ঢকুৱাখনাৰ ফাট বিহুৰ ইতিবৃৃত্ত, ফাটবিহুৰ বিৱতৰ্ন, বৈশিষ্ট্য আৰু সাংস্কৃতিক ঐতিহ্য ණ...বিপুল বৰা

"শালিকী চৰায়ে কিৰিলি পাৰিলে

গছৰ গুটি খাবলৈ পাই ;

আমি অসমীয়াই কিৰিলি পাৰিলো

ফাটবিহুৰ বতৰা পাই।"

ফাটবিহু; নাম শুনিলেই যেন ঢকুৱাখনীয়াৰ মুখত হাঁহি বিৰিঙি উঠে ; আনন্দৰ জোৱাৰ উঠে মনত। অসমৰ জাতীয় উত্সৱ বিহু। বিহু প্ৰকৃততে তিনিটা যদিও ঢকুৱাখনীয়াৰ মুখত সঘনাই আৰু এটা বিহুৰ কথা শুনা যায়। ফাটবিহু। "এইবাৰ বিহুত ঘৰলৈ নাযাওঁ দিয়া , একেবাৰে ফাটবিহুতেই যাম।" বিভিন্ন কাৰণত ঢকুৱাখনাৰ বাহিৰত কৰ্মৰত ঢকুৱাখনীয়াৰ মুখত এইষাৰ কথা প্ৰায়েই শুনা যায়। ইয়েই সূচায় যে ফাটবিহুৰ প্ৰতি ঢকুৱাখনীয়াৰ আন্তৰিকতা কিমান.........।
ঢকুৱাখনাৰ ইতিবৃত্ত

ঢকুৱাখনা। অসমৰ লক্ষীমপুৰ জিলাৰ দক্ষিণ পূৱ প্ৰান্তৰৰ আছুতীয়া-আওহতীয়া ঠাই ঢকুৱাখনা। আহোম , চুতীয়া, কৈৱৰ্ত, মিচিং , কছাৰী , কলিতা , দেউৰী , মুছলমান (মৰিয়া) আদি জনগোষ্ঠীৰে সমৃদ্ধ ঢকুৱাখনা এসময়ৰ ব্ৰিটিছ আমোলত কিছুদিনৰ বাবে জিলাৰ সদৰ আছিল। ১৮৪২ খ্ৰীঃ ৰ পৰা সদৰ স্থান ডিব্ৰুগড়লৈ নিয়া হয়। তেতিয়া ডিব্ৰুগড় আৰু লক্ষীমপুৰ নগৰ দুখন অবিভক্ত লক্ষীমপুৰ জিলাৰ অন্তৰ্গত আছিল। লক্ষীমপুৰ জিলা বিভক্ত হোৱাৰ পাছত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লক্ষীমপুৰ জিলাৰ সদৰৰূপে লৈ লক্ষীমপুৰ জিলা গঠন কৰা হয়।

এ.জে.মফফট মিলচ্ ৰ মতে ৰিপ'ৰ্ট মতে , ১৮৪৮-১৮৫২ খ্ৰীঃ ৰ কালছোৱাত ঢকুৱাখনাত আৰক্ষী চকী আৰু এখন ক্ষুদ্ৰ বজাৰ আছিল । মিলচ্ ৰ ৰিপ'ৰ্টত ঢকুৱাখনাক কোৱা হৈছে --- ডেউকুৱাখন্না (Dewkokwakhana), ঢ'কোৱাখনাহ (Dhokowakhanah), ঢ'কুৱাখনা (Dhokwakhana), আৰু ডউকুৱাখন্নাহ (Dawkwakhannah) বুলি।

হাবুং। ইতিহাসমতে ঢকুৱাখনাৰ প্ৰাচীন নাম আছিল হাবুং । অনাৰ্য ভাষাৰ শব্দ 'হা' আৰু 'বুং' মিলি হাবুং হৈছে। 'হা' মানে বহল আৰু 'বুং' মানে ঠাই । অৰ্থাৎ আহল বহল ঠাই । আন এক অৰ্থত হাবুং মানে পলসুৱা আৰ্দ্ৰভূমি। ড. জে.পি. ৱেড ( J.P. Wade) ৰ Geographical Sketch (১৮০০ খ্ৰীঃ ) ত পোৱা যায় যে, পূৰ্বতে হাবুং এখন ৰাজ্যৰ দৰেই আছিল যিখন ৰাজ্য দীঘলে ৩০ মাইল আৰু বহলে ১৫ মাইললৈকে বিস্তৃত আছিল। এই ৰাজ্যখন চামপৰা আৰু সোৱণশিৰি নৈৰ সংগমস্থলত আৰু বাংফাং ৰাজ্যৰ পূৱত আছিল বুলি কোৱা হয়। অনেকৰ মতে , হাবুং ৰাজ্যখন পশ্চিমে ৰঙানদীৰ পৰা পূবে ঢকুৱাখনা অঞ্চললৈ বিস্তৃত আছিল। 'হেমকোষ' অভিধানৰ পুৰণি সংস্কৰণত হাবুং সম্পৰ্কে এনেদৰে উল্লেখ আছে , --- হাবুং ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন ঠাই । হাবুঙৰপৰা হাবুঙীয়া শব্দৰ উত্পত্তি হৈছে । 'হাবুঙীয়া' মানে হাবুঙত বাস কৰা। Living at Habung in North Lakhimpur. (Recently under water). ইয়াৰ উপৰিও হাবুং সম্বন্ধে বহুতো অভিমত প্ৰকাশ কৰি গৈছে।

হাবুং এসময়ত কছাৰী - চুতীয়া আৰু ভূঞা - কায়স্থ ৰজাসকলৰ দখলত আছিল যদিও ১৫১২ খ্ৰীঃ তহে সম্পূৰ্ণকৈ আহোম ৰজাৰ অধীনলৈ আহে। আহোমসকলে হাবুঙত খেতি বাতি কৰি বসবাস কৰিছিল । ১২৪৪ খ্ৰীঃ ত প্ৰলয়ংকৰী বানে সমগ্র হাবুং ৰাজ্য বুৰাই পেলোৱাত স্বৰ্গদেউ চুকাফাই দিখৌমুখলৈ গুচি যায় । হাবুং ৰাজ্যখন বানপানীৰে প্লাবিত নোহোৱাহেঁতেন , বৰ্তমানৰ ঢকুৱাখনা ঠাইখনেই হয়তো আহোমৰ ৰাজধানী ৰূপে গঢ়ি উঠিলহেঁতেন । হাবুং সম্বন্ধে আৰু বহুতো কিংবদন্তি পঢ়িবলৈ পোৱা যায়।

ঐতিহাসিক তথ্যৰ উপৰিও হাবুং বা বৰ্তমানৰ ঢকুৱাখনা সম্পৰ্কে অনেক প্ৰচলিত কিংবদন্তি আছে। বিশেষকৈ আৰিমত্ত , মায়ামত্ত আৰু নাগমত্তক কেন্দ্ৰ কৰি এই কিংবদন্তিবোৰ চলে। শঙ্কৰী ঐতিহ্যৰ সৈতে হাবুঙৰ ইতিহাস জড়িত হৈ আছে । মহাপুৰুষ মাধৱদেৱে হাবুঙৰ ঘাগৰী টোলত তেওঁৰ বাল্যকাল অতিবাহিত কৰাৰ উপৰিও মাহখেতি কৰাৰ কথাও 'কথা-গুৰুচৰিত' পুথিত পোৱা যায় । এনেবোৰ ইতিহাস আৰু ঐতিহ্যৰে সমৃদ্ধ পূৰ্বৰ হাবুং আজি ঢকুৱাখনা নামেৰে পৰিচিত । আজিৰ ঢকুৱাখনা সংস্কৃতিৰ ঐতিহ্যৰে চহকী এখন ঠাই ; য'ত প্ৰাকৃতিক দুৰ্যোগে মহতিয়াই যোৱাৰ পিছতো যুগ যুগ ধৰি ফুলি থাকে বাৰে-ৰহনীয়া সংস্কৃতিৰ ফুল।

ফাটবিহুৰ উত্পত্তি

আহোম ৰজাৰ দিনত 'ফাটবিহু' উত্পত্তি হয় বুলি জনা যায় যদিও অনেকৰ মতে ফাটবিহু তাৰো আগৰ।

"পখিলা উৰাদি উৰ ঐ নাচনী
পখিলা উৰা দি উৰ
ৰজৰো আগৰ ফাটবিহু খনিৰ
নেপাবি পীৰিতিৰ ওৰ।"

ফাটবিহু সম্পৰ্কীয় কেইটামান প্ৰচলিত মতামত এনেধৰণৰ

(ক) আহোম ৰজাৰ দিনতে ঢকুৱাখনাৰ চাৰিকড়ীয়াৰ পাৰৰ বিহু চাবলৈ বহু দূৰৰ পৰা দৰ্শক আহিছিল। তাৰে কিছুমানে বিহুত অংশগ্ৰহণ কৰিছিল । হাজাৰ-বিজাৰ বিহুবলিয়া ৰাইজৰ সমাগম হোৱাত বিহুতলীত ফাট মেলিছিল। তেতিয়াৰেপৰাই ঢকুৱাখনাৰ বিহুৰ নাম "ফাটবিহু" বুলি কোৱা হয়।

(খ) একাংশ ৰাইজৰ মতে , ঢকুৱাখনাৰ বিহু চলি থাকোঁতে পূৰ্বতে কেতিয়াবা ঢোল ফাটিছিল , নাচোতে নাচনীৰ ৰিহা-মেখেলা ফাটিছিল , ঢুলীয়াই নাচনীক পলুৱাই নিওঁতে নাচনীৰ আঁচল ফাটিছিল আৰু বিহুনাম গাওঁতে মাত ফাটিছিল। এই সূত্ৰে ঢকুৱাখনাৰ বিহুক "ফাটবিহু" বুলি চিনাক্ত কৰা হয়।

(গ) অন্য এক প্ৰচলিত জনমত আছে যে , সমাজৰ উচ্চ বৰ্ণৰ পৰা কিবা কাৰণত ফালৰি কাটি আহি বিহু পতা বাবে ঢকুৱাখনাৰ বিহুক "ফাটবিহু" বোলা হয়।

(ঘ) ইংৰাজ চাহাব স্ফাটগ্ৰীণ , তেওঁ ঢকুৱাখনালৈ আহোঁতে তেওঁক বিহুৰে আদৰা হৈছিল। তেওঁৰ নামৰ পৰাই "স্ফাট" শব্দটো "ফাট" লৈ ৰূপান্তৰিত হয় আৰু তাৰপৰাই "ফাটবিহু"ৰ উত্পত্তি হয় বুলি বহুতে কয়।

(ঙ) আহোম ৰজাৰ দিনত এবাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিহু দল এটা শিৱসাগৰৰ ৰংঘৰলৈ বিহু প্ৰদৰ্শন কৰিবলৈ যায়। বিহু প্ৰদৰ্শনত অনাহকত কোনোবাই বাধা প্ৰদান কৰাত ৰংঘৰৰ পৰা ফালৰি কাটি আহি উত্তৰ পাৰৰ ৰাইজে বেলেগে বিহু পাতে। সেই বিহুকেই পাছলৈ "ফাটবিহু" নামেৰে নামাকৰণ হয় বুলি বহুতে মত পোষণ কৰে।

(চ) ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত আহোমৰ দিনত এটা ফাট বা ঘাট আছিল। সেই ফাটক 'পানীফাট' বুলিছিল। পানীফাটত আহোমৰ ৰাজহ, কৰ-কাটল আদি তোলা হৈছিল। চাৰিকড়ীয়াৰ সেই পানীফাটতেই ব'হাগ মাহৰ সপ্তম দিনা ৰাইজে একগোট হৈ ব'হাগ বিহু পাতিছিল। "ফাট"ত অনুষ্ঠিত হোৱা বাবে সেই বিহুক "ফাটবিহু" বুলি কোৱা হৈছিল।

(ছ) অনেক লোকৰ সমাবেশৰ ক্ষেত্ৰত কেতিয়াবা 'ফাট' শব্দটো ব্যৱহাৰ কৰা হয়। ঢকুৱাখনাৰ চাৰিকড়ীয়াৰ পাৰৰ বিহুত হাজাৰ-বিজাৰ ৰাইজ গোট খাইছিল। চাৰিকড়ীয়াৰ 'ফাট'ত কেতিয়াবা ৰাতিবিহুৰো আয়োজন কৰা হৈছিল। এসপ্তাহ জুৰি চলা ৰাতিবিহুত অঞ্চলটোৰ ৰাইজে ফাট মাৰিছিল বাবে ব'হাগৰ সেই বিহুক "ফাটবিহু" বুলি কোৱা হয়।

(জ) ব'হাগৰ সাতদিন ধৰি চলা 'ৰাতিবিহু' চাবলৈ বহু দূৰৰপৰা বিহুবলিয়া ডেকা গাভৰুবোৰে পলাই আহি ঢকুৱাখনাৰ গাতে লাগি থকা ম'হঘূলি চাপৰিত লগ লাগে । ঢুলীয়াৰ ঢোলৰ ছেৱত নাচনীৰ ককাল ভাগে । ঢুলীয়া ভাগৰি পৰিলে নাচনী জিকে আৰু নাচনী ভাগৰি পৰিলে ঢুলীয়া জিকে । ঢুলীয়া বা নাচনীৰ কৰ্ম-ক্ষমতাৰ তুলনা কৰিবলৈ এটা দলৰ নাচনী বা ঢুলীয়াই আনটো দললৈ যায় । এনেদৰে ইটো দলে সিটো দলৰ সমকক্ষ হ'বলৈ ফালৰি কাটি আহি বিহু পৰিবেশন কৰা হেতুকে চাৰিকড়ীয়াৰ পাৰৰ বিহুক "ফাটবিহু" বুলি অভিহিত কৰিছিল।

(ঝ) ম'হঘূলি চাপৰিৰ বিহুত ডেকা-গাভৰুৰ মনত প্ৰেমৰ নৈ বয় । কেতিয়াবা মনে মিলিলে ডেকা-গাভৰুৰ যুটিয়ে বিহুতলীৰপৰাই পলাই ফাট মাৰি ক'ৰবালৈ গুচি যায় । বিহুতলীৰপৰাই পলাই 'ফাট' মৰা হেতুকে ম'হঘূলি চাপৰিৰ বিহুক "ফাটবিহু" বুলি কোৱা হয়।

(ঞ) এবাৰ হেনো খুব খৰাং হৈছিল । খৰাঙত ম'হঘূলি চাপৰিৰ মাটিয়ে ফাট মেলিছিল । খৰাঙৰ পৰা ৰক্ষা পাবলৈ নিৰাময়-উত্সৱ হৈছিল। সেই উত্সৱৰ পিছতেই মাটিয়ে ফাট মেলা বন্ধ হয় আৰু পিছৰবাৰ বিহুৰ বতৰত ধুমুহা আহে । খৰাঙত চাপৰিৰ মাটি ফাট মেলা সময়ৰ পৰা প্ৰতিবছৰে বিহু অনুস্থিত হয় বাবে ঢকুৱাখনাৰ বিহুক "ফাটবিহু" বুলি কয়।

ফাটবিহু সম্পৰ্কে প্ৰচলিত উপৰোক্ত মতামত , কাহিনী আৰু ইতিহাসৰ যুক্তিপূৰ্ণ আৰু বিজ্ঞানসন্মত পৰ্য্যালোচনা কৰিলে দেখা যায় যে , চাৰিকড়ীয়াৰ পাৰত আহোম ৰজাৰ দিনত যি 'পানীফাট' আছিল তাৰে পৰাই ফাটবিহুৰ উত্পত্তি হৈছিল । ইতিহাস আৰু ভাষা-বিজ্ঞানৰ বিচাৰত ফাটবিহুৰ উত্পত্তি ষোল্ল শতিকাৰ আহোম যুগত; আহোমৰ 'পানীফাটত' ঢকুৱাখনীয়া ৰাইজে বিহু অনুস্থিত কৰাৰ পিছৰেপৰা চাৰিকড়ীয়াৰ বিহু "ফাটবিহু" নামেৰে জনাজাত হয় আৰু আজিৰ বিহু আহোমৰ দিনৰ 'ফাটৰ বিহু'ৰ উত্তৰণৰ মাজেৰে "ফাটবিহু" ৰূপ পায়।
ফাটবিহুৰ বিৱৰ্তন, বৈশিষ্ট্য আৰু সাংস্কৃতিক ঐতিহ্য

আহোম ৰজাৰ দিনতে ফাটবিহুৰ প্ৰচলন হয় যদিও ইংৰাজৰ ৰাজত্বকালত , ১৯১৮ খ্ৰীষ্টাব্দত ফাটবিহুৰ যতি পৰে । ঐতিহাসিক তথ্যমতে , ১৯১৭ খ্ৰীষ্টাব্দৰ ৰুছ বিপ্লৱৰ প্ৰভাৱ অসমতো পৰাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ইংৰাজ বিৰোধী বিদ্ৰোহৰ ঢৌ উঠে । বিভিন্ন সূত্ৰৰ পৰা জনামতে , ১৯১৮ খ্ৰীষ্টাব্দৰ পৰা ফাটবিহু বন্ধ হোৱাৰ অন্তৰালত এক ৰাজনৈতিক কাহিনী আছে।

জগদীশ গগৈয়ে তেওঁৰ 'ফাটবিহুৰ পম খেদি এখন চিঠি : ৰাইজলৈ' শীৰ্ষক লেখাত উল্লেখ কৰিছে যে ১৯১৮ খ্ৰীঃত বন্ধ হোৱা ফাটবিহুৰ পুনৰ উত্তৰণ ঘটে ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পাছৰপৰা । গগৈৰ মতে, "স্বাধীনতা লাভৰ বাতৰিটো ১৬ আগষ্টৰ আবেলি ভাগতহে জনা-জনি হৈছিল । আৰু তাত্ক্ষণিকভাৱে প্ৰতিখন গাঁৱৰ ৰাইজে দবা-কাঁহ , শংখ-ঘণ্টা , ঢোল-খোল বজাই ঢকুৱাখনাৰ প্ৰধান প্ৰধান ৰাস্তাত শোভাযাত্ৰা কৰিছিল স্বাধীনতা লাভৰ আনন্দত আত্মহাৰা হৈ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক উত্সৱ ফাটবিহু পুনৰ অনুস্থিত কৰিবলৈ টঙালি বান্ধিলে কেইজনমান উদ্যোগী সংস্কৃতিপ্ৰেমী ব্যক্তিয়ে । স্বৰ্গীয় মহেন্দ্ৰ গগৈ , স্বৰ্গীয় জয়চন্দ্ৰ গগৈ, ডম্বৰুধৰ চেতিয়া , স্বৰ্গীয় লীলাকান্ত দাস , কবীন গগৈ , খগেশ্বৰ হাজৰিকা আদি লগ হৈ ১৯৪৮ চনত পোন প্ৰথম বাৰৰ বাবে আনুষ্ঠানিক ফাটবিহু ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰে । ১৯৫০ চনৰ বৰভূঁইকপ, ১৯৫৪ চনৰ বাৰে-চহৰীয়া সবাহ , ১৯৫৬ চনৰ কৃষক সভা , ১৯৫৭ চনৰ কৃষ্টি সভা আদি বিভিন্ন কাৰণত ফাটবিহু অনুষ্ঠিত হোৱা নাছিল। ১৯৫৮ চনত স্বৰ্গীয় জয়চন্দ্ৰ গগৈ , স্বৰ্গীয় কেঁহুৰাম গোঁহাই, স্বৰ্গীয় লীলাকান্ত দাস , স্বৰ্গীয় জগত চন্দ্ৰ দত্ত বৰা, স্বৰ্গীয় পদ্মেশ্বৰ দত্ত, স্বৰ্গীয় কেশীৰাম হাজৰিকা , স্বৰ্গীয় গজেন চমুৱা , মংগলা ফুকন , ডাঃ মুক্তি ফুকন , খগেশ্বৰ হাজৰিকা, কমল চন্দ্ৰ গগৈ, যতীন্দ্ৰ কুমাৰ বৰুৱা , ভোলানাথ তামুলী আদিৰ নেৰা-নেপেৰা চেষ্টাৰ ফলত খেৰ-বাঁহৰ চালিৰ তলে তলে ফাটবিহু পতা হৈছিল। ঢকুৱাখনাৰ ফাটবিহু ব'হাগ বিহুৰে এটা ঠাল । সাধাৰণতে ব'হাগ মাহৰ সাত , ন , বাৰ দিন বা শেষৰ ফালে ফাটবিহু অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা মহাবিদ্যালয়ৰ শিক্ষক ইন্দিবৰ বুঢ়াগোহাঞিয়ে ১৯৮৫ খ্ৰীঃ ৰ প্ৰান্তিক আলোচনীৰ এটা নিবন্ধত উল্লেখ কৰিছে যে , ১৮৮৯ চনত জন্মগ্ৰহণ কৰা এজন ককাৰ মতেঃ " ব'হাগ মাহৰ তিনিদিনৰ পাছত অঞ্চলটোৰ ডেকা-গাভৰুবোৰে চাৰিকড়ীয়া নৈৰ পাৰৰ চাপৰিলৈ দৌৰ দিছিল । কঁহুৱা-বিৰিণাবনৰ আঁৰে আঁৰে , জৰী আঁহতৰ তলে তলে জুম বান্ধি দল দল হৈ সিহঁতে বিহু জুৰিছিল । এই বিহু একেলেথাৰিয়ে পোন্ধৰ দিনলৈকে হৈছিল । ইয়াত জাতি বৰ্ণ সম্প্ৰদায়ৰ কোনো বাছ বিচাৰ নাছিল। দূৰ দূৰণিৰ পৰা আহি জনজাতীয় লোকসকলেও ফাটবিহুত যোগ দিছিল । আমাৰ দেউতাহঁতৰ দিনতো ফাটবিহু আছিল । আমাৰ দিনত অৱশ্যে কম হৈ আহিল । এই বিহুৰ অন্য এটা ডাঙৰ কথা হ'ল --- ইয়াৰ কোনো সংগঠক নাছিল।" ইয়াৰ পৰা বুজা যায় যে , অতীতৰ পৰাই ফাটবিহু আছিল সম্প্ৰীতিৰ চানেকী।

দিন যোৱাৰ লগে লগে ফাটবিহুৱেও ইয়াৰ বৈশিষ্ট্য কিছু সলাইছে । কিন্তু মূলতঃ ইয়াৰ ঐতিহ্য প্ৰায় অপৰিবৰ্তনীয় হৈ আছে। ফাটবিহুৰ বৈশিষ্ট্যৰ পৰিবৰ্তন ঘটাৰ অন্যতম কাৰণ হ'ল পূৰ্বৰ ৰাজনৈতিক দুৰ্যোগ আৰু বৰ্তমানৰ প্ৰাকৃতিক দুৰ্যোগ। ঢকুৱাখনাৰ ফাটবিহুত ১৯৯৬ খ্ৰীঃ আৰু ১৯৯৮ খ্ৰীঃৰ প্ৰলয়ংকৰী বানপানী আৰু গৰা-খহনীয়াই যথেষ্ট প্ৰভাৱ পেলাইছে । ফাটবিহুৰ ১৯৯৯ বৰ্ষৰ মুখপাত্ৰ "বিহুৱান" ৰ সম্পাদকীয় "ফাটবিহুৰ পৰিবৰ্তনৰ ৰং" শীৰ্ষক লেখাত ফাটবিহুৰ বৈশিষ্ট্য আৰু ঐতিহ্যৰ কথা কবলৈ গৈ ঢকুৱাখনা মহাবিদ্যালয়ৰ শিক্ষক অমিয় কুমাৰ সন্দিকৈয়ে লিখিছেঃ " ফাটবিহু ঢকুৱাখনীয়া ৰাইজৰ জীৱন স্পন্দন ; আৱেগৰ প্ৰৱাহ । ফাটবিহু মহানন্দৰ বিমল উত্সৱ , সকলো হেঙাৰ ভাঙি এক জাতি , এক প্ৰাণ হোৱাৰ উত্সৱ । ফাটবিহু ঢকুৱাখনীয়া ৰাইজৰ প্ৰাণ-প্ৰাচুৰ্য , দিয়া লোৱাৰ মাজেৰে এক হৈ হাঁহিব পৰা হৃদয় বৈভৱৰ উমাল চিনাকি পোৱাৰ উত্সৱ । আনুষ্ঠানিক ফাটবিহুৱে অতীতৰ বহু ৰং ৰূপ-ৰস হেৰুৱালেও বছৰেকত কেইদিনমান বা কেইটিমান সুগন্ধি , সুৱদি ক্ষণ প্ৰাণে প্ৰাণে মিলি যোৱাৰ সুযোগ দিয়ে । এই সুযোগে আনে বছৰটোলৈ শান্তিৰ অমিয়া । বহু দুখ , আলৈ-আহুকাল , জঞ্জালৰ মাজতো খন্তেকলৈ হ'লেও ফাটবিহুৰ প্ৰাণ-চাঞ্চল্যৰ সৈতে একাকাৰ হৈ মিলি যাবলৈ সমষ্টিপ্ৰেমী , সংস্কৃতিপ্ৰেমী ৰাইজ আহে।"

ফাটবিহুৱে আজিও প্ৰাকৃতিক বৈশিষ্ট্য হেৰুওৱা নাই যদিও পৰিবেশন সা সুবিধাৰ বাবে ইয়াক কিছু আধুনিক ৰূপ দিয়া হৈছে। কুৰি শতিকাৰ নব্বৈ দশকৰ আৰম্ভণিৰেপৰা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক খেলপথাৰত , ঢকুৱাখনা মহাবিদ্যালয়ৰ সন্মুখৰ মুগা ফাৰ্মৰ চোমনিত দুবাৰকৈ ফাটবিহু অনুষ্ঠিত হয় । ১৯৯৬ চনৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ লানি লানি শিশুগছৰ তলত স্থায়ী মুকলি মঞ্চত ফাটবিহু অনুষ্ঠিত কৰা হয় । আধুনিক মহানগৰীয়া বা গাঁৱলীয়া ব্যৱসায়িক কৃত্ৰিম মঞ্চৰ দৰে ফাটবিহুৰ মঞ্চ নহয়। ই মূলতঃ শিশুগছ আৰু অন্যান্য গছ-গছনিৰে ভৰা হাবিয়নি আৰু বালি-চাপৰিৰ মাজৰ কিছু ওখ ঠাই। ওখ ঠাইখিনিৰ স্থায়ীত্বৰ বাবে চাৰিওফালে ইটাৰে গাঁঠি তোলা হৈছে , যদিও মুকলি পৰিবেশত মঞ্চখন শতকৰা ৯৯ ভাগেই প্ৰাকৃতিক।

মহানগৰীয়া মঞ্চ, কেছেট আৰু দূৰদৰ্শনৰ মাজেৰে বিহুৱে যে বহুক্ষেত্ৰত বিকৃত ৰূপ পাইছে সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ফাটবিহু এই মঞ্চ-সংস্কৃতিৰ মাজত বিলীন হৈ যোৱা নাই যদিও তাৰ পূৰ্বৰ প্ৰাকৃতিক ৰূপ যথেষ্ট পৰিমাণে ম্লান পৰি আহিছে। তত্সত্তেও আজিৰ ফাটবিহুৱে যি ঐতিহ্য বহন কৰি সুস্থ সংস্কৃতিক জীয়াই ৰাখিছে তাৰ বাবে ফাটবিহুৰ আয়োজকসকল সাধুবাদৰ পাত্ৰ। কাৰণ, কোনো ধৰণৰ প্ৰচাৰৰ প্ৰতি লালায়িত নোহোৱাকৈয়ে ঢকুৱাখনীয়া ৰাইজে ফাটবিহুক যিদৰে লালন-পালন কৰি আহিছে সেয়া আজিৰ যুগত বিৰল ঘটনা বুলি কব লাগিব।

ফাটবিহু প্ৰাণৰ উত্সৱ হোৱাৰ উপৰিও ই সমন্বয়ৰো উত্সৱ। আজিও আহোম , চুতীয়া , কৈৱৰ্ত , মিচিং , কছাৰী , কলিতা , দেউৰী , মুছলমান , কোঁচ আদি জনগোষ্ঠীৰ লোকেৰে লোকাৰণ্য হৈ পৰে ঢকুৱাখনাৰ ম'হঘূলি চাপৰি । বিভিন্ন জনগোষ্ঠীৰ সমন্বয় সাধন কৰাৰ বাবে ফাটবিহুক লৈ ঢকুৱাখনাবাসী গৌৰৱান্বিত। অতি গৌৰৱৰ কথা এয়ে যে ঢকুৱাখনাৰ বিভিন্ন জনগোষ্ঠী একত্ৰিত হৈ সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই যি কালত ফাটবিহু পতা হৈছিল , সেই সময়ত অসমৰ কোনো ঠাইতে এনেদৰে সামূহিকভাৱে বিহু উত্সৱ পতাৰ নিদৰ্শন নাই।

ফাটবিহুৱে সঁচাকৈয়ে ঢকুৱাখনাৰ সাংস্কৃতিক ঐতিহ্য আৰু ব'হাগ বিহুৰ বৈশিষ্ট্যক উজ্জীৱিত কৰি ৰাখিছে । ফাটবিহুৰ ঐতিহ্য আৰু বৈশিষ্ট্য সদায় অটুত থাকক, ই ঢকুৱাখনাৰ লগতে অসমৰ গৌৰৱ হৈ উজ্জ্বলি থাকক । আমাৰ মাজত সদায় জিলিকি থাকক এটি ধ্ৰুৱতৰা হৈ। তাকেই কামনা কৰিলো।

সহায়ক গ্ৰন্থঃ
(১) প্ৰান্তিক
(২) ইতিহাসে গৰকা ঢকুৱাখনা -- ডাঃ জিতৰাম কলিতা
(৩) ফাটবিহুৰ ইতিহাস আৰু ঐতিহ্য -- ইছমাইল হোছেইন
(৪) বিহুৱান