বিহুৰ লগত সম্পৰ্ক থকা গছ-গছনিৰ ঔষধি গুণ ණ...ডামচাও হেম বুঢ়াগোহাঞি, চেপন


       
    বিহুৰ লগত সম্পৰ্কত থকা অনেক গছ গছনিৰ ভিতৰত কেইবিধমানৰ ব্যৱহাৰিক দিশ আৰু সেইবিলাকৰ ঔষধি গুণ সম্পৰ্কে থকা জন বিশ্বাসৰ কথা ইয়াত চমুকৈ আলোচনা কৰা হ'ল ৷
      বড় গছ  :
  আহোঁ বড়ৰ তলে        যাওঁ বড়ৰ তলে
            বড়ৰৰে ধপলা পাত
   বড়ৰে তলতে              জোকাই মোক নল'বি
               ওলাব মইনা মাত ৷
     বড় গছ অসমীয়াৰ অতি আপোন, চিনাকী গছ ৷ এই গছক অসমীয়া বিহু সংস্কৃতিৰ প্ৰসূতি বৃক্ষ বুলি কব পাৰি ৷ এই গছক অতি পবিত্ৰ বুলি গণ্য কৰা হয় ৷ মংগোলীয়সকলে বিশেষকৈ তাইসকলে এই বড়গছতেই বিহুৰ জনক দেৱতা ফি-ফ্যেং: চামৰু: দয়াংদেও: বৰচেমান: বৰযখ: ধনকলীয়া উপবৃষ্ট বুলি তাৰ  তলত বিহুৰ বেদি তৰে ৷  নামঘৰ প্ৰতিষ্ঠা হোৱাৰ আগতে বড়তলতেই সকলো সামাজিক অনুষ্ঠান পালন কৰা ঠাই আছিল ৷ বড়ৰ ধপলা পাতত ভাত খালে হঠাৎ বোবা হৈ যোৱা লোকৰ মাত  ওলাই বুলি জনবিশ্বাস আছে ৷

   আঁহত গছ
   আঁহত গছজোপাকো পবিত্ৰ গছ বুলি গণ্য কৰা হয় ৷ বড় নোহোৱা ঠাইত বিহুৰ বেদী আহঁতৰ তলতে প্ৰতিষ্ঠা কৰা আৰু বিহু উৰুওৱা অসমীয়াৰ পৰম্পৰাগত ৰীতি ৷ "কচুপাত আহত পাত" বোলা এষাৰি পটন্তৰ আছে বুলিয়েই বহু লোকে আঁহত পাতত নিজৰ লৰা - ছোৱালীক ভাত খোৱাই সিহঁতৰ মুখ পাতল হোৱাৰ ব্যৱস্থা কৰে ৷

    বৰমথুৰি বা বৰ্হমথুৰ:
  লুইতৰ পাৰতে       বৰ্হমথুৰিৰ তলতে
       আমি খৰি লুৰা ঠাই
   উটুৱাই নিনিবা           ব্ৰক্ষ্মপুত্ৰ দেৱতা
         তামোল দি মাতোঁতা নাই ৷
         বৰ্তমান অসমৰ বহু অঞ্চলত বৰমথুৰিত সঁচ নাইকিয়া হৈছে ৷পিছে বিহুত এইজোপা গছৰ ভূমিকা অনন্য ৷ বিহুৰ সময়ত এই গছৰ পাতৰ থুৰিটো অতি মোহনীয় ৷ অইন কোনো গছৰে এনে মৰমলগা থুৰি নাই বুলি ক'ব পাৰি ৷ অতীতত গাভৰুৱে ইয়াৰ থুৰিৰে দাঁতত ৰঙ দিছিল ৷ দাঁতৰ সকলো প্ৰকাৰৰ অসুখত ই বাধা দিয়ে  ৷ তামোলৰ লগত ইয়াৰ থুৰি অংশ খালে মুখ ফৰফৰীয়া লাগে আৰু তামোল হজম হোৱাত ই সহায়ক হয় ৷ বহমথুৰিৰ কোমল পাত নিয়মিযাকৈ খাব পাৰিলে পেটৰ অসুখ নাথাকে ৷ পিত্ত বেমাৰত ই এক প্ৰকাৰৰ মহৌষধ ৷ ডেকা গাভৰুৱে ইয়াৰ থুৰি প্ৰেমিককাক দিব পাৰিলে প্ৰেমিকাৰ ডেকা মনৰ উদাৰতাৰ পৰিচয় প্ৰকাশ পায় ৷ তেনেকৈ গাভৰুৱে মনৰ মানুহটোক দিয়া থুৰিটো জেতুকাৰ লগত খুন্দি দুহাত বোলাই গৌৰৱ বোধ কৰে ৷
   
   বৰজামু(জামুক)
   বড় আৰু আহত এই দুজোপা গছৰ দৰেই জামোক গছৰ তলতো বিহুৱা বিহুৱতীয়ে বিহুতলী সজাই বিহু মাৰে ৷ জামুক তলত বিহুতলী সজালে গাভৰুৱে বছৰটোৰ বাবে দেহা শাত পৰি থাকে বুলি বিশ্বাস কৰে   জামুকৰ গুটিৰ ৰসে পেটৰ অসুখৰ পৰা সকাহ দিয়ে ৷ গুটিবোৰ চোবাই খালে খাওঁতাই বহুমূত্ৰ ৰোগৰ পৰা পৰিত্ৰাণ পায় ৷জামুক গছৰ ছালৰ ৰস উলিয়াই খালে হাড়ৰ বেমাৰ নিৰাময় হয় ৷ পাতৰ ৰস খালে নাকৰ তেজ ওলোৱা বন্ধ হয় ৷ জামোকৰ ৰসে গ্ৰহণী  আৰু প্ৰস্ৰাৱৰ দোষো বিনাশ কৰে ৷ অসমত তিৰোতাৰ  ৰক্তস্ৰাৱ হ'লে জামুকৰ পাত বা ছালৰ ৰস খালে সুফল পোৱা যায় ৷
ঘিলা
    ফাক ঘিলা, মাকৰি ঘিলা, ভাত ঘিলা আদি কেইবাবিধো ঘিলা অসমৰ হাবিত পোৱা যায় ৷ ফাক ঘিলাৰ ডাঙৰ দীঘল একোটা ফাকত ২০-২৪ টা ঘিলা থাকে ৷ মাকৰি ঘিলা সৰু ৷ ভাত ঘিলাৰ গুটিও সৰু ৷ ফাক ঘিলা অসমীয়া মানুহে ভাত ঘৰত আৰি থয় ৷  কেতিযাবা কোনোবা লোকৰ ডিঙিত ভাত লাগি ধৰিলে আৰি থোৱা ঘিলাটো ওপৰলৈ মোখ কৰি চালেই ভাত ডিঙিৰ পৰা এৰাই যায় ৷ যদি সিমানতো ভাত এৰাই নাযায়,  তেন্তে ফাকটো নমাই তাৰে পিঠি ফালে কেইখুন্দামান মাৰি দিলেই এৰাই যায় বুলি বিশ্বাস ৷ মূৰ ঘূৰালে ঘিলাৰ সাহ এধানিমান খালে ভাল হয় ৷ বমি হ'লে ঘিলা খুন্দি খুৱালে বমি বন্ধ হয় ৷ ৰক্তচাপ থকা লোকে নিয়মিয়াকৈ ঘিলা ধুই পানী খাই থাকিলেই চাপ কমে ৷ মাকৰি ঘিলা 'কলো ৰোগৰ মহৌষধ ' বুলি কোৱা হয় ৷ ঘিলা খুন্দি শাহ অংশৰে মূৰ ধুলে চুলি বৃদ্ধি হয় আৰু উফি মূৰৰ পৰা আঁতৰি যায় ৷
     বিহুৰ সময়ত অসমীযা ডেকাই ঘিলা খেল পতাটো এক পৰম্পৰা আছিল ৷ বুৰঞ্জী সাহিত্যত ঘিলাৰে ঘোঁৰাক শিক্ষা দিয়াৰ কথা উল্লেখ আছে ৷ প্ৰেমিকৰ পৰা প্ৰেমিকাই মূৰ গা ধুবলৈ ঘিলা বিচাৰে ৷
কোনেও ভঙা নাহ            কোনেও ছিঙা নাই
          আপুনি ভাঙিলো মন,
মূৰ গা ধুবলৈ              ঘিলা বিছাৰিলো
        সিও হ'ল বুকুৰে ধন৷

ঔ   :
     ঔ বীজেৰে মূৰ ধুলে মূৰ শীতল হয় , চুলি ক'লা পৰে আৰু বাঢ়ে ৷

তিল  :
   তিল পাতেৰে মূৰ ধুই চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ কথাও বনগীতত আছে ৷
তিল পাত মোহাৰি         মূৰ ধুই বঢ়ালো
            মূৰৰে কলীয়া চুলি
মোৰ ধন অহা নাই          গোন্ধ তেল অনা নাই
             আমনি লাগিছে থাকি ৷

জেতুকা
  জেতুকা প্ৰসাধন সামগ্ৰীৰ অন্তৰ্ভুক্ত হ'লেও আচলতে ইয়াৰ ঔষধি গুণৰ কথাহে লক্ষ্য কৰিবলগীয়া ৷ জেতুকাপাত থেৰেজুৰ গুটিৰ লগত খুন্দি সৰিয়হৰ তেলৰ সতে মিহলাই হাতত বান্ধি হ'লে শৰীৰত চৰ্মৰোগ আৰু বসন্তৰোগ বছৰটোৰ বাবে নহয় ৷ এনে দ্ৰব্য ব্যৱহাৰ কৰিলে বছৰটোলৈ সৰ্প দংশনৰ ভয় নাথাকে ৷ নাৰীৰ কথাই নাই,  পুৰুষ সকলেও বিহুৰ দিনা জেতুকা পাত ব্যৱহাৰ কৰাৰ মূলতে আছে দেহজ কাৰণহে ৷ জেতুকা পাতৰ ৰস গাখীৰ আৰু মিচিৰৰ লগত মিহলাই খালে স্বপ্নদোষ নাশ হয় ৷ চুলিৰ ৰং জেতুকা পাতৰ ৰসে সজীৱ কৰে ৷ জেতুকা পাত খুন্দি পানীয়ে খোৱাত বান্ধিলে ঘা শুকায় ৷ কপালত জেতুকা ঘঁহিলে মূৰ কামোৰণি নাইকীয়া হয় ৷ নিয়মীয়াকৈ ইয়াক ব্যৱহাৰ কৰিলে আদকপালী আৰু সূৰুজকপালী অসুখ বিনাশ হয় ৷ বুকুখ খোঁচ মাৰি ধৰিলে বা তেজ বমি হ'লে ইয়াৰ ৰসে উপকাৰ কৰে ৷ জেতুকা কিমান ৰোগত প্ৰয়োগ কৰা হয় সেই কথা সাঁচিপাতীয়া নিদান আৰু গাঁও অঞ্চলৰ বেজসকলৰ মাজত সদৰি হৈ আছে ৷
তৰা আৰু কপৌফুল   :
       তৰা গছৰ বাকলি চেলাই ফিটিয়াই পঘা তৈয়াৰ কৰি গৰু বিহুৰ দিনাৱগৰুক ন-পঘা দিয়াৰ নিয়ম ৷ তৰাৰ গজাঁলিৰ আলু খুন্দি কান্দুলি মাছৰ পেটু উলিয়াই তাত খুন্দা ঔষধ খিনি ভৰাই পাতত দি সেইখিনি কৰকৰা ভাতৰ লগত খালে তিৰোতাৰ হঁদালি -কামোৰণ আঁতৰে ৷ বীৰ্যহীন পুৰুষৰ বীজ বৃদ্ধি হয় বুলি বেজসকলে এই ঔষধ প্ৰয়োগ কৰে ৷ সন্তানহীন পুৰুষ-নাৰীৰ সন্তান প্ৰজননত এই ঔষধে কাম কৰে বুলি কোৱা হয় ৷ বিহুত তৰা পাতত বৰা চাউলত টোপোলা বান্ধি পানীত উখুৱাই খালে স্বাস্হ্যৰ উপকাৰ হয় ৷
    কপৌ শিয়া আৰু ফুলত ঔষধি গুণ আছে ৷ মঙল আৰু শণিবাৰে গৰুবিহু অনুষ্ঠিত হ'লে কপৌৰ  শিয়া ছিঙি আনি খুন্দি ৰস চেলেকিলে বছৰটোৰ বাবে হাড় বেমাৰ নহয়  ৷
          গৰুক গা ধুৱাবলৈ জাতি লাও, বেঙেনা,  বৰ থেকেৰা  তিতা কেৰেলা,  হালধি আৰু বৰ বেঙেনাৰে উৰুকাৰ নিশা গৃহস্হই বস্তুতে ঔষধি গুণ আছে ৷ তদুপৰি কেউবিধ একেলগে কৰি খালে পেটৰ অসুখ নহয় ৷ জেটুলিপকা,  মাখিয়তী,  দীঘলতি,  বগৰী, টিকনিবৰুৱা গছ, বনমৰা, ঠুটনি বন, নহৰু আদি বিহুত ব্যৱহৃত গছ গছনিতো ঔষধি গুণ আছে ৷ গৰু বিহুৰ দিনা সন্ধিয়া বিহু প্ৰেমীয়ে এশ এবিধ বন-ঔষধি শাক পাচলি সংগ্ৰহ কৰি ৰান্ধি খায় ৷ এই ঔষধিৰ আঞ্জা খালে খাওঁতাৰ  বছৰটোৰ বাবে শৰীৰ আৰু মনত কৰ্মপ্ৰেৰণা থাকে ৷ এশ এবিধ বন-ঔষধি বোটলোঁতে কিছুমান থুঁৰি, কিছুমান পাত, কিছুমান আলু,  কিছুমান ফুল, ডাল বা গা গছৰ অংশ একত্ৰ কৰি তাবিজ তৈয়াৰ কৰি শৰীৰত ধাৰণ কৰিলেও গোটেই বছৰটোৰ বাবে দেহৰ সবলতা অটুত থাকে ৷ সেইদিনা যিকোনো গছৰ অংশ আহাৰৰ বাবে বুটলিব পৰা যায় বুলি জনা যায় ৷ তথাপিও খাব পৰা শাক পাছলি মাজৰ পৰাহে ঔষধি আহাৰ সংগ্ৰহ কৰাত লোকে গুৰুত্ব দিয়ে ৷