ছ্যু কা ফাৰ দেশত ভৱিষ্যতে অসমীয়াৰ নামত কোন থাকিব? — চাও অৰুণ বৰুৱা



   ✍........ চাও অৰুণ বৰুৱা ৷

বিশ্ব ইতিহাসৰ পাত লুতিয়াই চালে দেখা পোৱা যায় যে,একোটা জাতি, এখন দেশৰ বিকাশৰ অন্তৰালত বিশেষ কিছুমান ব্যক্তিৰ অৱদান লুকাই থাকে ৷প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে তেওঁলোকৰ অৱদানে দেশ-জাতি-সমাজ মহীয়ান কৰি ৰাখে ৷তেওঁলোকৰ অৱদানৰ আৰ্হিত  জাতিটোৰ ভাষা-সাহিত্য-সংস্কৃতি-ৰাজনীতিৰ বৰভেটি প্ৰতিষ্ঠা হয় ৷সেইদৰে আমি ক'ব পাৰো অসমত ছশ বছৰীয়া  আহোম ৰাজত্বৰ  প্ৰতিষ্ঠাতা চাও লুঙ ছ্যুকাফাৰ অৱদান আৰু আদৰ্শৰ  প্ৰাসংগিকতা জাতিটোৰ বাবে চিৰ প্ৰবাহমান হৈ আছে ৷

      ছ্যুকাফাৰ অসম আগমন বৰ সহজ নাছিল ৷ ই এক ঐতিহাসিক ঘটনা আছিল ৷ আজিৰ পৰা প্ৰায় আঠশ বছৰ পূৰ্বে অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল কৰিছিল মাওলুঙৰ পৰা অহা এজন টাই যুৱকে ৷ অৱশ্যে যুৱকজনৰ অসম আগমনৰ অন্তৰালত ইতিহাসবিদ সকলে ভিন্ন কাৰণ আগবঢ়াইছে ৷ কোনোৱে ক'ব খোজে ছ্যুকাফাই সিংহাসন জনিত পাৰিবাৰিক সংঘাতৰ বাবে নিজ ৰাজ্য মাওলুংক স-সৈন্যে ত্যাগ কৰিব লগা হৈছিল ৷আকৌ আনসকলে ক'ব বিচাৰে যে মাওলুঙৰ ৰজা চুখানফাৰ লগত হোৱা ৰাজ্য বিস্তাৰ সম্পৰ্কীয় বিবাদৰ বাবেহে তেওঁ নিজ ৰাজ্য এৰি আহিবলৈ বাধ্য হৈছিল ৷ অৱশ্যে ছ্যুকাফাৰ গৃহভূমি সম্পৰ্কে একাধিক তথ্য পোৱা যায় যদিও প্ৰায়বোৰ ঐতিহাসিকে মত প্ৰকাশ কৰা দেখা যায় যে ছ্যুকাফাই  ১২১৫ খ্ৰীঃত এখন নতুন ৰাজ্যৰ সন্ধানত 'মাওলুং' ৰাজ্য ত্যাগ কৰিয়ে পশ্চিমলৈ আগুৱাই আহে ৷এইদৰে ছ্যুকাফা আগুৱাই আহোতে তেওঁ লগত ন'হাজাৰ সৈনিক,তিনিগৰাকী পত্নী, বুঢ়াগোঁহাই,বৰগোঁহাইকে ধৰি ১৫জন সম্ভ্ৰান্ত বংশীয় লোক,এহাল হাতী,এজন হাতীৰ মাউত আৰু তিনিশ ঘোঁৰা লগত লৈ আনিছিল ৷আগুৱাই অহাৰ পথত ছ্যুকাফাই মুংকং বা নৰাৰাজ্যত কিছুদিন থাকি সেই ৰাজ্যৰ পৰা নিজ ৰাজবংশৰ উপাস্য দেৱতা চোমদেৱৰ মূৰ্তিও লৈ আহিছিল ৷৷আনহাতে  ছ্যুকাফাই হুকং উপত্যকাৰ পৰা পাটকাই পৰ্বতমালাৰ ফালে অগ্ৰসৰ হওঁতে পৰ্বতীয়া গাওঁবোৰ দমন কৰি আৰু সিপাৰৰ নগাজাতিসকলৰ লগত বহুতো যুঁজ-বাগৰ কৰি আহিব লগীয়া হৈছিল ৷এনেকৈ ছ্যুকাফাই হুকং উপত্যকাৰ পৰা পাটকাই পৰ্বতমালাৰ পাদদেশ পৰ্যন্ত বিস্তৃত অঞ্চলত বসবাস কৰা জাতিবোৰক দমন কৰি আহোঁতে তেৰ বছৰ সময় লাগিছিল ৷ অৱশেষত,ছ্যুকাফাই আঘোণ মাহৰ হিমেধোৱা এক পৱিত্ৰ ক্ষণত ১২২৮ খ্ৰীঃত ব্ৰহ্মপুত্ৰৰ এই বিশাল উপত্যকাত আহি উপস্থিত হয়হি ৷১২২৮ ৰ পৰা ১৮২৬ খ্ৰীঃত লৈ ছশ বছৰ কাল এই সুবিশাল এলেকাত সুশৃংখলিত ভাৱে শাসন কৰি বিশ্ব ইতিহাসত এক সুকীয়া মৰ্যদা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷সুদূৰ মাওলুং ৰাজ্যৰ পৰা বহুটো কঠিন প্ৰত্যাহ্বানৰ পথ অতিক্ৰম কৰি টাই জাতিৰ নিজস্ব স্বকীয়তাৰে সৌমাৰত উপস্থিত হৈ ইয়াংচিকিয়াং আৰু হোৱাংহো সভ্যতা সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণেৰে বিস্তৃত বৰলুইতৰ পাৰত বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অগ্ৰসৰ হৈছিল ৷তেওঁ স্থানীয় জনজাতি সকলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছিল ৷তেওঁলোকৰ ভাষা,কৃষ্টি আৰু ধৰ্মীয়  আচাৰ অনুষ্ঠানক আদৰ সন্মান যাচিছিল ৷স্থানীয় অধিবাসী লগত বৈবাহিক সম্পৰ্ক স্থাপনেৰে সহজ-সৰল জীৱন যাপন কৰিছিল ।ছ্যুকাফাই দেখিছিল যে, অসমত ভিন ভিন শাসক গোষ্ঠীৰ মাজত কোনো ৰাজনৈতিক ঐক্য নাছিল।সেয়ে ৰাজনৈতিক দূৰদৃষ্টি সম্পন্ন ছ্যুকাফাই সাত ৰাজ সামৰি এক ৰাজ কৰি বৃহৎ অসম আৰু অসমীয়া জাতি গঠন কৰিব বিচাৰিছিল।তেওঁ একতা আৰু সংহতিৰ শিকলিৰে সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ঘটাইছিল।উল্লেখ্য যে,ছ্যুকাফা অহাৰ পূৰ্বে সমগ্র ব্ৰহ্মপুত্ৰৰ উপত্যকাত জুৰি অসম নামৰ কোনো ৰাজ্য নাছিল।সেই সময়ত ক্ৰমে চুতীয়া,মৰাণ,বৰাহী,কছাৰী,বৰভূঞা,দফলা আৰু দৰঙীকে ধৰি সাতখন ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতীয় ৰাজ্য আছিল।তেওঁ সকলোকে একত্রিত কৰি অসমৰ বৰ ভেটি প্ৰতিষ্ঠা কৰিছিল ।তেওঁৰ শক্তিশালী ৰাজনৈতিক আৰু সাংগঠনিক প্ৰতিভা আৰু অমায়িক ব্যৱহাৰৰ বাবে থলুৱা লোকসকল তেওঁৰ প্ৰতি গভীৰ শ্রদ্ধাশীল হৈ পৰিছিল ।ৰাজনৈতিক ভাৱে অতি বিচক্ষণ আৰু দূৰদৰ্শী ছ্যুকাফাই বিভিন্ন কৌশলেৰে সকলো পক্ষৰ লগত মিত্ৰতা অথবা যুদ্ধৰ জৰিয়তে বৃহৎ অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পটভূমি সম্ভৱ কৰি তুলিছিল ।তেওঁ জনজাতি সকলৰ মাজে মাজে ঘূৰি ফুৰি তেওঁলোকৰ ভাষা-কৃষ্টি-সংস্কৃতি আয়ত্ব কৰি সকলোকে সন্মান কৰিছিল আৰু সকলোৰে ধৰ্মবিশ্বাসক শ্ৰদ্ধা কৰি আপোন হোৱাৰ প্ৰয়াস কৰিছিল।ছ্যুকাফাৰ এনে বহল আৰু উদাৰ দৃষ্টিভংগীৰ প্ৰতি সকলো স্থানীয় বাসিন্দাই সহযোগিতা আগবঢ়াইছিল।তাৰোপৰি তেওঁ আছিল এজন নিপুন সংগঠক,সাহসী যোদ্ধা,সুদক্ষ প্ৰশাসক,আৰু মনত আছিল প্ৰচণ্ড বুদ্ধিমত্তা যিয়ে তেওঁক কষ্টসহিষ্ণু কৰি তুলিছিল ।এইদৰেই ছ্যুকাফা আৰু তেওঁৰ উত্তৰসুৰী সকলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলশ্ৰুতিতে সুজলা সুফলা শস্য -শ্যামলা অসম আৰু ভাষা সাহিত্য,সংস্কৃতিৰে সমৃদ্ধ অসমীয়া জাতি গঠন কৰিব পাৰিছিল ।এনেকৈয়ে ১২২৮পৰা ,১২৬৮ খ্ৰীঃ লৈ ৪০ বছৰ কাল সুখ্যাতিৰে শাসন কৰি আহোম ৰাজ্যৰ ইতিহাস প্ৰতিষ্ঠা কৰিছিল।সেয়ে বৰ অসমৰ পিতৃপুৰুষ ছ্যুকাফাৰ ওচৰত অসমীয়া জাতি চিৰঋণী হোৱা উচিত। অসমত চুকাফাই প্ৰতিষ্ঠা কৰা ছশ বছৰীয়া শাসনৰ গৌৰৱময় অধ্যয়  ইতিহাসৰ পাতে পাতে জিলিকি আছে।
ত্ৰয়োদ্বশ শতিকাতে আধুনিক মনৰ ছ্যুকাফাই ভাষা-সাহিত্য-সংস্কৃতিৰে সমৃদ্ধ আহোম ৰাজ্য গঠন কৰিছিল ।সেইদৰে পঞ্চদশ শতিকাতে শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ ডোলেৰে সকলোকে একতাৰে বান্ধি সমন্বয়ৰ অনন্য সুন্দৰ চানেকি দেখুৱাই যাবলৈ সক্ষম হৈছিল। কিন্ত দুৰ্ভাগ্যৰ বিষয় আমি আজি সেইসকল মহান দিক্দৰ্শক অসমীয়াৰ আদৰ্শক আগুৱাই নিয়াত উদ্বেগজনক ভাৱে ব্যৰ্থ হৈছোঁ। ছ্যুকাফাই বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি তুলিব খোজা বৃহৎ অসমীয়া জাতিটোৰ মূল্যবোধত আজি ক'ৰবাত ঘূণে ধৰিছে । তাহানিৰ বৃহৎ অসমখন খণ্ডিত হৈ ইতিমধ্যে সাতখন পৃথক ৰাজ্যৰ সৃষ্টি হৈছে । পুনৰ অৱশিষ্ট অসমখনকো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি -জনগোষ্ঠীসমূহে স্বগোষ্ঠীয় স্বতন্ত্ৰতা বিচৰাৰ অজুহাতত খণ্ড খণ্ড কৰাৰ বাবে উঠি পৰি লাগিছে । ক্ৰমান্বয়ে জাতি-জনগোষ্ঠী সমূহৰ মাজত মানসিক ব্যৱধান বৃদ্ধি পাই আহিছে।সমন্বয়ৰ বান্ধোনডাল নিশকতীয়া হৈছে।সম্প্ৰতি সৰ্বদিশতে নেতৃত্বৰ শূন্যতাই জাতিটোৰ ভবিষ্যতলৈ অশনি সংকেত নমাই আনিছে ।বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ত ছ্যুকাফাই প্ৰতিষ্ঠা কৰা অসমখনত ভবিষ্যতে অসমীয়াৰ নামত কোন থাকিবগৈ সেয়া এতিয়া উত্তৰবিহীন প্ৰশ্নলৈ গতি কৰিছে।নেতৃত্বত থকাসকলৰ কেতবোৰ ভূল নীতিৰ ফলতেই বৰ্তমান অসমখনত জাত-পাত-ধৰ্মৰ নামত চলা ৰাজনীতিয়ে এক জটিল সন্ধিক্ষণলৈ ঠেলি দিছে।বৰ্তমান বিভিন্ন জাতি -জনগোষ্ঠীসমূহে বৃহৎ অসমীয়া জাতিৰ অংশ বুলি পৰিচয় দিয়াৰ পৰিবৰ্তে পৃথক জাতিগত পৰিচয় দিহে নিৰাপদ অনুভৱ কৰা হ'ল।অসমীয়া জাতিৰ বাবে ইয়াতকৈ
দুখৰ বিষয় কি হ'ব পাৰে।।বৰ্তমান ভাঙোনমুখী অসমীয়া জাতি - জনগোষ্ঠীৰ মানুহখিনিক পুনৰ শক্তিশালী ৰূপত সংগঠিত কৰিবলৈ এজন নতুন ছ্যুকাফাৰ বৰকৈ প্ৰয়োজন হৈছে। যিয়ে জাতি-ধৰ্মৰ উৰ্ধত গৈ বৃহৎ অসমীয়া জাতিক ভাঙোনমুখীতাৰ পৰা ৰক্ষা কৰিব পাৰিব। ছ্যুকাফাৰ অসমখনত আজি হিংসা সন্ত্ৰাসৰ দাবানলে বাৰে বাৰে মানৱতাৰ বধ্যভূমিলৈ পৰ্যবসিত কৰিছে ।নেতা বহুত হ'ল কিন্ত উপযুক্ত নেতৃত্বৰ সংকতে জাতিটোক চৌদিশে বিধ্বস্ত কৰি আনিছে।যি ছ্যুকাফাই বহল আৰু উদাৰ দৃষ্টিভংগীৰে এখন অচিনাকী দেশত আহি ইয়াৰ ভিন্ন অধিবাসীসকলক লৈ এখন সমৃদ্ধিশালী অসম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।জাতি-জনগোষ্ঠীৰ প্ৰতি শ্ৰদ্ধাশীল হৈ সকলোৰে মাজত হৃদয়ৰ পৰা হৃদয়লৈ সমন্বয়ৰ সাকোঁ গঢ়িছিল।তেওঁৰ ৰাজনৈতিক দূৰদৰ্শীতা আমাৰ তথাকথিত নেতাসকলে গ্ৰহণ কৰা হ'লে বৃহৎ অসমখন কাহানিবাই থান বান হোৱাৰ পৰা ৰক্ষা কৰিব পৰা গ'লহেতেন। কিন্ত অসমীয়া জাতিৰ কাৰণেই দুৰ্ভাগ্য এই যে আমাৰ ৰাজনৈতিক নেতাসকলে অন্যতম এই পিতামহজনৰ আদৰ্শক উপলব্ধিয়েই কৰিব পৰা নাই।ক্ষমতাৰ ৰাগীত মতলীয়া এইচাম নেতাই জাতীয় -জীৱনত   ঐক্য- সংহতি প্ৰতিষ্ঠাৰ কাৰণে মুঠেই দায়বদ্ধ নহয়।সেইখন অসমত আজিৰ নেতৃত্বই ক্ষুদ্ৰ ক্ষুদ্ৰ ন্যস্ত স্বাৰ্থত নিমজ্জিত হৈ জাতিটোক ভাগ ভাগ কৰি ধ্বংস কৰাত হাত উজান দিছে।এনেকৈ চলি থাকিলে অসমীয়া জাতি বুলি এদিন ইতিহাসৰ পাছতহে ৰ'বগৈ।অৱশ্যে,এতিয়াও ছ্যুকাফা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি আশানুৰূপ ধৰণে প্ৰচাৰ প্ৰসাৰ কৰিব পৰা নাই।এইয়া নিশ্চয় অসমীয়া জাতিৰ বাবে পৰিতাপৰ বিষয়।আহঁক, আমি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগস্বৰূপ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা তিক্ততাপূৰ্ণ ভেদভাৱ পৰিহাৰ কৰি ছ্যু কা ফাই দেখুৱাই যোৱা আদৰ্শৰে ঐক্যবদ্ধ হৈ সমৃদ্ধিশালী অসমীয়া জাতিটোক অটুত ৰাখো।