জয়া — চাও প্ৰিয়াংক্ষু ফুকন, বকতা



জয়া.....!
জয়া……!
উচুপি উঠো কেতিয়াবা তোক বিচাৰি

জয়া তই সঁচাকৈ মহীয়সী ,
সঁচাকৈ নিদৰ্শনীয় তোৰ প্ৰেম

জয়া;;;
কেনেকৈ সহ্য কৰিছিলি ইমান বিষ!!!
নৰপিশাচ কেইতাৰ আগত এবাৰো নিজৰ কথা নাভাবিলি?,
ভাবিছিলি কেৱল নিজৰ দেশ,নিজ জাতিৰ কথা৷
কেৱল তই সহ্য কৰি গৈছিলি,সহ্য কৰি গৈছিলি…………অসহনীয়ভাবে…
,

কিন্তু আজিৰ দিনত এইয়া কি?
কিয় তোৰ দৰে হব নোৱাৰে কোনো!
সত্য,সাহস আৰু প্ৰেমৰ নিদৰ্শন তই
তই আকৌ ঘূৰি আহ জয়া
তোক হাজাৰ অসমীয়াই আজিও বিচাৰে,
তোৰ দৰে সাহসী হব বিচাৰে৷
কিন্তু…
তোৰ দৰে কোনেও নিজক
জাঁহ দিব নোখোজে
মহীয়সী হোৱাৰ সাহস আজি কাৰো নাই…
,
বাহিৰত সৌৱা শত্ৰুৰ কিৰিলি ……
ভাঁহি আহিছে সিহঁতৰ চিঞৰ……
অসহ্য হৈ পৰিছো সিহঁতৰ দাৱানলত,
সিহঁতৰ সৈতে যুঁজিবলৈ আজি কোনো ওলাই নাহে
আজি তই যুদ্ধা হ'ব লাগিব জয়া
সতীৰ পোছাক খুলি পেলা জয়া…
,
তোৰ তেজ থকা আহোমবোৰ আজি টোপনিত
ব’ল জয়া , শত্ৰুৰ সৈতে আমি যুঁজিম
জাতিৰ তেজ গাত থকালৈকে যুজিম
তোৰ তেজ থাকিলে সিহঁত আহিবই লাগিব
শত্ৰুৰ সৈতে যুঁজিবই লাগিব
সাহসী হব লাগিব…
,
জয়া……
জয়া……
কেনেকৈ সহ্য কৰিছিলি ইমান বিষ
উচুপি উঠো কেতিয়াবা তোক বিচাৰি৷