বৰ্তমানৰ প্ৰেক্ষাপটত তাই আহোমৰ স্বকীয়তা ৰক্ষাত সমস্যা আৰুু সমাধান — নাং ধৰিত্ৰী গগৈ ফুকন, জজলী লেচাই হাবি



বিভিন্ন পাকচক্ৰত পৰি আহোমসকলে  এসময়ত পৰধৰ্ম গ্ৰহণ কৰিলে । নিজৰ ধৰ্মনীতিও সম্পূৰ্ণৰূপে  বিসৰ্জন নিদিয়াকৈ দুয়োটা নীতিৰে চলি আহি আমি আজিৰ অৱস্থাত উপনীত হলোহি ।  বহুতেই ধৰ্মান্তৰিত হোৱা বুলি কব বিচাৰে   যদিও ইয়াৰ মাজতে  আহোমৰ মলুঙ ফৈদ তিনিটাই  বিভিন্ন প্ৰতিকুলতাৰ মাজতো নিজৰ নীতি-নিয়ম বিসৰ্জন নিদিয়াকৈ আহোমৰ স্বকীয় পৰম্পৰা আজিও জীয়াই ৰাখিছে  । অৱশ্যে শেহতীয়াকৈ  তেওঁলোকৰ মাজৰে বহুতে  হিন্দু-বৈষ্ণৱ-কৃষ্ণগুৰু-বৌদ্ধ  আদি ধৰ্মতো  দীক্ষিত হোৱা পৰিলক্ষিত হৈছে ।

          এই  বিভিন্ন ধৰ্মৰ অনুগামী হৈয়ো আহোমসকলে নিজৰ পূৰ্বধৰ্মটো এৰিব পৰা নাই । জন্মান্তৰবাদত বিশ্বাসী সকলো ধৰ্মতকৈ আহোমৰ দৰ্শন  বেলেগ । এই দৰ্শন অনুসৰি কোনো কাল্পনিক দেৱ-দেৱী নাই , স্বৰ্গ-নৰক-বৈকুন্ঠ বুলি একো স্থান নাই ,  সকলো বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত । এজন মানুহ মৃত্যুৰ পাছত ক'তো পুনৰ জনম নলয় ,স্বৰ্গ-নৰক-বৈকুন্ঠলৈয়ো নাযায়  । মানুহজনৰ শৰীৰটোহে  মৃতৰূপ পায় ,আত্মাটো  “ডাম” হৈ অদৃশ্যৰূপত ঘৰখনৰ ৰান্ধনীঘৰত স্থিতি লৈ থাকে । সেয়েহে বছৰৰ বিহু তিনিটাত , কিবা উৎসৱ-পাৰ্বন আৰু আপদ-বিপদৰ সময়ত তেওঁলোকৰ সোঁৱৰণ কৰা হয় । যদিও এই সোঁৱৰণ কাৰ্য্যক বহুতে অন্ধবিশ্বাস বুলি  কটু  সমালোচনা কৰে  , ইয়াৰ আচল উদ্দেশ্য সেয়া নহয় । কাৰণ , সমাজৰ-দেশৰ-ৰাজ্যৰ বাবে অৱদান আগবঢ়োৱাজনক গোটেই দেশে সোঁৱৰণ কৰে , কিন্তু আমাৰ পূৰ্বপুৰুষে তেনে অৱদান আগবঢ়াব নোৱাৰিলেও  আমাৰ জন্মৰ উৎস তেওঁলোক । তেওঁলোকক আমি সোঁৱৰণ নকৰিলে আনে কৰি নিদিয়ে ।

         শঙ্কৰী-ভাগৱতীয়া  হৈ থকাসকলেও মৃতকৰ নামত  বছেৰেকীয়া চাউলখোৱা-কীৰ্তন পাঠ আদি নপতা নহয় । ইয়াৰদ্বাৰা তেওঁলোক যে সম্পূৰ্ণৰূপে  আহোম এৰিব পৰা নাই এয়া বুজিব পৰা যায় । এনেস্থলত  আহোম হৈ থকা বুলি বুজাবলৈ একো নতুন নিয়ম আদৰি লৈ দেখুৱাব নালাগে ; তাৰসলনি  ঘৰখনত প্ৰচলন হৈ থকা অনা-আহোম নিয়মবোৰ লাহে লাহে বিসৰ্জন দি যাবলৈ চেষ্টা কৰা উচিত  । তাৰোপৰি দূৰ্গা-কালী-লক্ষ্মী পূজা ,দেৱালী , শিৱৰাত্ৰি , হোলি ,জন্মাষ্টমী ,ৰাস  আদিৰদৰে  উৎসৱবোৰ বৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে । এনেবোৰ উৎসৱ-অনুষ্ঠান বছৰত এবাৰকৈহে আহে । গতিকে  বৰ্জন কৰিবলৈ বিশেষ অসুবিধা নহব যেন আমাৰ অনুভৱ হয় । কিন্তু    দৈনন্দিন ব্যৱহাৰ্য্য  সেন্দুৰ  ব্যৱহাৰ কৰাৰ মোহ এৰিব নোৱাৰিলে  বাকী ভাষা- ধৰ্ম-পৰম্পৰা যিমানেই প্ৰচাৰ-প্ৰসাৰ নহওক  , বিশেষ পৰিবৰ্তন দৃষ্টিগোচৰ  নহ'ব ।

         সেন্দুৰ লোৱা-নোলোৱাতো  মহিলা-সম্পৰ্কীয় স্পৰ্শকাতৰ বিষয় । সেয়ে মহিলাসকল এই ক্ষেত্ৰত  আগবাঢ়ি আহিব লাগিব । পুৰুষে সেন্দুৰ লোৱাগৰাকীক  নলবলৈ জোৰ কৰাতো অনুচিত ; একেদৰে নোলোৱাগৰাকীক  লবলৈয়ো বাধ্য কৰিব নালাগে । এৰা-ধৰা ,বুজা-বুজিৰে  সমস্যাটো সমাধান কৰিব লাগে ।

       যিসকল  আহোম ব্যক্তিয়ে  আহোম বুলি সকলো দিশতে ভাষা-সংস্কৃতি-পৰম্পৰাৰ পুনৰুত্থান হোৱাতো বিচাৰে তেওঁলোকে  সেন্দুৰ বৰ্জনৰ বিৰোধিতা কৰাতো গ্ৰহণযোগ্য  নহয় বুলি অনুভৱ হয় ।

    এটা কথা দেখি আমি সুখী অনুভৱ কৰিছোঁ   যে এই সংযোগ মাধ্যমবোৰ হোৱাৰপৰা নতুনকৈ  বহুতে আহোমৰ সংস্কৃতি-পৰম্পৰাৰ বিষয়ে জানিব পাৰিছে । বহুতে আকৰ্ষিতও হৈছে আৰু পুনৰ পুৰণি পৰম্পৰালৈ ঘূৰি অহাৰ প্ৰয়াস কৰিছে । এয়া অতি ভাল লক্ষণ । কিন্তু সেইবুলি যিসকলে এতিয়াও কথাবোৰ বুজি পোৱা নাই সেইসকলক কটু ভাষাৰে ক'লে তেওঁলোকে আকৰ্ষিত হোৱাৰ সলনি বিৰূপ ভাৱহে লব । তাৰোপৰি নতুন প্ৰজন্মই নিজৰ পৰম্পৰাক আকোঁৱালি লবলৈ আহিছে যদিও ঘৰখনৰ জেষ্ঠসকলক সলনি কৰিব নোৱাৰিবও পাৰে । ঘৰখনৰ শান্তি অটুত ৰখাৰ স্বাৰ্থত অনিচ্ছাকৃতভাৱে হ'লেও তেওঁলোকৰ কাৰ্য্যত সহযোগ কৰিবলগা হয় । তেনে এটা দোমোজাত অৱস্থান কৰি থকা ব্যক্তিসকলক আমি সমালোচনা কৰিলে তেওঁলোক মানসিকভাৱে ভাগি পৰিবও পাৰে আৰু শেষত পৰিয়ালৰ স্বাৰ্থক আগস্থান দি এইখন ক্ষেত্ৰৰপৰা আঁতৰি যাবলৈয়ো কুন্ঠাবোধ নকৰিব ।
        আমাৰ মানুহবোৰৰ মনে-প্ৰাণে-দেহে-ৰন্ধ্ৰে  হিন্দু-শঙ্কৰদেৱৰ ধ্যানধাৰণাই খোপনি পুতি আছে । তেওঁলোকৰ আগত আমি যদি হিন্দু-শঙ্কৰদেৱৰ নিন্দা কৰোঁ তেওঁলোকে বাৰু সহজে পতিয়ন যাবনে ? দৰাচলতে যিকোনো ক্ষেত্ৰতে আনৰ ধৰ্মসংস্কৃতিক নিন্দা কৰাটো দোষণীয় ।  তাই আহোমৰো কিছুমান উন্নত আৰু বাস্তৱসন্মত পৰম্পৰা আছে , যিবোৰৰ বিষয়ে আমি অধ্যয়ণ কৰি মানুহক বুজাব পাৰিব লাগিব ৷   শঙ্কৰদেৱৰ আহোমৰ প্ৰতি পোষণ কৰা নেতিবাচক দিশ সমূহ ভালদৰে সমাজৰ আগত ফঁহিয়াই দেখুৱাব পাৰিব লাগিব ৷ তেতিয়া ব্যক্তিজনৰ  লাহে লাহে শঙ্কৰদেৱৰ প্ৰতি আনুগত্য কমি আহিব আৰু তেওঁ নিজেও আন দহজনক আহোমৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা আৰম্ভ কৰিব ।
      সীমিত সংখ্যক মহিলা বা গাভৰুৰ বাহিৰে এই সংগ্ৰামখনৰপৰা মহিলা সমাজ আঁতৰি আছে । যদি মহিলাসকলক কিবা প্ৰকাৰে জড়িত কৰিব পৰা যায় তেন্তে আৰু বেছি সফলতা আশা কৰিব পৰা যাব । আমি সেইবিষয়ে উপায় চিন্তা কৰিব লাগিব ।