চাং ৰুং ফুকনৰ বুৰঞ্জী: আহোম যুগৰ অভিযান্ত্ৰিক কাৰিকৰী জ্ঞানৰ অক্ষয় কীৰ্তি — ড° অৰুণিমা গগৈ


         তাই আহোম যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যায়ে অতি উচ্চ মানৰ আছিল সেই কথা বুৰঞ্জী গৱেষক সকলে ঠাৱৰ কৰিছে ৷ আহোম স্বৰ্গদেউ সকলৰ বিচাৰ-বুদ্ধি, কৰ্মপদ্ধতি, দূৰদৰ্শিতা বিভিন্ন শিল্পসমূহৰ বিজ্ঞানসন্মত কৌশলগত পৰিকল্পনাৰে যে জাতিটোক একতাৰ ডোলেৰে বান্ধি ৰাখিছিল সেই ভাৱধাৰাক অনুধাৱন কৰিব পাৰি ৷ স্বৰ্গদেউসকলৰ শিল্প চেতনা আছিল অতি গভীৰ ৷ ইয়াৰ বাবেই অসমীয়া সংস্কৃতি হৈ পৰিছিল বহু বৰ্ণময়তাৰে ঐশ্বৰ্যমণ্ডিত ৷ সমগ্ৰ ৰাজ্য জুৰি অনেক দ'ল,  দেৱালয়,  শিলৰ সাঁকো ৰাজ কাৰেং, তলাতল ঘৰ, দুচলীয়া আৰ্হিৰ পকীঘৰ আদি স্হাপত্য নিৰ্মাণ কৰা হৈছিল ৰাজ পৃষ্ঠপোষকতাত ৷
            ছ্যুকাফা অসমলৈ অহাৰ আগত এই দেশৰ বুৰঞ্জী কোনেও লিখা নাছিল ৷ সেইকাৰণে আহোম সকল অসমলৈ অহাৰ আগৰ সময়খিনি প্ৰাগ-ঐতিহাসিক যুগ বুলি কোৱা হয় ৷ কাৰণ সেই সময়ৰ দেশখনৰ বুৰঞ্জী আমাৰ বাবে অজ্ঞাত ৷ ছ্যুকাফাৰ যাত্ৰা কালত তেওঁৰ লগত অহা বহু মানুহ মৰিছিল , বহু হেৰাইছিল ৷ মানুহৰ জন্ম-মৃত্যু,  ৰাজবংশৰ উথ্থান-পতন আদিৰ বিষয়ে বুৰঞ্জী লিখাৰ প্ৰথাৰ আৰম্ভ কৰাৰ বাবেই আমি বৰ্তমানে ছশ বছৰীয়া আহোম ৰাজত্বৰ সোণালী অধ্যায় অনুধাৱন কৰিব পাৰিছোঁ ৷ তাই আহোমৰ নিজা ভাষা আৰু চহকী সাহিত্য আছিল ৷ সেই ভাষা শ্যাম ভাষাৰ দৰে ৷ দেওধাই,  মহন,  বাইলুং এই তিনি খেলৰ মানুহে আহোম ভাষাত লিখা -পঢ়াৰ চৰ্চা কৰিছিল ৷ আহোম ৰাজত্বৰ আগছোৱাত সকলোবোৰ বুৰঞ্জী কেৱল আহোম ভাষাতহে ৰচনা কৰা হৈছিল ৷ বুৰঞ্জী লিখাত আহোমসকল আহোম ৰজাৰ দিনত বৰ পৈণত আৰু পৃথিৱীৰ ভিতৰত এটা অগ্ৰগণ্য জাতি আছিল ৷ বুৰঞ্জী প্ৰণয়ন কাৰ্য সঠিকভাৱে হৈছেনে নাই,  তাক চোৱা-চিতা কৰিবৰ বাবে 'চিৰিং ফুকন' নামৰ বিষয়বাব এটিও সৃষ্টি কৰা হৈছিল ৷ এই বিষয়াজনাৰ তত্বাৱধানতে পণ্ডিত বুৰঞ্জী প্ৰণয়ণৰ কাম সম্পাদন কৰিছিল ৷ আহোম যুগৰ অদ্বিতীয় সৃষ্টি হিচাপে বুৰঞ্জী সাহিত্য যিদৰে গুৰুত্বপূৰ্ণ ঠিক সেইদৰে 'চাংৰুং ফুকনৰ' বুৰঞ্জীখন সেই সময়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কৌশলগত পৰিকল্পনাৰ অভিযান্ত্ৰিক জ্ঞানৰ নমুনা ৷ আনবিলাক বুৰঞ্জীত যিদৰে কোনো এচোৱা সময়ৰ ঘটনাবোৰ লিপিবদ্ধ হয়, কিন্তু চাংৰুং ফুকনৰ বুৰঞ্জী অলপ ব্যতিক্ৰম সৃষ্টি ৷ চাংৰুং ফুকনৰ বুৰঞ্জীত লিপিবদ্ধ হোৱা বুৰঞীয়ে আহোম যুগৰ কাৰিকৰী বিজ্ঞানৰ দিশটোৰ উমান দিয়ে ৷ চাংৰুং ফুকন ৰজাঘৰীয়া বিবাহৰ বাবেহে নিযুক্ত হৈছিল ৷ আহোম যুগত যিকেনো ব্যক্তিকে চাংৰুং ফুকন বিষয়বাব দিয়া হোৱা নাছিল ৷ ইয়াৰ বাবে যোগ্যজনক বাছি উলিওৱা হৈছিল ৷যিজন ব্যক্তিৰ অভিযান্ত্ৰিক কাৰিকৰী জ্ঞান আছিল তেওঁকহে এই বাব দিয়া হৈছিল ৷চাংৰুং ফুকনৰ বুৰঞ্জীত কোনো ৰজা, ডা-ডাঙৰীয়াৰ কথা বা সময়ৰ ঘটনাৱলী বৰ্ণনা নাছিল ৷ তাৰ বিপৰীতে চাংৰুং ফুকন নামৰ বিষয়াসকলে লিখা বুৰঞ্জীবোৰ আহো যুগৰ কাৰিকৰী বিজ্ঞানৰ পুথি বুলি ক'ব পাৰি ৷
চাংৰুং ফুকনৰ বুৰঞ্জীত দল-দেৱালয়,  মঠ-মন্দিৰ, মৈদাম,  পুখুৰী ইত্যাদি নিৰ্মাণ কৰোতে মাটি কালি,  বেধ, উচ্চতা,  কিমান মানুহে কাম কৰি কিমান দিনত কামটো সৰ্ম্পূণ কৰিছিল, নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ কৰা উপাদান সমূহৰ নাম,  জোখ, কিমান উপাদান ব্যৱহাৰ কৰা হ'ল তাৰ হিচাপ এই সকলোবোৰ লিপিবদ্ধ কৰি ৰখাৰ দ্বায়িত্ব আছিল চাংৰুং ফুকন বিষয়াৰ আৰু এই কাৰ্যকৰী জ্ঞান সম্বিলিত আহোম যুগৰ স্হাপত্য শিল্পৰ কাৰিকৰী কৌশলৰ তথ্যগ্ৰন্থ হৈছে চাংৰুং ফুকনৰ বুৰঞ্জী ৷
          এই  বুৰঞ্জীবোৰৰ পৰা আহোম স্বৰ্গদেউ সকলৰ সময়ত কেনেকৈ ইটা নিৰ্মাণ,  ভিন্ন প্ৰকাৰৰ শিলৰ প্ৰয়োগ, কেনেকৈ কৰাল (আজিকালিৰ চিমেন্ট) তৈয়াৰ কৰিছিল এই বিষয়ে উল্লেখ কৰা আছে ৷ কৰাল প্ৰস্তুত কৰিবৰ বাবে গুৰ,  চূণ,  চকাচূণ, শন,  ধূনা, বৰালি মাছ, মিঠাতেল,  হাঁহ কণীৰ কুহুম, গাখীৰ,  বেলৰ আঠা, মাটিমাহ,  ইটাগুৰি আদি ব্যৱহাৰ কৰা হৈছিল ৷ কৰাল নিৰ্মাণ কৰিবলৈ মাটিত দ গাত খান্দি লোৱা হৈছিল ৷
      একোটা স্হাপত্য নিৰ্মাণ কৰিবলৈ দৰকাৰ হোৱা কেঁচা সামগ্ৰীসমূহ নিশ্চয় দেশতে উৎপাদিত কৰা হৈছিল যদিও বিবিধ প্ৰকাৰৰ শিল ৰাজ্যৰ বাহিৰৰ পৰা অনাৰ কথা বুৰঞ্জীত উল্লেখ আছে ৷ আহোম যুগত নিৰ্মাণ কাৰ্যসমূহ কাৰিকৰী জ্ঞানেৰে বিচাৰ কৰি নিৰ্মাণ কৰা হৈছিল বাবেই শ শ বছৰ ধৰি এই সম্পদ সমূহ এতিয়াও অক্ষত অৱস্হাত আছে ৷ ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ হৈছে শিৱসাগৰ নামদাঙৰ ওপৰত থকা শিলৰ সাঁকোডাল ৷
       সৰু নৈ জান-জুৰিৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল একোটা প্ৰকাণ্ড শিল কাটি ৷ শিলৰ সাঁকো, ধোন্দ, পুল আদি নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী সমূহ আছিল গোটা শিল,  লঠিয়া শিল,  চেপেটা শিল,  মাটিমাহ, শল মাছ,  বৰালি মাছ, শিলচূণ,  শামমুক চূণ, চকা চূণ, গুৰ,  মিঠাতেল আৰু ধূনা ৷ সাঁকোডালৰ তলেদি পানী বৈ যাব পাৰে আৰু বোঁৱতি পানীয়ে দলংখনৰ তলটো খান্দি ক্ষতি সাধন কৰিব নোৱাৰাকৈ বিজ্ঞানসন্মত পদ্ধতিসমূহ তাংৰুং বুৰঞীত সুন্দৰকৈ লিপিবদ্ধ কৰা আছে ৷ মঠ, মন্দিৰ, দেৱাল, পানী যোৱা ধোন্দ, শিলৰ সাঁকো, মৈদাম আদিৰ দীঘ-প্ৰস্থৰ,  মাটিৰ তলত কিমান পোত খাই আছে তাৰো বিবৰণ উল্লেখ কৰা আছে ৷
            ইটা প্ৰস্তুতকৰণৰ পদ্ধতিও চাংৰুং ফুকনৰ বুৰঞ্জীত বিবৰণ কৰা হৈছে ৷ ইটাবোৰ দীঘলে-পুতলে প্ৰায় এবেগেত আৰু ডাঠ আছিল এক ইঞ্চিমান ৷ আলতীয়া মাটিৰে ইটা তৈয়াৰ কৰা হৈছিল ৷ ইটা বোৰ টান কৰিবলৈ কেঁচা মাটিৰ লগত কৰাল মিলাইছিল ৷  দৌল-দেৱালয়ৰ বাবে বিবিধ প্ৰকাৰৰ ইটা নিৰ্মাণ কৰা হৈছিল ৷ কিছুমান ইটা তেলত ভজা হৈছিল  আৰু কিছুমান ভজা নাছিল ৷ ছশ বছৰীয়া আহোম ৰাজত্বৰ কালত দেশৰ প্ৰতিৰক্ষাৰ কাৰণে প্ৰয়োজন সাপেক্ষে সময়ে সময়ে সুচল ঠাইত কৌশলগতভাৱে গড় নিৰ্মাণ কৰা হৈছিল ৷ বহিশত্ৰুৱে যাতে গড় ভেদ কৰি আহি ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাহে সুন্দৰ পৰিকল্পনা কৰা হৈছিল ৷ গড় বিলাক দ-খাৱৈ খান্দি মাটিৰে ওখকৈ নিৰ্মাণ কৰিছিল যদিও প্ৰয়োজন অনুসৰি ইটাৰে পকীকৈয়ো নিৰ্মাণ কৰিছিল ৷
আহোম যুগৰ পুখুৰীবোৰ খান্দি দ কৰা পুখুৰী নহয় ৷ পুখুৰী খন্দাৰ ক্ষেত্ৰত দীঘে-প্ৰস্হে কিমান ডাঙৰ হ'ব জ্যোতিষী, পণ্ডিত, দেওধাই, বাইলুঙৰ হতুৱাই বান চেংমৰাই নিজৰা থকা সম্ভাব্যস্হান নিৰ্বাচন কৰা হয় ৷ এনে পদ্ধতিৰে পুখুৰী খান্দিলে পানীৰ উপৰি ভাগত স্পৰ্শ কৰাৰ বাবেই ঢৌৰ সৃষ্টি কৰিব নোৱাৰে ৷ ফলত পুখুৰীৰ পাৰ খহীয়াত নপৰি স্হায়ী হৈ ৰয় আৰু জলচৰ প্ৰাণীবোৰেও ঢৌৰ প্ৰৱাহৰ পৰা মুক্ত হৈ বয় ৷ আন ঠাইত খৰালিত পানীৰ বাবে হাঁহাকাৰ হ'লেও আহোম ৰজাৰ দিনত খন্দা পুখুৰীৰ পানী কেতিয়াও নুশুকায় ৷ ইয়াৰ পৰা আমি অনুধাৱন কৰিব পাৰো যে আহোম যুগত চাংৰুং ফুকন বিষয়াই পুখুৰী খন্দাৰ আগতে মাটি পৰীক্ষা কৰি লোৱাৰ বাবেই আৰু সেই সময়ত উৎকৃষ্ট কাৰিকৰী কৌশলৰ বাবে পুখুৰীবোৰ খৰালি বা বাৰিষা একেদৰেই থাকে ৷ যি স্হানত পুখুৰী খন্দা হয় সেই স্হানত দীৰ্ঘে-প্ৰস্হে পুখুৰীৰ আকাৰ কিমান ডাঙৰ হ'ব চাৰি চুকে চাৰিটা খুঁটা পুতি কোণীয়া-কোণীকৈ ৰছি টানি আৰু পঠালিকৈল ৰছি টানি সিমান কোণ হ'ব প্ৰতিটো কোণৰ মূৰে মূৰে একোখনকৈ মাটিৰ মিঠাতেলৰ চাকি জ্বলায় থয় ৷ যিখন চাকি পানী উহঁ উদগীৰণ নুমুৱাই সেই চাৰিখনৰ খুঁটাটোক কেন্দ্ৰ কৰি পুখুৰীৰ আকাৰ নিদ্ধাৰণ কৰে ৷ এই পৰীক্ষা কাৰ্য আন্ধাৰতহে সম্পন্ন কৰে ৷ মূল উহঁৰ পৰা ৰছি টানি হাঁহচৰা পাৰৰ পৰা চাৰিভাগ কৰি চাৰি খপলাকৈ খন্দাৰ ব্যৱস্হা কৰে ৷ পুখুৰীৰ খনন কাৰ্য শেষ কৰ্,  চাৰি পাৰ সম্পূৰ্ণ হোৱাৰ পাছত পানীৰ পুঙত নাগমাৰি প্ৰতিষ্ঠা কৰা ব্যৱস্থা কৰে ৷ নাগমাৰিডালৰ গুৰিৰ পৰা আগলৈ গছৰ লতা মেৰাই যোৱাদি লুৰি কটা ৷ প্ৰতিষ্ঠা কৰা নাগমাৰিৰ লুৰিয়েদি পানীৰ পুঙৰ পৰা সহজে পানী ওপৰলৈ উদগীৰণ হৈ আহিব পাৰে ৷
        সেই সময়ত পোৰা মাটিৰ ভাষ্কৰ্যতে অতি উচ্চখাপৰ আছিল ৷ ইটা তৈয়াৰ কৰিবৰ সময়ত ফুল,লতা আদি সাঁচত মাৰি উলিয়াইছিল ৷ তাৰ ওপৰিও শিল কাঠ আদিত নানা তৰহৰ ফুল পাত খোদাই সৌন্দৰ্য বৰ্ধন কৰা হৈছিল ৷
    চাংৰুং ফুকনৰ বুৰঞ্জীত আহোম ৰাজত্বৰ কালৰ মাজভাগত পকীকৈ মৈদাম নিৰ্মাণ কৰাৰ কথা উল্লেখ পোৱা যায় ৷ পকীকৈ নিৰ্মাণ কৰা মৈদামবিলাকৰ ভিতৰত  শ থোৱা ঘৰবোৰ নিৰ্মাণ কৰোতে কাঠ ব্যৱহাৰ কৰিছিল বুলি উল্লেখ কৰা হৈছে ৷
         পানী অহা-যোৱা কৰিবৰ কাৰণে আৰু যাতায়তৰ সুবিধাৰ বাবে বৰ আলিৰ ওপৰত ৰূপহীৰ বৰধোৱা ন দুৱাৰ পকীপুল,  নাজিৰা নগৰৰ পূব দিশত ৰাজমাও পুখুৰীৰ সমীপত ৰজাপুল,  বৰআলিৰ ওপৰত মেছাগড় আৰু বগীদল পুল,  ডিমৌ চাৰিআলি পৰা নিতাই পুখুৰীলৈ যোৱাৰ পথত কমলদৈ পুল, ধোদৰ আলিৰ ওপৰত নামতি নৈৰ পকী পুল আদি নিৰ্মাণ কৰি আহোম যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যে উচ্চমানৰ আছিল সেইয়া আজিও সোঁৱৰাই আছে ৷
      বুৰঞ্জী ৰচনাৰ ক্ষেত্ৰত চাংৰুং ফুকনৰ বুৰঞ্জীৰ এক সুকীয়া গুৰুত্ব আছে ৷ অভিযান্ত্ৰিক কলা-কুশলতাৰে সমৃদ্ধ এই বুৰঞ্জীখনে ভবিষ্যতে আৰু অধিক সমল যোগান ধৰি অধ্যয়নৰ বাট মুকলি আশা কৰিব পাৰি ৷

গ্ৰন্থপুঞ্জী :
১) অসম বুৰঞ্জীৰ নতুন আলোকপাত - ২০১১,  পদ্ম বৰগোহাঁঞি, ষ্টুডেন্ট ষ্টৰচ্, গুৱাহাটী ৷
২)ইতিহাসৰ জলঙাৰে আহোম দিনত এভুমুকি - ২০১১, সম্পা: সোণাৰাম বৰুৱা,  তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰ,  শিৱসাগৰ ৷
৩)ৰুদ্ৰসিংহ ২০০৯ - অণিমা গগৈ, অসম লেখিকা সন্থা,  গুৱাহাটী ৷
৪)ঐশ্বয্যময় আহোম যুগ ২০১০,  ড° প্ৰহ্লাদ কুমাৰ বৰুৱা, বনলতা,  ডিব্ৰুগড় ৷
৫) টাই সংস্কৃতি ৰূপৰেখা,  লীলা গগৈ, বনলতা,  ডিব্ৰুগড় ৷
(লেখিকা: গ্ৰন্থগাৰিকা,দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়,  যোৰহাট)