নাগালেণ্ডত অৱস্থিত " আহোম ৰাজা লগা ঘৰ " ৰ ঐতিহ্য ණ...অমৃত ৰণী গগৈ



অসমৰ ওচৰ চুবুৰীয়া নাগালেণ্ডৰ টুৱেনচাং জীলাৰ এক ঐতিহ্য , য'ত নাগামিজ ভাষাত এখন ফলকত লিখা আছে " আহোম ৰাজা লাগা ঘৰ " । সেই ফলকৰ পৰা প্ৰায় 200 মিটাৰ দূৰৈত এটি গুহা যি গুহাই নগা ৰাজ্যত আহোমৰ ঐতিহ্য হিচাবে আজিও ঠিয় হৈ আছে । প্ৰকৃততে এই গুহাটো ১৬৭৯ চনৰ আহোম ৰাজত্ব কালৰ কলংকিত অধ্যায়ৰ এক অৱদান । লৰা ৰজাৰ শাসনৰ সময়ত , লালুক সোলা বৰফুকনৰ প্ৰৰোচনাত তথা এজন সত্ৰৰ অধিকাৰীৰ মন্ত্ৰণাত যি কু-চক্ৰান্ত হৈছিল , সেই চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ তুঙখুঙীয়া ফৈদৰ এজন উপযুক্ত কোঁৱৰ লাঙী গদাপাণিয়ে তেওঁৰ পত্নী জায়মতীৰ পৰামৰ্শ মতে নগা পাহাৰলৈ পলাই যায় আৰু তাতেই নিজৰ শক্তিৰে এই গুহাটো নিৰ্মাণ কৰি আত্মগোপন কৰে । এই গুহাটো কেইবাটাও কোঠাৰে সজ্জীত । ইয়াৰ নিৰ্মাণ কাৰ্য খুবেই চমৎকাৰী তথা অসমৰ দল দেৱালয় সমূহৰ সমকক্ষ । পাহাৰ এটাৰ হেলনীয়া অংশত নিৰ্মিত এই গুহা প্ৰকৃততে শিল কাটি বনোৱা হল নে বেলেগ ঠাইৰ পৰা শিল আনি বনোৱা হল তাৰ ওপৰত গৱেষণাৰ প্ৰয়োজন হব । গুহাটোৰ দুৱাৰমুখ এনে অৱস্থাত আছে যে তাৰ পৰা পৰি যোৱাটো তেনেই সাধাৰণ কথা আৰু কেনেবাকৈ যদি পৰিবলৈ হয় , হাৰ মূৰ বিচাৰি পোৱাটো অসম্ভৱ । বুৰঞ্জীত উল্লেখ থকা অনুসৰি গদাপাণিৰ খবৰ আনিবলৈ যোৱা চোৰাংচোৱাৰ উলটি নহাৰ আঁৰত থকা ৰহস্য সহজে অনুমান কৰিব পাৰি । অৱশ্যে এই গুহাৰ নিৰ্মাণত ব্যৱহৃত শিল বোৰলৈ চাই ইতিহাসত উল্লেখ থকা আন এটা কথাটো পতিয়ন যাব পাৰি যে গদাপাণি কোঁৱৰে এটা গোণা ম'হৰ মাংস অকলে খাইছিল ।