এৰাবাটৰ সুৰ ණ ... বিকাশ দিহিঙীয়া, ঢকুৱাখনা



               (ক)

কথাবোৰ ক্ৰমশঃ জটিল হৈ পৰে
কথাবোৰ ক্ৰমশঃ অশ্লীল হৈ পৰে
তোমাৰ বুকুৰ পৰা দু-ওঁ‌ঠলৈ উজাই যাওঁ‌তে
কবিতা এটাই ত্যাগ কৰে তাৰ যৌৱন

               (খ)

পৰীক্ষালৈ কিমাননো দিন !
পঢ়া টেবুলত কুণ্ডলী পকাই বহি থাকে
তোমাৰ কথাবোৰ ধূপৰ ধোঁ‌ৱা হৈ…
এতিয়া তুমিয়েই কোৱা
কিমতে আঁ‌কো মই বুকুত
সৰস্বতীৰ কেনভাছ !!!

              (গ)

কবি মই নাছিলো কোনোকালে,
নাছিল কোনো ছবিৰে কথা কোৱাৰ বাসনা…
যদিও উদ্ভণ্ডালিৰ সীমা চুই এইবোৰে চিঞৰিছিল
আৰু তপত অশ্ৰু হৈ মুখগ্ৰন্থত সৰিছিল
তথাপি……আজি মই ক্লান্ত
অশ্ৰুহীন নয়নভৰি এতিয়া মাথো শূন্যতা ৷