অতীতৰ বিহু আৰু বৰ্তমানৰ বিহু: এটি তুলনাত্মক আলোচনা ණ...ডামচাও হেম বুঢ়াগোহাঞি, চেপন


        বিহু মূলত কৃষিজীৱি গঞা ৰাইজৰ ৷ৰাইজ গতিকে গাওঁত অনুষ্ঠিত হোৱা আটাইকেইটা বিহুৱেই গঞা লোকৰ মাজত আজন্ম জীৱন্ত ৷ গাঁৱত অনুষ্ঠিত বিহু উৎপত্তিৰ স্থল অনুধাৱন কৰিলে শদিয়াৰ পৰা কলিয়াবড় পৰিলক্ষিত হয় ৷ অসমলৈ সময়ে সমযে অহা বিভিন্ন জনগোষ্ঠী বিশেষকৈ আৰ্য-অনাৰ্য লোকসকল আহি অসমত লগ লগাত জাতীয় উৎসৱ বিহুৰ বৰণীয় ৰূপ স্পষ্ট হয় ৷ বিহুলৈ মংগোলীয় লোকৰ অৱদান সৰহ , সেয়ে হ'লেও বিহুৰ ওপৰত শংকৰী সাহিত্যৰ কীৰ্তন দশমৰ নাম গীতো পৰিৱেশন কৰা দেখা যায় ৷ এনে হোৱাত বিহুৰ মৌলিকতা কিছু খৰ্ব হলেও বোঁৱতী সংস্কৃতিৰ নতুন ধাৰাই সামগ্ৰিক অসমীয়াৰ জাতীয় উৎসৱ স্বৰূপ বিহুক সময়ৰ লগত ৰজিতা খুৱালে ৷ কিন্তু বিহুৰ স্বৰূপ অধিককৈ পৰিস্ফুট হয় আহোম স্বৰ্গদেও সকলৰ দিনতহে ৷ স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাৰ ফলত বিহু জাতীয় উৎসৱ হিচাবে পৰিগণিত হ'ল,  এই ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন ঠাইত বাস কৰা বৰণীয় জনগোষ্ঠীৰ ৰহণীয় কৃষ্টিৰ বৰঙণি কথা নক'লোৱেইবা ৷
        দৰাচলতে ৰজা-প্ৰজা উভয়ৰ সক্ৰিয় আন্তৰিকতাইহে বিহুক এনেকৈ জাতীয় উৎসৱ হিচাপে ল'বলৈ প্ৰেৰণা দিলে ৷ পিছে ইংৰাজ আমোলৰ সময়ৰ একশ্ৰেণী তথাকথিত ইংৰাজপ্ৰেমী অসমীয়াই বিহুক অবহেলাৰ চকুৰে চাই স্বকীয় ৰূপৰ বিনাশ ঘটাইছিল ৷ অদূৰদৰ্শী এইচাম অসমীয়া লোকৰ বিহুৰ প্ৰতি এনে অনীহা প্ৰকাশ কৰাত বৰঙণি যোগাইছিল ইংৰাজসকলেই ৷ ইংৰাজলকলে বঢ়িয়াকৈ বুজিছিল,  অসমীয়া মনুহৰ জাতীয় উৎসৱৰ মূল এনাজৰী বিহু ৷ বিহুৰ যোগেদি অসমীয়া এদিন থিয় দিব ৷ সেইবাবে শিক্ষিত অসমীয়া তথাকথিত ভদ্ৰলোকসকলক বিহু উৎসৱৰ পৰা নিলগাই ৰাখি দেশ শাসনত ভাগ দিলে ৷ কিন্তু ইংৰাজী শিক্ষাৰ আওভাও নোপোৱা দেশৰ গ্ৰাম্য অঞ্চলৰ লোকসকলে জাতীয় উৎসৱ বিহুৰ স্বকীয় বৈশিষ্ট্য হানি নোহোৱাকৈ পালন কৰি থকাতহে বিহু পৰৰ্ৱতী কাললৈ বৰ্তি থাকিল ৷ এই ক্ষেত্ৰত বিহুলৈ মংগোলীয় লোকসকলৰহে বৰঙণি অধিক বুলি কবই লাগিব ৷ মিছিং, দেউৰী,  তাই আহোম, চুতীয়া,  সোণোৱাল-কছাৰী আদি লোকসকলে বিহু নিয়মীয়াকৈ পালন কৰি নথকা হ'লে অাজিৰ অসমীয়াই বিহুক নাপালেহেঁতেন ৷ বৰ্তমান জাতীয় উৎসৱ পালন কৰাৰ নামত উল্লেখিত জনগোষ্ঠী সমূহৰ বিহুলৈ বৰঙণি কথা সোঁৱৰণ কৰা উচিত ৷
    আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰতেই বিহুৰ উখল-মাখল ৰাজকীয়ভাৱে অধীক অাছিল ৷ কিন্তু গড়গাঁও ৰংপুৰৰ চৌ-পাশে বিভিন্ন অঞ্চলত বিহুৰ অাখৰা,  বিহুৰ উপভোগ্য সামগ্ৰীৰ প্ৰস্তুতিৰ উভৈনদী সমলসমূহৰ কথা নকলেও হব ৷ চ'ত মাহ সোমোৱাৰ পাছত গাঁৱত বিহুৰ পৰিৱেশ সমৰ সদৃশ গতিৰে আগবাঢ়ে ৷ বিহুৰ সকলো প্ৰকাৰৰ প্ৰস্তুতিপৰ্ব তুংগত উঠে বিহুৰ উৰুকালৈকে ৷ চ'তৰ ১৫ দিনৰ নিশাৰ পৰা ডেকা-গাভৰুৱে পথাৰৰ মাজৰ কলীয়া জামুৰ তল, বড় আৰু আহঁত গছৰ তল, হাবিৰ ঘিলাতলত ৰাতি বিহু মাৰে ৷ এই ৰাতি বিহুত চ'ত বিহু বোলে ৷ দিনৰ পৰিশ্ৰম সামৰি উৰুকাৰ নিশালৈকে মৰা বিহুক ৰাতি বিহু,  গৰুৰ গা ধুৱা দিনৰ বিহুক গৰু বিহু,  প্ৰথম দিনাৰ বিহুক মানুহ বিহু, দ্বিত্বীয় দিনাৰ বিহুক কুটুম বিহু, তৃতীয় দিনাৰ বিহুক মেলা বিহু বা হাট বিহু,  চতুৰ্থ দিনাৰ বিহুক চেৰা বিহু বা এৰা বিহু আখ্যা দিয়া হয় ৷ কৃষিজীৱি অসমীয়াৰ মাজত বিহুৱেই আনন্দোল্লাসৰ একমাত্ৰ সমূহীয়া উৎসৱ য'ত সম্প্ৰীতি সদ্ভাৱ আৱাহন কালৰে পৰা সমাজত বিৰাজ কৰি আহিছে ৷ পৰ্বত-ভৈয়াম সম্প্ৰীতি ৰক্ষাত বিহুৱে যুগে যুগে অৰিহনা যোগাইছে ৷ আহোম ৰাজত্বৰ কালত অহা মুছলমান ভ্ৰমণকাৰীয়ে লেখা 'নওৰোজ' বা নৱবৰ্ষত উদযাপিত হোৱা বিহুৰ বৰ্ণাৰ পৰাও সেইকালৰ বিহুৰ সাৰ্বজনীন স্বৰূপ আৰু ভিন ভিন জাতি, ধৰ্ম পৰিহৰি সংহতি ৰক্ষা কৰা কথা সম্যকভাৱে উপলব্ধি কৰিব পাৰি ৷
অসমত ৰাজতন্ত্ৰ শেষ হ'ল ৷ আহিল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বিদেশী শাসনৰ বাঘজৰী ৷ বিশ্বযুদ্ধও আছিল ৷ সেই সময়তেই অসমীয়াই নিজকে পাহৰি গ'ল ৷ নিজৰ ৰীতি-নীতি জাতীয় কৃষ্টি-সংস্কৃতি এৰি অসমীয়াৰ এচামে বিদেশী সভ্যতাৰ প্ৰতি অনুৰক্ত হ'ল ৷ কিন্তু দেশৰ কৃষ্টি-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ভিতৰুৱা গাঁৱক পশ্চিমীয়া সভ্যতাৰ ঢৌৱে উটুৱাই নিব নোৱাৰিলে কাৰণেই দেশ স্বাধীন হোৱাৰ পিছত পুনৰ অসমীয়াই জগতত জাতি হিচাপে চিনাকি দিবলৈ বিহুক পালে ৷ উল্লেখযোগ্য বিহুৰ পৰিৱেশত গ্ৰামাঞ্চলৰ বিহুৱাসকলে মহাযুদ্ধ,  পৰাধীনতা আৰু স্বাধীনতাৰ পটভূমিক লৈ নাম গীত সজাই পৰাই বিহুত পৰিৱেশন কৰি জাতীয় ভাবত শ্ৰোতা-দৰ্শকক জগাই তুলিছিল ৷ স্বাধীনতাৰ পিছত প্ৰতিজন শিক্ষিত অসমীয়া বা বিদেশী ভাবধাৰৰ কবলত তথাকথিত দেশপ্ৰেমিক ভদ্ৰলোকে উপলব্ধি কৰিলে যে বিহুৰ বাদে অসমীয়াৰ জাতীয় উৎসৱ হিচাপে চিনাকী দিবলৈ একোৱেই নাই ৷ সেইবাবে আধুনিক কালত বিহুক সক্ৰিয় কৰিবলৈ সকলোৱেই জাগি উঠিল , বিহু হৈ পৰিল সঁচা অৰ্থত জাতীয় উৎসৱ ৷
           ইংৰাজ আমোলৰ লগে লগে চাহ শিল্পই অসমলৈ নব্য সংস্কৃতিৰ আলোক বহন কৰি আনিলে ৷ পৰম্পৰাগতভাৱে খেতিৰে জীৱিকা নিৰ্বাহ কৰা অসমীয়াই এইবাৰ চাহ খেতিয়ে ছাটি ধৰা সেউজ ৰূপ দেখিলে ৷ বাগিচা সমূহত কাম কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বনুৱাসকল আহিছিল ৷ তেওঁলোকক অসমৰ মাটিয়ে শুজিলে , থলুৱা অসমীয়াৰ দৰেই তেওঁলোকক অসমৰ অসমীয়া হৈ নিগাজিকৈ থাকিল ৷ বিহুৰ এনাজৰীয়ে তেওঁলোককো বান্ধিলে এই বিহু হৈ পৰিৰ তেওঁলোকৰো উৎসৱ ৷
            চাহ শিল্প গঢ়ি উঠাত অসমৰ আকাশত কল-কাৰখানাৰ ধোঁৱা উৰিল ৷ ৰেলগাড়ী চলিল,  আকাশত উৰাজাহাজ উৰিল ৷ অসমীয়াৰ সামগ্ৰিক জীৱনলৈ চাহ, ৰেল, জাহাজ এইবোৰ নতুন অনুভূতিৰ সঞ্চাৰণ ঘটিল ৷ স্বভাৱ কবি সকলে এইবোৰকে উপলক্ষ কৰি গীত নাম গাই বিহুক নতুন ৰূপত সজালে ৷ স্বৰূপতে বনগীত, বিহুগীত , নামঘোষাই যেন নতুন উৎসৰ প্ৰেৰণা পালে ৷ বিহুত নতুন বৰদৈচিলা আহি যেন অসমীয়া মন পৰশি গ'ল ৷
          বিহু হাবি বা পথাৰৰ পৰা স্বৰ্গদেওসকলৰ পোষকতাত ৰাজচ'ৰা ৰংঘৰলৈ আহিল,ডা-ডাঙৰীয়াৰ ঘৰৰ পৰা ব্যক্তিগত ঘৰৰ চোতাললৈ বিহুক আদৰণি জনোৱা হ'ল ৷ নিয়ত পৰিৱৰ্তনৰ মেৰপাকত সোমাই আধুনিক কালত বিহুৱে ৰংগমঞ্চত ভুমুকি মাৰিলে ৷ বিহুপ্ৰেমী লোকৰ মনত মণিকূটত বিৱৰ্তমান সময়ৰ বা লাগি বিহু পৰিৱৰ্তন হৈ গাঁৱে ভূঞে,  নগৰে চহৰে অনুষ্ঠিত হোৱা ৰভাতলীত থিতাপি ল'লে ৷ এনেকৈয়ে জাতীয় জীৱনৰ বিশালতাৰ লগত বিহুৱে সময়ৰ দ্ৰুত পৰিৱৰ্তনশীলতাৰ বিবৰ্তমান ধাৰাত ৰূপ সলাই আহিছে আৰু সলাই থাকিব ৷ বিহুৰ নৈবেদ্য সম্ভাৰ অসমীয়া পৰিবৰ্তনক বাধা দি ৰখাৰ শক্তি নাই,  কাৰণ সংস্কৃতি স্থবিৰ নহয়,  ই গতিশীল ৷
            অতীতৰ পৰা পৰম্পৰাগতভাৱে যিখিনি খাদ্য সম্ভাৰ আহিছে, সেই সমূহ হ্ৰাস পোৱা নাই,  বৰঞ্চ বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত অধিক যোগ হৈছে ৷ বিহু পালন কৰা ৰীতি নীতি সমূহো পৰিবৰ্তন হৈছে ৷ বিহুত প্ৰয়োগ কৰা গীত,  নাম হুঁচৰি,  লহৰীয়া, বাদ্যযন্ত্ৰ সমূহৰ কিছু পৰিবৰ্তন আহিছে ৷ গীত,  নামত সময় সাপেক্ষতাই স্পৰ্শ কৰিছে ৷ বাদ্যযন্ত্ৰৰ চেও আদিত আধুনিকতাৰ কিছু চাপ পৰিছে ৷ দুই-এপদ বাদ্যৰ বাহিৰে আধুনিক কালত যিবোৰ সমযোগ হৈছে সেইসমূহ বিহুত জীৰ্ণ নোহোৱা হৈছে ৷ কিন্তু বিহু হুঁচৰি, গীত নামবোৰ প্ৰতিযোগিতা মঞ্চত বিচাৰমুখী হৈছে ৷ ফলত স্বাভাবিকতে ই মোট সলাইছে ৷
      অতীতৰ বিহু কেৱল বিহুতলিতেই আৱদ্ধ আছিল ৷ বিহুৱা-বিহুৱতীয়ে হিয়া উজাৰি গোৱা বিহুগীত নামসমূহ বিহুৱা দল আৰু বিহু চোৱা লোকৰ মাজতে বিস্ফোৰিত হৈ নিজম পৰিছিল ৷ বিহুগীতৰ শালীনতা-অশালীনতা অধীক প্ৰচাৰমুখী নহৈ কেৱল বিহু পৰিৱেশিত দল আৰু দৰ্শক শ্ৰোতাৰ মাজকে সীমাবদ্ধ হৈ ৰৈছিল ৷ আধুনীক যুগত যান্ত্ৰিকতাই বিহুৰ স্বৰুপ উদঙাই দেখুৱাইছে ৷ দেশৰ মানুহ শিক্ষিত হোৱাত অশিক্ষিত চহা লোকৰ মনত উদয় হোৱা গীত নাম সমূহ শিক্ষিত বুদ্ধিজীৱীয়ে উদ্ধাৰ কৰি গ্ৰন্হাকাৰে প্ৰকাশ কৰি প্ৰচাৰ মাধ্যমৰ ভেটি সুদৃঢ় কৰিছে ৷ বিহু উপলক্ষে প্ৰকাশ পোৱা বাতৰি কাকত,  আলোচনী অনেক চিন্তাবিদৰ চিন্তা চেতনাত বিহুৰ ভাৱমূৰ্তি বিকাশিত হৈ জনসাধাৰণৰ চিন্তা মানসত সদৰি হৈছে ৷ অসমীয়া,  হিন্দী,  ইংৰাজী আদি বিভিন্ন ভাষাৰ মাধ্যমেৰে বিহুৰ তাৎপৰ্য্য,  আচাৰ নীতিৰ কথা বিভিন্ন লেখকৰ লেখনিত অসমীয়া আৰু অনা অসমীয়াৰ মাজত পৰস্পৰে পৰস্পৰক বুজিবলৈ বাট মুকলি কৰিছে ৷ জনজীৱনৰ আদৰৰ বিহু উৎসৱৰ ৰং চৰাৰ বতৰা দেশৰ অনাতাঁৰৰ যোগে প্ৰসাৰতা লাভ কৰা দিনৰে পৰা প্ৰতি বছৰেই বিহু আৰু বিহুসুৰীয়া গীত মাত শ্ৰোতাৰ কৰ্ণ-কুহৰত প্ৰৱেশ কৰোৱাইছে ৷ সমসাময়িক ঘটনাৰাজীক লৈ ৰচনা কৰা গঞা কৃষিজিৱী বিহুৱা সকলে কিদৰে নিজৰ অনুভূতি গীত আকাৰে প্ৰকাশ কৰিছে তাৰ সম্যক প্ৰতিফলন দেশৰ ভিতৰত আৰু বাহিৰত শ্ৰোতাই অনুধাৱন কৰিবলৈ সক্ষম হৈছে ৷ গতিকে বিহুৰ সময়ত বিভিন্ন ভাষাত প্ৰকাশ হোৱা কাকত,  আলোচনীৰ বিহুসুৰীয়া প্ৰৱন্ধ সমূহতকৈ যে অনাতাঁৰে , দূৰদৰ্শনে ক্ষীপতাৰে সংহতি সঞ্চাৰণ কৰিব পাৰে সেই কথা সহজবোধ্য ৷ কাকত, আলোচনী,  কিতাপ পত্ৰ বিহুৰ তথ্য পাতিয়ে শিক্ষিতসকলক মানসিক খোৰাক যোগাই বিহুৰ প্ৰতি অকুন্ঠ সহযোগ পাব পাৰে ৷
সম্প্ৰতিক বিহু বিশেষভাৱে জনপ্ৰিয় কৰি তুলিছে কেছেটসমূহে ৷ কেছেটৰ যোগেদি বিহুৱা বিহুৱতীয়ে বিহুৰ আবেগময়ী গীত নাম সমূহৰ দক্ষতাৰে পৰিৱেশন কৰি সৰ্বসাধাৰণ শ্ৰোতাৰ বুকুত সোমাই পৰিছে ৷ পিছে বহু কেছেটত অশ্লীল গীতমাত,  অসাৱধান শব্দ প্ৰয়োগে অশ্ৰাব্যকতাৰ সৃষ্টি কৰিছে ৷ যিবোৰ বনগীত,  বনঘোষা নিৰ্জন প্ৰাকৃতিক পৰিৱেশত ডেকা গাভৰুৱে গায় অথচ ঘৰৰ বা গাওঁৰ পদূলিত গালে আই বাইৰ আগত মুখ লুকুৱাবলগীয় হয় ৷ সেই গীত সমূহ কেছেটট ভৰাই ঘৰৰ জেষ্ঠ কণিষ্ঠৰ মান সন্মান একাকাৰ কৰা হৈছে ৷ গতিকে কেছেটসমূহ প্ৰকাশৰ পৰত চৰকাৰ বা বিভাগে হস্তক্ষেপ কৰা প্ৰয়োজন হৈছে ৷
       যোৱা দুটা দশকত বিহুক ব্যক্তিৰ ঘৰৰ শোৱনি কোঠালৈ আদৰি আনিছে দূৰদৰ্শনে ৷ বিহুৱা বিহুৱতীৰ গীত-নাম,  নাচোনৰ ভংগীৰ সকলো স্বৰুপ দৰ্শক শ্ৰোতাই কম আয়াসতে চাব পৰাটো এক প্ৰকাৰে এই যুগৰ সৰ্বশ্ৰেষ্ঠ অৱদান ৷ দূৰদৰ্শনত দেখা বিহুৰ সু সংহত ৰূপকথাৰ বিষয়ে অধিককৈ নকৈ যিখিনি অসংযত কথাখিনিৰ কথা নকৈ নোৱাৰি ৷ দূৰদৰ্শনত পৰিৱেশিত বিহুৰ মাজে মাজে বিহুৱা দলৰ গীত নাম,  নাচোনৰ ভংগী,  বাদ্যযন্ত্ৰৰ বেসুৰীয়া সংগত,  বিহু হুঁচৰিৰ স্বাভাৱিক গতি প্ৰকৃতিৰ ব্যক্তিক্ৰম ৰূপ দেখা যায় ৷ বিহু পৰিবেশিত দলক এই ক্ষেত্ৰত জগৰীয়া নকৰি বিহুৰ দৃশ্য গ্ৰহণকাৰী দূৰদৰ্শনৰ বিষয়াৰ বিহুৰ সম্যক ধ্যান জ্ঞান নথকাহে মূল বুলি কব পাৰি ৷ এই ক্ষেত্ৰত বিহু বিশেষজ্ঞ অভিজ্ঞ লোকৰ লগত আলোচনাত মিলিত হৈ দূৰদৰ্শনে ব্যৱস্হা ললেহে বিহুৰ স্বকীয়তা বিনাশ নোহোৱাকৈ ৰ'ব ৷
       " কৈনো কৈ থাকিলে ওৰকে নপৰে ৰঙালী বিহুৰে কথা " বুলি এষাৰি কথা আছে৷ বিহুৰ অতীতৰ কথা যিমানোৰ আছে সকলো কথা থাওকতে  সামৰা সহজ কথা নহয় ৷ কিন্তু আধুনিক কালৰ বাবে দুটিমান কথাৰে বিহুতলীৰ অতীত সোঁৱৰণ সামৰিব বিচাৰোঁ ৷ বিহুৰ সকলো কথা সামৰি এখনি পূৰ্ণাংগ ডকুমেন্টৰী ছবি নিৰ্মাণ কৰি ভাৰতীয় আঞ্চলিক ভাষা সমূহলৈ অনুদিত কৰি দেশৰ বাহিৰ আৰু ভিতৰত বিহুৰ স্বৰুপ দেখুৱাবৰ হ'ল ৷ বিহুৰ খাদ্য সামগ্ৰী বিশ্লেষণেৰে অধিক প্ৰস্তুতি চলাই বাহিৰৰ মানুহকো তাৰ সোৱাদ দিয়াৰ ব্যৱস্থা নগৰৰ হোটেলসমূহত প্ৰস্তুতি কৰিবৰ হ'ল ৷ বিহুৰ বাদ্য যন্ত্ৰ,  খেলা ধূলা,  কাড়িখেলা,  ঘিলাখেল আদি লোকখেল সমূহৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলিবৰ হ'ল ৷
     বিহুগীত,  বৰগীত,  বনঘোষাসমূহ পূৰ্ণাংগৰূপে উদ্ধাৰ কৰি এইবোৰ বিচাৰ বিশ্লেষণেৰে সংস্কৃতিপ্ৰেমী সকললৈ আগবঢ়োৱা দ্বায়িত্ব অনুৰাগীসকলে ল'ব লাগে ৷ কিছু বছৰৰ পৰা বিহু সন্মিলনৰ যিদৰে  উজান উঠিছে প্ৰতিযোগীসকলে বিহুতলীয়ে তলীয়ে ঘূৰি ফুৰোঁতে ব'হাগ মাহটো ৰং-অানন্দতে পাৰ কৰিবলগীয়া হয় ৷ বিহু মেলালৈ নিমন্ত্ৰন কৰা বক্তা , সভাপতিসকলৰো বিহুপ্ৰেমী লোকৰ মৰমক নেওচা দিব নোৱাৰা অৱস্হা হোৱাত বহু মূল্যৱান সুযোগ-সুবিধা অথলে যায় ৷ ফলত ব্যক্তিগত আৰু সমূহীয়া জীৱনৰ আৰ্থিক অপচয়ো ঘটে ৷ পৃথিৱীত কোনো জাতিয়েই এমহীয়াকৈ জাতীয় উৎসৱ পালন নকৰে ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰতাৰ যুগত অসমীয়া সকলেও টোত খৰ মাৰি সাতদিন মানলৈকে বিহুমৰা উচিত,  নহ'লে জাতীয় জীৱনৰ আৰ্থিক দিশ অপচয় হোৱাৰ লগতে সময়ৰ অপূৰণীয় ক্ষতি হব ৷