সম্পাদকীয় বিষয়: বিচুৰ পৰা বিহু, বিষুৱলৈ পদোন্নতি

সম্পাদকীয়

বিষয়: বিচুৰ পৰা বিহু,  বিষুৱলৈ পদোন্নতি

" আন নাঙ জিম মউ পয়জু বান
কুন ফি বুত ফি বুত মা ম্যুঙ
নাম ফুন তুক জিম মা জিম মা ৷৷

অক তুন মাই টাই , তাব ত চি হান ডু
ৰুণ পীন তুন নাঙ মুন ৷৷
ৰাঙ বিচু ৰং হাই লে লাও ঐ
নাম চাম ঐ,
পীত লিঙ ফা ঙাম ৰাঙ ঐ
ৰু পাত নক ফা বেক নাম না ঐ
ঙাম কুপি কোছেং বউ মিতেক ৷৷
( দেও বুৰঞ্জী ) "
বিহুৰ আগমন প্ৰকৃতিলৈ ন ৰুপত, নতুন সাজত ৷ এইয়া পুৰণিক সামৰি সুতৰি নতুন বছৰক আদৰাৰ সময় ৷ অতীজৰ পৰে নিৰবিছিন্নভাৱে বিহু আমাৰ মাজলৈ আহিছে সেই একেদৰেই ৷ কিন্তু সমান্তৰাল বিহুক লৈ কিছুমান ন ন বুদ্ধিজীৱিৰ ন ন মতামত ৷ তাহানিৰ সেই চোতালৰ ,গছতলৰ বিহুৱে আজিৰ মঞ্চত থিয় দি বিহুৱে বিহুক বিচৰা দৰে অৱস্থাত উপনীত হব লগা হৈছে ৷
               বিহুৰ উৎপত্তি,  বিহুৰ ক্ৰমবিকাশ,  বিহুৰ অৱস্থিতিৰ কথা আলোচনা কৰিবলৈ গৈ আধুনিক বুদ্ধিজীৱিসকলে বিহুক বিষুৱত থাপনা পাতিবলৈ আৰম্ভ কৰা লক্ষ্য কৰি আমি কব বিচাৰিম যে দৰাচলতে বিহুৰ লগত বিষুৱ শব্দৰ সম্পৰ্কযুক্ত কৰি এইসকলে বিহুক আৰ্যকৰণৰ সপক্ষেহে সজোৰে দাবী উত্থাপন কৰিছে ৷ কিন্তু মন কৰিব লগীয়া কথা এইয়ে যে এই বুদ্ধিজীৱিসকলৰ প্ৰপিতামহ সকলৰ এচামে এসময়ত বিহুক ইতৰ প্ৰাণীৰ উৎসৱ বুলিহে অভিহিত কৰি গৈছে ৷ বিহু কৃষিৰ লগত সম্পৰ্কিত উৎসৱ ৷ কৃষিক গইনা লৈয়ে অসমীয়াৰ সংস্কৃতিৰ বুনিয়াদ গঢ়ি উঠিছে ৷ তাহানিদিনৰ কৃষিজীৱি সমাজখন স্বাভাৱিকতে অদৃষ্ট-বিশ্বাসী ৷ অদৃষ্টৰ বিশ্বাসত নিজ নিজ গোষ্ঠী পৰম্পৰাৰে পূজা-পাতল , উৎসৱ পাৰ্বন পাতি কৃষি-কাৰ্যত নামিবলৈ দেহ আৰু মনলৈ অদম্য বল,  সাহস গোটাই লয় ৷ মংগোলীয় ঠালৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীয়ে সুকীয়া সুকীয়া পৰম্পৰাৰে  অতীজৰে পৰা বিহু পালন কৰি আহিছে ৷ পূৰ্বতে বিহু প্ৰথম অৱস্থাত ক'ত কেনেদৰে পতা হৈছিল তাৰ বিশদ বিৱৰণ পাবলৈ নাই যদিও এইটো অনস্বীৰ্কায্য যে,  ১২ শ শতিকাতে পাটকাই পাৰ হৈ অসমলৈ অহা টাই সকলেই অসমত বিহুৰ বহুল প্ৰচাৰ কৰিছিল আৰু ৰাজকীয় মৰ্যদা প্ৰদান কৰি জাতীয় উৎসৱত পৰিণত হোৱাৰ দুৱাৰ মুকলি কৰিছিল   ৷ টাই আহোমসকলৰ দেওবুৰঞ্জীত উদ্ধৃত লিপিসমূহৰ পৰা বুজিব পাৰি টাই সকলে বিহুক ৰাঙ বিচু বুলি অভিহিত কৰিছিল ৷ বি শব্দই বিচনী, বতাহ আৰু চু শব্দই শীতল, বতাহ বুজাই ৷ অৰ্থাৎ প্ৰকৃতিৰ এই সুন্দৰ সময়খিনিয়েই আছিল উৎসৱৰ সময় ৷ ৷ মানদেশ বা নৰাদেশ টাই আহোমসকলৰ পিতৃপুৰুষৰ দেশ ৷ টাই আহোমসকল এই অঞ্চললৈ আহোতে তেওঁলোকৰ পিতৃৰাজ্যৰ পৰা বিহু সংস্কৃতি লগত লৈ আহে বুলি কোৱা হয় ৷ বিহুগীতত এনেদৰে পোৱা যায়—
" লাহে লাহে ঐ
বিহু কোন ঢালে আহে?
পূবে পশ্চিমে উত্তৰে দক্ষিণে
বিহু কোন ঢালে আহে?
মান দেশত আছিলে
মান তৰা এযুৰি
আছিলে নৰিয়াত পৰি
যেতিয়া শুনিলে বিহুৰে বতৰা
আহিলে কাছুটি ধৰি ৷ "
          ইয়াৰ পৰা ঠাৱৰ কৰিব পাৰি যে বিহু মানদেশৰ পৰাই টাইসকলৰ স'তে অসমত প্ৰৱেশ কৰিছিল ৷ টাইসকলৰ পূৰ্বৰ স্থান আছিল চীন দেশৰ য়ুনান প্ৰদেশ ৷ এই য়ুনান প্ৰদেশৰ টাই সকলৰ মাজত বিহু পৰম্পৰা অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে ৷ অসমত পালন কৰা ব'হাগ বিহু, ভোগালী বিহু চীন দেশৰ টাই জনগোষ্ঠীৰ লোকসকলে উলহ-মালহেৰে পালন কৰে ৷  অকল চীন দেশতে নহয়,  থাইলেণ্ড, লাওচ, কম্বোদিয়া,  বৰ্মদেশ, ভিয়েটনাম আদি দেশতো ব'হাগ আৰু ভোগালী বিহু পালন কৰা হয় ৷ চীন দেশত ব'হাগ বিহু অসমৰ ব'হাগ বিহুৰ লগত একেসময়তে পালন কৰা হয় ৷ সেইদেশত বিহু বলীয়া ৰাইজে ঢোল-তাল বজাই নৈৰ পাৰত নৃত্য গীত কৰি মেলা পতা লগতে ইজনে-সিজনৰ গাত পানী ছটিয়াই ৰং-ৰইচ কৰে ৷ উত্তৰ-পূৰ্বাঞ্চলতো টাই খামটি,  টাই ফাকে, টাই শ্যাম, টাই আইতন, টাই খামিয়াঙ,  টাই টুৰুঙসকলেও ব'হাগ বিহুত পানী ছটিয়াই আনন্দ কৰে ৷ আজিও অসমত ব'হাগ বিহুত পথাৰত,  নৈ পাৰত পানী ছটিয়াই গৰুক গা-ধুওঁৱাৰ উপৰিও মানুহৰ গালৈ পানী ছটিয়াই লাও-বেঙেনা দলিয়াই আনন্দ কৰা হয় ৷  
                 যি কি নহওক বিহু সম্প্ৰীতিৰ উৎসৱ ৷ বিভিন্ন জাতি-জনজাতিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া সংস্কৃতিৰ ৰাজহা়ড় স্বৰুপ বিহুক ঠেক সীমাৰেখাৰে আৱদ্ধ কৰি ৰাখিব নোৱাৰি ৷ বিহুৰ পৰম্পৰা,  স্বকীয়তা বজাই ৰখাত সকলোৰে কিঞ্চিত হ'লেও দ্বায়িত্ববোধ আছে ৷ এই দ্বায়িত্ববোধেই আমাক আগবাঢ়ি যোৱাত সহায় কৰিব ৷        
              শেষত বিহুৱে সকলোলৈকে কঢ়িয়াই আনক সুখ সমৃদ্ধিৰ বতৰা, তাৰ কামনাৰে ৷