সাম্প্ৰতিক প্ৰেক্ষাপটত বিহু আৰু স্বকীয়তা ৰক্ষাত প্ৰয়োজনীয়তা ණ...চাও বিতু বড়া, সোণাৰী



"চ'তে গৈয়ে গৈয়ে  বহাগে পালেহি
     
 ফুলিলে ভেবেলী লতা।

কৈ নো কৈ থাকিলে   ওৰকে নপৰে,

ওৰকে নপৰে আমাৰে বিহুটিৰ কথা।"

           উৰুঙা ফাগুনৰ সুৰুঙাৰে সুৰ সুৰকৈ দিনবোৰ পাৰ হৈ , চ'তৰ দিন এটি দুটিকৈ গৈ অতিকৈ চেনহৰ ব'হাগৰ বিহুটি পালেহি। গছে পাত সলালে , আমে মলিয়ালে , কঠালে মূচিয়ালে, নাহৰৰ চীৰসেউজীয়া পাতৰ মাজত বগা ফুলে গছজোপা সজাই পেলাইছে। আলসুৱা লাহী মলয়াজনী যেন ৰাংঢালী হৈ মাকৰ ঘৰলৈ যাবলৈ ৰচক পচকখন লগাইছে। দুৰণিৰ ঢোলৰ মাতত মন উতলা হয়, ৰচকী নাচনীজনীৰ লুকাই  এপাক  নামাৰিলে মনকে শাঁত নপৰে। বহাগ মানেই বসন্ত, বসন্ত মানেইটো পিৰীতিৰ বতৰ, প্ৰতিজন ডেকাৰে আপোন গাভৰুজনীলৈ , প্ৰতিগৰাকী গাভৰুৰ চেনেহৰ ডেকাটিলৈ চেৰেংকৈ মনত পৰাৰ বতৰ ।
তাঁতৰ শালত মাকোৰ খিট খিটনি শুনাৰ বতৰ, ঢোলৰ মাতত সেই মাকো ঘনে ঘনে সৰি পৰাৰ বতৰ। আপোনজনক এখন বিহুৱান জানো দিব নালাগিব? আকৌ পিঠা পনা ক'ত যে কি । অসমীয়াৰ ব‍্যস্ততা বাঢ়িছে ,  অসমীয়া নৱবৰ্ষৰ লগতে অতিকৈ চেনেহৰ ৰঙালি বিহুটিৰ আদৰাৰ হেঁপাহ । বিহু যে অসমীয়াৰ প্ৰাণ, পৰিচয় স্বৰুপ।

       বিহু কাষ চাপি  অহাৰ লগে লগে অসমীয়াৰ ব‍্যস্ততা বাঢ়ি গৈ থাকে। গৰুবিহুৰ আগদিনা মাখিয়তী, দীঘলতি গোটোৱাত , লাও , থেকেৰা, বেঙেনা , কেৰেলা আদিৰে চাট বনোৱাত লাগি যায়‌। পিছ দিনা ৰাতিপোৱাই  গা ধোৱাবলৈ লৈ যাব লাগিব নৈঘাটলৈ, পুখুৰীলৈ নাইবা বিললৈ।  জীয়ৰী বোৱাৰিয়েও পিঠা পনা বনোৱাত ব‍্যস্ত হৈ পৰে , কাৰো সময় নাই ৰবলৈ মাথো যোঁ জা বিহুক আদৰিবলৈ।  গৰুবিহুৰ দিনা ৰাতিপোৱাই শুৱাপাটি এৰি অসমীয়া কৃষিজীৱনৰ চিৰ লগৰী  গৰু হালক মাখিয়তীৰে কোমলকৈ কোবাই খেদি লৈ যোৱা হয় গা ধোৱাবলৈ। লোক বিশ্বাস অনুসৰি মাখিয়তীৰে কোবালে বছৰলৈ ডাঁহ মাখিৰ উপদ্ৰপ বছৰলৈ নহয়। সেয়ে গোৱা হয়----
                দীঘলতীৰ দীঘল পাত,
             
মাখি মাৰো জাত জাত............."

গা ধোৱাওঁতে গালৈ চাটৰ পৰা লাও বেঙেনা ওলিয়াই দলিয়াই গোৱা হয়-------
     
লাও খা বেঙেনা খা,
     
বছৰে বছৰে বাঢ়ি যা।
      মাৰে সৰু, বাপেৰে সৰু
     
ত‌ই হবি বৰ গৰু।
      গা ধোৱাৰ শেষত একোডাল চাট মোটোকাই লৈ মাটিত গুজি  মাটিত গুজি দিয়া হয় , তাৰ পাছত ইজনে সিজনৰ সৈতে একোডাল সলাই লয়। তাক নি গোহালিৰ চালিত গুজি ৰখা হয়। গৰু গা ধোৱাওঁতে এক ৰংধেমালীৰ পৰিৱেশৰ সৃষ্টি।  ঘৰলৈ আহি নিজেও মাহ হালধীৰে গা ধুই নতুন বস্ত্ৰ পৰিধান কৰে, লোক বিশ্বাস মতে মাহ হালধীৰে গা ধোলে চালৰ ৰোগ নহয়। সৰুৱে ডাঙৰক সেৱা জনায়, ডাঙৰে সৰুক মৰম যাঁছে। এক আন্তৰিকতাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। বুকুৰ আপোনজনক বুলি যতনেৰে ফুলত মৰম ধালি বোৱা বিহুৱানখন যাঁছে। বিহুৱা ডেকাটিৰো যে গাত তত নাইকিয়া হয় বিহুতলীত চেনেহী ৰাংঢালী নাচনীজনীৰ মৰমস্বৰূপ ফোলামকৈ বিহুৱানখন পাবলৈ, তাইৰ খোপাত কপৌফুলপাহ গুজিঁ দিবলৈ।
এশ এবিধ শাকৰ আঞ্জা , আমলৰি পৰুৱাৰ টোপ খোৱা বহাগ বিহুৰ অন‍্যতম নিয়ম। গধুলি  হ'লে জাক দিয়া , দুৱাৰ মুখত জেজেলী পকা কাঁইট অঁৰা , গৰুক তৰাৰ নতুন পঘাৰে বন্ধা নিয়ম সমূহ মূখ‍্য  নিয়ম সমূহৰ ভিতৰত পৰে। পূবৰ বেলি পশ্চিমত মাৰ যাৱলৈ লোৱাৰ লগে লগে ডেকা বুঢ়া মিলি ঘৰে ঘৰে হুচৰি গোৱাটো ৰঙালী বিহুৰ অন‍্যতম বৈশিষ্ট‍্য।  পিছে এই সকলোবোৰ আজি  নষ্টালজিয়া, কিতাপৰ বগা কাখজৰ ক'লা আখৰৰ মাজত থকা স্মৃতি হৈ পৰিছে।  ঘৰে ঘৰে গৰুও নোহোৱা হ'ল, গৰু গা ধোৱাৰ আমেজো শেষ হ'ল, দীঘলতী মাখিয়তী নতুন প্ৰজন্ম‌ই চিনি নোপোৱা হ'ল, জীয়ৰী বোৱাৰীৰ তাঁত শালত ঘুনে ধৰিলে, বিহুৱান কিনাৰ পৰম্পৰা হ'ল, অসমীয়াৰ চোতাল আজি হুঁচৰিৰ পদধূলি অবিহনে উকা হৈ ৰৈছে। সময় হ'লে কিতাপৰ ক'লা আখৰবোৰো অস্পষ্ট হোৱাৰ দৰে , এই স্মৃতিও আজি অস্পষ্ট।

          গতিশীল সময়ৰ পৰিৱৰ্তনশীল বতাহ জাকে সকলোকে লাহেকৈ হলেও চুই থৈ যিয়। এখন সমাজৰ পৰম্পৰা সংস্কৃতিও ইয়াৰ পৰাও বাদ নপৰে। পৰিৱৰ্তনে যিদৰে এটা জাতিৰ সংস্কৃতিক সমৃদ্ধ কৰিব পাৰে সেইদৰে , ই ইয়াক ধবংসৰ মূখলৈও ঠেলি দিব পাৰে। ই নিৰ্ভৰ কৰে পৰিৱৰ্তনৰ বতাহজাক কোন দিশে ধাৱমান হৈছে। মানৱসমাজৰ নতুন তথা অভুতপূৰ্ব বস্তুৰ প্ৰতি থকা আকাংক্ষাই আজি যিদৰে মানৱ সভ‍্যতাক উন্নতিৰ উচ্চ শিখৰ পোৱাইছেগৈ সেইদৰে  নিজকে পাহৰি পেলোৱাৰ উপক্ৰমো হৈছে। ইয়াৰে উদাহৰণ বিছাৰিবলৈ যাওঁতে আমি প্ৰশ্ন কৰিব লাগিব বিহু আজি কোন দিশে ঢাল খাইছে? বিহু বুলিলে আজি নৱপ্ৰজন্ম‌ই কি বুজে ? কি বুলি গ্ৰহণ কৰিছে? বৰ্তমান যিদৰে বিহুক পালন কৰা হয় সেইদৰে পালন কৰিলে বিহু কিমান দিন বিহু হৈ থাকিব? এনেবোৰ প্ৰশ্ন আজি অসমীয়াই নিজে নিজক কৰিবৰ হ‌'ল। আজিৰ অসমীয়াই নিজৰ ভৰিৰ খোজ ক'ত পৰিছে সেয়া চোৱাৰ অৱকাশ নাই , মাথো একে পথেৰে গৈ থকা পথিকলৈ চাই খোজ দিয়াত ব‍্যস্ত , লক্ষ্য মাথো আগবাঢ়ো কেনেকৈ । পিছে এয়া তিলমাত্ৰ‌ও ধাৰণা নাই যে এইপথেৰে যদি যায় এদিন নিজে পথভ্ৰষ্ট হব লাগিব! সৌ তাহানিৰ গছৰ তলৰ বিহু, চোতালৰ হুচৰি আজি পালেগৈ কৃত্ৰিম বিহুতলী, সেয়া হ'ল বিহুমেলাৰ মঞ্চ। বিহু সংস্কৃতিৰ প্ৰচাৰ, আৰু বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাৰ উদেশ‍্যে মঞ্চত প্ৰদৰ্শনৰ প্ৰয়োজনীয়তা থাকিলেও ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা একেবাৰে তুলি আনি কৃত্ৰিমতাৰ মাজত ৰোপন কৰিলে যে এই প্ৰকৃতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত সংস্কৃতিৰ অস্তিত্বলৈ ভাবুকি নাহিব সেয়া নুই কৰিব নোৱাৰি। অসমীয়াৰ বুকুৰ আপোন, গৌৰৱৰ থল বিহুটি আজি অসমীয়াই অন‍্য জাতিৰ হাতত বিক্ৰী কৰাৰ যো জা চলাইছে। সেয়া হয়তো বেছি দিনৰ কথা নহয়, যেতিয়া প্ৰতিঘৰ অসমীয়াই বিহুত হুঁচৰি আদৰি তত নাপাইছিল , ওচৰ পাজৰৰ গাঁৱৰ বিহু কেইযোৰা আহে বুলি সাজু হৈয়ে আছিল প্ৰত‍্যেকেই , নথকা ঘৰৰো হুঁচৰি আহে বুলি অৰ তৰ পৰা ধাৰ ঋণ কৰি হ'লেও অপেক্ষা কৰিছিল। কিমান হেপাঁহ আছিল হুঁচৰিযোৰা আহিব বুলি , যেন কোনোবা ভগৱানৰ হে পদধুলি । এইকন সন্মান, আৱেগ ভালপোৱা বিহুটিৰ প্ৰতি আন কোনোবাই দেখুৱাবনে? আজি হুঁচৰি কেইঘৰ অসমীয়াৰ ঘৰলৈ আহে? পদূলিলৈ আহিব আহিব বুলি চাই চকু বিষাই গ'লেও দেখাৰ সৌভাগ‍্য নাই, বাৰীত সোমাবলৈ চেষ্টা কৰা  কাৰোবাৰ মেলনীয়া গৰুৰ বাদে হয়টো কোনো নাহে । আজি বিহু অসমীয়াৰ হৈ নাই থকা , মাথো হৈ পৰিল ধনী শ্ৰেণীৰ লোকৰ মনোৰঞ্জন, আৰু ভোগ বিলাসৰ মেলা। অসমীয়া বুলিলে বিহুলৈ মনত পৰিছিল , পিছে আজি সেই বিহু অনাঅসমীয়া মাৰোৱাৰী , বিহাৰীৰ ঘৰৰ চোতালত শোভা বৰ্ধন কৰি আছে। অসমীয়াৰ চোতাল আজি উকা, ধনৰ বাবে নিজৰ জাতিৰ, সংস্কৃতিৰ,  স্বাভিমানৰ আজি বিক্ৰী হৈছে। মোটা অংকৰ মাননীৰ লোভত অনা অসমীয়াৰ ঘৰৰ চোতালত যেন মনোৰঞ্জনৰ বাবে কোনো ডান্স বাৰত হোৱা নৃত‍্যৰ পৰিৱেশন। কামুক বিজতৰীয়াবোৰৰ লোলোপ  দৃষ্টিত সেয়া হৈ নাচনীৰ নাচোনৰ প্ৰতিটো চেওঁ যেন কোনো বেশ‍্যাৰ যৌন আবেদনময় নৃত‍্য। অপ্ৰিয় হ'লেও এয়া যে সত‍্য, অসমীয়াৰ গৌৰৱ আজি যে আনৰ বাবে কেৱল সস্তীয়া মনোৰঞ্জন। অসমীয়াই যি সন্মান দিছিল হুঁচৰিক সেয়া আনে দিব পাৰিবনে? একে আৱেগেৰে লব পাৰিবনে? নিশ্চয় নোৱাৰে,  কাৰণ এয়া আমাৰ সংস্কৃতি , অসমীয়াৰ সংস্কৃতি। ইয়াৰ লগত অসমীয়াৰ তেজৰ সম্পৰ্ক আছে । আজি আধুনিকতাৰ ঢৌত গা এৰি দিয়া নগৰীয়া অসমীয়াৰ নৱপ্ৰজন্ম‌ই বিহু মানে কি কেৱল বিহুমেলা , কোনো শিল্পীৰ গীত পৰিৱেশন সেয়া বিহুৰ সৈতে জড়িত হ‌ওক নহ‌ওক কবলৈ নাই, লাগিলে সেয়া হিন্দী গীতেই নহ‌ওক কিয়   তাৰ তালত "ডিস্ক" ত নচাৰ দৰে নচাৰ  সংস্কৃতি বুলিয়ে ভাৱে। গাওঁ অঞ্চলতো ইয়াৰ প্ৰভাৱ কম বেছি পৰিমাণে পৰিছে, অৱশ‍্যে আজিও সচেতন নৱপ্ৰজন্ম শেষ হ'ল বুলিলে ভুল কোৱা হব।  আগৰ দৰে আজি কালি অসমীয়াই বিহুলৈ বুলি পিঠা পনা নিজে নবনায়। বজাৰৰ অনাঅসমীয়া বেপাৰীৰ পৰা পিঠা কিনিবলৈ গৈ প্ৰচাৰ মাধ‍্যমত নিজকে উলিয়াবলৈ পোৱাতহে বিহুৰ আনন্দ বিছাৰি পায়। নিজৰ পৰম্পৰা আনৰ পৰা কিনিবলৈ গৈ দূৰদৰ্শনৰ বাতৰিৰ অংশীদাৰ হোৱাতো লাজৰ নহয় যেন গৌৰৱৰহে বিষয়। এইয়াই আজি বিহুৰ পৰম্পৰা হৈ পৰিল। বিহুৰ আগে আগে শিল্পীসকলৰ নতুন "বিহুগীতৰ এলবাম" বনোৱাত ব‍্যস্ত হৈ পৰে , তাৰ মাজতে  আদাক দেখি কেটুৰিয়েও মোকো খা বোলাৰ দৰে দুজনমানৰ "হিপ হপ বিহু" ,"ডিস্ক বিহু" আদি নতুন বিহুগীতৰ সংযোজন ঘটোৱাত ব‍্যস্ত। বিদেশী সংগীতৰ তালত বান্দৰৰ ভংগীমাত নৃত‍্য কৰা এচাম নৱপ্ৰজন্ম‌ৰ বিহু মানে কি ধাৰণা আছে ইয়াতে প্ৰতিফলিত হয়। যিকোনো বস্তুৰে নিজা বৈশিষ্ট‍্য থাকে, তাৰ যদি পৰিৱৰ্তন হবলৈ হয় তেন্তে নিদিৰ্ষ্ট সাঁজে সাঁজে হব লাগিব, তাকে নহ'লে ই তাৰ আচল ৰূপ এৰি অইন কিবাহে হবগৈ। বিহু গাওঁ, প্ৰকৃতি, কৃষি , অসমীয়াৰ জনজীৱন আদিৰ লগত জড়িত সংস্কৃতি এইকেইটাৰ পৰা ইয়াক বিচ্ছিন্ন কৰিলে ইয়াক বিহু বুলি কব নোৱাৰি। গতিকে এনে পশ্চিমীয়া সংস্কৃতিৰ সংযোজনেৰে বিহুক সজাবলৈ গলে ই বিহু গুছি কিবাহে হবগৈ। পিছে অসমীয়াই এই কথা বুজি যিদিনা পাব হয়তো বহু পলম হৈ যাব।

           বিহু অসমীয়াৰ সাংস্কৃতিক সম্পদ । ইয়াত আজি দুই এক ধৰ্মীয় নীতি নিয়মৰ প্ৰভাৱ দেখা পালেও পিছে ই উৎপত্তিগতভাৱে সাংস্কৃতিক আৰু কৃষিভিত্তিক বুলিলেহে ভাল হব। বিহু অসমীয়াৰ সাংস্কৃতিক উৎসৱ হোৱাৰ লগতে, আন্তৰিকতা , মৰম ভালপোৱাৰ, সৌন্দৰ্য‍্যবোধৰো প্ৰতীক। বিহুত আপোনজনক দিয়া বিহুৱানখন জানো ভালপোৱা আন্তৰিকতাৰ প্ৰতীক নহয়। বিহুৱানত কল্পনাৰ ৰহণেৰে বছা ফুলপাহ জানো সৌন্দৰ্য‍্যবোধ নহয়, লগতে গছ লতাই নতুন পাত সলোৱাৰ দৰে বিহুৰ দিনা নতুন কাপোৰ পিন্ধা, ঘৰদুৱাৰ মচি চাফ চিকুন কৰা আদিবোৰো সৌন্দৰ্য‍্যবোধ , নতুন বছৰত নতুনকৈ আৰম্ভ কৰাৰ হাবিয়াস। বিহু সংস্কৃতিলৈ নিদিষ্ট জাতি এটাৰ অৱদান বেছি হ'লেও ইয়াত আজি সকলোৰে পৰম্পৰাৰ সংমিশ্ৰণ কম বেছি পৰিমাণে হ'লেও দেখিবলৈ পোৱা যায়। এটা নেতৃত্বৱান জাতিৰ প্ৰভাৱ বেছি হোৱাটো কোনো আচৰিত কথাও নহয়। পিছে আজি ই কেৱল কোনো এক নিদিষ্ট জাতিৰ মাজত আৱদ্ধ হৈ নাই থকা , জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিজন অসমীয়াই আজি ইয়াক উমৈহতীয়া সংস্কৃতি হিচাপে আকোঁৱালি লৈছে। গতিকে প্ৰতিটো জনগোষ্ঠীক এক কৰি বৃহত্তৰ অসমীয়া জাতিৰ গঠনত মূখ‍্য ভুমিকা লৈছে বুলিব পাৰি। পিছে এচামে চল পালে গললৈকে জপিয়াব বিছৰা লোকে বিহুক যি জাতিৰ পৰাই উৎপত্তি হৈছিল তাৰ পৰাই কাঢ়ি নিব বিছাৰিছে। কাৰণ সেইসকলৰ নিজা বুলিবলৈ একো নাই গতিকে আনৰ অসমীয়াৰ লগতে নিজা পৰিচয় দেখি প্ৰকৃত অসমীয়া সেইসকলক কব খোজে যিসকলৰ অসমীয়াখিনিৰ বাদে নিজৰ একো নাই। পিছে বিহু আজি যি , সেয়া আগত নাছিল সংমিশ্ৰণৰ, পৰিৱৰ্তনৰ দীঘলীয়া পথ অতিক্ৰম কৰি আজি পৰ্যায় পাইছেহি গতিকে ই ইয়াৰ প্ৰকৃত উৎসৰ সৈতে বহুখিনি পৃথক হোৱাটো স্বাভাৱিক, পিছে ইয়াক চালি জাৰি চালে প্ৰকৃত পৰিচয় উদঘাটন হবলৈ বেছি পৰ নালাগিব। আকৌ এচাম ধৰ্মান্ধৰ মতে বিহুকো ধৰ্মৰ মাজলৈ টানিবলৈ চেষ্টা কৰিছে।  বিহু দিনা গৰুৰ যি আদৰ কৰা হয় তাকে দেখি গৰুক মা বোলা আৰ্য‍্য সভ‍্যতাৰ আদৰ্শত চলা এচামে ইয়াকো হিন্দু ধৰ্মৰ উৎসৱ সজোৱাৰ অপপ্ৰয়াস চলাইছে। এনে কৰাৰ ফলত অহিন্দু অসমীয়াই অসমীয়া জাতিৰ পৰা পৃথক হৈ যাব ধৰিছে। যি সংস্কৃতিয়ে অসমীয়াক এক কৰিছিল আজি সেই বিহুকেই অস্ত্ৰ ৰূপে লৈ অসমীয়াৰ মাজত ভেদাভেদ আনিছে। পিছে গাই গৰুক প্ৰাধান‍্য দিয়া দিয়াৰ দৰে অসমীয়াই গাই গৰুতকৈ বলধহালহে গুৰুত্ব দিয়ে কাৰণ কৃষিজীৱি অসমীয়াই। গৰুক আদৰ কৰাৰ মূল কাৰণ হ'ল খেতি কৰিবলৈ প্ৰধান সম্বল হিচাপে গৰুহাল, ইয়াকে নহ'লে খেতি কৰিব কেনেকৈ। কথাতে কয় " যাৰ নাই গৰু সি সবাতৈকৈ সৰু।"  । গৰুৰ সৈতে অসমীয়াৰ সম্পৰ্ক পুৰণি হ'লেও এই সম্পৰ্ক ধৰ্মৰ বান্ধোন নহয় এয়া পৰস্পৰ নিৰ্ভৰশীলতাৰ বান্ধোন। যি জাতি বিহুৰ উদ্ভাৱক সেই জাতিৰ এসময়ত গৰু খাদ‍্য হোৱালৈ লক্ষ্য কৰি গৰুক ধৰ্মৰ ভিত্তিত বিহুত পূজা কথাষাৰ মানি লব নোৱাৰি। গতিকে বিহু কেৱল অসমীয়াৰ, ইয়াত নাহে হিন্দু মুছলমানৰ কথা।  বিহুৱে নামানে ভেদা ভেদ , বিহু সমন্বয়ৰ সংস্কৃতি। পৰিৱৰ্তন হব‌ই সময়ৰ সৈতে , এয়া স্বাভাৱিক
পৰিৱৰ্তনৰ মাজেৰেই এটা সংস্কৃতি সমৃদ্ধ হয় । পিছে এই পৰিৱৰ্তন নিজৰ সাঁজে সাঁজে হোৱা উচিত , পৰিৱৰ্তনৰ দিশ যদি আন দিশে গতি কৰে ই নিজস্বতা হেৰুৱাব। যিদিনাই বিহুৱে নিজৰ বৈশিষ্ট‍্য হেৰুৱাব সেইদিনা অসমীয়াও নিজৰ পৰিচয় হেৰুৱাব। গতিকে অসমীয়াই বিহুক ব‍্যৱসায় , বা জনপ্ৰিয়তাৰ বাবে পালন নকৰি আৱেগেৰে শুদ্ধভাৱে পালন কৰাৰ লগতে আনকো নিজৰ সংস্কৃতিক অপসংস্কৃতিৰ সৈতে একাকাৰ কৰাৰ বিৰত ৰাখিবলৈ যত্ন কৰা উচিত।