অসম বুৰঞ্জী: এক চিন্তা আৰু এক অনুভৱ ණ ... চাও চৌচেংফা ( ঋতুৰাজ) ফুকন, নগাঁও



যি জাতিৰ বুৰঞ্জী নাই সেই জাতি মেৰুদণ্ডহীন জীৱৰ দৰে। অতীতৰ ওপৰত ভিত্তি কৰি বৰ্তমান আৰু বৰ্তমানৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতৰ সোপান ৰচিত হয়। অসমীয়া জাতিৰ এক গৌৰৱ উজ্জ্বল বুৰঞ্জী আছে। প্রতিজন অসমীয়াৰ নিজৰ জাতিৰ অতীতক লৈ গৌৰৱ কৰাৰ থল আছে। কিন্তু বৰ্তমান অৱস্থাত প্রতিজন অসমীয়াই নিজৰ বুৰঞ্জী যেন পাহৰিব ধৰিছে ।
“বুৰঞ্জী” শব্দৰ অর্থ হ’ল মূর্খৰ শিক্ষাৰ ভড়াল। আহোম সকলে বুৰঞ্জী জনাতো অতি আৱশ্যকীয় বুলি ভাবিছিল।প্রতিঘৰ সম্ভ্রান্ত আহোম পৰিয়ালে বুৰঞ্জী লিখা আৰু সংৰক্ষণ কৰা এক কৰ্তব্য জ্ঞান কৰিছিল তথা বুৰঞ্জী পঢ়া আৰু বুৰঞ্জী জনাৰ আগ্রহ মনত পুহি ৰাখিছিল। আহোম সম্প্রদায়ৰ বিবাহ প্রথা "চকলং" প্রথাৰে বিবাহ সমাপন কৰোতে বুৰঞ্জীৰ বিষয়ে উল্লেখ কৰাৰ এক নিয়ম আছিল, গতিকে সকলোৱে মৌখিক ভাৱে হওঁক বা পঢ়ি-শুনিয়ে হওঁক বুৰঞ্জীৰ শিক্ষা লাভ কৰিছিল আৰু ফলত পাছলৈ অসংখ্য বুৰঞ্জী পুথিৰ ৰচনা হৈছিল। আহোম যুগৰ বুৰঞ্জীক বিষয়-বস্তু অনুসৰি কেইবা ভাগত ভাগ কৰা হৈছে। সেই ভাগ কেইটা ক্রমে,
১) প্রাক আহোম যুগৰ বুৰঞ্জী।
২) আহোম যুগৰ বুৰঞ্জী বা আহোম ৰাজত্বৰ বুৰঞ্জী।
৩) দাঁতি অলীয়া বুৰঞ্জী।
৪) অন্য ৰাজ্যৰ বুৰঞ্জী।
৫) কটকী বুৰঞ্জী।
৬) চকীয়াল বুৰঞ্জী।
৭) চাং-ৰুং-ফুকৰ বুৰঞ্জী।
সাম্প্রতিক অসমৰ শিক্ষা ব্যৱস্থাই বৰ্তমানৰ নৱ-প্রজন্মক বুৰঞ্জী শিক্ষাৰ পৰা আঁতৰাই পেলাইছে। ইয়াৰ ফলত ভৱিষ্যতৰ অসম আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন হ’ব। আমাৰ পুলিন-পুথাও সকলৰ বুকুৰ তেজেৰে গঢ়াঁ অসমখন আমাৰ হাততে ধ্বংশ হ’ব। কেচাঁ মাটিৰ গোন্ধবোৰ আৰু কষ্ট কৰা দেহৰ ঘাঁমৰ মূল্য বুজি নাপাম নিজক নাজানিলে, শিপা বিচাৰি আমাৰ পিছৰবোৰে হাহাকাৰ কৰিব। আমি কি আছিলোঁ? অসমখন কেনেকৈ হ’ল? এইবোৰ জানিলেহে বিশ্বৰ আগত আমি নিজৰ পৰিচয় দাঙি ধৰিব পাৰিম। ভৱিষ্যতৰ অসম আৰু অসমীয়াৰ ভেটিঁটো ফোঁপোলা হৈ নাযায় নিজৰ পৰিচয় জানিলে।
আজি আমি নিজকে আহোম বা টাই মানুহ বুলি চিঞৰি থাকিলে হ’ব জানো। আজি উঠি অহা প্রজন্মবোৰে এটা ভুল ধাৰণা লৈ জীয়াই আছোঁ যে আহোম মানেই গাহৰি খোৱা বা সাঁজ-পানী খোৱা তাৰবাদে যেন আৰু কাম নাই হে,এইটো অতি পৰিতাপৰ বিষয । আমাৰ পুলিন-পুথাও সকল সকলো ক্ষেত্রতে পাকৈত আছিল বাবে ছশ বছৰ অসমত ৰাজত্ব কৰিব পাৰিছিল। যদি ভালকৈ চাওঁ বিশ্বত এনেকুৱা একেলেথাৰিকৈ ছশ বছৰ ৰাজত্ব কৰা বুৰঞ্জী ক’তো বিচাৰি নাপাম। এনেকুৱা ৰাজবংশ আৰু ৰাজত্বৰ কথা আমাৰ চৰম অৱহেলাৰ বাবে আজিও বিশ্বৰ পৰা লুকাই আছে। মৈদামবোৰৰ কথাই ভাবকছোন ই সমগ্র বিশ্বৰ বাবে এটি বিস্ময় হ’ব লাগিছিল। আজি মিছৰৰ পিৰামিডৰ বিষয়ে বিশ্বৰ প্রতিজন মানুহে জানে। মিচৰৰ আচৰিত পিৰামিডবোৰ একো একোটা বিয়াগোম কবৰ। পিৰামিডবোৰৰ ভিতৰত ঘৰচীয়া জীৱ-জন্তু, মেকুৰী আৰু ৰজাৰ আৱশ্যকীয় বয়-বস্তুসমূহ স্থাপন কৰাৰ প্রমান পোৱা গৈছে। ঠিক তেনে দৰে অসমৰ মৈদামবিলাক যদিও কংক্রিতৰে গঢ়া নহয় তথাপিও এই বিলাক এক প্রকাৰৰ পিৰামিদ......... আমাৰ গৌৰৱ।
আহোম ৰাজত্বৰ গৌৰৱময় ইতিহাস কঢ়িয়াই শিৱসাগৰ, জয়সাগৰকে আদি কৰি অসমৰ বহু ঠাইত আহোম ৰাজত্ব কালতে স্থাপন হোৱা দ'ল, বৰ-পুখুৰী,কাৰেংঘৰ আদি দ'ল-দেৱাল বিলাক সাম্প্রতিক সময়তো ঠিয় হৈ আছে। সেই সময়ত আজিৰ দৰে ইমান উন্নত কাৰিকৰী প্রযুক্তিৰ ব্যৱস্থা নাছিল। সেই দিশৰ পৰা চাবলৈ গ'লে আচৰিত যেন নালাগেনে বাৰু ? হাঁহ কণী, বৰালী মাছ, মাটিমাহ আৰু আলতীয়া ৰঙা মাটিৰ প্রলেপৰে সজা ৰংঘৰ কাৰেংঘৰ আজিও জিলিকি আছে। সোণৰ কলচিৰে তিৰবিৰাই থকা শিৱসাগৰৰ শিৱদ'লে আজিও সেই সময়ৰ মানুহবোৰ কিমান আগ বঢ়া আছিল আমাক নকয় জানো। আজি জানো পাৰিম সেই দৰে সাজিব! নোৱাৰো । নামদাংৰ শিলৰ সাকোঁ এটা প্রকাণ্ড শিলতে বনোৱা। এই আহোকাৰ্য্যৰ কথা ভাবিলে আচৰিত লাগে। সেই সময়তে গঢ়া এইখন সাকোঁ অকল অসমীয়াৰে নহয় গোটেই বিশ্বৰ বাবে এক বিষ্ময় তথা উন্নত কাৰিকৰীৰ নিদৰ্শন হ'ব লাগিছিল ।
১২২৮ খৃঃত আঘোণ মাহত চাও লুং ছৗকাফাৰ নেতৃত্বত উত্তৰ ব্রহ্মৰ শান ৰাজ্যৰ মুংৰিমুংৰাম প্রদেশৰ পৰা,পাটকাই পৰ্বত পাৰ হৈ সৌমাৰলৈ অহা সকলেই টাই-আহোম ৰূপে জনাজাত হৈ পৰিল। এই দলটোৱে পাতনি তৰিলে গাৱঁৰ,নগৰৰ,ৰাজ্যৰ,ৰাজধানীৰ।এই দলটোক কোনোবাই বুলিলে অহম,কোনোবাই আশ্যাম আৰু কোনোবাই আহোম। চৰাইদেওত লাইখুটা পোতা ৰাজ্যৰ সীমা গৈ কৰতোৱা পালেগৈ। চুতীয়া,বড়াহি, কছাৰী, মৰাণ, ভূঞা আদি বিভিন্ন জনগোষ্ঠীৰ হাতত খণ্ড-বিখণ্ড হৈ থকা জাতি-জনজাতি-উপজাতি মিলি' অসমীয়া' নামৰ এটা নতুন জাতিলৈ উন্নিত হ'ল। আহোম সকলৰ সংস্কৃতি অতি পুৰণি। চীন দেশত চীনা সংস্কৃতি নামৰে জনাজাত হোৱা বিশাল সংস্কৃতিৰ ভেটি প্রতিষ্ঠা কৰা টাই সকলৰ এটি ঠাল হ'ল এই আহোম সকল। স্বৰ্গদেউ ছৗকাফাই লগত ১৯০০ মানুহ হে আনিছিল। কিন্তু ইয়াত আহি সেই মানুহ সকলে অসমৰ ঠলুৱা মানুহ বড়াহি, কছাৰী, মৰাণ সকলৰ লগত বিবাহৰ মাধ্যমৰে সম্পৰ্ক গঢ়িছিল, আৰু এনেকৈয়ে কালক্রমত বৃহত্তৰ অসমীয়া জাতিৰ সৃষ্টি হৈছিল।
আহোম সকলৰ সাংস্কৃতিক অৱদান বহুমূখী। সাহিত্য, ধৰ্ম,স্থাপত্য-ভাস্কৰ্য, চিত্রকলা, ৰাজনীতি, সমাজ নীতি,খেল-ধেমালি সকলোতে আহোম ৰাজত্বৰ বৰঙণি আছে। আহোম সকলৰ শ্রেষ্ঠ আৰু একক অৱদান "বুৰঞ্জী সাহিত্য"। বুৰঞ্জীৰ ৰচনাৰ ৰীতিয়ে নহয়, বুৰঞ্জীৰ লগত লেখন কলা, লিপি আৰু সংৰক্ষণ ব্যৱস্থাৰে অসমীয়া সংস্কৃতিক চহকী কৰি থৈ গৈছে। আজি আমি প্রত্যেক অসমীয়াই বিহু পালন কৰো। বিহু আমাৰ জাতীয় উৎসৱ। এই বিহু আমাৰ আহোম সকলৰে অৱদান। পেপাঁ, গগণাঁ, টকা এই বিহুৰ বদ্যযন্ত্র বিলাক আহোম সংস্কৃতিৰে দান। টাই-আহোমৰ কিছুমান টাই শব্দ অসমীয়া ভাষাত সুন্দৰকৈ সোমাই পৰিল। যেনে ----------
"খাং, হাই, ঠাপ, পম, জী, চাক, জান, টুপ..........ইত্যাদি।
আহোম ৰাজত্বৰ সময়ত অসমখন ৰণুৱা, বণুৱা, সাজপাৰ, বিদ্যা, আ-অলংকাৰ, সংগীত আদিৰে বহুত আগবঢ়া আছিল। আহোমসলৰ এটা বিশেষত্ব পূৰ্ণ পৰম্পৰা হৈছে, তেওঁলোকৰ বংশৰ ডাঙৰ ঘৰ সদায় ডাঙৰ আৰু সৰু ঘৰ সদায়ে সৰু, বয়সৰ ওপৰত নিৰ্ভৰ নকৰে। আহোম সকলৰ মাজত সমন্ধবাচক শব্দবোৰ এতিয়াও বিৰাজমান,যেনে--নিচাদেউ, আপাদেউ, এনাই, পুঠাই,আঠাও।
আজিৰ নৱ-প্রজন্মই বুৰঞ্জী পঢ়া বা তেওঁলোকক এই বিষয়ে জ্ঞান দিয়াতো অতি প্রয়োজনীয়, নহ'লে পাছত কোনেও একো নাজানিব আৰু নিশিকিব। বৰ্তমান প্রতিযোগিতা আৰু আধুনিকতাৰ যুগ, গতিকে এই যুগত সকলোৰে বাবে বুৰঞ্জী পঢ়া সহজ নহয়। তথাপি যি বিলাক অনুষ্ঠানত আমি উপস্থিত থাকো তাৰ পৰাই বহু কথা শিকিব পাৰো।
নিজৰ কলা-সংস্কৃতিৰ বিষয়ে ভালকৈ শিকিলে বুজিলে অন্য কোনেও ইয়াৰ সত্য অসত্যৰ কথা লৈ আঙুলি টোৱাব নোৱাৰে আৰু টোৱালেও ইয়াৰ উত্তৰ আমি দিব পাৰিম যদিহে নিজৰ ইতিহাসৰ বিষয়ে আমি জানো, আৰু সেয়েহে আমাৰ গৌৰৱময় বুৰঞ্জীক গুৰুত্ব সহকাৰে অধ্যয়ন কৰি বুৰঞ্জীৰ সমলবোৰৰ ওপৰত জ্ঞান আহৰণকৰাতো একান্তই প্রয়োজনীয়। নৱপ্রজন্মই ইয়াকে নকৰিলে অসম আৰু অসমীয়াৰ ভেঁটি লৰচৰ হ'ব। অজ্ঞতাৰ বাবে আহোমবোৰ নিজৰ অসম দেশৰ বাবে এলাগী হৈ পৰিব। টাই জনগোষ্ঠীৰ দ্বিগবিজয়ী পুৰুষ মহান চাওলুং ছৗকাফাই সাত ৰাজ মাৰি এক ৰাজ কৰি যি মহান অসমীয়া জাতি গঢ় দি গ'ল ইয়াক অধিক শক্তিশালী কৰিবলৈ আৰু অস্তিত্বৰ সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ নৱ-প্রজন্মই বহুখিনি কৰিব লগীয়া আছে ।।