চাও লুং ছ্যু কা ফাৰ স্মৃতি বিজড়িত তিপামক সোঁৱৰি — নাং সংগীতা গগৈ


          তেৰশ শতিকাৰ আৰম্ভণিতে চাও ল্যুং ছ্যুকাফাৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকালৈ আগমন নিসন্দেহে এক যুগান্তকাৰী ঘটনা আছিল ৷ অসমৰ ইতিহাসতত ই আছিল চমকপ্ৰদ ঘটনা,  যিয়ে তাই শাসকগোষ্ঠীৰ নেতৃত্বত সেই সময়ৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ ভৌগোলিক,  ৰাজনৈতিক অৰ্থনৈতিক,  সমাজ-সংস্কৃতিক আদি সকলো ক্ষেত্ৰতে সুুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল ৷ এই ঘটনাই কেৱল আজিৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলৰে নহয় সমগ্ৰ তাই জাতিৰ ইতিহাসৰ সামগ্ৰিক ধাৰাটোক বহু পৰিমাণে সলনি কৰিছিল বুলি ক'ব পাৰি ৷ ভাঙিবলৈ ধৰা পুৰণি কামৰূপ ৰাজ্যৰ ভেটিত এক নতুন সভ্যতাই নিজস্ব সংস্কৃতিৰ চাপ পেলাইছিল ৷ এই সকলোবোৰৰ গুৰিতে আছিল তাই মাও ৰাজকুমাৰ ছ্যুকাফাৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকালৈ আগমন ৷ দক্ষিণ - পশ্চিম চীনৰ য়ুনান প্ৰদেশৰ ম্যুংমাও ৰাজ্যৰ মাওশ্বান ৰাজকুমাৰ চাওল্যুং ছ্যুকাফাৰ নেতৃত্বত বিখ্যাত তাই জাতিৰ এজন শক্তিশালী মানুহ পাটকাই পৰ্বত পাৰ হৈ ব্ৰক্ষ্মপুত্ৰ উপত্যকালৈ আহিছিল এক সুনিৰ্দিষ্ট লক্ষ্য আগত ৰাখি ৷ লক্ষ্য আছিল সুকীয়াকৈ এখন স্বাধীন ৰাজ্য পতাৰ ৷ দুৰ্জেয় সাহস, অপৰিসীম ধৈৰ্য, ৰাজনৈতিক দূৰদৰ্শিতা,  কূটনৈতিক বিচক্ষণতা,  সহিষ্ণুতা আদি গুণেৰে সমৃদ্ধ চাওল্যুং ছ্যুকাফাই ম্যুংমাও ৰাজ্যৰ পৰা আহোতে লগত লৈ আহিছিল এটা উচ্চস্তৰীয় সভ্যতা আৰু সংস্কৃতিৰ চানেকী ৷ সুকীয়া আছিল তেওঁলোকৰ ধৰ্ম,ভাষা,  লিপি,  খাদ্যভাস, সাজ-পোছাক, আচাৰ ব্যৱহাৰ ৷ আনকি সুকীয়া আছিল কৃষি পদ্ধতি আৰু ৰাজনৈতিক নীনি নিৰ্দেশনাও ৷ জন্মৰ পৰা মৃত্যুলৈকে তাই লোক সকলৰ নিজস্ব কিছুমান ধ্যান-ধাৰণা আছে ৷ ডাঙৰ আৰু সৰুৰ মাজত সম্পৰ্ক,  নিজস্ব বৈবাহিক নিয়ম(চকলং), শ সৎকাৰৰ প্ৰথা (মৈদাম), গণনাপঞ্জী, উপৰিপুৰুষৰ সেৱা-পূজা(মে-ডাম্,মে-ফী), আত্মাৰ বা শক্তিক কৰা বিশ্বাস,  পথাৰ (না) সংস্কৃতি,  পানী খেতিৰ প্ৰণালী,  গুটীয়া মতা ম'হেৰে কৰা খেতি, জলসিঞ্চন ব্যৱস্হা সকলোবোৰতে এক ভিন্ন সংস্কৃতিৰ চাপ দেখিবলৈ পোৱা যায় ৷ প্ৰকৃতাৰ্থত এই সকলোবোৰ আছিল সেই সময়ৰ দক্ষিণ পূৰ্ব এচীয় সভ্যতাৰ অৱদান ৷ চাওল্যুং ছ্যুকাফা আৰু তেওঁৰ উত্তৰাধিকাৰী সকলে এই তাই দৰ্শনৰ দ্বাৰাই পৰিচালিত হৈ আহিছে ৷ চাওল্যুং ছ্যুকাফাৰ ৰাজ্য গঠন প্ৰক্ৰিয়াৰ প্ৰকৃত আৰু প্ৰধান কৌশল আছিল এই দক্ষিণ-পূব এচীয় দৰ্শন ৷ ইয়াৰ মাজতে লুকাই আছিল ছ্যুকাফাৰ আসাম ৰাজ্য প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি ছশবছৰীয়া সুদীৰ্ঘ আহোম ৰাজত্বৰ সফলতাৰ চাবিকাঠি ৷
           ম্যুংমাও ৰাজ্যৰ ৰাজধানী কেইংছেন মাওল্যুং এৰি অহাৰ সময়ত ৰাজকোঁৱৰ ছ্যুকাফাই নিজ ককায়েক (নিচায়েকৰ পুতেক) কৈছিল,  " কাও চাও তাক পাই কিন ম্যুং পা-কাম বান তুক নুক  নন নাম বা নাই ৷" অৰ্থাৎ ' মই পশ্চিমত থকা ম্যুং-পাকাম ৰাজ্যখন  খাবলৈ যাওঁ,  য'ত চৰাইবোৰে শুৱলৈ যায় ৷ " ১২১৫ খ্ৰীঃ চাওল্যুং ছ্যুকাফাই নিজৰ পুৰণি ৰাজ্য ম্যুংমাওৰ পৰা পশ্চিমলৈ ভটিয়াই আহে আৰু ১২৫৩ খ্ৰীঃ বৰ্তমান শিৱসাগৰ জিলাৰ চৰাইদেউ পাহাৰত তেওঁৰ প্ৰথমখন স্হায়ী ৰাজধানী পাতে ৷ ম্যুংমাওৰ পৰা চৰাইদেউৰ অৱধি কৰা দীঘলীয়া যাত্ৰাত তেওঁ বহুতো দুখ-কষ্ট সহ্য কৰিব লগা হৈছিল ৷ সুদীৰ্ঘ পথছোৱা আছিল যথেষ্ট কণ্টকময় ৷ হাতী-ঘোঁৰাৰে পৰিবেষ্টিত চাওল্যুং ছ্যুকাফাৰ লগত আহিছিল প্ৰায় ন হেজাৰ অনুগামী ৷ ইয়াৰ ভিতৰত আছিল তিনিজন ৰাজ পুৰোহিত, ডা-ডাঙৰীয়া,  পাত্ৰ -মন্ত্ৰী, সৈন্য - সামন্ত আৰু ৫ খন দেশৰ পাঁচজন শাসনকৰ্তা ৷ এই সকলোখিনিকে লৈ ছ্যুকাফাই পাৰ কৰিছিল বহু খৰস্ৰোতা নদ-নদী,  পাহাৰ আৰু হাবি-জংঘলেৰে ভৰা ভয়াবহ উপত্যকা ৷ ম্যুংমাওৰ পৰা ডই কাউ ৰঙ(পাটকাই) পাবলৈ সময় লৈছিল তেৰ বছৰ৷ ঠায়ে ঠায়ে নানা পাহাৰীয়া আৰু দাঁতিকাষৰীয়া জন-জাতিৰ মানুহেও আক্ৰমণ কৰি অবৰ্ণনীয় আহুকালৰ সৃষ্টি কৰি তেওঁৰ যাত্ৰা অত্যন্ত দুৰুহ কৰি তুলিছিল ৷ ইয়াতো ছ্যুকাফাই হেৰুৱা নাছিল তেওঁৰ মনোবল ৷ অদমনীয় মানসিক শক্তিৰ অধিকাৰী ছ্যুকাফাই নিজৰ দেশতে মনটোকো শিলৰ দৰে দৃঢ় কৰি বান্ধি আনিছিল ৷ যাব লাগিব এখন চিনাকী দেশলৈ,  মিলিব লাগিব এখনি ন-চিনাকি মানুহৰ লগত, গঢ়িব লাগিব শান্তি আৰু সমৃদ্ধিৰ এখন নতুন দেশ-সকলো থানগিৰিকে সামৰি ৷
চাওল্যুং ছ্যুকাফাৰ নতুন ৰাষ্ট্ৰ গঠনৰ অভিযান আছিল এক সু পৰিকল্পিত আঁচনি ৷ মেকং-ইৰাৱতীৰ পাৰত থাকোতেই তেওঁ নিৰ্ভুল ভাৱে তৈয়াৰ কৰি লৈছিল ভৱিষ্যতৰ ৰাষ্ট্ৰ গঠনৰ সম্পূৰ্ণ পৰিকল্পনা ৷ পূৰ্বৰ পৰা পশ্চিমলৈ যোৱা বাটতোও ৰাজকুমাৰ ছ্যুকাফাৰ অচিনাকি নাছিল ৷  সেয়েহে নিজৰ ইষ্ট দেৱতাক  (চোমদেও) সভক্তিৰে লগত লৈ অস্ত্ৰ-শস্ত্ৰৰ পৰা শইচৰ প্ৰয়োজনীয় বীজলৈকে বান্ধি আনিছিল তেওঁ৷ ম্যুং মাও ৰাজ্যৰ পৰা অভিযান আৰম্ভ কৰি ছ্যুকাফা আৰু সহযোগী সকলে প্ৰথমে আহি পায়হি ম্যুংখন্ ৷ তাৰ পৰা ম্যুংনা আৰু ম্যুংতিৰ  মাজেদি আহি নাম-কিও পাৰ হয় ৷ ইয়াৰ পিছত ম্যুং-ক্কং বা মুগং আৰু অৱশেষত হুকং উপত্যকা পায় ৷ দয়খাম (পাটকাই) পৰ্বতৰ তলত নংয়াং হ্ৰদক আগুৰি আছে খামজাঙ উপত্যকা ৷ চাওল্যুং ছ্যুকাফাই নামকিউ (ইৰাৱতী) নদীৰ পাৰ হৈ আহি লাকনি কাপ চাউ বছৰত ম্যুং খামজাং অধিকাৰ কৰে ৷ সেই অঞ্চলত বসবাস কৰি থকা নগা জনজাতিসকলক কঠোৰ হাতেৰে বশীভূত কৰি ম্যুং খামজাঙ নামৰ এখন প্ৰদেশ গঠন কৰি থাওম্যুঙ (বৰগোঁহাই) কাং খু-মঙক শাসনকৰ্তা পাতে ৷ সেই দিনটো আছিল লাকনি কাপ ড্যেওৰ প্ৰথম মাহৰ প্ৰথম দিন অৰ্থাৎ ডিন চিং মাহৰ (আঘোন মাহৰ ১৬ তাৰিখ)  প্ৰথম দিন ৷ এই খামজাঙেই আছিল আহোম সকলৰ সৰ্বপ্ৰথম প্ৰদেশ, যি আহোম শাসনৰ শেষ সময়লৈকে পূব সীমান্তৰ দুৱাৰ স্বৰূপ আছিল ৷ এনেদৰে ইয়াৰ পিছৰ পৰাই ছ্যুকাফাই প্ৰতিখন সামৰিক ভাৱে দৰকাৰী অঞ্চলৰে প্ৰদেশলৈ সলনি কৰি একোজন প্ৰাদেশিক শাসনকৰ্তাৰ অধীনত ৰাখি সেই নিৰ্দিষ্ট অঞ্চল সমূহৰ পৰা কৰ কাটল তুলি শাসন চলাই থাকিবৰ বাবে ব্যৱস্থা কৰি আহিছিল ৷ প্ৰদেশ বা ম্যুং ব্যৱস্থা হৈছে দক্ষিণ পূব এছিয় তাই শাসনপ্ৰণালীৰে এক অংশ ৷ পুৰণি ঘৰলৈ অহা যোৱা কৰাৰ, ৰাজ্যখনৰ পূব দিশটো নিষ্কণ্টক কৰাৰ আৰু ৰাজনৈতিক কটকী পঠোৱাৰ এয়াই আছিল প্ৰধান পথ ৷ পুৰণি বৰ্মা দেশৰ পৰা ডালিমা বাখৰ,  নৰা জংফাই অহাৰ দৰে এই বাটেদিয়েই আহিছিল এসময়ত অসম বিধ্বংসী মান ৷
         লাকনি ডাপলাওত ছ্যুকাফা আৰু তেওঁৰ সহযোগী সকল আহি উপস্হিতি হৈছিল নামৰূপক (নামহুক) নদীৰ সংগমস্হলত ৷ তাত থকা নগা সকলক যুঁজত হৰুৱাই তেওঁলোকেই বান্ধি দিয়া কাক বাঁহৰ ভূৰেৰে তিনিশ ঘোঁৰা লগত লৈ পাৰ হৈছিল বুঢ়ীদিহিং (নামজিন্) নৈ ৷ যাত্ৰাত যাতে বিঘিনি নঘটে তাৰ বাবে দিহিং নদীক সেৱা জনাইছিল ৷ নদী দেৱতাৰ আৰ্শীবাদ লৈ নদিহিঙৰ ফালে সুকলমে উজাই গৈ পাইছিল ম্যুং লাখেন তেনছাত শাসনকৰ্তা পাতি চাওল্যুং ছ্যুকাফা পুনৰ বুঢ়ীদিহিঙেৰে ভটিয়াই আহি এডোখৰ সুন্দৰ সমতল ভূমি পায় ৷ এয়াই তিপাম ৷ চাওল্যুং ছ্যুকাফা স্বৰ্গদেউৰ মৰমৰ তিপাম,  দিহিঙৰ পানীয়ে পৰশা তিপাম ৷ দিহিঙৰ পাৰত ভৰি দিয়েই  ছ্যুকাফা আৰু তেওঁৰ অনুগামী সকলে গভীৰ ভাৱে উপলব্ধি কৰিব পাৰিছিল সেই ঠাইৰ  গুৰুত্ব ৷ তেওঁলোকৰ পিতৃগৃহতে এৰি অহা মেকং উপত্যকাৰ সৈতে এই ঠাইৰো মাটি,  পানী আৰু জলবায়ু প্ৰায় একেই ৷
           পানী আৰু মাটিৰ জ্ঞান থকা দূৰদৰ্শী ছ্যুকাফাই পিছলৈ অতি সহজে বুজিব পাৰিছিল যে এৰি অহা ইৰাৱতীৰ (নামকিউ) , দিচাং(নামখুন্) আৰু ব্ৰক্ষ্মপুত্ৰৰ (নাম-টিলাও) উৰ্বৰ মাটিৰ মাজতে বিচাৰি পাব ৷ অচিনাকী ঠাইট চিনাকী মাটিৰ সুবাস পাই সুখী হৈছিল ছ্যুকাফা ৷ তাই আহোমৰ ধৰ্মমতে সেৱা পূজা দিবৰ বাবে দেওশাল প্ৰতিষ্ঠা কৰি তিপামতে তেওঁ থাকিবলৈ লয় ৷ দেৱতা (ফী) আৰু স্বৰ্গাগত পুলিন পুথাও সকলৰ আত্মাৰ সন্তুষ্ট হ'ল কোনো অমঙ্গলে চুব নোৱাৰে ৷ সেয়ে বলি বিধান আগবঢ়াই বছৰি তিপামৰ দেওশালত পূজা-সেৱা কৰা হৈছিল বুলি আহোম বুৰঞ্জীয়ে কয় ৷ সমগ্ৰ তাই জাতিৰ মৌলিক চৰিত্ৰত এটা কথা সামগ্ৰিকভাৱে লক্ষ্য কৰা যায় যে তাইসকলে সাধাৰণতে দ অঞ্চলত চাংঘৰ পাতি বাস কৰে আৰু শালি খেতি কৰে ৷ তাইসকল আজন্ম খেতিয়ক ৷ তেওঁলোকে পানী খেতি কৰে আৰু নদীয়ে সাৰুৱা কৰা অঞ্চলবোৰত বাস কৰে ৷ তেওঁলোকে কেতিয়াও পাহাৰত বাস নকৰে ৷ বহু পণ্ডিতৰ লিখনিৰ পৰা আমি জানিব পাৰো যে পৰ্বতীয়া জাতিৰ চৰিত্ৰ তাই সকলৰ নাই ৷  Sir George Scott ৰ মতে -- " The Tai are seldom found away from the alluvial besin and do not look upon themselves as a hill people at all." The Tai race:  Elder Brother of the Chinese নামৰ গ্ৰন্থত Rev. Willium Clifton Dodd য়ে তাইসকলৰ সম্পৰ্কে লিখিছে যে --" Where there is water for their rice fields the Tai live. They do not live in the mountains. " কিয়নো খেতিৰ বাবে পানী লাগে আৰু নদীয়ে মাটি পলসুৱা কৰি ৰাখে সেয়ে নৈখন তাইসকলৰ বাবে বৰ আপোন ৷ কিয়নো-------
      "মি নাম মি না
       মি না মি খাও
       মি খাও মি তাই"
       অৰ্থাৎ--------
      "য'তেই পানী তাতেই পথাৰ,
       য'তেই পথাৰ তাতেই ধান আৰু
       য'তেই ধান তাতেই তাই ৷"

বিদেশী পণ্ডিত  Jean Barlie কৈছে ---- " Wet rice cultivation and valley type of economy constitute the rootvof Tai culture. " আন এক পণ্ডিত Zhao Xiaooniu য়ে কৈছে --- " The Tai Mao donot cutivate dry field rice,  only wet rice." অসমলৈ অহা তাইসকল তাইমাও মানুহ আছিল ৷ সেয়ে তেওঁলোকৰ জীৱন-দৰ্শন ম্যুং-মাওৰ তাইমাওসকলৰতাইমাওসকলৰ লগত বেছিকৈ মিলে ৷ স্বৰ্গদেউ ছ্যকাফায়ো সমগ্ৰ যাত্ৰাকালত তাই জাতীয় চৰিত্ৰৰে মানি চলিছিল ৷ সেই পাইকাইৰ পৰা চৰাইদেউলৈ যোৱা সুদীৰ্ঘ পথছোৱাত তেওঁ বাৰে বাৰে থকা ঠাই সলাইছিল ৷ পানী জুখি তাৰ চৰিত্ৰ বুজিছিল আৰু খেতি কৰি মাটিৰ উৰ্বৰতা পৰীক্ষা কৰি চলাইছিল  ৷
        তিপামতে স্বৰ্গদেউ ছ্যুকাফা লাকনি ম্যুংমাও,  প্লেকচি আৰু ক্যাওচাও,  এই তিনি বছৰ কটায় ৷ সেইখিনি সময়ত তেওঁ তিপামত খেতি-বাতি কৰাৰ লগতে ওচৰে-পাজৰে থকা থলুৱা মানুহখিনিকো নিজৰ আয়ত্বলৈ আনিবলৈ সক্ষম হয় ৷ মৰাণ আৰু বৰাহী আদি জাতি জনজাতীয় লোকসকলে সেইসময়ত তাত বসবাস কৰি আছিল ৷ ছ্যুকাফাই নিজ কে আলহীৰ ৰূপেৰে চিনাকী দি তেওঁলোকৰ পৰা গিৰিহঁতৰ দৰে ব্যৱহাৰ বিছাৰিছিল ৷ পূৰ্বৰ পৰা অহা আলহীসকলক এইসকল লোকে পৰম আন্তৰিকতাৰে আদৰি লৈছিল ৷ পুৰণি থলুৱা মানুহখিনিয়ে নতুনকৈ অহা মানুহখিনিৰ সাহস, বুদ্ধি আৰু ব্যৱহাৰত আপ্লুত হৈ তেওঁলোকক দেওঁ মানুহৰ সঁচ বুলি কৈছিল ৷ মিলা মিছাৰ মাজেৰে তেওঁলোকৰ প্ৰভূত্ব মানি লৈছিল ৷ ছ্যুকাফাই নিজে কৰাৰ উপৰিও উন্নত কৃষি প্ৰণালীৰে শালি খেতি কৰিবলৈ শিকাইছিল সেই অঞ্চলত থকা থলুৱা মানুহখিনিক ৷ লাহে লাহে পথাৰ সংস্কৃতিয়ে গা কৰি উঠিছিল ৷ সচাঁকৈয়ে ছ্যুকাফাই সোণ যেন গুটি লগা ধানৰ খেতিয়েই কৰিছিল তিপামত ৷ দিহিঙৰ পানীৰে সাৰুৱা হৈ থকা তিপামৰ উৰ্বৰ ভূমিত থিয়হৈ তাৰ মনোমোহা সৌন্দৰ্যত মোহ গৈ ছ্যুকাফাই কৈছিল সেইশাৰী বুকু জুৰাই যোৱা সোণ সেৰীয়া বাক্য , "মুন্ ডুন চুন খাম্ " ---- সোণোৱালী বাগিছাৰ দেশ ৷ কোনো কোনো বুৰঞ্জীত পোৱা যায় যে ছামলঙফা নামৰ আন এক পৰীক্ৰমী মাওশ্যান সেনাপতিয়ে কিছু বছৰ আগতেই তিপামত নামৰূপ অঞ্জল জয় কৰি তাৰ থকা স্হানীয় মানুহৰ পৰা কৰ কাটল আদায় কৰি আছিল ৷ চাওলুং ছ্যুকাফাই চামলঙফাৰ লগত এক বুজাপৰা লৈ আহি তিপাম অঞ্চল নিজৰ আয়ত্বলৈ আনিছিল ৷ খেতিবাতি কৰাৰ ওপৰিও ভবিষ্যতৰ ৰাজ্য বিস্তাৰ কৰাৰ পৰিকল্পনাও ইয়াতে কৰিছিল ছ্যুকাফাই ৷ নানা অভিজ্ঞতাৰে পুষ্ট দুয়োজনা বুঢ়াগোঁহাই আৰু বৰগোঁহাই ক্ৰমে থাওম্যুঙ ক্লিন-লেন মান-ৰাই আৰু থ্যাওম্যুং কেঙ-নালনৰ লগত আলোচনা কৰি তিপামতে ৰাজমেলৰো আয়োজন কৰা হৈছিল ৷ তাই সেনাপতি ছামলঙফাৰ সময়ৰ পৰা লৈ থকা কৰ কাটলবোৰ এই অঞ্চলৰ মানুহৰ পৰা সংগ্ৰহ কৰা হৈছিল ৷ তিনিবছৰ তিপামত থকাৰ পাছত ছ্যুকাফাই ৰাজ্য বিস্তাৰৰ বাবে আন ঠাইলৈ অগ্ৰসৰ হয় ৷ তিপামখন এনেয়েও আছিল পানীত তল যোৱা ঠাই (প'-চং-প'-চাও) ৷ স্হায়ীভাৱে ৰাজধানী পাতি থাকিবৰ সুচল নহয় ৷ সেয়েহে চাওলুং ছ্যুকাফাই কান্-ঙনত তিপামৰ শাসনকৰ্তা পাতি দিহিঙেৰে ভটিয়াই আন ঠাইলৈ যায় ৷ এনেদৰে এখনৰ পাছত এখনকৈ শলগুৰি,  খোৱাং আদি ঠাইত বাহৰ পাতি অৱশেষ ছ্যুকাফাই চৰাইদেউ পাহাৰতে ১২৫৩ খ্ৰীঃতে স্হায়ীভাবে ৰাজধানী পাতি থাকিবলৈ লয় ৷

ছ্যুকাফা স্বৰ্গদেৱে শাসনকৰ্তা পাতি থৈ যোৱাৰ পাছৰ পৰৱৰ্তীকালতো তিপামে তাৰ গুৰুত্ব অলপো হেৰুৱা নাছিল ৷ সমগ্ৰ আহোম ৰাজত্বৰ সুদীৰ্ঘ ছশ বছৰ কালত তিপামে এক উল্লেখযোগ্য স্হান অধিকাৰ কৰি আহিছে ৷ হাবুঙীয়া ব্ৰাক্ষ্মণৰ ঘৰত জন্ম লোৱা ছুডাংফা স্বৰ্গদেৱে পোন প্ৰথম বাৰৰ বাবে হিন্দু দেৱতা লক্ষ্মী-নাৰায়নক কাৰেঙৰ ভিতৰলৈ নিয়ে ৷ এই কাৰ্যত অসন্তুষ্ট হৈ তিপমীয়াসকলে ৰজাৰ বিৰুদ্ধে দোষ আচাৰিছিল ৷ বিদ্ৰোহী তিপমীয়া সকলক ৰজাঘৰীয়াই বৰ নিষ্ঠুৰতাৰে দমন কৰিছিল ৷ হাতী ধৰাৰ বাবে পতা ভোজলৈ মাতি আনি বহুজন তিপমীয়াক বধ কৰাইছিল ৷ অভিযুক্ত তিপাম ৰজা তাও চুলাইয়ে ভাই ৰজা নৰা ৰজাক মুন্ ডুন্ চুন্ খামত তেওঁৰ বঙহৰ ৰজা গুছিল বুলি গোচৰ তৰিছিল ৷ নিজৰ বঙহৰ ভাই ৰজা নোহোৱা বুলি জানি নৰা ৰজাই এই দেশ ল'বলৈ সেনানি পঠালে ৷ নৰা আৰু আহোম সেনাৰ মাজত তিপামৰ কুঁহিয়াৰ বাৰীত ভীষণ ৰণ হয় ৷ আহোম সেনাই নৰা সেনাপতিক ৰণত হৰুৱাই পাটকাইলৈকে খেদি নিয়ে ৷ পিছে নৰা দেশৰ বৰগোঁহাইয়ে খুনলুঙৰ বংঙৰ নোহোৱা হোৱা বুলি ভাবিহে আসাম দেশৰ লগত ৰণ কৰা বুলি কয় ৷ তেওঁ নিজৰ বঙহৰ আহোম ৰজাক মুন্ ডুন্ চুন্ খামৰ ৰাজপটত দেখি অতিকে সুখী হয় আৰু ভাই ৰজাৰে কেতিয়াও যুদ্ধ নকৰো বুলি দুয়োপক্ষৰ দুয়োজন থাওমুঙে নয়াং হ্ৰদৰ পানীত হাত জুবুৰিয়াই কুকুৰা কাটি শপত খোৱাৰ বাবে এই ঠাইৰ নাম হয় পাট-কাই চেং কান ৷ এনেদৰে ডয় কাও ৰঙ (নটা পৰ্বতৰ লগ খোৱা) হৈ পৰে পাটকায় ৷ এই ঠাইতে নৰা আৰু আহোম ৰাজ্যৰ সীমা বান্ধি দুয়োজনা বৰগোঁহাইয়ে দুটা শিলৰ মূৰ্তি কটায় ৷
           চুহুংমুং স্বৰ্গদেউ ৰাজত্ব কালত সৃষ্টি কৰা চাৰিটা ৰজাঘৰীয়া ফৈদৰ মাজত এটা গুৰুত্বপূৰ্ণ ফৈদ আছিল তিপমীয়া ফৈদ ৷  উপযুক্ত ৰাজকোঁৱৰ  এজনকহে এই বিষয়া খাবলৈ দিয়া হৈছিল ৷ নান ঘটনা ৰাজিৰে পুষ্ট এই ঐতিহাসিক তিপামৰ বহুতো কাহিনী আছে ৷ এনেদৰে থাওকতে সকলোবোৰ লিখি শেষ কৰিব নোৱাৰি ৷ তিপামৰ ৰজাই তিপামত থাকি পাটকাই পৰ্বতৰ তিৰাপ সিমান্তলৈ ৰাজত্ব কৰিছিল ৷ তিপাম ৰজাৰ কুঁৱৰীক তিপমীয়া কুঁৱৰী বুলিছিল ৷  তিপাম ৰজাক মৈদাম দিবলৈ লুখুৰাখনিয়া ফৈদেহে নিব লাগে ৷ তিপাম ৰজাক সহায় কৰিবৰ বাবে তিপমীয়া ফুকন,  তিপমীয়া বৰুৱা আৰু তিপমীয়া ৰাজখোৱা আদি বিষয়া সকল আছিল ৷
        মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰাজধানী গড়গাঁও এৰি আহি কিছুদিন তিপামতে আছিল ৷ তিপমীয়া ৰজা আৰু ৰাইজে আশ্ৰয় দিছিল তেওঁক ৷ মীৰজুমলাৰ অসম আক্ৰমণ ছশ বছৰীয়া আহোম ৰাজত্বৰ এক মচিব নোৱাৰা কলংক ৷ নিজৰ মানুহৰ বিশ্বাসঘাতকতাই কঢ়িয়াই আনিছিল পৰাজয়ৰ অপমান ৷ তাতোকৈ বহুত বেছি অপমানজনক আছিল কুখ্যাত ঘিলাধাৰীঘাটৰ চুক্তি ৷ বুঢ়ীদিহিঙে সাৰুৱা কৰা তিপামৰ পাৰতে ১৬৬৩ চনৰ জানুৱাৰী মাহৰ শেষটো সপ্তাহত মোগলৰ লগত অসমৰ ৰজাই এই দুখজনক চুক্তিখন সম্পাদিত কৰিব লগাত পৰিছিল ৷ অতিকে অপমানজনক ঘিলাধাৰীঘাটৰ চুক্তিয়ে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ প্ৰাণকে হৰিছিল ৷ চুক্তিমতে ৰজাদেৱে নিজৰ চেনেহৰ জী ৰমনী গাভৰুক (নাংচেং) কোমল বয়সতে মোগল বাদশ্বাহৰ পুতেক আজমতৰালৈ বিয়া দিব লগা হৈছিল ৷ লগতে গৈছিল তিপাম ৰজাৰো আন এগৰাকী চেনেহৰ জীৱৰী ৷ যুদ্ধৰ ক্ষতিপূৰণ হিচাপে বহু হেজাৰ তোলা সোণ আৰু ৰূপৰ লগতে বহুতো হাতী উপহাৰ হিচাপে দিব লাগিছিল ৷ মোগল সেনাই চাউনি পাতি লৈ গড়গাঁৱৰ ঐতিহ্যমণ্ডিত ৰাজকাৰেঙটো থানবান কৰি পেলাইছিল ৷ আহোম ৰজাৰ সাতামপুৰুষীয়া মৈডামবোৰো সাৰি যোৱা নাছিল মীৰজুমলা বাহিনীৰ লুভীয়া চকুৰ পৰা ৷ এই সকলোবোৰ দেখি শুনি শোকে-সন্তাপে স্বৰ্গদেউ জয়ধ্বজ সিংহই নিজেও অকালতে মৈডামলৈকে গতি কৰিছিল ৷
সাময়িকভাৱে ঘিলাধাৰীঘাটৰ চুক্তিয়ে মোগলক বিজয়ীৰ মুকুট পিন্ধালেও এই চুক্তিৰ অপমানজনক চৰ্তবোৰে স্বাধীনচিতিয়া অসমীয়া মানুহৰ অন্তৰত দেশপ্ৰেম দুগুন উৎসাহেৰে জগাই তুলিছিল ৷ অতি কম সময়ৰ ব্যৱধানত অনুষ্ঠিত হৈছিল বিখ্যাত শৰাইঘাটৰ ৰণ ৷ ঘিলধাৰীঘাটৰ চুক্তিক ধূলিস্যাত কৰিছিল শৰাইঘাটৰ ৰণত অসমীয়া সেনাৰ বিজয়ে ৷ বিদেশী বঙালে প্ৰমাদ গণিছিল অসমৰ সেনাৰ বাহুবল আৰু মনোবল দেখি ৷ বিবুদ্ধিত পৰিছিল ভাৰতখ্যাত প্ৰৱল প্ৰতাপী সেনাপতি অম্বৰৰ ৰামসিংহ ৷ শৰাইঘাটৰ সেনাপতি লাচিত বৰফুকনৰ দেশপ্ৰেম,  কৰ্তব্যপৰায়ণতা আৰু শৌৰ্য-বীৰ্যক লৈ পৰৱৰ্তীকালত অসমৰ মানুহে গৌৰৱ কৰিবলৈ লৈছিল ৷ লাচিত হৈ পৰিছিল অসমীয়া জাতীয় বীৰ ৷ অমমীয় জাতিয়তাবাদৰ জীৱনীশক্তি ৷
           আহোম ৰাজত্বৰ নানা উথ্থান-পতনৰ সাক্ষী তিপাম অঞ্চল ৷ মানৰ আক্ৰমণৰ বিভীষিকাময় সময়তো তিপমীয়া ৰাইজে নিজ দেশপ্ৰেমৰ চিনাকী দিছিল৷ ১৮১২ চনত চন্দ্ৰকান্ত সিংহক অসমৰ সিংহস্হানত বহুৱাই মান সৈণ্যই  কেৰিমেৰী কছাৰী ওৰফে পাতালঙ নামেৰে এজনক বৰবৰুৱা পাতি থৈ যায় ৷ সময়ত স্বাধীন মনৰ পাতাল বৰবৰুৱাই জয়পুৰ তিপাম অঞ্চলৰ দীঘলীঘাটত মানক ভেটিবৰ বাবে এক অপ্ৰতিৰোধ্য নাটিৰ গড় সাজি উলিয়ায় ৷ ইয়াতে সংকিত হৈ মান সেনাপতি মিঙ্গিমাহা টিলোৱাই পাতাল বৰবৰুৱাক হত্যা কৰোৱাইছিল ৷
         এয়াই ইতিহাস প্ৰসিদ্ধ তিপাম ৷ বুঢ়ীদিহিঙক বুকুৰ মাজত লৈ কোনোবা নজনা সময়ৰে পৰা বহু ঘটনাৰ জীৱন্ত সাক্ষী হৈ আছিল তিপাম ৷ প্ৰৱল পৰাক্ৰমী আহোম ৰাজত্বৰ বহুতো ঘটনা তিপামৰ মাটিতে সংঘটিত হৈছিল ৷ আসাম ৰাজ্যৰ জন্মদাতা,  অসমীয়া জাতিৰ প্ৰথম পুৰুষ চাওলুং ছ্যুকাফাক বিমোহিত কৰা তিপাম ৷ ছ্যুকাফাৰ 'মুন্-ডুন্-চুন-খাম' সচাঁ অৰ্থতে সোণৰ আসামত পৰিণত হৈছিল ৷ সেই সময়ত ব্ৰক্ষ্মপুত্ৰ উপত্যকা আৰু তাৰ চাৰিওফালৰ পাহাৰবোৰৰ বহুতো জাতি-জনগোষ্ঠীয়ে নিজৰ অস্তিতৰে সৰু সৰু গোষ্ঠীভিক্তিক ৰাজ্য গঠন কৰি আছিল ৷ এই ভৌগলিক খণ্ডৰ কোনো একক ৰাজনৈতিক বান্ধোন নাছিল ৷ ছ্যুকাফাই নতুন ঠাইত নিজকে আলহীৰ ৰূপেৰে নিজৰ চিনাকি দি ''মিলিব লাগে আৰু মিলাব লাগে" নীতি সাৰোগত কৰি জাতি-ধৰ্ম নিৰ্বিশেষে পাহাৰ ভৈয়ামৰ সকলো জনগোষ্ঠীয় ঐক্য আৰু সংহতিৰ মন্ত্ৰৰে একত্ৰিত কৰি এক শক্তিশালী জাতি গঠনৰ বাট প্ৰশস্হ কৰি তুলিছিল ৷ প্ৰকৃতাৰ্থত আমাৰ জাতি গঠন প্ৰক্ৰিয়াৰ বীজ তেওঁৱেই পোণপ্ৰথমে ৰোপণ কৰিছিল ৷ নিজৰ ভাৰ্ষা,  ধৰ্ম,  ৰাজনীতি থকা স্বত্তেও থলুৱা লোকৰ পৰা ছ্যুকাফা আৰু তেওঁৰ উত্তৰাধিকৰীসকলে প্ৰায় সকলোখিনিকে আদৰি লৈছিল ৷ ইয়াৰ ফলত জন্ম হৈছিল  অসমীয়া নামেৰে এটা নতুন সংষ্কৃতিৰ ৷ সেয়ে নিসংকোচে ক'ব পাৰি ছ্যুকাফা আছিল আসামৰ সমন্বয়,  সম্প্ৰীতি আৰু ঐক্যৰ প্ৰতিক ৷ তেওঁৱেই আছিল অসমীয়া জাতিৰ প্ৰথম পুৰুষ ৷
         এতিয়াও তিপামে নিজৰ স্বকীয়তা হেৰুৱা নাই ৷ হেৰুৱা নাই ইয়াৰ ঐতিহাসিক মৰ্য্যদা ৷ আজিও ছ্যুকাফাৰ পদচিহ্ন অনুসৰণ কৰি তিপামলৈ আহে সূদুৰ চীনদেশৰ পৰা কোনো অনুসন্ধিতসু মনৰ ইতিহাসৰ গৱেষক ৷ জয়পুৰ,  তিপাম, ভাদৈৰ কথানো কোনে পাহৰিব পাৰে ? বহু ঘটনাৰ সাক্ষী শিয়ালগড় অৱশেষ আজিও আছে ৷ গড়ৰ মাজে মাজে লক্ষ্য কৰিলে পোৱা যায় আহোম যুগৰ চাৰিকোণীয়া ইটাৰ অৱশিষ্ট ৷ কিছুদিনৰ আগতে এই অঞলতে নদীৰ শিলেৰে গথা এখন পুৰণি দেৱালৰ ভগ্নাৱশেষ তিপামৰ ৰাইজে বিছাৰি পাইছে ৷ হয়টো এই পুৰাতাত্বিক ভগ্নাৱশেষৰ মাজতে অামি বিচাৰি পাম কোনো দিনে নজনা কিছু ঐতিহাসিক নতুন তথ্য ৷ কিছুদিনৰ আগতে আমাৰো সৌভাগ্য হৈছিল সেই ঐতিহাসিক তিপামক দেখাৰ ৷ আঘোণৰ ফৰকাল আকাশৰ ৰ'দৰ পোহৰত তিপামক দেখিছিল ৷ দেখিছিলা অপৰূপ সোন্দৰ্যৰে কাষেৰে বৈ যোৱা বুঢ়ীদিহিঙক ৷ একে গতিৰে বৈ আছে ৷ পুৰণি দেওশালৰ চিন এতিয়াও বিদ্যমান ৷ স্হানীয় মানুহে এতিয়া তাত টিনৰ চালি দি বনদেৱীৰ মন্দিৰ সাজি লৈছে ৷ বৰ্তমান জয়পুৰ চাহ বাগিছাই অধিকাৰ কৰা তিপাম সেই বুৰঞ্জী প্ৰসিদ্ধ ঠাইতে আমিও থিয় দি ৰৈছিলো ৷ দূৰৈত জিলিকিছিল আঘোণৰ সোণোৱালী শইচৰ পথাৰ ৷ মুহূতৰ বাবে বহুবোৰ কথাই মনটো জোকাৰি গৈছিল ৷ অতীতে আমনি কৰিছিল ৷ ক্ষণে ক্ষণে মনত পৰিছিল সেইজন প্ৰবাদ পুৰুষলৈ ----- স্বৰ্গদেউ ছ্যুকাফাই আৰু তেওঁৰ দ্বাৰা প্ৰো:থিত সেই বাক্যশাৰীলৈ ৷ হিয়া পৰশাকৈ,  মন জুৰ পৰাকৈ আমিও চাওলুং ছ্যুকাফাক সুঁৱৰি, তেওঁলৈ সেৱা জনাই তিপামৰ থিয় পাহাৰৰ ওপৰৰ পৰা পুনৰবাৰ আওৰাইছিলো মুন্-ডুন্-চুন-খাম------- সঁচাকৈয়ে এয়া যে মুন্-ডুন্-চুন-খাম----- সোণোৱালী বাগিছাৰ দেশ------ আমাৰ সকলোৰে সোণৰ আসাম ৷

সহায়ক গ্ৰন্থপঞ্জী   :
১/ Chao Lung Suikapha, Documentary History of the Ahoms, vol.1 translated,  edited and annotated by J.N. Phukan, Romesh Buraghohain,and Ye Hom Buraghohain, 1998.
২/ The Tai and the Tai Kingdoms, Padmeswar Gogoi, 1000, Lawyer's Book Stall, Guwahati.
৩/The Tai race : elder brother of the Chinese, Rev. William Clifton Dobby, 1923(Cedar Rapids, Lowa)
৪/ Political systems of the highland Burma, by Professor E.R. Leach, published by University of London, 1970.
৫/তুংখুংগীয়া বুৰঞ্জী,  সম্পাদক সূৰ্য্যকুমাৰ ভূঞা,  বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ,  অসম ৷
৬/ ইতিহাসে পৰশা তিপাম, নৰেন্দ্ৰ নাথ চেতিয়া,  ভট্টাচাৰ্য্য এজেন্সী, ডিব্ৰগড় ৷
৭/চাওলুং ছ্যুকাফা, আহোম ভাষাত লিখা বুৰঞ্জী পাতৰ পৰা, য়ে হম বুঢ়াগোহাঁই,  ছ্যুকাফা শৰাই পৃষ্ঠা ২৭ , ২০০৮ চন ৷
৮/দেওধাই অসম বুৰঞ্জী,  সম্পাদক-সূৰ্য্যকুমাৰ ভূঞা, বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ,  অসম ৷
৯/অসম নামৰ পম খেদি, যোগেন্দ্ৰ নাথ ফুকন, স্মৃতিগ্ৰন্থ মে-নাম-টি-মা,  পূৰ্বাঞ্চল টাই সাহিত্য সভা, সৰুপথাৰ, ২০০৪ ৷