টাই আহোম সকলৰ চোমদেও বিগ্ৰহ ණ..টুল টুল কুটুম



আমি সকলোৱে জানো অসমীয়া জাতিৰ পিতৃ স্বৰূপ টাই ৰাজকোঁৱৰ চাও লুঙ  ছৗকাফাই ১২২৮ খ্ৰীষ্টাব্দত সুদীৰ্ঘ তেৰ বছৰকাল বিভিন্ন পাহাৰীয়া জাতি জনজাতিৰ লগত যুঁজ বাগৰ কৰি কৰি আহি উজনি অসমত প্ৰৱেশ কৰে। স্বৰ্গদেৱ চুকাফাই ১২১৫ খ্ৰীষ্টাব্দত পিতৃ ৰাজ্য মুংৰিমুংৰাম বা মুংখুমুংজাও বা মুংমিংকুপ কিউনাও বা মাউলুং বা মুংজামুংজি ত্যাগ কৰে। তাৰ পিছত তেৰ বছৰকাল মগলু বা মণিপুৰৰ পৰা পাটকাই অঞ্চলত ঘূৰি ফুৰি সেই অঞ্চলৰ ৰাজ্যসমূহ জয় কৰি অৱশেষত পাটকাই পৰ্বত পাৰ হৈ সেই পৰ্বতৰ পশ্চিমে থকা নগাসকলক পৰাস্ত কৰি কামৰূপৰ সৌমাৰপীঠত প্ৰৱেশ কৰে । সৌমাৰত প্ৰৱেশ কৰি তেওঁ মৰাণ আৰু বৰাহীসকলক জয় কৰি পিছত মিত্ৰতাৰ পাশত আৱদ্ধ কৰে আৰু তেওঁলোককেই সহযোগী হিচাপে লৈ অসমত আহোম ৰাজ্যৰ পাতনি মেলে। পিছলৈ তেওঁৰ বংশধৰসকলে প্ৰায় সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা জুৰি আহোম সাম্ৰাজ্য বিস্তাৰিত কৰি ৰাজত্ব কৰে। ছৗকাফাই পিতৃ ৰাজ্যৰ পৰা অসম আগমনৰ সময়ত নিজৰ টাই গোষ্ঠীৰ মানুহৰ লগতে একমাত্ৰ সম্পতি হিচাপে দেৱ প্ৰদত্ত বুলি বিশ্বাস কৰা চোমদেও নামৰ এজন দেৱতাৰ মূৰ্তি লগত লৈ আহিছিল । আহোম ৰাজত্ব কালত এই চোমদেওৰ পূজা অৰ্চনা আহোমৰ ধৰ্মীয় নিয়ম অনুসাৰে চলি আছিল । আহোমসকলৰ বিশ্বাস আছিল যে যেতিয়ালৈকে চোমদেওৰ কৃপা তেওঁলোকৰ ওপৰত থাকিব তেতিয়ালৈকে তেওঁলোক অপৰাজেয় হৈ থাকিব । কিন্তু কালৰ কি কুটিল গতি! এদিন গৌৰৱৰ উচ্ছ শিখৰত আৰোহণ কৰা আহোম সাম্ৰাজ্যৰ বেলি এদিন হঠাতে মাৰ গ'ল আৰু আহোম সাম্ৰাজ্যৰ আশা আৰু ভৰষাৰ দেৱতা চোমদেওৰ ঠিকনাও লগে লগেই হেৰাই গ'ল। কত গ'ল আহোমসকলৰ সেই উপাস্য দেৱতাৰ বিগ্ৰহ সেই বিষয়ে আলোচনা কৰাৰ আগতে চোমদেওৰ বিষয়ে অলপ জানি লও আহক।

স্বৰ্গৰ ৰজা লেংডনে তেওঁৰ পুত্ৰ থেনখামক মৰ্ত্যলৈ গৈ ৰাজ্য স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। থেনখামে স্বৰ্গৰ মোহ এৰিব নোৱাৰি তেওঁৰ দুজনা পুত্ৰ খুনলুং আৰু খুনলাইক এই দায়িত্ব দিয়ে। লেংডনে তেওঁলোকক চোমদেও নামৰ এটা দেৱতাৰ মূৰ্তি (শানসকলৰ কাহিনীমতে মূর্তি আছিল দুটা-এটা চুঙ নামেৰে পুৰুষৰ মূর্তি আৰু আনটো চাঙ নামৰ স্ত্ৰী মূর্তি, নে এলিয়াছৰ মতে এই মূর্তি দুটা খুনলুঙৰ পূর্বপুৰুষসকলৰ মূর্তি আছিল ) হেংদাং নামেৰে এখন যাদু তৰোৱাল, দুটা ঢোল আৰু চাৰিটা কুকুৰা দিলে। ঢোল দিয়া হ'ল আৱশ্যক হলে ঢোল বজাই স্বৰ্গৰ পৰা সহায় বিচাৰিবলৈ আৰু কুকুৰ কেইটা দিয়া হ'ল মন্ত্ৰ মতাত সহায় কৰিবলৈ।সেইবোৰ দি পিতৃ লেংডনে এনেদৰে কৈছিল -  "মই তোমালোকক লগত নিবলৈ এযোৰ কাইছেঙ ম্যুঙ,  পৱিত্র দেশৰ কুকুৰা দিছো ৷ তােমালোকে তাহাতৰ ঠোট নাড়ী, ভুৰু আৰু ঠেঙেৰে ভৱিষ্যত গণনা কৰিবা ৷ মই তোমালোকক এখন বনকৰা কাপােৰ দিছো। মই তােমালােকক এজােৰা ঢাক-ঢোল দিছো। যেতিয়া কোনো ওচৰ-চুবুৰীয়া জাতিৰ লগত যুদ্ধ কৰিব তেতিয়া ঢাক ঢোল বজাই মােক জনাবা আৰু  যদি কোনো জাতিয়ে তােমালোকৰ লগত যুদ্ধ কৰিব খােজে, তেনেহ’লে তাকে কৰিবা, তেতিয়াহ’লে তােমালোৰ শত্ৰুক  নিশ্চয় জয় কৰিব পাৰিবা  ৷ বৰষুণ নহ’লে ঢাক-ঢোল বজাই মোক জনালে বৰষুণ হ’ব ৷ ৰ’দ নহ’লে ঢাক ঢোল বজালে ৰ’দ দিব ৷ পোহৰ নহ’লে মোক জনালে পােহৰৰ দেৱতা পঠাই মই তোমালাকক পোহৰ দিয়াম ৷ যুদ্ধ হ’লে মোক জনাবা, আঠ লক্ষ দেৱতা পঠাই দিম ৷ তেওঁলোকে ধুমুহাই চিৰাচিৰকৈ কাপােৰ ফলাদি শত্ৰুক টুকুৰা-টুকুৰকৈ কাটিব ৷ টাইবিলাকে স্বর্গৰ কুকুৰাৰ মঙহ খাব ৷ তেতিয়া তােমালোক অনেক সম্পত্তিৰ ভঁৰালৰ অধিকাৰী হ’বা ৷ মই তোমালোকক এখন তৰোৱাল দিছোঁ ৷ দেশৰ সকলো মানুহে তােমালােকক কৰ দিব ৷ ৰাজকীয় কার্য সম্পাদন কৰোতে লোকে সদায় তৎপৰ হ’বা ৷ বছৰৰ শেষত তােমালােকে হেংদান খন ধুই ধৰাবা ৷ মই তােমালােকক এখন সুবিশাল ৰাজ্যৰ শাসন ভাৰ দিছোঁ ৷ তােমালােকক কোনেও কেতিয়াও হৰুৱাব  বা পৰাজয় কৰিব নােৱাৰে ৷ হে নাতিহঁত ৷ তোমালোক দৃঢ়ভাৱে ৰাজ্য শাসন কৰিবা ৷ পৃথিৱীৰ মানুহে যেতিয়া বছৰেকীয়া কৰ দিব, তেতিয়া সমভাবে সেই কৰ গ্রহণ কৰিবা ৷ মূঙ টাই আৰু মূঙ টাম দেশ তােমালােকে কেতিয়াও নেহেৰুৱাবা ৷ তােমালােকে তাৰপৰা কৰ আদায় কৰিবা ৷ মই তোমালোকক চুম ফা ৰুঙ ছেঙ ম্যুঙ চোমদেওক দিম ৷ তােমালোকে এই মূর্তি কেতিয়াও নেৰিবা ৷ মূর্তিটো এটা টেমাত থােৱা হৈছে। তোমালোকে প্রত্যেক বছৰৰ শেষত টেমাটো খুলিবা৷ মূর্তিটো যাতে মাটিত নপৰে তাৰ বাবে যত্ন ল’বা ৷ তেতিয়াহ’লে তােমালোক দীর্ঘজীৱি হ’বা ৷ কোনো ৰজাই তােমালােকক অমান্য নকৰে  ৷ মই লেঙডন, বজ্রৰ অধিপতিয়ে তােমালোক দুইকাে নমাই পঠাইছো ৷ আমি সকলাে দেৱতাই তােমালােকক আশীৰ্বাদ দিছোঁ। জাছিংফা আৰু লাওখ্রীয়ে তােমালােকক সহায় কৰিব ৷ তােমালোক দুয়ো তামােল এটাকে সমানে ভগাই খাবা ৷ খুনলাই  , তুমি এই কথা কেতিয়াও নাপাহৰিবা  ৷"  লেঙডনে ক’লে  “মুঙটেউ আৰু ঘুঙটাম্ দেশত ৰাজত্ব কৰিবলৈ মোৰ বংশৰ কোনো নাই ৷ এই দেশবিলাক নিয়মমতে শাসিত হোৱা নাই ৷ বলীয়ে নিৰ্বলীক অত্যাচাৰ কৰিছে ৷ তেওঁলােকে খেতি কৰি জীৱিকা নির্বাহ কৰিছে ৷ তেওঁলােকে ন্যায়-অন্যায় বিচাৰ কৰিব পৰা নাই ৷ দুয়ো সুবিশাল ৰাজ্যকেইখন শান্তিৰে শাসন কৰিবা ৷ তােমালােকে প্রজাৰপৰা কৰ আদায় কৰিবা ৷ তােমালােকৰ পুথাওদেউতাৰে [ককাদেউতাৰ] ডাঙৰটোক খুনলুঙ্ আৰু সৰুটোক খুনলাই নাম দিছে৷ দুয়ো কোনো বিবাদ নকৰাকৈ ৰাজ্য শাসন কৰিবা ৷ হে নাতিহঁত ! মই তােমালােকক আৱশ্যকীয় বস্তু দিছো ৷ য’তে তােমালােকে শাসন কৰা, ত’তে নৈতিকতা মানি চলিবা ৷ মই তােমালােকক চুম ফা ৰুঙ্ চেঙ মুং ঈশ্বৰৰ প্রতিমূর্তি দিছো। অতীজত ফা লাই বেটে এই মূর্তি ফুটবুৰুঙ্ ঢেঙ দামৰ (এজন দেৱতা ) হাতত নমাই পঠাইছিল ৷ মূর্তিৰ শক্তিৰ গুণতে চাঙ দাম এজন কৃতী শাসক বুলি প্রমাণিত হৈছিল ৷ তেওঁ নিয়ম মতে এই মূর্তি পূজা কৰিছিল ৷ এতিয়া মই পুনৰ এই যুক্তি তােমালোকক দিছোঁ ৷ তােমালােকে এই যুক্তি পূজা কৰি সূচাৰুৰূপে ৰাজ্য শাসন কৰিব পাৰিবা ৷ সোণোৱালী সাজ পিন্ধি বছৰেকৰ মূৰত তােমালােকে চুমফা ৰুঙ চেঙক এবাৰ চাবা। মই তােমালােকৰ লগত থাওমুঙ্ আৰু থুমুঙ্এেওউক দিছোঁ ৷ তেওঁলোকক অমান্য নকৰিবা ৷ দিন্ ছাম (মাঘ মাহ) মাহত শুভদিন চাই স্নান কৰিবা ৷ তাৰ পাছত তোমালোকে পৱিত্র সাজ পিন্ধি আৰু মন্ত্র-পূত পৱিত্র পানী লৈ পুৰা আহাৰ নকৰাকৈ চুম ফা ৰুঙ ছেঙৰ মন্দিৰলৈ যাবা। মন্দিৰ পালে বেদীৰ আগত আঠু লৈ ওলগ জনাবা । তেতিয়া টেমা খুলি চুম ফা ৰুং ছেঙ মুঙক এবাৰ চাবা। মূৰ্তিটো উলিয়াই আনি পৱিত্ৰ পানীত ধুবা আৰু সেই পানী অলপ খাবা । তাৰ পাছত টেমাৰ ভিতৰত মূৰ্তিটো ভৰাই সাঁফৰ মাৰি থবা। অন্য কাকো মূৰ্তিটো চাবলৈ নিদিবা । মই তোমালোকক এই উপদেশ দিলো আৰু তোমালোকে মোৰ উপদেশ কেতিয়াও অমান্য নকৰিবা ।"

খুনলুং যিহেতু ডাঙৰ তেওঁক ৰজা আৰু খুনলাই যিহেতু সৰু সেয়ে তেওঁক প্ৰধান পৰামৰ্শদাতা হিচাবে কাৰ্য্যনিৰ্বাহ কৰিবলৈ কোৱা হ'ল।(খুনলুঙ মানে বৰ ৰাজকোঁৱৰ আৰু খুনলাই হ’ল সৰু ৰাজকোঁৱৰ ৷  এনে ধৰণৰ কাহিনী শান ৰাজ্যসমূহতাে প্রচলিত ৷ (মিনলে আৰু কােচৰেণৰ ‘শানছ এট হোম’ পুথি 18 পৃঃ )৷

568 খৃষ্টাব্দত এডাল লো বা সোণৰ শিকলিৰে খুনলুং আৰু খুনলাই স্বৰ্গৰ পৰা মুংৰি মুংৰাম (মুঙ-ৰি-মুঙৰাম মানে হল ৰাজ্য এৰি যােৱা জনবসতি নথকা, অর্থাৎ জনবসতি নথকা এৰাবাৰী লেখীয়া ৰাজ্য ৷ মুং-খু-মুংজাও মানে ৰাজ্য-ডাঙৰ ৰাজ্য-বহল অর্থাৎ এখন আহল-বহল ৰাজ্য ৷ এলিয়াছে এই ৰাজ্যখন মাইঙ কােচিং মাইঙনিচুঙ বুলিছে) ৰাজ্যলৈ নামি আহে । এই ৰাজ্যত থাই বা শানসকলে ৰজা নোহোৱাকৈ বসবাস কৰিছিল । মৰ্ত্যলৈ নামি আহি খুনলুং আৰু খুনলায়ে দেখিলে যে লৰালৰিতে তেওঁলোকে কুকুৰাটো আৰু অন্যান্য বস্তুবোৰ আনিবলৈ পাহৰিলে । লেঙ্গো নামৰ এজনে এইবোৰ বিচাৰি আনি দিলত তেওঁকে চীন দেশ আৰু যাদুৰ হেংডাংখন উপহাৰ দিয়া হ'ল। খুনলুং আৰু খুনলায়ে মুংৰিমুংৰামত এখন নগৰ পাতিলে। পিছে খুনলায়ে বিদ্ৰোহ কৰি ককায়েকক ৰাজ্যৰ পৰা খেদি দিয়াত তেওঁ চোমদেওৰ মূৰ্তিটো লৈ পশ্চিমলৈ আগবাঢ়ি গৈ মুংখুমুংজাও নামেৰে এখন নগৰ পাতে। চল্লিশ বছৰ ৰাজত্ব কৰাৰ পিছত তেওঁ সাতজন পুত্ৰক মৰ্ত্যত এৰি স্বৰ্গলৈ উলটি যায়। প্ৰথম ছয়জন পুত্ৰক তেওঁ জীৱিতকালতেই তেওঁৰ কৰতলীয়া ৰজা হিচাপে ভিন ভিন ৰাজ্যৰ ভাৰ দিছিল। সেয়ে তেওঁ কনিষ্ঠ পুত্ৰ খুমচুক মুংখুমুংজাও(মুং মানে ৰাজ্য আৰু কাং মানে ঢোল বা বিহ । সেয়ে মুংকাং মানে ঢোলৰ ৰাজ্য বা বিহৰ ৰাজ্য । ছামলুং ফাই স্থানীয় নৈ এখনৰ গৰ্ভত এটা নীলা পাথৰৰ ঢোল পাইছিল বুলি পুৰণি আহোম সাহিত্যত উল্লেখ কৰালৈ চাই নে এলিয়াছে ঢোলৰ ৰাজ্যটোহে গ্ৰহনযোগ্য বুলি কৈছে।)ৰ ৰজা পাতে । ডাঙৰ পুত্ৰজন মুংকাং ৰাজ্যৰ ৰজা আছিল আৰু তেওঁ উত্তৰাধিকাৰী সূত্ৰে চোমদেওৰ মূৰ্ত্তিটো পাইছিল । আন এজন পুত্ৰ আভাৰ ৰজা আছিল । ব্ৰহ্মদেশৰ ৰজাসকলে আহোম ৰজাসকলক ভাই ৰজা বুলি অভিহিত কৰালৈ চাই এই কথাষাৰ সত্য আছিল যেন লাগে ।

খুনলায়ে মুংৰিমুংৰামত সত্তৰ বছৰকাল ৰাজত্ব কৰে। তেওঁৰ পিছত পুত্ৰ ত্যাঅইজেপত্যাতফা ৰজা হয়। তেওঁ চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল । এইজন ৰজাৰ দিনৰ পৰা শানসকলৰ আইজেপি বৰ্ষ গননা আৰম্ভ হয়। বৰ্মী আৰু নৰাৰ মাজত এই বৰ্ষ গননা আৰম্ভ হয়। ত্যাঅইজেপত্যাতফা নিঃসন্তান আছিল সেয়ে তেওঁৰ মৃত্যুৰ পিছত খুনলুং আৰু খুনচুৰ পৰিয়ালৰ পৰা একোজনকৈ পুত্ৰক খালী হোৱা সিংহাসনত আৰোহণৰ বাবে পঠিওৱা হয়। এইজন ৰজাই পচিশ বছৰ ৰাজত্ব কৰে। এওঁৰ মৃত্যুৰ পিছত ৰাজ্যখন দুভাগ কৰা হয়। এজন পুত্ৰই মুংৰিমুংৰামৰ ৰজা হয় আৰু আনজনে শেউলি নৈৰ পাৰৰ মাওলুঙত ৰাজ্য পাতে । এই পিছৰজন আৰু তেওঁৰ বংশধৰসকলে তিনিশ তেত্ৰিশ বছৰ ৰাজত্ব কৰিছিল । এই বংশৰ শেষ ৰজাজন নিঃসন্তান হোৱাত আকৌ খুনচু বংশৰ এজনক আনি ৰজা পতা হয়। এইজন ৰজাৰে অন্যতম নাতি আছিল চুকাফা আৰু এই চুকাফাই অসমত আহোম ৰাজত্বৰ পাতনি মেলিছিল । এইদৰে আহোঁতে চুকাফাই  মুংকাঙৰ ৰজাৰ পৰা চোমদেওৰ মূৰ্তিটো হাত কৰি অসম অভিমুখে ৰাওনা হৈছিল।

আহোম সাম্ৰাজ্য পতনৰ সময়ত ৰাজনৈতিক অস্থিৰতাৰ বাবে শান্তি বিঘ্নিত হোৱাত ধৰ্মীয় বা আন কামত সৰ্গদেৱসকলে মনোনিবেশ কৰিব পৰা নাছিল । তাৰোপৰি,  সঘনাই ৰাজপাটত বহা ৰজাৰো পৰিৱৰ্তন হৈ থকাত চোমদেওৰ খবৰ লবলৈ সকলোৰে যেন সময়ৰ অভাৱ হৈছিল । 1819 চনত বঙ্গদেশলৈ গৈ আশ্রয় লোৱাৰ সময়লৈকে চোমদেওৰ মূৰ্তিটো পুৰন্দৰ সিংহৰ হাতত আছিল বুলি বহুতে কোৱা বুলি বৃটিছ বিষয়া কৰ্ণেল পি. আৰ গৰ্ডন চি এছ আইয়ে তেওঁৰ কোনোবা এটা প্ৰৱন্ধত উল্লেখ কৰিছিল I 1912 চনত কর্ণেল পি. আৰ, গর্ডন চি এছ আইয়ে পুৰন্দৰ সিংহৰ বংশৰ কোঁৱৰ চন্দ্র নাৰায়ণ সিংহৰ যােৰহাটৰ ঘৰত এখন ধাতুৰে নির্মিত পীৰা দেখিছিল I পীৰাখনৰ বিষয়ে তেও এনেদৰে লিখিছে -" পীৰাখন দেখাত দীঘল আৰু তাৰ মূৰটো ঘূৰণীয়া ধৰণৰ আছিল I দীঘলে চাৰে ন ইঞ্চি আৰু বহলে চাৰে ন ইঞ্চি আৰু প্রায় আধা ইঞ্চি শকত এই পীৰাখন চোমদেউৰ মূর্তি ৰখা’ পীৰা আছিল হেনাে ৷ পীৰাখনৰ ওপৰভাগত এটা ফুটা আছিল ৷ আহােম ৰজাসকলে ৰাজপাট আৰোহনকালত এই ফুটাৰে ৰচী বান্ধি মূর্তিটো ৰজাৰ ডিঙিত আৰি দিয়া হৈছিল ৷ এটা পেৰাৰ ভিতৰত মণিমুকুতা খচিত চোমদেওৰ মূর্তিটো ৰখা হৈছিল ৷ পীৰাখনৰ আগ, পাছ আৰু কাষবােৰত চীনা আখৰ কেতবােৰ আছে ৷ আগফালে এইদৰে লিখা আছে " ইয়াংলুৰ পঞ্চম বছৰত এই আখৰ লিখা হৈছিল ( 1408 খৃঃ ) ৷ পিছফালে লিখিছে…ৰাজ আজ্ঞা অনুসৰি সভা (Board) ৰ সভাপতিয়ে দুয়ো ভাগৰে কথাবোৰ লিখিছে ৷ দক্ষিণে “বিশ্বাসী হ’বা বুলি লিখা আছে আৰু পশ্চিমে লিখিছে ৰাজ আজ্ঞা পালন কৰা ৷ তিমাছাৰ পুনৰ মিলনৰ বারে ৰজাঘৰীয়া আয়ােগ গঠন ৷ পীৰাখনৰ সম্মুখ আৰু পিছফালে থকা লিখনিবােৰ সম্পূর্ণভাবে খোদাই কৰা হৈছে ৷ কিন্তু দুয়োকাষৰ লিখনিবােৰ সম্পূর্ণ নহয় ৷ সম্ভৱতঃ এইখন পীৰাত আধা কথা লিখি আন এখন পীৰাতহে বাকীখিনি কথা লিখা হৈছিল ৷ এনেদৰে আধৰুৱাকৈ  লিখা লিপিসমূহ চীনদেশৰ ৰাজধানীত ৰখাৰ নিয়ম আছিল ৷ কৰতলতীয়া ৰজাই কৰ দিবলৈ যাওঁতে আধা কথা লিপিখন লগত লৈ যায় আৰু তেতিয়া চীনৰ ৰাজধানীত থকা আনখন লিপিৰ সৈতে তাক মিলাই চাই দুয়োখন একে হ’লে কৰ গ্রহণ কৰা হয় (জাৰ্ণেল অৱ এছিয়াটিক ছোচাইটি, 1913, পৃঃ 253)। এতিয়া তিমাছানাে কোন ? শ্যামৰ উত্তৰৰ এখন প্রদেশ চিঙ্গমাইকে তিমাছা বুলি কােৱা হৈছিল বুলি বহুতে ভাবে ৷ পোন্ধৰশ শতিকাত চিঙ্গমাই চীনৰ কৰ তলতীয়া আছিল ৷"  কিন্তু কােনকৈ এই পীৰাখন আহােমৰ হাতলৈ আছিল নাইবা কেনেকৈনাে আহোমে সেইখন পীৰা তেওঁলোকৰ আৰাধ্য দেৱতাৰ থাপনা হিচাবে ব্যবহাৰ কৰিবলৈ পালে সেই ৰহস্য অৱশ্যে এতিয়াও উদ্ঘাটন হােৱা নাই ৷

পুৰন্দৰ  সিংহৰ এজন ভাগিনীয়েকে অর্থাভাবত পৰি  কলিকতাত চোমদেওৰ  মূর্তিটো বেচি দিছিল বুলি কর্ণেল গর্ডনক কােনােবাই কৈছিল ৷ ঠিক একে কাৰণতে আদিতে চোমদেওৰ মূর্তি ৰখা পীৰাখন আৰু সাতটা খলপা থকা সােণৰ পেৰাটোও বেচা হৈছিল বুলি কর্ণেল গর্ডনে জানিবলৈ পায় ৷

আহোমসকলৰ চোমদেও বিগ্ৰহটো পুনৰুদ্ধাৰ হলনে নাই সেই বিষয়ে মই নেজানো । যদিহে উদ্ধাৰ হোৱা নাই তেন্তে অভিভাৱক জনগোষ্ঠী হিচাপে আহোমসকলে এই ক্ষেত্ৰত আগভাগ লৈ চোমদেও বিগ্ৰহটো উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত । লগতে অসম চৰকাৰলৈও অনুৰোধ, অসম চৰকাৰে যেনেকৈ  অসমৰ জাতীয় জীৱনৰ লগত জড়িত  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ ইংলেণ্ডৰ পৰা ঘূৰাই অনাৰ উদ্যোগ লৈছে ঠিক তেনেকৈ চোমদেও বিগ্ৰহটোৰো অনুসন্ধান কৰি ঘূৰাই অনাৰ ব্যৱস্থা কৰা উচিত ।