মাদুৰি চহৰৰ ইতিহাস আৰু জয়মতীৰ আত্মত্যাগৰ কিছুু কথা — চাও ঋতুৰাজ ( চৗ চেং ফা ) ফুকন, নগাঁও


মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন গাঁও । নাজিৰা নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
মাদুৰি নামৰ উৎপত্তি :-
মাদুৰি নামৰ এবিধ বন থকাৰ বাবে ঠাইখনৰ নাম হ'ল বুলি এক কিম্বন্দতি জনসাধাৰণৰ মাজত প্ৰচলন  আছে । মাদুৰি হৈছে এবিধ চোকা ধাৰৰ ক্ষুৰ সদৃশ পাতৰ উদ্ভিদ । এই অঞ্চলৰ পূৱখণ্ডত এখন বিল আছে আৰু ইয়াৰ কাষৰ হাবিত এনে ধৰণৰ বন প্ৰচুৰ পৰিমাণে পোৱা গৈছিল । হাবিৰ মাজত ছেগা -চোৰোকাকৈ এজোপা দুজোপা প্ৰায় ৭০ বছৰমান আগলৈকে দেখা গৈছিল যদিও আজিকালি এই বন একেবাৰেই নাইকীয়া হৈ গৈছে ।
এই মাদুৰি বনেৰে সজা কঠ বৰ আপুৰুগীয়া বুলি পৰিগণিত হৈছিল । জিকিৰত এই সম্পৰ্কে উল্লেখ পোৱা যায় ----
সৰাগুৰি চাপৰি দিখৌ নৈ কাষৰি
ৰজাই বন্ধাই দিয়া মঠ।
ছকুৰি ভকতে লয় আল্লাৰ নাম
মাদুৰি বনৰে কঠ॥
মাদুৰি হৈছে আহোম ৰাজত্ব কালৰ দুখন পুৰণি চহৰৰ ভিতৰত এখন। চুহুংমুং দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত ১৪৯৭-১৫৩৯ চনৰ মাজ ভাগত দিখৌ নৈৰ উত্তৰ পাৰে দিলিহিত বুঢ়াগোঁহাই ডাঙৰীয়া সকলৰ কাৰণে বাসস্থান আৰু দিখৌনৈৰ দক্ষিণ পাৰে মাদুৰিত বৰগোঁহাই ডাঙৰীয়া সকলৰ কাৰণে স্থায়ী বাসস্থান পাতি দিয়ে। মাদুৰিত পোন প্ৰথমে কিলিংখাম বৰগোঁহাই ডাঙৰীয়াক বাসস্থান দিয়ে। মাদুৰিত প্ৰথম বাসস্থান লোৱা কিলিংখাম ডাঙৰীয়াৰ পৰা ১৭ জন ডাঙৰীয়াৰ বাসস্থানৰ পিছত বৰগোঁহাই সকলৰ প্ৰথম ৰাজমন্ত্ৰী বিষয় বাপ পোৱা লাইথেপেনা বৰগোঁহাইয়ে বাসস্থান লয়। এই মাদুৰি গাঁৱতে জন্ম গ্ৰহণ কৰিছিল জয়মতী আয়ে।
জয়মতী আই আছিল মাদুৰিয়াল লাইথেপেনা বৰগোঁহাইৰ জীয়েক আৰু তুংখুখীয়া ৰাজকোঁৱৰ ফৈদৰ গদাপাণিৰ পত্নী । এই সম্পৰ্কে কৃপানাথ ফুকনৰ মালিতাত আছিল ----
মাদুৰি চহৰত ডাঙৰ হৈ আছিলো
বৰগোঁহাই আছিলো জী।
গদাপাণি কোঁৱৰে নিলে তুংখুঙলৈ
চকলং বিয়া কৈ দি।।
লেচাই বুঢ়াগোঁহাই জীয়েক মোৰ আইতা
চন্দ্ৰদাৰু সুন্দৰী বৰ।
দেউতা হৈছিল লাইথেপেনা বৰগোঁহাই
মাদুৰি চহৰত ঘৰ।।
ৰাজমন্ত্ৰী লাইথেপেনা বৰগোঁহাই ডাঙৰীয়াৰ ২৪ জন পুত্ৰ আৰু ১৩ গৰাকী কন্যা আছিল । ইয়াৰে জয়মতী আই আছিল প্ৰথম জী । তেখেতৰ কনিষ্ঠ পুত্ৰ আছিল বিখ্যাত চকৰিফেঁটি বুৰঞ্জীৰ প্ৰণেতা নুমলী বৰগোহাঁই । মাদুৰি চহৰ বুলি কলে ৰাজমন্ত্ৰী লাইথেপেনা বৰগোঁহাই বাসস্থান আৰু কুঁৱৰীৰ জন্মস্থান বুলিয়েই বুৰঞ্জীত খ্যাত। জয়মতী আয়ে দেশৰ হকে আত্মত্যাগ কৰি অসম তথা অসমীয়া নাৰী জাতিৰ ত্যাগৰ স্বাক্ষৰ বুৰঞ্জীৰ পাতত অমৰ কৰি গ'ল।
পুৰণি কীৰ্তিচিহ্ন সমূহ :- মাদুৰিত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ সু- উচ্চ এপুৰা মাটি জুৰি এটা মৈদাম আৰু তেখেতৰ বাৰীৰ চিনমোকাম আছে ইয়াৰ উপৰিও কাষতে পত্নীসকলৰ মৈদাম আৰু পূৱ দিশত ২৫ জন পুত্ৰৰ লানিপাতি এশাৰী সৰু মৈদাম আছে । ৰাজমন্ত্ৰী লাইথেপেনা বৰগোঁহাইৰ বাসস্থানত ৰজাপুখুৰী নামেৰে এটা ডাঙৰ পুখুৰী থকাৰ উপৰিও ফুলনি পুখুৰী,মাহ-প্ৰসাদ ধোৱা পুখুৰী, নাওঁখেল পুখুৰী, ফুকনৰ পুখুৰী আছিল । কিছুমান পুখুৰীৰ চিন নোহোৱা হৈছে । মাদুৰিৰ দক্ষিণ দিশত লাইথেপেনা বৰগোঁহাইৰ ৩য় পুত্ৰ ৰামচন্দ খনিকৰ বৰুৱাই খন্দোৱা খটখটি পুখুৰী অক্ষত অৱস্থাত আছে। খটখতি পুখুৰীৰ বিপৰীতে ডিমৌ নৈৰ কাষত আহোম ৰাজত্ব কালৰ শেষ ৰাজমন্ত্ৰী মালভোগ বৰগোঁহাই বাসস্থানত ১০ বিঘা মাটি কালিৰ এটা পুখুৰী আছে ।
ধৈৰ্য্য আৰু ত্যাগ ৰ প্ৰতীক আই জাই-মতী :- গোবৰ ৰজাৰ মৃত্যুৰ পাছতেই দেবেৰা বৰবৰুৱা, আতন বুঢ়াগোঁহাই আৰু লালুকসোলা বৰফুকন ক্ষমতালোভী হৈ উঠিছিল। লালুকসোলা বৰফুকনে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাইক হত্যা কৰি চামগুৰীয়া ফৈদৰ ১৪ বছৰীয়া কোঁৱৰ চুলিকফাক ৰাজ সিংহাসনত অধিষ্ঠিত কৰায়। অতি কম বয়সতেই ৰজা হোৱাৰ বাবে চুলিকফাক ল’ৰাৰজা বুলিও কোৱা হয়। ল’ৰাৰজালৈ লালুকসোলা বৰফুকনে নিজৰ পাঁচবছৰীয়া কন্যাক বিয়া দি ক্ষমতাৰ বাঘজৰী নিজৰ হাতলৈ নিবৰ বাবে চেষ্টা কৰিছিল। সিংহাসনৰ লালসাত তেওঁ বহুতো ষড়যন্ত্ৰ ৰচনা কৰিছিল। আহোমৰ নিয়ম অনুসৰি কোনো ঘূণীয়া মানুহ ৰাজপাটত বহিব নোৱাৰিছিল। সেয়েহে লালুকসোলা ফুকনে ৰজা হ’ব পৰা সকলো ফৈদৰ ৰাজকোঁৱৰ সকলক অংগক্ষত কৰাবৰ বাবে নিজ হাতৰ পুতলাস্বৰূপ চুলিকফাৰ জৰিয়তে ব্যৱস্থা কৰে লালুকসোলাৰ আদেশত ল’ৰাৰজাই অন্যান্য ফৈদৰ সকলো কোঁৱৰকে অংগক্ষত কৰোৱালে। কিন্তু গদাপাণি কোঁৱৰক অংগক্ষত কৰিবলৈ সক্ষম নহ’ল । গদাপাণি আছিল ৰজা হোৱাৰ বাবে সকলো ফালৰপৰাই উপযুক্ত । ৰূপ-গুণ, বল-বীৰ্য সকলো দিশতেই আন সকলতকৈ তেওঁ উপযুক্ত আছিল আৰু লগতে তেওঁ ৰাজপুত্ৰৰ লগতে বৰগোঁহাইৰ জোঁৱায়েকো আছিল। গতিকে লালুকসোলাই গদাপাণিক হত্যা কৰোৱাবৰ বাবে ল’ৰাৰজাৰ নিৰ্দেশেৰে সকলো ফালৰ পৰাই ব্যৱস্থা ল’লে। এই কথা গম পোৱাত জয়মতী আইয়ে গদাপাণিক পলাই যাবলৈ অনুৰোধ কৰিছিল । প্ৰথম অৱস্থাত গদাপাণি মান্তি হোৱা নাছিল যদিও জয়মতীয়ে কাকূতি-মিনতি কৰাত আত্মগোপন কৰিবলৈ মান্তি হৈছিল। গদাপাণিক বিচাৰি নাপাই বৰফুকনৰ মানুহে এদিন জয়মতীক ৰাজচ’ৰালৈ মতাই আনিছিল। গদাপাণি ক’ত গ’ল সেই বিষয়ে সোধা-পোছা কৰিলে। কিন্তু জয়মতীয়ে নিজ স্বামীৰ বিষয়ে একোৱেই নক’লে। সেয়েহে জয়মতীক বন্দীশালত বন্দী কৰি ৰখা হ’ল। পাছদিনা বন্দীশালৰপৰা আনি ন্যায়সোধা বৰফুকনৰ সন্মুখত
জয়মতীক গদাপাণি সম্পৰ্কে বাতৰি সুধিলে। জয়মতীয়ে তেতিয়াও একো নক’লে। এই কথাত লালুকসোলা বৰফুকনৰ আদেশত চাওদাং হতুৱাই জয়মতীক বন্দী কৰি জেৰেঙা পথাৰলৈ লৈ গ’ল। তাৰ পাছত জয়মতীৰ মুখেৰে গদাপাণিৰ বাতৰি উলিয়াবৰ বাবে এটাৰ পাছত এটাকৈ বহুতো অমানুষিক অত্যাচাৰ চলি গ’ল। কাঁইটীয়া গছৰ আঁচোৰত আইৰ গা তেজেৰে ৰাঙলী হ’ল। সৌকা আৰু চমটাৰ কোবত গাৰ কাপোৰ-কানি ফাটি চিৰাচিৰ হ’ল। তথাপিও নিজ স্বামীৰ বিষয়ে জয়মতীয়ে এষাৰো মাত নামাতিলে । গাত উতলা পানী ঢালি দিয়া হ’ল, চোৰাত পাত লগাই দিয়া হ’ল।  য'ত যিমান শাস্তি দিলেও নিজ স্বামীৰ বিষয়ে একোৱেই নামাতিলে ।
এদিন দুদিনকৈ শাস্তি দিয়া তেৰটা দিন হ’লগৈ। দিনৰ পাছত ৰাতি আৰু ৰাতিৰ পাছত দিন সেই একেঠাইতেই আইয়ে বিভিন্ন দুখ-যন্ত্ৰণাৰে অতিক্ৰম কৰিলে। নানা শাস্তি ভোগ কৰিলে। ফলত আইৰ দেহত বল-শক্তি বুলিবলৈ একো নোহোৱা হ’লগৈ। তেওঁৰ অৱস্থা এনেকুৱা হৈছিলগৈ যে বাটৰুৱায়ো দেখি চকুলো  টুকিছিল। সৰ্বশৰীৰ ক্ৰমে তললৈ হাওলি পৰিছিল। আইৰ ওচৰত শুনা গৈছিল কেৱল কেঁকনি-গেঁথনি আৰু দীঘল দীঘলকৈ অতি কষ্টেৰে লোৱা উশাহ-নিশাহৰ শব্দ। শাস্তিৰ চৈধ্য নম্বৰ দিনটোত ৰাতিপুৱা বেলা জয়াই কেইটামান দীঘল দীঘল উশাহ লৈছিল আৰু দুধাৰি চকুলো দুগালেৰে বৈ গৈছিল। এয়ে আছিল তেওঁৰ অন্তিম সময়। এনেকৈয়ে
আইয়ে সকলো অত্যাচাৰ মূৰ পাতি লৈ নিজৰ মৃত্যুক হেলাৰঙে আঁকোৱালি লৈছিল । এইদৰেই আইয়ে দেশৰ মংগল আৰু স্বামীৰ জীৱন ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি মহীয়সীৰ চানেকি দি থৈ গ’ল। দেশ প্ৰেমৰ এনে আদৰ্শ সমগ্ৰ বিশ্বতে বিৰল।
জয়া আইৰ ত্যাগ অথলে নগ’ল । তেওঁৰ মহান ত্যাগৰ ফলতেই ১৬৮১ খ্ৰীষ্টাব্দত গদাপাণিয়ে গদাধৰ সিংহ নাম লৈ ৰাজপাটত উঠিল আৰু অসমৰ সংকটৰ কালৰো অৱসান ঘটিল। তেওঁৰ ত্যাগৰ আদৰ্শ আৰু স্মৃতি আমাৰ মাজত সদায় জীয়াই থাকিব ।.              
                                          তথ্য সংগ্ৰহ :-                                   ক) অসম বুৰঞ্জী ।।                         খ)  নাংফা উপন্যাস।।                     গ)