আহোম যুগৰ শেনমেলা আৰু শেনযুঁজ ණ...চাও বিকাশ জ্যোতি ৰু-পাক, যোৰহাট



বিহুৰ মাজেৰে অসমৰ  ক্ৰীড়া অথবা খেলে শৈশৱত ভৰি দিলেও আহোম যুগত অসমৰ ক্ৰীড়াই গা কৰি উঠিছিল ৷ আমি অসমত যদি ক্ৰীড়াৰ  পৃষ্ঠপোষকতাৰ  কথা কওঁ তেতিয়া হ’লে আহোম যুগক শ্ৰদ্ধা সহকাৰে সোঁৱৰিব লাগিব ৷ আহোম স্বৰ্গদেউ অথবা ৰাজপৰিয়ালৰ পৰা খেলক যিদৰে পৃষ্টপোষকতা আগবঢ়োৱা হৈছিল,  সেয়া হয়তো আজিৰ  চৰকাৰেও আগবঢ়োৱা নাই ৷ তাহানি এতিয়াৰ দৰে ক্ৰিকেট-ফুটবল আদি নাছিল ৷ কিন্তু আছিল ম’হ যুজ,  মাল যুঁজ,  দৌৰা ,তৰোৱাল খেল,  শেন মেলা,  ঘোঁৰা দৌৰ,  কাঁড় খেল ইত্যাদি ৷ আমি ম’হ যুঁজক বৰ্তমানৰ  স্পেইনৰ বাফেলো যুঁজ,  তৰোৱাল খেলক ফেন্সিং,  ঘোঁৰা দৌৰক ইকুৱেষ্ট্ৰিয়ান , কাঁড় খেলক আৰ্চাৰী,  মাল যুঁজক ৰেষ্টলিং বুলি কব পাৰো ৷ এনেবোৰ খেলক ৰাজ পৰিয়ালৰ পৰা অথবা আহোম শাসন কৰ্তাসকলে  পৃষ্ঠপোষকতা  আগবঢ়াইছিল  বিভিন্ন মাধ্যমেৰে  ৷ ৰজা ঘৰে এই ক্ষেত্ৰত  মুকলি মনে কাম কৰি গৈছিল ৷ তেতিয়াই  বিশেষ বিশেষ খেলৰ বাবে বিষয়া কৰ্মচাৰী,  প্ৰশিক্ষক পৰ্যন্ত নিযুক্তি দি ক্ৰীড়াৰ প্ৰতি জনগণৰ মন আকৰ্ষণৰ প্ৰয়াস কৰিছিল  ৷ এই চমু লিখনিত আহোম যুগৰ  এক প্ৰিয় খেলৰ কথা উল্লেখ কৰিব ওলাইছো ৷ ব'হাগ বিহুৰ সময়ত এক অানন্দময় খেলৰ মেলা হৈছিল যাক কয় শেন মেলা ৷ এই শেন মেলা অাজি প্ৰায় বিলুপ্তিৰ পথত ৷
শেনমেলাৰ বাবে শেনচোৱা বৰুৱা আৰু শেনচোৱা বৰাক নিযুক্তি দিছিল আহোম স্বৰ্গদেউ সকলে ৷ আহোম যুগত মাল যুঁজ,  ম’হ যুঁজ আদিয়ে দৰ্শকক আহ্লাদিত কৰিলেও শেন আৰু কণুৱাৰ খেলে সবাকে অধিক আমোদ দিছিল ৷ এই শেন আৰু কণুৱাৰ খেলৰ বাবে স্হাপন কৰা হৈছিল চৰাইচোং ৷শেন মেলাত অংশ লোৱা শেন চৰাইক প্ৰশিক্ষক সকলে দিয়া অভিনৱ প্ৰশিক্ষন মন কৰিবলগীয়া আছিল ৷ বিশেষকৈ খেলৰ মাজত শেন চৰাইটোৱে কণুৱাক বধ কৰি ঠোঁটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰেল খৰলুটি মাৰি তললৈ  নামি অহাৰ দৃশ্য চাই থাকিবলগীয়া ৷

নিশ্চয় সকলোৱে প্ৰশ্ন কৰিব শেন মেলা কেনে ধৰণৰ খেল  ? শেন মেলাৰ বাবে স্বৰ্গদেউসকলে চৰাইচোং স্হাপন কৰিছিল ৷ চৰাইছোং হ'ল  ছয়-সাত খন পথাৰৰ মুকলি মঞ্চ ৷ কনুৱাৰ প্ৰিয় খাদ্য হল মাছ ৷কনুৱাক সদায় পেট ভৰাই মাছ খাব দিয়া হয় ৷ খেল অনুষ্ঠিত হোৱাৰ কেইবাদিনো আগৰ পৰা  কনুৱাক ধৰি আনি মাছ খাব এৰি দিয়া হৈছিল ৷ ইয়াৰ বাবে শেনচোৱা বৰুৱা আৰু শেনচোৱা বৰাই শেন চৰাইক বিভিন্ন ধৰনে প্ৰশিক্ষণ দিছিল ৷ এই শেন খেলৰ নিৰ্দিষ্ট দিনটোত ৰজা,  প্ৰজা,  বিষয়া সকলো চৰাইচোংলৈ কনুৱা চৰাইক গৈ ভয় খুৱাই দিয়াত  কনুৱাই নিজৰ প্ৰাণ  বচাবলৈ আকাশলৈ উৰি গৈছিল ৷ সেই মূৰ্হুততে শেন মেলা আৰম্ভ  হৈছিল ৷ কনৱাই আকাশৰ বহু ওপৰলৈ গৈ অস্পষ্ট হোৱাৰ সময়ত শেনচোৱা বৰুৱাই শেন চৰাইক মেলি দিয়ে ৷ শেন চৰাই সমূহে  পলকতে গৈ  কনুৱা চৰাই সমূহে পলকতে গৈ  কনুৱা চৰাই জাকত সোমাই যুঁজিবলৈ ধৰে  ৷ এই যুঁজত  শেন চৰাই কিমান সফল  হয় সেয়া শেনচোৱা বৰুৱা অথবা শেনচোৱা বৰাৰ ওপৰত নিৰ্ভৰ কৰে ৷ পাকৈত শেন চৰায়ে  কেতিয়াবা কেইবাটাও  কনুৱা চৰাই মাৰি পেলায় ৷  কনুৱা চৰাই আকাশৰ পৰা ধপচকৈ  মাটিত পৰিলে ৰজা, প্ৰজাৰ আনন্দ সীমা নোহোৱা হৈছিল  ৷ এইদৰে কেতিয়াবা শেনটোৱে যুঁজি যুঁজি এটা মৰা কনুৱাক ঠোঁটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰে তললৈ নামি আহে  ৷ এনে সময়তে  দুজন শেনচোৱাই এখন কাপোৰ মেলি ধৰে আৰু শেন অাৰু প্ৰানহীন  কনুৱাটো কাপোৰত পৰে  ৷ এই শেন মেলাত কৃতিত্ব  দেখুওৱা  শেনৰ গৰাকীক  বঁটা দিয়াৰ ব্যৱস্হা কৰে ৷  এই শেন মেলাত যদি  শেন চৰাইটোৱে  কনুৱা চৰাইৰ সৈতে যুঁজ নকৰি ক’ৰবালৈ  পলাই যায় তেন্তে শেনৰ গৰাকীক বাঘ ঢ়কাৰে শাস্তি দিয়া হৈছিল ৷

বৰ্তমান এই খেল প্ৰায় বিলুপ্ত  ৷ এই সমুহ পুৰণি খেল জীয়াই  ৰাখিবলৈ আমি চেষ্টা কৰা উচিত ৷