বিস্মৃতিৰ গহ্বৰত তলাতল ঘৰৰ অৱৰুদ্ধ সুৰংগপথ — চাও ইন্দ্ৰ গগৈ


              স্থাপত্য আৰু ভাষ্কৰ্যই একোটা জাতিৰ শিল্প-কলা তথা সভ্যতা সংস্কৃতিৰ পৰিচয় বহন কৰে ৷ আহোম যুগৰ স্হাপত্য-ভাস্কৰ্যসমূহেও অমমীয়া জাতিটোক আজিও পৃথিৱীৰ জাতি সমূহৰ মাজত নিজস্ব পৰিচয় দাঙি ধৰিব পৰাকৈ সমৃদ্ধ কৰি ৰাখিছে ৷ হাঁহ কণী,  বৰালী মাছ,  মাটিমাহ আদি মিশ্ৰণেৰে তৈয়াৰ কৰা কৰালেৰে নিৰ্মাণ কৰা পুৰণি ৰংঘৰ,  কাৰেংঘৰ,  তলাতল ঘৰ তদুপৰি দ'ল দেৱালয় আদিয়ে আজিও অতীত - অসমৰ গৌৰৱৰ কথা সোঁৱৰায় ৷ খনিকৰ,  বাঢ়ৈয়ে তেওলোকৰ শিল্পী মনৰ নিখুঁট অভিব্যঞ্জনাৰে নিৰ্মাণ কৰি উলিওৱা এই  স্হাপত্য কলাই মানুহক আজিও আকৰ্ষিত কৰি আহিছে ৷
            আহোম যুগৰ সেই উন্নত স্হাপত্য শিল্পী সমূহৰ অন্যতম হ'ল গড়গাঁৱৰ কাৰেংঘৰ আৰু ৰংপুৰৰ তলাতল ঘৰ ৷ ১৭৬৫ খ্ৰীঃত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ঘনশ্যাম খনিকৰৰ তত্বাৱধানত শিৱসাগৰৰ ওচৰৰ ৰংপুৰত তলাতল ঘৰ সজাইছিল ৷ পদ্মনাথ গোহাঞি বৰুৱাৰ অসম বুৰঞ্জীত উল্লেখ থকা মতে ---- আহোম সম্ৰাটৰ এই ভূতলীয়া কাৰেং বা তলাতল ঘৰ এটা সাত মহলীয়া অদ্ভুত কৌশলৰ পকী ঘৰ ৷ ইয়াৰ সমতলত এতলা,  ওপৰে তিনিতলা আৰু তললৈ তিনিতলা ৷ সমথলৰ তলাত সোমাই বাওঁ পাকে ঘূৰিলে সোঁ দুৱাৰেদি ওপৰ তিনিতলা আৰু তললৈ তিনি তলা ৷ সমতলৰ তলাত সোমাই বাওঁ পাকে ঘূৰিলে সোঁ পাকে সোঁ দুৱাৰেদি ওপৰ তিনি তলালৈ উঠা যায় আৰু সোঁ পাকে বাওঁ দুৱাৰেদি তলৰ তিনিতলালৈ নমা যায় ৷ সোমাই গৈ আকৌ নামিবৰ আৰু উঠিবৰো সুকীয়া দিহা আছে , দৈবাৎ  দিহা হেৰালে ৷ সোমোৱা মানুহে ওলাবলৈ সতকায় দিহা নাপায়, পাক ঘূৰণি খাই,  চক্ৰবেহুত ঘূৰাদি ঘূৰি থাকে ৷ কোনো অনাভুৱা মানুহে কেতিয়াবা ওলাবলৈ বিচাৰি  সোমাইহে যায় আৰু সোমাবলৈ বিচাৰি ওলাইহে আহে ৷ তলৰ তৃতীয় তলাৰ পৰা পূব মুখে এটা পাতালী নলা দিখৌ নৈত ওলাইছিলগৈ,  উদ্দেশ্য,  কোনো শত্ৰুৰ আক্ৰমন এৰাবলৈ হ'লে সেই সুৰঙ্গইদি ৰজাই ওলাই গুচি যাব পাৰে ৷এনে অদ্ভুত কৌশলৰ ঘৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় নাই ৷ ই পৃথিৱীৰ অষ্টম আচৰ্যৰ বস্তৰ লেখত পৰিবৰ যোগ্য আছিল ৷
           কাৰেঙৰ সভাথলত মজিয়াৰ সমানে পূৰ্বলৈ উত্তৰা - দক্ষিণাকৈ দীঘে নকুৰি হাত, পথালিয়ে তিনিকুৰি হাত পৰিমাণৰ এটা সুদীৰ্ঘ প্ৰকাণ্ড ১৮ খোটলীয়া পকীঘৰ তাত ৰজাৰ গা-চোৱা লিগিৰা আৰু সৈন্যদল থকাৰ সুবিধা আছিল ৷ ইমূৰৰ পৰা সিমূৰলৈ পৰীয়াই পহৰা দিয়া এটা দীঘল বাটে সোঁমাজে দুফাল কৰি ঘৰটো ৩৬ খোটলীয়া কৰিছে ৷ হঠাৎ আক্ৰমণকাৰী শত্ৰুৱে এই ঘৰৰ উৱাদিহ নাপাই উলটি নিজে ধৰা দিয়েগৈ ৷ এতিয়া পুৰণি ৰংপুৰত সেই বিতুপন ৰাজগৃহৰ ভগ্নাৱশেষ মাথোন ৰৈছেগৈ ৷"
              অতি বিশাল এই তলাতল ঘৰৰ তলৰ মহলা কেইটাত ঘোঁৰাশাল, গুদামঘৰ,  লিগিৰিঘৰ পূজাঘৰ আদি আছিল ৷ তদুপৰি বৰ চৰাঘৰ,  দেউ ঘৰ , ৰজা আৰু ৰাণী সকলৰ শোৱনী কোঠা,  পালীঘৰ,  বেজৰ ঘৰ, মৰং ঘৰ,  বৰ ঘৰ আদি বিভিন্ন কোঠালী আছিল ৷ ৰংপুৰ নগৰৰ প্ৰায় তিনিকিলোমিটাৰ মান পৰিসীমাৰ এটা গড়ে তলাতল ঘৰটো ঘেৰি আছিল ৷ এই প্ৰসাদলৈ সোমাই যোৱাৰ পথত ন-দুৱাৰ, বৰদুৱাৰ,  পানী দুৱাৰ,  লিগিৰী দুৱাৰ, নাচনী দুৱাৰ,  গোঁসাইফলীয়া দুৱাৰ,  কমলা বৰীয়া দুৱাৰ,  দ্বৰীকা দুৱাৰ অাদি বিভিন্ন দুৱাৰ আছিল ৷ এই তলাতল ঘৰৰ ওচৰতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা গোঁসাই ঘৰ এতিয়াও আছে ৷ এই  ঘৰলৈ কমলাবৰীয়া বা গোঁসাই ঘৰীয়া দুৱাৰেদি মহন্ত সকল সোমাই আহিছিল আৰু ৰজাক আৰ্শীবাদ - নিৰ্মালী দিছিল ৷ তলাতল ঘৰৰ কাষতে নিৰ্মান কৰা " সোণত তোলা পুখুৰী' লৈ জয়সাগৰৰ পৰা পানী যোগান ধৰিবলৈ পকী নলাৰ ব্যৱস্হা কৰা হৈছিল ৷  বয়োবৃদ্ধসকলৰ মুখে শুনামতে মানৰ আক্ৰমণৰ সময়ত ৰজাঘৰীয়া মানুহে হেনো সোণ-ৰূপৰ বহুমূলীয়া আ-অলংকাৰ আৰু অন্যান্য সা-সম্পদ সমূহ সেই পুখুৰীৰ দলিয়াই পেলাই থৈ নিজৰ জীৱন ৰক্ষাৰ বাবে দিহিঙে- দিপাঙে পলাই যায় ৷ পাছৰ কালত মানুহে সেই  কথা গম পাই জাকৈ-জালুকী মাৰি পুখুৰীৰ পৰা সেইবোৰ তুলি আনে  ৷ সেইবাবে সেই পুখুৰীৰ নাম সোণতলা পুখুৰী হ'ল বুলি কয় ৷

আহোম ৰাজত্বৰ আন এটি উৎকৃষ্ট স্হাপত্য হ'ল -- গড়গাৱৰ  কাৰেংঘৰ  ৷ বহু বছৰ ধৰি এই গড়গাৱতেই আহোম ৰাজধানী আছিল ৷ ইয়াত থকা ৰজাসকলৰ কাৰেংঘৰ সেই সময়ৰ উৎকৃষ্ট স্হাপত্য শিল্পৰ অন্যতম নিৰ্দশন ৷ কাৰেংঘৰ হ'ল এটি আহোম শব্দ ৷ 'কা' মানে নাচনী ছোৱালী আৰু 'ৰেণ্' মানে ঘৰ ৷ অৰ্থাৎ আহোম ৰজা সকলৰ আমোদ-প্ৰমোদৰ বাবে সজা প্ৰসাদ ৷ এই প্ৰসাদত বহি ৰজা আৰু সভাদত বৰ্গই নৃত্য-গীত উপভোগ কতৰিছিল ৷ মূল কাৰেংঘৰক কেন্দ্ৰ কৰি আন আন ঘৰ যেনে - হোলোং ঘৰ,  পাট ঘৰ,  শিঙৰি ঘৰ, কুঁজি ঘৰ, পালি ঘৰ আদি আছিল ৷ প্ৰথমতে কাঠেৰে কাৰেংঘৰ সজা হৈছিল যদিও পাছলৈ স্বৰ্গদেউ সিংহই ইয়াক পকী কৰি সাজি উলিয়ায় ৷ তেওঁৰ দিনত ৰংপুৰতেই ৰাজধানী আছিল যদিও বহু প্ৰশাসনীয় কাম কাজ গড়গাৱৰ কাৰেংঘৰৰ পৰাই চলাইছিল ৷ এই ৰাজকাৰেংটো সাত মহলাৰ এটা বিতোপন ঘৰ ৷ বৰ্তমান তিনিমহলা মাটিৰ তলত পোত গৈ আছে আৰু বাকী চাৰিটা ওপৰত আছে ৷ এই কাৰেংঘৰৰ একেবাৰে তলৰ মহলাৰ পৰা এটি গুপ্ত সুৰংগ ৰংপুৰৰ তলাতল ঘৰেদি দিখৌ নৈলৈকে আছিল ৷ সেই সুৰংগই দি ৰজা বা ৰাজ পৰিয়ালৰ লোকে বিশেষ পৰিস্হিতি সাপেক্ষে আহ-যাহ কৰিছিল ৷ কাৰেংঘৰটোৰ ওপৰৰ মহলাকেইটাৰ কিছুমান অংশ ভূমিকম্পৰ ফলত খহি পৰে আৰু কিছু অংশ ব্ৰিটিছৰ দিনতে ক্ষতিগ্ৰস্ত হয় ৷ আনহাতে একেবাৰে তলৰ দুমহলালৈ যাব পৰা দুৱাৰ আৰু সুৰংগ পঠটো ব্ৰিটিছৰ দিনতেই শিল,  ইটা দি বন্ধ কৰি পেলোৱাত অৱধি সেই সুৰংগ পথ বন্ধ হৈ আছে ৷
          ছশ বছৰীয়া আহোম ৰাজত্বৰ ইতিসাহ এফালে যিদৰে শৌৰ্য-বীৰ্য, স্হাপত্য-ভাস্কৰ্য আদিৰে জাতিস্কাৰ আছিল আনফালে নানা ঘাট-প্ৰতিঘাট,  বিদ্ৰোহ-বিসম্বাদ,  যুদ্ধ-বিগ্ৰহ আদিৰেও পৰিপূৰ্ণ আছিল ৷১৮২৮ চনত চাওলুং ছ্যুকাফাই ম্যুং-দুন ছুন-খামত প্ৰৱেশ কৰি প্ৰৱল নেতৃত্ব আৰু বিৰল ব্যক্তিত্বৰে সাতৰাজ মাৰি এক ৰাজ কৰা আহোম ৰাজ্যখন ১৮২৬ খ্ৰীঃলৈ বৰ্তি আছিল ৷ ছ্যুকাফাকে আদি কৰি ভিন ভিন সময়ত একাদিক্ৰমে শাসন চলোৱা ৩৯ জনা স্বৰ্গদেউৰ অধিনত পৰিচালিত হোৱা আহোম ৰাজ্যখন ইতিহাসৰৰ ছশ বছৰীয়া কালছোৱাত নানা ৰাজনৈতিক,  উত্থান পতন হৈছিল যদিও ৰাজনৈতিক শাসন ব্যৱস্থা আনৰ হাতলৈ যোৱা নাছিল ৷ দেশৰ আভ্যন্তৰীণ কন্দল আৰু বিদ্ৰোহ পৰিণতিত দেশলৈ মান আনি দেশৰ শাসন ব্যৱস্থা আৰু জনসাধাৰণক অত্যাচাৰ উৎপীড়নেৰে অসহনীয় কৰি তোলাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখন অস্হিৰ হৈ পৰিল ৷ এনে অৱস্হাৰ পৰা পৰিত্ৰাণ পাবলৈ পুনৰ এনে এক বিদেশী শক্তিক আমন্ত্ৰণ কৰা হ'ল ৷ ইতিমধ্যে বেপাৰ-বাণিজ্য বেহাবলৈ ভৰতলৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিজ অধিপত্য বিস্তাৰ কৰাৰ সময়তে অসমৰো শাসনভাৰ পাবলৈ সুযোগ পালে ৷ অসমৰ পৰা মানখেদাৰ নামত অসমৰ বৰপীৰাত বহি লোৱাৰ ফলত সাতাম পুৰুষীয়া অসমীয়া সংস্কৃতি আৰু প্ৰশাসনীয় পৰম্পৰাৰ বজ্ৰাঘাত পৰিল ৷ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ শাসন ভাৰ ব্ৰিটিছৰ হাতলৈ যোৱাৰ লগে লগে ছশ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল অধ্যায়ৰ অন্ত পৰে ৷

এনে অপ্ৰত্যাশিত পৰিঘটনাৰ ফলত স্বাধীনচিতিয়া অসমীয়া সকল মৰ্মাহত হৈ পৰিল ৷ ব্ৰিটিছৰ অপৰিচিত শাসনব্যৱস্হা আৰু আচহুৱা আচৰণে অসমীয়া মানুহক অস্তিত্ব কৰি তুলিলে ৷ ফলস্বৰূপে বঙালৰ শাসনভাৰ ওফৰাবলৈ বহুজনে বিদ্ৰুহ আচৰিবলৈ ধৰিলে ৷ গোমধৰ কোঁৱৰে প্ৰথমে এই বিদ্ৰোহৰ সূচনা কৰিলে ৷ গোমধৰ কোঁৱৰৰ লগত কান্দুৰা ডেকা ফুকন,  ধৰ্মধৰ মন্ত্ৰী,  পিয়লি ফুকন,  নুমলি গোহাঁই,  চিকন ঢেকিয়াল ফুকন, লাবৰ বকতিয়াল বৰুৱা,  লাহৰী, মনোমতী আদি নানান খ্যাত-অখ্যাত  বীৰ-বীৰঙ্গনাই যোগ দিলে ৷ গোমধৰ কোঁৱৰে আনকি নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল ৷ পিছে গোমধৰ কোঁৱৰক লেফটেনেন্ট ৰুথাৰ ফ'ৰ্দে সোনকালেই দমন কৰে ৷ তেওঁক কৰায়ত্ব কৰি সাত বছৰ কাৰাদণ্ড বিহে ৷  বাকী সকলো ব্ৰিত্ৰিছ প্ৰশাসনে কৰায়ত্ব কৰিবলৈ বিছাৰি ফুৰে ৷ বিদ্ৰোহী সকলে আঁচনি কৰিছিল যে ৰংপুৰৰ খাৰঘৰত জুই দি বগা বঙালক খেদি দেশখন স্বাধীন কৰিব ৷ সেইমতে ১৮৩০ খ্ৰীঃৰ ২৫ মাৰ্চ তাৰিখে ৰংপুৰৰ সৈণিক ছাউনিত জুই লগাই দিলে কিন্তু দুৰ্ভাগ্যবশতঃ চিকন ঢেকিয়াল ফুকনৰ বাহিৰে বাকী আটাই কেইজন বিদ্ৰোহীয়েই ব্ৰিটিছ সৈন্যৰ হাতত ধৰা পৰি গ'ল ৷ নিউভিল চাহাবৰ বিচাৰৰ আদালতে পিয়লি ফুকন,  জীউৰাম দুলীয়া বৰুৱা,  ৰূপচান্দ কোঁৱৰ,  দেউৰাম দিহিঙ্গীয়া ডেকা, বৌম চিংফৌ আৰু হৰনাথক ফাঁচীৰ হুকুম দিয়ে৷ কিন্তু পিছত চেৰাপুঞ্জীত বহা কমিছনাৰ আদালতে পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক মূল দেশদ্ৰোহী বুলি ফাঁচীৰ হুকুম বাহাল ৰাখি বাকীসকলক নিৰ্বাসন দণ্ড দি তেওঁলোকৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰে ৷ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাই হাঁহি হাঁহি ফাঁচী কাঠত উঠি নিজ জন্মভূমিৰ মুক্তিৰ বাবে জীৱন বিসৰ্জন দিলে ৷ আনহাতে সেই বিদ্ৰোহৰ অন্যতম বিদ্ৰোহী চিনক ঢেকীয়াল ফুকন তেতিয়লৈ ধৰা নপৰাকৈ বাচি আছিল আৰু তলে তলে বিদ্ৰোহ সক্ৰিয় কৰাৰ কামত লাগি আছিল ৷ চিকনে বিদ্ৰোহ পৰিচালনাৰ বাবে নিৰাপদ ঠাই হিচাপে বাছি লৈছিল ৰংপুৰৰ তলাতল ঘৰ ৷ সন্যাসী বেশেৰে তাৰ পৰাই তেওঁ বিদ্ৰোহৰ কাম কাজ চলাই আছিল ৷ পিছে ব্ৰিটিছৰ শেনচকুৰ পৰা তেওঁ বেছিদিন সাৰি থাকিব নোৱাৰিলে ৷ তলাতল ঘৰৰ সুৰঙ্গত লুকাই থাকি বিদ্ৰোহী কাম কাজ চলাই থাকা চিকন ঢেকিয়াল ফুকনক ব্ৰিটিছ চোৰাংচোৱাই চিনাক্ত কৰিলে আৰু তেওঁক ধৰিবৰ বাবে ব্ৰিটিছ সৈন্যই খেদি গ'ল ৷ চিকনক ব্ৰিটিছৰ সৈন্যই খেদি যোৱা দেখি তেওঁ তলাতল ঘৰৰ তলৰ মহলালৈ নামি অকাই-পকাই চাল খেলি খেলি গৈ থকাত সৈণ্য বোৰেও তেওঁৰ পিছে পিছে গৈ একেবাৰে সুৰঙ্গৰ মুখ পালেগৈ ৷ শত্ৰুক নিচেই ওচৰতে দেখা পাই চিকন বিমোৰত পৰিল ৷ নিৰুপায় হৈ সৈন্যাসীৰ জোলোঙাৰ তলত লুকুৱাই থোৱা বন্ধুক উলিয়াই শত্ৰুলৈ বুলি গুলি এৰিলে ৷ মূহূৰ্তৰ ভিতৰতে সুৰঙ্গ কঁপাই দুয়ো পক্ষৰ মাজত গুলিয়া গুলি চলিবলৈ ধৰিলে ৷ ব্ৰিটিছ সৈণ্যৰ গুলিৰে চিকনৰ বুকু ভেদ কৰিলে ৷ এনেতে সুৰঙ্গত পোহৰ নাইকিয়া হৈ পৰাত ঘোৰ অন্ধকাৰৰ মাজত সৈন্যবোৰে কোনো উৱাদিহ নাপায় খুণ্ডা-খুণ্ডি খাই চিঞৰ বাখৰ কৰিবলৈ ধৰিলে ৷ সিহঁতে সুৰঙ্গৰ পৰা ওলোৱাৰ বাট বিচাৰি নাপাই তাতেই মৃত্যু ঘটিল ৷ আনফালে তলাতল ঘৰৰ ওপৰত পহৰাৰত আন আন সৈন্য আৰু চাহাববোৰে ছদিনলৈ অধিক উৎকন্ঠাৰে বাট চাইও যেতিয়া লগৰবোৰ ওলাই নাহিল তেতিয়া সিহঁতে তলাতল ঘৰটো লণ্ড-ভণ্ড কৰি বহুলাংশে বিধ্বস্ত কৰি পেলালে ৷ সিহঁতে কেতবোৰ থলুৱা মানুহক হাত কৰি লৈ তলাতল ঘৰৰ ভিতৰৰ সম্ভেদ জানি লৈ তলৰ তিনিমহলাৰ বাট বন্ধ কৰি দিলে ৷ এনেদৰেই জাতিৰ গৌৰৱ বিজৰিত এক অনুপম স্হাপত্য শিল্পইও কালৰ কুটিল গতিত জহি - খহি যাবলৈ ধৰিলে ৷ জাতিৰ মুক্তি বিদ্ৰোহ দমনৰ নামত বগা বঙালৰ ক্ষোভৰ বলি হৈ ঐতিহ্যমণ্ডিত তলাতল ঘৰৰ সুৰঙ্গ পথ বন্ধ কৰি দিয়াত মানুহৰ দৃষ্টিৰ আঁৰতেই বিস্মৃতিৰ গহ্বৰত বিলিন হৈ যাব ধৰিছে  ৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ অৰ্দ্ধ শতাব্দী অতিবাহিত হোৱাৰ পাছতো দেশৰ বিদ্বত মহলে এই হেন আপুৰুগীয়া স্হাপত্য শিল্পক পুনৰুদ্ধাৰ কৰি জাতীয় গৌৰৱ জিলিকাই ৰখাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱাটো পৰিলক্ষিত হোৱা নাই ৷ ৰংপুৰ নগৰেও তিনিশ বছৰীয়া জয়ন্তী উদযাপন কৰিলে যদিও এই ঐতিহাসিক সম্পদসমূহক যথাসম্ভৱ ৰক্ষণা-বেক্ষণ দি আধুনিক ব্যৱস্হাপনাৰে পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিব পাৰিলে দেশৰ অৰ্থনীতিলৈ যে বিপুল অৰিহণা যোগাব পাৰিব তাত কোনো সন্দেহ নাই ৷ তদুপৰি এইসমূহৰ সাৰ্থক প্ৰয়োগে ছশ বছৰীয়া আহোম ৰাজত্বৰ সোণালী ইতিহাস যুগমীয়া কৰি ৰাখিব বুলি প্ৰত্যয় পোষন কৰিব পাৰি ৷