কেলা আৰু অন্যান্য প্ৰসংগ ණ...টুনুজ্যোতি গগৈ


অসমৰ, বিশেষকৈ উজনি অসমৰ গ্ৰাম্য সমাজত কেলা শব্দটো শিক্ষিত-অশিক্ষিত বহু ব্যক্তিয়েই নিজৰ চূড়ান্ত আৱেগ (খং, উত্তেজনা, মৰম আদি) প্ৰকাশ কৰিবলৈ দ্বিধা-সংকোচহীনভাৱে ব্যৱহাৰ কৰে৷ অৱশ্যে, ৰাজহুৱা স্থানত বা তথাকথিত ভদ্ৰ সমাজত এই শব্দটো ‘অশ্লীল' বুলি প্ৰায়ভাগেই ব্যৱহাৰ নকৰে৷ এইখিনিতে প্ৰশ্ন হয় – শব্দটো সঁচায়ে অশ্লীল বা অবাচ্য নে? যদি এই শব্দটো অশ্লীলেই, তেন্তে অন্যান্য অশ্লীল শব্দৰ তুলনাত গ্ৰাম্য সমাজৰ কথন-মথনত এই শব্দটোৰ সঘন ব্যৱহাৰ কিয় হয়? এই শব্দটো আৰ্যমূলীয় নে অনাৰ্যমূলীয়? এনে প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি অসমীয়া ভাষা-সাহিত্যৰ ছাত্ৰ-ছাত্ৰী, গৱেষক-অধ্যাপকসকলে বিদ্যায়তনিক পৰ্যায়ত পদ্ধতিগতভাৱে আলোচনা-গৱেষণা কৰিলে অসমীয়া ভাষা-সাহিত্যৰ কিবা ক্ষতি হ'ব বুলি নাভাবো, বৰং অলপ হ'লেও লাভহে হ'ব৷ নিজৰ ভাষাটোৰ সমৃদ্ধি আৰু বৈচিত্ৰ্য প্ৰকাশ কৰিবৰ বাবেই বিশ্বৰ কেইবাটাও শক্তিশালী ভাষাত অশ্লীল শব্দৰ অভিধান পৰ্যন্ত প্ৰণয়ন হৈছে৷ কিন্তু, অসমীয়া ভাষাত তেনে এখন অভিধান ইমান সোনকালে আৰু সহজে প্ৰণয়ন হ'ব বুলি আশা কৰিব নোৱাৰি৷ অৱশ্যে, শেহতীয়াভাৱে অসমীয়া ভাষাত প্ৰচলিত গালি-শপনি, অশ্লীল শব্দৰাজিক লৈ বিদ্যায়তনিক পৰ্যায়ত গৱেষণা আৰম্ভ হৈছে, কিন্তু কেৱল ‘কেলা' শব্দটোক লৈ গৱেষণা আৰম্ভ হৈছে বুলি অদ্যপি শুনা নাই৷ বহু প্ৰচলিত এই শব্দটোক লৈ গৱেষণাৰ এখন বহল ক্ষেত্ৰ পৰি আছে – এই শব্দটো কেতিয়াৰ পৰা, কোনখন সমাজত, কেনেদৰে প্ৰচলিত হৈ আহিছে; শব্দটোৰ সৈতে অসমৰ মধ্যযুগীয় সামন্তীয় সমাজখনৰ বা বৰ্ণবাদী সমাজ ব্যৱস্থাৰ কিবা সম্পৰ্ক আছে নেকি আদি বিষয়ত বিস্তৃত আৰু নিৰপেক্ষ আলোচনাৰ স্থল আছে৷
‘কেলা' শব্দটোৰ প্ৰসংগত বিদ্যায়তনিক পৰ্যায়ত গৱেষণা নহ'লেও তাই ভাষা-সংস্কৃতিৰ গৱেষক, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া নগেন হাজৰিকাই এই শব্দটোৰ সম্পৰ্কত এক আকৰ্ষণীয় আলোচনা আগবঢ়াইছে৷ তেওঁ ‘‘ক্লা' শব্দৰ বুৰঞ্জী' শীৰ্ষক ৰচনাখনত লিখিছে– ‘... গুৱাহাটীৰ বি. বৰুৱা কলেজত চাকৰি কৰোতে অসমীয়া ভাষাৰ ওপৰত বিশেষ ব্যুৎপত্তি প্ৰদৰ্শন কৰাৰ বাবে সোণৰ পদক লাভ কৰা শ্ৰীবিশেশ্বৰ হাজৰিকাদেৱক লগ পালো৷ তেখেতে মোতকৈ এদিনৰ আগতে সেই কলেজত প্ৰৱক্তা হিচাবে যোগদান কৰিছিল৷ লগতে লগ পাইছিলো সেই কলেজত ডঃ নিৰ্মলপ্ৰভা বৰদলৈ, যোগেশ দাস, ডঃ বীৰেন দত্ত প্ৰভৃতি অসমীয়া ভাষা-সাহিত্য জগতৰ নামজ্বলা ব্যক্তিসকলক৷ তেখেতসকলক ‘কেলা' শব্দটোৰ অাঁতিগুৰি সম্পৰ্কে সুধিলো৷ তেখেতসকলে ‘ওভত মাত' বুলি সামৰিলে৷ ডঃ বৰদলৈয়ে সেই শব্দটো আৰ্য প্ৰসূত নহয় বুলি ক'লে৷'
বিশিষ্ট ভাষাবিদ-লোক সংস্কৃতিৰ গৱেষকসকলে এই শব্দটো ‘ওভত মাত' বুলিয়েই প্ৰসংগটো সামৰি-সুতৰি থ'লেও হাজৰিকাই শব্দটোৰ সম্পৰ্কত নিজা মতামত এনেদৰে আগবঢ়াইছে–‘ গঠন তথা উচ্চাৰণৰ লগত মিল থকা আহোম শব্দবোৰ ফঁহিয়াই চালে আমি দেখা পাওঁ যে আহোম ভাষাত ‘ক্লা' (বা ‘কু-লা') নামৰ এটা শব্দ আছে, যাৰ অৰ্থ হ'ল ‘হিন্দু'৷ বৌৰঞ্জিক পটভূমিত চালি-জাৰি চালে ‘কেলা' শব্দটো ‘ক্লা' শব্দৰ অপভ্ৰংশ বুলি নিৰ্দ্ধাৰণ কৰিব পৰা যায়৷ আহোমসকল মৗং-দুন ছুন-খামলৈ আহিয়েই ‘ক্লা'সকলক লগ পোৱা নাছিল, লগ পাইছিল সেই সময়ত উজনিত থকা বৰাহী, মৰাণ, চুতীয়া, কছাৰী, নগা ইত্যাদি সকলক, যিসকল তেতিয়া হিন্দু হোৱা নাছিল আৰু তেখেতসকলে নিজ নিজ মংগোলইদ ধৰ্ম সমূহহে পালন কৰি আছিল৷ চাও-লুং ছ্যু-কা-ফাৰ দিনত কিছুমান আৰু চাও-ফা ছ্যু-দাং-ফাৰ দিনত কেইজনমান ‘ক্লা'ক লগ পোৱা হৈছিল যদিও সৰহ সংখ্যক আহোমে বেছি সংখ্যক ‘ক্লা'ক লগ পাইছিল তেতিয়াহে, যেতিয়া চাও-ফা ছ্যু-হুং-মৗঙৰ দিনত ১৫৩৩ খৃঃত আহোম ৰাজ্য বা অসমৰ সীমা কৰতোৱো নদীলৈকে বিস্তাৰিত হ'ল৷'
হাজৰিকাই একেখন ৰচনাতে আৰু লিখিছে–‘বহুতো ভাষাবিদে ভাবিব পাৰে যে মতা মানুহৰ ঘাই যৌন অংগটো দেখাত কল এটাৰ নিচিনা আৰু ‘কল' >‘কলা'> ‘কেলা হৈছে, হিন্দী ভাষাত কলক ‘কেলা ' বোলা হয়৷... উক্ত বিশ্লেষণটো মনঃপুত নহয়৷ কাৰণ হিন্দীত ‘কেলা' শব্দৰ অৰ্থহে কল, ‘কেলা' বুলি উচ্চাৰণ কৰা শব্দ হিন্দীত থকাৰ কথা জনা নাযায়৷ এই ‘কেলা' শব্দটো অসমলৈ আমদানি হোৱা ৫০ বছৰ মানহে হৈছে৷ দ্বিতীয়তে, অসমত ‘কলা' >‘কল' হয়, যেনে– কলাবাৰী, কলাকটা ইত্যাদি৷ সেয়ে ‘কেলা' শব্দটোৰ মূল ‘কল' নহৈ অন্য শব্দহে হ'ব৷ ‘কেলা' শব্দটোৰ মূল হিচাবে কোনো সংস্কৃত শব্দ বিচাৰি পোৱা নাযায়৷ অসমত বসবাস কৰা অন্যান্য জনগোষ্ঠীসমূহৰ ভাষাবিদ দুই চাৰিজনৰ লগত এই বিষয়ে আলোচনা কৰা হৈছিল৷ তেখেতসকলৰ মতে তেখেতসকলৰ ভাষাতো তেনে কোনো শব্দ নাই, য'ৰ পৰা ‘কেলা' শব্দটো আহিব পাৰে৷'

প্ৰসিদ্ধ ভাষাবিদ ডঃ বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা গ্ৰন্থ ‘Assamese, Its Formation And Development’-ত ‘কেলা'ক অশ্লীল শব্দৰূপেই গণ্য কৰি ‘কেলা'ৰ লগতে ‘চেত', ‘কেতি', ‘পোকৰ' আদি অশ্লীল শব্দসমূহ অষ্ট্ৰো-এছীয় ভাষাগোষ্ঠীৰ মালয়ী ভাষাসমূহৰ পৰা আহিছে বুলি মন্তব্য কৰিছে৷ অৱশ্যে, তেওঁ এই শব্দবোৰৰ অৰ্থ আৰু ব্যুৎপত্তি সম্পৰ্কে আগবঢ়োৱা মতামতসমূহ অনুমান নিৰ্ভৰহে, সঠিক তথ্যনিৰ্ভৰ নহয় বুলিও স্বীকাৰ কৰি গৈছে–‘The comparative grammars of the non-Aryan language are not yet fully settled and one is not sure about the real origin of any word found in them. In selecting non-Aryan words for comparison with Assamese words of unknown origin in the following lists, the only guiding principle has been similarity in sound and meaning (which of course, is not a sure guide in etymology). (P.32)
উজনি অসমৰ মংগোলীয় জনগোষ্ঠীসমূহৰ ব্যৱহাৰিক জীৱনত অন্য অশ্লীল শব্দৰ তুলনাত ‘কেলা'ৰ সঘন ব্যৱহাৰ হোৱালৈ চাই শব্দটোৰ মূল অষ্ট্ৰো-এছীয় ভাষাগোষ্ঠীৰ যেন নালাগে, এই শব্দটো তাই-আহোম ভাষাৰ অন্তৰ্গত ‘ক্লা' শব্দৰ অপভ্ৰংশ ৰূপ বুলিয়েই ঠাৱৰ কৰিব পাৰি৷ অৱশ্যে, বিস্তৃত আৰু পদ্ধতিগত গৱেষণা-অধ্যয়নে এই শব্দটোৰ মূল উৎস সম্পৰ্কে নতুন তথ্য উদ্ধাৰ কৰাৰ সম্ভাৱনাও নথকা নহয়৷ কিন্তু, শুচিবায়ুগ্ৰস্ত অসমৰ বিদ্বৎ মহলে এনে শব্দক লৈ চলা চিন্তা-চৰ্চাক অলাগতীয়াল অথবা উদ্বেগজনক বুলি পোনেই নসাৎ কৰি দিয়ে বাবে ‘কেলা'ৰ মূল উৎস সম্পৰ্কে সঠিক আৰু প্ৰামণিক তথ্য উদ্ধাৰ হোৱাৰ আশাও ক্ষীণ৷ তৰুণ গৱেষক অংকুৰ তামুলী ফুকনৰ পৰা এই খবৰ পাই সুখী হ'লো যে ‘কেলা' শব্দটোক লৈ চিকাগো বিশ্ববিদ্যালয়ৰ নৃতত্ব বিষয়ৰ Sean Dowdy নামৰ তৰুণ গৱেষক এজনে, আমাৰ তথাকথিত শিক্ষিতসকলৰ ভৎৰ্সনাৰ সন্মুখীন হৈয়ো, এখন গৱেষণা-পত্ৰ প্ৰস্তুত কৰিছে৷ কিন্তু, গৱেষণা পত্ৰখন এতিয়াও প্ৰকাশ কৰা নাই বাবে তেওঁৰ ‘কেলা' সম্পৰ্কীয় তথ্যবোৰ অনুন্মোচিত হৈ আছে৷

তিব্বতবৰ্মী মংগোলীয় জনগোষ্ঠীবোৰৰ মাজত ইটো জনগোষ্ঠীৰ ব্যক্তিয়ে সিটো জনগোষ্ঠীৰ ব্যক্তিক মাতিবলৈ একোটা বিশেষ শব্দ ব্যৱহাৰ কৰাৰ পৰম্পৰা আছিল৷ অধ্যয়নশীল ব্যক্তি তথা বন বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে জনোৱা মতে, মিচিংসকলে অনামিচিঙক ‘মিপাক', বড়োসকলে অনাবড়োক ‘হাৰছা', কাৰ্বিসকলে বড়োক ‘পাৰক' আদি নামেৰে মাতিছিল৷ সেইদৰে, আহোম জনগোষ্ঠীৰ লোকসকলেও সৌমাৰত লগ পোৱা বৰ্ণহিন্দুসকলক ‘ক্লা' বুলি মাতিছিল৷

একোটা ভাষাৰ একোটা শব্দৰ অৰ্থ বহু সময়ত একেদৰে নাথাকিবও পাৰে৷ কেতিয়াবা পুৰণি অৰ্থ বিলুপ্ত হৈ নতুন অৰ্থৰ প্ৰয়োগ হয়, কেতিয়াবা পুৰণি অৰ্থৰ কিছু সালসালনি ঘটে৷ কেতিয়াবা অৰ্থ সংকুচিত হয় আৰু কেতিয়াবা অৰ্থ বিস্তাৰিত হয়৷ WP Lehmann-ৰ Historical linguistics: an introduction গ্ৰন্থত ইংৰাজী ভাষাত শব্দাৰ্থ পৰিৱৰ্তনৰ কাৰণবোৰ ফঁহিয়াই দেখুৱাইছে৷ উদাহৰণ স্বৰূপে, ইংৰাজী ভাষাত ‘person’-ৰ অৰ্থ পুৰুষ হ'লেও পোনতে এই শব্দটো লেটিন আৰু ইংৰাজী ভাষাত ‘‘persona’ বুলি প্ৰচলিত হৈছিল, যাৰ অৰ্থ হ'ল– মুখা৷ ৰোমান নাটবোৰ মঞ্চস্থ কৰাৰ সময়ত মুখা ব্যৱহৃত হৈছিল বাবে ‘persona’' শব্দই মুখাই নিৰ্দেশ কৰা চৰিত্ৰক বুজাইছিল৷ পৰৱৰ্তী সময়ত ‘persona’ শব্দই ‘person’-ৰ ৰূপ লৈ কেৱল পুৰুষক বুজোৱা হ'ল৷ ইংৰাজী ‘meat' শব্দই প্ৰথমে যিকোনো আহাৰকে বুজালেও পাছলৈ কেৱল মাংসকহে বুজোৱা হ'ল৷ সংস্কৃত ভাষাৰ ‘দুহিতৃ'ৰ অৰ্থ পোনতে গাখীৰ খীৰোৱা লোক আছিল যদিও পাছলৈ ‘দুহিতৃ'ৰ পৰা অহা ‘দুহিতা'ৰ অৰ্থ জীয়ৰী হৈ পৰিল৷ এসময়ত ‘ধুৰন্ধৰ' শব্দৰ অৰ্থ ‘প্ৰধান'হে আছিল, কিন্তু অসমীয়া ভাষাত ইয়াৰ অৰ্থ হৈ পৰিল বদমাচ৷ ‘মিঞা' শব্দৰ প্ৰকৃত অৰ্থ ভদ্ৰলোক হ'লেও এই শব্দটো অসমীয়া ভাষাত এচাম লোকে তুচ্ছাৰ্থতহে ব্যৱহাৰ কৰে৷ এনে উদাহৰণবোৰৰ পৰা এই সিদ্ধান্তত উপনীত হ'ব পাৰি যে শব্দৰ অৰ্থ পৰিৱৰ্তনৰ কেইটিমান বিশেষ ধাৰা আছে আৰু ভাষা বিজ্ঞানত সেই ধাৰাকেইটিক অৰ্থবিস্তাৰ, অৰ্থসংকোচ আৰু অৰ্থসংশ্লেষ বোলা হয়৷

সি যি নহওক, আহোমসকলৰ মাজত প্ৰচলিত ‘ক্লা' শব্দৰ অৰ্থ পৰৱৰ্তী সময়ত হয়তো বিস্তাৰিত হৈছিল অৰ্থাৎ এই শব্দটোৱে সকলো অনা-আহোমকে সামৰি লৈছিল৷ হয়তো আহোম ৰাজতন্ত্ৰৰ বিষয়াসকলে ৰাজকাৰ্য তদাৰক কৰাৰ সময়ত পাইকসকলকো ‘ক্লা' বুলিয়েই সম্বোধন কৰিবলৈ লৈছিল৷ কোনো বিষয়াৰ ক্ষেত্ৰতে সকলো পাইকৰ নাম মনত ৰখাটো সম্ভৱপৰ নাছিল বাবে বৰা-শইকীয়া-হাজৰিকা আদি বিষয়াসকলে পাইকসকলক ‘ক্লা' বুলি সম্বোধন কৰিয়েই কামৰ নিৰ্দেশ দিছিল৷ সময়ৰ সোঁতত এই শব্দটো ৰজাঘৰীয়া-প্ৰজাঘৰীয়া সকলোৱে ব্যৱহাৰ কৰিবলৈ লৈছিল বাবে ইয়াৰ অপভ্ৰংশ ৰূপ ‘কেলা' হৈ পৰিছিল৷ এই শব্দটো কেৱল কাৰোবাক আদেশ দিয়াৰ ক্ষেত্ৰত বা অচিনাকি জনক সম্বোধন কৰাৰ ক্ষেত্ৰত ব্যৱহৃত হৈ নাথাকিল; ই উৎসাহ প্ৰদান, চূড়ান্ত আৱেগ প্ৰকাশ আদিৰ ক্ষেত্ৰতো ব্যৱহাৰ হ'বলৈ ধৰিলে৷

বৰ্ণহিন্দু বা অনা আহোমক বুজোৱা ‘ক্লা' শব্দই ‘কেলা' শব্দৰ মূল বুলি ধৰি ল'লে প্ৰশ্ন হয় – এই শ্লীল শব্দটোৰ অৰ্থসংশ্লেষ (অৰ্থাৎ প্ৰথমতে প্ৰচলিত মূল অৰ্থটো পৰৱৰ্তী সময়ত সম্পূৰ্ণ পৃথক অৰ্থলৈ পৰিৱৰ্তন হোৱা) কেনেদৰে ঘটিল? কোনে, কেতিয়া আৰু কি কাৰণত এই শ্লীল শব্দটোত অশ্লীলতা আৰোপ কৰিলে? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ হ'লে আমি অসম বুৰঞ্জীৰ দুপৃষ্ঠামান লুটিয়াই চাব লাগিব৷ কথাষাৰ এনেদৰেও ক'ব পাৰি যে ‘কেলা'ৰ দৰে কেইবাটাও অসমীয়া লৌকিক অথচ শ্লীল শব্দৰ অৰ্থ পৰিৱৰ্তনৰ ক্ষেত্ৰত বৰ্ণবাদী সমাজৰ ধ্যান-ধাৰণায়ো প্ৰধান ভুমিকা লৈছিল৷

বিভিন্ন কাৰণত আহোম ৰাজতন্ত্ৰৰ পতন ঘটাৰ পাছত এই জনগোষ্ঠীটোৰ লোকসকল পূৰ্বৰ সকলো ৰাজকীয় ক্ষমতা আৰু গৌৰৱ হেৰুৱাই দিশহাৰা হৈ পৰিছিল৷ সেয়া হয়তো সামন্তীয় শাসন ব্যৱস্থাৰ অৱশ্যম্ভাৱী কৰুণ পৰিণতিয়েই আছিল৷ ১৮২৬ চনৰ পাছত আৰ্থিক-সামাজিক-মানসিকভাৱে পশ্চাদমুখী হৈ পৰা জনগোষ্ঠীটোক এচাম জাত্যভিমানী শিক্ষিত বৰ্ণবাদীয়ে, প্ৰশাসনীয় কাম-কাজ চম্ভালিবৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমলৈ অনা একাংশ বঙালী আমোলাৰ লগ হৈ, বিভিন্ন প্ৰকাৰে পদদলিত কৰিবলৈ অপচেষ্টা চলাইছিল৷ এই বৰ্ণবাদীসকলে ‘কেলা' শব্দটোৰ প্ৰকৃত অৰ্থ জানিছিল বাবে তেওঁলোকে এই শব্দটো সমাজত প্ৰচলন হৈ থকাটো বিচৰা নাছিল৷ তেওঁলোকে হয়তো ভাবিছিল যে ৰাজকীয় ক্ষমতা হেৰুৱা জনগোষ্ঠীটোৰ অহমিকা প্ৰকাশ কৰি থকা ‘কেলা' শব্দটো তেওঁলোকৰ বাবে অপমানজনক৷ তেওঁলোকে অসমৰ সমাজ জীৱনত এই শব্দটোকেই নিষিদ্ধ কৰিবৰ বাবে শব্দটোৰ অৰ্থ পুৰুষৰ যৌনাংগ বুলি অপপ্ৰচাৰ চলালে৷ তেতিয়াৰ পৰাই তথাকথিত ভদ্ৰ সমাজত এই শব্দটো অবাচ্য ৰূপে পৰিগণিত হ'লেও লোকসমাজত পূৰ্বৰ দৰেই প্ৰচলিত হৈ থাকিল৷
ভাৰতীয় সমাজ-ব্যৱস্থাত বৰ্ণবাদৰ স্থিতি অতি শক্তিশালী হৈ আছিল বাবেই ইয়াৰ প্ৰভাৱ সংস্কৃতমূলীয় ভাৰতীয় ভাষাসমূহতো পৰিলক্ষিত হয়৷ ইংৰাজী বা তিব্বত-চিনীয় ভাষাসমূহত এজন ব্যক্তিক সম্বোধন কৰিবৰ বাবে এটা শব্দই আছে৷ কিন্তু, সংস্কৃতমূলীয় ভাৰতীয় ভাষাসমূহত এজন ব্যক্তিক সম্বোধন কৰিবৰ বাবে ‘আপুনি', ‘তুমি' আৰু ‘তই' বুলি তিনিটা শব্দ উপলব্ধ হয়৷ ‘আপুনি' শব্দটো তথাকথিত উচ্চশ্ৰেণীৰ সন্মানীয় ব্যক্তিক সম্বোধন কৰিবলৈ ব্যৱহাৰ হোৱাৰ পৰিৱৰ্তে ‘তই' শব্দটো নিম্নশ্ৰেণীৰ ব্যক্তিক সম্বোধন কৰিবলৈ ব্যৱহাৰ হয়৷ কিন্তু, ইংৰাজী ভাষাৰ ‘You' শব্দৰে সমাজৰ যিকোনো শ্ৰেণীৰ যিকোনো এজন ব্যক্তিক সম্বোধন কৰিব পাৰি৷ ইয়াৰ পৰা সহজে অনুমেয় যে অসমৰ একাংশ বৰ্ণবাদীয়ে ‘কেলা' শব্দটো তেওঁলোকৰ প্ৰতি তুচ্ছাৰ্থতহে প্ৰয়োগ কৰা হয় বুলি ভাবিয়েই অসমীয়া ভাষাত ইয়াৰ প্ৰচলন নিষিদ্ধ কৰিবলৈ উদ্যোগ লৈছিল৷
কেৱল ‘কেলা' শব্দটোৱেই নহয়, অসমৰ লোকসমাজত প্ৰচলিত ‘বনৰা', ‘বনৰী' আদি শব্দও বৰ্ণবাদী সমাজ ব্যৱস্থাই অসমীয়া মান্যভাষাত নিষিদ্ধ কৰিলে৷ বনত গোৱা নামবোৰক ‘বনঘোষা' বুলি কোৱাৰ দৰে ঘৰৰ বহিৰত অৰ্থাৎ হাবিয়ে-বননিয়ে কাম কৰাসকলক ‘বনৰা' বা ‘বনৰী' বোলা হৈছিল৷ জনগোষ্ঠীয় সমাজত যিকোনো মহিলাই পুৰুষৰ সমানে বনে-পথাৰে মুকলিমূৰীয়াকৈ কাম কৰিছিল, গীতৰ মাজেৰে নিসংকোচে মনৰ ভাৱ প্ৰকাশ কৰিছিল৷ কিন্তু, বৰ্ণবাদী সমাজৰ কোনো মহিলাই তেনেদৰে ঘূৰা-মেলা কৰিব নোৱাৰিছিল; মংগোলীয় জনগোষ্ঠীৰ মহিলাই ‘তোমাৰ তিনিখনি, মোৰো তিনিখনি, ছখনি কাপোৰৰ জাপ/ তোমাৰ তিনিখনি, লোৱা বাচি বাচি, কুকুৰাই দিলে ডাক' জাতীয় আদি ৰসাত্মক বিহুনাম নিৰ্দ্বিধাই গাব পাৰিলেও তথাকথিত উচ্চবৰ্ণৰ মহিলাই ঘৰৰ ভিতৰত, তাকো ওৰণিৰ তলত, থাকিব লগা হৈছিল৷ অসমীয়া সমাজত আৰম্ভ হোৱা ওৰণি প্ৰথাৰ কুপ্ৰভাৱৰ আভাস এটি প্ৰবচনত এনেদৰে পোৱা যায়–
‘জালকে বুলিলে জকাই৷
এন্ধাৰে মুধাৰে চিনিব নোৱাৰি,
পৈয়েকক বুলিলে ককাই৷'
নাৰীজাতিক চিৰদিন পদদলিত কৰি ৰাখিব বিচৰা মনুবাদী সমাজখনে হাবিয়ে-বনে কৰ্মব্যস্ত হৈ থকা স্বাধীনমনা জনগোষ্ঠীয় নাৰীক ভাল চকুৰে চোৱা নাছিল৷ তেওঁলোকে ‘বনৰা' শব্দৰ অৰ্থ ‘পৰ নাৰীৰ প্ৰতি আসক্ত পুৰুষ' আৰু ‘বনৰী' শব্দৰ অৰ্থ ‘পৰ পুৰুষৰ প্ৰতি আসক্ত নাৰী' বুলি প্ৰক্ষেপ কৰাত হিন্দুধৰ্মত দীক্ষিত হোৱা জনগোষ্ঠীয় নাৰীয়ে অকলে ঘৰৰ বাজ হ'বলৈ ভয় কৰা হ'ল৷ হাবি-বনলৈ শস্য উৎপাদন- সংগ্ৰহৰ বাবে যোৱা নাৰীক ‘পৰ পুৰুষৰ সৈতে প্ৰণয় কৰিবলৈ যোৱা' বুলি অপবাদ দিলে কোনেনো অকলে ঘৰৰ বাজ হ'ব?

এইখিনিতে একোটা ভাষাত পৰিলক্ষিত হোৱা লিংগবৈষম্যৰ বিষয়েও আলোচনা কৰিব পাৰি৷ নক'লেও হয়, সংস্কৃতিৰ অন্যতম উপাদান ভাষাৰ সৈতে সমাজ-জীৱনৰ গভীৰ সম্পৰ্ক থাকে৷ একোটা ভাষাৰ বহু শব্দ-প্ৰবচন-সাঁথৰ আদিয়ে প্ৰকাশ কৰে সমাজ মনস্তত্বও৷ প্ৰাচীন কালৰে পৰা বৰ্তমান পৰ্যন্ত ভাৰতীয় নাৰী-পুৰুষৰ মাজত পৰিলক্ষিত হোৱা সামাজিক ব্যৱধান ভাৰতৰ সংস্কৃতমূলীয় ভাষাসমূহতো ৰক্ষিত হৈ আহিছে৷ সমাজত পুৰুষৰ অৱস্থান যেনে শক্তিশালী, তেনেদৰে তেওঁলোকৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা ভাষাও শক্তিশালী আৰু দম্ভ প্ৰকাশক৷ আনহাতে নাৰীৰ ভাষা কোমল, দুৰ্বল, নমনীয় আৰু অধস্তন৷ এনে বৈষম্যৰ কাৰণ হ'ল, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অৱস্থান৷
ভাৰতীয় পুৰুষে নাৰীৰ ওপৰত সময়ে সময়ে দৈহিক নিৰ্যাতনেই চলাই অহা নাই, ভাষিক নিৰ্যাতনো চলাই আহিছে৷ অলপ মন কৰিলেই দেখা যায় যে সংস্কৃতমূলীয় ভাষাসমূহত প্ৰায়বোৰ গালি-শপনি নাৰীক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে৷ বেশ্যা, ৰক্ষিতা, অভিসাৰিকা, অসতী, কুটনী, বাইজী, খানিক, মাগী, বন্ধ্যা আদি শব্দ বা গালিসমূহ নাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য, এইবোৰৰ কোনো পুৰুষবাচক শব্দ নাই৷ অসমীয়া ভাষাত কেৱল নাৰীক উদ্দেশ্যি ব্যৱহাৰ হোৱা গালি-শপনিবোৰ হ'ল– ফুলতে বাৰী হোৱা, জীয়া বাৰী হোৱা, পাখৰী, বঁহিয়া পৰতী, থুপৰী, কাঠবাঁজী আদি৷ অসমীয়া বা বাংলা ভাষাত কবি-সাহিত্যিকসকলে সঘনাই ব্যৱহাৰ কৰা এটা শব্দ হ'ল– ৰমণী অৰ্থাৎ যাক ৰমণ কৰা হয়৷ এই শব্দটোৰো কোনো পুৰুষবাচক শব্দ নাই৷ (আগলৈ)