ঢকুৱাখনাৰ স্বাভিমান: ফাটবিহু ණ ...বিকাশ দিহিঙীয়া, ঢকুৱাাখনা কলেজ



     "পখিলা উৰাদি উৰ ঐ নাচনী
             পখিলা উৰাদি উৰ
    ৰজাৰো আগৰে ফাটবিহুখনিৰ
           নেপাবি পিৰিতিৰ ওৰ"

       ঢকুৱাখনা আৰু হাবুং ।  বুৰঞ্জীৰ মতে ঢকুৱাখনাৰ প্ৰাচীন নাম আছিল হাবুং । টাই আহোম  ভাষাৰ শব্দ 'হা' আৰু 'বুং' মিলি হাবুং হৈছে। 'হা' মানে বহল আৰু 'বুং' মানে ঠাই । অৰ্থাৎ আহল বহল ঠাই । আন এক অৰ্থত হাবুং মানে পলসুৱা আৰ্দ্ৰভূমি। অন্য এক তথ্য মতে, পূৰ্বতে হাবুং এখন ৰাজ্যৰ দৰেই আছিল যিখন ৰাজ্য দীঘলে ৩০ মাইল আৰু বহলে ১৫ মাইললৈকে বিস্তৃত আছিল। এই ৰাজ্যখন চামপৰা আৰু সোৱণশিৰি নৈৰ সংগমস্থলত আছিল বুলি কোৱা হয়।  হাবুংত সেইসময়ত ভূঞাসকলৰ ৰাজত্ব চলিছিল । ১৫২৯ খ্ৰীঃ ত চুহুংমুং দিহিঙ্গীয়া ৰজাই চুতীয়া ৰাজ্য দখল কৰাৰ তিনিবছৰৰ পিছত পশ্চিম সীমাৰ ভূঞাসকলক দমন কৰি হাবুং ৰাজ্য আহোম ৰাজ্যত অন্তৰ্ভুক্ত কৰে । তাৰো আগতে চাও লুঙ ছৗকাফাই আহি এই অঞ্চলত বসবাস কৰিবলৈ আৰম্ভ কৰিছিল । প্ৰায় তিনিবছৰ কাল নানা প্ৰাকৃতিক দুৰ্য্যোগ আওকাণ কৰি বসবাস কৰাৰ পিছত ১২৪৪ খ্ৰীঃ ত প্ৰলয়ংকাৰী বানে সমগ্র হাবুং ৰাজ্য বুৰাই পেলোৱাত চাও লুঙ ছৗকাফাই দিখৌমুখ হৈ চৰাইদেউলৈ গুচি যায় । বানপানীৰ সমস্যা নোহোৱা হ'লে হয়তো বৰ্তমানৰ ঢকুৱাখনাখনেই হয়তো আহোমৰ ৰাজধানী ৰুপে গঢ়ি উঠিলহেঁতেন ।

          বৰ্তমানৰ ঢকুৱাখনা মহকুমাটো লক্ষীমপুৰ জিলাৰ অন্তৰ্গত যদিও ১৯৮৯ চনলৈকে ধেমাজী মহকুমাৰ অন্তৰ্গত এটা বিস্তৃত অঞ্চল আছিল । সামগ্ৰিকভাৱে ঢকুৱাখনা বুলি ক'লে ২৭.২৬ উত্তৰ অক্ষাংশ আৰু ৯৪.২৪ পূৱ দ্ৰাঘিমাংশৰ পৰা ৯৮.৪২ পূৱ দ্ৰাঘিমাংশৰ অন্তৰ্গত ভৌগোলিক এলেকাৰ ভূখণ্ডক নিৰ্দেশ কৰে। ঢকুৱাখনা অঞ্চলটোক ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপনৈ সোৱণশিৰিয়ে আৱৰি আছে।

         ঢকুৱাখনা নগৰৰ দাঁতিয়েদি বৈ যোৱা চাৰিকড়ীয়া নৈৰ পাৰতে অনুষ্ঠিত হয় ঢকুৱাখনাবাসীৰ প্ৰাণৰ উৎসৱ ফাটবিহু। ঔপন্যাসিক হোমেন বৰগোহাঞিয়ে তেখেতৰ ‘গৰখীয়া’ শীৰ্ষক গল্পটোত ফাটবিহুতলিৰ নামটো ম'হঘূলি চাপৰি হিচাপে নামকৰণ কৰিছিল। তেখেতে চাৰিকড়িয়া নৈৰ উত্তৰ দিশত থকা বৰ্তমান চাৰিকড়িিয়া নৈৰ পকা দলংখনৰ পশ্চিমৰ এটি অৰণ্যময় চাপৰিৰ নাম ম'হঘূলি চাপৰি বুলি উল্লেখ কৰিছিল। অতীজৰে পৰা পৰম্পৰাগত ভাবে এই উৎসৱে কঢ়িয়াই ফুৰিছে সম্প্ৰীতিৰ বীজ ।

     স্বৰ্গদেউসকলৰ দিনৰ পৰা চলি অহা ফাটবিহুৰ যৱনিকা পৰিছিল ১৯১৮ চনত । তাৰ প্ৰায় তিনিকুৰি বছৰৰ পিছত ঢকুৱাখনাবাসীৰ আন্তৰিক প্ৰচেষ্টাত ফাটবিহু এক অভিনৱ ৰুপেৰে জনমানসত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় ।

     "ফাট্" শব্দটো মূলতঃ তাঈ ভাষাৰ শব্দ । বেপাৰ-বাণিজ্য কৰা ঠাইক ফাট বোলা হয় । আহোম ৰাজত্বকালত স্বর্গদেউসকলে নৈৰ পাৰৰ একোডোখৰ ঠাইত বেহা-বেপাৰ কৰিবলৈ সুবিধা কৰি দি ফাট বহুৱাইছিল । তথ্য মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লুইত-সোৱণশিৰিৰ মাজৰ এই চাৰিকড়িয়া নৈৰ পাৰত এটা ফাট আছিল । বিহুৰ বতৰত এই ফাটলৈ বিভিন্ন স্থানৰ পৰা মানুহ আহিছিল আৰু বয় বস্তুৰ বিনিময় কৰাৰ লগতে সকলোৱে মিলি বিহু কৰিছিল । কালক্ৰমত সেয়াই ফাটবিহুৰ নাম লয় । ফাটবিহুৰ উৎপত্তি সম্পৰ্কে ভিন্ন মতভেদ আছে । কিছুলোকৰ মতে এই ঠাইত বিহু মাৰি থাকোঁতে কেতিয়াবা ঢোল ফাটিছিল , নাচোতে নাচনীৰ ৰিহা-মেখেলা ফাটিছিল , ঢুলীয়াই নাচনীক পলুৱাই নিওঁতে নাচনীৰ আঁচল ফাটিছিল আৰু বিহুনাম গাওঁতে মাত ফাটিছিল। এই সূত্ৰে এইবিহুক "ফাটবিহু" বুলি কোৱা হয় ।

   বৰ্তমান সময়ত ফাটবিহু ব'হাগৰ শেষৰ ফালে তিনিদিনীয়াকৈ অনুষ্ঠিত হয় । চাৰিকড়িয়া নৈৰ পাৰত শিশু গছৰে ভৰা মহঘুলি চাপৰিত সম্পূৰ্ণ প্ৰাকৃতিক ভাবে ফাটবিহু উদযাপন কৰা হয় ।

     ফাটবিহুৰ বিশেষত্ব এইয়ে যে বিহুৰ বাকৰিত জাতীয় সাজ-পাৰ পৰিধান কৰাটো বাধ্যতামূলক । ইয়াৰ বাবে প্ৰতি পলে সাজু থাকে স্বেচ্ছাসেৱক/সেৱিকা সকল । মঞ্চত জোতা-চেন্দেল পিন্ধি সোমাবলৈ দিয়া নহয়, সেয়া লাগে নিমন্ত্ৰিত তথা বিশিষ্ট অতিথিয়েই নহওক কিয় । আৰু এটা উল্লেখযোগ্য দিশ হ'ল যে অতিথি সকলক শৰাই আগবঢ়াই সেৱা কৰিহে আদৰ সম্ভাষণ জনোৱা হয় । ঢকুৱাখনাৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ সক্ৰিয় অংশগ্ৰহণ বিশেষ ভাবে লক্ষণীয় ।

     ফাটবিহুৰ স্বকীয়তা, প্ৰকৃতিৰ সতে ওতপ্ৰোতঃ সম্পৰ্ক, বিহুনাচৰ সুকীয়া তথা স্বতঃস্ফূৰ্ত শৈলী, আধুনিকতাই স্পৰ্শ কৰিব নোৱাৰা বিহুনাম এইবোৰেই ফাটবিহুক জনমানসত এক বিশেষ স্থান দিবলৈ সক্ষম হৈছে ।  বিহুত তিনিদিন জনসমূদ্ৰত পৰিণত হোৱা মহঘুলি চাপৰি কথাবোৰ কৈ থাকিলেও যেন শেষ নহ'ব । শেষত 'ঢকুৱাখনাৰ পৰিচয়' থকা বিহুৰ এটি নামেৰে সামৰণি মাৰিলো---

        "অ' আইদেউ লচপচী
                ৰিহা ল'লা কেঁ‌চ বাছি
                দৰা ল'লা মনে বাছি
        আকৌ তোমাৰ বিহুলৈ
        আকৌ তোমাৰ বিহুলৈ মন"

তথ্যঃ  বিহুৱান (ফাটবিহুৰ বাৰ্ষিক স্মৃতিগ্ৰন্থ)