সংস্কৃতি, পৰিবৰ্তিত অসমীয়া সংস্কৃতি আৰু সংস্কৃতিৰ সংকট ණ...অঞ্জন বৰা



সংস্কৃতি কি, ইয়াৰ সংজ্ঞা আৰু স্বৰূপ সম্বন্ধে এটা সুস্পষ্ট ধাৰণা দিয়া কঠিন৷ অসমীয়া ভাষা-সাহিত্যৰ মাজতো এই শব্দটোৱে কেতিয়াৰ পৰা নিগাজিকৈ সোমাই পৰিল সেই বিষয়েও নিশ্চিতকৈ ক’ব নোৱাৰি৷ সংস্কৃতিৰ লগত সততে জৰিত হৈ থাকে এখন সমাজ আৰু সেই সমাজখনৰ অংগীভূত সদস্যৰূপে মানুহে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-অনুষ্ঠান, আইন-কানুন, নৈতিকতা, অভ্যাস আৰু অন্যান্য সামাজিক উপাদানসমূহ৷ মানুহৰ জীৱন-ধাৰণৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হৈ আহিছে৷ মানুহে আদিম অৱস্থাৰ পৰা সভ্য অৱস্থালৈ আহোতে সময়ৰ লগত খাপ খুৱাই জীৱন-যাপনৰ বাবে নিত্য নতুন আহিলা-পাতিৰ আশ্ৰয় ল’ব লগা হ’ল৷ ইয়াৰ বাবে মানুহে এক নতুন কৃত্ৰিম সাংস্কৃতিক পৰিৱেশৰো সৃষ্টি কৰি ল’ব লগা হ’ল৷ এটা সময়ত সেই সকলোবোৰেই মানৱ জীৱনৰ নিত্য ব্যৱহৃত সামগ্ৰীত পৰিণত হৈ পৰিল৷ গতিকে এই ফালৰ পৰা ক’ব পাৰি “যি বিলাকত প্ৰকৃতিৰ প্ৰেৰণা থাকিলেও কেৱল প্ৰাকৃতিক নিয়মত হোৱা নাই, কিন্তু মানুহে নিজৰ শৰীৰ আৰু মনৰ বিকাশৰ বাবে, সমাজৰ কল্যাণৰ অৰ্থে সৃষ্টি কৰি লৈছে আৰু মানি লৈ তাক বিকাশ সাধন কৰিছে সেয়ে হ’ল সংস্কৃতি (অসমীয়া লোক সংস্কৃতিৰ আভাস)৷” একেদৰে নৃতাত্বিক অৰ্থতো “মানুহে জন্মৰ পৰা মৃত্যুলৈকে ভৌগোলিক, সামাজিক আৰু অতিলৌকিক এই তিনিবিধ পৰিৱেশৰ মাজত বাস কৰিবলৈ সমাজৰ স্বীকৃতি লৈ যি কৰে, যেনেকৈ থাকে, যি অৱদান দিয়ে তাকে সংস্কৃতি আখ্যা দিব পাৰি (অসমীয়া লোক সংস্কৃতিৰ আভাস)৷” ইয়াৰ পৰা এটা কথা ক’ব পৰা যায় যে, সংস্কৃতি হ’ল মূলতঃ মানুহৰ জীৱন ধাৰণৰ এক সৎ, শৃংখলিত, আদৰ্শময় জীৱন প্ৰক্ৰিয়া৷


অসমীয়া ভাষাত এই ‘সংস্কৃতি’ শব্দৰ ব্যৱহাৰৰ আগতে ‘কৃষ্টি’ শব্দৰহে ব্যৱহাৰ হৈছিল৷ পিচলৈ পশ্চিমীয়া ‘কালচাৰ’ (Culture) শব্দৰ সমাৰ্থক হিচাপে ‘সংস্কৃতি’ শব্দটো বাংলা ভাষাৰ দুৱাৰ-দলি গৰকি সোমাই আহে যদিও অসমীয়া ভাষাত কৃষ্টি-সংস্কৃতি দুয়োতা শব্দৰে ব্যৱহাৰ লক্ষ্য কৰা দেখা যায়৷ কিন্তু দুয়োটা শব্দৰ মাজত এটা সুক্ষ্ম পাৰ্থক্য লক্ষ্য কৰা দেখা যায়৷ ড. নবীন চন্দ্ৰ শৰ্মাৰ মতে “একেটা ক্ৰিয়াৰ বাৰম্বাৰ আচৰণ বা আবৃত্তিক কৰ্ষণ বা কৃষ্টি আখ্যা দিব পাৰি; আৰু এই কৃষ্টিক সংস্কাৰ কৰি লোৱাটোৰ নামেই সংস্কৃতি৷” আনহাতে বিশ্বনাৰায়ন শাস্ত্ৰীৰ মতে “কৃষ্টি হ’ল এটা জাতিয়ে কৰা সকলো কামৰে সমষ্টি আৰু সংস্কৃতি হ’ল সেই জাতিৰ চিন্তা, কল্পনা আৰু কামৰ শ্ৰেষ্ঠ অংশখিনি৷ ইয়াৰ প্ৰভাৱ জাতিৰ মনত থাকি যায়৷ সেই প্ৰভাৱে জাতিৰ জাতীয় আদৰ্শ গঢ় দিয়ে, কামত অনুপ্ৰেৰণা দিয়ে৷” কিন্তু বাস্তৱ ক্ষেত্ৰত কৃষ্টি-সংস্কৃতিৰ এনে বিশাল ভাৱাৰ্থ সুদূৰ পাৰাহতে আছে বুলিব পাৰি৷ বৰ্তমান সন্ধিয়া জাকজমকতাৰে একোখন সাংস্কৃতিক অনুষ্ঠান পাতি তাত পৰিৱেশন কৰা কেইটামান গীত, নৃত্য, নাটক আদিকেই সামৰি কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ চলাই থকা হৈছে৷ চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ দৰে একোটা বিভাগ আছে যদিও সম্প্ৰতি বঁটা প্ৰদান, দুই-এখন সংগীতানুষ্ঠান অনুষ্ঠিত কৰাৰ মাজতে তাৰ দায়িত্ব শেষ৷ আনহাতে বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহতো একোটা সাংস্কৃতিক বিভাগ থাকে যদিও বছৰৰ মূৰত বিশ্ববিদ্যালয় সপ্তাহ, কলেজ সপ্তাহ আৰু যুৱমহোৎসৱৰ দৰে অনুষ্ঠান পাতি নিজৰ দায়িত্ব পালন কৰে৷ প্ৰকৃততে কোনো জাতিয় অনুষ্ঠানেই প্ৰকৃত সংস্কৃতি কি তাক বুজি উঠি তাক ৰক্ষা কৰাৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰা দেখা পোৱা নাযায়৷


সংস্কৃতিৰ স্বৰূপ নিৰ্ণয়ৰ ক্ষেত্ৰত জ্যোতি প্ৰসাদে কিছু বাস্তৱ দৃষ্টিভংগিৰে চিন্তা-চৰ্চ্চা কৰিছিল৷ তেওঁৰ মতে “আমি বাস্তৱিক জীৱনৰ সকলো আহিলাতে সৌন্দৰ্য প্ৰয়োগ কৰাৰ লগে লগে আমাৰ মন আৰু হৃদয়ৰ গুণতো সৌন্দৰ্য প্ৰয়োগ কৰোঁ৷ এই বাহিৰ আৰু ভিতৰ দুয়োৰে উৎকৰ্ষণ আৰু তাত সৌন্দৰ্য প্ৰয়োগ হ’লেই মানুহৰ সংস্কৃতিয়ে পূৰ্ণ ৰূপ পায়৷… এজন মানুহ যদি সুকুমাৰ কলাৰ সৃষ্টিত অভিনৱ সৌন্দৰ্য সৃষ্টি কৰিব পৰা হৈও, মানুহৰ সৈতে ব্যৱহাৰত আৰু সম্বন্ধত মানসিক গুণবোৰ প্ৰকাশ কৰিব নোৱাৰে তেন্তে সেই মানুহজনৰ সংস্কৃতি নিশ্চয় অসম্পূৰ্ণ বুলিব লাগিব৷” জ্যোতিপ্ৰসাদে সংস্কৃতিৰ দুটা দিশৰ কথা কৈছে৷ অন্তৰভাগ আৰু বৰ্হিভাগ৷ ইয়াৰে অন্তৰভাগত প্ৰকাশ পাই আধ্যাত্মিক উপলব্ধিৰ মানসিক উৎকৰ্ষতা৷ আনহাতে বৰ্হিভাগত প্ৰকাশ পাই বাস্তৱ জীৱনৰ চিন্তা আৰু কৰ্মৰাজি৷ বৰ্তমান আমাৰ সংস্কৃতি ৰক্ষাৰ বেলিকাও সততে আন্তঃসংস্কৃতিৰ অভাৱ লক্ষ্য কৰা দেখা যায়৷ যাৰ বাবে বহু সময়ত একোজন ব্যক্তি বা একোটা পৰিয়াল ঘৰ-দূৱাৰ, আচবাব, শিক্ষা-দীক্ষা আদি সকলো ফালৰ পৰাই সংস্কৃতিবান যেন লাগিলেও তেওঁৰ সানিধ্যলৈ যোৱাৰ পিছত বা তেওঁৰ লগত কথা পতাৰ পিছত দেখা যায় যে তেওঁৰ বাহ্যিক আৱৰণটোহে সংস্কৃতিৰ বৈশিষ্ট্যৰে ভৰা৷ ভিতৰখন অন্তঃসাৰশূন্য আৰু দুস্কৃতিৰ কদৰ্যৰে ভৰা৷ আমি সাধাৰণ অৰ্থত সংস্কৃতিসম্পন্ন ব্যক্তি বুলি ক’লে যিজন ব্যক্তিক বুজো সেইজন ব্যক্তি প্ৰকৃততেই আভ্যন্ত্তৰিণ
সংস্কৃতিৰ সুষমাৰে ভৰা হ’ব লাগিব৷ খং, ক্ষোভ, দুখ, বেদনা, হতাশাৰ মুহূৰ্ততো আত্মনিয়ন্ত্ৰণৰ মাজেৰে নিজৰ মানৱীয় গুণখিনি আনৰ আগত প্ৰকাশ কৰিব পৰা ব্যক্তিজনকেই আমি সংস্কৃতিসম্পন্ন ব্যক্তি বুলিব পাৰোঁ৷ এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে যিদৰে সকলো সভ্য মানুহকে সংস্কৃতিসম্পন্ন বুলিব নোৱাৰি সেইদৰে সকলো সংস্কৃতিসম্পন্ন লোকেই সুসভ্য নহয়৷ মানসিক উৎকৰ্ষতাইহে একোজন মানুহক সভ্য আৰু সংস্কৃতিবান কৰি তুলিব পাৰে৷ বৰ্তমান সংস্কৃতিৰ ক্ষেত্ৰত দেখা দিয়া এই সমস্যাটোৱেই সংস্কৃতিৰ ভেটি ঠৰকবৰক কৰি তুলিছে৷ নিজৰ জাতি, ভাষা, সাহিত্য, উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি আদিৰ প্ৰতি কোনো ধৰণৰ শ্ৰদ্ধা নথকাকৈ কেৱল ভোগবাদি মানসীকতাৰে সংস্কৃতি ৰক্ষাত আত্মনিয়োগ কৰা মানুহৰ সংখ্যা বৃদ্ধি পাব লাগিছে৷ যিটোৱে আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত গভীৰ সংকতৰ সৃষ্টি কৰিছে৷


এখন ৰাজ্যৰ সাংস্কৃতিক উপাদানসমূহ সংগ্ৰহালয়ত সংৰক্ষণ কৰি আমি নতুন প্ৰজন্মৰ বাবে ৰাখি থৈ যাব পাৰোঁ৷ কিন্তু আমি চিন্তা কৰিব লাগিব বাস্তৱ ক্ষেত্ৰত কি দৰে তাক পালন কৰি উঠি অহা প্ৰজন্মক পৰিচয় কৰি দিব পাৰোঁ৷ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ড. ভুবনমোহন দাসে তেওঁৰ ‘অসমীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু অন্যান্য’ নামৰ গ্ৰন্থত এটা লাখটকীয়া প্ৰশ্ন কৰিছে যে “অসমীয়া সংস্কৃতি জীৱন্ত অৱস্থাত ৰক্ষাৰ দায়িত্ব গাঁৱৰ মানুহৰ ওপৰতে ন্যস্ত নেকি?” সকলো সংস্কৃতিৰ কেন্দ্ৰবিন্দু হ’ল গাঁৱসমূহ৷ গাঁৱৰ সহজ-সৰল মানুহখিনিৰ মাজতে অধিকভাৱে জীপাল হৈ থাকে প্ৰতিটো উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি আৰু বিভিন্ন লোকসাংস্কৃতিক সমলসমূহ৷ কিন্তু বিভিন্ন কাৰণত মানুহ নগৰমুখি হোৱাৰে পৰা আভিজাত্যৰ দোহাই দি নগৰৰ বহু মানুহে সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত এক ধৰণৰ লজ্জাবোধ অনুভৱ কৰে৷ যাৰ বাবে নগৰীয়া সংস্কৃতি বুলিও এক ধৰণৰ নতুন সংস্কৃতিয়ে গঢ় লৈ উঠা দেখা গৈছে৷ এনে নগৰীয়া সংস্কৃতিৰ নতুন ধ্যান-ধাৰণাই কেতিয়াবা সমাজত সংঘাত সৃষ্টি নকৰাকৈও থকা নাই৷ গাঁৱৰ পুৰণি সাংস্কৃতিক অভিব্যক্ৰিৰ মাজত বাস কৰা পুৰণি চাম মানুহ আৰু নতুন ধ্যান-ধাৰণাত ডাঙৰ-দীঘল হোৱা নতুন পুৰুষ (New Generation)ৰ মাজৰ এনে সংঘাতে কেতিয়াবা একোখন ঘৰ, একোটা পৰিয়ালৰ বহু বছৰীয়া সম্প্ৰীতিকো জোকাৰি যোৱা দেখা গৈছে৷ এটা কথা ঠিক যে, সংস্কৃতি হ’ল জীৱন যাপন প্ৰণালীৰ এক ধাৰা৷ মানুহৰ অভিজ্ঞতা, জ্ঞান, প্ৰয়োজন আদিয়েই সংস্কৃতিৰ জন্ম দিয়ে৷ এই ফালৰ পৰা নগৰীয়া সংস্কৃতিকো আমি ভুল বুলি একেষাৰে ক’ব নোৱাৰো৷ জীৱন যাত্ৰাত আগুৱাই যাওতে অনেক লোকে অভিজ্ঞতাৰ পৰা অনেক নতুন নতুন সংস্কাৰ সঞ্চিত কৰে৷ এই সঞ্চিত সংস্কাৰ পুৰণিৰ লগত যোগ হয় আৰু কৌতিকলীয়া পুৰণি সংস্কৃতিয়ে নতুন ৰূপত আত্মপ্ৰকাশ কৰে৷ যি সংস্কৃতিয়ে নতুন অভিজ্ঞতা, জ্ঞান, সংস্কাৰ সামৰি ল’ব পাৰে সেই সংস্কৃতিয়েই সমাজত মহিয়ান হৈ থাকে৷ কিন্তু এই ক্ষেত্ৰত এটা কথা মানি ল’ব লাগিব যে, একো নোহোৱাৰ পৰা বা শূন্যৰ পৰা সংস্কৃতিৰ সৃষ্টি হ’ব নোৱাৰে৷ ইয়াৰ এটা ভেটি থাকিব লাগিবই লাগিব৷ অসমীয়া সংস্কৃতিৰো এটা নিজস্ব ভেটি আছে৷ গতিকে ইয়াক ৰক্ষা কৰা প্ৰতিজন অসমীয়াৰে পৱিত্ৰ কৰ্তব্য৷


অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত ক্ৰমে ক্ৰমে এক পৰিৱৰ্তনে গা কৰি উঠিছে৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই ইংৰাজৰ শাসন আৰু বাঙালী আমোলাসকলৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰৰ প্ৰতি অন্ধ অনুকৰণে অসমীয়া সংস্কৃতিৰ ভেটি কপাই থৈ যায়৷ সংস্কৃতিৰ ক্ষেত্ৰত সততে এটা কথা ব্যৱহাৰ কৰা হয় ‘সংস্কৃতি পৰিৱৰ্তনশীল’৷ এই কথা ঠিক যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হয়৷ পূৰ্বতে মানুহ গাঁৱত বাস কৰিছিল৷ ক্ৰমে ক্ৰমে মানুহ নগৰমুখি হ’ল৷ নানান শিল্প-বাণিজ্যৰ প্ৰসাৰ বাঢ়িল৷ উদ্যোগৰ সৃষ্টি হ’ল৷ সংস্থাপনৰ কাৰণে মানুহে নিজৰ গাঁও এৰি নগৰত বাস কৰিবলৈ ধৰিলে৷ পৰিৱেশ-পৰিস্থিতিয়ে মানুহক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰিবলৈ বাধ্য কৰিলে৷ লাহে লাহে প্ৰচলিত কিছুমান নিয়ম-নীতি, আচাৰ-ব্যৱহাৰ ধৰি ৰখা কঠিন পৰিল৷ কিন্তু সকলো পৰিস্থিতিগত কাৰণক স্বীকাৰ কৰিও আমাৰ কিছুমান আপুৰুগীয়া সাংস্কৃতিক অভিব্যক্তিক একেবাৰে দলিয়াই পেলাই সম্পূৰ্ণ নগৰমুখি হৈ পৰাটো একেবাৰে শুভলক্ষণ হ’ব নোৱাৰে৷ এই প্ৰসঙ্গত জ্যোতিপ্ৰসাদে এক সুস্পষ্ট মত আগবঢ়াইছে৷ তেওঁৰ মতে “সংস্কৃতিৰ গতিপথত দেশী-বিদেশী যিবোৰ সাংস্কৃতিক সম্পদ লগ পোৱা যায় সেইবোৰ গ্ৰহণ কৰোঁতে সদায় নিজৰ জাতীয় ৰূপত সজায় পৰাই ললেহে সংস্কৃতি গতিধৰ্মী হয়৷ এনে সংস্কৃতিৰ গতিধৰ্মিতাই ভৱিষ্যতৰ সংস্কৃতিৰো বাট মুকলি কৰি ৰখাৰ লগতে বাটটো বহল আৰু ওখও কৰে৷” গতিকে দেখা যায় ‘ভাবিকালৰ সংস্কৃতি’ বাঢ়নৰ বাট মুকলি কৰি ৰাখিবলৈ হ’লে দেশী-বিদেশী, অতীত-বৰ্তমান এই সকলো সাংস্কৃতিক সম্পদসমূহ গ্ৰহণ কৰিব পৰা বিপুলায়তন দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব৷ ইয়াকে কৰিবলৈ যাওঁতে আমি সাংস্কৃতিক অংগসমূহক পাহৰি থাকিলে নহ’ব৷ কাৰণ বাহিৰা সংস্কৃতিয়ে জীৱনটো সুচাৰুৰূপে চলাই নিয়াত সহায়হে কৰিব পাৰে, কিন্তু সেইটোৱে জাতিটোৰ ভেটি কেতিয়াও দৃঢ় কৰিব
কৰিব নোৱাৰে৷


অসমীয়া সংস্কৃতিলৈ সঘনাই পৰিৱৰ্তন আহিবলৈ ধৰিছে৷ এই পৰিবৰ্তনে গাঁও, নগৰ-চহৰ সকলোতে কম বেছি পৰিমাণে এতিয়া বিয়পি পৰিছে৷ অসমীয়া সংস্কৃতিৰ কথা ক’লেই আমাৰ মনলৈ প্ৰথমতেই ভুমুকি মাৰে জাতিয় উৎসৱ বিহুৱে৷ তিনিওটা বিহুক কেন্দ্ৰ কৰিয়েই অসমীয়া সমাজত প্ৰচলিত বিভিন্ন আচাৰ-ব্যৱহাৰ, নৃত্য-গীত, খাদ্যভ্যাস, সাজ-পাৰ আদিৰ মাজেৰেই অসমীয়া জাতিৰ এক নিজস্ব পৰিচয় বহন কৰি আছে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে নগৰসমূহৰ দৰেই গাঁওসমূহটো বিহুক কেন্দ্ৰ কৰি গঢ়ি উঠা সেই পুৰণিৰ আৱেগ কিছু ম্লান পৰিছে৷ মানুহৰ ঘৰে ঘৰে হুঁচৰি গাই বিহুৰ বতৰত গৃহস্থক আৰ্শীবাদ দিয়া, গৰু বিহুৰ দিনা একেলগে নদীলৈ গৈ গৰুক নোৱাই-ধূৱাই মাহ হালধি ঘঁহি গা ধোৱা, মাঘৰ বিহুত মেজি, ভেলা ঘৰ সাঁজি ভোজভাত খোৱা, কাতি বিহুত তুলসীৰ তলত, পথাৰত চাকি দিয়া আদি কাৰ্যবোৰ প্ৰায়েই নোহোৱা হৈ পৰিছে৷ বিবাহ অনুষ্ঠানক কেন্দ্ৰ কৰি হোৱা আখৈতোলা, গাঁঠিয়ন খুন্দা, দৈয়ন দিয়া, সুৱাঁগুৰি তোলা আদি অনুস্থানসমূহ ক্ৰমে ক্ৰমে বিবাহ অনুষ্ঠানৰ পৰা নোহোৱা হৈ পৰিছে৷ ভিডিঅ’গেইম, কম্পিউটাৰ, কেব’লটিভি আদিয়ে জোনাকনিশা সন্ধিয়া আইতাৰ মুখৰ সাধু শুনা, সাধু কোৱা আদি প্ৰথাৰ প্ৰচলন কমাই আনিছে৷ ইয়াৰ উপৰিও সাজ-সজ্জা, খাৱন-শোৱন, আ-অলংকাৰ, খেল-ধেমালি, কেশবিন্যাস, প্ৰসাধন, সোধন-পোছন আদিৰ ক্ষেত্ৰতো নতুন নতুন বস্তুৱে চকুৰ চমক লগাবলৈ ধৰিলে৷ ইয়াৰ সৰহ ভাগকেই আমি সময়ৰ পৰিৱৰ্তনৰ ফলত গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ যদিও বেছিভাগেই আকৌ আধুনিক অন্ধ নগৰীয়া আভিজাত্যৰ ফলটো সৃষ্টি নোহোৱাকৈ থকা নাই৷ যিবোৰ ক্ৰমে ক্ৰমে গাঁৱসমূহলৈ প্ৰসাৰিত হৈ গোটেই সংস্কৃতিৰ ভেটিটোকে কপাই তুলিছে৷


অসমীয়া সংস্কৃতিলৈ অহা এই সংকতৰ কাৰণ কেৱল নগৰীয়া সংস্কৃতিয়েই নহয়৷ সততে এটা অভিযোগ শুনা যায় যে, আধুনিক ভোগবাদত বিশ্বাসী যুৱকসকলে আধুনিকতাৰ নামত অসমীয়া সংস্কৃতি ৰক্ষা কৰিব নিবিচাৰে৷ কিন্তু বহু অসমীয়া সংস্কৃতি ক্ৰমে ক্ৰমে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ ক্ষেত্ৰত অন্যান্য কিছুমান কাৰকেও প্ৰভাৱ পেলাইছে৷ এই ক্ষেত্ৰত – প্ৰাকৃতিক পৰিৱেশ, নিৱনুৱা সমস্যা, ধাৰ্মিক গোড়ামী, শিক্ষানীতিৰ সময়সূচীৰ আসোৱাহ, জনসংখ্যাৰ বৃদ্ধি আৰু অৰ্থনৈতিক অস্থিৰতা আদিয়ে নতুন প্ৰজন্মক সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত পৰোক্ষভাৱে বাধাৰ সৃষ্টি কৰিছে৷ প্ৰাকৃতিক পৰিৱেশৰ ভিতৰত ভৌগোলিক অৱস্থা, জলবায়ু, মাটি, উদ্ভিদ, জীৱজন্তু আদিৰে গঠিত পৰিবেশৰ কথা ক’ব পাৰি৷ বৰ্তমান অসমৰ বেছিভাগ ঠাইতে বাৰিষা হ’লে বানপানী হোৱাটো এটা বাৰ্ষিক উৎসৱত পৰিণত হৈছে৷ যাৰ ফলত উকা পথাৰে উদং ভঁৰালৰ সৃষ্টি কৰিছে৷ একেদৰে বহু ঠাইত আকৌ বানপানীৰ বিপৰীতে বৰষুণৰ অভাৱত খৰাঙৰ সৃষ্টি হৈছে৷ এনে ক্ষেত্ৰত ব’হাগ বিহুত বৰা, চকোৱা ধানেৰে পিঠা-জলপান তৈয়াৰ কৰা, মাঘবিহুত ভেলাঘৰ সাজি ভোজভাত খাই আনন্দ কৰা কাতি বিহুত অধিক শষ্য উৎপাদনৰ বাবে পথাৰত চাকি-বন্তী দিয়া আদি পৰম্পৰাসমূহ নিজে নিজে মেলানি মাগিছে৷ সংস্থাপনৰ স্বপ্ন আৰু নিবনুৱা সমস্যাই বৰ্তমান বহুটো যুৱক-যুৱতীক চহৰমুখী কৰি তুলিছে৷ সৰু-বৰ বিভিন্ন চাকৰিত নিয়োগ হৈ অতি দুখ-কষ্টৰ মাজেদি নিজৰ ঘৰখন পুহি থকা দেখা গৈছে৷ কেতিয়াবা দেখা যায়, এনে বহুটো যুৱক-যুৱতীয়ে গাঁৱৰ কোনো উৎসৱতে অংশ গ্ৰহণ কৰিবলৈ আহৰি নাপায়৷ মানসীক উদ্বিগ্নতাই এই যুৱক-যুৱতীসকলৰ মুখৰ পৰা স্বতঃস্ফুতভাৱে ওলাই আহিব বিচৰা আনন্দকণ যেন কাঢ়ি নিছে৷


বৰ্তমান শিক্ষানীতিৰ সময়সূচীয়েও ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত সংস্কৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰিছে৷ বৰ্তমান গাঁও অঞ্চলৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই উচ্চ শিক্ষাৰ বাবে চহৰৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰে৷ দেখা যায় যে, বন্ধৰ তালিকা প্ৰস্তুত আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তালিকা প্ৰস্তুত কৰা ব্যক্তিসকলে অসমীয়া জাতিৰ সংস্কৃতিৰ কথা একেবাৰে নাভাবে৷ দেখা যায় ব’হাগ বিহুৰ এদিন বা দুদিনৰ পিছতে বহুটো পৰীক্ষা অনুষ্ঠিত কৰে৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ঘৰলৈ যাব নোৱাৰে বা গ’লেও স্বতঃস্ফূৰ্তভাৱে আনন্দত মতলিয়া হ’ব নোৱাৰে৷ আনকি বৰ্তমান কাতি বিহুত বন্ধ পৰ্যন্ত দিয়া দেখা নাযায়৷ ইয়াৰ বিপৰীতে পুঁজাত দহ-বাৰ দিনৰ পৰা এমাহ পৰ্যন্ত বন্ধ দিয়া দেখা যায়৷ ইয়াৰ লগতে আধুনিক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমেও ছাত্ৰ-ছাত্ৰীৰ মনত সাংস্কৃতিক প্ৰমূল্যবোধৰ সৃষ্টি কৰিব নোৱাৰাটোও মনকৰিবলগীয়া কথা৷ বৰ্তমান অসমীয়া সমাজত দলৈকে শিপাই যোৱা ধৰ্ম (প্ৰন্থা)ৰ গোড়ামিয়েও সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে৷ মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম আদৰ্শ প্ৰিয় এক শ্ৰেণীৰ বৈষ্ণৱে এক শৰণ ধৰ্মৰ দোহাই দি মাঘবিহুৰ সময়ত অগ্নিপুঁজা হোৱাৰ ভয়ত মেজি নজ্বলোৱা, গছ পূঁজা হোৱাৰ ভয়ৰ তুলসীৰ তলত চাকি নিদিয়া, জীৱ হত্যা হোৱাৰ ভয়ত পথাৰত চাকি নিদিয়া আদি কাৰ্যই বৰ্তমান দুয়োটা বিহুৰ ক্ষেত্ৰতে সংকীৰ্ণতাৰ পৰিচয় দিছে৷ যাৰ ফলত গাঁৱসমূহৰ এক বৃহত সংখ্যক মানুহৰ মাজত মাঘ আৰু কাতি বিহু লাহে লাহে হেৰাই গৈছে৷ ইয়াৰ লগতে বৰ্তমান গাঁৱসমূহত দেখা দিয়া ৰাজনৈতিক ৰাজনৈতিক অৰিয়াঅৰি আৰু নামঘৰ কেন্দ্ৰীক বিভেদসমূহেও ভাওনা অনুষ্ঠিত কৰাত অন্তৰাই হিচাপে দেখা দিছে৷ যিবোৰ এতিয়া আমাৰ চিনাকী গাঁৱৰ সহজলভ্য দৃশ্য হৈ পৰিছে৷


এইদৰে মন কৰিলে দেখা যায় যে, বহুটো আনুষাঙ্গিক কাৰণেই বৰ্তমান অসমীয়া সংস্কৃতিলৈ সংকত কঢ়িয়াই আনিছে৷ এনে ক্ষেত্ৰত আমি আত্ম-সমালোচনাৰে প্ৰতি ক্ষেত্ৰতে আঁতৰাব পৰা আসোৱাহসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিলে নিশ্চয় আহিব বিচৰা সংকতসমূহ কিছু আঁতৰ হ’ব৷ অৱশ্যে ইয়াৰ বাবে লাগিব এটা সাংস্কৃতিক মন, অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ দৃঢ় সংকল্প৷

সহায়ক পুথি-
(ক) অসমীয়া লোক সংস্কৃতিৰ আভাস – ড. নবীনচন্দ্ৰ শৰ্মা৷
(খ) অসমীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু অন্যান্য – ড. ভুবনমোহন দাস৷
(গ) কাৰ্পেটৰ পৰা ঘাঁহনিলৈ – প্ৰসেনজিৎ চৌধুৰী৷
(ঘ) জ্যোতি মনীষা – ড. প্ৰহ্লাদ কুমাৰ বৰুৱা৷
(ঙ) অসমীয়া সংস্কৃতি – ড. লীলা গগৈ, ড. হৰিপ্ৰসাদ নেওগ (সম্পাদিত)