৰ পৰা তেতিয়াৰ ডি আই জি হিৰণ্য ভট্টাচার্যৰ যােগেৰে ছাত্র সন্থালৈ প্রেৰণ কৰা হৈছিল যদিও আছুৰ একাংশ নেতাই ইয়াক মানি নললে ৷ তেনেকুৱা আন এটা প্রচেষ্টাৰ মাজতেই ১৯৮৩ চনৰ মাজভাগত ভাৰত চৰকাৰৰ এগৰাকী শীর্ষ আমােলা আৰ কে পাটিলে সমস্যা সমাধানৰ বাবে কিছু পৰামর্শ আগবঢ়াইছিল ৷ এই পৰামৰ্শ  সমূহ আছিল-

( ১ ) ১৯৭১ চনৰ ২৪ মার্চৰ পিচত অসমত প্রৱেশ কৰা হিন্দু মুছলমান উভয় সম্প্রদায়ৰ লােকক চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে ৷

(২) ১৯৬৮-১৯৭১ চনৰ সময়ছোৱাত ২.৮ লাখ মুছলমান সম্প্রদায়ৰ লোকৰ বিতাড়নৰ ক্ষেত্রত যি আদেশ ইতিমধ্যে দিয়া হৈছে তাক সফলভাবে ৰূপায়ণ কৰিব লাগে ৷

(৩) অসমত বিদেশী নাগৰিক প্রবেশ কৰাৰ সঠিক সময় নির্ধাৰণ কৰিবলৈ অনা-অসমীয়াৰে পৰিচালিত বিশেষ আদালত গঠন কৰাৰ সুবিধা দিব লাগে ৷

( ৪ ) সীমান্তৰে প্রবেশ কৰিব নােৱৰাকৈ সীমান্ত বন্ধ কৰি পথ অৱৰোধৰ ব্যৱস্থা কৰিব লাগে ৷

( ৫) উভয় পক্ষক মাত্র এবাৰহে আইনৰ সুযোগ গ্রহণ কৰা সুবিধা দিব লাগে ৷

(৬) নদীৰে প্রবেশ কৰিব নােৱাৰাকৈ পহৰাদাৰী নাও ব্যৱহাৰ কৰিব লাগে।

(৭ ) অসমীয়া সংস্কৃতি ৰক্ষাৰ বাবে ব্যৱস্থা কৰিব লাগে ৷

(৮) জনজাতি লােকৰ সুৰক্ষা নিশ্চিত কৰিব লাগে ৷

( ৯ ) বিধানসভা সমষ্টিৰ সীমা পুনৰ নির্ধাৰণ কৰিব লাগে, যাতে অসমীয়াৰ হাতৰ পৰা বহিৰাগতই শাসন কাঢ়ি ল’ব নোৱাৰে।

অসমৰ স্বাধীনতা যুঁজাৰুসকলেও প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ হাতত অসমৰ সমস্যাৰাজি সমাধানৰ বাবে এখন স্মাৰকপত্র প্রদান কৰিছিল ৷ স্বাধীনতা যুঁজাৰুসকলৰ পৰা আগবঢ়োৱা  সমাধানসুত্র আছিল এনেধৰণৰ -

(১ ) সংবিধানৰ আধাৰত নির্দিষ্ট আইনৰ সীমাৰ ভিতৰত থাকি ১৯৫১ চনৰ ৰাষ্ট্ৰীয়  নাগৰিকপঞ্জীক মূল প্রতিপাদ্য হিচাপে লৈ বিদেশী চিনাক্তকৰণ প্রক্রিয়া আৰম্ভ কৰিব লাগে ৷

(২) ১৯৭১ চনৰ পিচত অসমত প্রবেশ কৰা বিদেশী নাগৰিকৰ চিনাক্তকৰণ প্রক্রিয়া আৰম্ভ কৰিব লাগে ৷

(৩) ১৯৬১ৰ পৰা ১৯৭১ চনৰ সময়ছোৱাত যিসকল বিদেশী অসমত সােমাল সেইসকলক অসমৰ পৰা স্থানান্তৰিত কৰি ভাৰতৰ অন্য ৰাজ্যত সংস্থাপিত কৰিব লাগে যাতে অসমৰ ভাষিক, সাংস্কৃতিক আৰু অর্থনৈতিক সমস্যাৰ সৃষ্টি নহয় ৷

( ৪ ) ১৯৫১ৰ পৰা ১৯৬০ চনৰ সময়ছোৱাত যিসকল বিদেশী নাগৰিক অসমত প্রৱেশ কৰিলে সেইসকলৰ প্ৰতি মানৱীয় দৃষ্টিতংগী আগত ৰাখি ভাৰতীয় নাগৰিকৰ মর্যাদা দি অসমতে ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷

(৫) ১৯৬১ চনৰ পৰা ১৯৬৫ চনৰ ভিতৰত যিসকল বিদেশীক অসমত শৰণার্থী হিচাপে ৰখা হ’ল সেইসকলক আন্তর্জাতিক চুক্তি অনুসৰি অসমত ৰাখিব লাগে ৷ .

(৬) কোনো বিদেশীয়ে যাতে অবৈধভাৱে পুনৰ প্রৱেশ কৰিব নােৱাৰে তাৰ ব্যৱস্থা সুনিশ্চিত কৰিব লাগে ৷

(৭ ) অসমৰ অস্তিত্ব বিপন্ন কৰিব নােৱাৰাকৈ সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(৮) ভাৰতীয় নাগৰিকত্ব প্রদানৰ ব্যৱস্থা কেৱল কেন্দ্ৰীয় চৰকাৰৰ হাতত ৰাখিব লাগে ৷

হিতেশ্বৰ শইকীয়া চৰকাৰে ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্রেছ চৰকাৰক অসমত বাস কৰি থকা পমুৱা মূছলমানসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এক নতুন আইনৰ পােষকতা কৰিলে -যি কেৱল অসমৰ ক্ষেত্রতহে প্রযোজ্য হ'ব।

অসমৰ আইন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰে এই আইনৰ খচৰা তৈয়াৰ কৰিছিল আৰু ১৯৮৩ চনৰ ১৫ ডিচেম্বৰত বিধেয়কখন সদনত উত্থাপন কৰা হয় ৷ যিহেতু অসমৰ ব্রহ্মপুত্র উপত্যকাৰ কোনো সাংসদ সেই সময়ছোৱাত অসম আন্দোলনৰ বাবে লোকসভাৰ সদস্য হ’ব পৰা নাছিল সেই কাৰণে কোনো ধৰণৰ বিতর্ক আৰু বিৰোধ নােহােৱাকৈয়ে ১৫ ডিচেম্বৰৰ দিনাই এই আইনখন সংসদত গৃহীত হয়, যাৰ নাম ৰখা হয় Illegal Migrants (Determination) by tribunal (IMDT) Act. এই আইনখন কেৱল অসমৰ কাৰণেহে প্রযোজ্য আছিল। কাৰণ আন ৰাজ্যৰ বিদেশী বিতাড়নৰ কাৰণে Foreigner's Act, 1946 আছিলেই ৷ দুয়োখন আইনৰ মূল পার্থক্য এয়ে আছিল যে Foreigner‘ৰ Act মতে এজন সন্দেহযুক্ত বিদেশীয়ে নিজে প্রমাণ কৰিব লাগিব যে তেওঁ ভাৰতীয় হয় ৷ কিন্তু IMDT Act মতে এজন সন্দেহযুক্ত বিদেশীক বিদেশী বুলি অভিযোগকাৰীজনে প্রমাণ কৰিব লাগিব আৰু অভিযােগকাৰীজন অভিযুক্তৰ তিনি কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত থাকিব লাগিব আৰু এজন অভিযােগকাৰীয়ে ১০ টকা জমা দি মাথো ১০জনৰ বিৰুদ্ধেহে অভিযোগ কৰিব পাৰিব ৷ তাৰ পিচত অৱসৰপ্রাপ্ত  ন্যায়াধীশেৰে গঠিত বিশেষ ন্যায়াধিকৰণৰ জৰিয়তে অভিযুক্তৰ বিচাৰ হ’ব আৰু এই বিচাৰ প্রক্রিয়াত অভিযুক্তই যথাযথ সাক্ষ্যৰ দ্বাৰা নিজকে ভাৰতীয় বুলি প্রমাণ কৰিব পাৰিব ৷

সকলােৰে বুজিবলৈ বাকী নাছিল যে এই আইন অকল বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈহে ৰচনা হৈছিল ৷ সকলাে ক্ষোভত ফাটি পৰিছিল কিন্তু সেই হিচাপে আন্দোলন আকৌ সজীৱ হৈ উঠা নাছিল৷ বৰঞ্চ আই এম ডি টি আইনৰ প্রতিলিপি এটা জ্বলাবৰ কাৰণেও মানুহ গোটাব লগাত পৰিছিল ৷ সঁচা অৰ্থত  ১৯৮৪ চনৰ পৰা অসম আন্দোলন ভাগি পৰিছিল আৰু জন সমর্থন ক্রমান্বয়ে কমি আহিছিল ৷(আব্দুল মুহিব মজুমদাৰ পিছলৈ অগপ চৰকাৰৰ মন্ত্ৰী হৈছিল )

অসম আন্দোলনে ক্রমাগতভাৱে এক সীমিত ৰূপ গ্রহণ কৰিবলৈ লোৱা সময়তে ১৯৮৪ চনৰ ৩১ অক্টোবৰত ভাৰতবর্ষৰ প্ৰধানমত্রী ইন্দিৰা গান্ধীৰ নিজৰ দেহৰক্ষীৰ গুলীত মৃত্যু হয় ৷ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ৰাজীৱ গান্ধীয়ে কংগ্রেছ দলৰ নেতৃত্ব লৈ ১৯৮৪ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত লোকসভা নির্বাচনত বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে ৷ ৰাজীব গান্ধীয়ে নতুন চৰকাৰ গঠন কৰাৰ পিচতে উত্তৰ-পূব ভাৰতৰ পিনে মনোনিবেশ কৰিবলৈ আৰম্ভ কৰে আৰু অসম তথা মিজােৰামৰ সমস্যাসমূহ সমাধানৰ বাবে বিশেষ তৎপৰতা দেখুৱায় ৷ প্রধানমন্ত্রীত্ব গ্রহণ কৰাৰ পিচৰে পৰা অসমৰ ৰাজনৈতিক ক্ষেত্রখনত ভালেমান উত্থান পতনৰ ঘটনা সংঘটিত হ’বলৈ আৰম্ভ কৰে ৷ ১৯৮৫ চনত ৬ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে এক আলোচনাত মিলিত হয় ৷ এই আলোচনাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী এছ বি চৱন আৰু প্রতিৰক্ষা মন্ত্ৰী  পি ভি নৰসিংহ ৰাও উপস্থিত থাকে ৷ এই আলোচনাৰ পিছদিনাই ভাৰত চৰকাৰে অসম আন্দোলনৰ নেতৃবর্গৰ সৈতে আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত লয় আৰু নেতাসকলক তেওঁলােকৰ দীর্ঘদিনীয়া সমস্যাৰাজিৰ সমাধানসূত্র উলিওৱাৰ আহ্বান জনায় ৷ ইয়াৰ পিছদিনা অর্থাৎ ৮ জানুৱাৰীত সদৌ অসম ছাত্র সন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদে স্বাধীনতা দিৱসৰ সমগ্র চৰকাৰী কার্য্যসূচী বর্জন কৰাৰ হুংকাৰ দিয়ে ৷ ১১ জানুৱাৰীত আছু আৰু গণ সংগ্রাম পৰিষদৰ সদস্যসকলে প্রস্তাৱিত আলোচনাৰ বাবে দিল্লীলৈ যোৱাটো সাময়িকভাবে বাতিল কৰে ৷ ইয়াৰ পিচতে ২৮ জানুৱাৰীত সদৌ অসম ছাত্র সন্থাৰ সভাপতি প্রফুল্ল কুমাৰ মহন্তৰ  নেতৃত্বত পাঁচজনীয়া এটা দল দিল্লী অভিমুখে ৰাওনা  হয় আৰু এই আলোচনাত বিদেশী সমস্যাৰ প্রসংগটোকে মুখ্য বিষয় হিচাপে লোৱা হয় ৷ ৩০ জানুৱাৰীত আছুৰ আন এটা পাঁচজনীয়া দল আলোচনাৰ বাবে দিল্লীত উপস্থিত হয় ৷ এই আলোচনা পুনৰ ১ ফেব্রুৱাৰীত অনুষ্ঠিত হয় ৷ আন্দোলনৰ নেতৃবৃন্দই বুজিব পাৰিছিল আলোচনা মীমাংসাৰ ফাললৈ আগবাঢ়িছে ৷ এফালে আন্দোলনৰ চােক কমি অহাৰ শংকা আৰু আনহাতে ৰাজীৱ গান্ধীৰ ঐকান্তিক প্রচেষ্টা এই দুয়ােটাকে আছুৰ নেতৃবৰ্গই  অনুধাৱন কৰিব পাৰিছিল ৷ ইতিমধ্যে বিদেশী খেদাৰ লগতে আন দুটা মূল দাবী লগ লাগিছিল ৷ প্রথমতে হিতেশ্বৰ শইকীয়াৰ চৰকাৰ বর্খাস্ত আৰু দ্বিতীয়তে আই এম ভি টি আইন প্রত্যাহাৰ ৷ ছাত্র সন্থাৰ নেতৃত্বতই বুজি উঠিছিল যে আন্দোলনৰ পৰিসমাপ্তিৰ পিচত নির্বাচন হ’ব আৰু নিজকে নির্বাচন খেলিবলৈ অধিক শক্তিৱান কৰিবৰ কাৰণে প্রথমতেই তেওঁলোকে গণ সংগ্রাম পৰিষদৰ নেতৃত্বক গুৰত্বহীন কৰি তুলিছিল ৷ গণ সংগ্রাম পৰিষদ বহুকেইটা সংগঠনৰ এক মাতৃ সংগঠন আছিল যদিও মাথো ৩-৪ জনমান নেতাই দৰাচলতে বক্তব্য ৰাখিছিল বা নিজৰ বিচাৰবুদ্ধি ব্যৱহাৰ কৰিবলৈ সুযোগ পাইছিল ৷ বাকীবােৰে মাথো নেতৃত্বৰ সােৱাদ লবলৈহে তাত আছিল ৷ ইফালে আন্দোলনৰ প্রতি সহমর্মিতা থকা তথা সমস্যাটোৰ কাৰিকৰী দিশত ব্যুৎপত্তি থকা লোকসকলক ছাত্র সন্থাৰ নেতৃবৃন্দই এৰাই চলিলে, যাতে ভৱিষ্যতে ক্ষমতাৰ ভাগ দিব নালাগে ৷

ত্রিপাক্ষিক আলোচনাৰ দলবোৰ সেই কাৰণেই ৩৫-৪০ জনীয়া হৈছিলগৈ আৰু ৩-8জনৰ বাহিৰে বাকী কোনো অংশীদাৰ নাছিল ৷ বেছিভাগেই দিল্লী চাবলৈ গৈছিল বা গৃহ মন্ত্রণালয়ৰ কার্যালয়ত ভৰি থৈ নিজকে ধন্য মানিছিল ৷ তাৰ সুযোগ আলোচনাৰ টেবুলত মন্ত্রণালয়ৰ বিষয়াসকলেও লৈছিল ৷

আলোচনাৰ দলবিলাকত কোনো আইনজীৱি নাছিল ৷ কেৱল জ্যেষ্ঠ আইনজ্ঞ কুমুদ শর্মা দোভাষী হিচাপে গৈছিল ৷ যাৰ ফলত আইনৰ মেৰপেঁচবোৰ আৱেগৰ ঢৌত উটি ভাহি থকা নেতাসকলৰ কাৰণে হৈ পৰিছিল বহুক্ষেত্রত এক মায়াজাল ৷ আলোচনাৰ টেবুলত আন্দোলনকাৰী নেতৃবৃন্দৰ মূল মানুহ আছিল ভৃগু কুমাৰ ফুকন ৷ সভাপতি প্রফুল্ল কুমাৰ মহন্তই কথা কমকৈ কৈছিল আৰু  ভৰত নৰহ আছিল প্রায়বোৰ কথাৰে জোট-পোট লগােৱাত সিদ্ধহস্ত ৷ এক ৰাজনৈতিক আলোচনা ক্রমে আইনী মেৰপাকত সোমাই পৰিছিল আৰু এক যথাযথ সমাধানসূত্রৰ সলনি আছুৰ নেতৃবৃন্দই বিচাৰিছিল সােনকালে নির্বাচন খেলাৰ সুগম আৰু সন্মানীয় পথ ৷

মার্চ মাহত অসমত আন দুটি ঐতিহাসিক ঘটনা সংঘটিত হয় ৷

৯ মার্চত পি টি চি এ ই (The Plains Tribal Council of Assam) ব্রহ্মপূত্রৰ উত্তৰ পাবে ‘উদয়াচল’ নামৰ এখন সুকীয়া ৰাজ্যৰ দাবী তোলে ৷ ইয়াৰে কেইদিনমানৰ পিচত, সদৌ অসম ছাত্র সন্থাৰ এক উলম্ব বিভাজন ঘটাৰ উপক্রম হয় ৷ ৫১ খন মহাবিদ্যালয়ৰ নির্বাচিত ছাত্র প্রতিনিধিসকলে লগ হৈ All Assam Elected Students Representations Union (AAESRU) নামৰ ছাত্র সংগঠনটোৰ জন্ম দিব বিচৰাক লৈয়ে এই বিভাজনৰ সূত্রপাত ঘটিছিল ৷ এপ্রিল মাহৰ ২ তাৰিখে লোকসভাত অসমৰ বিদেশী সমস্যাটো লৈ এক আলোচনা হয় আৰু সংসদত এই সমস্যাটো তৎকালে সমাধানৰ দাবী উঠে ৷ লোকসভাত এই দাবী উত্থাপন হোৱাৰ পিচতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী  এছ বি চৱনে আছুৰ প্রতিনিধিবর্গক জনায় যে বিদেশী সমস্যাৰ আশুসমাধান নোহোৱা পৰ্য্যন্ত  অসমত জোৰকৈ নির্বাচন অনুষ্ঠিত কৰা নহ’ব ৷ ২8 এপ্রিলত ভাৰত চৰকাৰে অসম আন্দোলনৰ নেতৃবর্গক মে’ৰ প্রথম সপ্তাহত হ’বলগীয়া এক আলোচনাৰ বাবে নিমন্ত্রণ জনায় ৷ এই আলোচনাত অসমৰ সমস্যাৰাজি সমাধানার্থে কেন্দ্র আৰু আছু নেতৃবৃন্দৰ  মাজত এক বিস্তাৰিত আলোচনা অনুষ্ঠিত হয় ৷ মে’ মাহৰ পৰা জুন মাহলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাজনো নেতাই অসমলৈ আহি আলোচনা কৰে যদিও প্রতিবাৰেই আলোচনা বিফল হয় ৷ অৱশেষত আগষ্ট মাহৰ প্রথম ভাগত আছু নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চোৰাংচোৱা বিষয়াসকলে অসমৰ সমস্যাসমুহ সমাধানৰ বাবে আন এটা প্রচেষ্টা আৰম্ভ কৰে, যাতে এক চুক্তিত উপনীত হয় পৰা যায় ৷

সেয়া কিন্তু দৰাচলতে অসম আন্দোলনৰ পৰিসমাপ্তিৰ এক সফল চুক্তি নাছিল ৷ সেয়া আছিল সদৌ অসম ছাত্র সস্থাৰ শীর্ষস্থানীয় এক অংশ নেতাৰ ক্ষমতা দখলৰ চুক্তিৰ খচৰা ৷

জুলাই মাহৰে পৰা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়ববীয়াসকলে আন্দোলনৰ নেতৃবৃন্দৰ লগত অহৰহ গোপনে আলোচনা কৰি থাকে।

১৯৮৫ চনৰ ২৪ জুলাইত পঞ্জাব সাক্ষৰিত  হোৱাৰ পিচত দেশজুৰি সমিলমিলৰ এক বাতাৱৰণ সৃষ্টি হৈছিল আৰু সকলোৱে ধৰিব পাৰিছিল যে অসম আন্দোলনো সমাপ্তিৰ পথত ৷ কেন্দ্ৰীয় চোৰাংচােৱা সংস্থাৰ বিষয়ববীয়াসকলে ছাত্র সন্থাৰ নেতৃবৃন্দৰ লগত ভিত্তি বছৰ সম্পর্কত আলোচনা চলাই গ’ল ৷ দৰাচলতে অকল সেই প্রশ্নটোতে বাৰে বাৰে আলোচনা বিফল হৈ আছিল ৷

প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে বিচাৰিলে যে পোন্ধৰ আগষ্টত লালকিল্লাত তেওঁ অসম চুক্তিৰ কথা ঘোষণা কৰিব বিচাৰে । সেই কাৰণেই  ৯ আগষ্টৰ দিনা প্রফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত এটা সৰু দল নতুন দিল্লীলৈ আলোচনাৰ কাৰণে গ’ল ৷ লগত দােভাষী কুমুদ শর্মা ৷ কেন্দ্ৰীয় মন্ত্ৰী সভাৰ দুই সদস্য জগদীশ টাইটলাৰ আৰু ৰাজেশ পাইলটৰ নেতৃত্বত কেন্দ্ৰীয় চােৰাংচোৱা সংস্থা আৰু আন্দোলনৰ নেতৃবৃন্দৰ  গোপনে আলোচনা আগবাঢ়িল আৰু সেই দলটোৰ লগত মোটামুটিভাৱে খচৰা অসম চুক্তিৰ মীমাংসা হৈ গ’ল ৷ সেই মীমাংসা মতে যি তিনিটা মূল সিদ্ধান্ত হ’ল সেইসমূহ হৈছে—

( ১) ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ  হ’ব ৷

(২) অসমত নতুনকৈ নির্বাচন হ’ব আৰু হিতেশ্বৰ শইকীয়া চৰকাৰক বর্খাস্ত কৰা হ’ব ৷

(3) আই এম ডি টি আইন অসমত থাকিব ৷

এই তিনিটা হ'ল মূল অলিখিত সিদ্ধান্ত, যাক পৰৱর্তী পর্যায়ত বেলেগ বেলেগ ভাষাৰে সজােৱা হ’ল আৰু লগতে গাঠি দিয়া হয় অসমলৈ কিছু অর্থনৈতিক প্রস্তাৱ  ৷

এই সিদ্ধান্ত গোপনে কিয় ল’ব লগা হ'ল বা কিয় ১৯৭১ মানি লোৱা হ'ল তাৰ ভিতৰুৱা উত্তৰ আজিলৈকে কোনেও নাপালে যদিও সত্য এয়ে আছিল যে আন্দোলনৰ নেতৃবৃন্দই অসম শাসন কৰিবলৈ ব্যাকুল হৈ পৰিছিল ৷

এই  সিদ্ধান্তখিনিক আনুষ্ঠানিকতা দিবৰ কাৰণে বিশদ আৰু বহুল আলোচনাৰ নামত সদৌ অসম ছাত্র সন্থা  আৰু সদৌ অসম গণ সংগ্রাম পৰিষদৰ কাৰ্য্যবাহী সমূহ সদস্যকে ১৩ আগষ্টৰ দিনা ততাতৈয়াকৈ দিল্লীলৈ মাতি পঠিওৱা হ’ল ৷

সকলোকে ১৪ তাৰিখে পুৱা পাঁচ বজাত বৰঝাৰ বিমানবন্দৰত লগ পাবৰ কাৰণে কোৱা হ’ল ৷ ছাত্র সন্থা, অসম সাহিত্য সভা, অসম যুৱক সমাজ, যুৱ ছাত্র পৰিষদ, পি এল পি সকলাে খিনি মুঠ ১৮জন আৰু লগত কেন্দ্ৰীয় চোৰাংচােৱা বিষয়া পদ্মনাভন আৰু অসমৰ মুখ্য সচিব শ্ৰীমতী পি পি ত্রিবেদী, আৰু অসম সাহিত্য সভাৰ হৈ হিৰণ্য কুমাৰ ভট্টাচার্য ।

এই দলটোৱে বৰঝাৰ বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে উৰা মাৰিছিল ৷ ভাৰতীয় বায়ুসেনাৰ বিমানখনে নতুন দিল্লী পাওঁতে প্রায় আবেলি ৫ মান বাজে ৷ সকলোকে সীমা সুৰক্ষা দলৰ অতিথিশালালৈ লৈ অনা হৈছিল তাতেই গোটেই দলটো আগতে যােৱা দলটোৰ অপেক্ষাত নিশা ১১ বজালৈ বহি আছিল ৷ প্রফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত যােৱা দলটো দিনটো ধৰি খচৰা চুক্তিখনক লৈ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়ববীয়াসকলৰ লগত আলোচনাত ব্যস্ত আছিল ৷ এই দলটোত আছিল ফুকন আৰু  মহন্তৰ  বাহিৰেও নগেন শর্মা, ললিত ৰাজখোৱা, বিৰাজ কুমাৰ শর্মা আৰু কুমুদ নাথ শর্মা ৷ ১৯৮৫ চনৰ ১৪ আগষ্টৰ আবেলি আন্দোলনৰ নেতৃবৰ্গৰ পাঁচজনীয়া প্রতিনিধি দল এটাই প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত প্রধানমন্ত্রীৰ ওচৰ চাপে আৰু আবেলি তেওঁলোকে প্রধানমন্ত্রীৰ সৈতে আলোচনাত বহে ৷ ইয়াৰ আগতে নেতৃবর্গই গৃহ মত্রী এছ বি চৱনৰ লগতাে এক আলোচনাত মিলিত হৈছিল আৰু  চৱনৰ পৰামৰ্শমৰ্মে প্রধানমন্ত্রীক এই পাঁচজনীয়া দলটোৱে আলোচনাত অংশগ্রহণ কৰাৰ বাবে অনুৰোধ কৰে৷ আলোচনাৰ শেষত আন্দোলনৰ নেতৃবৰ্গই  গৃহ সচিব আৰ ডি প্রধানৰ লগত এক দীঘলীয়া আলোচনাত বহে ৷ সেইদিনা সন্ধিয়া আলোচনাত নেতৃবৰ্গই প্রধানমন্ত্রী আৰু গৃহ মন্ত্ৰীৰ  লগত একেলগে এবাৰ আলোচনাত বহে ৷ সেই আলোচনাত বিদেশী নাগৰিকৰ ক্ষেত্রত দুটা সিদ্ধান্তত একমত প্রকাশ কৰা হয়—

 ( ১) ১৯৬৬ চনৰ ১ জানুৱাৰী আৰু ১ ৯৭১ চনৰ ২৪ মার্চৰ ভিতৰত অসমত প্রবেশ কৰা বিদেশী নাগৰিকসকলৰ ১০ বছৰলৈ ভোটাধিকাৰ ৰহিত থাকিব।

(২) ১৯৭১ চনৰ ২৫ মার্চকে ধৰি তাৰ পিচত অবৈধভাবে প্রবেশ কৰা সকলাে বিদেশী নাগৰিকক ৰাজ্যখনৰ পৰা বহিষ্কাৰ কৰা হ’ব ৷ লগতে ১৯৮৩ৰ নির্বাচিত চৰকাৰ অবৈধ বুলি বর্খাস্ত  কৰা তথা নবেম্বৰ মাহত ৰাজ্য বিধানসভা আৰু লোকসভাৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সন্মতি আদায় কৰা হয় ৷ ১৯৭১ চনৰ ভোটাৰ তালিকাৰ ব্যৱহাৰ কৰা হ’ব যদিও চুক্তি অনুসৰি ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পিচত প্রবেশ কৰা লোকসকলৰ  নাম ভোটাৰৰ তালিকাৰ পৰা বাদ দিয়া হব আৰু তেও'লোকৰ বাবে ‘D’ অর্থাৎ dropped লিখা হ'ব। তাৰ পিচতে তেওঁলোকে নিশা চাৰে ১১ বজাত বি এছ এফৰ অতিথিশালাত মূল দলটোৰ লগত খচৰা চুক্তিখনৰ আলোচনা কৰিবলৈ আহিছিল ৷ বেছিভাগৰে চুক্তিখনত অসন্মতি থাকিলেও ‘বেষ্ট আইডিয়েল’ আৰু ‘বেষ্ট এচিভেবল’ শীর্ষক দুটা পৰিস্থিতি বিবেচনা কৰি সন্মতি দিলে ৷ কিছুমান বাক্য সলনি কৰিব বিচৰা হৈছিল যদিও কুমুদ নাথ শৰ্মাই জনালে যে খচৰাৰ কোনো বাক্য বদলাব পৰা নাযাব ৷ ভৃগু কুমাৰ ফুকনেও ইতিমধ্যে জনাই দিছিল যে দলটোৰ কাৰোবাৰ আপত্তি থাকিলেও মানি লোৱা নহ’ব আৰু খচৰা চুক্তিয়েই মূল চুক্তি হ’ব ৷ ইয়াৰ পিচত নিশা ১২ বজাত আগতীয়া দলটো খচৰা চুক্তিক লৈ প্রধানমন্ত্রীৰ কার্যালয়লৈ যায়গৈ আৰু বাকীসকলক লোডী হোটেললৈ অহা হ'ল ৷ তাৰ পৰা ততাতৈয়াকৈ অলপ সময়ৰ পিচতে গোটেই দলটোকে প্রধানমন্ত্রীৰ কার্যালয়লৈ লৈ যােৱা হ'ল। লয়ার্ছ ফ’ৰামৰ হেম শর্মা, পি এল পিৰ পবীন্দ্র ডেকা আৰু জনজাতি যুৱ-ছাত্র পৰিষদৰ প্রসন্ন কোঁৱৰ কিন্তু প্ৰতিবাদ কৰি প্রধানমন্ত্রীৰ কার্যালয়লৈ নগ’ল ৷ নিশা এক বাজি পােন্ধৰ মিনিটত অসম চুক্তি চহী কৰা হ'ল ৷ প্রধানমন্ত্রীৰ সন্মুখত সদৌ অসম ছাত্র সন্থাৰ হৈ প্রফুল্প কুমাৰ মহন্ত আৰু ভৃণ্ড কুমাৰ ফুকন আৰু সদৌ অসম গণ সংগ্রাম পৰিষদৰ হৈ বিৰাজ শৰ্মাই  চহী কৰে ৷ গৃহ দপ্তৰৰ সচিব আৰ ডি প্রধান আৰু অসমৰ মুখ্য সচিব শ্ৰীমতী পি পি ত্রিবেদীয়েও চুক্তিখনতস্বা ক্ষৰ কৰে ৷ পৰৱর্তী দশককেইটাত অসমৰ জাতীয় জীৱনৰ মূল কেন্দ্রবিন্দু হৈ পৰা এই চুক্তিখনৰ সবিশেষ পাঠ ( text ) তলত উল্লেখ কৰা হ'ল-

……

অসম চুক্তি, ১৯৮৫

সমাধানৰ স্মাৰকপত্র

 ( ১) অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ সন্তোষজনক সমাধান এটা   বিচাৰি চৰকাৰ অনবৰত অতিশয় উদ্বিগ্ন হৈ আছিল ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদে এনে এটা সমাধানৰ বাবে ব্যগ্রতা প্রকাশ কৰিছে ৷

(২) স্বর্গীয় প্রধানমন্ত্রী শ্ৰীমতী ইন্দিৰা  গান্ধীক ১৯৮০ চনৰ ২ ফেব্ৰুৱাৰীত  দিয়া স্মাৰকপত্রৰ যোগেদি সদৌ অসম ছাত্ৰ সন্থাই  অসমত হৈ থকা বিদেশী নাগবিকসকলৰ প্ৰব্রজনৰ বিষয়ে গভীৰ সংশয় কৰি ই ৰাজ্যখনৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু অর্থনেতিক জীৱনত কু-প্রভাৱ পেলাব বুলি ভয় প্রকাশ কৰিছিল ৷

(৩) অসমৰ জনসাধাৰণৰ প্রকৃত সংশয়ৰ প্রতি সজাগ হৈ তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ সৈতে আলোচনা আৰম্ভ কৰে ৷ পৰৱর্তী কালত ১৯৮০-৮৩ৰ কালছোৱাত প্রধানমন্ত্রী আৰু গৃহ মন্ত্ৰীৰ (মন্ত্রণালয়) পর্যায়ত আলোচনা চলে। ১৯৮৪ত কেইবালানি অনানুষ্ঠানিক আলোচনা চলে ৷ ১৯৮৫ৰ মার্চত আনুষ্ঠানিক আলোচনা পুনৰ অনুষ্ঠিত হয় ৷

( ৪ ) সাংবিধানিক আৰু আইনগত ব্যৱস্থা, আন্তঃৰাষ্ট্ৰীয় চুক্তি, ৰাস্ত্ৰীয় প্রতিশ্রুতি আৰু মানৱীয় বিবেচনাকে ধৰি আটাইবােৰ দিশ সামৰি তলত দিয়া ধৰণে আগবাঢিবলৈ সিদ্ধান্ত কৰা হৈছে।

 বিদেশী সমস্যাঃ

( ৫:১ ) বিদেশীসকলৰ চিনাক্তকৰণ আৰু নাম বাতিলৰ যাবে ভিত্তি তাৰিখ আৰু চন হ’ব-  ১-১-১ ৯৬৬ ৷

( ৫:২) ১ ৯৬৭ৰ নির্বাচনত ব্যৱহৃত ভোটাৰ তালিকাত থকা নামকে ধৰি ১-১-১৯৬৬ৰ আগতে অসমলৈ অহা লোকৰ নাম নিয়মিতকৰণ হ’ব ৷

(৫:৩) ১-১-১৯৬৬ৰ পৰা ১ ৯৭১ৰ ২8 মাৰ্চলৈকে (অন্তর্ভূক্ত কৰি) অসমলৈ অহা বিদেশীসকলক ১৯৪৬ চনৰ বিদেশী আইন আৰু ১৯৬৪ চনৰ বিদেশী (ন্যায়াধিকৰণ) আদেশৰ ব্যৱস্থা অনুসৰি চিনাক্ত কৰা হ'ব ৷

( ৫:৪ ) চিনাক্ত হোৱা বিদেশীসকলৰ নাম চলিত ভোটাৰ তালিকাৰ পৰা বাতিল কৰা হ'ব ৷ চিনাক্ত হোৱা লোকসকলে ১৯৩৯ চনৰ বিদেশী পঞ্জীবন্ধন আইনৰ আৰু ১৯৩৯ ৰ বিদেশী পঞ্জীবন্ধন আইনৰ আৰু ১৯৩৯ চনৰ বিদেশী পঞ্জীবন্ধন নিয়মৰ ব্যৱস্থা অনুসৰি সংশ্লিষ্ট জিলাৰ পঞ্জীবন্ধন বিষয়াৰ ওচৰত পঞ্জীবদ্ধ হােৱাৰ আৱশ্যক হ'ব।

(৫:৫ ) ভাৰত চৰকাৰে এই উদ্দেশ্যে চৰকাৰী যন্ত্ৰৰ যথোচিত শক্তিশালীকৰণৰ ব্যৱস্থা ল’ব ৷

(৫:৬) চিনাক্ত হোৱাৰ পৰা দহ ব ছৰ পাৰ হোৱাৰ পিচত ভোটাৰ তালিকাৰৰ পৰা বাতিল হোৱা এনে লােকৰ নাম পুনর্লিখন কৰা হ’ব ৷

 (৫:৭) আগতে বহিষ্কৃত হোৱা যিসকল লোক অসমত অবৈধভাবে সোমাইছে তেওঁলােকক বহিষ্কাৰ কৰা হ’ব ৷

(৫:৮) ১৯৭১ চনৰ ২৫ মার্চৰ পিচত অসমত সোমােৱা বিদেশীসকলক আইন অনুসৰি চিনাক্ত কৰা হ’ব ৷ (ভোটাৰ তালিকাৰ পৰা) নাম বাতিল কৰা হ’ব আৰু বহিষ্কৃত কৰা হ’ব ৷ এনে বিদেশীসকলক বহিষ্কাৰ কৰিবলৈ ততাতৈয়া আৰু কার্যকৰী ব্যৱস্থা লোৱা হ’ব ৷

(৫:৯ ) ১৯৮৩ চনৰ অবৈধ প্রব্রজনকাৰী (ন্যায়াধিকৰণৰ দ্বাৰা নিৰ্ণিত) আইন … প্রয়োগৰ ক্ষেত্রত সঃ আঃ ছাং সঃ/সঃ অ গঃ সঃ পঃএ প্রকাশ কৰা কিছুমান অসুবিধাৰ প্রতি চৰকাৰে যথোপযুক্ত বিবেচনা কৰিব ৷

ৰক্ষা কৱচ আৰু অর্থনৈতিক বিকাশঃ

 (৬) অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰু প্রশাসনীয় ৰক্ষাকৱচ দিয়া হ’ব ৷

 (৭) জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উংকর্ষ সাধনৰ বাবে অসমৰ তৎকালীন সামগ্রিক অর্থনৈতিক উন্নয়নৰ কাৰণে প্রতিশ্রুতিৰ নবীকৰণৰ সুবিধা চৰকাৰে এই সুযোগতে গ্রহণ কৰে ৷ ৰাষ্ট্ৰীয় প্রতিষ্ঠান স্থাপনৰ যােগেদি শিক্ষা, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাত বিশেষ জোৰ দিয়া হ’ব ৷

আন আন বিষয়সমূহঃ

(৮:১ ) ভৱিষ্যতে কেৱল কেন্দ্ৰীয় চৰকাৰৰ কর্তৃপক্ষৰ দ্বাৰাইহে নাগৰিকত্বৰ প্ৰমাণপত্র দিয়াবলৈ চৰকাৰে ব্যৱস্থা কৰিব ৷

(৮:২) ভাৰতীয় নাগৰিকত্ব প্ৰমাণপত্রৰ  অনিয়ম প্রদান সম্পর্কে সঃ অঃ ছাঃ সঃ/সঃ অঃ গঃ সঃ পঃএ কৰা সুনির্দিষ্ট আপত্তিবােৰ বিবেচনা কৰা হ’ব ৷

 ৯:১ ) যথাস্থানত দেৱাল, কাইটীয়া তাঁৰৰ জেওৰা আৰু আন ধৰণৰ প্রতিবন্ধক নির্মাণ কৰি ভৱিষ্যৎ অনুপ্রৱেশৰ বিৰুদ্ধে আন্তঃৰাস্ত্ৰীয় সীমান্ত নিৰাপদ কৰা হ'ব ৷ আন্তঃৰাষ্টীয় সীমান্তৰ স্থলপথ আৰু নদীপথৰ সকলােতে সীমান্ত নিৰাপত্তা বাহিনীৰ পহৰাদান যথোচিতভাৱে বৃদ্ধি কৰা হ'ব নিৰাপত্তা ব্যৱস্থা শক্তিশালীকৰণ আৰু ভৱিষ্যৎ অনুপ্রৱেশত সফল বাধা দানৰ উদ্দেশ্যে যথেষ্ট সংখ্যক তালাচী চকী স্থাপন কৰা হ’ব ৷

( ৯:২) ওপৰত উল্লিখিত ব্যৱস্থাবােৰৰ বাহিৰে আৰু নিৰাপত্তাৰ বিবেচনা আগত ৰাখি নিৰাপত্তা বাহিনীয়ে পহৰাদান কৰাৰ সুবিধা হোৱাকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষে কাষে এটা ৰাস্তা নির্মাণ কৰা হ'ব। সীমান্ত আৰু ৰাস্তাৰ মাজৰ ঠাইখিনি, য’তেই সম্ভৱপৰ, জনবসতিশূন্য কৰি ৰখা হ’ব ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নদী পথেদি পহৰাদান বৃদ্ধি কৰা হ'ব। অনুপ্রৱেশকাৰীয়ে সীমান্ত পাৰ হোৱা বা পাৰ হ’বলৈ চেষ্টা কৰোতে বাধা দিবলৈ সকলাে ধৰণৰ কার্যকৰী ব্যৱস্থা লোৱা হ’ব ৷

(১০) চৰকাৰী মাটি আৰু জনজাতীয় বেষ্টনী আৰু খণ্ডত বেদখল কৰোতে বাধা দিবলৈ থকা সংশ্লিষ্ট আইনবােৰ কটকটীয়াকৈ প্রয়োগ কৰা আৰু আইনৰ ব্যৱস্থা অনুযায়ী বেদখলকাৰীক উচ্ছেদ কৰাৰ নিশ্চয়তা দিয়া হ'ব।

(১১ ) অসমত বিদেশীসকলৰ স্থাৱৰ সম্পত্তি আহৰণ নিয়ন্ত্রণ কৰা সংশ্লিষ্ট আইনবােৰ কটকটীয়াকৈ কার্যকৰী কৰাৰ নিশ্চয়তা দিয়া হ’ব ৷

(১২) জন্ম আৰু মৃত্যুৰ পঞ্জী যথাযথভাৱে তৈয়াৰ কৰাৰ নিশ্চয়তা দিয়া হয় ৷

স্বাভাৱিক অৱস্থা ঘূৰাই অনাঃ

( ১৩) সদৌ অসম ছাত্র সন্থা (সঃ তাঃ ছাঃ সঃ ) আৰু সদৌ অসম গণ সংগ্রাম পৰিষদে (সঃ অঃ গঃ সঃ পঃ ) আন্দোলন প্রত্যাহাৰ কৰিব, সম্পূর্ণ সহযোগিতা আগবঢ়াব আৰু দেশৰ উন্নয়নত আত্মনিয়োগ কৰিব ৷

( ১8 ) যদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সন্মত হয়—
(ক) আন্দোলনৰ সংক্রান্তত কর্মচাৰীসকলৰ বিৰুদ্ধে গ্রহণ কৰা অনুশাসনমূলক কার্য্যব্যৱস্থা সহানুভূতি সহকাৰে পুনৰীক্ষণ কৰিব আৰু এনে গোচৰবােৰ উঠাই ল’ব তথা কোনো প্রকাৰৰ শাস্তিমূলক ব্যৱস্থা লোৱা নহব।

(খ) আন্দোলনত মৃত্যু হোৱা লোকসকলৰ ওচৰ সম্পৰ্কীয় লোকক এককালীন সাহায্য দিবৰ বাবে এখন আঁচনি কৰিব।

(গ) অসম আন্দোলন সংক্রান্তত সৃষ্টি হোৱা ব্যতিত্রুমমূলক পৰিস্থিতিৰ বাবে অসমৰ লোকসেৱাত নিয়ােগৰ কাৰণে শিক্ষামূলক আৰু প্রতিযোগিতামূলক পৰীক্ষা আদি পাতোতে বয়সৰ উর্ধ্বসীমা ৰেহাই দিবৰ কৰেণে আগবঢ়োৱা প্রস্তাৱৰ প্ৰতি সহানুভুতিসূচক বিবেচনা কৰিব ৷

(ঘ) আটকবন্দীৰ গোচৰ যদি আছে সেইবােৰ তথা জঘন্য অপৰাধত অভিযুক্তসকলৰ বাহিৰে আন্দোলন সংক্রান্ত অপৰাধৰ গোচৰবোৰ পুনৰীক্ষণ কৰিব ৷

(ঙ) প্রতিষেধমূলক নির্দেশ বলবৎ হৈ জাননী যদি আছে উঠাই লোৱাৰ বাবে বিবেচনা কৰিব ৷

( ১৫) উক্ত সিদ্ধান্তবােৰ কার্য্যকৰী কৰাৰ ক্ষেত্রত গৃহ পৰিক্রমা মন্ত্রণালয় হ’ব ন’ডেল মন্ত্রণালয় (Nodal Ministry) ৷

লগতে ভাৰত চৰকাৰৰ গৃহ সচিব আৰ ডি প্রধানে তলত দিয়া বিষয়সমূহ সন্নিৱিষ্ট কৰে-

1) শুদ্ধ ভোটাৰ  তালিকা প্রস্তুতিৰ নিশ্চয়তা দিবলৈ নির্বাচন আয়ােগক
অনুৰোধ কৰা হ'ব।

2)নির্বাচনী নিয়মমতে সংগত হ’লে দাবী আৰু আপত্তি দাখিলৰ সময় 30 দিন বঢ়াই দিয়া হ'ব।

 ৩) কেন্দ্ৰীয় পর্যবেক্ষক পঠাবলৈ নির্বাচন আয়ােগক অনুৰোধ কৰা হ'ব।

 অসমত তেল শোধনাগাৰ স্থাপন কৰা হ ’ব ৷
 কেন্দ্ৰীয় চৰকাৰে- অশোক কাগজ কল, মৰাপাট কল, আৰু  অসমত আই আই টি স্থাপন কৰিব ৷

সদৌ অসম ছাত্র সন্থাৰ তিনি-চাৰিজন নেতাৰ বাহিৰে সকলোৱে ধৰিব পাৰিছিল  যে এইখন বিজয়ৰ অসম চুক্তি নাছিল, বৰঞ্চ সেইখন আছিল প্রৱঞ্চনাৰ দলিল ৷ ভাৰত চৰকাৰে ১৯৬৬ চনৰ সময়সীমা দিয়াৰ পিচত আকৌ ১৯৭১ চনতে গোঁজপুতি লোৱাত এই কথা প্রতিপন্ন হৈছিল ৷ ইয়াৰ বাহিৰেও এই চুক্তিৰ দ্বাৰা আই এম ভি টি আইনখন মানি লােৱা হ’ল ৷

অসম চুক্তি কৰিবলৈ এক বিয়াগােম দল এটা গৈছিল  যদিও আছুৰ  চাৰি পাঁচজনমানেহেহে আলোচনা কৰিছিল আৰু সেই ১8 আগষ্টৰ নাটকীয়  ঘণ্টাবােৰত আলােচনাকাৰী দলটোৰ বেছিভাগেই ধৰিব পৰা নাছিল আলোচনাৰ টেবুলত কি হৈ আছে ৷

অসম চুক্তিৰ বিৰোধিতা  সকলোতকৈ প্রথমে কৰিছিল আলোচনাৰ দলতে থকা পূর্বাঞ্চলীয় লোক পৰিষদৰ নেতা পবীন্দ্র ডেকা আৰু থানেশ্বৰ বড়ােৱে ৷ ১৬ আগষ্টৰ দিনা তেওঁলোকে প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে নিজৰ স্থিতি প্রকাশ কৰিছিল আৰু আলোচনাৰ মূল দলক দিল্লীত এৰি থৈ গুৱাহাটী অভিমুখী ৰে’লত উঠিছিল ৷ সেইখিনি সময়ত আন্দোলনৰ ইমান দুৰৱস্থা হৈছিলগৈ যে আছুৰ নেতৃত্বই যিকােনাে প্রকাৰে চুক্তিত চহী কৰিবৰ কাৰণে ব্যাকুল হৈ পৰিছিল ৷

কিন্তু আছুৰ নেতৃবৃন্দই গুৱাহাটীলৈ ঘূৰি আহি অসমবাসীৰ সন্মুখীন  হ’বলৈ সাহস কৰিব পৰা নাছিল ৷ অৱশেষত ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ নেতৃত্বত সদৌ গুৱাহাটী ছাত্র সন্থাই  ২১ আগষ্টৰ দিনা দিয়া ৰাজহুৱা অভিনন্দনৰ যােগেৰেহে অসম চুক্তিৰ  পিনে জনসমর্থন ঘুৰাবলৈ সক্ষম হয় ৷

কিন্তু সাধাৰণ মানুহে নুবুজিলেও বিজ্ঞ মহলে বুজিছিল যে এইখন চুক্তিৰ কাৰণে ৮৫৫জন শ্বহীদে ছটা বছৰত নিজৰ জীৱন  ত্যাগ কৰা নাছিল ৷

অসম চুক্তিখনক সবাতোকৈ প্রথমে নাকচ কৰিলে পূর্বাঞ্চলীয় লোক পৰিষদে ৷

চুক্তিখনৰ ওপৰত ছাত্র সন্থাৰ  যিটো ক্ষুদ্র দলে গণ সংগ্রাম পৰিষদৰ বিৰাজ শর্মাক লৈ আগতীয়াকৈ দিল্লীলৈ গৈছিল  তেওঁলোকেহে খৰচী মাৰি আলোচনা কৰিব পাৰিছিল ৷ বি এছ এফ কেন্টিনত যিখন যুটীয়া বৈঠক বহিছিল সেইখন আনুষ্ঠানিক বৈঠক হোৱা নাছিল আৰু সদস্যসকলেও অভিমত দিয়াৰ প্রকৃত সুযোগ পোৱা নাছিল ৷

ইতিমধ্যে প্রস্তুত কৰি লোৱা খচৰা চুক্তিখনৰ সন্দর্ভতহে যে আলোচনা হৈছিল তাক মাথো ক্ষুদ্র দলটোৱেহে জানিছিল ৷ তাৎপর্যপূর্ণ কথাটো হ'ল এই আলোচনাত আই এম ডি টি সম্পর্কে কােনোধৰণৰ আলোচনা হোৱা নাছিল ৷

হিতেশ্বৰ শইকীয়াৰ অপসাৰণ আৰু নির্বাচনৰ জৰিয়তে চৰকাৰত অধিষ্ঠিত হোৰাৰ আকাংক্ষা লৈ তেওঁলোকে ২০ আগষ্টলে নতুন দিল্লীতে থাকিল ৷ পৰৱর্তী চৰকাৰ গঠনৰ ব্লুপ্ৰিণ্ট মোটামুটিভাৱে সেইখিনি সময়তে ৰচনা কৰা হ’ল ৷ ২১ আগষ্টত তেওঁলােক গুৱাহাটী পালেহি ৷ ছবছৰীয়া আন্দোলনৰ সফল সমাপ্তিৰ আনন্দত হাজাৰ হাজাৰ জনতাই দলটোক উষ্ম অভিনন্দন জনাই বৰঝাৰ বিমান বন্দৰৰ পৰা আদৰি আনিলে ৷

অসম চুক্তিৰ জৰিয়তে ঐতিহাসিক আন্দোলনৰ সমাপ্তি ঘটিল ৷ আৰম্ভ হ'ল অসমৰ আঞ্চলিক ৰাজনীতিৰ এক নতুন পৰিক্রমা ৷
সম্পূৰ্ণকৈ পঢ়ক »

ৰঙা পাৰিৰ গামোচা: আমাৰ গৌৰৱ— অন্য এক চিন্তা ණ...চাও ঋতুৰাজ (চৗচেঙ ফা) ফুকন, নগাঁও


                                                  নগাঁও

ফাগুন, চ’ত মাহৰ ধুলিয়ৰিয়ে আৱৰি থকা  প্ৰাকৃতিক ব'হাগত অহা প্ৰথম জাক বৰষুণে গা ধোৱাই নিকা কৰি সজাই পৰাই ন ৰূপেৰে বসন্তক আকোঁৱালি লবলৈ প্ৰস্তুতি কৰিলে । বহাগ মানেই বসন্তৰ আগমন । প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু বহাগ। ড° ভূপেন হাজৰীকা দেৱে ৰচনা কৰা গীত ফাঁকি --
                "ব'হাগ মাথো এটি ঋতু নহয়
                    নহয় বহাগ এটি মাহ,
              অসমীয়া জাতিৰ ই আয়ুস ৰেখা
                     গন জীৱনৰ ই সাহ।।

ব'হাগ বুলি কলেই আমাৰ গা সাতখন, আঠখন কৰে। কিযে এক মিঠা আমেজ ভৰা ব'হাগ। হাবিয়ে বননিয়ে কেতেকী ফুলৰ গোন্ধে মল মলাই, কপৌ ফুলে গছ বিলাকত অনাৱিল শোভা বঢ়াই দিয়ে। ন-পানীৰ পৰশ পাই গছ লতিকাৰ লগতে ফুলনিত নানা ধৰণৰ ফুল ফুলি জাতিষ্কাৰ কৰা গোলাপ, তগৰ জোপাই প্ৰকৃতিৰ সৌন্দৰ্য্য বঢ়াই। ইয়াৰ উপৰিও গাওঁৰ জীয়ৰী বোৱাৰীয়ে হুঁচৰি ৰ ছেৱে ছেৱে  তাঁত শালত খট খটাই ৰঙা আচু সূতাৰে ভমক ভমকা ফুলৰ চানেকীৰে ফুল বাচি গামোচা যুতি লগাই  চেনেহৰ জনলৈ বুলি ।।

অসমীয়া মানুহৰ প্ৰতি  ঘৰে ঘৰে থকা তাঁত শিল্প অসমৰ অৰ্থনৈতিক জীৱনৰ এক এৰাব নোৱাৰা দিশ। বোৱা কটাত অসমীয়া শিল্পীয়ে অৰ্থাৎ শিপিনীয়ে নিজস্ব প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে। জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়া মহিলাই বোৱা কটা জনাটো অসমৰ সামাজিক জীৱনৰ গৌৰৱময় দিশ। বুৰঞ্জীত পঢ়িবলৈ পাইছিলো, অসমীয়া শিপিনীয়ে ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ বয় আৰু লগতে নাৰীয়ে কিদৰে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি পাজি বাটি, সূতা কাটি কৱচৰূপে কাপোৰ বৈ স্বামীক যুদ্ধলৈ পঠাইছিল তাৰ নিদৰ্শন পোৱা যায়। তাঁত বোৱা সজুলি, মহুৰা, ৰাঁচ, চেৰেকী, উঘা, যতৰ আদি ঘৰতে তৈয়াৰ কৰি মহিলা সকলে সৰগ ৰচনা কৰা দেখা যায়। চেনেহীয়ে চেনাইলৈ মৰমৰ দীঘেৰে, চেনেহৰ বাণীৰে ফুলাম বিহুৱান বোৱাৰ লগতে বিহুগীতটো গোৱা হয়-
             “ৰাতি দুপৰলৈ কাটি সূতালাহী
                   ধনলৈ বিহুৱান ব’লো,
               ৰঙাকৈ আঁচুৰে বাছি পানে বটা
                   টিপতে লুকুৱাই থলো”।।

অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক গামোচা  ইতিহাস বহু পুৰণি । আহোম সকল সৌমাৰত প্ৰবেশ কৰোতে বিভিন্ন ধৰণৰ বস্তু লগত আনিছিল ইয়াৰ ভিতৰত গামোচা ও অন্যতম ।। আহোম সকল য়ে ইয়াত প্ৰথম গামোচা ৰ ব্যৱহাৰ কৰিছিল তাৰ বিষয়ে অসম বুৰঞ্জীত পোৱা যায় । ইতিহাসবিদ ড° লীলা গগৈৰ মতে , "আহোম সাম্ৰাজ্যৰ পৰাই অসমত গামোচাৰ প্ৰচলন আছে ।

  গামোচা ক ব্যৱহাৰিক আৰু বাহ্যিক দিশৰ পৰা বিভিন্ন ভাগত নামাকৰণ কৰা হৈছে। উদাহৰণ স্বৰূপে:- বিহুৱান, উকা গামোচা, তিয়নী গামোচা, গোসাঁইৰ থাপনা গামোচা, অনাকটা গামোচা আৰু দৰা বৰণ গামোচা ইত্যাদি ইত্যাদি। কিন্তু বিহুৱান খন সবাতোকৈ আদৰণীয় আৰু সম্ভাষণ সূচক। বিহুৰ দিনা আপোন আৰু জ্যেষ্ঠ জনক সম্ভাষণ জনাবলৈ গামোচা খনেই শ্ৰেষ্ঠৰ শাৰীত পৰে।

অসমীয়া শিপিনীসকলৰ চানেকী গামোচাখন অসমীয়া লোক-কলাৰো এক অমূল্য সম্পদ। এই গামোচা খনত চেনেহ আছে, শ্ৰদ্ধা আছে আৰু আছে সাগৰৰ গভীৰতাৰ দৰে আন্তৰিকতা । তাৰোপৰি বিহুৰ সময়ত মৰমৰ চিনস্বৰূপে অসমীয়া গাভৰুৱে প্ৰিয়জনলৈ বুলি যতনাই ৰাখি বিহুৰ দিনা মঙ্গল কামনা কৰি সেঁৱা জনাই বিহুৱান খন যাঁচে  আৰু তাতেই সোমাই থাকে চেনাইলৈ বুলি অন্তৰৰ হিয়াভৰা মৰম, চেনেহ। বাপতি সহোন ৰঙালী বিহুটিত গামোচাৰ প্ৰয়োজনৰ কথা নকলোৱেই বা। গামোচাখন কান্ধত নাথাকিলে বিহু বিহুয়েই নালাগে। এই মৰমৰ গামোচাখনৰ কথা কৈনো কৈ থাকিলেও ওৰকে নপৰে। অসমীয়াৰ এই মৰমৰ গামোচাখনৰ মর্যাদা হানি হোৱাতো আমি সকলোৱে কেতিয়াও কামনা নকৰোঁ।

 বহুদিনৰ পৰা দেখি আহিছো যে এচাম ৰাজনীতিবিদ, মন্ত্ৰী-বিধায়ক, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াই আমাৰ চেনেহৰ গামোচাখনক নিজ নিজ কার্যালয়ত নিজৰ চকীখনত পাৰি আওজিবলৈ ব্যৱহাৰ কৰি আহিছে এনেকৈ গামোচাখনত আওজি কার্যালয়ত কাম কৰা কাৰ্যটোৱে গামোচাখনক অপমান কৰাই নহয় ই অসমীয়া সংস্কৃতিকো বুঢ়া আঙুলি প্ৰদৰ্শন কৰাৰ লেখিয়া হৈছে । যিখন গামোচা আমি অসমীয়াই বিভিন্ন সময়ত বিহুয়ে সংক্ৰান্তিয়ে ডাঙৰক সেৱা কৰি বিহুৰ দিনা যাঁচো, যিখন গামোচা গোঁসাইঘৰত শৰাই, থাপনা, আদি পাতিবলৈ ব্যৱহাৰ কৰো, যিখন গামোচা হুঁচৰি দলক সেঁৱা জনাবলৈ বঁটা বা সফুৰাৰ ওপৰত দিবলৈ ব্যৱহাৰ কৰো, যিখন গামোচাক আমি বিবাহৰ দিনা তামোলৰ ঠোকৰ ওপৰত দি আলহী-অতিথিক আদৰিবলৈ ব্যৱহাৰ কৰি আহিছো, সেই একেখন গামোচা আন কোনোবাই বহি আওজিবলৈ ব্যৱহাৰ কৰিব,এই কথাটো একেবাৰে সহ্য নহয় । এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ ।

অসমীয়া জাতিৰ গামোচাখন যে কেৱল অসমীয়াই ব্যৱহাৰ কৰে এনে নহয় অনা অসমীয়াইও ইয়াক আগ্ৰহেৰে গ্ৰহণ কৰে। অতীজৰে পৰা গামোচাখন ব্যৱসায় দিশত লাভৱান যদিও বাহিৰৰ পৰা বহিৰাগত ব্যৱসায়ী সকলে গামোচাখন বিকৃত কৰি ঠেক চুটি হিচাবে তৈয়াৰ কৰি আন্তৰাষ্ট্ৰীয় বজাৰৰ দখলত প্ৰাচীৰ হৈ থিয় দিছে। অলপতে খবৰ উলাইছিল যে গামোচা বাহিৰৰ পৰা অহাটো বন্ধ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিচতো কাৰ্য্য ক্ষেত্ৰতো হোৱা হ’লে অসমৰ শিপিনীৰ বাবে সু-খবৰ হ’লহেতেন। কিন্তু অসমৰ এই বস্ত্ৰ শিল্পক জীয়াই ৰাখিবলৈ চৰকাৰ, জনগণ সকলোৰে সহযোগিতাৰ প্ৰয়োজন নহলে এই সম্পদো বিলুপ্তি হ’বলৈ বেছিদিন নালাগিব ।।
সম্পূৰ্ণকৈ পঢ়ক »

আহোম প্ৰশাসন ব্যৱস্থাৰ অন্যতম বিশ্বস্ত চাওডাঙ সকল— এটি চমু আলোচনাණ...চাও পলাশজ্যোতি গগৈ



   চাওডাঙ সকল চাওফাসকলৰ অতি বিশ্বাসী অনুগত ৰাজভক্ত আছিল । যিকোনো ৰাজ আজ্ঞাকে নিৰ্বিবাদে পালন কৰিছিল । কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে আধুনিক সময়ত নাটক , উপন্যাস আদিত চাওডাঙ সকলক চকুকঢ়া , ঘিলা কঢ়া , পিঙত দিয়া আদি নিষ্ঠুৰ শ্ৰেণীৰ লোক হিচাপে চিহ্নিত কৰিছে । নাটক আদিত দেখুৱাবলৈ বিচৰা হয় যে এওঁলোকৰ হত্যা কৰা আৰু যান্ত্ৰণা দিয়াটোৱেই যেন একমাত্ৰ চখ । এইটো কেতিয়াও সত্য হব নোৱাৰে । চাওডাঙ সকল ৰাজআজ্ঞা পালনকাৰী একশ্ৰেণীৰ সৈনিকহে । মোগল বুৰঞ্জীবিদ মহম্মদ টালিচৰ টোকাৰ পৰা পোৱা চাওডাঙ সকলৰ বিষয়ে এইদৰে পোৱা যায় ' ছয় সাত হাজাৰ অসমীয়াই শাসকৰ বাসস্থান আৰু শোৱা কোঠা সদায় পৰ দিছিল , এওঁলোককে চাওডাঙ বোলা হৈছিল । এওঁলোক অতি ৰাজভক্ত আৰু চাওফাসকলৰ বিশ্বাসী আছিল । ৰাজ আজ্ঞা এওঁলোকে কাৰ্য্যকৰী কৰিছিল । '
আহোমৰ প্ৰত্যকটো খেলৰ শীৰ্ষত একোজন ফুকন , ৰাজখোৱা বা গোঁহাই থাকে । আৰু একেবাৰে তলৰ বিষয়াজন বড়া । কিন্তু চাওডাঙ খেলৰ মূল বিষয়াজন বৰুৱা আৰু শেষৰ বিষয়াজন বৰা । এইজন চাওডাঙ বৰুৱাৰ তলত ১২০০০ চাওডাঙ আছিল । এইসকলে ৰজাৰ কাৰেং  , শোৱনি কোঠা , কুৱৰীটোল , লিগিৰিটোল , হাতীশাল , নাওশাল , আদিৰ লগতে নগৰৰ ভিতৰত থকা ডা - ডাঙৰীয়াসকলৰ হাউলীতো পৰ দিছিল । ইয়াৰ লগতে নগৰৰ ভিতৰলৈ অহা দুৱাৰকেইখনৰো ৰখীয়া দায়িত্বত পালন কৰিছিল । তাৰোপৰি চাওফাসকল বাহিৰলৈ গ'লে লগত যোৱা চাবুক ধৰা , হেঙদান ধৰা , দা ধৰা , টাঙোন ধৰা আদি লোক সকলো চাওডাঙ খেলৰ লোক । ৰাজ'চৰাটো চাওফাৰ কাষতে , চাওডাঙ চৰা আছিল , য'ত ৰাজআজ্ঞা শুনিবৰ বাবে চাওডাঙ বৰুৱা , হাজৰিকা ,শইকীয়া , বৰা আদি বিষয়া উপস্থিত আছিল । বিভিন্ন গোষ্ঠীৰ লোকক সামৰিও চাওডাঙ খেল  গঠন কৰা হৈছিল । কিন্তু এই খেল বিলাক আঞ্চলিক শাসনকৰ্তাসকলৰ তত্বাৱধানত গঠিত হৈছিল আৰু আঞ্চলিক চাহিদা পূৰণ কৰিছিল । কেন্দ্ৰীয় ব্যৱস্থাৰ লগত সম্পৰ্কহীন আছিল । এইসকল চাওডাঙ ৰ মূল বিষয়াজন আছিল হাজৰিকা । এওঁলোকক দাঁতিয়লীয়া শাসকৰ লগতে অন্যান্য বিষয়াই স্থানীয়ভাবে নিয়োগ কৰিছিল আৰু কাৰেং বা মূল শাসকৰ লগত সম্পৰ্কৰহিত আছিল । ( সহায়ক গ্ৰন্হ : চাওডাঙ নগেন কুমাৰ বৰুৱাৰ ' ছাওলুঙ ছ্যুকাফা জীৱন কৰ্ম কীৰ্তি আৰু পৰম্পৰা ' )
সম্পূৰ্ণকৈ পঢ়ক »

মিছিং জনগোষ্ঠীৰ কেইবিধমান সাজপাৰ ණ...মনতৃষ্ণা পেগু, কোলাজান, ধেমাজী



অসম বিভিন্ন জাতি জনজাতিৰ মিলনভূমি। প্রাগ ঐতিহাসিক কালৰে পৰা অসমৰ সেউজভূমিলৈ বিভিন্ন জাতি জনজাতিৰ আগমন ঘটিছে। পুৰণি কালৰে পৰা অসমত নিগাজীকৈ বাস কৰা এটি জনগোষ্ঠী হ’ল পূর্বতে মিৰি হিচাপে পৰিচিত মিছিং জনগোষ্ঠী। অসমৰ অন্যতম জনগোষ্ঠী মিছিং শিপিনীসকলৰ হাতৰ পৰশত প্রাণ পাই উঠে বিভিন্ন সাজ পাৰে। তেনে সাজ পাৰ সমূহৰ এটি চমু অবলোকন আগবঢ়োৱা হ’ল –

ক) গাডুঃ
মিচিং তিৰোতাসকলে কপাহৰ পৰা সূতা প্রস্তুত কৰি গাডু তৈয়াৰ কৰে। গাডুৰ আকাৰ আহল বহল হয়। ইয়াক এবাৰতে প্রস্তুত কৰিব নোৱাৰি। প্রথমে এনে কাপোৰ সমূহ দুখনকৈ বৈ লোৱা হয় আৰু পাছত একেলগ কৰিলেহে এখন গাডু সম্পূর্ণ হয়।

খ) গালুগঃ
মিচিং পুৰুষসকলে মূলতঃ দুবিধ গালুগ পৰিধান কৰে। এই দুবিধ হল মিবু গালুগ আৰু মিব গালুগ বা লুগৰ গালুগ। মিবু গালুগ বগা সৰু সূতাৰে মাছৰ বাকলি দৰে (ngosig gamig) বাচি উলিওৱা হয়। আনহাতে লুগৰ গালুগ বিভিন্ন ৰঙ বিৰঙৰ সূতাৰে গামিগ বা ফুল বাচি প্রস্তুত কৰা হয়।

গ) গনৰ উগনঃ
দেওধাই ধূতি হিচাপে পৰিচিত গনৰ উগন বগা সৰু সূতাৰে তৈয়াৰ কৰা হয়। গনৰ উগন মিছিং সকলে বিভিন্ন মাংগলিক কামত ব্যৱহাৰ কৰে।

ঘ) এগেঃ
মিচিং তিৰোতাৰ মূলবস্ত্র হিচাপে পৰিচিত এগেত তায়ব, পুনজেৰ, আধলি আদি গামিগ বাচি প্রস্তুত কৰা হয়।

ঙ)ৰিবি গাচেং(RIBIGASENG):
মিছিং শিপিনীৰ হাতত প্রাণ পোৱা দুবিধ সুন্দৰ কাপোৰ হ’ল ৰিবি আৰু গাচেং। গাচেঙৰ দীঘ বাণিৰ সূতাবোৰ মূলতঃ ৰঙা হয়। আনহাতে ৰিঃবিৰ দীঘ বাণিৰ সূতাবোৰ বাৰে বৰণীয়া হয়। ই মিছিং গাভৰুৰ প্রধান বস্ত্র হিচাপে জনা যায়।

চ) পঃতুবঃ
বিভিন্ন ঘৰুৱা কাম কৰোতে চুলিৰ ধূলি মাকতি, পানী আদি নপৰিবলৈ মিচিং তিৰোতাসকলে মূৰত মৰা কাপোৰখনক পঃতুব বুলি কোৱা হয়। ইয়াৰ উপৰিও গাভৰুসকলে অঐৰপব, নিচৌগ, কুঃপব, পায়ৌগ আদিও ব্যৱহাৰ কৰে।

যি কি নহওক, আবহমান কালৰে পৰা মিবু গালুক, ৰিবি গাচেং, এগে আদি মিছিং জনগোষ্ঠীৰ সাজ পাৰ সমূহে এক স্বকীয় বার্তা বহন কৰি আহিছে। এই স্বকীয় ঐতিহ্যই জীয়াই ৰাখিছে মিছিং সমাজ আৰু সংস্কৃতি। মিছিং শিপিনীৰ হাতৰ পৰশত প্রাণ পাই উঠে জাতিৰ প্রাণস্বৰূপ বিভিন্ন সাজ পাৰসমূহ আৰু এই সাজ পাৰেই জীয়াই ৰাখিব মিছিং লোকসংস্কৃতি। একতাৰ ডোলেৰে বান্ধ খাই প্রাণ পাই উঠিব অসমৰ বাৰেৰহণীয়া কৃষ্টি।
সম্পূৰ্ণকৈ পঢ়ক »

তিৱা আৰু মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য ණ...মুংচাজ বৰ্ণালী আম্ফি মান্তা, মৰিগাঁও


তিৱা আৰু মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য :
১) কুকুৰা মাংস আৰু কলডিল–
তিৱা জনজাতিৰ লোকসকলে কুকুৰা মাংস কলডিলৰ সৈতে ৰান্ধি খায়৷ বনাবলৈয়ো সহজ হোৱাৰ লগতে খাবলৈ সোৱাদ হয় ৷ ভীমকল বা আঠিয়াকলৰ কলডিল এটাৰ ওপৰৰখিনি গুছাই মিহি মিহিকৈ কাটি ল’ব ৷এতিয়া নিমখ আৰু পানী দি এটা কেৰাহীত কলডিলখিনি সিজাই পানী টুকি পেলাব৷ বেলেগ এটা কেৰাহী তপতাই জোখৰ তেল দি মধ্যমীয়াকৈ কটা পিঁয়াজ এটা,তেজপাত দুখিলা,কেঁচা জলকীয়া আৰু হালধি-নিমখ দি মাংসখিনি ভালদৰে ভাজি ল’ব৷ এতিয়া আগতে সিজাই পানী টুকি থোৱা কলডিলখিনি মাংসত দি ঢাকোন মাৰি দিব ৷ জুই কমাব আৰু মাজে মাজে লৰাই থাকিব৷ ভালদৰে ভাজি নমাই থ’ব৷ বেলেগ মছলা বা আদা-নহৰু ব্যৱহাৰ কৰিব নালাগে৷

২৷ নেফাফু শাক আৰু গাহৰি –
‘নেফাফু’ শাক মিছিং লোকসকলৰ খুব প্ৰিয়’৷ গাহৰি মাংসৰ লগত বা আন ব্যঞ্জন বনায়ো খায়…
নেফাফু’ৰ কুমলীয়া পাত ল’ব৷ আলু এটা সিজাই নিমখ আৰু কেঁচা জলকীয়া দি ভালদৰে পিটিকি লওঁক৷ আগতেই তিয়াই থোৱা মচুৰ ডাইল এমুঠি পিহি পাতকেইখিলাৰ দুয়োপিনে লগাব (পাণ খাওঁতে খয়েৰ-কাঠাৰ মাৰে যে তেনেকৈ),ডাইল দিলে খাবলৈ মছমছিয়া হয় ৷ এতিয়া আলু পিটিকা অলপ পাতখিলাৰ মাজত দি ঠাৰিৰপিনৰপৰা মেৰিয়াই ৰ’ল কৰি দিব৷ সৰহীয়া তেলত দুয়োপিঠি ভাজি গৰমে গৰমে পেটলৈ চালান দিয়ক ৷’নেফাফু’ শাক উচ্চ ৰক্তচাপ থকা লোকৰ বাবে উপকাৰী৷ ফাগুণ-চ’তৰ সময়খিনিত ’নেফাফু’ৰ তিতা স্বাদটো নাইকিয়া হয়৷ বৰষুণ আৰম্ভ হ’লে খাবলৈ অকটা তিতা হয় ৷
৩) তিৱা বা অন্য জনজাতি লোকসকলৰ মুৰ্গীৰ মাংসৰ সৈতে কেঁচা হালধিৰ আঞ্জা বৰ প্ৰিয় ৷
উপকৰণ :-
১. মুৰ্গী মাংস ১ কিলোগ্ৰাম
২.কেঁচা হালধি ডেৰশ গ্ৰাম (পেষ্ট বনাই ল’ব) ৷
৩.আদা-নহৰুৰ পেষ্ট ৷
৪.কটা পিঁয়াজ এটা ৷
৫.নৰসিংহৰ পাত,শুকলতিৰ পাত,মানিমুনি,তুলসী,মানধনীয়াৰ পেষ্ট ৷
৬.কেঁচা জলকীয়া ছয়টা ৷
৭.ডাঙৰ আলু তিনিটা (স্কোৱেৰ জোখত কাটি ল’ব ) ৷
৮.পিঠাগুৰি দুমুঠি ৷
৯.জালুক ১০ টা ৷ (গুৰি)

প্ৰণালী : মাংসখিনি ধুই নিমখ সানি আধা ঘন্টা ঢাকি থৈ দিয়ক ৷ এতিয়া কেৰাহীত জোখৰ মিঠাতেল দি ভালদৰে গৰম হ’লে পিঁয়াজখিনি দি ৰঙচুৱা হোৱাকৈ ভাজিব ৷ তাতে মাংসখিনি দি জুই কমাই লৰাই থাকিব৷ অলপ পিছত আলু আৰু নিমখ দি দিব ৷ মাংসৰপৰা তেল ওলোৱা আৰম্ভ হোৱাৰ পিছতে জুই অলপ বঢ়াই আদা-নহৰুৰ পেষ্ট,কেঁচা জলকীয়াকেইটা ফালি দি ভালদৰে লৰাব ৷ জুই কমাই ঢাকোন মাৰি দিব ৷ মাজে মাজে লৰাই থাকিব ৷ মাংস আৰু আলু ভালদৰে সিজিলে হালধিৰ পেষ্ট দি অলপৰ ভাজি নৰসিংহৰ পেষ্টখিনিও দি লৰাই খাৱৰীয়াৰ জোখাৰে গৰমপানী দি দিব ৷ তিনিটামান উতল অহাৰ পিছত পিঠাগুৰি দি হেতাৰে লৰাই জালুকৰ গুৰিখিনি উতলাই নমাই থ’ব ৷ পিঠাগুৰি নাথাকিলে আলু সিজোৱা এটা পিটিকি দিব পাৰে ৷(তিৱা জনজীৱনত এই ব্যঞ্জন ন-পোৱাতীক,বিভিন্ন বিষ ৰোগত ভূগি থকা ৰোগীক পথ্য হিচাপে দিয়া হয়  ৷)
সম্পূৰ্ণকৈ পঢ়ক »

জনজাতিসকলৰ লোকগীতত প্ৰেমপ্ৰীতি ණ ...অৰুপজ্যোতি বৰা



অসমৰ চাৰিওদিশে পাহাৰে ভৈয়ামে বিভিন্ন জনজাতিয়ে বসবাস কৰি আহিছে। এওঁলোকৰ এফালে তিৰ্ব্বতবৰ্মীয় তাই ভাষা-ভাষী আৰু আনফালে অসমীয়া ভাষা-ভাষী । প্রধানকৈ কৃষিৰ ওপৰতে নিৰ্ভৰশীল এইসকল জনজাতিয়ে অসমৰ এই বৃহৎ পৰিয়ালে অসমীয়া জনগাঠনিটোক টনকিয়াল কৰিছে । এইসকল জনজাতিৰ নিজা কলা-কৌশলি, উৎসৱ-পাৰ্বন সমূহত গোৱা আৰু কৰা নৃত্যগীতেৰে ভৰপূৰ । সেয়ে তেওঁলোক লোকগীতত চহকী । এই লোকগীত সমূহক সংৰক্ষণৰ বাবে কোনোবা চেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিলে এই অসমৰ বৃহৎ জনজাতি সকলৰ লোকগীতবোৰ অসমৰ আপুৰুগীয়া সম্পদ হৈ চিৰদিন থাকিব । কোনো কোনো জনগোষ্ঠীয়ে এই লোকগীতবোৰৰ সংকলন কৰিছে যদিও পৰিকল্পিত ৰূপত প্রকাশ পাইছে বুলি মনে নধৰে ।
জনজাতি সকলৰ ভিতৰত বড়ো, ৰাভা আৰু মিছিং সকলৰ লোকগীতত ডেকা-গাভৰুৰ প্রেম-প্রীতিৰ প্রতিছবি এখন তলৰ আলোচনাটিত তুলি ধৰা হৈছে ।
… বড়ো সকলৰ লোকগীতত : অসমৰ বৃহৎ জনজাতি সকলৰ ভিতৰত বড়ো সকল অন্যতম । কৃষি কৰ্মত আগৰণুৱা এই জনগোষ্ঠীটোৰ ভাষা-সাহিত্য চৰ্চাৰ ক্ষেত্রতো কোনোগুনে কম নহয় ।ৰোমান,অসমীয়া দেৱনাগৰী লিপিত বড়ো ভাষাত বহুতো পুথি,বাতৰি কাকত, আলোচনী আদি প্রকাশ পাইছে । বড়ো সকল লোকগীতত চহকী । উল্লেখনীয় যে, বড়ো সকলৰ লোকগীতত স্বদেশ প্রেম, বীৰগাথাঁ, বিয়াগীত, উৎসৱ-পাৰ্বনৰ গীত ,ধেমেলীয়া গীত, প্রেম-প্রীতি গীত আদি প্রধান । তেওঁলোকে স্বকীয় বাদ্যযন্ত্র এই গীতবোৰত ব্যৱহাৰ কৰা দেখা যায় । বড়ো সকলৰ ডেকা-গাভৰুৰ প্রেম-প্রীতিৰ এই গীতসমূহ শুৱলা আৰু ব্যঞ্জনাত্মক ।
বাৰী খোনানি খাসি জোৰ
অৌ আদা মুলুক ছিংখাওনালৈ
নাই বায় আং
নাং খলৌ আঙী সেন নৌজৌৰ ।
অসমীয়াত উজাই চালো মই
ভতিয়াই চালো মই
তোৰ সমান ধুনীয়া নাই ।
প্রেয়সীৰ ৰূপৰ বৰ্ণনা এই বড়ো বিহুগীত সমূহত সুন্দৰ ভাৱে প্রতিফলিত হৈছে।
বিবাৰ বিবাৰ গেওলাং
হাৰ্ছিঙৈ বাৰানৈ ৰহায় লাংবায়
জৌংনি বৈসৌআবৌ ৰাগোলাংবায়
জৌংলনি বৈসৌআবৌ ৰাগোলাংবায় ।
হে পূৰ্ণবিকশিত ফুল, অকলে মৰহি যাব লাগিছা । আমাৰ পূৰ্ণ যৌৱন, বয়সো তোমাৰ দৰে উৱলি যাব লাগিছে । অসমীয়াত “কেলেই ফুলিলি ৰূপহি মদাৰ ঐ…থাক তল ভৰি সৰি” । আকৌ “যৌৱন গলে পাবলৈ নাই” ইত্যাদি ।
ৰাভা সকলৰ লোকগীতত : অসমৰ জনজাতি সকলৰ ভিতৰত ৰাভা সকলো এক বৃহৎ জনগোষ্ঠী । এওঁলোকৰ লোকগীত সমূহতো ডেকা-গাভৰুৰ প্রণয়ৰ ছবিখন হৃদয়স্পৰ্শী । গীতবিলাক ডেকা-গাভৰু সকলে সমূহীয়াকৈ গায় ।
লামদিনি হৰিতাল লেফাং ফাঙি পাকা
বিচিনে-বে দৰায়াতাং সালে
চিঙি কানো পাকাৰে, চিঙি কানো পাকা
অথাৎ ভৈয়ামৰ হৰিতাল চৰাই বটগছত পৰাৰ দৰে কোনোবা প্রেয়সীয়েও মোৰ গাত হাত দিছে ।
লামদানি মাছচিকায়,কংজু বকচো চৰো
চিঙি মুকবাৰ বাকায় বৈ চালে
ভাকাম বকচো চবোৰে- ভাকাম বকচো চৰো ।
অথাৎ মৰা গৰুৰ হাড়বোৰৰ দৰে আমাৰ প্রেমিকাৰ দাঁত বিলাকও বগা ।
মিছিং সকলৰ লোকগীতত : অসমৰ জনজাতি সকলৰ ভিতৰত মিছিং সকলৰ লোকগীত বোৰতো এক সুকীয়া টান আছে । এই বৃহৎ জনগোষ্ঠীটোৰ কৃষি কৰ্ম আৰু মৎস্য ব্যৱসায়েই হ’ল জীৱিকাৰ প্রধান উপায় । মিছিং সকলৰ প্রেম-পীৰিতিৰ গীত হৈছে ঐনিঃতম । এই ঐনিঃতম বোৰত মিছিং সকলৰ জীৱনৰ সমস্যা, নৈৰ্সাগিক বৰ্ণনা, প্রেম-প্রীতিৰ ছবি বিৰাজমান ।
ৰজনীকান্ত বৰদলৈৰ প্রথম সামাজিক উপন্যাস মিৰি-জীয়ৰীখন তাৰেই এখন সু-স্পষ্ট দলিল ।
আচি গুলা মনৌদৌ কোম্পানী জাহাজৌ
আচি গুলা মনৌদৌ নাঞি কাঃকৃক অমৌদৌ ।
অথাৎ কোম্পানী জাহাজে পানী ঘোলা কৰাৰ দৰে তুমিও চেনাই মোৰ দেহ-মন ঘোলা কৰিলা ।
বৰনৈ চুমলি পৃণদুঃবঃ
পৌদং আচি পাঃ মালা
ঙককৌ আচিন পৃনদুঃবঃ
অইনক অগম পাঃ মালা
অসমীয়া বিহুগীতত- বৰনৈ শুকাইছে পানীৰে বেজাৰত
দিচাংনৈ শুকাইছে কিয় ?
মই চেনাই শুকাইছো তোমাৰে বেজাৰত
তুমিনো শুকাইছা কিয় ?
এই তিনিওটা জনজাতিৰ উপৰিও গাৰো, দেউৰী, চুতীয়া আদি জনজাতিসকলৰ লোকগীতবোৰতো ডেকা-গাভৰুৰ প্রণয়ৰ প্রতিফলন ঘটা দেখা পোৱা যায় ।অসমীয়া সাহিত্যত লোকগীতবোৰৰ ভিতৰত এনে ধৰনৰ লোকগীতবোৰৰো আলোচনাৰ প্রয়োজন আছে। তেহে হয়তো আমাৰ অসমীয়া ভাষা-সাহিত্যৰ ভৰাল চহকী হ’ব ।
সম্পূৰ্ণকৈ পঢ়ক »

যুৱ প্ৰজন্মই কি শিকিছে আৰু কিয় শিকিছে ණ...জ্ঞানদীপ গগৈ, নাজিৰা


          স্বৰাজ সকলোৰে জন্মস্বত্ব অধিকাৰ । গণতন্ত্ৰ মানেই ভাৰতীয় সংবিধান বুলি ভাৱি থকা সুবিধাবাদীসকলে এটা বিষয় ভালদৰে বুজি লোৱাটো প্ৰয়োজন । ৰাষ্ট্ৰসংঘৰ নীতি নিয়মৰ আধাৰত যিদৰে ভাৰতীয় সকলে আন্দোলন কৰি ইংৰাজৰ শাসনৰ পৰা মুক্ত হৈছিল, সেই একেবোৰ নীতি নিয়মৰ আধাৰতেই আলফাই সংগ্ৰাম কৰি অসমীয়াৰ প্ৰাপ্য অধিকাৰ দাবী কৰি আহিছে । যদি আলফা সংগ্ৰামে এই লক্ষ্যত উপনীত হয়, তেন্তে অসমতো ৰাষ্ট্ৰসংঘৰ নীতি নিয়মৰ আধাৰতে গণতান্ত্ৰিকভাৱেই  সৰ্বজনবিদিত এখন সংবিধান প্ৰণয়ন হব । য'ত থাকিব মাথো খিলঞ্জীয়াৰ প্ৰভুত্ব আৰু অধিকাৰ । আৰু যেতিয়ালৈকে অসমীয়াই নিজ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে, তেতিয়ালৈকে আলফাৰ এই সংগ্ৰাম অব্যাহত থাকিব । পৰিবৰ্তিত সময়ৰ লগত হয়তো এই আপোচহীন মুক্তি সংগ্ৰাম আৰু তীব্ৰতৰ হৈ উঠিব । নিৰ্বাচিত চৰকাৰবোৰে আলফাৰ এই সংগ্ৰামখনক সমাধান কৰাৰ পৰিবৰ্তে মষিমূৰ কৰিবলৈহে সময়ে সময়ে উঠি পৰি লগা পৰিলক্ষিত হৈ আহিছে ।

            ভাৰতীয় কূটনৈতিক লৱীৰ পৰা মুক্তিকামী অসমীয়া জাতীয় চেতনাৰ প্ৰতিজন বিপ্লৱী তথা সমৰ্থনকাৰীক গ্ৰেপ্তাৰ কৰি আলফা সংগ্ৰামখনক নিঃশেষ কৰিব পাৰিম বুলি ভৱাটো চৰকাৰৰ চূড়ান্ত ভুল । বৰঞ্চ চৰকাৰৰ এইবোৰ কাৰ্যকলাপে আলফা সংগ্ৰামখনক অধিক দৃঢ়হে কৰি তুলিব আৰু প্ৰয়োজন সাপেক্ষে আৰু লক্ষজন বিপ্লৱীক হাতত বন্দুক তুলি লবলৈ বাধ্যহে কৰাব । জ্ঞানপীঠ বঁটা বিজয়িনী সাহিত্যিক শ্ৰদ্ধাৰ মামণি ৰয়চম গোস্বামী বাইদেউৱেও আলফা সংগ্ৰামৰ গ্ৰহণযোগ্যতাৰ ওপৰত বহুতো মূল্যৱান লিখনি বাতৰি কাকতৰ যোগেদিয়েই ৰাইজ তথা চৰকাৰকো অৱগত কৰিছিল । (যি সময়ত ফেচবুকৰ জন্মই হোৱা নাছিল) । তেনেস্থলত  আজিৰ যুৱপ্ৰজন্মই সামাজিক মাধ্যমত আলফা সংগ্ৰামৰ গ্ৰহণযোগ্যতাৰ সমৰ্থনত মত ব্যক্ত কৰাটো কোনো গণতন্ত্ৰত ভুল হব নোৱাৰে । যিসকল ব্যক্তিয়ে ইংৰাজৰ শোষণৰ পৰা মুক্ত পাবলৈ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল বা প্ৰয়োজনত মৃত্যুকো সাৱটি লৈছিল, হয়তো তেওঁলোকৰ নাতি পুতি সকলেই আজি শোষণকাৰী ভাৰতীয় লৱীৰ ষড়যন্ত্ৰৰ পৰা অসমক উদ্ধাৰ কৰিবলৈ তথা গণতান্ত্ৰিক প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ  আলফা সংগ্ৰাম কৰিব লগা হৈছে । কাৰণ, এওঁলোকৰ প্ৰৱাহমান তেজত অন্যায়, অবিচাৰৰ স্থান নাই । যি তেজ প্ৰজন্মে প্ৰজন্মে প্ৰৱাহিত হৈ আছে । যিসকলে অন্যায় অবিচাৰৰ বিৰুদ্ধে বিপ্লৱ কৰিবলৈ তিলমানো ভয় নকৰে , লাগিলে ন্যায্য প্ৰাপ্তিৰ বাবে নিজৰ জীৱনটোকো উচ্ছৰ্গা কৰিব ।    

         আজিৰ যুৱপ্ৰজন্মই কি কাৰণে আলফা সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হব লগীয়া হৈছে,  সেইবোৰ বিষয় গুৰুত্বসহকাৰে লৈ তাৰ বিশ্লেষণ কৰি চোৱাতোহে চৰকাৰ এখনৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য হোৱাটো উচিত । নিশ্চয় চৰকাৰে কিবা উপেক্ষা কৰিছে, সমদৃষ্টিৰে সকলোকে চোৱা নাই, প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে, যাৰ বাবে আজিৰ যুৱপ্ৰজন্মই  বাধ্য হৈ আলফাৰ প্ৰাসংগিকতা উপলব্ধি কৰিছে ।  আলফাক কোনো এখন চৰকাৰে নিষিদ্ধ কৰিল বুলিয়েই আলফাৰ গ্ৰহণযোগ্যতা অসমীয়া সমাজৰ পৰা নাইকিয়া হৈ যোৱা নাই । কিন্ত এইটোও নহয় যে আলফাৰ কেতিয়াও ভুল হোৱা নাই । এটা সময়ত আলফা বিপ্লৱৰ অৰ্থ বুজি নোপোৱা  কিছুমান যুৱকও আৱেগত আলফাত যোগদান কৰিছিলগৈ । আলফাৰ এনে  কিছুমান  অপৰিপক্ক নেতা সদস্যৰ অভাৱনীয় ভুলৰ বাবেই এই সংগ্ৰামত ৰাইজৰ আস্থা সামান্য পৰিমাণে হলেও হ্ৰাস পাইছিল । সেই সকলক আলফাৰ শীৰ্ষ নেতৃত্বই সময়ত বিহিত শাস্তিও প্ৰদান কৰিছিল । কিন্ত বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত এনে ভুল ক্ষমাৰ যোগ্য । কিছুমানে বিপ্লৱৰ কষ্ট সহ্য কৰিব নোৱাৰি আত্মসমৰ্পণ কৰিলে আৰু সেই আত্মসমৰ্পণকাৰী সকলৰে কিছুমানক চৰকাৰে টকা পইচাৰ লোভ দেখুৱাই প্ৰকৃত আলফা সকলৰ বিৰুদ্ধে ভাৰতীয় দখলদাৰী বাহিনীৰ হৈ চোৰাংচোৱাগিৰি কৰাত ব্যৱহাৰ কৰোৱালে আৰু সহোদৰ সকলৰ মাজতে বিভেদ ঘটাই সংঘৰ্ষৰ সৃষ্টি কৰোৱালে । সহস্ৰজনৰ অকাল মৃত্যু হ'ল । ফলশ্ৰুতিত আলফা সংগ্ৰামখন লক্ষত উপনীত হোৱাত কিছু হলেও পিছ পৰি ৰব লগাত পৰিল ।

         বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উদ্ভাৱনৰ ইমান এটা দ্ৰুততম বেগত আজিৰ নৱপ্ৰজন্মই নিজকে কিদৰে খাপ খোৱাব পাৰিব, সেইবোৰ কথাতহে চৰকাৰ এখনে মনোযোগ দিয়াটো প্ৰয়োজনীয় । যুৱপ্ৰজন্মই নিজৰ বিচাৰ  চিন্তাধাৰাৰ মাজেৰে আৰু যুক্তিপূৰ্ণভাৱে সামাজিক মাধ্যমৰ যোগেদি আলফা সংগ্ৰামৰ সমৰ্থনত মত ব্যক্ত কৰাত এচাম সুবিধাবাদীৰ গা ভালকৈয়ে জ্বলিছে । কাৰণ আলফাই নিজৰ লক্ষ্যত উপনীত হলে সেই সুবিধাবাদীসকলৰ সুবিধাবাদৰ কৰুণ সমাপ্তি ঘটিব । গণতন্ত্ৰত কাৰোবাৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ সমৰ্থন জনাবলৈ বা কাৰোবাক বৰ্জন কৰিবলৈ কাৰো অনুমতিৰ প্ৰয়োজন নাই । যিদৰে বিজেপিক সমৰ্থন কৰা মানেই বিজেপি হোৱা বা কংগ্ৰেছক সমৰ্থন কৰা মানেই কংগ্ৰেছী হোৱা নুবুজাই ঠিক সেইদৰে আলফাক সমৰ্থন কৰা মানেই আলফা নেতা সদস্য হৈ নাযায় । আলফাৰ প্ৰাসংগিকতা আছে কাৰণেই অসমীয়া ৰাইজে আজিও আলফাক সমৰ্থন আগবঢ়াই আছে আৰু থাকিবও । যিটো কথা চৰকাৰে উপলব্ধি কৰাটো খুবেই উচিত । যদি চৰকাৰে আলফাৰ প্ৰাসংগিকতাক আজিও উপলব্ধি কৰিব পৰা নাই, তেন্তে তাক প্ৰমাণ কৰিবলৈ গণভোটৰ ব্যৱস্থা কৰক ! সেইটো কিয় কৰিব পৰা নাই । কিহৰ ভয় । মুঠতে দিল্লীলৱীয়ে এই সমস্যা সমাধান হোৱাটো নিবিচাৰেই । কাৰণ অসমখন দিল্লীলৱীৰ বাবে খীৰতি গাই । ভাৰতীয় দখলদাৰী বাহিনীয়ে ঘৰতে বৰ মতা দেখুৱাই লাভ নাই । ৬২ ৰ চীনা যুদ্ধত দেখুন চীনা সৈন্যৰ লগত তিস্তিবই নোৱাৰিলে । সেই যুদ্ধত চীনা সৈন্যই যেতিয়া তেজপুৰলৈকে পদাৰ্পণ কৰিছিলহি,  সেই সময়তে তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱেও বশ্যতা স্বীকাৰ কৰি অসমৱাসীক আকাশবাণীৰ যোগেদি বিদায় সম্ভাষণ জনোৱা কথা হয়তো কোনেও পাহৰা নাই । কিন্ত চীনে অসমখন লৈ নললে । আৰু চীনে নোলোৱাবাবেই হয়তো আজি ভাৰতীয়ৰ দৃষ্টিত অসম আৰু অসমীয়াৰ এই দুৰবস্থা । যিবোৰ কথা আমাক ইতিহাসৰ পাতেহে সোঁৱৰাই । এইবোৰেই দিল্লীলৱীৰ অসমপ্ৰেমৰ উদাহৰণ ।

       বৈদ্যুতিক সংবাদমাধ্যমবোৰে আজিকালি কিহৰ তাড়নাত ভূগিছে, ৰাইজে কিন্ত ধৰিবই পৰা নাই । কেতিয়াবা কিছুমান সাংবাদিকে পক্ষপাতিত্বমূলকভাৱে এনেকুৱা আচৰণ কৰে, যেন আদালতৰ বিচাৰপতিহে । সেই সকল সাংবাদিকক অনুৰোধ, নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ গণ্ডিৰ ভিতৰত থাকিহে বাতৰি পৰিবেশন কৰিব । অন্যথা সময়ে আপোনাসৱকো ক্ষমা নকৰিব ।  বাতৰিৰ ক্ষেত্রত, কাৰোবাৰ খুলখালী এজনী কোনোবাই পলোৱাই নিয়া কাণ্ড নাইবা কোনোবা বিবাহিত বিধায়ক এজনে কোনোবা যুৱতীৰ লগত প্ৰেম কৰা কাণ্ড এটাও যদি "Big Breaking News" হয়, তেন্তে আৰু আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ খ্যাত এনে সংবাদ মাধ্যমৰ পৰা কিমান কি আশা কৰিব পাৰো । তাকো সেই একেটা বাতৰিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যেতিয়া পুনঃ পুনঃ সম্প্ৰচাৰ কৰি থাকে, তেতিয়া আৰু বিৰক্তি অনুভৱ কৰো । সকলো বাতৰিয়েই ৰাইজে বিচাৰে । কিন্ত সময় সাপেক্ষে বাতৰি এটাৰ প্ৰয়োজনীয়তাবোধটোত গুৰুত্ব দিয়াটো বেছি দৰকাৰী । আনহাতে মনোৰঞ্জনধৰ্মী অনুষ্ঠানবোৰৰ জৰিয়তে কিন্ত ৰাইজৰ সহাৰি পাই থাকিবলৈ ভাল পদক্ষেপ বোৰেই লব পাৰে । সৰু সুৰা বিতৰ্কবোৰত লাগি থাকি বিয়াগোম বিয়াগোম খবৰবোৰৰ পৰা ৰাইজৰ দৃষ্টি আতঁৰাই নিবলৈ চেষ্টা কৰি থকা যেনহে ভাৱিবলৈ বাধ্য হওঁ কেতিয়াবা । জনমত গঠন কৰাত সংবাদ মাধ্যমৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ । সেয়েহে শেষত বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাপ্য অধিকাৰৰ স্বাৰ্থত তথা আলফা সংগ্ৰামৰ ন্যায্যতা দাবীৰ প্ৰাসংগিকতাৰ ওপৰত ধাৰাবাহিকভাৱে বাতৰি পৰিবেশন কৰি আলফা সমস্যাৰ স্থায়ী সমাধানৰ বাট প্ৰশস্ত কৰিবলৈ সকলো সংবাদ মাধ্যমলৈ অনুৰোধ জনালোঁ ।
জয় আই অসম ৷
সম্পূৰ্ণকৈ পঢ়ক »