ওঠৰ শতিকাতে বিলাতলৈ যোৱা প্ৰথম অসমীয়া অভিধানিক ডামচাও টেঙাই মহন আৰু বৰঅম্ৰ, লতিঅম্ৰ প্ৰসংগ ණ...ড° দেৱব্ৰত শৰ্মা

          প্ৰথম (তাই) অসমীয়া অভিধানখন যুগুতোৱা হৈছিল ওঠৰ শতিকাৰ শেষৰ দশকতে,১৭৯৫ চনতে ৷বৰ অম্ৰ আৰু লতি অম্ৰ নামেৰে পিছত মুদ্ৰিত ৰূপত প্ৰকাশ পোৱা দুখন তাই-অসমীয়া অভিধানৰ প্ৰথমখনৰ কথাকে প্ৰথমে কৈ লওঁ ৷পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেখেতৰ Descriptive Catalogue of Assamese Manuscript (published by University of Calcutta on behalf of Government of Assam,1930) গ্ৰন্থৰ একেবাৰে আৰম্ভণিতে,অজামিল উপাখ্যানৰ পিছতে,তৃতীয় পৃষ্ঠাতে বৰ এম্পৰিয়াম বিষয়ে লিখা কথাখিনি ইয়াত তুলি দিলোঁ ৷
           'No.2
           Name    - Amar
           Subject -A dictionary of                Ahom language.
          Author -not known.
          Date   - Uncertain.
      Description - This puthi is written im Ahom characters and it consist of 40 leaves of Sanchi bark measuring 17 × 41/2 inches.A folio contains 9 lines on each of its sides.Originally the puthi appears to have consisted of 43 folios but three of them are now lost. The opening lines - Kachang ba Khahuak,ka cham ba jabar etc.Contents - The manu-Babu Kailash Chandra Sen of Cooch Behar has kindly presented this puthi to me. Place of deposit - The library of Kamarpura Anusandhan Samiti. Remarks  -Vide the remarks on Deo Buranji described in No.39,part 1'
........এইবাৰ একেখন গ্ৰন্থৰ ৩৯ নং সূত্ৰলৈ গৈ তাত আমি এইখিনি উল্লেখ পালোঁ :'Remarks - This puthi(Deu Buranji 1) is in Ahom characters Rai Sahi Golap Chandra Baruah,the Assistant Inspector of schools and the Ahom Scholar,has kindly supplied the information contained in this puthi and the Amar described in No. 2 part 1.According to him both these puthis were compiled in the 26th year of the Ahom Tao singa.(p.47)
যদিও হেমচন্দ্ৰ গোস্বামীয়ে অমৰ অৰ্থাৎ বৰ অম্ৰ পুথিখনৰ প্ৰণেতা অজ্ঞাত বুলি লিখিছে তথাপি প্ৰকৃততে প্ৰণেতাজন অজ্ঞাত নাছিল ।১৯৬৪ চনৰ প্ৰথমবাৰৰ বাবে ছপা আকাৰত প্ৰকাশ পোৱা এই পুথিখনৰ (লতি অম্ৰৰে সৈতে একেলগে Ahom Lexicons নামেৰে ) প্ৰথম সংস্কৰণৰ আগকথাতে বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ তেতিয়াৰ মুৰব্বী ড' পি চি চৌধুৰীয়ে স্পষ্টকৈ লিখিছে :
'The manuscript styled Bara kakat Homung puthi was acquired by the Late Hemchandra Goswami from Babu Kailash chandra sen of cooch behar as early as 1912 on his visit to the state ,and subsequently it was handed over to this department ..The manuscript is written in Tai ahom character,consisting of 40 leaves of Sanchi bark( aquilara agallocha),measuring 40 *10cm  with eight or nine lines to a page.The manuscript was compiled in AD 1795,that it just on the last year of the reign of Gourinath singha. The noted author of the manuscript is one tengai pandit of the mahun family, an ahom priestly clan,details about the author is lacking.
ড' চৌধুৰীয়ে টেঙাই মহন পণ্ডিতৰ কথা একো নাজানিলেও বা নজনালেও এইজন মহান অভিধানিকৰ বিষয়ে কোনেও একো নজনাকৈ নাছিল ।পূৰ্বাঞ্চল তাই সাহিত্য সভা(বান্ অক্ পাপলিক ম্যুং তাই) ৰ একালৰ সভাপতি , টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ,শৈক্ষিক জাগৰণ অভিযানৰ অগ্ৰদূত জীৱেশ্বৰ মহন ডাঙৰীয়াই আমাক এই বিষয়ে বহু কথাই জনালে ।তেখেতৰ কথাখিনি তেখেতৰ ভাষাতে হুবহু তুলি দিছো:
       বৰকাকত হু-মুং পুথিৰ ৰচয়িতা দামচাও
টেঙাই মহন পণ্ডিত
'স্বৰ্গদেও গৌৰীনাথ সিংহৰ (১৭৮০-১৭৯৫) ৰাজত্ব কালত ১৭৮৭ চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হয়। এই বিদ্ৰোহ দমন কৰিবৰ বাবে স্বৰ্গদেৱে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত সহায় বিচৰাত কোম্পানীয়ে কেপ্তেইন ৱেলচ্ ৰ নেতৃত্বত এদল ইংৰাজী ফৌজ পঠিয়াই এই বিদ্ৰোহ দমন কৰে।এই সূত্ৰে ইংৰাজে অসমত বেপাৰ কৰিবলৈ স্বৰ্গদেউৰ লগত এখন চুক্তি কৰি অসমত বেহা-বেপাৰ কৰিবলৈ লয়। এইদৰে এবাৰ লোনৰ বেপাৰ কৰিবলৈ দিখৌৱেদি জাহাজেৰে উজাই আহোঁতে সোঁতত উটি যোৱা এবাকচ তাই ভাষাৰ সাঁচিপতীয়া পুথি পাই ইংলেণ্ডলৈ লৈ যায়। অনুসন্ধিৎসু ইংৰাজসকলে এই পুথিসমূহত কি আছে তাক জানিবৰ বাবে অসমৰ পৰা এজন টাই ভাষাৰ পণ্ডিত বিচাৰি পঠায় ৷ মহামতি ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহোঁয়ে আগৰ ৰাজপণ্ডিত (দিহিঙীয়া  মহন ) পৰিয়ালৰ টেঙাই মহনকে ইংলেণ্ডলৈ পঠিওৱাৰ ৱ্যৱস্হা কৰে৷ সেই অনুসাৰে এই জনা টেঙাই পণ্ডিতে ইংলেণ্ডলৈ গৈ ছয় বছৰ কাল তাতে থাকি সেই পুথিবোৰ পঢ়ি পাঠোদ্ধাৰ কৰে আৰু ইংৰাজসকলকো টাই ভাষা শিকায় ৷ ইংলেণ্ডত থকা কালতে পণ্ডিত গৰাকীয়ে ইংৰাজী ভাষাটো ভালকৈ আয়ত্ব কৰি তাৰে ভালেকেইখন পুথি ইংৰাজীলৈ অনুবাদ কৰিছিল বুলি জনা যায়৷
      .....সাঁচিপাতৰ এই পুথিখনৰ আকাৰ দীঘে ৪২ চে.মি আৰু পথালিয়ে ১০ চে.  মি জোখৰ৷  পুথিখনত মুঠ ৪০ টা পাঠ থকাৰ কথা বিমলা বৰুৱা আৰু নন্দনাথ দেওধাই ফুকনে সম্পাদনা কৰি গ্ৰন্থখনৰ পাতনিত উল্লেখ কৰিছে৷ বকতা পাৰিজাত গাৱঁৰ টাই পণ্ডিত মানচাও জোনাৰাম চাংবুন ফুকনৰ ঘৰত থকা পুথিখনৰ আন এটা প্ৰতিলিপি আমি অষ্ট্ৰেলিয়াৰ গৱেষক ড৹ স্তিফেন মুৰেৰ পৰা পাইছো ৷ এইটো প্ৰতিলিপিত বাকলি পাত দুটা বাদ দি মুঠ ৬২ খিলা সাঁচিপাত পোৱা গৈছে৷ পুথিখনৰ প্ৰতিলিপি এই অঞ্চলৰ কেইবাঘৰতো সংৰক্ষিত হৈ থকাৰ কথা জানিব পাৰিছো ৷

          বিশিষ্ট শিক্ষাবিদ জীৱেশ্বৰ মহনৰ তথ্যখিনি আন কেইবাটাও উৎসৰ দ্বাৰাও সমৰ্থিত ৷ উদাহৰণস্বৰুপে, ' স্বগীয় দুমুনৈৰ পৱিত্ৰ স্মৃতি 'ত প্ৰকাশিতত স্মৃতি গ্ৰন্হ 'জাচিংফাত' (অতুল মহন আৰু নগেন মহন সম্পাদিত, ১১ ফেব্ৰুৱাৰি,১৯৯৮)তুষেশ্বৰ মহনে টেঙাই পণ্ডিতে লিখা পুথিসমূহৰ এই তালিকা দাঙি ধৰিছে ৷ দাইফাই, লানমাই, ফাতমং,তাপতাং,বাঘদাম,লনমতি ,লুৰি, থাবি,চোড়া,জোদাই,জুমখাম,খেনলুং,ফেলোং,বানচাং,কানীবানচাং,কাঠিবানচাং,আনাংফুৰা,পিনাংফুৰা,হুনখাফুৰা,মালিখাফুৰা,ভয়লুংফুৰা,ওৱাকফাফুৰা,নেবিমানফুৰা(বুদ্ধজাতক) ,মংগলচোৱা, থামকৰাপুথি,কুকুৰা লিনকাই চোৱা পুথি,ব্ৰজনমোৱা পুথি,ব্ৰজতোলা পুথি,খেন কুকুৰা কটা পুথি,মেঘ নমোৱা পুথি,মেঘতোলা পুথি, দাইনি খেদা, বৰ দাইনি সৰু দাইনি পুথি, আয়ুষ তোলা পুথি,বৰফাই,সৰুফাই,মাজুফাই পুথি,বদনামচাং মংগল পুথি আদি৷
            তোষেশ্বৰ মহন ডাঙৰীয়াই উক্ত স্মৃতি গ্ৰন্হত আৰু লিখিছে-
       'ইযাৰ উপৰি ৪২ ইঞ্চি দীঘল আৰু ৮ ইঞ্চি ববলৰ এখন টাই অভিধান৷ চাৰে বাৰ (বাৰ) কেজি ওজনৰ এখন ৰাজ বুৰঞ্জী অৰু চাৰে ৭(সাত) কেজি ওজনৰ এখন ফৈদফলা বুৰঞ্জী (পুৰুষনামা) উল্লেখযোগ্য ৷ আচৰিত কথা এই যে তেত্ৰিছ হাত দীঘলৰ এখন মুগা কাপোৰত এখনি টাই মন্ত্ৰ পুথিও তেখেতে লিখি গৈছিল৷'
        অৰ্ধ শতাধিক পুথিৰে টাই তথা অসমীয়া ভাষালৈ বিপুল অৱদান আগবঢ়াই যোৱা এইজন প্ৰাতঃ স্মৰণীয় আদি অসমীয়া অভিধানিকৰ বিষয়ে বকতা পাৰিজাতৰ টাই শিক্ষক চাও ৰেৱকান্ত ফুকনে মেদিনী মাধৱ মহন সম্পাদিত খাম ছেং আলোচনীৰ 22 বছৰ প্ৰথম সংখ্যা (2008)ত এনেকৈ   লিখিছে-

  'টেঙাই মহনৰ জন্ম হৈছিল (১৭১৫)খ্ৰীষ্টাব্দত আহোমৰ পুৰোহিত ফৈদৰ মহন বংশত৷ এই অখ্যাত মানুহজনৰ বিষয়ে আমি একবিংশ শতিকাত ভৰি দিয়া অসমীয়া মানুহখিনিয়ে একো নাজানো৷...মন কৰিবলগীয়া কথা হ'ল, যিটো সময়ত অসমীয়া ভাষাত নালাগে ভাৰতৰ আন ভাষাসমূহতো ব্যাকৰণ,অভিধান প্ৰণয়নৰ দৰে দুৰূহ কাম কৰাটো চিন্তাৰ বাহিৰ আছিল,তেনে সময়ত লুপ্ত হবলৈ ধৰা এটা ভাষাৰ অভিধান প্ৰণয়নৰ দৰে কষ্টসাধ্য কাম সমাধা কৰাটো অসম্ভৱ নহ'লেও সঁচায়ে অতিশয় বিষ্ময়কৰ,শলাগলবলগীয়া কথা আছিল৷'
     এতিয়া আমি চাওঁহক, তিনিজন বিশিষ্ট টাই আহোম ব্যক্তিৰ তথ্যৰ ঐতিহাসিক ভিত্তি আছেনে নাই৷ উদাহৰণ স্বৰপে লোণৰ ব্যৱসায় কৰিবলৈ অহা বৃটিচ ব্যৱসায়ীয়ে দিখৌ নৈত উটি যোৱা পুথিৰ পেৰা পোৱা প্ৰসংগত৷ ১৭৯৩ খৃ:ত স্বৰ্গদেৱ গৌৰীনাথ সিংহ আৰু কেপ্তেইন ৱেলচৰ মাজত যি বাণিজ্য চুক্তি হৈছিল তাৰ প্ৰথম দফাতে লোণ আমদানিৰ বিষয়ে এনেকৈ লিখা হৈছিল:'১. বংগদেশৰ লোণৰ প্ৰকৃত দামৰ ওপৰত শতকৰা ১০০ ভাগ হাৰে শুক্ল ধাৰ্য কৰা হ'ব আৰু প্ৰকৃত দাম (সেৰত ৮৪ তোলা ওজনৰ)১০০ মোনত ৪০০টকাকৈ বুলি খাটাংকৈ ধৰা হ'ব৷ অৰ্থাত বংগৰ পৰা অসমলৈ আমদানি কৰা বস্তুবোৰৰ তালিকাৰ শীৰ্ষতে আছিল লোণ বা নিমখ৷ টেঙাই পণ্ডিতৰ সমযছোৱাত লুইতেদি সঁচাকৈয়ে বৃটিচৰ লোণ অনা বৰনাওবোৰ ঘূৰি ফুৰিছিল৷ তেনে এখন স্তিমাৰত অহা কোনো বৃটিচ বিষয়াই এবাকচ সাঁচিপতীয়া পুথি পোৱাটো আচৰিত নহয়৷ আনহাতে টেঙাই পণ্ডিতৰ লগত বৃটিচৰ সংযোগকাৰী হিচাপে পুৰ্ণানন্দ বুঢ়াগোহাঞিৰ কথা কোৱা হয় আৰু সঁচাকৈয়ে বুঢ়াগোহাঞিৰ লগত কেপ্টেইন ৱেলচ আদি বিষয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছিল৷ সেয়েহে টেঙাই মহন পণ্ডিতৰ ইংলেণ্ড ভ্ৰমণ অস্বাভাৱিক বা অমসম্ভৱ নহয়৷ জীৱেশ্বৰ মহন ডাঙৰীয়াই আমাক জনোৱা মতে,টেঙাই মহন পণ্ডিতৰ পাৰিবাৰিক সূত্ৰ ,পণ্ডিত বিশ্ব ফুকন, তাই সাহিত্য সভাৰ প্ৰধান, সম্পাদক অতুল(মহন) ফুকন আদিৰ দ্বাৰাও এই তথ্য সমৰ্থিত৷ তথাপি আমি এই বিষয়ে আৰু বিতং তথ্য সংগ্ৰহলৈ বাট চাইছোঁ৷
      সি যি কি নহওঁক, টেঙাই পণ্ডিতৰ ইংলেণ্ড বিষয়টো একাষৰীয়াকৈ থ'লেও তেওৰ দ্বাৰা প্ৰণীত "বৰ কাকত হুমুং" পুথি বা "বৰ অম্ৰ" আৰু ৰমাকান্ত বৰুৱাৰ "লতি অম্ৰ" নামৰ ওঠৰ শতিকাৰে তাই-অসমীয়া অভিধান শব্দকোষকেইখন স্ব- গুণে মহিমামণ্ডিত৷
      Ahom laxicons নামেৰে ১৯৬৪ চনত ছপা আকাৰে প্ৰথমবাৰ প্ৰকাশ পোৱা গ্ৰন্থখনৰ ১৯৯১ চনৰ সংস্কৰণৰ (বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ,গুৱাহাটী)২০৫ পৃষ্ঠাৰ ভিতৰত ১৫৯ পৃষ্ঠা জুৰি আছে "বৰ অম্ৰ"ই৷ পুথিখন আহোম বৰ্ণমালা অনুসৰি
বৰ্ণানুক্ৰমিক।প্ৰতি পৃষ্ঠাত ১৭টাকৈ ইয়াত প্ৰায় ২৫০০ শব্দ  আছে ।মূল তাই শব্দ বিলাকৰ অৰ্থ টেঙাই পণ্ডিতে  অসমীয়া ভাষাত ,কিন্তু তাই লিপিত লিখিছিল । কিন্তু ১৬৬৪ চনত নন্দনাথ দেওধাই ফুকন আৰু বিমলা বৰুৱাৰ সম্পাদনাত প্ৰথমবাৰ প্ৰকাশ হোৱা সময়ত দেখা গ'ল একে অৰ্থ ৰাখিলেও অৰ্থবোৰ তাই লিপিৰ  পৰিবৰ্তে অসমীয়া লিপিত দিয়া হৈছে আৰু লগতে ইংৰাজী অৰ্থও দিয়া হৈছে ।
বৰ অম্ৰত প্ৰতিটো তাই শব্দৰ পিছত 'চাম্বা' বুলি দি তাৰ পিছত অসমীয়া অৰ্থতো তাই আখৰত দিয়া হৈছিল । প্ৰতিটো অসমীয়া অৰ্থসূচক শব্দৰ পিছত হয় 'ক', নহয় 'ৰ' লগোৱা দেখা গৈছিল । বিশ্লেষণ কৰিলত দেখা গ'ল যে 'ক' লগোৱা শব্দবোৰ বিশেষ্য আৰু 'ৰ' লগোৱা শব্দবোৰ ক্ৰিয়া । উদাহৰণস্বৰূপে 'কা চাম্বা কাউৰীক' । এই কথাখিনিৰ বাখ্যা এনে হ'বঃ 'তাই ভাষাত কা শব্দৰ অৰ্থ হৈছে কাউৰী' ,আৰু ই হৈছে এটা বিশেষ্য (চামবা-মানে)। সেইদৰে   'বানখাও চামবা ধান চোৱাৰ ' কথাৰ বাখ্যা হ'ব 'বানখাও মানে ধান চোৱা ' আৰু ই এটা ক্ৰিয়া ।
যি কি নহওক বুৰঞ্জী আৰু পুৰাতত্ব বিভাগে সম্পাদনা কৰি উলিয়াবৰ সময়ত উক্ত 'চামবা' বাদ দিয়াৰ উপৰি অসমীয়া শব্দৰ পিছত থকা বিশেষ্য-ক্ৰিয়াসূচক 'ৰ' বা 'ক'ও বাদ দিয়া হয়। তদুপৰি সম্পাদনাৰ সময়ত মূল বৰ অম্ৰ-লতি অম্ৰত নথকা বহু শব্দও ইয়াত ভৰোৱা হয়। কিন্তু কোনবোৰ অভিধানিক দুজনৰ শব্দ আৰু কোনবোৰ পৰৱৰ্তী সংযোজন বুজাৰ কোনো উপায় ছপা ৰূপটোত নাথাকিল। তদুপৰি কেতবোৰ তাই শব্দৰ অসমীয়া অৰ্থৰ পৰা সন্দেহ হয় যে সেইবিলাক অভিধানিক দুজনৰ আছিল নে নিতান্তই অৰ্বাচীন সংযোজন ।উদাহৰণস্বৰূপে 'ৰাও-চান' শব্দটোৰ অসমীয়া অৰ্থ দিয়া হৈছে 'বাৰান্দা' আৰু ইংৰাজী অৰ্থ দিয়া হৈছে 'A veranda of a house'-দেখদেখকৈয়ে এয়া পৰৱৰ্তী ইংৰাজী সংযোজন । অৱশ্যে অচিৰেই বৰ অম্ৰ,লতি অম্ৰৰ নতুন সংস্কৰণ প্ৰকাশ পালে তাত এনে বিভ্ৰান্তিবোৰ এৰাই চলিব পৰা যাব বুলি আশা কৰা যায় ।
বৰ অম্ৰ আৰু লতি অম্ৰ দুয়োখনতে তাই ভাষাৰ শব্দৰ অৰ্থ অসমীয়া ভাষাত,কিন্তু তাই  লিপিত দিয়া হৈছিল কিয় ? স্পষ্টতঃ এনে পাঠকৰ সুবিধাৰ কাৰণে যি তাই ভাষা জানে, তাই লিপি জানে, অসমীয়া ভাষা বুজি পায় কিন্তু অসমীয়া লিপি নেজানে ।কোৱা বাহুল্য যে আহোম শাসনকালৰ আৰম্ভণিৰ পৰা শেষলৈকে অসমীয়া ভাষাৰ সমান্তৰালভাবে তাই ভাষাও চলি আছিল । তাই ভাষাত অজস্ৰ বুৰঞ্জী আৰু অন্যান্য পুথি আছে যিবোৰ অসমীয়ালৈ আজিও অনুবাদ হোৱা নাই। বৰ অম্ৰ - লতি অম্ৰৰ সহায় লৈ সেই অনুবাদৰ কথা ভবাও থল আছে।
তাই- অসমীয়া পাৰস্পৰিক জ্ঞান বিনিময়ৰ উপৰি অভিধান খনে অসমীয়া জাতীয় অভিধানকো সমৃদ্ধ কৰিবলৈ ধৰিছে। কাৰণ বৰ অম্ৰ-লতি অম্ৰত তাই ভাষাৰ শব্দবোৰৰ অৰ্থ ভাঙিবলৈ যাওঁতে ওঁঠৰ শতিকাৰ শেষৰ ভাগৰ এনে কেতবোৰ অসমীয়া শব্দ ব্যৱহাৰ কৰা হৈছে যিবোৰ বৰ্তমানে বিলুপ্ত বা প্ৰায় অপ্ৰচলিত হৈ পৰিছে। মূলতঃ আহোম সম্প্ৰদায়ৰ গাঁৱলীয়া অসমীয়া সকলৰ মাজত প্ৰচলিত তেনেবোৰ নিভাজ অসমীয়া শব্দৰ ভু হয়তো শিৱসাগৰ নগৰত বহি থকা খ্ৰীষ্টিয়ান মিচনেৰি মাইলচ ব্ৰনচন আৰু ব্ৰাহ্মণ সন্তান হেমচন্দ্ৰ বৰুৱায়ো পোৱা নাছিল ।তেনে সম্ভাব্য শব্দ ৰিজাই চাবলৈ সময় নাপালেও আমি এখন প্ৰাথমিক তালিকা ইয়াত তুলি ধৰিব খোজোঁ,যেনেঃ
      আপায়েক,খুনলুং,খুনলাই,জাছিংফা,লেংদন,দৰমূল,উখুমা,হিয়াচাৰি,দেওতৰা,মাকতা আঠা,ডাকুৰ,কপালী,তাহোন,টাৰু,কাপ ঢেকীয়া,নেকেৰা গাহৰি,বৰটিপা,কেৰকেচা দিয়া,গুইমেলা খেল,আঁকুহী,ফান্দনি,মুঞৰাগ(ম'ৰা),আহঙীয়া(বেছি মৰমৰ),জেঁঠী মোৰ(জহনি),ঘুমুৱা (কাপোৰেৰে গা ঢকা),আগভলা,কুৰ্মুৰা,আহোম  ভিৰে বহা,চেৱা দিয়া ভাত,ডাৰফাঁক ইত্যাদি ইত্যাদি ।
এনেধৰণৰ কেইবাশও শব্দ পৰীক্ষা কৰি চাই ইতিপূৰ্বে কোনো অসমীয়া অভিধানত নথকা শব্দবোৰ অসমীয়া জাতীয় অভিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে ।এইখিনিতে কৈ থোৱা ভাল যে বৰ অম্ৰত বৰ্ণানুক্ৰমিকভাৱে শব্দবোৰ সজোৱাৰ বিপৰীতে লতি অম্ৰত তাই শব্দবোৰ সজোৱা হৈছে বিষয় অনুক্ৰমে।তাতোকৈ মজাৰ কথা এইখন অভিধানত শব্দবোৰ আছে অসমীয়াত,(অৱশ্যে তাই লিপিত),সিবিলাকৰ তাই অৰ্থ ভঙা হৈছে ।দেখদেখকৈয়ে এয়া এক দ্বিভাষিক পৰিস্থিতিৰ চাহিদা।তাকে কৰিবলৈ যাওঁতে মানুহৰ দেহ সম্পৰ্কীয় শব্দ ,ঘৰ সজা সম্পৰ্কীয় শব্দ,মাছৰ নাম,শাকৰ নাম,কচুৰ নাম ,বনৰ নাম ,ফুলৰ নাম,আহোম শক আদি অন্তৰ্ভুক্ত কৰা হৈছে ।
লতি অম্ৰৰ পৰা জাতীয় অভিধানলৈ অহা শব্দৰ তালিকা এখন ইয়াত দাঙি ধৰা হ'ল।দেহৰ অংগ : টিকুৰ,ঘাঁড়চেলেকা,চকুৰ কটি,নাকৰ মেচা,টুটলি,জলখাপৰি,থপলপ ইত্যাদি ।ঘৰ সজা সম্পৰ্কীয় শব্দ- ঠাকুৰা,মতা কামী,চান্দনি কামী,জেলিপ বন্ধা,ভুটকুৰি,কোবাইতৰা ইত্যাদি,মাছৰ নাম -বৰগলা,চিকাবৰালী ইত্যাদি ,শাকৰ নাম -দল এগেৰুৱা,পানীকলা,চুৰাই,লৰ বৰুৱা,ৰঙা ফুটৱা,জয়তা টেঙা,লহকৰীমৰা ইত্যাদি ।
    মুঠৰ ওপৰত এই প্ৰতিটো শব্দই অসমীয়া ভাষা,জাতি,তাৰ বৰ্ণাঢ্য লোক-সংস্কৃতি,হেজাৰ বছৰীয়া লোক অভিজ্ঞানৰ একো একোটি আপুৰুগীয়া মণি-মুকুতা।এই প্ৰতিটো শব্দই নিশ্চিতভাৱে জাতীয় অভিধানৰ অপৰিহাৰ্য্য উপাদান,অসমীয়া জাতিৰ সমূহীয়া সম্পত্তি ।
আনন্দৰ কথা যে ইতিমধ্যে প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মহন,প্ৰাক্তন অধ্যাপক বিনন্দ মহন ভাতৃদ্বয়ৰ প্ৰচেষ্টাত বৰ অম্ৰ-লতি অম্ৰৰ সম্পাদনা আৰু প্ৰকাশৰ চেষ্টা চলি আছে ৷
অসমীয়া অভিধানখন প্ৰকাশ পোৱাৰ দিনাই একেখন মঞ্চৰ পৰাই অসমীয়া ভাষাৰ সবাতোকৈ
আৰু সেয়ে ওঁঠৰ শতিকাৰ আৰম্ভণিৰ ফালে জন্মগ্ৰহণ কৰি সেই শতিকাৰে শেষৰ ফালে এহাতে প্ৰথম (তাই)অসমীয়া অভিধান সংকলন আৰু আনহাতে অৰ্ধশতাধিক তাই(অসমীয়া)গ্ৰন্থ ৰচনা কৰা অভিধানিকজনক আমি আজি সশ্ৰদ্ধে সুঁৱৰিছো ।এইজন টেঙাই মহন পণ্ডিতৰ ছবছৰীয়া ইংলেণ্ড যাত্ৰাৰ অধিক তথ্য প্ৰমাণে এহাতে তেখেতক বিলাতগামী প্ৰথম অসমীয়া বুলি প্ৰতিষ্ঠা কৰিব আৰু আনহাতে ওঠৰ শতিকাতেই প্ৰাচ্য-পাশ্চাত্য দুই গোলাৰ্ধৰ বিচিত্ৰ অভিজ্ঞতাসম্পন্ন তথা ইংৰাজী -তাই -অসমীয়া জনা সেই সময়ৰ একমাত্র অসমীয়া হিচাবেও হয়তো তুলি ধৰিব।
    সি যি কি নহওঁক ,১৭১৫ চনত জন্মৰ প্ৰায় তিনি শতিকা পিছতো অসমীয়া ভাষা -সাহিত্যৰ ইতিহাসৰ অতিশয় প্ৰাসংগিক অথচ সমানে অৱহেলিত ,স্বীকৃতবঞ্চিত এইজন মহান অসমীয়া অভিধানিক -সাহিত্যিকক সদৌ অসমীয়া জাতিয়ে অন্ততঃ ২০১০-২০১৫ সময়ছোৱাত ,অৰ্থাৎ অভিধানৰ প্ৰথমপূৰ্ণ প্ৰকাশৰ পৰা তেখেতৰ জন্মৰ ত্ৰি-শতবৰ্ষৰ সময়ছোৱাত যথাযোগ্য ভাবে সোঁৱৰিব ,এয়ে আমাৰ আশা আৰু সেয়ে হ'লে এই হেজাৰ বছৰীয়া মহান জাতিটোৰ অভিধান চৰ্চাতো আমেৰিকান মিচনেৰি,অসমীয়া বৰ্ণ হিন্দুৰ উপৰি তাই আহোমকে ধৰি বিভিন্ন জনগোষ্ঠীৰ অৱদান স্বীকৃত হ'ব,ৰমক জমককৈ ফুলি উঠিব জাতিৰ বাগিচাত বৰ্ণাঢ্য শতপুষ্প।
গ্ৰন্থ ঋণ:
1.B Barua & N.N deudhai phukan(ed)Ahom lexicons, DHAS, Guwahati ,First ed 1964,second ed 1991.
2.Golap ch. Barua ,Tai language and ahom-assamese-English Dictionary,First ed. Calcutta,1920.Second ed. Delhi 1995

3.সৰ্বানন্দ ৰাজকুমাৰ: ইতিহাসে সোঁৱৰা ছশটা বছৰ,যোৰহাট 2000 চন

4. ভৱ�কান্ত দত্ত(অনু):কেপ্তেইন ৱেলচৰ অসম সম্পৰ্কীয় টোকা,গুৱাহাটী

5.ড' দেবব্ৰত শৰ্মা,ড' বেণু গগৈ (সম্পা): জাতীয় অভিধান প্ৰসংগ ,যোৰহাট 2000

6.ভৈৰৱ সন্দিকৈ (সম্পা): পূৰ্ণানন্দ বুঢ়াগোঁহাই, যোৰহাট,1976

7.জীৱেশ্বৰ মহন: টেঙাই মহন পণ্ডিত সম্পৰ্কীয় টোকা

8.অতুল মহন,নগেন মহন(সম্পা): জাছিংফা,1998

9.মেদিনী মাধৱ মহন (সম্পা): খাম ছেং