ছশবছৰীয়া আহোম ৰাজত্বৰ পটভূমিত ৰচিত একবিংশ শতিকাৰ অসমীয়া উপন্যাস: এটি পৰিচয় — অংকুৰ দত্ত



আহোমসকলে ছশ বছৰ ধৰি ৰাজত্ব কৰি বিশ্বৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ গৈছে ৷ অসমীয়া উপন্যাসৰ আৰম্ভণি কালৰে পৰা এই আহোম ৰাজত্ব কালৰ পটভূমিত উপন্যাস ৰচনাৰ পৰম্পৰা আৰম্ভ হয় ৷ স্বাধীনতাৰ আগত বহুবোৰ উপন্যাসৰ বিষয়বস্তুত আহোম ৰাজত্বৰ বিভিন্ন ঘটনাই ঠাই পাইছিল ৷ কিন্তু স্বাধীনতাৰ  পিছত এই অসমীয়া উপন্যাস ৰচনাৰ পূৰ্বৰ ছবি খন সলনি হয় ৷ এই সময়ছোৱাত অসমীয়া উপন্যাসে বিভিন্ন ধাৰাৰ মাজেদি গতি আৰু বিকাশ লাভ কৰে ৷ উল্লেখ্য যে, স্বাধীনতাৰ পিছত ঐতিহাসিক পটভূমিত উপন্যাস ৰচনাৰ ধাৰাটো তুলনামূলক ভাৱে ক্ষীণ হৈ আহিছিল ৷ ইয়াৰ মাজৰে যিসকল সাহিত্যিকে ঐতিহাসিক বা আহোম-ৰাজত্বৰ পটভূমিত উপন্যাস ৰচনাত হাত দিছিল তাৰ ভিতৰত পদ্ম বৰকটকী,ত্ৰৈলোক্য ভট্টাচাৰ্য, নৱকান্ত বৰুৱা,দেৱেন্দ্ৰনাথ আচাৰ্য্য, ধ্ৰুৱজ্যোতি বৰা,মাধুৰীমা বৰুৱা আদি অন্যতম ৷

       বৰ্তমান সময়ত আহোম-ৰাজত্বৰ পটভূমিত উপন্যাস ৰচনাৰ সুকীয়া পৰম্পৰা আৰম্ভ হৈছে ৷ উপন্যাসবোৰত আহোম-ৰাজত্বৰ কালৰ বিভিন্ন ঘটনা নানা পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে উপস্থাপন হৈছে ৷ বৰদলৈকালীন উপন্যাসবোৰতকৈ এইবোৰৰ প্ৰকৃতি দিশত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয় ৷ মূলতঃ চৰিত্ৰৰ মনস্বত্বৰ বিশ্লেষণ ,কোনো এক চৰিত্ৰৰ পুনৰনিৰ্মাণে আমাৰ চিনাকি চৰিত্ৰসমূহক পাঠকে নতুনকৈ চোৱাৰ অভিজ্ঞতা লাভ কৰিছে ৷
   
       একবিংশ শতিকাত আহোম ৰাজত্বৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাস হ'ল ইলা বৰগোঁহাইৰ "পিজৌ গাভৰু" ৷ ২০০১ চনত প্ৰকাশিত এই উপন্যাস খনৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই দিনত হোৱা মানৰ আক্ৰমণৰ ভেটিত ৰচিত ৷বদন-পুৰ্ণানন্দৰ অৰিয়া অৰি মাজত ইতিহাসৰ পিজৌ চৰিত্ৰটো পুনৰনিৰ্মাণ উপন্যাসৰ মূল উপজীৱ্য ৷ ইতিহাসৰ মতে,এই মানৰ আগমনত পিজৌ গাভৰুৱে বদন বৰফুকনলৈ লিখা সৰ্তকমূলক চিঠিখনৰ বিষেশ ভূমিকা আছে ৷সেয়েহে পিজৌকো এই আক্ৰমণৰ লগত সাঙুৰি থোৱা হয় ৷কিন্তু পিজৌ গাভৰুত পিজৌক ৰাজনৈতিক দৃষ্টিৰে নাচাই মূলতঃ বদন বৰফুকনৰ জীয়েক আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰীয়েক হিচাপে এক সাধাৰণ মহিলাৰ ৰূপত সজোৱা হৈছে ৷ ঔপন্যাসিকৰ মতে,সেই যুগৰ সাজ-পাৰ, সেইযুগৰ আভিজাত্য,এজনী ন-বোৱাৰী, যাৰ চকুত সকলো সময়তে লাগি আছিল 'আই ঘৰৰ' মায়া, সেই পিজৌ গাভৰুজনীক ৰাজনীতিৰ মেৰপেছৰ পৰা আনিবলৈ যত্ন কৰা হৈছে ৷

           ইলা বৰগোহাঁই দ্বিতীয়খন ঐতিহাসিক উপন্যাস ৰমণী গাভৰু (২০০২) ১৭শ শতিকা জয়ধ্বজসিংহ (১৬৪৮-১৬৬৩) ই মোগলে সেনাপতি অৰ্পণ কৰা জী ৰমণীৰ জীৱন পৰিক্ৰমাক উজলাই তোলা হৈছে ৷চৰিত্ৰটো উজলাই তুলিবলৈ উপন্যাসখনৰ বিষয় বস্তুয়ে মীজুমলাৰ অসম আক্ৰমণৰ পৰা গদাধৰ সিংহ(১৬৮১-১৬৯৬)ৰ ৰাজত্বকাললৈকে অসমৰ ইতিহাসৰ এছোৱা ঘটনাবহুল সময় সামৰি লৈছে ৷উপন্যাসখনত মোগল বাদশ্বাহৰ পুত্ৰ আজমতাৰ প্ৰধান মহিষী হৈও অসম ভূমিৰ প্ৰতি থকা স্বদেশ প্ৰীতিৰ দিশটোকে মূলতঃ দাঙি ধৰা হৈছে ৷

             ২০০৫ চনত চনত চন্দ্ৰধৰ চমুৱাৰ চাও-লুং ছ্যুকাফাৰ চ্যালুইনৰ পৰা লুইতলৈ নামৰ ঐতিহাসিক উপন্যাস খন প্ৰকাশ হয় ৷উপন্যাসখনৰ বিষয়বস্তুৱে ছ্যুকাফাই তেওঁৰ জন্মস্থান মাওলুঙৰ পৰা পাটকাই পাৰ হৈ অসমত ৰাজ্য প্ৰতিষ্ঠালৈকে হোৱা ঘটনাৰাজিক সামৰি লৈছে ৷ইতিহাসৰ ভেটিয়েই উপন্যাসখন আগবাঢ়িছে যদিও   ছ্যুকাফাৰ আগমণৰ ঘটনাংশ,ৰাজ্য প্ৰতিষ্ঠা,আদিক ঔপন্যাসিকৰ কল্পনাই উপন্যাস খনৰ কলাৰ মৰ্যদা বঢ়াইছে ৷উপন্যাস খনৰ বৰ্ণনাভংগী সহজ-সৰল ৷অন্যহাতে তাই ভাষাৰ প্ৰয়োগ উপন্যাসৰ ভাষাৰ উল্লেখযোগ্য বিষেশষত্ব ৷ছ্যুকাফাৰ জীৱনক পটভূমি হিচাপে লৈ পুষ্প গৈগয়েও চাওলুং ছ্যুকাফাৰ (২০০৪) নামৰ উপন্যাস এখন ৰচনা কৰিছে ৷

             যোৱা দশকৰ শেষৰফালে ২০০৯ চনত আহোম ৰাজত্বৰ পটভূমিত চাৰিখন উপন্যাস প্ৰকাশ পাইছে  ৷ইয়াৰে প্ৰথমখন  চন্দ্ৰনা গোস্বামীৰ  পাটকাই সিপাৰে মোৰ দেশৰ বিষয়বস্তুৱে  ত্ৰয়োদশ শতিকা পৰা চতুৰ্দশ শতিকালৈকে সামৰি লৈছে ৷এই দুই শতিকাত অসমলৈ অহা আহোমসকলৰ নেতৃত্বত কেনেদৰে অসমৰ জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাকেই উপন্যাসত ফুটাই তোলা হৈছে ৷উপন্যাসখনৰ তাৎপৰ্যপূৰ্ণ দিশ এইয়ে যে,উপন্যাসত বৰ্ণিত দুই দশকৰ উত্থান-পতনৰ ইতিহাসেই  ইয়াত কেন্দ্ৰীয় চৰিত্ৰৰ ভূমিকা পালন কৰিছে ৷

            ২০০৯ চনতে প্ৰকাশ পোৱা কেৱশচন্দ্ৰ ডাকুৱাৰ জেৰেঙাৰ উচুপনি,প্ৰভাত  গোস্বামীৰ নাঙছিংখাম,যমুনা শৰ্মা চৌধুৰীৰ কিবা যে নাই আটাইকেইখন উপন্যাস ঐতিহাসিক চৰিত্ৰক আশ্ৰয় কৰি লিখা উপন্যাস ।জেৰেঙাৰ উচুপনি উপন্যাস খনৰ মাজেৰে দেশৰ হকে জয়মতী কুঁৱৰীয়ে কৰা ত্যাগক তুলি ধৰা হৈছে ।বিষয়বস্তুৰ উপস্থাপনত ঔপন্যাসিকে ইতিহাস আৰু কল্পনাৰ মিশ্ৰণেৰে গদাপাণিৰ পলায়ন আৰু প্ৰত্যাবৰ্তন,সমসাময়িক ক্ষমতাকেন্দ্ৰিক ৰাজনৈতিক দিশসমূহকো সম গুৰুত্ব দিছে। প্ৰভাত গোস্বামীৰ নাঙছিংখাম উপন্যাসত মূলা গাভৰুৰ প্ৰস্তুতিসূচক ঐতিহাসিক উপন্যাস । পঞ্চদশ শতিকাৰ চুহুমুঙ(১৬৭৫) ৰাজত্ব কালৰ পাৰ বিষয়বস্তু আগবাঢ়ি মূলাগাভৰুৰ জীৱন-পৰিক্ৰমাই উপন্যাসৰ মূল উপজীৱ্য।ঠিক একে ধৰণৰ দৃষ্টিভংগীৰে যমুনা শৰ্মা চৌধুৰীয়ে ফুলেশ্বৰীৰ জীৱন পৰিক্ৰমা আধাৰ হিচাবে লৈ কিবা যে নাই নামৰ ঐতিহাসিক উপন্যাসখন ৰচনা কৰিছে।

            একবিংশ শতিকাৰ প্ৰথম দশকৰ শেষৰখন ঐতিহাসিক উপন্যাস হ'ল জুৰি বৰা বৰগোহাঞিৰ নাংফা।জেৰেঙাৰ উচুপনিৰ দৰে ইয়াৰ বিষয়বস্তুও জয়মতী কেন্দ্ৰিক। ইয়াত উপন্যাসিকাই আহোম যুগৰ ৰাজসভা,সমাজ জীৱনৰ পৰিবেশ সৃষ্টিৰ ক্ষেত্রত বিশেষ পাৰদৰ্শিতা দেখুৱাইছে ।

        শেহতীয়াকৈ ২০১৫ চন মানলৈকে অসমীয়া উপন্যাসলৈ লক্ষ্য কৰিলে ঐতিহাসিক উপন্যাসৰ ব্যাপক উত্থান হৈছে।তাৰ ভিতৰত আহোম- ৰাজত্বৰ পটভূমিত ৰচনা কৰা উপন্যাসৰ সংখ্যাই অধিক। সেয়েহে অন্য বিভিন্ন ধাৰাৰ উপন্যাসৰ লগত ঐতিহাসিক উপন্যাসৰ এটা সমান্তৰাল ধাৰা প্ৰতিষ্ঠা হৈছে।মুঠৰ ওপৰত গুণগত মানৰ বৰ বিশেষ নতুনত্ব নহলেও সংখ্যাগত দিশত একবিংশ শতিকাৰ প্ৰথম দশকৰ পৰা অসমীয়া ঐতিহাসিক উপন্যাস ৰচনাৰ প্ৰবনতা বৃদ্ধি হৈছে।  ২০১১ চনত প্ৰকাশিত সুজাতা গোহাঁই বৰুৱাৰ সাচিঁপাতৰ কথকতাৰ মাজত চুকাফাই ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পৰা জয়মতীৰ মৃত্যুলৈকে ৪০০ বছৰৰ ইতিহাসক আকৌ এবাৰ জীৱন্ত ৰূপত বিচাৰি পোৱা যায়।ঠিক তেনেদৰে কেশৱচন্দ্ৰ ডাকুৱাৰ হেংডাং উপন্যাসখনত বীৰ লাচিত বৰফুকনৰ অদম্য সাহস, বীৰত্ব,বুদ্ধি ,কৌশল সৰ্বোপৰি দেশপ্ৰেমক তুলি ধৰিছে। ঐতিহাসিক শৰাইঘাটত যুদ্ধক বিষয়বস্তু হিচাবে লৈ ৰচনা কৰা শৰাইঘাট উপন্যাসখনো গ্ৰন্থাকাৰে ২০১১ চনত প্ৰকাশ হৈছে। এই খন পঢ়িও অতীতৰ গৌৰৱক ৰোমন্থন কৰিব পাৰি । আহোম ৰাজত্বৰ পটভূমিত ৰচিত উপন্যাসসমূহত দুটা দিশ লক্ষ্য কৰিব পাৰি - প্ৰথম,আমাৰ অতীতৰ বীৰ সন্তানসকলৰ প্ৰস্তুতিসূচক বৰ্ণনা বা তেওঁলোকৰ দেশপ্ৰেম,বীৰত্বক দাঙি ধৰা আৰু দ্বিতীয় -খ্যাত অখ্যাত ঐতিহাসিক ব্যক্তিৰ জীৱনক নতুন দৃষ্টিৰে পুনৰনিৰ্মাণ কৰাৰ প্ৰৱণতা। ইতিমধ্যে কৈ অহা উপন্যাসসমূহৰ উপৰিও শেহতীয়াকৈ প্ৰকাশ পোৱা মিতালী ফুকনৰ লাইপম আৰু ইলা বৰগোঁহাইৰ কীৰ্তিচন্দ্ৰ নামৰ উপন্যাস দুখনক ক্ৰমে স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু কীৰ্তিচন্দ্র বৰবৰুৱাৰ জীৱন আৰু কৰ্মক নতুন দৃষ্টিৰে উপস্থাপন কৰিছে ৷ছশ বছৰীয়া আহোম ৰাজত্বৰ পটভূমিত এইদৰে বহুকেইখন উপন্যাস ৰচনা হৈছে ৷শেহতীয়াকৈ মোৱামৰীয়া বিদ্ৰোহক কেন্দ্ৰ কৰি ৰচনা কৰা ৰুমি লষ্কৰ বৰাৰ কালাগ্নিলৈকে এই পৰিক্ৰমা অব্যাহত আছে ৷

           এই উপন্যাসবোৰৰ মাজেৰে আহোম ৰাজত্বৰ ছশ বছৰীয়া  শাসনৰ বিভিন্ন গৌৰৱময় ঘটনাক পুনৰ ৰোমন্থন কৰাৰ সুবিধা পাব পাৰি ৷