লিট্ লাই পেঞ কা কা ( তাই আহোমৰ মূল ধৰ্মগ্ৰন্থৰ অসমীয়া অনুবাদ) অনুবাদক - চাও নগেন হাজৰিকা



      তাই আহোমৰ আদি শাস্ত্ৰ সমূহৰ ভিতৰত ' লিৎ লাই পেঞ্ কা কা ' হ'ল এখন মূল শাস্ত্ৰ ৷ অসমীয়াত এইখনক বিৱৰ্ত্তন শাস্ত্ৰ বুলি আখ্যা দিব পাৰি ৷ মলুং চাও বাণী দেও বানী দেওধাই বৰুৱাৰ মতে 'লিৎ লাই পেঞ্ কা কা'ৰ অৰ্থ হ'ল -'সৃ্ষ্টি পুনৰ অৱতাৰণা বা প্ৰত্যাগমন বিৱৰণ সম্বলিত খোদিত ফলি বা শাস্ত্ৰ ' (লিৎ লাই= সৃষ্টি পুনৰ অৱতাৰণা, পেঞ্=ক্ষুদিত ফলি বা শাস্ত্ৰ,  কা কা= প্ৰত্যাৱৰ্তন) ৷ ' সৃষ্টিৰ পুনৰ অৱতাৰণা ' আৰু ' প্ৰত্যাগমন' বিষয় দুটাৰ সংযোগ ঘটাই দাৰ্শনিক দৃষ্টি ভঙ্গীৰে বিশ্লেষণ কৰি চালে দেখা যায় যে এই শাস্ত্ৰখনত বিৱৰ্তন(evolution) সম্পৰ্কে গাঢ় দাৰ্শনিক তত্ব আছে৷ সেয়েহে এইখনক বিৱৰ্তন সম্পৰ্কীয় তাই আহোমৰ দৰ্শন শাস্ত্ৰহে বুলিব পাৰি ৷
         এই শাস্ত্ৰখনৰ বিষয় বস্তুক তিনিটা ভাগত ভগাব পাৰি ৷ প্ৰথমটো হ'ল আই ছিং লাও অৰ্থাৎ শব্দৰ অধিস্থাত্ৰী আইৰ বন্দনা ৷ দ্বিতীয় ভাগত বিশ্ব ব্ৰক্ষ্মাণ্ডৰ উৎপত্তি  আৰু বিৱৰ্ত্তনৰ বৰ্ণনা আৰু তৃতীয় ভাগটোত তাই আহোমৰ উৎপত্তি সম্পৰ্কে বৰ্ণনা সম্বলিত কৰা হৈছে ৷
         লিৎ লাই পেঞ্ কা কাৰ মতে সূষ্টিৰ পূৰ্ববত মাত্ৰ মহাশূণ্য(Space) বিৰাজমান আছিল ৷ তাত দেৱ-দেৱী,চন্দ্ৰ,সূৰ্য্য,পৃথিৱী,গ্ৰহ,নক্ষত্ৰ দৃশ্যমান বলয় বলয়, দিশ বা বতাহ একো নাছিল ৷ চাৰিওফালে অন্ধকাৰ,নিস্তব্ধতা আৰু অৰাজকতা (Chaos) বিদ্যমান আছিল ৷ তেতিয়ালৈকে ফা তু চিং ফ্ৰং হুম্  অৰ্থাৎ আদি উৎস, বা শক্তিটো নিস্কৰ্ম্মা হৈয়ে আছিল ৷ বহুকালৰ পাছত তেওঁৰ গতি স্হিৰ হবলৈ ধৰিলে আৰু কোনো এক ৰূপ ধাৰণ কৰিবলৈ ধৰিলে ৷ সেই ৰূপ ধাৰী জনেই হ'ল কূঞ্ ইংকা ফ্ৰা বা সৃষ্টিকৰ্তা ভগৱান ৷ তেওঁ গভীৰ নিদ্ৰাত ঘামিবলৈ ধৰাত সৃষ্টিৰ পাতনি মেলিবলৈ কামনা জাগিল ৷ তেওঁৰেই ছায়া মূৰ্তিটোৱে এটা গোলাকাৰ জড় পিণ্ডৰ ৰূপ ধাৰণ কৰিলে ৷ এই গোলাকাৰ জড় পিণ্ডটোৰ অন্তস্হলত কম্পনৰ সৃষ্টি হ'ল আৰু ভীষণ শব্দ কৰি উদগীৰণ হৈ বিস্ফোৰণৰ জুইৰ নিচিনা অপূৰ্ব্ব জ্যোতি ওলাই মহাকাশ জিলমিলাই তুলিলে ৷ কুঞ ইংকা ফ্ৰাই সেই সময়ত নিজ গাৰ ভৰতে  মকৰাৰৰ ৰূপ ধৰি কক্ষপথ সহ এখন অপূৰ্ব্ব মকৰাৰ জাল(কাও মকজং) সৃষ্টি কৰিলে আৰু নিজৰ স্বৰূপ ঢাকি কেন্দ্ৰত বাহ সাজি সোমাই থাকিল ৷
            তেওঁ চকু মেলি ভালকৈ চাই নিজৰ স্বৰূপ ঘোপ মাৰি ঢাকি লৈ ৰাজহাঁহৰ দৰে উমাবলৈ ধৰিলে  ইয়াৰ পাছত তেওঁ জ্বৰত চাটি ফুটি কৰা মানুহৰ দৰে টকালি পাৰিবলৈ ধৰিলে আৰু লগে লগে খুন্ খেউ খামক উকলিয়াই জন্ম দিলে ৷ খুন্ থেউ খামে খ্ৰুপতাং কৰি জয় জয়তে গ্ৰহ ৰাজ্যৰ বাতৰি সুধিলে ৷ ইয়াৰ পাছত সূৰ্য্যৰ সূষ্টিৰ দৰে অসংখ্য গোলাকাৰ দেৱতাৰ সৃষ্টি হ'ল ৷ তাৰে কিছুমান অত্যন্ত বেগী সময় নিৰূপক দেৱতা ৰূপে আৰু কিছুমান লাতুম আকৃতিৰ হাতেৰে ধৰিব পৰা আৰু মাতিব পৰা অসংখ্য দেৱতাৰ সৃষ্টি হ'ল ৷ এই সকলোবোৰ দেৱতাই জ্যোৰ্তিমান ৰূপত তেওঁৰ সন্মূখত 'দণ্ডমান' হৈ পৰিল ৷ তাৰে কিছুমান বিকৰ্ষিত কাৰণত বেগেৰে তললৈ পৰি গৈ মহাকাশৰ বিভিন্ন দিশত জিল মিলাবলৈ ধৰিলে ৷
          বয়োজেষ্ঠ্য জ্ঞান অৰ্থাৎ খুন্ থেউ খাম্ মনৰ দুখত উচাৎ মাৰি তললৈ গুচি আহিল আৰু গুণ গুণাই   ধ্যানস্হ হ'ল ৷ তেওঁ আকাশতে স্হিতি প্ৰতিষ্টা কৰি(গাৰ ভৰতে) ওপৰলৈ মুখ কৰি ৰসযুক্ত অৰ্থাৎ বিজলুৱা সৰুপানী ৫ চুলে ৷ তাৰ পৰাই কিছুমান তাপ ৬ বা জলীয় কণা সৃষ্টি হৈ আকাশত জিলমিলাই থাকিল আৰু ধনুভিৰিয়া আকঁ ওলাই ৰামধনুৰ সৃষ্টি কৰিলে ৷ লগতে জলীয় বাষ্পই চানি ধৰি গধূলি যেন ধুৱলী-কুঁৱলী কৰি পেলালে ৷
         তাৰে বেছি হোৱা পানীভাগ সোঁত আকাৰে বৈ গ'ল আৰু এজন দেৱতাই কেকোৰা ৰূপ ধাৰণ কৰি লৈ বাধা দিলেহি ৷ তাৰ পাছত কাছৰ ৰূপ ধাৰণ কৰি পু তাও খাং আহি সোঁত বন্ধ কৰিবলৈ চেষ্টা কৰিলেহি ৷ তাৰ পাছত অন্য এজন দেৱতাই ভয়ংকৰ ৰূপ ধাৰণ কৰি বোৱতী পানীক বাধা দিলেহি ৷ কিন্তু ফলৱতী নোহোৱাত কেকোৰা ৰূপী স্হিতি বা ফলিত সংযোগ ঘটাই জলস্ৰোতক নিয়ন্ত্ৰণ কৰিলে ৷ এইদৰে তেওঁ ইহকাল আৰু পৰকালৰ সংযোগ ঘটালে আৰু ইয়াতেই ধৰণী বা স্হিতি ৬ ক নিৰ্ম্মাণৰ সপোন আৰম্ভ হ'ল ৷
         কালক্ৰমত ঠাহ খাই গঢ় লোৱা পলসুৱা মাটি ভাগৰ পৰা পৃথিৱীৰ আদিম সজাটো সৃষ্টি হৈ স্তৰ গঠন হবলৈ ধৰিলে ৷ ইতিমধ্যে ঠাহ খাবলৈ ধৰা পলসুৱা মাটি ভাগৰ পৰাও গঢ় লব নোখোজা মাটি এভাগ বেগেৰে পৰিবলৈ আৰম্ভ কৰিলে আৰু এজন দেৱতাই বগা হাতী ৰূপে দাতেৰে গোটাই দ'ম কৰিলে ৷ নিতাল মাটি গঢ় লোৱা মাটি ভাগৰ পৰাও কিছুমান মাটি বাগৰি আহি সেমেকা এখন অৰাজক ৰাজ্যৰ সৃষ্টি হ'ল আৰু তাতেই এখন পাহাৰীয়া সেমেকা ৰাজ্য প্ৰতিষ্ঠিত হ'ল ৷ ৰামধেনুৰ জিলিকনি পৰি পোহৰৰ সমাবেশ ঘটা সেইখন ৰাজ্য পৰিচালনা কৰিবলৈ বা গঢ় দি তুলিবলৈ তেনে কোনো ৰজা বা পুৰোহিত নাছিল ৷ ফু কাও খাম্ নামৰ পূৰ্ব্বতে সৃষ্টি কৰা এজন দেৱতাক তালৈ প্ৰেৰণ কৰা হ'ল ৷ তেওঁ আছিল বাঘ মকৰা বা বাঘ বিড়ালী আকৃতিৰ এজন ভয়ঙ্কৰ দেৱতা ৷ তেওঁ তাৰ পৰা সৰু পৃথিৱীখনলৈ বিষ্ঠা ত্যাগ কৰিবলৈ ধৰিলে ৷ হাজাৰ বেও ডাঠ পৃথিৱীখন হাজাৰ যোজনালৈ ভাগ কৰি তেওঁ ৰাজ্য বৃদ্ধি কৰিলে ৷ তেওঁ আঠটা খুটা স্বৰ্গদেউলৈ টোৱাঁই আহেঁৰে এখন পৰঙি জাল তৈয়াৰ কৰিলে আৰু অস্বাস্হ্যকৰ পৰিবেশ ত্যাগ কৰি জালত থাকিবলৈ ললে ৷ জালত বগাই ফুৰোতে বহুকাল পাৰ হ'ল   তাতে তেওঁ আঠবাৰ মোট সলালে অৰ্থাৎ কল্প সলনি কৰিলে ৷ এইদৰে লাখ লাখ বছৰ পাৰ হ'ল ৷
উদগীৰণত উৎপত্তি হোৱা সোণৰ সিংহাসনৰ অধিস্হাত্ৰী আৰু মহাকাশত বিচৰণ কৰি ফুৰা ছেং ৰূপী কন্যা দুগৰাকী শূন্যত বিচৰণ কৰি ফুৰোতে এদিন মকৰা আকৃতি ধৰি ফু কাও খামৰ লগত মতা -তিৰোতাৰ সমন্ধ ঘটালে ৷ তেওঁলোকৰ কেঁচা বীৰ্য্য স্খলিত হৈ পৰ্ব্বতত পৰাত পয়মাল ঘটিল ৷ কাৰণ সদূৰ অজান ঠাইৰ পৰা কোনোবাই কলে - অধম হতঁ ৷ তহঁতৰ পখৰা ওলাওক ৷ তহঁতে এতিয়া স্খলিত বীৰ্য্যখিনি দুটা পাত্ৰত সমানে ভাগ কৰি প্ৰতিষ্ঠা কৰ আৰু মনে মনে তেওঁৰ (ভগৱানৰ) নাম ধ্যান কৰ ৷ যেতিয়া তাৰ পৰা ৪টা সোণৰ কণী সৃষ্টি হব ৷ তাৰে ৩ টা দি দেৱাসন প্ৰতিষ্ঠা কৰি মন্ত্ৰৰে বাতৰি দি তেওঁক আহ্বান কৰিবি তেতিযাহে ভগবানে কণী কেইটা জগাৰ ব্যৱস্হা কৰিব ৷
          হুকুম পাই থাউ লু ঙামে সেই নিৰ্জীৱ কণী কেইটা উমাবলৈ আৰম্ভ কৰিলে ৷ তেওঁ বছৰ, মাহ, দিন ধৰি উমালে কিন্তু কণী কেইটা জগাব নোৱাৰিলে আকু শেষত নিৰ্জীৱ কণী কেইটা এৰি থৈ ঞা পুলক (অমৃত) বিচাৰি যাত্ৰা কৰিলে ৷ পাছত ঞা-পুলক চতিয়াই দিয়াত কণী কেইটা জগিল ৷ কণীৰ পৰা জন্ম হোৱা বিশেষ দুজনক একোজনকৈ বাৰী পোৱাতী তিৰোতা দি স্বৰ্গত প্ৰতিস্থা কৰিলে আৰু তাৰ ফলত বংশ বৃদ্ধি হবলৈ ধৰিলে ৷
      সেই সকলৰ ভিতৰত শ্ৰেষ্ঠজন হ'ল আই ক ফা ছাং দিন্ ৷ তেওঁক পৃথিৱীৰ গৰাকী পাতি পৃথিৱীৰ দ্বায়িত্ব অৰ্পন কৰা হ'ল ৷ তেওঁ প্ৰথমে ছিং কয় মুং দেশত প্ৰজা পালন কৰাৰ উদ্দেশ্য জীৱ সৃষ্টিৰ সম্ভাৱনা দেখা পাই তাকেই প্ৰথম শাসক হিচাবে অৱতীৰ্ণ হ'ল ৷
        দ্বিতীয় জন হ'ল চিং চ ফা ফা খাম ৷ তেওঁক লাঞ্ছনা কৰি স্বৰ্গ বা পৃথিৱীৰ ৰজা পতা নহ'ল, বৰং আঠ লক্ষ পানী নাগৰ গৰাকী পাতি লৈ হ্ৰদৰ ডুবিত,  গভীৰ সমুদ্ৰত বাসস্থান লবৰ নিৰ্দেশ দিলে ৷ তৃতীয় জন ছিং কাম্ ফা-তেওঁক আঠ লাখ বজ্ৰ বিজুলীৰ গৰাকী পাতি শিলৰ বজ্ৰ সমূহৰ ভাগ বটোৱাৰা কৰি দি স্বৰ্গত ৰজা হিচাবে প্ৰতিষ্ঠা কৰি সকলো দায়িত্ব অৰ্পণ কৰিলে ৷
          একেবাৰে সৰুজনাৰ নাম হ'ল ঙি ঙাও খাম্ ৷ তেওঁক ফ্ৰাৰ স্বাক্ষৰ বহনকাৰী 'খ্ৰিং ফ্ৰা' বিশ্ব ব্ৰক্ষ্মাণ্ডত মুকলি কৰি দিবৰ বাবে অৰ্পণ কৰা হ'ল ৷ তেওঁক পেঞ্ কা কা শাস্ত্ৰৰ পৰা এটি ক্ষুদ্ৰ অংশ ব্ৰক্ষ্মাণ্ডত প্ৰচাৰ কৰি ফুৰা সমন্ধে জ্ঞান বিতৰণ কৰাৰ দ্বায়িত্ব দিয়া হ' ৷ তেওঁ এইটোও প্ৰচাৰ কৰিবলৈ স্বীকৃতি প্ৰাপ্ত হ'ল যে উপলব্ধিৰে বিশ্বাসৰ সততাক নিৰূপন কৰিব পৰা যায় ৷
স্বৰ্গ প্ৰতিষ্ঠা হোৱা বহু বছৰ পাৰ হৈ গ'ল ৷ দেৱ মাতৃ সকলে সতি-সন্ততি জন্ম দি দেৱ বংশ বৃদ্ধি কৰিবলৈ ধৰিলে ৷ লাহে লাহে ছিং কাম ফাই মই বৰ ভাৱত বোপা ককাৰ সকলো উপদেশ দলিয়াই পেলাই পিতৃ শ্ৰাদ্ধ আদিৰ পৰম্পৰা ত্যাগ কৰিলে ৷ এনে বিলাক কাৰণত তেওঁ মৰি ফি হ'ল তেওঁৰ পাছত তেওঁৰ পুত্ৰ স্বৰ্গৰ ৰজা হ'ল ৷ তেওঁ মৃত সকলক তাই নীতিৰে ঘৰলৈ ওভতাই অানি ঘৰৰ সহায়ক পিতৃ দেৱতা ৰূপে প্ৰতিষ্ঠা কৰি শ্ৰদ্ধা অৰ্পণ কৰিলে ৷ এই উপলব্ধিৰে ফা তু চিং ফ্ৰং হুমক স্মৰণ কৰিবলৈ সকলোকে গোটেই সমাজ পাতি পূজা-অৰ্চনা কৰাৰ সংকল্প কৰিলে ৷ তেনেতে অদৃশ্য বাণী হ'ল -- "মই তোমালোকক ৰাজ পৰিয়াল হিচাবে সৃষ্টি  কৰিলো ৷ কিন্তু মলুং পৰিয়াল হিচাবে নহয় ৷ ৰাজ পৰিয়াল হিচাবে তোমালোকৰ এতিয়া ওচৰ সমন্ধ গঢ়ি উঠিল ৷ সন্দেহ নাই যে সোনকালেই তেওঁলোকৰ পূৰ্ব্বৰ কথা সোঁৱৰি মিল হব পাৰিবা ৷ এতিয়া তোমালোকে তিনিটা কণীৰে দেৱসান প্ৰতিষ্ঠা কৰি জ্ঞানী ধাত্ৰী মাতৃলৈ পূজা আগবঢ়াই মন্ত্ৰপুত্ৰ নিবেদনেৰে আহ্বান কৰা ৷ তেতিয়া তেওঁলোক অৰ্থাৎ গুৰু সকলক তোমালোকৰ উপকাৰৰ বাবে সৃষ্টি কৰিলো ৷ "
             তেনে কৰাত জ্ঞান দায়িনী মাতৃ তুষ্ট হৈ পূৰ্ব্বৰ হেৰোৱা সকলক তেওঁ স্মৰণ কৰিলে আৰু সেই স্মৰণত আনন্দিত হৈ প-ফি ছু,  ফু চিৎ খ্ৰিং আৰু হুনখম ঙম্ উপস্হিতি হ'ল ৷ " ব্যাপক তাই যাৰ বৈশিষ্ট্য,ব্যাপকতাই যাৰ বৈশিষ্ট্য,ব্যাপকতাই যাৰ সাধনা আৰু যি ব্যাপকতাতেই ভৰ ঘুমতি মাৰি আত্মগোপন কৰি থাকি পুনৰ সৃষ্টিৰ অৱতাৰণা কৰে সেই মহান ফুৰা তাৰা ৰ নামত পেঞ্  কা প্ৰতিষ্ঠা কৰি কৃতাৰ্থ হোৱা"--- এই বুলি আই আই ছাং  ছিং  দেৱতা আৰু দেৱগুৰু সকলক উপদেশ দিলে ৷ মহান ফ্ৰালৈ পূজা অৰ্পণ কৰা হ'ল ৷পূজাৰ শেষত পূজাৰ স্হলিত দুজন দেৱতাৰ আৱিৰ্ভাৱ হ'ল ৷ তেওঁলোক হ'ল ফু কাও খাম,  পিক্ মি ম আৰু ঙাও খাম্ ৷ ঙাও খামক উত্তৰ দিশত থাকিবলৈ দিয়া হ'ল ৷ পূৰ্ব্বতে মকৰা জালেৰে ঢাকি ৰখা উত্তৰ ফালৰ পাহাৰীয়া কুঁৱলীয়ে আগুৰা ভূখণ্ড তেওঁ থাকিবলৈ ললে ৷ এইদৰে কুঁৱলি ফালি সেই পৰ্ব্বতীয়া ঠাইখনত পোহৰ পৰি পৰি লাহে লাহে পোহৰৰ ৰাজ্য ১০ সৃষ্টি হ'ল আৰু প্ৰাণীবোৰ পোহৰ উপভোগ কৰিবলৈ ধৰিলে ৷ ঙাও খামে ধ্যান কৰি মেলেচ আখ্যাৰে জনাজাত হোৱা ককায়েক প ফি ছু আৰু প ফি ছু বাস কৰা সেই বহতীয়া দেশখনৰ সন্ধান পালে ৷ তাৰ পাছত প ফি ছু য়ে ন হাজাৰ পীড়াত তেওঁৰ সহচৰেৰে সৈতে ৰূং ৰাই এৰি আহিল ৷ তেওঁলোকে পাহাৰীয়া পথেৰে ভাই ৰজাৰ দেশৰ লগত যোগসূত্ৰ স্হাপন কৰিলে ৷
         ঙাও খামে তেতিয়া কি কৰিব লাগে সেই বিষয়ে পথৰ সন্ধান পালে ৷ তেওঁ লু ঘৰ সাজি শ্ৰেষ্ঠ জনৰ প্ৰতি পূজা অৰ্চনাৰ আয়োজন কৰিলে ৷ বাহঁ গাজৰ দৰে কুমলীয়া শিঙি কানে কানে সমান এটা সৰু বগা মহ পোৱালী আনি পূজা দিলে ৷
          প ফি ছুয়ে নিজৰ পাপৰ ফল ভোগ কৰাৰ কথা উপলব্ধি কৰিলে ৷ সেয়েহে ফা ছাং দাম প্ৰমূখ্যে যিসকল আগতে মৃত্যুৰ পাছত দাম লৈ ছাং দাম্ ৰাজ্যত প্ৰৱেশ কৰি ফি হিচাবে জিৰণী লৈ আছিল সেই সকলোৰে প্ৰতি বিধি অনুসৰি মে দাম্ মে ফি পাতি সকলোকে পতিয়ন নিয়ালে ৷
           ফা ছি ইপ্ ছাং দিনৰ পুতেক ন খলপীয়া জখলাৰে ১১ নামি আহি সেই পুৰণি ৰাজ্যখনত ৰজা হ'লহি আৰু মৰমেৰে প্ৰজা পালন কৰিবলৈ ধৰিলে ৷ ফা ছি ইপ্ ছাং দিনৰ নাতিয়েক চাৰিজন ৷ বৰজনা লুক আই ঙিক পৰীৰ ৰাজ্যৰ ৰজা হৈ শাসন কৰিবলৈ ধৰিলে ৷ বাকী তিনিজনক বৰ জাক জমককৈ ৰূ- খামত ৰজা পাতিলে ৷ ফা ছি ইপ্ ছাং দিনৰ সৰু পুত্ৰ দা খামক সন্মানিত প্ৰধান উপাধি দি ম্যুং লাই দেশৰ ৰজা পালিলে ৷
ফা ছি ইপ্ ছাং দিনৰ জীয়েক ছেং দাও গৈ দুৰদূৰণীত এখন উড়ন নগৰ পাতিলে ৷ এই উড়ন নগৰৰ উত্তৰ দিশৰ এখন বাম ঠাইত বৰষুণ বেছি নহৈছিল বাবে খৰাং ৰাজ্য নাম দিয়া হৈছিল ৷ তাত জীৱজন্তু অলেখ আছিল কিন্তু বৰষুণৰ অভাৱত জংঘলী ধান জাতীয় গছ বিলাকৰ অস্তিত্ব লোপ পাব ধৰিছিল আৰু বিল হ্ৰদ বিলাক শুকাই গৈছিল ৷ ফলত কৃত্ৰিম উপায়েৰে জলসিঞ্চন ১২ কৰি চিজিল লগাই ধান খেতি ১০ কৰিছিল ৷ এই ধানক শুং নাছিল ৷তাৰ এটা গহবৰত ৪ টা সোণৰ কণী পালে ৷এই কণীকেইটাৰ মূৰে মূৰে যুঁজাই চাবলৈ লওঁতে এটা মহাশূন্যলৈ উৰা মাৰি গৈ ছাং দাম ৰাজ্যত প্ৰৱেশ কৰিলে ৷তাৰ পৰা লেংদেনৰ আৰ্বিভাৱ হ'ল ৷বাকী কেইটা গেলা কণী যুজাঁই পানীত পেলাই দিয়াত সেই কেইটা পানীৰ তল গ'ল ৷
        ছাং দামৰ ঙি ৰিং খামে লেং দনক ম্যুং ফি ৰাজ্যৰ ৰজা পাতি ছাং দাম ৰাজ্যৰ পৰা নমাই পথালে ৷ সেইবাবে লেংদনক ঙি ৰিংখাম লেংদন ছাই ৰে ফা ছাং দাম বোলে ৷
        ঙি ৰিং খামৰ এজনী সুন্দৰী যুৱতী ভনী আৰু এটা সৰু ভাই আছিল ৷ দুয়োকে ছেং দাও বুলিছিল ৷ ঙি ৰিং খামে ছেং দাওক দা খামৰ হাতত অৰ্পন কৰিল ৷ দা খামে তেওঁলোকক অযুত তৰাৰ সমন্ধে গৱেষণা ১৪ কৰিবলৈ দায়িত্ব অৰ্পন কৰিলে আৰু এই যুৱক - যুৱতী দুজনক লাক্ বা খুটি হিচাবে ধৰি লৈ আৰম্ভণি বছৰ ১৫ বা ১ ম লিখনিৰ সোপন ৰচনা কৰিছিল ৷
     পাছত ঙি ৰিং খামৰ সৰু ভাই কনজাক্ ফাক ছাংদামৰ ৰাজ্যলৈ প্ৰেৰণ কৰিলে ৷ তাত তেওঁ ৰজাৰ দৰে সন্মান লাভ কৰি ফ্ৰাৰ মানস পুত্ৰ ফু আই ছাং দামৰ দ্বাৰা ৰজা প্ৰতিস্হিত হ'ল ৷ লেংদন ম্যুং ফি দেশৰ ৰজা হ'লহি ৷ তেওঁক ঞা পুলক আৰু জা দিপ ১৬ প্ৰস্তুত কৰাৰ ভাব দি আঠ লাখ বজ্ৰৰ ১৭ দায়িত্ব দিয়া হ'ল ৷
        চাও দা খামে পুতেক ছিং তাও দাওক সোনৰ সিংহাসনত বহুৱাই ককাই ৰজা পাতিলে ৷ তেওঁ ম্যুং ফি ৰাজ্যৰ পৰা নামি আহি লেংদনক সিংহাসন এৰি দিলে ৷ ইতিমধ্যে নক্ষত্ৰ লাকনি শেষ হ'ল ৷ ইয়াৰ পাছত ছিং তাও দাওৰ পুত্ৰ-নাতি ছ্যু আই খুন্ লুং,  ঙি খুন্ লাই নামি আহি শ্যালিক্ চা পাই এখন সমান ঠাইত ৰাজত্ব কৰিলেহি ৷ কালক্ৰমত তেওঁলোকে সেই ৰাজ্যৰ পৰাও নামি আহি মুং ৰি মুং ৰাম পাই ভগা দেশখন বাতিলেহি অৰ্থাৎ ৰাজতন্ত্ৰ প্ৰতিস্থা কৰিলে আৰু তিনিখন ৰাজ্য লগ লগাই এখন ডাঙৰ ৰাজ্য প্ৰতিস্থা কৰি শাসন কৰিবলৈ ধৰিলে ৷
         🔯 বিশ্লেষনিক মন্তব্য - ১/ সাহিত্য-- লিৎ লাই পেঞ্ কা কাৰ প্ৰথম ভাগত থকা আই ছিং লাও লিৎ মুৎটো অতি উচ্চ খাপৰ গীতি কবিতা আৰু শাস্ত্ৰখন নিজেই এক অতি উচ্চমান বিশিষ্ট সু সাহিত্য ৷ এইখন ৫৬৫-৫৭০ খৃষ্টাব্দৰ ভিতৰত মুং ৰি মূং ৰামত লিখা হৈছিল বুলি অনুমান কৰিছোঁ ৷ ইয়াৰ বহু কালৰ আগতেই বৃহৎ আকাৰৰ আদি পেঞ কা কা এখন লিখা হৈছিল আৰু সেইখনৰ অতি ক্ষুদ্ৰ অংশ এটা হ'ল এই প্ৰবন্ধত উল্লেখিত ' লিৎ লাই পেঞ কা কা' খন ৷ ই তাই আহোম সংস্কৃতিৰ এটা উজ্জ্বল নিদৰ্শন ৷
🔯২/দৰ্শন আৰু বিজ্ঞান - বিশ্ব ব্ৰক্ষ্মাণ্ডৰ উৎপত্তি  সম্পৰ্কে দাৰ্শনিক তত্ত্ব সমূহে দিয়া ব্যাখ্যা মতে ভগবানে কোনো এক মূহুৰ্ত্তত প্ৰয়োজন বোধ কৰি বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টি কৰিলে আৰু নিৰ্ধাৰিত নীতি নিয়ম মতে চলি থাকিবলৈ এৰি দি নিজেই আত্মগোপন কৰি থাকিল ৷ অন্য হাতেদি বৈজ্ঞানিক তত্ত্ব মতে যান্ত্ৰিক প্ৰক্ৰিয়াৰ ফল স্বৰূপে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টি হৈছে আৰু তাত ভগবানৰ কৰিব লগা একো নাই ৷ কিন্তু লিৎ লাই পেঞ কা কাই এটা নতুন তত্ত্ব দাঙি ধৰি কৈছে যে সে ভগবানৰ কামনাৰ ফলস্বৰূপেহে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টি হৈছিল ৷ আজি বিজ্ঞানে কয় যে সূৰ্য্যৰ কাষেদি অন্য এটা নক্ষত্ৰ পাৰ হৈ যাওতে আন্ত:আকৰ্ষণৰ ফলত পৃথিৱীকে ধৰি অন্য গ্ৰহ সমূহৰ সৃষ্টি হৈছিল ৷ পেঞ কা কা মতে এটা গোলাকাৰ entity ৰ ভিতৰত হোৱা উদগীৰণৰ ফল স্বৰূপে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টি হৈছে ৷ তাৰ পাছত পোহৰ - ফুট নোট নং (১) শক্তিৰ উৎপত্তি,  (২) মধ্যাকর্ষণ,  (৩) প্ৰতিধ্বনি,  (৪) শব্দ,  (৫) পানী, (৬) জলবায়ু,  ৬-ক) মাটি আদিৰ সৃষ্টি হৈছে ৷ প্ৰথমে পানী তাৰ পাছতহে জীৱৰ সৃষ্টি বুলি পেঞ কা কাৰ সূত্ৰই কয় ৷ সেয়েহে পেঞ কাকা এখন উচ্ছ খাপৰ দৰ্শন শাস্ত্ৰ তথা বিজ্ঞান পুথি ৷
   🔯৩/ বিৱৰ্ত্তন সুত্ৰ-চাৰ্লচ ডাৰউইনৰ মতে জীয়াই থকাৰ সংগ্ৰাম,  আকস্মিক কাৰণত ঘটা সতি -সন্ততিৰ ভিন্নতা,  জীয়াই থকাৰ বাবে যোগ্যোত্তম জনহে সৰ্ব্বোপযুক্ত,  বংশজাত কাৰণ এই চাৰিটাই বিৱৰ্ত্তনৰ মূল সূত্ৰ ৷ মৰ্গেইনৰ মতে প্ৰয়োজনেই বিৱৰ্ত্তনৰ মূল কাৰণ (emergent evolution) ৷ হেনৰী বাৰ্গচনৰ মতে জীৱন শক্তি (Elan vital) য়েই হ'ল বিৱৰ্ত্তনৰ আদি ৷ কিন্তু মোৰ বোধেৰে লিৎ লাই পেঞ কা কাৰ মতে কামনা আৰু ৰাজকতা ( conversion of chaos in to cosmos)  এই দুটাই হ'ল বিৱৰ্ত্তনৰ মূল উৎস ৷ এই শাস্ত্ৰ খন বিৱৰ্ত্তন বিজ্ঞানৰ এক সূত্ৰকাৰ ৷
     🔯৪/ দ্বৈতবাদ- লিৎ লাই পেঞ কা কাই ভগৱানক দুটা entity হিচাবে ব্যাখ্যা কৰিছে ৷ প্ৰথমটো হ'ল 'ফা তু চি ফ্ৰং হুম' যিজন নিৰাকাৰ,  নিগুৰ্ণ বা 'ৰাও' আৰু সৰ্বব্যাপী ৷ দ্বিতীয়টো হ'ল সৃষ্টি কৰ্ত্তা ভগৱান যিজনক কুঞ্ ইংকা ফ্ৰা নামেৰে অভিহীত কৰা হৈছে ৷ এইজনৰ এটা আকাৰ আছে ৷ সেয়েহে মোৰ মতে পেঞ্ কা কাই দ্বৈতবাদ(dualism) মত পোষণ কৰে ৷
    🔯৫/ সভ্যতা -সংস্কৃতিৰ বুৰঞ্জী - পেঞ্ কা কাৰ তৃতীয় ভাগটোত তাই সকলৰ সভ্যতাৰ বিকাশ আৰু আদি বুৰঞ্জী নিহিত আছে৷ ইয়াত তাই আহোম খ্ৰিং বা ধ্বজা ( ফুট নোট নং ৭) , মে-দাম-মে-ফি (৮ আৰু ৯) তাই সকলে পৃথিৱীৰ প্ৰথম সভ্যতাৰ পোহৰ বিস্তাৰ কৰাৰ কথা (১০) সোনৰ জখলাৰে নামি অহাৰ কথা (১১) উল্লেখিত ৷ তদুপৰি তাই সকলে যে সৰ্ব্ব প্ৰথমে ধান খেতি (১২) জলসিঞ্চন পদ্ধতি (১৩) জ্যোতি-বিদ্যা (১৪) পঞ্জিকা লিখাৰ পদ্ধতি (১৫)ঔষধ (১৬) বৰতোপ (১৭) আদি আবিষ্কাৰ কৰিছিল সেই কথা পেঞ্ কাকাই স্পষ্টকৈ ব্যক্ত কৰে ৷
         🔯৬/তাই আহোমৰ ধৰ্মীয় দৃষ্টি ভঙ্গী - জীৱন আৰু পৃথিৱীখনৰ বাস্তৱিক দৃষ্টিৰে বিশ্লেষণ কৰি পেঞ কা কাই এটা পৃথক ধৰ্ম্মৰ পথ প্ৰদৰ্শন কৰিছে ৷ শাস্ত্ৰখন লিখাৰ সময়লৈকে যে তাই সকলৰ ওপৰত বৌদ্ধ বা অন্য ধৰ্মৰ প্ৰভাৱ পৰা নাছিল সেইটো বুজিব পাৰি ৷ এই শাস্ত্ৰখনত উল্লেখিত 'দম','ফি'(৮) 'ফা' আদি শব্দবোৰৰ অৰ্থ হিন্দুৰ 'দেৱতা' শব্দৰ অৰ্থৰ অনুৰূপ বুলি ধৰিব নালাগে কাৰণ তাই সকলৰ দৰ্শন আৰু ধৰ্ম্ম মতে এই শব্দ কেইটাৰ অৰ্থ সম্পূৰ্ণ পৃথক ৷
       🔯 ৭) ৰাজনীতি বিজ্ঞানৰ পুথি - পেঞ কাকাত ধৰ্ম্ম আৰু ৰাজনীতিৰ স্পষ্ট পৰিসৰৰ নিৰ্ধাৰণ কৰাৰ উপৰিও ৰজাই প্ৰজাক মৰমেৰে পালন কৰাৰ উপদেশ সমূহ লিখা আছে ৷ সেয়েহে ইয়াক এখন ৰাজনীতি বিজ্ঞানৰ পুথি বুলিও গণ্য কৰা যায় ৷
    সেয়েহে লিৎ লাই পেঞ কা কা তাই আহোমৰ friend, philosopher আৰু guide য়েই নহয়, এটা জীৱন্ত পৰম্পৰাও ৷

(মন্তব্য: জান চাই হং, ১৯৮৯- স্মৃতি গ্ৰন্থত পূৰ্ব্ব প্ৰকাশিত)